'নাকান্দিবা, আমি কিবা এটা কৰিম। অতি সোনকালে আপুনি সহায় পোৱাৰ ব্যৱস্থা মই নিশ্চিতভাৱে কৰি আছো।’ সুনীতা ভোসলেয়ে ক’লে। আহমেদ নগৰ জিলাৰ শ্ৰীগোণ্ডা তালুকৰ কানছেৱাড়ী গাঁৱৰ পৰা তেঁওলৈ ফোন আহিছিল।
নিজৰ খেতিৰ পথাৰৰ মাজেৰে এটা সৰু মথাউৰি নিৰ্মান কৰাৰ বাবে একাংশ গাঁওবাসীয়ে ৮০ বছৰ বসসীয়া শান্তাৰাম চাৱনক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। তেঁওৰ জীয়ৰী পিণ্টিয়ে বৃদ্ধ পিতৃক আহমেদ নগৰ অসামৰিক চিকিৎসালয়লৈ আনিছে। এই ৪০ বছৰীয়া পিণ্টিকে সুনীতাই ফোনত সহায় কৰাৰ আশ্বাস দিছে।
ইয়াৰ পিচত সুনীতাই আহমেদ নগৰত থকা আন এজন স্বেচ্ছাসেৱীলৈ ফোন কৰে। 'সেই চাৱন নামৰ বৃদ্ধজনক আকৌ আক্ৰমণ কৰি আহত কৰিছে। সোনকালে থানালৈ যাওক। ৩০৭ ধাৰাৰ অধীনত (ভাৰতীয়) দণ্ডবিধিৰ অধীনত হত্যাৰ চেষ্টে) এটা গোচৰ ৰুজু কৰিবলৈ পুলিচক কওক। মোক জনাই থাকিব।’ কথাখিনি কৈ সুনীতাই ফোনৰ সংযোগ কাটি দিলে।
কেইটামান নীৰৱ মূহুৰ্ত্তৰ পিচত তেঁও খঙেৰে ক’লে, 'সিহতে কেনেকৈ এনেকুৱা কাম কৰিব পাৰিলে? সেয়া তেঁওৰ মাটি। শান্তাৰামৰ ওপৰত এয়া দ্বিতীয় আক্ৰমণ। সিহতে আগতে তেঁওৰ এখন হাত ভাঙি থৈছে। এতিয়া কি সিহতে তেঁওক হত্যা কৰিব বিচাৰিছে নেকি? শান্তাৰাম চাৱনৰ দৰে ৩৩ বছৰীয়া সুনীতা ভোসলেও ফানছে প্ৰাধি জনজাতিৰ লোক। জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে অনুসূচীত জনজাতি (এছটি) ৰূপে তালিকাভূক্ত কৰিছে। এই সম্প্ৰদায়ৰ লোকসকল বহুদশক ধৰি বৈষম্য আৰু হিংসাৰ বলি হৈ আহিছে।








