‘আমি ভোকত থাকো, কিন্তু আমাৰ দলৰ পতাকা লৈ ঘুৰি ফুৰো। আমি যাবই লাগিব। আমাৰ হাতত আন কোনো বিকল্প নাই,’ তালুপুৰুৰ এম. নাৰায়নস্বামীয়ে কয়। তেওঁ অনন্তপুৰ জিলাৰ ৰাপটাৰু বিধানসভা সমষ্টিৰ নিজ গাওঁ তালুপুৰত ৰেচনৰ দোকান এখন চলায়। ১১ এপ্ৰিলৰ দিনা, অৰ্থাত আজি হ’বলগীয়া নিৰ্বাচনৰ প্ৰচাৰৰ কথা তেওঁ কৈছে। আজিৰ দিনটোতে অন্ধ্ৰ প্ৰদেশত নাগৰিকে লোকসভা আৰু ৰাজ্যিক বিধানসভাত নিৰ্বাচনত একেদিনাই ভোটদান কৰিব। তাতে মানুহে কি ভাবে, কেনেদৰে ভোট দিব, কাক ভোট দিব আৰু কিয় দিব- এই সকলো কথা সামৰি আলোচনা চলিছে।
হিন্দুপুৰ আৰু কাড়াপা লোকসভা সমষ্টিৰ ভিতৰত পৰা ক্ৰমে ৰাপটাৰু আৰু পুলিবেন্দুলা ৰাজ্যিক বিধানসভা সমষ্টিক লৈ আটাইতকৈ বেছি আলোচনা চলিছে, সকলোৰে দৃষ্টি আকৰ্ষিত নিবদ্ধ হৈছে উক্ত সমষ্টি দুটাত।
ৰাপটাৰুত শাসকীয় দল তেলেগু দেশম পাৰ্টি (টিডিপি)ৰ পাৰিতালা শ্ৰীৰাম আৰু ৱাইএছআৰ কংগ্ৰেছ দলৰ থপুধুৰ্থী প্ৰকাশ ৰেড্ডীৰ মাজতে প্ৰতিদ্বন্দিতা হৈছে। ২০০৯ আৰু ২০১৪ত ৰেড্ডীয়ে শ্ৰীৰামৰ মাতৃ পাটিয়ালা সুনীথাৰ হাতত পৰাজিত হৈছিল। পুলিবেন্দুলাত ৱাইএছআৰচিপি-ৰ নেতা জগমোহন ৰেড্ডীয়ে টিডিপিৰ এছ.ভি. সতীশ কুমাৰ ৰেড্ডীৰ মুখামুখি হ’ব। বহুতেই জগমোহনকেই অগ্ৰাধিকাৰ দিছে, পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দেখিছে।
হিন্দুপুৰ লোকসভা সমষ্টিত যুঁজখন মূলতঃ হৈছে টিডিপিৰ নিৰ্মলা কিষ্টাপ্পা আৰু ৱাইএছআৰচিপি-ৰ গৰাণ্টালা মাদৱৰ মাজত। কাড়াপা লোকসভা সমষ্টিৰ আসনত ৱাইএছআৰচিপি-ৰ সাংসদ ৱাই এছ অবিনাশ ৰেড্ডী আছে, তেওঁ থিয় দিছে তেওঁৰ মূল প্ৰতিদ্বন্দী টিডিপিৰ আদিনাৰায়ন ৰেড্ডীৰ বিৰুদ্ধে।
অনন্তপুৰত গ্ৰাম্য জনতা বিভাজিত। প্ৰাৰ্থীৰ পৰিৱৰ্তে দলীয় আৰু ফৈদক লৈহে অনন্তপুৰৰ গাওঁবোৰ ব্যস্ত। ৰাপটাৰুত লোকসভা সমষ্টিৰ নিৰ্বাচনতকৈ বিধানসভা সমষ্টিৰ নিৰ্বাচনত গাঁৱৰ মানুহৰ ৰাপ বেছি (যদিওবা তেওঁলোকে দুয়োখন আসনৰ কাৰণে ভোট দিব)। দৰাচলতে এই সমষ্টি দুটাত মানুহবোৰ বিধানসভা নিৰ্বাচনক লৈহে ব্যস্ত দেখা গৈছে।










