বালাচাহেব লন্ধেয়ে কেতিয়াও ভবা নাছিল যে ২০ বছৰ আগতে লোৱা সিদ্ধান্ত এটাৰ কথা মনত পেলালে হুমুনিয়াহে তেওঁক আগুৰি ধৰিব। মহাৰাষ্ট্ৰৰ পুণে জিলাৰ ফুৰচুংগি নামে সৰু চহৰখনৰ উপান্ত খেতিয়কৰ পৰিয়াল এটাত জন্মগ্ৰহণ কৰা লন্ধেয়ে খুব কম বয়সৰ পৰাই তেওঁৰ খেতিপথাৰত কাম কৰিবলৈ লৈছিল। ঘাইকৈ তেওঁলোকে কপাহৰ খেতি কৰিছিল। তেওঁৰ বয়স ১৮ বছৰ হওঁতে চালক হিচাপে কাম কৰি অতিৰিক্ত দুপইচা উপাৰ্জনৰ কথা তেওঁ চিন্তা কৰিছিল।

“বন্ধু এজনে মোক পশু সৰবৰাহৰ ব্যৱসায়ৰ লগত জৰিত মুছলমান পৰিয়াল এটাৰ লগত চিনাকি কৰাই দিলে,” ৪৮ বৰ্ষীয় লন্ধেয়ে কয়। “তেওঁলোকক গাড়ীচালক এজনৰ প্ৰয়োজন আছিল, ময়ে কৰিম বুলি ভাবিলো।”

বালাচাহেব বৰ উদ্যমী ডেকাল’ৰা আছিল, ব্যৱসায়টো খুঁটি-নাটি মাৰি শিকি লৈছিল। এটা দশক পিছত তেওঁ চিন্তা কৰিলে যে শিকা হ’ল, সঞ্চয় ভালেখিনি হ’ল।

“মই ৮ লাখ টকাৰে চেকেণ্ড হেণ্ড ট্ৰাক এখন কিনিলো। তথাপিও হাতত মূলধন হিচাপে আছিল অতিৰিক্ত দুই লাখ টকা,” তেওঁ কয়। “ইফালে দহটা বছৰত বজাৰখনৰ খেতিয়ক আৰু বেপাৰীবোৰ মোৰ চিনাকি হৈ পৰিছিল।”

বালাচাহেবৰ উদ্যোগে কামত দিলে। এই ব্যৱসায়ৰ বলতেই তেওঁ নিজৰ পাঁচ একৰ খেতিমাটিত শস্যৰ মূল্যবৃদ্ধি, মুদ্ৰাস্ফীতি আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা লোকচানৰ পৰা উদ্ধাৰ পাইছিল।

ব্যৱসায়টো আছিল তেনেই পোনপটীয়া। সাপ্তাহিক বজাৰত গৰু বেচিব খোজা খেতিয়কৰ পৰা গৰু গাড়ীখনত উঠাই নিয়া, সেয়া কমিচন লৈ বজাৰত নাইবা কচাইখানাত নাইবা আন কোনো খেতিয়কলৈ বিক্ৰী কৰা। ২০১৪ত, তেওঁৰ ব্যৱসায়ৰ এটা দশক পাৰ হোৱাৰ পিছত তেওঁ ব্যৱসায় বঢ়াবলৈ আন এখন ট্ৰাক কিনি আনে।

পেট্ৰলৰ খৰছ, গাড়ীৰ মেৰামতিৰ খৰছ আৰু চালকৰ দৰমহা বাদ দি সেই সময়ত তেওঁৰ হাতত মাহে প্ৰায় ১ লাখ টকা থাকিছিল, লন্ধেয়ে কয়। মুছলমান কুৰেছি সম্প্ৰদায়ৰ লোকৰ আধিপত্য থকা এনে এটা ব্যৱসায়ত তেওঁ মুষ্টিমেয় কেইগৰাকীমান হিন্দু লোকৰ এজন আছিল যদিও তেওঁৰ একো অসুবিধা হোৱা নাছিল। “তেওঁলোকে বহল মানুহ আছিল, দিহা-পৰামৰ্শ, কাৰোবাৰ সৈতে যোগাযোগ কৰাই দিয়াত সদায় আগবাঢ়ি আহিছিল।”

Babasaheb Londhe switched from farming to running a successful business transporting cattle. But after the Bharatiya Janta Party came to power in 2014, cow vigilantism began to rise in Maharashtra and Londhe's business suffered serious losses. He now fears for his own safety and the safety of his drivers
PHOTO • Parth M.N.

বাবাচাহেব লন্ধেয়ে খেতি এৰি গৰু-ম’হ সৰবৰাহৰ ব্যৱসায়ত নামিছিল, সফল হৈছিল। কিন্তু ২০১৪ত ভাৰতীয় জনতা পাৰ্টি শাসনাধিস্থ হোৱাৰ পিছৰেপৰা মহাৰাষ্ট্ৰত গো-ৰক্ষাৰ নামত তদাৰকী কমিটিবোৰে কৰা উপদ্ৰৱৰ ফলত লন্ধেৰ ব্যৱসায়ৰ গুৰুতৰ ক্ষতি হয়। এতিয়া তেওঁ নিজৰ লগতে তেওঁৰ গাড়ীচালককেইজনৰ সুৰক্ষাৰ কথা ভাবি ভয় খায়

সকলো ঠিকেই আছিল, কিন্তু তেতিয়াই শাসনলৈ আহিল ভাৰতীয় জনতা পাৰ্টি। গো-সুৰক্ষা সমিতিসমূহেও বল পাই উঠিল। গো-ৰক্ষাৰ নামত ভাৰতত ভীৰে কৰা হিংসা পৰিলক্ষিত হয়। হিন্দুধৰ্মত পবিত্ৰ বুলি গণ্য কৰা গৰু ৰক্ষাৰ নামত অ-হিন্দু, ঘাইকৈ মুছলমানসকলক লক্ষ্য কৰি লোৱা হিন্দু জাতীয়তাবাদীসকলে এনে আক্ৰমণ চলোৱা দেখা যায়।

২০১৯ত হিউমেন ৰাইটচ ৱাটচ নামে নিউয়ৰ্কৰ এটা গোটৰ তথ্য অনুযায়ী ২০১৫ৰ মে’ৰ পৰা ২০১৮ৰ ডিচেম্বৰলৈ প্ৰায় ১০০ টা গো-মাংসক কেন্দ্ৰ কৰি হোৱা আক্ৰমণৰ ঘটনা ভাৰতত ঘটিছে, য’ত ২৮০ গৰাকী লোক আহত হৈছে আৰু ৪৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে - আহত আৰু নিহতৰ মাজত মুছলমানৰ সংখ্যা অধিক।

২০১৭ত ইণ্ডিয়াস্পেণ্ড নামে ডেটা ৱেবছাইট এটাই প্ৰকাশ কৰা এক প্ৰতিবেদনে ২০১০ৰ পৰা গো-সংক্ৰান্ত লিঞ্চিঙৰ ঘটনা ফঁহিয়াই চাইছিল। দেখা গৈছিল যে এনে ঘটনাত মৃত্যু ঘটা লোকৰ ৮৬ শতাংশ লোক মুছলমান আছিল আৰু ৯৭ শতাংশ ঘটনা মোডী ক্ষমতালৈ অহাৰ পিছত ঘটিছে। তেতিয়াৰ পৰা ৱেবছাইটটোৱে এই হিচাপ কৰা নাই।

লন্ধেয়ে কয় যে প্ৰাণে মৰাৰ ভয়-ভাবুকিৰ লগতে এনে হিংসাৰ পৰিৱেশ যোৱা তিনিটা বছৰত অধিক প্ৰৱল হৈছে। এট সময়ত ১ লাখ টকা উপাৰ্জন কৰা লন্ধেৰ যোৱা তিনিটা বছৰত ৩০ লাখ টকা লোকচান হৈছে। তেওঁ নিজৰ আৰু গাড়ীচালককেইজনক কোনোবাই কিবা কৰে বুলি ভয় খায়।

“এয়া এক দুঃস্বপ্নৰ দৰে,” তেওঁ কয়।

*****

২০২৩ৰ ২১ ছেপ্টেম্বৰত পুণেৰ বজাৰ এখনলৈ বুলি ১৬ টাকৈ ম’হ কঢ়িয়াই নিয়া লন্ধেৰ দুখন ট্ৰাক গৌ-ৰক্ষকে আধা ঘণ্টাৰ বাটত থকা খটৰাজ নামে সৰু চহৰখনত ৰখায়।

১৯৭৬ৰ পৰা মহাৰাষ্ট্ৰত গো-বধৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি থোৱা আছে। কিন্তু ২০১৫ত তেতিয়াৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নভিচৰ সময়ত সেই আইনে বলদ গৰু আৰু ষাঁড়গৰুকো সামৰি লয় । লন্ধেৰ ট্ৰাকত থকা ম’হকেইটা সেই আইনৰ আওতাত পৰা নাছিল।

“কিন্তু দুয়োজন চালককে গো-ৰক্ষকে অপদস্থ কৰিছিল, চৰিয়াইছিল আৰু হাৰাশাস্তি কৰিছিল,” লন্ধেয়ে কয়। “গাড়ীচালকৰ এজন হিন্দু আৰু আনজন মুছলমান আছিল। আইনে বিচৰা আটাইখিনি কাগজ-পত্ৰ মোৰ আছিল। কিন্তু মোৰ পশুধনখিনি বাজেয়াপ্ত কৰি থানালৈ লৈ যোৱা হয়।”

PHOTO • Parth M.N.

‘গৰু-ম’হ কঢ়িওৱা ট্ৰাক চলোৱা মানে জীৱনৰ ৰিস্ক লোৱা। বৰ ভয় লাগে। এই গুণ্ডাৰাজে গ্ৰাম্য অৰ্থনীতি নষ্ট কৰি পেলাইছে। আইন-কানুন উলংঘা কৰি ফুৰা মানুহেহে উন্নতি কৰিব পাৰিছে’

পুণে নগৰ আৰক্ষীয়ে লন্ধে আৰু তেওঁৰ দুই গাড়ীচালকৰ বিৰুদ্ধে পশুৰ বিৰুদ্ধে নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ৰ আধাৰত গোচৰ ৰুজু কৰে। তাত অভিযোগ অনা হয় যে পশুধনক ঠেলা-হেচাকৈ গাড়ীত ভৰাই খাদ্য আৰু পানী অবিহনে সৰবৰাহ কৰা হৈছে। “গো-ৰক্ষকসকল উন্মাদ আৰু আৰক্ষীয়ে কেতিয়াও তেওঁলোকক বাধা নিদিয়ে,” লন্ধেয়ে কয়। “এয়া মানুহক হাৰাশাস্তি কৰাৰ কৌশল।”

লন্ধেৰ ম’হকেইটা পুণেৰ মাৱাল তালুকৰ ধামানে গাঁৱৰ গোশালা এখনলৈ স্থানান্তৰিত কৰা হয়। ৬.৫ লাখ টকাৰ কথা, তেওঁ আইনী বাট ল’বলৈ বাধ্য হৈ পৰে। তেওঁ আনকি ভাল উকীল এজনৰ সৈতেও পৰামৰ্শ কৰিলে।

দুমাহ পিছত ২০২৩ৰ ২৪ নৱেম্বৰত পুণেৰ শিৱাজী নগৰৰ ছেচন আদালতে ৰায় দিলে। তেওঁৰ পশুধনখিনি ঘূৰাই দিবলৈ গো-ৰক্ষকক আদালতে নিৰ্দেশ দিয়াত লন্ধেয়ে সকাহ পালে। এই কাম ৰূপায়ণৰ দায়িত্ব দিছিল আৰক্ষীক।

দুৰ্ভাগ্যজনকভাবে লন্ধেৰ সেই সকাহ সাময়িকহে আছিল। আদালতে ৰায় দিয়াৰ পাঁচ মাহ উকলি যোৱাৰ পিছতো তেওঁ পশুধনখিনি ঘূৰাই পোৱা নাই।

“আদালতৰ নিৰ্দেশৰ দুদিন পিছত মই আৰক্ষীৰ পৰা ট্ৰাকদুখন ঘূৰাই পালো,” তেওঁ কয়। “ট্ৰাকদুখন নথকাত মই সেইখিনি সময়ত একো কাম কৰিবপৰা নাছিলো। তাৰপিছত যিটো ঘটিল, সেয়া আৰু হতাশজনক আছিল।”

“আদালতৰ নিৰ্দেশৰ পিছত মই ট্ৰাক দুখন ঘূৰাই পালো ঠিকেই, কিন্তু তাৰপিছৰ ঘটনাখিনি অধিক হতাশজনক আছিল।” তেওঁ পশুধনখিনি ঘূৰাই আনিবলৈ সন্ত তুকাৰাম মহাৰাজ গোশালালৈ গ’ল যদিও গোশালাৰ তত্ত্ববধায়ক ৰুপেশ গাৰাডে তেওঁক পিছদিনা আহিব বুলি কৈ পঠিয়ালে।

তাৰপিছত তত্ত্ববধায়কজনে বিভিন্ন অজুহাত দেখুৱাই তেওঁৰ ফিৰাই পঠাবলৈ ধৰিলে। কেতিয়াবা কয়, ম’হকেইটাক মুকলি কৰি দিয়াৰ আগতে কেইটামান পৰীক্ষা কৰিবলগীয়া আছে, কিন্তু ডাক্তৰজন নাই। কেতিয়াবা আকৌ আন অজুহাত। এনেকৈ কেইদিনমান যোৱাৰ পিছত তত্ত্ববধায়কজনে উচ্চ আদালত এখনৰ পৰা ষ্টে’ অৰ্ডাৰ উলিয়ালে। অভিপ্ৰায় স্পষ্ট আছিল, পশুধনখিনি উভতাই নিদিয়াৰ বাবে বিলম্ব কৰি থকা। “কিন্তু ইফালে পুলিচেই যি হৈ আছে, তাকেই মানি লৈছিল। অমূলক কাৰবাৰ এটা চলি আছিল।”

কুৰেছি সম্প্ৰদায়ৰ সৈতে আৰু পুণেৰ অ’ত-তত হোৱা কথা-বতৰাৰ পৰা বুজিব পাৰি যে এয়া কোনো বিসংগতি নহয়, বৰঞ্চ গো-ৰক্ষকসকলৰ কৰ্মপদ্ধতি। একেই পৰিস্থিতিত পৰি ভালেকেইজন ব্যৱসায়ীয়ে এনেকৈ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। গো-ৰক্ষকসকলে পশুধনৰ কথা চিন্তা কৰিহে পশুধন নিজৰ জিম্মাৰ পৰা মুকলি কৰি দিয়া নাই বুলি কয় যদিও কুৰেছি সম্প্ৰায়ৰ লোকসকল এই লৈ সন্দিহান।

'Many of my colleagues have seen their livestock disappear after the cow vigilantes confiscate it. Are they selling them again? Is this a racket being run?' asks Sameer Qureshi. In 2023, his cattle was seized and never returned
PHOTO • Parth M.N.

‘গো-ৰক্ষকে বাজেয়াপ্ত কৰাৰ পিছত পশুধন নাইকিয়া হৈ যোৱাৰ অভিজ্ঞতা মোৰ ভালেমান সহকৰ্মীৰ হৈছে। তেওঁলোকে সেয়া বিক্ৰী কৰি দিয়ে নেকি? এনে এক কুচক্ৰ আছে নেকি?’ সুৰেশ কুৰেছিয়ে প্ৰশ্ন কৰে। ২০২৩ত তেওঁৰ পশুধন বাজেয়াপ্ত হ’ল আৰু কেতিয়াও ঘূৰাই নাপালে

“এই গো-ৰক্ষকসকল যদি গৰু-ম’হক লৈ ইমান চিন্তিত, তেন্তে তেওঁলোকে কৃষকক লক্ষ্য কৰি নলয় কিয়?” পুণেৰ এগৰাকী ব্যৱসায়ী সমীৰ কুৰেছিয়ে (৫২) প্ৰশ্ন কৰে। “তেওঁলোকেহে বিক্ৰী কৰে। আমি মাত্ৰ এঠাইৰ পৰা আন ঠাইলৈ লৈ যাও। ”

২০২৩ৰ আগষ্টত সমীৰৰ সৈতেও একেই ঘটিছিল যেতিয়া তেওঁৰ ট্ৰাকখন মানুহে ধৰিছিল। এমাহ পিছত তেওঁ পুৰন্ধৰ তালুকৰ জেণ্ডেৱাদি গাঁৱৰ গোশালাটোলৈ গৈছিল, হাতত আছিল বাহনখন মুকলি কৰি দিয়াৰ বাবে আদালতে দিয়া নিৰ্দেশ।

“কিন্তু তাত গৈ দেখিলো যে মোৰ পশুধন তাত নাই,” সমীৰে কয়। “মোৰ পাঁচটা ম’হ আৰু ১১ টা গৰুৰ পোৱালী আছিল, মূল্য আছিল ১.৬ লাখ টকা।”

সন্ধিয়া চাৰি বজাৰ পৰা ৰাতি এঘাৰ বজালৈ সাতঘণ্টা সময় সমীৰে হেৰোৱা পশুধনখিনি ক’লৈ গ’ল সেয়া বুজাই দিয়া মানুহৰ অপেক্ষাত গোশালাখনত ধৈৰ্য্যসহকাৰে ৰৈ থাকিল। আৰক্ষীয়ে ইফালে তেওঁক পিছদিনা সেই ঠাই এৰিবলৈ জোৰ দিলে। “পুলিচে প্ৰশ্ন সুধিবলৈ ভয় খাইছিল,” সমীৰে কয়। “মই পিছদিনা অহাৰ সময়ত গো-ৰক্ষকৰ দলটোৱে ষ্টে অৰ্ডাৰ উলিয়াই লৈছিল।”

পশুধনখিনিৰ যি মূল্য, তাতকৈ বেছি ক’ৰ্ট-কাছাৰীত খৰছ হৈ যাব বুলি ভয় কৰি সমীৰে এতিয়া যুঁজিবলৈ এৰিছে, মানসিক স্বাস্থ্যৰ ক্ষতি আছেই। “কিন্তু মই জানিব খোজো যে তেওঁলোকে মোৰ পশুধনখিনি বাজেয়াপ্ত কৰাৰ পিছত কি কৰিলে?” তেওঁ প্ৰশ্ন কৰে। “মোৰ পশুধনখিনি ক’লে গ’ল? কেৱল মোৰ লগতেই যে এনে হৈছে, তেনেকুৱা নহয়। মোৰ সহকৰ্মীয়েও এনেকৈ গো-সুৰক্ষা গোটে বাজেয়াপ্ত কৰা পশুধন নাইকিয়া হৈ যোৱা দেখিছে। সেয়া কি তেওঁলোকে বিক্ৰী কৰি দিয়ে নেকি? এয়া কোনো কুচক্ৰই চলাই থকা কাৰবাৰ নহয়তো?”

এনেকুৱা ঘটনাও ঘটিছে য’ত গো-ৰক্ষকে আদালতত বিচাৰ চলি থকা সময়ছোৱাত পশুধনৰ ভৰণ-পোষণৰ বাবে হোৱা খৰছৰ বাবদ ভুক্তভোগীকে আকৌ ক্ষতিপূৰণ বিচাৰিছে। পুণেৰ আন এগৰাকী ব্যৱসায়ী ২৮ বৰ্ষীয় শ্বাহনৱাজ কুৰেছিয়ে কয় যে গো-ৰক্ষকে তেওঁৰ পৰা প্ৰতিটো পশুক খুওৱাৰ বাবদ দিনে ৫০ টকাকৈ বিচাৰিছিল। “তাৰমানে তেওঁলোকে ১৫ টা পশু কেইমাহমানৰ বাবে ৰাখিলে আমি সেই পশুধন উদ্ধাৰ কৰিবলৈ ৪৫,০০০ টকা তেওঁলোকক আদায় দিব লাগিব,” তেওঁ কয়। “আমি বহুবছৰ ধৰি এই ব্যৱসায় কৰি আহিছো। এনেকৈ পইচা বিচৰাটো শোষণৰ বাবে আন একো নহয়।”

Shahnawaz Qureshi, a trader from Pune, says that on the rare occasions when the cattle are released, cow vigilantes ask for compensation for taking care of them during the court case
PHOTO • Parth M.N.

এনেকুৱা ঘটনাও ঘটিছে য’ত গো-ৰক্ষকে আদালতত বিচাৰ চলি থকা সময়ছোৱাত পশুধনৰ ভৰণ-পোষণৰ বাবে হোৱা খৰছৰ বাবদ ভুক্তভোগীকে আকৌ ক্ষতিপূৰণ বিচাৰিছে

পুণেৰ ছাচৱড় নামে সৰু চহৰখনত ১৪ বৰ্ষীয় সুমিত গাৱড়েয়ে পশুধন কঢ়িয়াই নিয়া গাড়ী এখনৰ চালকক মাৰ-পিট কৰা দেখিছিল। সেয়া আছিল ২০১৪ৰ ঘটনা।

“ময়ো উত্তেজিত হৈছিলো,” গাৱড়ে কয়। “ময়ো সেই ভীৰৰ মাজত সোমাই পৰিছিলো।”

পশ্চিম মহাৰাষ্ট্ৰত, য’ত পুণে অন্তৰ্ভুক্ত, তাত সম্ভাজি ভিড়ে নামৰ ৮৮ বৰ্ষীয় কট্টৰ হিন্দুত্ববাদী নেতা অতিকৈ জনপ্ৰিয়। তেওঁ সৰু সৰু ল’ৰাক ব্ৰেইনৱাশ্ব কৰা, যোদ্ধা আৰু ৰজা শিৱাজী মহাৰাজৰ ইতিহাস ভুলকৈ পঢ়োৱা আদি কাম কৰে আৰু লাহে লাহে তাক মুছলমান বিৰোধীো দিশলৈ লৈ যায়।

“কেনেকৈ মুছলমান শাসক মোগলসকলক শিৱাজীয়ে হৰুৱাইছিল, সেই সম্পৰ্কে তেওঁৰ ভাষণ মই শুনিবলৈ গৈছিলো,” গাৱড়েয়ে কয়। “তেওঁ মানুহক কেনেকৈ হিন্দু ধৰ্মত অবিচলিত হৈ থাকিব লাগে আৰু নিজকে সুৰক্ষিত কৰি ৰাখিব লাগে, সেইবিষয়ে শিকাইছিল।”

কুমলীয়া মনৰ ১৪ বছৰীয়া ভিড়েৰ সেই ভাষণবোৰে ৰেখাপাত কৰিলে। গো-ৰক্ষাৰ কাম কৰাটো অতিকৈ ৰোমাঞ্চকৰ কাম আছিল, গাৱড়েয়ে কয়। তেওঁ ভিড়ে স্থাপন কৰা শিৱ প্ৰতিস্থান হিন্দুস্তান নামৰ সংস্থাটোৰ নেতা পণ্ডিত মোডকৰ সংস্পৰ্শলৈ আহে।

ছাচৱড়ৰ মোডক পুণেৰ এগৰাকী প্ৰতিষ্ঠিত হিন্দু জাতীয়তাবাদী নেতা। তেওঁ সম্প্ৰতি বিজেপিৰ সৈতে ঘনিষ্ঠ। ছাচৱড়ৰ আশে-পাশে থকা গো-ৰক্ষকসকলে তেওঁৰ ছত্ৰছাঁয়াতে থাকি কাম কৰে।

গাৱড়েয়ে মোডকৰ হৈ কাম কৰাৰ এটা দশক হ’ল আৰু তেওঁ এইটো কামত সম্পূৰ্ণৰূপে উৎসৰ্গিত। “আমাৰ তদাৰকী ৰাতি ১০:৩০ৰ পৰা আৰম্ভ হয় আৰু পুৱা চাৰি বজালৈকে চলে,” তেওঁ কয়। “কিবা সন্দেহ উপজিলে আমি ট্ৰাক ৰখাই চালকজনক জেৰা কৰি আৰক্ষী থানালৈ লৈ যাও। আৰক্ষীয়ে সদায়েই সহযোগ কৰি আহিছে।”

গাৱড়েয়ে দিনত নিৰ্মাণ ছাইটত কাম কৰে। কিন্তু তেওঁ গো-ৰক্ষক হোৱাৰ পিছৰেপৰা মানুহে তেওঁক সন্মানৰ দৃষ্টিৰে চাবলৈ লয়। “এয়া মই পইচাৰ বাবে নকৰোঁ,” তেওঁ ষ্পষ্ট কৰি দিয়ে। “আমি জীৱনৰ ৰিস্ক লৈ এই কাম কৰোঁ, আমাৰ আশে-পাশে থকা হিন্দু মানুহে তাৰ শলাগ লয়।”

পুৰন্ধৰ তালুকতে প্ৰায় ১৫০ জন গো-ৰক্ষক আছে। ছাচৱড় গাওঁখনো সেই তালুকৰে অন্তৰ্গত, গাৱ়ড়েয়ে কয়। “আমাৰ মানুহবোৰ গাঁৱে গাঁৱে সোমাই আছে,” তেওঁ কয়। “তেওঁলোকে এই পহৰা দিয়া কামটোত পোনপটীয়াকৈ ভাগ ল’ব নোৱাৰিব পাৰে, কিন্তু যেতিয়াই ক’ৰবাত সন্দেহজনক ট্ৰাক দেখিলে ততালিকে আমাক খবৰ দিয়ে।”

The cow vigilantes ask for Rs. 50 a day for each animal. 'That means, if they look after 15 animals for a couple of months, we will have to pay Rs. 45,000 to retrieve them,' says Shahnawaz, 'this is nothing short of extortion'
PHOTO • Parth M.N.

গো - ৰক্ষকে এটা পশুধনৰ চোৱাচিতাৰ বাবে হোৱা খৰছৰ বাবদ পশুধনে প্ৰতি ৫০ টকাকৈ বিচাৰে মানে ১৫ টা পশুধন কেইমাহমান চোৱাচিতা কৰিলে আমি তেওঁলোকক ৪৫ হাজাৰ টকা দিব লাগিব ,’ শ্বাহনাৱাজে কয় , ‘ এয়া বলপূৰ্বক আদায় নহৈ কি ?’

গৰু গ্ৰামীণ অৰ্থনীতিৰ কেন্দ্ৰস্থলত অৱস্থান কৰে। দশকৰ পিছত দশক জুৰি খেতিয়কসকলে এই পশুধনক বীমাৰ লেখীয়াকৈ ব্যৱহাৰ কৰি আহিছে। বিয়া-বাৰু, বেমাৰ-আজাৰ আদিৰ ক্ষেত্ৰত নাইবা কৰিবলগীয়া নতুন খেতিৰ বাবে তেওঁলোকে সেই পশুধন বিক্ৰী কৰি আহিছে।

কিন্তু গো-ৰক্ষক গোটবোৰৰ বাঢ়ি অহা সংখ্যাই সেই অৰ্থনীতিৰ প্ৰৱাহত মাধমাৰ শোধাইছে। বছৰ বাগৰাৰ লগে লগে তেওঁলোকৰ কাৰ্য্যকলাপ বাঢ়িছে, তেওঁলোকৰ সংখ্যাও বাঢ়িছে। সম্প্ৰতি শিৱ প্ৰতিষ্ঠান হিন্দুস্তানৰ উপৰিও অতিকমেও চাৰিটা হিন্দু জাতীয়তাবাদী গোট আছে - বজৰংগ দল, হিন্দু ৰাষ্ট্ৰ সেনা, সমস্ত হিন্দু আঘাড়ি আৰু হৈ হিন্দু সেনা - এই আটাইকেইটা সংগঠনৰে ইতিহাসত তেজৰ দাগ আছে, পুণে জিলাত সক্ৰিয়।

“কৰ্মীসকলে তৃণমূল পৰ্য্যায়ত ইটোৰ সৈতে সিটোৱে কাম কৰে,” গাৱড়েয়ে কয়। “আমাৰ কাঠামো নমনীয়। উদ্দেশ্য একেই হেতুকে আমি ইজনে সিজনক সহায় কৰোঁ।”

কেৱল পুৰন্ধৰতে গাৱড়েয়ে কয় যে গোৰক্ষকে প্ৰায় পাঁচখন ট্ৰাক মাহে ধৰে। বিভিন্ন গোটৰ এনে সদস্য পুণেত কমেও সাতখন তালুকত উপলব্ধ। তাৰমানে মাহত ৩৫ খন ট্ৰাক, অৰ্থাৎ বছৰি ৪০০ খন।

হিচাপটো তেনেকুৱাই।

পুণেৰ কুৰেছি সম্প্ৰদায়ৰ জ্যেষ্ঠ সদস্যসকলে কয় যে ২০২৩ চনত পশুধন কঢ়িয়াই নিয়া মুঠ ২ লাখ টকাৰ প্ৰায় ৪০০ৰ পৰা ৪৫০ খন ট্ৰাক গোৰক্ষকে বাজেয়াপ্ত কৰিছে। কমকৈ হিচাপ ধৰিলেও গোৰক্ষকে মহাৰাষ্ট্ৰৰ ৩৬ খন জিলাৰ মাত্ৰ এখনতে ৮ কোটি টকাৰ লোকচান কৰিছে। এনেকৈ লোকচানৰ মুখামুখি হৈ কুৰেছি সম্প্ৰদায়ৰ লোকে জীৱিকা এৰিবলৈ বাধ্য হৈছে।

“আমি নিজৰ হাতত আইন কেতিয়াও তুলি নলওঁ,” গাৱড়েয়ে দাবী কৰি কয়। “সকলো সময়তে নিয়ম মানি চলো।”

গোৰক্ষকৰ ৰোষৰ চিকাৰ হোৱা ট্ৰাক চালকসকলে কিন্তু বেলেগ এটা কাহিনী কয়।

*****

২০২৩ৰ আৰম্ভণিত ছাচৱড়ত ২৫ টা ম’হসহ ছাব্বাৰ মৌলানিৰ ট্ৰাকখন গোৰক্ষকে ধৰিছিল। সেই ৰাতিটোৰ কথা ভাবিলে এতিয়াও ছাব্বাৰৰ গাৰ নোম শিয়ৰি উঠে।

“ভাবিছিলো আজি গণৰোষৰ বলি হৈ মৰিম,” ৪৩ বৰ্ষীয় মৌলানিয়ে কয়। পুণেৰ উত্তৰে দুঘণ্টাৰ বাট গৈ সাতাৰাৰ ভাডালে গাঁৱত তেওঁৰ ঘৰ। “মোক সিহঁতে গালি-গালাজ কৰিছিল, মাৰ-ধৰ কৰিছিল। মই কেৱল গাড়ীচালকহে, সেই কথা কোৱা চেষ্টা কৰিছিলো। কিন্তু কৈ একো লাভ নাছিল।”

In 2023, Shabbir Maulani's trucks were intercepted and he was beaten up. Now, e very time Maulani leaves home, his wife Sameena keeps calling him every half an hour to ensure he is alive. 'I want to quit this job, but this is what I have done my entire life. I need money to run the household,' Maulani says
PHOTO • Parth M.N.

২০২৩ত ছাব্বাৰ মৌলানিৰ ট্ৰাকখন বাজেয়াপ্ত কৰা হৈছিল, তেওঁক মাৰধৰ কৰিছিল। এতিয়া মৌলানি যেতিয়াই বাহিৰলৈ যায়, আধা ঘণ্টাৰ মূৰে মূৰে তেওঁৰ পত্নীয়ে ফোন কৰি খবৰ লৈ থাকে। ‘এই কামটো এৰি দিয়াৰ কথা ভাবো, কিন্তু গোটেই জীৱন এই কামেই কৰিলো। সংসাৰ চলাওতে পইচাৰ প্ৰয়োজন,’ মৌলানিয়ে কয়

আঘাতপ্ৰাপ্ত মৌলানিক আৰক্ষী থানালৈ লৈ যোৱা হ’ল। তেওঁৰ ওপৰত পশু নিৰ্য্যাতনৰ আইনৰ অধীনত অভিযোগ উত্থাপিত হৈছিল। তেওঁক মাৰধৰ কৰা মানুহখিনিয়ে কোনো শাস্তিৰ সন্মুখীন নহ’ল। “গো-ৰক্ষকে আনকি মোৰ ট্ৰাকৰ পৰা ২০,০০০ টকা নগদ ধন লুটি নিয়ে,” তেওঁ কয়। “মই প্ৰথমে পুলিচক কি হৈছে ক’বলৈ চেষ্টা কৰিছিলো। প্ৰথম অৱস্থাত পুলিচে মোৰ কথা শুনিবলৈ লৈছিল। কিন্তু তেতিয়াই নিজৰ গাড়ীত পণ্ডিত মোদক আহি ওলাল আৰু পুলিচ একেবাৰে নিমাত হৈ পৰিল।”

মাহে ১৫ হাজাৰ টকা উপাৰ্জন কৰা মৌলানিয়ে তেওঁৰ মালিকৰ ট্ৰাকখন উলিয়াবলৈ সক্ষম হৈছিল এমাহ পিছত। কিন্তু পশুধনখিনি গোৰক্ষকৰ হাততেই থাকি গ’ল। “আমি যদি কিবা অবৈধ কাম কৰিছো, তেন্তে পুলিচে আমাক শাস্তি দিয়ক,” তেওঁ কয়। “ৰাস্তাত আমাক এনেকৈ মাৰধৰ কৰাৰ অধিকাৰ তেওঁলোকে ক’ৰপৰা পালে?”

প্ৰতিবাৰেই মৌলানিয়ে নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলালে তেওঁৰ পত্নী চামিনাৰ (৪০) টোপনি নাহে। “আপুনি তাইক দোষ দিব নোৱাৰে,” তেওঁ কয়। “এই কামটো মই এৰিব বিচাৰো, কিন্তু গোটেই জীৱনটো এইটো কামকে কৰি আহিছো। দুটা সন্তান আৰু ৰুগীয়া মাতৃ আছে। ঘৰখন চলাবলৈ পইচাৰ প্ৰয়োজন।”

সাতাৰা নিবাসী আইনজীৱি সৰফৰাজ ছৈয়দে মৌলানিৰ দৰে এনে বহু গোচৰত যুঁজিছে। তেওঁ কয় যে গোৰক্ষকে এনেকৈ ট্ৰাক ৰখাই ট্ৰাকৰ পৰা পইচা লুটে আৰু নিৰ্দয়ভাবে চালকক মাৰধৰ কৰে। “কিন্তু এইবোৰক লৈ কোনো ক’তো এজাহাৰ নিদিয়ে,” তেওঁ কয়। “গৰু-ম’হৰ ব্যৱসায় প্ৰথা যুগে যুগে চলি আহিছে। আমাৰ এই পশ্চিম মহাৰাষ্ট্ৰৰ বজাৰ সুপ্ৰসিদ্ধ। এই ট্ৰাকবোৰ একেটা ৰাজপথেৰে যায় বাবে তাৰ ওপৰত নজৰ ৰখা আৰু হাৰাশাস্তি কৰাটো তেনেই সহজ হৈ পৰে।”

লন্ধেয়ে কয় যে গাড়ী চলাবলৈ চালক বিচাৰি পোৱাটো ক্ৰমে টান হৈ পৰিছে। “পইচা তেনেই কম আৰু অনিয়মীয়া যদিও বহুতেই দিনহাজিৰাৰ কাম কৰাটোৱে পছন্দ কৰে,” তেওঁ কয়। “গৰু-ম’হৰ ট্ৰাক এখন চলাই নিয়া মানে জীৱনৰ ৰিস্ক। মানসিক চাপো বাঢ়ে। এই গুণ্ডাৰাজে গ্ৰামীণ অৰ্থনীতি ধ্বংস কৰি পেলাইছে।”

আজিকালি খেতিয়কে তেওঁলোকৰ পশুধনৰ বাবদ পইচা কম পায়, তেওঁ কয়। ব্যৱসায়ীসকলৰ বেপাৰ লোকচানত চলি আছে। তাতে আকৌ চালকৰ অভাৱে ইতিমধ্যে জৰ্জৰিত শ্ৰম বজাৰখনত আৰু হেঁচা দিছে।

“আইন-কানুন ভাঙি ফুৰা মানুহবোৰহে কেৱল নদন-বদন হৈছে।”

অনুবাদ: পংকজ দাস

Parth M.N.

2017 ರ 'ಪರಿ' ಫೆಲೋ ಆಗಿರುವ ಪಾರ್ಥ್ ಎಮ್. ಎನ್. ರವರು ವಿವಿಧ ಆನ್ಲೈನ್ ಪೋರ್ಟಲ್ ಗಳಲ್ಲಿ ಫ್ರೀಲಾನ್ಸರ್ ಆಗಿ ಕಾರ್ಯನಿರ್ವಹಿಸುತ್ತಿದ್ದಾರೆ. ಕ್ರಿಕೆಟ್ ಮತ್ತು ಪ್ರವಾಸ ಇವರ ಇತರ ಆಸಕ್ತಿಯ ಕ್ಷೇತ್ರಗಳು.

Other stories by Parth M.N.
Editor : PARI Desk

ಪರಿ ಡೆಸ್ಕ್ ನಮ್ಮ ಸಂಪಾದಕೀಯ ಕೆಲಸಗಳ ಕೇಂದ್ರಸ್ಥಾನ. ಈ ತಂಡವು ದೇಶಾದ್ಯಂತ ಹರಡಿಕೊಂಡಿರುವ ನಮ್ಮ ವರದಿಗಾರರು, ಸಂಶೋಧಕರು, ಛಾಯಾಗ್ರಾಹಕರು, ಚಲನಚಿತ್ರ ನಿರ್ಮಾಪಕರು ಮತ್ತು ಭಾಷಾಂತರಕಾರರೊಂದಿಗೆ ಕೆಲಸ ಮಾಡುತ್ತದೆ. ಪರಿ ಪ್ರಕಟಿಸುವ ಪಠ್ಯ, ವಿಡಿಯೋ, ಆಡಿಯೋ ಮತ್ತು ಸಂಶೋಧನಾ ವರದಿಗಳ ತಯಾರಿಕೆ ಮತ್ತು ಪ್ರಕಟಣೆಯಗೆ ಡೆಸ್ಕ್ ಸಹಾಯ ಮಾಡುತ್ತದೆ ಮತ್ತು ಅವುಗಳನ್ನು ನಿರ್ವಹಿಸುತ್ತದೆ.

Other stories by PARI Desk
Translator : Pankaj Das

ಪಂಕಜ್ ದಾಸ್ ಪೀಪಲ್ಸ್ ಆರ್ಕೈವ್ ಆಫ್ ರೂರಲ್ ಇಂಡಿಯಾದಲ್ಲಿ ಅಸ್ಸಾಮಿಯ ಭಾಷಾಂತರ ಸಂಪಾದಕರು. ಗುವಾಹಟಿಯಲ್ಲಿ ನೆಲೆಸಿರುವ ಅವರು ಯುನಿಸೆಫ್ನಲ್ಲಿ ಕೆಲಸ ಮಾಡುವ ಲೋಕಲೈಸೇಷನ್ ತಜ್ಞರೂ ಆಗಿದ್ದಾರೆ. ಅವರು idiomabridge.blogspot.com ಎನ್ನುವ ಜಾಲತಾಣದಲ್ಲಿ ತಮ್ಮ ಭಾವನೆಗಳನ್ನು ಅಭಿವ್ಯಕ್ತಿಸುತ್ತಾರೆ.

Other stories by Pankaj Das