তিনিবছৰ অতি কষ্টেৰে পাৰ কৰাৰ পাছত পান্ধাৰীনাথ আৰু কৌশল্যা শেলকেই ফ্ৰেব্ৰুৱাৰীত নিজৰ পুত্ৰৰ বিবাহকাৰ্যৰ দিন চূড়ান্ত কৰিছে। 'কন্যা বিচাৰি যাওতে নাকচ কৰাৰ অপমান কথাৰে বৰ্ণনা কৰিব নোৱাৰি। কন্যা ঘৰে আমাক সোধা প্ৰথম প্ৰশ্নটো হ'ল- খেতিৰ বাদে (দৰাৰ) আন কোনো উপাৰ্জনৰ বাট আছেনে?' ৫২ বছৰীয়া পান্ধাৰীনাথে দুখেৰে ক'লে।'
মহাৰাষ্ট্ৰৰ ওচমানাবাদ জিলাৰ খামাছৱাড়ী গাঁৱত থকা পৰিয়ালৰ চাৰি একৰ খেতিৰ মাটিত ২৬ বছৰীয়া ৰঞ্জিতে ছয়াবিন, বুট আৰু জোৱাৰৰ খেতি কৰে। পান্ধাৰীনাথে গাঁৱৰ ডাকঘৰত কেৰাণীৰ কাম কৰে, মাহে ১০ হাজাৰ টকা দৰমহা পায়। কিছুদিন ৰঞ্জিতেও চাকৰি বিচাৰিছিল, কিন্তু নাপালে। এতিয়া খেতিয়েই ৰঞ্জিতৰ উপাৰ্জনৰ একমাত্ৰ উৎস।
'এতিয়া নিজৰ জীয়ৰীক কোনেও খেতিয়কলৈ বিয়া দিব নিবিচাৰে। বিশেষকৈ খেতিয়ক অভিভাৱকে নিজৰ ছোৱালীক খেতিয়কলৈ বিয়া দিয়াৰ ক্ষেত্ৰত একেবাৰে অনিচ্ছুক। তেঁওলোকে ব্যক্তিগত মালিক মহাজনৰ পৰা অতি উচ্চ হাৰত সুদলৈ টকা লৈ জীয়ৰীৰ বিয়াৰ বাবে দৰাপক্ষক যৌতুক দিব, কিন্তু দৰাৰ চাকৰি থাকিব লাগিব। খেতিয়ক পৰিয়াললৈ ছোৱালী বিয়া নিদিয়ে।' ৰঞ্জিতৰ মাতৃ তথা কৃষি শ্ৰমিক কৌশল্যই ক'লে।
এটা সময়ত মাৰাঠাৱাড়াত খেতিয়ক ল'ৰাক দৰা হিচাপে পাবলৈ বহুতে কামনা কৰিছিল। কৃষিক্ষেত্ৰত বৰ্ধিত অনিশ্চয়তাই এই ধাৰণা সলনি কৰি দিলে। কৃষিকৰ্মত বিনিয়োগৰ বৰ্ধিত পৰিমাণ, বজাৰ মূল্যৰ অস্থিৰতা, অস্বাভাৱিক বতৰ আৰু গ্ৰাম্য ঋণ ব্যৱস্থালৈ নামি অহা অৱক্ষয়ে মাৰাঠাৱাড়াৰ অগণন কৃষকক ঋণৰ গভীৰ গহ্বৰলৈ নিক্ষেপ কৰিছে।







