ফাগুন যাবৰ হ’ল। সুৰেন্দ্ৰনগৰ জিলাৰ খাৰাঘোড়া ষ্টেছনৰ কাষৰ জানটোত পুৱাৰ কোমল ৰ’দ পৰিছে। এটা অস্থায়ী বান্ধে জানটোৰ পানীখিনি বান্ধি ৰখাত সৰু পুখুৰী এটাৰ সমান পানী জমা হৈছে। বান্ধৰ ওপৰেৰে বাগৰি যোৱা পানীৰ শব্দ শুনা গৈছে, ইফালে ধ্যানত বহাদি ল’ৰাকেইটাৰ তাৰ পাৰতে বহি ৰৈছে। সাতটা ল’ৰা – এনেকৈ বহি আছে যেন একো একোডাল জোপোহা সৰু গছ। লক্ষ্য হৈছে এটা বা দুটা মাছ। মাছে খুটিবলৈ ধৰিলে সামান্য পিছফাললৈ টানি চিপটো মাৰিলেই এটা মাছ উঠি আহিব। উঠি আহিলেই। ধৰফৰাব ধৰিলে।
পাৰৰ পৰা অকণমান দুৰত বহিছে অক্ষয় দৰোদৰা আৰু মহেশ চিপাৰা। হাঁহি-খিকিন্দালিৰে সিহঁত দুটাই হেক্সো ব্লেডেৰে মাছটো বাচিছে। মহেশৰ বয়স ১৫ বছৰ হ’বৰ হৈছে। বাকীকেইজন তেনেই সৰু। মাছমৰা খেলটো শেষ। এতিয়া হাঁহি-ধেমালিৰ সময়। মাছটো বচাৰ পিছৰ কামটো হৈছে সামূহিক ৰন্ধনকাৰ্য্য। তাৰ মাজত হাঁহি-খিকিন্দালি বন্ধ হোৱা হোৱা নাই। ৰন্ধা হৈ গ’ল। এতিয়া ৰং-ৰহইছেৰে পৰিৱেশন কৰা ব্যঞ্জন উদৰস্থ কৰাৰ সময়।
অলপ পাছত ল’ৰাবোৰে সেই সৰু পুখুৰীটোত নামি সাঁতুৰিলে। ঘাঁহনিত বহি শুকুৱালে। যাযাবৰ জনজাতি চুমৱালিয়া কোলি সম্প্ৰদায়ৰ তিনিটা ল’ৰা, দুটা মুছলমান সম্প্ৰদায়ৰ আৰু আন দুজন মিলি সিহঁতৰ পল্টনটোৱে এই গোটেই আবেলিটো হাঁহি-ফূৰ্তি, ৰগৰ কৰি কটালে। মই সিহঁতৰ কাষ চাপি হাঁহি এটা মাৰি প্ৰশ্ন কৰিলোঁ, “তোমালোক কোন শ্ৰেণীত পঢ়ি আছা?”
এতিয়াও উদং গাৰে থকা পৱনে খিক-খিকাই হাঁহি ক’লে, “ আ মেচিয়’ নৱমু ভানা, আন আ বিলাচিঅ’ চত্থু ভানা, বিজু কই নথ ৱন্তু, মুই নথ ৱন্তু [এইজন মহেচিঅ’ (মহেশ) নৱমমানত পঢ়ে আৰু বিলাচিঅ’ (বিলাস) ষষ্ঠমানত। বাকীবোৰে স্কুললৈ নাযায়। মইয়ো।]” কথাৰ মাজতে তেওঁ গুড়ি চুপাৰী (তামোল)ৰ পেকেট এটা খুলিলে আৰু আন এটা পেকেটৰ পৰা তাত চাধা মিহলালে। তাৰপিছত অকণমান ওঠৰ চেপত গুজি ল’লে। ৰঙা ৰঙা পিক পানীত পেলাই তেওঁ ক’লে, “ ন মাজা আৱে । বেন মাৰ্তাতা [পঢ়া-শুনা কৰি ভাল নালাগে। স্কুলৰ বাইদেউগৰাকীয়ে আমাক বেতাইছিল।]” কথাখিনি শুনি মোৰ মনটো সেমেকি গ’ল।
অনুবাদ: পংকজ দাস