আজি শ্ৰমিক দিৱস। কিন্তু বিড়ম্বনাৰ কথা এয়ে যে বেংগালুৰু মেট্ৰ' প্ৰকল্প, যাক নাম দিয়া হৈছে নাম্মা মেট্ৰ' (মানে আমাৰ মেট্ৰ'), তাৰে কাম কৰা শ্ৰমিকে মাৰ্চ মাহৰ পৰাই মজুৰি পোৱা নাই আৰু শংকাত দিন কটাইছে। চবুত/ইভিডেঞ্চ নামৰ ১৩ মিনিটৰ তথ্যচিত্ৰখনে (আজি মুকলি পাবলগীয়া) তলাবন্ধৰ সময়ত মেট্ৰ’ৰ শ্ৰমিকৰ জীৱন চিত্ৰায়িত কৰিছে। তথ্যচিত্ৰখনে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ জীৱন নিৰ্বাহ আৰু কৰ্ম পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিবলৈ যত্ন কৰিছে।

“মোৰ ভয় লাগে। আমি ঘৰত মৰিলে সমস্যা নহয়। কিন্তু ইয়াতে মৰিলে কোনেও কেৰেপকে নকৰিব,” শ্ৰমিকসকলৰ মাজৰ এজনে কয়। তেওঁ গাওঁ এৰা ছমাহ হ’ল। তলাবন্ধৰ কাৰণে তেওঁ পৰিয়ালক দেখা কৰিবৰ বাবে যাবলৈ আৰু অধিক সময় অপেক্ষা কৰিবলগীয়া হৈছে। তেওঁৰ ভালেমান সহকৰ্মীৰো মনোৱস্থা একেই। টিনপাতৰ ছালি দিয়া ঘৰতে তেওঁলোক সকলো থাকে। এটা কোঠাতে ১০-১৫ জন মানকৈ থকাৰ পিছতো তেওঁলোকে সামাজিক দুৰত্ব বজাই ৰখাৰ চেষ্টা কৰিছে।

চবুত/ইভিডেঞ্চ নামৰ তথ্যচিত্ৰখন দ্ৰষ্টব্য

কেৱল এই বিশ্ব মহামাৰীয়েই যে তেওঁলোকৰ জীৱনলৈ বিপৰ্যয় আনিছে তেনে নহয়। তেওঁলোকক কামত নিয়োগ কৰাসকলৰ নীতি বিষয়ক সমৰ্থনৰ অভাৱ, ঠিকাদাৰে কৰা শোষণ, কৰ্তৃপক্ষৰ চৰম অৱহেলাই তেওঁলোকক অথাই সাগৰত পেলাইছে।

কৰ্ণাটকত ২৪ মাৰ্চৰ দিনা তলাবন্ধ ঘোষণা কৰাৰ পিছতে মেট্ৰ’ ৰেলৰ হালধীয়া লাইনৰ নিৰ্মাণ (বেংগালুৰু মেট্ৰ’ ৰেল কৰ্প’ৰেচন লিমিটেড)ৰ কাম ৰাতাৰাতি বন্ধ হৈ গৈছিল।

ঠিকাদাৰৰ তলত কাম কৰা শ্ৰমিকক কোনো আগতীয়া জাননী নিদিয়াকৈ নিৰ্মাণস্থলী এৰি যাবলৈ কোৱা হৈছিল। তলাবন্ধৰ কাৰণে তেওঁলোক ঘৰলৈ উভতি যোৱাৰো কোনো উপায় নাছিল। “১৫ দিন হ’ল, আমাৰ ঠিকাদাৰে এবাৰো আমাৰ খবৰ ল’বলৈ অহা নাই,” এজন শ্ৰমিকে কয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ২৯ এপ্ৰিলৰ নিৰ্দেশ অনুযায়ী অসহায় শ্ৰমিকসকলক ঘৰলৈ উভতি যাবলৈ অনুমতি দিয়া হ’ল। সেই অনুসৰি কৰ্ণাটক চৰকাৰে এই যাতায়তৰ ব্যৱস্থা কৰিব বুলি ৩০ এপ্ৰিলৰ ঘোষণা কৰিলে। কিন্তু কোনেও মেট্ৰ’ ৰেলৰ শ্ৰমিকৰ সৈতে যোগাযোগ নকৰিলে।

তথ্যচিত্ৰখনৰ কথন শ্ৰমিকৰ। ক’ৰনাভাইৰাছৰ পৰা নিজকে বচাবলৈ তেওঁলোকে মাস্ক পিন্ধি মুখ ঢাকি লৈছে। কিন্তু সামাজিক, অৰ্থনৈতিক আৰু ব্যক্তিগত সংকটৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি? তথ্যচিত্ৰখনত সোধা হৈছেঃ সেই সংকটৰ পৰা তেওঁলোকক কোনে উদ্ধাৰ কৰিব, আৰু কেনেকৈ?

যশস্বিনী আৰু একতাৰ দ্বাৰা লিখিত আৰু পৰিচালিত
তথ্যচিত্ৰৰ পাত্ৰসমূহ: বেংগালুৰু মেট্ৰ’ৰ শ্ৰমিকসকল
চিনেমাটোগ্ৰাফি আৰু সম্পাদনা:  যশস্বিনী

অনুবাদ: পংকজ দাস

Yashashwini & Ekta

ಯಶಸ್ವಿನಿಯವರು 2017ರ ಪರಿ ಫೆಲೋ ಮತ್ತು ಚಲನಚಿತ್ರ ನಿರ್ಮಾಪಕರು, ಅವರು ಇತ್ತೀಚೆಗೆ ಆಮ್ಸ್ಟರ್‌ಡ್ಯಾಮ್‌ನ ರಿಜ್‌ಕಾಕಾಡೆಮಿ ವ್ಯಾನ್ ಬೀಲ್ಡೆಂಡೆ ಕುನ್‌ಸ್ಟನ್‌ನಲ್ಲಿ ಆರ್ಟಿಸ್ಟ್‌ -ಇನ್-ರೆಸಿಡೆನ್ಸ್ ಪೂರ್ಣಗೊಳಿಸಿದ್ದಾರೆ. ಏಕ್ತಾ ಬೆಂಗಳೂರಿನ‌ ಚಿತ್ರ ತಯಾರಕರು ಮತ್ತು ಮಾರಾ ಎನ್ನುವ ಮಾಧ್ಯಮ ಮತ್ತು ಕಲಾ ಮಾಧ್ಯಮದ ಸಹ ಸಂಸ್ಥಾಪಕರು.

Other stories by Yashashwini & Ekta
Translator : Pankaj Das

ಪಂಕಜ್ ದಾಸ್ ಪೀಪಲ್ಸ್ ಆರ್ಕೈವ್ ಆಫ್ ರೂರಲ್ ಇಂಡಿಯಾದಲ್ಲಿ ಅಸ್ಸಾಮಿಯ ಭಾಷಾಂತರ ಸಂಪಾದಕರು. ಗುವಾಹಟಿಯಲ್ಲಿ ನೆಲೆಸಿರುವ ಅವರು ಯುನಿಸೆಫ್ನಲ್ಲಿ ಕೆಲಸ ಮಾಡುವ ಲೋಕಲೈಸೇಷನ್ ತಜ್ಞರೂ ಆಗಿದ್ದಾರೆ. ಅವರು idiomabridge.blogspot.com ಎನ್ನುವ ಜಾಲತಾಣದಲ್ಲಿ ತಮ್ಮ ಭಾವನೆಗಳನ್ನು ಅಭಿವ್ಯಕ್ತಿಸುತ್ತಾರೆ.

Other stories by Pankaj Das