গৰু হোৱা হ’লে, বছৰৰ এইখিনি সময়ত গোটেইবোৰ বিলাহী খাব পাৰি। বিনামূল্যে। অৱশ্যে বছৰটোৰ আন সময়ছোৱাত ছাগলী হ’লে বেছি সুবিধা।
এই ফল বা পাচলি বিধ (এনচাইক্ল’পিডীয়া ব্ৰিটেনিকাৰ মতে বিলাহী এবিধ ফল, যিটো পুষ্টিবিদসকলে পাচলি বুলি বিবেচনা কৰে)ৰ দাম একেবাৰে কমি গ’লে, অনন্তপুৰৰ বিলাহী বজাৰৰ কাষৰীয়া এই পথাৰখনে বিলাহীৰ ডাষ্টবিন হৈ পৰে। কাষৰীয়া গাঁওবোৰৰ পৰা খেতিৰ উৎপাদিত সামগ্ৰীবোৰ লৈ অহা খেতিয়কসকলে সাধাৰণতে তেওঁলোকৰ বিক্ৰী নোহোৱা বিলাহীবোৰ ইয়াতেই দলিয়াই থৈ যায়। এই ঠাইখন প্ৰায়ে ছাগলীৰে ভৰি থাকে। ‘কিন্তু বৰষুণৰ দিনত ছাগলীয়ে বিলাহী খালে সিহঁতৰ ‘ফ্লু’ ৰোগ হয়,’ এই কথা পি কাদিৰাপ্পাই জনায়। তেওঁ এজন ছাগলীপালক, যিয়ে বুক্কাৰায়াসমূদ্ৰম গাঁৱৰ পৰা এই চহৰখনলৈ তেওঁৰ ছাগলীবোৰ লৈ আহে। গাওঁখন অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাতে আৰু ইয়াৰ পৰা পাঁচ কিলোমিটাৰো দূৰ নহয়।
ইয়াৰ পৰা এটা কথা ওলাই পৰে যে ছাগলীৰ শৰীৰটোৰ গঠন গৰুতকৈ বেছি লেহুকা হ’ব পাৰে আৰু আনকি সিহঁত ‘ফ্লু’ৰ বাহকো হ’ব পাৰে। যোৱা কেইদিনমান ধৰি অনন্তপুৰত বৰষুণ দি আছে, সেয়েহে ছাগলীবোৰক সিহঁতৰ প্ৰিয় ফলবিধ খাবলৈ দিয়া হোৱা নাই। তথাপি সিহঁতে ঘাঁহ-বন চোবাই তাৰ কাষতে চৰি আছে, মাজে মাজে হয়তো সিহঁতৰ ডাঙৰ শত্ৰুসকলৰ ফালে একোটা ঈৰ্ষাপূৰ্ণ চাৱনি দিছে। জন্তুবোৰে খাবলৈ পোৱা এই ভোজনৰ বাবে এই পশুপালকসকলে সাধাৰণতে খেতিয়কসকলক একো মূল্য পৰিশোধ নকৰে। কাৰণ মাজে মাজে হাজাৰ হাজাৰ বিলাহী প্ৰতিদিনেই দলিয়াই পেলাই দিয়া হয়।
অনন্তপুৰ বজাৰত সাধাৰণতে বিলাহীৰ দৰ কিলোত ২০ টকাৰ পৰা ৩০ টকালৈ উঠা-নমা হৈ থাকে। চহৰৰ ৰিলায়েন্স মাৰ্কেটত সেইবোৰ কম দামত পোৱা যায়। মাৰ্টৰ এজন কৰ্মচাৰীয়ে ক’লে, ‘আমি এবাৰ কিলোত মাত্ৰ ১২ টকামানতে বেচিছিলোঁ। মাৰ্টৰ বিষয়ে এজন পাচলি বিক্ৰেতাই ক’লে, ‘তেওঁলোকৰ নিজা যোগানকাৰী আছে, কিন্তু আমি মহলৰ পৰা কিনো আৰু দিনটোৰ শেষত বেয়া হৈ যোৱাবোৰ পেলাই থৈ যাবলগীয়া হয়।’



