বুলুম (নিমখ) আৰু ছাছাং (হালধি)ৰে প্ৰস্তুত লাড হাইকু দেখাত এক সৰল ব্যঞ্জন হ’লেও এই ব্যঞ্জন প্ৰস্তুতিৰ প্ৰক্ৰিয়া কিন্তু সিমানেই জটিল।

ঝাৰখণ্ডৰ হো আদিবাসী সম্প্ৰদায়ৰ ৰান্ধনি বিৰছা হেমব্ৰমে কয় যে বাৰিষাৰ সময়ছোৱা লাড হাইকু অবিহনে কল্পনাই কৰিব নোৱাৰি৷ ই হ’ল এক মাছৰ পৰম্পৰাগত ব্যঞ্জন আৰু এই ব্যঞ্জন প্ৰস্তুতিৰ প্ৰক্ৰিয়া তেওঁ মুদৈ (পিতৃ-মাতৃ)ৰ পৰা শিকিছে৷

জংকোছচন গাঁৱৰ খুঁটপানী ব্লকত বাস কৰা এইজন ৭১ বৰ্ষীয় এই বৃদ্ধ মাছমৰীয়াই কেৱল হো ভাষাত কথা কয়৷ হো ভাষা সম্প্ৰদায়টোৰ এক অষ্ট্ৰিয়াটিক জনজাতীয় ভাষা৷ ২০১৩ চনৰ লোকপিয়লৰ তথ্য মতে ঝাৰখণ্ডত সম্প্ৰদায়টোৰ কেৱল ন লাখ লোকেহে বাস কৰে; সম্প্ৰদায়টোৰ কিছু সংখ্যক লোকে ওড়িশা আৰু পশ্চিমবংগতো বাস কৰে৷ (ভাৰতত অনুসূচিত জনজাতিৰ পৰিসংখ্যাগত ৰূপৰেখা, ২০১৩ )৷

বাৰিষাৰ সময়ছোৱাত বিৰছাই প্ৰথমে সতেজ হাড হাইকু (পুল বাৰ্ব), ইচ্ছেহাইকু (মিছা মাছ), বাম বুই দাণ্ডিকে আৰু দুদি মাছ ধৰে আৰু সাৱধানে মাছকেইটা পৰিষ্কাৰ কৰে৷ তাৰপিছত তেওঁ মাছকেইটা নতুনকৈ ছিঙা কাকাৰুপাট্টা (ৰঙালাওৰ পাত)ত থয়৷ উপযুক্ত পৰিমাণৰ নিমখ আৰু হালধিয়েই হ’ল ইয়াৰ মুখ্য উপাদান৷ ‘‘নিমখৰ পৰিমাণ বৃদ্ধি হ’লেই ই নিমখীয়া হৈ পৰে অথবা কম হ’লেই ই সেৰেকা হৈ পৰে৷ সোৱাদ হ’বলৈ নিমখৰ পৰিমাণ সঠিক হোৱাটো আৱশ্যক!’’, হেমব্ৰমে এইদৰে কয়৷

মাছকেইটা বেছিকৈ পোৰা নোযোৱাটো নিশ্চিত হ’বলৈ তেওঁ ৰঙালাওৰ পাতত ডাঠ শাল পাত অতিৰিক্তভাৱে মেৰিয়াই দিয়ে৷ এই আৱৰণে পাত আৰু মাছখিনিক অতিৰিক্ত তাপৰ পৰা সুৰক্ষা দিয়ে৷ যেতিয়া ব্যঞ্জনবিধ প্ৰস্তুত হয়, তেওঁ ইয়াক ৰঙালাওৰ পাতৰ সৈতে খাবলৈ পছন্দ কৰে৷ তেওঁ কয়, ‘‘সাধাৰণে মই মাছখিনি মেৰিয়াবৰ বাবে ব্যৱহাৰ কৰা পাতখিনি পেলাই দিও, কিন্তু এয়া হ’ল ৰঙালাওৰ পাত, সেয়ে মই সেইখিনিও খাওঁ৷ যদি ব্যঞ্জনবিধ সঠিকভাৱে প্ৰস্তুত কৰা হয়, তেতিয়া এই পাতখিনিও সুস্বাদু হৈ উঠে৷’’

চাওক: বিৰছা হেমব্ৰম আৰু লাড হাইকু

পাৰিয়ে এই ভিডিঅ’টো প্ৰস্তুতিৰ সময়ত হো ভাষাৰ পৰা হিন্দী ভাষালৈ অনুবাদত সহায় কৰাৰ বাবে আৰ্মান জামুড়াক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷

পাৰিৰ বিলুপ্তপ্ৰায় ভাষা প্ৰকল্পত বিলুপ্তিৰ পথলৈ আগবঢ়া ভাৰতীয় ভাষাসমূহক সংৰক্ষণ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে৷ এই প্ৰক্ৰিয়াত বিলুপ্তপ্ৰায় ভাষা ব্যৱহাৰ কৰা সাধাৰণ লোকৰ কণ্ঠ আৰু অভিজ্ঞতা ব্যৱহাৰ কৰা হয়৷

হো ভাষা ভাৰতৰ মধ্য আৰু পূব অংশৰ আদিবাসীসকলে ব্যৱহাৰ কৰা অষ্ট্ৰিয়াটিক ভাষাৰ মুণ্ডা শাখাৰ এটা অংশ৷ ইউনেস্ক’ৰ ভাষাৰ এটলাছত হো-ক ভাৰতৰ বিলুপ্তাপ্ৰায় ভাষাসমূহৰ তালিকাত তালিকাবদ্ধ কৰা হৈছে৷

তথ্যচিত্ৰখনত ব্যৱহাৰ এই ভাষা ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাত ব্যৱহাৰ কৰা হয়৷

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Video : Rahul Kumar

ಜಾರ್ಖಂಡ್ ಮೂಲದ ರಾಹುಲ್ ಕುಮಾರ್ ಒಬ್ಬರು ಸಾಕ್ಷ್ಯಚಿತ್ರ ನಿರ್ಮಾಪಕ ಮತ್ತು ಮೆಮೊರಿ ಮೇಕರ್ಸ್ ಸ್ಟುಡಿಯೋನ ಸ್ಥಾಪಕ. ಗ್ರೀನ್ ಹಬ್ ಇಂಡಿಯಾ ಮತ್ತು ಲೆಟ್ಸ್ ಡಾಕ್‌ನಿಂದ ಫೆಲೋಶಿಪ್ ಪಡೆದಿರುವ ಇವರು, ಭಾರತ್ ರೂರಲ್ ಲೈವ್ಲಿಹುಡ್ ಫೌಂಡೇಶನ್‌ನೊಂದಿಗೆ ಕೆಲಸ ಮಾಡಿದ್ದಾರೆ.

Other stories by Rahul Kumar
Text : Ritu Sharma

ರಿತು ಶರ್ಮಾ ಅವರು, ಪರಿಯ ಅಳಿವಿನಂಚಿನಲ್ಲಿರುವ ಭಾಷೆಗಳ ಕಂಟೆಂಟ್ ಎಡಿಟರ್. ಭಾಷಾಶಾಸ್ತ್ರದಲ್ಲಿ ಎಂಎ ಪದವಿ ಪಡೆದಿರುವ ಇವರು, ಭಾರತೀಯ ಭಾಷೆಗಳನ್ನು ಉಳಿಸುವ ಮತ್ತು ಮರುಜೀವ ನೀಡುವ ಕೆಲಸ ಮಾಡುತ್ತಾರೆ.

Other stories by Ritu Sharma
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder