গংগুবাই চৱনে এনেয়ে সুধিলে পানী নাপায়, তেওঁ তাৰ বাবে কাকূতি-মিনতি কৰিব লাগিব। ক’ব লাগিব, “চাহাব! অ’ চকীদাৰ বাবু! পানী অকণ খাবলৈ দিব নেকি, মই ইয়াতেই থাকো বাবু।”

কিন্তু কেৱল কাকূতি কৰাতেই কথা শেষ নহয়। লগতে গংগুবাইয়ে প্ৰতিশ্ৰুতিও দিব লাগিব, “পাত্ৰটো স্পৰ্শ নকৰোঁ” বুলি।

গংগুবাইয়ে (নাম সলনি কৰা হৈছে) পানীৰ বাবে কাৰোবাৰ ঘৰৰ নল, চাহ দোকান আৰু বিবাহ ভৱনৰ ওপৰত নিৰ্ভৰ কৰি চলিবলীয়া হয়। তেওঁ পানীৰ বাবে অট্টালিকাৰ চকীদাৰবোৰক কাবৌ কৰে। একেদৰে নান্দেৰ চহৰৰ গকুলনগৰ এলেকাৰ ফুটপাথৰ ওপৰত থকা তেওঁৰ ‘ঘৰ’টোৰ বিপৰীতে থকা হোটেলখনতো পানীৰ বাবে হাত পাতে। যিমানবাৰ পানীৰ প্ৰয়োজন হয়, সিমানবাৰ, প্ৰতিদিনে তেওঁ এনেকৈয়ে চলিবলগীয়া হয়।

পানী বিচৰাটো তেওঁৰ বাবে নিত্য-নৈমিত্তিক কাম। ফান্সে পাৰ্ধি জনজাতিৰ পৰিচয় কঢ়িওৱাৰ বাবে খোৱাপানী-আশ্ৰয় আদিৰ জীয়াই থকাৰ প্ৰতিটো খোজতে তেওঁ বাধাৰ সন্মুখীন হয়। ঔপনিৱেশিক কালত ব্ৰিটিছে যিখন আইনৰ অধীনত পাৰ্ধিসকলক ‘অপৰাধী জনজাতি’ হিচাপে তালিকাবদ্ধ কৰিছিল, সেই আইনখন ১৯৫২ত ভাৰত চৰকাৰে প্ৰত্যাহাৰ কৰে। প্ৰত্যাহাৰৰ ৭০ বছৰ পাৰ হৈ গ’ল যদিও গংগুবাইৰ দৰে সেই জনজাতিৰ লোকে মৌলিক অধিকাৰখিনিৰ বাবেও সকলো সময়তে হাত পাতি ফুৰিবলগীয়া হয়। এবাল্টি পানীৰ বাবে তেওঁ সকলোকে পতিয়ন নিয়াবলগীয়া হয় যে তেওঁ চোৰ নহয়।

“আমি আপোনালোকৰ একো বস্তুত হাত দিয়া নাই বুলি কোৱাৰ পিছতহে তেওঁলোকে আমাক অকণমান পানী দিয়ে,” গংগুবাইয়ে কয়। এবাৰ অনুমতি দিয়াৰ পিছত তেওঁ প্লাষ্টিকৰ ড্ৰাম, পানীৰ বটল আদি য’তে পাৰে তাতেই পানী ভৰাই লয়। এখন হোটেলে নিদিলে আনখনলৈ যায়। মালিকবোৰৰ ৰুক্ষ ব্যৱহাৰ গাত লগাই নলয়। ৰন্ধা-বঢ়া আৰু খোৱাৰ বাবে পানী যোগাৰ কৰিবলৈ তেওঁ কমেও চাৰি-পাঁচখন হোটেলত পানীৰ বাবে হাতযোৰ কৰিবলগীয়া হয়।

A settlement of the Phanse Pardhi groups on the municipal grounds of Gokulnagar in Nanded. Migrants and transhumants live here on footpaths
PHOTO • Prakash Ransingh
A settlement of the Phanse Pardhi groups on the municipal grounds of Gokulnagar in Nanded. Migrants and transhumants live here on footpaths
PHOTO • Prakash Ransingh

নান্দেৰৰ গকুলনগৰৰ পৌৰনিগমৰ মাটিত ফানচে পাৰ্ধি জনজাতিৰ গোট এটাৰ আবাসস্থলী

Left: Children taking a bath near the road settlements. Right: An enclosure created for men to bath
PHOTO • Prakash Ransingh
Left: Children taking a bath near the road settlements. Right: An enclosure created for men to bath
PHOTO • Prakash Ransingh

বাওঁফালে: ৰাস্তাৰ কাষতে ল’ৰা-ছোৱালীবোৰে গা ধুইছে। সোঁফালে: পুৰুষে গা ধোৱাৰ বাবে সজা এটা ঘেৰাও

কামৰ সন্ধানত মহাৰাষ্ট্ৰৰ আন জিলাৰ পৰা গংগুবাইৰ দৰে প্ৰব্ৰজনকাৰী শ্ৰমিক আহি নান্দেৰত উপস্থিত হয়। “আমি ইয়াত আঠ মাহ থাকো, বাৰিষাৰ দিন পৰিলে ঘুৰি যাওঁ,” তেওঁ বুজাই কয়। মুকলি ঠাই, পদপথ, পানীৰ চৌবাচ্চাৰ তলৰ খালি ঠাই, ৰেলৱে ষ্টেছনৰ কাষৰীয়া ঠাই আদিত তেওঁলোকে অস্থায়ী আবাস সাজি লয়। তেওঁলোকে থকা দিনকেইটাৰ কাৰণে কাম বিচাৰে আৰু সময়ত গাঁৱলৈ গুছি যায়।

প্ৰব্ৰজনকাৰী শ্ৰমিক আদিক পানী যোগান ধৰাৰ কোনো স্থায়ী ব্যৱস্থা চহৰখনৰ ক’তো নাই। শিশু, মহিলা আৰু বিশেষকৈ যুৱতীসকলে পানীৰ সন্ধানত অপমান আৰু হিংসাৰ বলি হয়।

তেওঁলোকৰ প্ৰায়ভাগেই আহি গকুলনগৰ, দেগলুৰ নাকা, বাজেগাওঁ, এছ.আই.ডি.চি.অ’ ৰোড আৰু হুজুৰ চাহিব ৰেলৱে ষ্টেছনত আহি থিতাপি লয় আৰু আন এখন চহৰ নাইবা নিজৰ ঘৰলৈ উভতি যোৱাৰ আগলৈকে তাত কাম বিচাৰে।

এই প্ৰব্ৰজনকাৰীসকল ফানচে পাৰ্ধি, ঘিসাড়ি আৰু বদাৰ সম্প্ৰদায়ৰ। তাৰোপৰি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আৰু কৰ্ণাটকৰ বিদাৰ, তেলাংগনাৰ মুছলমান, চমাৰ আৰু যোগীসকলো ইয়ালৈ প্ৰব্ৰজিত হৈ আহে। তেওঁলোকে নিজৰ পৰম্পৰাগত কাম কৰে আৰু নতুন নতুন কামৰ সন্ধান কৰে। তেওঁলোকে হাতেৰে বনোৱা লোৰ সামগ্ৰী, কলম, বেলুন, ধাৰি-পাটি, কাঁচৰ সামগ্ৰী, পুতলা, বেগ আদি বিক্ৰী কৰে, কেতিয়াবা চিগনেলত ভিক্ষাও মাগে নাইবা নিৰ্মাণ খণ্ডত শ্ৰমিক হিচাপে কাম কৰে। মুঠতে জীয়াই থাকিবলৈ যি পায়, সেয়াই কৰে।

ঘিসাড়ি সম্প্ৰদায়ৰ কাজল চৱনে এছ.আই.ডি.চি.অ’ ৰোডত বাহৰ পাতিছে, তেওঁ কয় যে পানী বিচৰাটোৱে তেওঁলোকৰ দিনটোৰ চিন্তা হৈ পৰে। “কেতিয়াবা ৰাস্তাত ৰৈ থকা পানীৰ টেংকাৰৰ পৰা পানী বিচাৰো। তাৰ বিনিময়ত আমি তেওঁলোকৰ বাবে কাম কৰি দিব লাগে,” তেওঁ কয়। কেৱল তেওঁৱেই নহয়। পৌৰনিগমৰ মাটিত বাহৰ পতা সকলোৱে পানীৰ বিনিময়ত পানীৰ ব্যৱস্থা কৰি দিয়াসকলৰ বাবে কাম কৰিব লাগে।

তেওঁলোকে নলৰ পানী নাপালে আন বিকল্প বিচাৰি ল’বই লাগিব। গকুলনগৰৰ পদপথত পৌৰনিগমৰ পানীযোগানৰ চেম্পাৰ এটা আছে। তাৰ পৰা সুৰুঙাৰে ওলাই যোৱা পানীখিনি তলৰ নৰ্দমাত পৰে। “সপ্তাহত দুবাৰ (নলৰ পৰা) পানী চেম্বাৰলৈ আহে। চেম্বাৰটোত পানী থকাৰ দিনা পৰিৱেশটো উৎসৱমুখৰ হৈ পৰে,” গকুলনগৰত কুঁহিয়াৰৰ ৰস বিক্ৰী কৰা স্থানীয় লোক এজনে কয়।

A collection of containers lined up to collect water. Their temporary homes on the side of a road  (right)
PHOTO • Prakash Ransingh
A collection of containers lined up to collect water. Their temporary homes on the side of a road  (right).
PHOTO • Prakash Ransingh

পানী সংগ্ৰহৰ বাবে থোৱা পাত্ৰ। সোঁফালে ৰাস্তাৰ কাষত তেওঁলোকৰ অস্থায়ী আশ্ৰয়

A Ghisadi family (right) makes iron tools using different alloys (left)
PHOTO • Prakash Ransingh
A Ghisadi family (right) makes iron tools using different alloys (left)
PHOTO • Prakash Ransingh

ঘিসাড়ি পৰিয়াল এটাই (সোঁফালে) লো আদিৰ মিশ্ৰিত ধাতুৰে সামগ্ৰী নিৰ্মাণ কৰি বিক্ৰী কৰে

সৰু ল’ৰা-ছোৱালীয়ে সেই গাঁতটোত সোমাই পানী উলিয়াই আনিব নোৱাৰে। কাষৰ হোটেল আদিৰ পৰা ওলোৱা বৰ্জ্য পানীয়ে গাঁতৰ পানী প্ৰদূষিত কৰে। কিন্ত এই পৰিয়ালবোৰে এই পানীৰেই কাপোৰ আৰু বাচন ধোৱা আদি কাম কৰিব লাগিব। অতিকমেও ৫০ টা পৰিয়াল পদপথৰ এই চেম্বাৰটোৰ ওপৰত নিৰ্ভৰ কৰে, ৫০ টা বুলি কোৱা হৈছে যদিও আৰু পৰিয়াল থাকিব পাৰে, গন্তি কৰা টান।

২০২১ৰ এক প্ৰতিবেদন অনুযায়ী নান্দেৰ চহৰত গড়ে ব্যক্তিয়ে প্ৰতি ১২০ লিটাৰ পানী পায়, এদিনত ৮০ এম.এল.ডি. (মেগালিটাৰ প্ৰতিদিন) পানী যোগান ধৰা হয়। কিন্তু ৰাস্তাৰ দাঁতিত জীৱন নিৰ্বাহ কৰাসকলে সেই পানীৰ ভাগ নাপায়।

*****

খান পৰিয়ালটোৱে দেগলুৰৰ পানীৰ চৌবাচ্চাটোৰ তলৰ খালী ঠাইখিনিত অস্থায়ীকৈ থাকিবলৈ লৈছে। তেওঁলোক বীড় জিলাৰ (বিদ বুলিও কয়) পাৰ্লিৰ পৰা আহিছে আৰু বছৰত কেইবাৰমান নান্দেৰলৈ আহে। বিশেষকৈ ৰমজানৰ সময়ত তেওঁলোকে এপষেকমানৰ কাৰণে থাকেহি।

চিমেণ্টৰ ওখ টেংকটোৱে তেওঁলোকক তলত আশ্ৰয় দিছে আৰু পানী লাগিলে তেওঁলোকে কাষৰ হোটেলৰ পৰা আনে। খোৱাপানী কিছু দূৰত থকা চৰকাৰী নিদানশালা এখনৰ পৰা আনে। নিদানশালাখন বন্ধ থাকিলে পৰিশোধিত পানীও তেওঁলোকে নোপোৱা হয়। জাভেদ খানে (৪৫) কয়, “যি পানী পাওঁ, ব’ৰৱেলৰে হওঁক, নলৰে হওঁক, আমি খাওঁ। ওপৰত থকা চৌবাচ্চাটোৰ পৰা ভালভেৰে লিক হোৱা লেতেৰা পানী পালেও আমি সেয়াও খাওঁ।”

প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে পানীৰ কাৰণে হাবাথুৰি খাই ফুৰে যদিও কিনা পানীৰ সুবিধা সকলোতে আছে, ১০ টকাত আপুনি ৫ লিটাৰ পানী পাব। দহ টকাত শীতল পানীও পাব, নিয়মীয়া পানীৰ দাম পাঁচ টকা।

সোলাপুৰ জিলাৰ শ্ৰমিক নয়না কালে (৩২)য়ে মুম্বাই-নাশিক-পুণে হৈ নান্দেৰলৈ আহিছে। “১০ টকাত কিনা পাঁচ লিটাৰ পানীৰে আমি চলিবলৈ চেষ্টা কৰোঁ,” তেওঁ কয়।

Left: Some migrants get access to filtered tap water from a clinic.
PHOTO • Prakash Ransingh
Right: A water pot near Deglur Naka
PHOTO • Prakash Ransingh

বাওঁফালে: চিকিৎসালয় এখনৰ পৰিশোধিত পানী খাবলৈ লোৱা কণমানি এজনী। সোঁফালে: দেগলুৰ নাকাৰ কাষৰ পানীৰ পাত্ৰ

তেওঁলোকে সদায় ভাল পানী কিনিব নোৱাৰে, সেয়ে কেতিয়াবা বৰ্জ্যপানীও কিনে। সেই পানী ৰিভাৰ্ছ অচমচিচ (আৰ.অ’) পৰিশোধন প্ৰক্ৰিয়াৰে পৰিশোধিত হৈ আহে। মানুহৰ বাবে অনুপযোগী এই পানী তেওঁলোকে খায় আৰু আন কামতো ব্যৱহাৰ কৰে।

“হোটেলৰ পৰা পানী বিচাৰিলে হোটেলৰ মেনেজাৰে পইচা বিচাৰে, নাইবা কয় যে গ্ৰাহকক দিবলৈ বুলিয়ে তেওঁলোকৰ তাত পানী নাই, আমাক কেনেকৈ দিব?” খাতুন পাটেলে কয়। ৩০ বৰ্ষীয় মহিলাগৰাকী নান্দেৰ ৰেলৱে ষ্টেছনত থাকে।

“আমাৰ তাত পানী থাকে, কিন্তু সিহঁতক নিদিও। পানী নাই বুলি কওঁ আৰু সিহঁতক খেদি পঠিয়াও,” গকুলনগৰৰ এগৰাকী চকীদাৰে কয়।

বিবাহ ভৱন এটাৰ মালিকে (নাম প্ৰকাশত অনিচ্ছুক) কয়, “আমি তেওঁলোকক (অস্থায়ী শিবিৰ পাতি থকা) কৈছো যে তেওঁলোকে দুই জাৰ পনী নিব পাৰে, কিন্তু সিহঁতে তাৰ পিছতো পানী বিচাৰি থাকে। আমাৰ তাত জোখৰ পানী আহে আৰু তেনেকৈ দি শেষ কৰিব নোৱাৰো।”

*****

মহিলা আৰু ছোৱালীবোৰেই পানী সংগ্ৰহৰ দায়িত্বত থাকে, সেয়ে মানুহৰ গালি-গালাজো তেওঁলোকেই শুনিবলগীয়া হয়। কিন্তু তাতেই কথা শেষ নহয়। পদপথত মানুহৰ সদায়েই ভিৰ লাগে আৰু গা ধুবলৈ ৰাজহুৱা কোনো ব্যৱস্থা নাই। “নিজৰ কাপোৰখিনিৰ লগতে আমি গা ধুব লগা হয়। বৰ লৰালৰিকৈ আমি গা ধোও। আশে-পাশে ইমান মানুহ থাকে। লাজ লাগে, মানুহে চাই থাকে। ততাতয়াকৈ গা ধুই কাপোৰ সলাই ভিজা কাপোৰখিনি ধুই লওঁ,” সমিৰা যোগীয়ে কয়। ৩৫ বৰ্ষীয় মহিলাগৰাকী লক্ষ্ণৌৰ। উত্তৰ প্ৰদেশত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত যোগী সম্প্ৰদায়ৰ।

দেগলুৰ নাকাত অস্থায়ী বাহৰ পতা পাৰ্ধি পৰিয়ালৰ মহিলাসকলে কয় যে আন্ধাৰ নমাৰ পিছতহে তেওঁলোকে গা ধোৱে। পাৰ্ক কৰি থোৱা ট্ৰাকৰ পিছফালে লুকাই তেওঁলোকে শাৰীৰে আঁৰ কৰি গা ধোৱে।

চি.আই.ডি.চি.অ’ ৰোডত সম্প্ৰতি থকা কাজল চৱনে আমাক কয়, “আমি ৰাস্তাতে থাকো। বাটৰুৱাই আমাক চাই থাকে। তেনেকৈয়ে আমি কাপোৰেৰে স্নানাগাৰ এটা বনাই লৈছো। মোৰ লগত গাভৰু ছোৱালী এজনী আছে, সেয়ে মই অলপ সাৱধান হৈ চলিব লাগে।”

Left: The board at the public toilet with rate card for toilet use.
PHOTO • Prakash Ransingh
Right: Clothes create a private space for women to bathe
PHOTO • Prakash Ransingh

বাওঁফালে: ব্যৱহাৰৰ নিৰিখ লিখা থকা ফলকৰ সৈতে ৰাজহুৱা শৌচাগাৰটো। সোঁফালে: মহিলাই গা ধোৱাৰ বাবে কাপোৰেৰে আঁৰ কৰি সজা স্নানাগাৰ এটা

গকুলনগৰত বাস কৰা নয়না কালেয়ে বৰ লৰালৰিকৈ গা ধোৱে, কোনোবাই তেওঁ গা ধোৱা চাই থাকে বুলি তেওঁ সদায় সতৰ্ক হৈ থাকিবলগীয়া হয়। দেগলুৰ নাকাৰ চল্লিশ বৰ্ষীয় ইৰফানা শ্বেইখে কয়, “পানী কিম্বা স্নানাগাৰৰ ভাল একো সুবিধা নথকা বাবে মই সপ্তাহত দুবাৰহে গা ধোও।”

“ৰাজহুৱা স্নানাগাৰত গৈ গা ধুবলৈ মই প্ৰতিবাৰে ২০ টকাকৈ দিব লাগে। আমাৰ দৰে পেটে-ভাতে খাই থকা মানুহে কেনেকৈ সিমানখিনি দিব পাৰিব?” গংগুবাইয়ে কয়। “লগত সিমান পইচা নাথাকিলে আমি গা নোধোৱাকৈ থাকো, গা মচি থৈ দিও।” ৰেলৱে ষ্টেছনৰ কাষতে বসতি কৰা খাতুন পাটেলে কয়, “হাতত পইচা নাথাকিলে আমি নদীলৈ গৈ গা ধোও। তাত বহুত মতা মানুহ জুম বান্ধি থাকে। গা ধুবলৈ বৰ সংকোচ লাগে।”

গকুলনগৰৰ সেই চেম্বাৰটোত পানী আহিলে কণ কণ ল’ৰা-ছোৱালীবোৰে গা ধুবলৈ ভীৰ কৰে। কাপোৰ পিন্ধা অৱস্থাতে কিশোৰীবোৰে ৰাস্তাৰ কাষতে তেনেকৈ গা ধোৱে। মহিলাই গাত শাড়ীখন পিন্ধা অৱস্থাতে পানী ঢালে। আঁৰ-বেৰ বিচাৰি থকাতকৈ তেনেকৈ কাপোৰ পিন্ধা অৱস্থাত গা ধোৱাটোৱে নিৰাপদ বুলি তেওঁলোকে ভাবে।

মাহেকীয়া ঋতুস্ৰাৱ হোৱাৰ সময়ত মহিলাসকলৰ সমস্যা দুগুণ বাঢ়ে। ইৰফানাই কয়, “মাহেকীয়াৰ সময়ত মই শৌচালয় ব্যৱহাৰ কৰিবলৈ গৈ তাত পেড সলাই লওঁ। সপ্তম দিনটোত আমি গা ধুবই লাগিব। তেতিয়া আমি ২০ টকা দি ৰাজহুৱা স্নানাগাৰ ব্যৱহাৰ কৰোঁ।”

“এই দাদাহঁতে (আন ৰাজ্যৰ) আমাক গালি পাৰে ‘তহঁতৰ মানুহবোৰক এই শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ কবি।’ আমাৰ মানুহে কমোড ব্যৱহাৰ কৰিব নাজানে, সেয়ে লেতেৰা কৰি থৈ যায়। সেয়ে তেওঁলোকে আমাক সেইবোৰ ব্যৱহাৰত বাধা দিয়ে,” গংগুবাইয়ে কয়।

Left: Requesting water from security guards of buildings doesn't always end well.
PHOTO • Prakash Ransingh

বাওঁফালে: অট্টালিকাবোৰৰ চকীদাৰকো পানী খুজি সদায় পোৱা নাযায়। সোঁফালে: ব্যক্তিগত ফিল্টাৰ এটাৰ পৰা প্ৰব্ৰজনকাৰী শ্ৰমিক এজনে পানী সংগ্ৰহ কৰিছে

ৰাজহুৱা শৌচাগাৰ প্ৰতিবাৰ ব্যৱহাৰৰ বাবদ ১০ টকাকৈ দিব লাগে আৰু ডাঙৰ পৰিয়াল লৈ কাম কৰিবলৈ অহা শ্ৰমিকৰ তেনেকৈ ইমানখিনি পইচা দিয়া সম্ভৱ নহয়। তাতকৈ মুকলিত যোৱাই ভাল বুলি তেওঁলোকে ভাবিবলৈ বাধ্য হয়। “আন কি উপায় আছে, তেনেকৈ মুকলিতে যাবলগীয়া হয়,” পৌৰনিগমৰ মাটিত আশ্ৰয় লৈ থকা ৫০ বৰ্ষীয় ৰমেশ পাটোড়ে কয়।

“আমি মুকলিতে শৌচ কৰোঁ। ৰাতি অকলে যাবলৈ ভয় লাগে, সেয়ে আমি দুই-তিনিজনী ছোৱালী লগত লৈ যাওঁ,” গকুলনগৰৰ পদপথত আশ্ৰয় লৈ থকা নয়না কালেয়ে কয়। “মুকলিত গ’লে মানুহে আমাক জোকায়, টিটকাৰি দিয়ে। কেতিয়াবা সিহঁতে আমাৰ পিছ লয়। আমি অতিকমেও এশ বাৰমান পুলিচক অভিযোগ দিছো।”

সেয়া নকৰি “ৰাস্তাৰ চুকলৈ যোৱাই ভাল” বুলি চি.আই.ডি.চি.অ’ ৰোড এলেকাৰ কাজল চৱনে কয়।

নান্দেৰত ২০১১-১২ত চলা সম্পূৰ্ণ অনাময় অভিযানৰ অধীনত নগৰ অনাময় পৰিকল্পনা কৰা হৈছিল। সেই সময়ত প্ৰায় নগৰখনৰ প্ৰায় ২০ শতাংশই মুকলিত শৌচ কৰি আছিল। ২০১৪-১৫ত নান্দেৰ চহৰত ২৩ টা ৰাজহুৱা শৌচাগাৰ আছিল, তাত ছিট আছিল মাত্ৰ ২১৪টা। এক প্ৰতিবেদন মতে সেই সময়ত ঘাটি আছিল ৪১০০ টা ছিটৰ। তেতিয়াৰ পৌৰনিগমৰ আয়ুক্ত নিপুণ বিনায়কে অনাময়, বৰ্জ্য পানী আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ হেতু সামুহিক পৰিচালনৰ ব্যৱস্থাৰে সম্পূৰ্ণ অনাময়ৰ এক অংশগ্ৰহণমূলক প্ৰকল্প ৰূপায়ণ কৰে। ২০২১ত ৱাঘালা পৌৰনিগমে ODF+ আৰু ODF++ (মুকলিত শৌচমুক্ত) প্ৰমাণপত্ৰ লাভ কৰে।

যাহওঁক, উপান্ত শ্ৰেণী আৰু ঋতুগত প্ৰব্ৰজনকাৰীয়ে চহৰখনত খোৱাপানী, পৰিস্কাৰ অনায়ম ব্যৱস্থা আদি পোৱাৰ বাট এতিয়াও শতযোজন দূৰ। এই প্ৰসংগত জাভেদ খানে কয়, “বিশুদ্ধ পানীৰ সুবিধা পোৱাৰ একো গেৰাণ্টি নাই।”

প্ৰতিবেদকে চাইটি ফৰ প্ৰমোটিং পাৰ্টিচিপেটিভ ইক চিষ্টেম মেনেজমেণ্ট চমুকৈ SOPPECOM, পুণেৰ সীমা কুলকাৰ্ণি , পল্লৱী হাৰ্ষে অনীতা গোড়বোলে আৰু ডা . বোসক অশেষ ধন্যবাদ জনাইছে ইনষ্টিটিউট অফ ডেভলপমেন্ট ষ্টাডিজ-ৰ সৈতে যৌথভাৱে কৰা ‘Towards Brown Gold Re-imagining off-grid sanitation in rapidly urbanising areas in Asia and Africa’ শীৰ্ষক সমীক্ষাৰ ওপৰত ভিত্তি তেওঁলোকে গৱেষণাকৰ্ম প্ৰস্তুত কৰিছিল।

অনুবাদ: পংকজ দাস

Prakash Ransingh

ಪ್ರಕಾಶ್ ರಣಸಿಂಗ್ ಅವರು ಪುಣೆಯ ಸೊಸೈಟಿ ಫಾರ್ ಪ್ರಮೋಟಿಂಗ್ ಪಾರ್ಟಿಸಿಪೇಟಿವ್ ಇಕೋಸಿಸ್ಟಮ್ ಮ್ಯಾನೇಜ್ಮೆಂಟ್ (ಎಸ್ಒಪಿಪಿಇಸಿಒಎಂ) ಸಂಸ್ಥೆಯಲ್ಲಿ ಸಂಶೋಧನಾ ಸಹಾಯಕರಾಗಿ ಕೆಲಸ ಮಾಡುತ್ತಿದ್ದಾರೆ.

Other stories by Prakash Ransingh
Editor : Medha Kale

ಪುಣೆಯ ನಿವಾಸಿಯಾದ ಮೇಧ ಕಾಳೆ, ಮಹಿಳೆ ಮತ್ತು ಆರೋಗ್ಯವನ್ನು ಕುರಿತ ಕ್ಷೇತ್ರದಲ್ಲಿ ಸಕ್ರಿಯರಾಗಿದ್ದಾರೆ. ಇವರು ಪರಿಯ ಅನುವಾದಕರೂ ಹೌದು.

Other stories by Medha Kale
Editor : Priti David

ಪ್ರೀತಿ ಡೇವಿಡ್ ಅವರು ಪರಿಯ ಕಾರ್ಯನಿರ್ವಾಹಕ ಸಂಪಾದಕರು. ಪತ್ರಕರ್ತರು ಮತ್ತು ಶಿಕ್ಷಕರಾದ ಅವರು ಪರಿ ಎಜುಕೇಷನ್ ವಿಭಾಗದ ಮುಖ್ಯಸ್ಥರೂ ಹೌದು. ಅಲ್ಲದೆ ಅವರು ಗ್ರಾಮೀಣ ಸಮಸ್ಯೆಗಳನ್ನು ತರಗತಿ ಮತ್ತು ಪಠ್ಯಕ್ರಮದಲ್ಲಿ ಆಳವಡಿಸಲು ಶಾಲೆಗಳು ಮತ್ತು ಕಾಲೇಜುಗಳೊಂದಿಗೆ ಕೆಲಸ ಮಾಡುತ್ತಾರೆ ಮತ್ತು ನಮ್ಮ ಕಾಲದ ಸಮಸ್ಯೆಗಳನ್ನು ದಾಖಲಿಸುವ ಸಲುವಾಗಿ ಯುವಜನರೊಂದಿಗೆ ಕೆಲಸ ಮಾಡುತ್ತಾರೆ.

Other stories by Priti David
Translator : Pankaj Das

ಪಂಕಜ್ ದಾಸ್ ಪೀಪಲ್ಸ್ ಆರ್ಕೈವ್ ಆಫ್ ರೂರಲ್ ಇಂಡಿಯಾದಲ್ಲಿ ಅಸ್ಸಾಮಿಯ ಭಾಷಾಂತರ ಸಂಪಾದಕರು. ಗುವಾಹಟಿಯಲ್ಲಿ ನೆಲೆಸಿರುವ ಅವರು ಯುನಿಸೆಫ್ನಲ್ಲಿ ಕೆಲಸ ಮಾಡುವ ಲೋಕಲೈಸೇಷನ್ ತಜ್ಞರೂ ಆಗಿದ್ದಾರೆ. ಅವರು idiomabridge.blogspot.com ಎನ್ನುವ ಜಾಲತಾಣದಲ್ಲಿ ತಮ್ಮ ಭಾವನೆಗಳನ್ನು ಅಭಿವ್ಯಕ್ತಿಸುತ್ತಾರೆ.

Other stories by Pankaj Das