“সময়মতে ৰোগ নিৰ্ণয় কৰা হ’লে তেওঁৰ ছবি আজি দেৱালত আঁৰি থ’ব নালাগিলহেঁতেন। আজি তেওঁ আমাৰ লগত ইয়াত বহি থাকিলহেঁতেন,” শীলা টাৰেই কয়।
নীলা ৰং দিয়া বেৰখনত আঁৰি থোৱা স্বামী আলোকৰ ফটোখনৰ তলত মাৰাঠীত লিখা আছেঃ ‘৩০/০৫/২০২০ত দেহাৱসান’।
পশ্চিম মুম্বাইৰ বান্দ্ৰাৰ কে বি ভাবা হাস্পতালত অশোকৰ মৃত্যু হয়। মৃত্যুৰ কাৰণ ‘সন্দেহজনক’ ক’ভিড-১৯ সংক্ৰমণ। বৃহত্তৰ মুম্বাইৰ পৌৰ নিগম (বিএমচি)ৰ চাফাই কৰ্মচাৰী অশোকৰ বয়স ৪৬ বছৰ আছিল।
৪০ বছৰীয়া শীলা টাৰেই কোনোমতে চকুপানী ৰখালে। পূৱ মুম্বাইৰ চেম্বুৰত থকা বস্তি পুনৰ্বাসন প্ৰাধিকাৰীৰ আবাস গৃহৰ ২৬৯ বৰ্গফুটৰ এটা ভাড়া ফ্লেটত থকা পৰিয়ালটোলৈ আকৌ নীৰৱতা নামি আহিল। পুত্ৰ নিকেশ আৰু স্বপ্নীল, জীয়ৰী মণীষাই মাকে কথা কোৱালৈ অপেক্ষা কৰিলে।
“এপ্ৰিলৰ ৮-১০ তাৰিখৰ মাজভাগত ভান্দুপত তেওঁৰ চৌকিৰ মুকাডম যেতিয়া (ক’ভিড-১৯) পজিটিভ হ’ল,” শীলাই কৈ যায়, “তেওঁলোকে সেই চৌকিটো বন্ধ কৰি দিয়ে আৰু সকলো কৰ্মচাৰীক নাহৰ চৌকিত ৰিপ’ৰ্ট কৰিবলৈ কয় (মহানগৰৰ এছ ৱাৰ্ডৰ একে এলেকাত আছে)। এসপ্তাহৰ পিছত তেওঁ শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাৰ কথা কয়।”
অশোকে জাৱৰ সংগ্ৰহ কৰা এখন ট্ৰাকৰ চাফাই কৰ্মচাৰীৰ এটা গোটৰ সৈতে কাম কৰে, ভান্দুপৰ বিভিন্ন জাবৰৰ দ’মৰ পৰা তেওঁলোকে জাবৰবোৰ উঠাই আনে। তেওঁ কোনো সুৰক্ষামূলক পোচাক-পাতি ব্যৱহাৰ কৰা নাছিল। তেওঁ এজন বহুমূত্ৰ ৰোগী। তেওঁ নিজৰ দেহত দেখা দিয়া লক্ষণবোৰৰ প্ৰতি মুখ্য তত্ত্বাৱধায়জনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু অসুখৰ বাবে ছুটী আৰু চিকিৎসকক দেখুওৱাৰ অনুৰোধ অগ্ৰাহ্য কৰা হ’ল। নাহৰ চৌকিলৈ শীলাই অশোকক লৈ যোৱাৰ দিনটোৰ স্মৃতি তেওঁ সোঁৱৰে।
“পাঁচ দিনৰ ছুটীৰ অনুমতি দিবলৈ অনুৰোধ জনোৱাৰ বাবে ময়ো সেইদিনা অশোকৰ লগত ‘চাহেব’ৰ ওচৰলৈ গৈছিলো,” তেওঁ কয়। অশোকে পাবলগীয়া ২১ দিনৰ বেতনসহ ছুটীও লোৱা নাছিল বুলি তেওঁ কয়। “চকীত বহি থকা ‘চাহেবে’ ক’লে যে সকলোৱে যদি ছুটী লয়, এনে পৰিস্থিতিত কাম কোনে কৰিব?”
সেইকাৰণে অশোকে এপ্ৰিল আৰু মে’ মাহত কাম অব্যাহত ৰাখিলে। তেওঁৰ সহকৰ্মী শচীন বাংকাৰে (নাম সলনি কৰা হৈছে) কয় যে অশোকে কাম কৰোতে খুব কষ্ট হোৱা তেওঁ দেখিছিল।











