“তেওঁলোকে কৈছিল যে আমাৰ সন্তানটি মৃত। আমি বৰ ভয় খাইছিলো। তেতিয়া তেওঁলোকে আমাক ইচ্ছা অনুসৰি ক’ৰবালৈ যাবলৈ ক’লে। তেতিয়া মই মোৰ বোৱাৰীক লৈ চহৰৰ প্ৰাইভেট ডাক্তৰ এজনৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল’লো,” বিহাৰৰ বৈশালী জিলাৰ সদৰস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (স্বাস্থ্যকেন্দ্ৰ)ত তেওঁ আৰু তেওঁৰ বোৱাৰীয়ে চিকিৎসা গ্ৰহণ কৰাৰ কথা মনত পেলাই সুখিয়া দেৱীয়ে কয়।
এদিনীয়া নাতিনীজনীক প্ৰতিষেধক দিয়াবলৈ এই ৬২ বছৰীয়া কৃষিশ্ৰমিক গৰাকীয়ে পুৱা ১০ বজাত স্বাস্থ্যকেন্দ্ৰত শাৰী পাতি থাকোতে নাতিনীজনীক তেওঁৰ বাহুৰ মাজত লৈ আছিল।
তেওঁৰ ২৮ বছৰীয়া বোৱাৰীৰ যেতিয়া প্ৰসৱ বেদনা আৰম্ভ হৈছিল, সুখিয়াই তেওঁক বৈশালীৰ স্বাস্থ্যকেন্দ্ৰলৈ লৈ গৈছিল। তাতে এজনে তেওঁলোকক কৈছিল যে কেঁচুৱাটি মৃত। আতংকিত হৈ তেওঁ আৰু কুসুমে প্ৰায় ১৫ কিল’মিটাৰ দূৰৰ গাঁও (তেওঁলোকৰ অনুৰোধ মৰ্মে নাম দিয়া হোৱা নাই) এখনত থকা তেওঁলোকৰ ঘৰলৈ এখন অটোৰিক্সা লৈ উভতি আহিল। সুখিয়াই কয়, “আমি ঘৰলৈ উভতি আহিলো আৰু এগৰাকী মহিলা ডাক্তৰ (স্ত্ৰীৰোগ বিশেষজ্ঞ)ৰ ওচৰলৈ যাবলৈ এখন ব’লেৰো গাড়ী ভাৰা কৰিলো। মই আনকি তেতিয়া ভাৰাৰ বিষয়েও ভবা নাছিলো। সন্তানটিৰ প্ৰসৱৰ কথা ভাবি মই বৰ উদ্বিগ্ন হৈ আছিলো। ওচৰ-চুবুৰীয়াসকলৰ সহায়ত বোৱাৰীক গাড়ীত তুলিলো আৰু আমি ক্লিনিকখনলৈ যাত্ৰা আৰম্ভ কৰিলোঁ।”
তেওঁলোকে ডাক্তৰৰ ওচৰলৈ গৈ থকাৰ বাটতে ‘গৰ্ভতে মৃত’ শিশুটি গাড়ীখনত জীৱন্ত হৈ উঠিল।
“গাড়ীখনতে তাইৰ চকু মেলিছিল। এয়া ভালদৰেই হৈ গৈছিল,” সুখিয়াই কয়। তেওঁলোকে শাড়ী এখন পাৰি লৈছিল, স্থানীয় ঔষধালয়খনৰ গৰাকীয়ে (যি তেওঁলোকক সহায় কৰিছিল) গাড়ীখনত অলপ পানী ৰাখি থৈ গৈছিল। “কিন্তু এই সকলোবোৰত যথেষ্ট সময় লৈছিল...” সুখিয়াই কয়।
আৰু পইচাও খৰচ হৈছিল। একেবাৰে কম দূৰত্ব স্বত্বেও, গাড়ীখনৰ গৰাকীয়ে যাত্ৰাটোৰ বাবে পৰিয়ালটোৰ পৰা ৩০০০ টকা আৰু গাড়ীখন পৰিষ্কাৰ কৰিবলৈ কাৰোবাৰ সহায় ল’বৰ বাবেও ১০০০ টকা লৈছিল।







