PARI-series-on-sexual-and-gender-based-violence-(SGBV)-as

Mumbai, Maharashtra

May 31, 2025

পাৰি সংকলন: যৌন আৰু লিংগভিত্তিক হিংসা

নাৰীৰ সৈতে ঘটি থকা নিৰ্যাতনৰ নানাখন মুখ আছে, যিবোৰ যৌন আৰু লিংগভিত্তিক হিংসাক লৈ এই প্ৰতিবেদনৰ সংকলনত স্পষ্ট দেখা গৈছে। এই প্ৰতিবেদনসমূহত যৌনকৰ্ম, প্ৰব্ৰজন, লিংগ-স্বীকৃতিৰ শল্যচিকিৎসা আৰু উৰ্ধতন কৰ্তৃপক্ষৰ বিৰুদ্ধে মহিলা পুলিচকৰ্মীৰ ন্যায়বিচাৰৰ যুঁজ সামৰি লোৱা হৈছে। এই সকলোবোৰৰ তলে তলে চলিছে পিতৃতান্ত্ৰিক সমাজৰ নিয়ম য’ত মহিলাৰ চাল-চলন পুৰুষে নিৰ্ধাৰণ কৰিব, য’ত নাৰী নিৰ্যাতন স্বাভাৱিকীকৰণ আৰু ‘প্ৰেম’ৰ ছদ্মবেশত কম বয়সীয়া ছোৱালীৰ সৰবৰাহ চলে। আইন কি আৰু কিদৰে ই কয় আৰু আইনী প্ৰক্ৰিয়া চলিবলৈ কিমানদিন লাগে, নানা লিংগপৰিচিতিৰ পটভূমিত এই বিষয়টোও ধৰা পৰিছে। পাৰিৰ এই ছুটি ছিৰিজটো মেডিসঁ সঁ ফ্ৰণ্টিয়া/ডক্টৰ্চ উইদাউট বৰ্ডাৰ্চ, ভাৰতৰ সহযোগিতাত যুগুতোৱা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Contributors

Translation

PARI Translations, Assamese