প্ৰায়প্ৰতিদিনে ড. আম্বেদকাৰৰ অনন্তপুৰত থকা প্ৰতিমূর্তিত একোডাল নতুন ফুলৰ মালা দিয়া হৈছিল| পুৱা ৮.৩০ মান বজাত এ শোভান নামৰ ফুলৰ দোকানীজনে ৰঙা গোলাপ অথবা ভেঁট ফুলেৰে তেওঁৰ পৰিয়ালে গাঁঠি দিয়া এডাল মালা হাতত লৈ সোণোৱালী ৰঙেৰে বনোৱা প্ৰতিমূর্তিটোৰ চিৰিত উঠে| শোভান নাথাকিলে তেওঁৰ ১৭ বছৰীযা ভাগিন বাবলুৱে আম্বেদকাৰৰ প্ৰতিমূর্তিত মালা দিয়াৰ কামটো যেনেকৈ নহওক কৰিছিল|
পথৰ একেবাৰে কাষতে থকা আম্বেদকাৰৰ পুৰণি প্ৰতিমূর্তিটো ভাঙি নতুনকৈ নির্মাণ কৰাৰ পিছত ২০১০ চনৰ পৰা দৈনিক নতুন মালাৰে সুসজ্জিত কৰাৰ প্ৰক্ৰিয়া চলি আহিছে| শোভানৰ ফুলৰ দোকানৰ পৰা কেইখোজমান নিলগতে অন্ধ্রপ্ৰদেশৰ অনন্তপুৰ চহৰৰ মধ্যস্থলৰ ক্লক টাৱাৰৰ পৰা এক কিলোমিটাৰ দক্ষিণফালে প্ৰতিমূর্তিটো স্থাপন কৰা হৈছিল|
কাষতে থকা আন প্ৰতিমূর্তি কেইটা ইমান সৌভাগ্যশালী নহয়| একেটা পথতে ক্লক টাৱাৰ পাৰ হৈ প্ৰথমতে ইন্দিৰা গান্ধীৰ প্ৰতিমূর্তিটো দেখা যায়| ২০০৪ ৰ পৰা ২০১৪ লৈ অন্ধ্রপ্ৰদেশত কংগ্রেছ দল শাসনত থকাৰ সমযত ভাল দিন চলিছিল যদিও এতিয়া মৰাপাটৰ থৈলাৰে মেৰিয়াই থোৱা আছে| ২০১৩ চনত অন্ধ্রপ্ৰদেশৰ পৰা তেলেংগনাক পৃথক কৰাৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰীযে ইন্দিৰা গান্ধীৰ পূর্বৰ প্ৰতিমূর্তি ভাঙি চুৰমাৰ কৰি অগ্নিসংযোগ কৰিছিল| পিচত নতুন প্ৰতিমূর্তি নির্মাণ কৰা হয়, কিন্তু ইয়াক সদায ঢাকি ৰখা হয়| ৰাজীৱ গান্ধীৰপ্ৰতিমূর্তিটোও ঢাকি ৰখা হয়| এয়া কংগ্রেছৰ পৰাহত ভাগ্যৰ পৰিণতি সম্ভৱ|






