ৰাজস্থানৰ জয়পুৰৰ প’ল’ ক্লাবত ফেব্ৰুৱাৰী মাহৰ দেওবাৰে বিয়লি ৪ বাজিছে।

চাৰিজনীয়া দুয়োটা দলৰ খেলুৱৈৰসকলে নিজৰ নিজৰ পজিছন লৈছে।

ভাৰতত খেলিবলগীয়া প্ৰথম আন্তঃৰাষ্ট্ৰীয় মহিলা প’ল’ খেলৰ এই প্ৰদৰ্শনী খেলখনত ভাৰতীয় মহিলাৰ টিডিকেএফ দলৰ বিৰুদ্ধে যুঁজিব প’ল’ ফেক্টৰী ইন্টাৰনেশ্বনেলে।

প্ৰতিগৰাকী খেলুৱৈয়ে হাতত একোডালকৈ প’ল’ ষ্টিক লৈ খেলিবলৈ সাজু হৈ আছে। এইটো ছিজনত অশোক শৰ্মাৰ এইখন প্ৰথম খেল। কিন্তু এই খেলবিধ তেওঁৰ বাবে অচিনাকী নহয়।

তৃতীয় প্ৰজন্মৰ খনিকৰ অশোকৰ আছে যি কোনো ধৰণৰ প’ল’ খেলুৱৈৰ বাবে অত্যাৱশ্যকীয় সৰঞ্জাম বেত পৰা তৈয়াৰ কৰা প’ল’ ষ্টিক তৈয়াৰ কৰাৰ ৫৫ বছৰীয়া অভিজ্ঞতা। তেওঁৰ পৰিয়ালৰ ১০০ বছৰীয়া এই ঐতিহ্যৰ কথা গৌৰৱ কৰি ক’লে, “মই প’ল’ ষ্টিক তৈয়াৰ কৰা কাৰুশিল্পৰ মাজত ডাঙৰ হৈছোঁ।” ঘোঁৰাৰ পিঠিত খেলা প’ল’ খেল হ’ল পৃথিৱীৰ অশ্বাৰোহী খেলসমূহৰ আটাইতকৈ পুৰণি এবিধ খেল।

Ashok Sharma outside the Jaipur Polo House where he and his family – his wife Meena and her nephew Jitendra Jangid craft different kinds of polo mallets
PHOTO • Shruti Sharma
Ashok Sharma outside the Jaipur Polo House where he and his family – his wife Meena and her nephew Jitendra Jangid craft different kinds of polo mallets
PHOTO • Shruti Sharma

জয়পুৰ প হাউছৰ সন্মুখত (বাওঁফালে) অশোক শৰ্মা আৰু তেওঁ পৰিয়াল – তেওঁৰ পত্নী মীনা আৰু ভতিজা জীতেন্দ্ৰ জংগিদ (সোঁফালে)য়ে মিলি বিভিন্ন ধৰণৰ প ষ্টিক সাজে

গোটেই মহানগৰখনৰ আটাইতকৈ পুৰণি আৰু সকলোৱে বিচাৰি যোৱা কাৰখানা জয়পুৰ প’ল’ হাউছ তেওঁ চলায়। সেইটো তেওঁৰ থকা ঘৰো, য’ত তেওঁ পত্নী মীনা আৰু মীনাৰ ভতিজাক মৰমতে যাক ‘জিতু’ বুলি মাতে, অৰ্থাৎ ৩৭ বছৰীয়া জিতেন্দ্ৰ জংগীতৰ সৈতে বিভিন্ন ধৰণৰ প’ল’ ষ্টিক সাজে। তেওঁলোক ৰাজস্থানৰ অন্যান্য পিছপৰা জাতিৰ অন্তৰ্ভুক্ত এটা জাতি জংগীদ সম্প্ৰদায়ৰ লোক।

খেলখন আৰম্ভ হোৱাৰ লগে লগে মুখামুখিকৈ শাৰী পাতি থিয় দি থকা বিপক্ষ দল দুটাৰ মাজত আম্পায়াৰে বলটো দলিয়াই দিলে। ৭২ বছৰীয়া মানুহজন স্মৃতিকাতৰ হৈ পৰিল। “মই আগতে ফিল্ডলৈ চাইকেলেৰে গৈছিলোঁ, তাৰ পিচত মই এখন স্কুটাৰ কিনিলোঁ।” কিন্তু ২০১৮ চনত মগজুত হোৱা এটা মৃদু পক্ষাঘাতৰ পিচত তেওঁৰ আহ-যাহ নাইকিয়া হয়।

দুজন পুৰুষ খেলুৱৈ আগবাঢ়ি আহিল আৰু ‘নমস্কাৰ, পল্লীজী’ বুলি অভিবাদন জনালে। অশোকৰ আইতাকে (মাকৰ ফালৰ) দিয়া ঘৰত মতা নামটো জয়পুৰৰ প’ল’ সমাজত ৰৈ গ’ল। তেওঁ ক’লে, “মই এই কেইটা দিনত বেছিকৈ আহিব বিচাৰোঁ যাতে আৰু বেছি খেলুৱৈয়ে গম পায় যে মই এতিয়াও কাম কৰি আছোঁ আৰু তেতিয়া তেওঁলোকৰ ষ্টিকবোৰ মেৰামতি কৰাবলৈ পঠিয়াব।“

প্ৰায় দুই দশক আগতে অশোকৰ কাৰখানালৈ যোৱা গ্ৰাহকক গোটেই বেৰবোৰত চিলিঙৰ পৰা মূৰটো ওপৰলৈ ওলোমাই থোৱা শাৰী শাৰী তৈয়াৰ কৰি ৰখা লাঠিবোৰে আদৰিছিল। সেই ঘিউ ৰঙী বেৰখনৰ চিন মোকামেই নোহোৱা হ’ল বুলি তেওঁ জনালে আৰু ক’লে, ‘ডাঙৰ ডাঙৰ খেলুৱৈবোৰ আহিছিল, মোৰ স’তে বহিছিল, চাহ খাইছিল আৰু তেওঁলোকৰ পচন্দৰ ষ্টিক কিনি গুছি গৈছিল।’

খেলখন আৰম্ভ হৈছিল আৰু আমি ৰাজস্থান প’ল’ ক্লাবৰ পূৰ্বৰ সম্পাদক বেদ আহুজাৰ কাষতে বহিবলৈ আসন পালোঁ। তেওঁ হাঁহি মাৰি ক’লে, ‘সকলোৱেই প’ল’ ষ্টিকডাল বনোৱাৰ কাম কেৱল পল্লীক দিছিল,” আহুজাই মনত পেলাই আকৌ ক’লে, ‘পল্লীয়ে ক্লাবত বাঁহৰ মূৰাৰে তৈয়াৰী বলৰো যোগান দিছিল।’

Ashok with international polo-players who would visit in the 1990s for fittings, repairs and purchase of sticks
PHOTO • Courtesy: Ashok Sharma
The glass showcases that were once filled with mallets are now empty.
PHOTO • Shruti Sharma

বাওঁফালে : আন্তঃৰাষ্ট্ৰীয় প খেলুৱৈ, যিয়ে ষ্টিক ফিটিং, মেৰামতি আৰু ক্ৰয়ৰ বাবে অশোক (সোঁমাজত)ৰ ওচৰলৈ আহিছিল। সোঁফালে : আইনাৰ শ্বোকে চ যিবোৰ আগতে প ষ্টিকেৰে ভৰি আছিল

অশোকে উনুকিয়ালে যে বহু বেছি আঢ্যবন্ত অথবা মিলিটাৰীৰ সদস্যসকলহে প’ল’ খেলিবলৈ সামৰ্থ্যবান আৰু বৰ্তমান ২০২৩ চনত, ১৮৯২ চনতে স্থাপিত ইণ্ডিয়ান প’ল’ এচ’ছিয়েশ্বন(আই.পি.এ.)ৰ অধীনত পঞ্জীয়নভুক্ত মাত্ৰ ৩৮৬ জন খেলুৱৈহে আছে। তেওঁ ক’লে যে, “খেলবিধ খেলিবলৈ এজন খেলুৱৈৰ নিজৰ কমেও পাঁচৰ পৰা ছটা ঘোঁৰা থাকিবই লাগিব।’ কাৰণ খেলটো চাৰিৰ পৰা ছটা চক্কৰত (চক্ৰ/আৱৰ্ত) ভগোৱা হয় আৰু প্ৰতিটো আৱৰ্তৰ পিচত প্ৰতিজন খেলুৱৈয়ে বেলেগ এটা ঘোঁৰাত উঠিব লাগে।

পূৰ্বৰ  বিশেষকৈ ৰাজস্থানৰ ৰজাসকল আছিল খেলখনৰ পৃষ্ঠপোষক। তেওঁ ক’লে, ‘মোৰ খুৰা কেশুৰামে যোধপুৰ আৰু জয়পুৰৰ শাসকৰ বাবে প’ল’ লাঠি সাজিছিল।’

যোৱা তিনিটা দশকত খেলা, উৎপাদন আৰু নিয়মাৱলীৰ ক্ষেত্ৰত প’ল’ৰ পৃথিৱীখনত ৰাজত্ব কৰিছে আৰ্জেণ্টিনাই। অশোকে লগতে ক’লে, “সিহঁতে তৈয়াৰ কৰা ‘প’ল’ খেলৰ প’ল’ ষ্টিক আৰু ফাইবাৰ গ্লাছৰ বলবোৰ সিহঁতৰ প’ল’ ঘোঁৰাবোৰৰ দৰেই ভাৰতত অতিকে জনপ্ৰিয়। আনকি খেলুৱৈবোৰে আৰ্জেণ্টিনাত প্ৰশিক্ষণ ল’বলৈকো যায়।“

‘আৰ্জেণ্টিনাৰ লাঠিবোৰৰ বাবে মোৰ কামৰ আধ্যাই পৰিলেহেঁতেন, কিন্তু মই নিজে কৃতজ্ঞ যে ত্ৰিশ–চল্লিশ বছৰৰ আগতেই মই চাইকেল প’ল’ৰ প’ল’ ষ্টিক সজা আৰম্ভ কৰিছিলোঁ, আৰু সেই বাবেই মই এতিয়াও কাম পাওঁ,’ তেওঁ ক’লে।

যিকোনো আকাৰৰ আৰু যিকোনো ধৰণে তৈয়াৰী সাধাৰণ চাইকেলেৰে চাইকেল প’ল’ খেলা হয়। ঘোঁৰাৰ ওপৰত খেলা প’ল’ৰ দৰে নহৈ, “এই খেলটো সাধাৰণ লোকৰ বাবে,“ অশোকে ক’লে। তেওঁৰ মোটামুটি ২.৫ লাখ টকাৰ বাৰ্ষিক উপাৰ্জন চাইকেল প’ল’ৰ লাঠি সজাৰ পৰাই আহে।

Ashok says that years of trial and error at the local timber market have made him rely on imported steam beech and maple wood for the mallet heads.
PHOTO • Shruti Sharma
Jeetu begins the process of turning this cane into a mallet. He marks one cane to between 50 to 53 inches for horseback polo and 32 to 36 inches for cycle polo
PHOTO • Shruti Sharma

বাওঁফালে: অশোকে কয় যে স্থানীয় বজাৰৰ কাঠত কাম কাম কৰা মানে পৰীক্ষা-নীৰিক্ষাতকৈ কম নহয়, সেয়ে তেওঁ বাহিৰৰ পৰা অনা ষ্টিম বীচ্চ আৰু মেপল কাঠেৰে ষ্টিকৰ মূৰটো সাজে। সোঁফালে: জীতুৱে এই বেতডালক ষ্টিকলৈ পৰিৱৰ্তনেৰে কাম আৰম্ভ কৰে। তেওঁ এডাল বেত ঘোঁৰাৰ পিঠিত উঠি খেলাৰ বাবে ৫০ৰ পৰা ৫৩ ইঞ্চি আৰু চাইকেলত উঠি খেলাৰ বাবে ৩২ৰ পৰা ৩৬ ইঞ্চি দীঘল কৰি চিন দি লয়

অশোকে কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ অসামৰিক তথা মিলিটেৰী দলৰ পৰা প্ৰতি বছৰে ১০০তকৈয়ো অধিক চাইকেল প’ল’ৰ বাবে লাঠি সজাৰ কাম পায়। তেওঁ বেচা প্ৰতিডাল লাঠিৰ মূল্য মাত্ৰ ১০০ টকামান হোৱাৰ কাৰণ সম্পৰ্কে তেওঁ কয় যে, “খেলুৱৈসকল সাধাৰণতে দুখীয়া, সেয়েহে মই সেইটো কৰিব লাগিব।“ তেওঁ সূক্ষ্মাকৃতিৰ উপহাৰৰ উপৰি তেনেই কাচিৎকৈ হোৱা ঊট প’ল’ আৰু হস্তী প’ল’ৰ প’ল’ ষ্টিক সাজিবৰ বাবেও কাম পায়।

আমি খেল পথাৰৰ পৰা ওলাই অহাৰ সময়ত অশোকে ক’লে, “আজিকালি খেল চোৱা মানুহেই নাই।”

এই প’ল’ গ্ৰাউণ্ডখনত ভাৰত আৰু পাকিস্থানৰ মাজত হোৱা এখন খেলত ৪০,০০০ দৰ্শক উপস্থিত থকাৰ কথা তেওঁ মনত পেলাই ক’লে, মানুহে খেল চাবলৈ আনকি গছৰ ওপৰতো উঠি লৈছিল। এনে সোঁৱৰণিবোৰেই সময়ৰ স’তে খাপ খাবলৈ আৰু প’ল’ ষ্টিক তৈয়াৰ কৰা তেওঁৰ পৰিয়ালৰ দীৰ্ঘ পৰম্পৰা অবিৰত কঢ়িয়াই নিবলৈ তেওঁৰ আশা আৰু মনোবল অটুত ৰাখিছে।

*****

‘মানুহে মোক সোধে, কামটোত কিবা শিল্পনৈপুণ্যৰ প্ৰয়োজন আছে জানো? মাত্ৰ বেতেই থাকে দেখোন।’

তেওঁ ক’লে, ‘প’ল’ ষ্টিক সজাটো হ’ল বিভিন্ন প্ৰাকৃতিক কেঁচাসামগ্ৰী একেলগে খাজি-কাটি অনানুভৱী খেলৰ অনুভৱ আনিব পৰা এক  নিপুনতাৰ ফল। এই অনুভৱটো ভাৰসাম্য, নমনীয়তা, শক্তি আৰু শিথিলতা এই আটাইবোৰ একেলগে হোৱাৰ ফল। ই জোকাৰণি খোৱাবিধৰো হ’ব নালাগিব।’

বহু বছৰ ধৰি তেওঁৰ কাৰখানাত এই খেলৰ অনুভৱক তেওঁ আকৃতি দি আহিছে। ‘জয়পুৰ প’ল’ হাউছ’ বুলি লিখা থকাৰ পিচতো তেওঁৰ থকা ঘৰলৈ সোমোৱা প্ৰৱেশদ্বাৰ যিকোনো মানুহে সহজেই ভুল কৰিব পাৰে।

ঢিমিকি পোহৰত ঠেক খটখটিৰে এবাৰত এটা এটাকৈ ভৰি থৈ তেওঁ থকা ঘৰটোৰ তৃতীয় মহলাত থকা কাৰাখানাটোলৈ আমি উঠি গলোঁ। ষ্ট্ৰ’ক হোৱাৰ পিচত কঠিন হৈ পৰিলেও তেওঁ কিন্তু কাম কৰি যাবলৈ দৃঢ়মনা বুলি তেওঁ ক’লে। ঘোঁৰাৰ পিঠিত খেলা প’ল’খেলৰ প’ল’ ষ্টিকৰ মেৰামতি গোটেই বছৰ ধৰি কৰিলেও চাইকেল প’ল’ৰ প’ল’ ষ্টিক কেৱল খেলাৰ ঋতুত অৰ্থাৎ-ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈহে বেছিকৈ সজা হয়।

Meena undertakes the most time consuming aspects of making mallets – strengthening the shaft and binding the grip
PHOTO • Shruti Sharma
in addition to doing the household work and taking care of Naina, their seven-year old granddaughter
PHOTO • Shruti Sharma

ষ্টিকৰ আটাইতকৈ বেছি সময় খৰছ হোৱা কামটো মীনাই (বাওঁফালে) কৰে – সেয়া হৈছে ধূৰাডাল শক্তিশালী কৰা আৰু হাতেৰে ধৰা অংশটো বন্ধা। তাৰোপৰি তেওঁ ঘৰৰ কাম কৰিব লাগে আৰু তেওঁৰ সাত বছৰীয়া নাতিনী নেইনাৰো (সোঁফালে) যত্ন ল’ব লাগে

অশোকে ক’লে জিতুৱে ওপৰৰ মহলাত স্থুল কামখিনি কৰে, বাইদেউ আৰু মই তলত আমাৰ কোঠাত বাকী কামখিনি কৰোঁ। ‘বাইদেউ’ বুলি তেওঁৰ কাষতে বহি থকা তেওঁৰ পৰিবাৰ মীনাৰ কথা বুজালে। বয়সেৰে ষাঠিৰ দশকত ভৰি দিয়া মহিলাগৰাকীয়ে তেওঁৰ কথা গিৰিয়েকে ‘মালিক’ বুলি কোৱাৰ বাবে খিকখিকাই হাঁহিলে, আমাৰ কথাবোৰৰ আধাখিনিহে তেওঁ শুনিবলৈ পাইছিল, কিয়নো একেসময়তে হাতৰ ফোনটোৰে তেওঁ সাম্ভাব্য গ্ৰাহক এজনলৈ সূক্ষ্মাকাৰ প’ল’ ষ্টিকৰ কিছুমানৰ ফটো পঠিয়াই আছিল।

সেইখিনি কাম হোৱাৰ পিচত আমি খাবলৈ চিংৰা ভাজিবলৈ তেওঁ ৰান্ধনি ঘৰলৈ গ’ল। মীনাই কৈ গ’ল, ‘মই যোৱা ১৫ বছৰমান ধৰি প’ল’ৰ কাম কৰি আছোঁ।’

বেৰৰ পৰা পুৰণি প’ল’ ষ্টিক এডাল উলিয়াই তেওঁ প’ল’ ষ্টিকৰ তিনিটা মূল ভাগলৈ আঙুলিয়াই ক’লেঃ এডাল বেতৰ ধূৰা/দণ্ড, এটা কাঠৰ টূপ আৰু কপাহী ওলোম এডালৰ স’তে হাতেৰে ধৰিবলৈ ৰবৰ বা ৰেজিনৰ হাতোলা। প্ৰতিটো ভিন ভিন অংশৰ নিৰ্মাণ তেওঁৰ পৰিয়ালৰ ভিন ভিন সদস্যই কৰে।

ঘৰটোৰ তৃতীয় মহলাত কাম কৰি থকা জিতুৰ কামেৰে প্ৰক্ৰিয়াটো আৰম্ভ হয়। বেত কাটিবলৈ নিজে তৈয়াৰ কৰি লোৱা এটা যন্ত্ৰচালিত কটা যন্ত্ৰ তেওঁ কাটিবলৈ ব্যৱহাৰ কৰে। এই বেতডালৰ এমূৰ পাতল কৰিবলৈ তেওঁ এখন ৰাণ্ডা ব্যৱহাৰ কৰে যিয়ে দণ্ডডাল নমনীয় কৰে আৰু খেলোঁতে বেঁকা কৰিব পৰা কৰে।

“আমি বেতডালৰ তলত গজাল ব্যৱহাৰ নকৰোঁ কাৰণ সি ঘোঁৰাবোৰক আঘাত কৰিব পাৰে,” অশোকে লগতে ক’লে, “যদি ঘোঁৰা লেঙেৰা হৈ যায় তেন্তে আপোনাৰ লাখ লাখ টকা এনেয়ে যাব।”

Jeetu tapers the cane into a shaft for it to arc when in play. He makes a small slit at the end of this shaft
PHOTO • Shruti Sharma
He makes a small slit at the end of this shaft and then places it through the mallet’s head.
PHOTO • Shruti Sharma

জীতুৱে বেতডাল এডাল ধুৰাত ভৰাইছে। এই ধূৰাডালত তেওঁ (বাওঁফালে) এটা ফুটা কৰিছে আৰু তাৰ মাজেৰে ষ্টিকডালৰ মূৰটো সুমোৱাই দিছে (সোঁফালে)

“মোৰ কাম সদায় কাৰিকৰী,” জিতুৱে ক’লে। জিতুৱে আগেয়ে কাঠৰ আচ-বাব সাজিছিল আৰু বৰ্তমান তেওঁ সাধ্যৰে পৰা মূল্যত কৃত্ৰিম হাত-ভৰিৰ বাবে তেওঁৰ দৰে খনিকৰৰ ওপৰত নিৰ্ভৰশীল ৰাজস্থান চৰকাৰৰ সৱাই মানসিং হস্পিতালৰ ‘জয়পুৰ ফুট’ বিভাগত নিয়োজিত হৈছে।

জিতুৱে বেতৰ ধূৰাডাল সোমাব পৰাকৈ তেওঁ কেনেকৈ খন্দা মেছিনেৰে ফুটা এটা কৰিছিল প’ল’ ষ্টিকডালৰ মূৰৰ টুপটো দেখুৱাই বুজালে। তাৰ পিছত তেওঁ ধূৰা ডাল মীনাক দি দিয়ে যি তাৰ পিচৰ কামখিনি কৰে।

তেওঁলোকৰ দুটা শোৱনি কোঠাৰ লগতে ৰান্ধনি ঘৰটো তলৰ মহলাতে আছে। মীনাই এইখিনিৰ ভিতৰতে প্ৰয়োজন সাপেক্ষে সহজে আহ-যাহ কৰি কাম কৰে। মেনাই হাতুৰী লাঠিৰ কাম দুপৰীয়া ১২ বজাৰ পৰা ৫ বজালৈ অৰ্থাৎ আবেলিৰ ফালে থ’বলৈ চেষ্টা কৰে। তাৰ আগে পিচে তেওঁ ৰন্ধা-বঢ়া শেষ কৰে। কিন্তু কম সময়ৰ ভিতৰত অৰ্ডাৰ আহিলে তেওঁৰ দিনবোৰ দীঘলীয়া হৈ পৰে।

মীনাই প’ল’ ষ্টিক এডাল সজাৰ আটাইতকৈ সময় বেছি লগা কামটো কৰে – ধূৰা ডাল শক্তিশালী কৰে আৰু হাতেৰে ধৰা অংশ বান্ধে। তাৰ বাবে ধূৰাডালৰ পাতল মূৰটোত ফেভিকলৰ আঠা লগোৱা কপাহৰ টুকুৰা অত্যন্ত নিপুণতাৰে মেৰিয়াব লাগে। এবাৰ হৈ যোৱাৰ পিচত ধূৰাডালৰ আকৃতি অটুত ৰাখিবৰ বাবে তেওঁ সেইডাল মাটিত ২৪ ঘণ্টা শুকাবলৈ মেলি দিব লাগে।

তেওঁ তাৰ পিচত তেওঁ ৰবৰ বা ৰেজনৰ হাতেৰে ধৰা মেৰিয়ায় আৰু আঠা আৰু গজাল ব্যৱহাৰ কৰি ডাঠ হাতলত কপাহী ওলোম বান্ধি দিয়ে। হাতেৰে ধৰা অংশ পৰিষ্কাৰভাৱে দৃশ্যমান হ’ব লাগে আৰু লোমডাল শক্ত হ’ব লাগে যাতে খেলুৱৈৰ হাতৰ সৰু গাঁঠিৰ পৰা লাঠিডাল পিচলি নপৰে।

Meena binds rubber or rexine grips and fastens cotton slings onto the thicker handles using glue and nails. This grip must be visibly neat, and the sling strong, so that the stick does not slip out of the player’s grasp
PHOTO • Shruti Sharma
Meena binds rubber or rexine grips and fastens cotton slings onto the thicker handles using glue and nails. This grip must be visibly neat, and the sling strong, so that the stick does not slip out of the player’s grasp
PHOTO • Shruti Sharma

মীনাই ডাঠ হাতলডালত ৰাবাৰ নাইবা ৰেগজিনৰ গ্ৰিপ লগাই কপাহী কাপোৰেৰে আঠা আৰু গজাল মাৰি মেৰিয়াই দিয়ে। এই গ্ৰিপটো সুন্দৰকৈ বান্ধিব লাগে যাতে খেলুৱৈৰ হাতৰ পৰা ষ্টিকডাল ওলাই নপৰে

আগৰ হ’লে তেওঁলোকৰ ৩৬ বছৰীয়া পুত্ৰ সত্যমেই এই কামবোৰ কৰিলেহেঁতেন কিন্তু পথত সংঘটিত হোৱা দূৰ্ঘটনা এটাৰ পিচত তেওঁৰ ভৰিত তিনিটা অস্ত্ৰোপচাৰ হোৱাৰ ফলত বৰ্তমান তেওঁ তলত বহিব নোৱাৰা হ’ল। কেতিয়াবা ৰাতিৰ সাজ ধাবাৰ নিচিনাকৈ খাবলৈ গধূলি তেওঁ ভাজিখন বনায় বা দালিৰ বাবে তড়কা বনায়।

তেওঁলোকৰ ঘৰৰ পৰা খোজকঢ়াৰ দূৰত্বত থকা পিজ্জা হাটত তেওঁৰ পৰিবাৰ ৰাখিয়ে পুৱা ৯ বজাৰ পৰা ৰাতি ৯ বজালৈ সপ্তাহত সাত দিন কাম কৰে। তেওঁ আজৰি সময়কণ ব্লাউজ বা কূৰ্টাৰ দৰে মাইকী মানুহৰ কাপোৰ চিলাই কৰাৰ লগতে তেওঁলোকৰ জীয়াৰী নেইনাৰ লগত কটায়। সাতবছৰীয়া কনমানিজনীয়ে সাধাৰণতে সত্যমৰ নিৰ্দেশত বিদ্যালয়ৰ ঘৰত কৰিবলৈ দিয়া কামখিনি শেষ কৰে।

৯ ইঞ্চিৰ সৰু প’ল’ ষ্টিক এডালৰ স’তে নেইইনাই খেলি আছে। দুডাল লাঠি, এটা কাঠৰ টুকুৰা এটাৰ ওপৰত থোৱা বল এটাৰ দৰে এটা সৰু কৃত্ৰিম মুকুতাৰে এটা সৰু ছেটৰ মূল্য ৬০০ টকা। মীনাই ক’লে উপহাৰ দিবৰ বাবে সৰু প’ল’ ষ্টিক সাজিবলৈ খেলিবৰ বাবে প্ৰয়োজনীয় ষ্টিকতকৈ বেছি কষ্ট হয়। ‘তেওঁলোকৰ কামবোৰ বেছি জটিল।’

প’ল’ ষ্টিক সাজোঁতে, দুটুকুৰা বিশেষ সৰঞ্জাম ইটো সিটোৰ ভিতৰত সুমুৱাই – টূপটো আৰু বেতৰ ধূৰাডাল – একেলগে যোৰা দিয়াটো এক সংজ্ঞায়িত দ্বায়িত্ব বুলি বিবেচনা কৰা হয়। এই পৰ্য্যায়তে লাঠিডালৰ সন্তুলন স্থাপিত হয়। মীনাই কয় যে, “সন্তুলনটো এনে এক বস্তু যিটো সকলোৱে আনিব নোৱাৰে।” অশোকে সাধাৰণ ভাৱেই উত্তৰ দিলে, সৰঞ্জামটোৰ ই এক অননুভৱীয় বৈশিষ্ট্য আৰু “মই সেইটোকে কৰোঁ।”

মাটিত ৰঙা কুশ্বন এটাৰ ওপৰত বহি বাওঁ ভৰিখন মেলি বেতৰ ধূৰা ডাল তেওঁৰ ভৰিৰ বুঢ়া আঙুলি আৰু তাৰ কাষৰ আঙুলি দুটাৰ মাজত থৈ টূপটোৰ খান্দি ফুটা কৰা ঠাইকণৰ চাৰিওপিনে আঠা লগায়। যোৱা চাৰে পাঁচটা দশকত তেওঁ আঙুলি দুটাৰ মাজত বেতৰ ধূৰা কিমানবাৰ এনেকৈ থৈ কাম কৰিছে বুলি সোধা প্ৰশ্নটোৰ উত্তৰত তেওঁ ক’লে, “তাৰ কোনো হিচাব নাই।”

This photo from 1985 shows Ashok setting the balance of the mallet, a job only he does. He must wedge a piece of cane onto the shaft to fix it onto the mallet’s head and hammer it delicately to prevent the shaft from splitting completely.
PHOTO • Courtesy: Ashok Sharma
Mo hammad Shafi does varnishing and calligraphy
PHOTO • Jitendra Jangid

১৮৮৫ৰ (বাওঁফালে) এই ফটোখনত অশোকে ষ্টিক এডালৰ সন্তোলনৰ কাম কৰি আছে, এই কামটো কেৱল তেঁৱেই কৰে। তেওঁ বেত এডাল ধুৰাটোৰে সুমোৱাই লাহে লাহে হাতুৰি মাৰি তাক ফিটিং কৰে যাতে ধুৰাডালত ফাঁট নেমেলে মহম্মদ শ্বাফিয়ে (সোঁফালে) বাৰ্ণিশ্ব আৰু কেলিগ্ৰাফিৰ কামখিনি কৰে

“এইখিনি খাৰু এপাতৰ নিচিনা হৈ যাব আৰু খাৰুপাতৰ দাঁতিত আঠা লাগি ধৰিব। তেতিয়া আৰু এই ডাল লাই নাহে।” জিতুৱে বুজালে। বলটোৰ অহৰহ আঘাত সহ্য কৰিব পৰাকৈ বেত আৰু কাঠ টুকুৰা টানকৈ জোৰা লগোৱা হয়।

এমাহত মোটামুটি ১০০ ডাল মান প’ল’ ষ্টিক তৈয়াৰ কৰা হয়। তাৰ পিচত যোৱা ৪০ বছৰে অশোকৰ সহযোগী হৈ থকা মহম্মদ শ্বাফিৰ দ্বাৰা সেইবোৰ বাৰ্ণিছ কৰা হয়। বাৰ্ণিছে জিলিকনি এটা দিয়াৰ লগতে সেইবোৰ সেমেকা পৰা আৰু লেতেৰাৰ পৰা ৰক্ষা কৰে। শ্বাফিয়ে লাঠিডালৰ এফালে ধুনীয়াকৈ ৰঙেৰে উচ্চতাৰ মাপ লিখি দিয়াৰ লগতে হেন্দেল ডালৰ তলত ‘জয়পুৰ প’ল’ হাউছ’ৰ লেবেলটো লগাই দিয়ে।

এডাল প’ল’ ষ্টিকৰ বাবে প্ৰয়োজনী্য কেঁচা সামগ্ৰীৰ খৰচ প্ৰায় ১,০০০ টকা আৰু অশোকে জনালে যে, সেইবোৰৰ বেচিলেও তাৰ আধা দামো তেওঁ উলিয়াব নোৱাৰে। তেওঁ এদাল প’ল’ ষ্টিক ১,৬০০ টকাত বেচিবলৈ চেষ্টা কৰে যদিও সদায় তাত সফল হ’ব নোৱাৰে। “খেলুৱৈবোৰে ভাল দাম নিদিয়ে। মোক সিহঁতে এহেজাৰ বা ১২০০ টকাহে দিব বিচাৰে,” তেওঁ ক’লে।

লাঠিডালৰ প্ৰতিটো অংশ কিমান সাৱধানেৰে বিবেচনা কৰা হয় অথচ সেই অনুপাতে পোৱা অতি কম পাৰিশ্ৰমিকৰ কথাকৈ তেওঁ দুখ প্ৰকাশ কৰিলে। অশোকে ক’লে, “বেত কেৱল অসম আৰু ৰেংগুনৰ পৰা কলিকতালৈকেহে আহে।” ই সঠিক মাত্ৰাত আৰ্দ্ৰ, নমনীয়, ঘনত্ব থকা আৰু ডাঠ গুণযুক্ত হ’ব লাগিব।   .

“কলিকতাৰ যোগান ধৰোঁতাসকলৰ পুলিচত কাম কৰা মানুহৰ বাবে লাঠি আৰু বৃদ্ধৰ বাবে খোজকঢ়া লাঠি সাজিবৰ উপযোগী ডাঠ বেত হে থাকে। তেনেকুৱা হাজাৰ ডালৰ মাজত মোৰ বাবে প্ৰয়োজনীয় ধৰণৰ মাত্ৰ ১০০ ডাল মান থাকে,” অশোকে ক’লে। তেওঁৰ যোগান ধৰোতাই পঠোৱা বেতৰ বাছি ভাগেই প’ল’ ষ্টিক সাজিবৰ বাবে বেছি ডাঠ। সেয়েহে অতিমাৰীৰ আগেয়ে উপযোগী বেত বাচি বিচাৰি আনিবৰ বাবে তেওঁ প্ৰতি বছৰে তেওঁ কলকতালৈ গৈছিল। “এতিয়া একলাখ টকা পকেটত থাকিলেহে মই কলিকতালৈ যাব পাৰিম।”

Mallets for different polo sports vary in size and in the amount of wood required to make them. The wood for a horseback polo mallet head (on the far right) must weigh 200 grams for the length of 9.25 inches.
PHOTO • Shruti Sharma
The tools of the craft from left to right: nola , jamura (plier), chorsi (chisel), bhasola (chipping hammer), scissors, hammer, three hole cleaners, two rettis ( flat and round hand files) and two aaris (hand saws)
PHOTO • Shruti Sharma

বাওঁফালে: বিন্ন প’ল’ খেলৰ ষ্টিক বেলেগ বেলেগ আকাৰৰ হয় আৰু তাৰ বাবে ভিন্ন পৰিমাণৰ কাঠ লগা হয়। হৰ্ছবেক প’ল’ ষ্টিক (একেবাৰে ওচৰত থকা)ৰ ওজন ৯.২৫ ইঞ্চিত ২০০ গ্ৰাম হ’ব লাগে। সোঁফালে: বাওঁফালৰ পৰা সোঁফাললৈ খনিকৰৰ সঁজুলিবোৰ: নলা, জামুৰা (চেপেনা), চৰ্চি (বটালি), কেঁচী, হাতুৰি, ফুটা চাফা কৰা তিনিটা সঁজুলি, দুখন ৰেট্টি (চেপেটা আৰু ঘুৰণীয়া হাতৰ) আৰু দুখন কৰত

স্থানীয় কাঠৰ বজাৰত পোৱা সামগ্ৰীৰে বহু বছৰ কৰা পৰীক্ষা-নিৰীক্ষাই অশোকক সাধাৰণতে আচ-বাব সাজিবলৈ ব্যৱহাৰ হোৱা আমদানি কৰা ভাপ বীচ্ছ আৰু মেপল কাঠৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিছে।

তেওঁ ক’লে যে তেওঁ কিনা কাঠেৰে কি সাজি উলিয়ায় সেই বিষয়ে তেওঁ কেতিয়াও কাঠৰ বেপাৰীক কোৱা নাই। ‘‘সিহঁতে ‘আপুনি বৰ ডাঙৰ কাম কৰিছে’ বুলি দাম বঢ়াই দিব!”

তাৰ পৰিৱৰ্তে তেওঁ যোগনীয়াৰহঁতক কয় যে তেওঁ টেবুলৰ খুটা সাজে। তেওঁ হাঁহি হাঁহি ক’লে, “কোনোবাই যদি মোক সোধে মই বেলনা মাৰি সাজোঁ নেকি, মই হয় বুলিয়েই কওঁ।”

“মোৰ যদি ১৫-২০ লাখ টকা থাকিলেহেঁতেন মোক কোনেও ৰখাব নোৱাৰিলেহেঁতেন,” তেওঁ ক’লে। তেওঁ গম পালে যে আৰ্জেণ্টিনাৰ প’ল’ ষ্টিকৰ টূপবোৰ ভাল হ’বৰ বাবে দেশখনৰ স্থানীয় টিপুৱানা টিপু গছৰ টিপা কাঠেৰে সজা হয়। “সেইটো বৰ পাতল আৰু ভাগি নাযায়, কেৱল তৰপ হিচাপে এৰাই যায়,” তেওঁ জনালে।

আৰ্জেণ্টিনা ষ্টিক এডালৰ দাম কমেও ১০ৰ পৰা ১২ হাজাৰ টকা আৰু “ডাঙৰ খেলুৱৈয়ে আৰ্জেণ্টিনাৰ পৰাই অৰ্ডাৰ কৰে।”

Ashok’s paternal uncle, Keshu Ram with the Jaipur team in England, standing ready with mallets for matches between the 1930s and 1950s
PHOTO • Courtesy: Ashok Sharma
PHOTO • Courtesy: Ashok Sharma

ইংলেণ্ডত ১৯৩০ আৰু ১৯৫০ৰ সময়চোৱাৰ খেলৰ বাবে হাতত ষ্টিক লৈ সাজু হোৱা জয়পুৰ টিমটোৰ সৈতে অশোকৰ খুৰাক কেশু ৰাম (বাওঁফালে) আৰু দেউতাক কল্যাণ (সোঁফালে)

বৰ্তমান অশোকে ‘অৰ্ডাৰ’ পালে ঘোঁৰাৰ পিঠিৰ প’ল’ৰ বাবে প’ল’ ষ্টিক সজাৰ লগতে বিদেশৰ পৰা অহা প’ল’ ষ্টিক মেৰামতি কৰে। ভাৰতৰ ভিতৰত আটাইতকৈ বেছি প’ল’ ক্লাব জয়পুৰ জিলাতে থকা স্বত্ত্বেও, জিলা খনৰ খেলৰ সামগ্ৰী বেচা খুছুৰা দোকানবোৰত বিক্ৰী কৰিবৰ বাবে প’ল’ ষ্টিক নাৰাখে।

“যদি কোনোবাই প’ল’ ষ্টিক বিচাৰি আহে, আমি সদায় তেওঁলোকক প’ল’ ভিক্টৰীৰ বিপৰীতে থকা জয়পুৰ প’ল’ হাউছলৈ পঠিয়াই দিওঁ,” এই বুলি অশোকৰ ‘বিজনেছ কাৰ্ড’খন মোলৈ আগবঢ়াই লিবাৰ্টি স্প’ৰ্টছ (১৯৫৭ চন)ৰ অনিল চাব্ৰিয়াই ক’লে।

প’ল’ ভিক্টৰী চিনেমা (বৰ্তমান হোটেল) ১৯৩৩ চনত ইংলেণ্ড ভ্ৰমণ কৰি প’ল’ খেলিবলৈ যোৱা জয়পুৰ দলৰ ঐতিহাসিক বিজয়ৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে অশোকৰ দেউতাকৰ ফালৰ খুৰাক কেশ্বুৰামে সজাইছিল। সেই যাত্ৰাত দলটোৰ সৈতে ভ্ৰমণলৈ যাবলৈ পোৱা কেশ্বুৰামেই আছিল একমাত্ৰ প’ল’ ষ্টিক সজা খনিকৰ।

আজিকালি ঐতিহাসিক জয়পুৰ দলৰ তিনিজন খেলুৱৈ মান সিং দ্বিতীয়, হানুত সিং আৰু পৃথী সিঙৰ নামত জয়পুৰ আৰু দিল্লীত বাৰ্ষিক প’ল’ টুৰ্ণামেণ্ট হয়। উপমহাদেশখনৰ প’ল’ খেলৰ ইতিহাসত অশোক আৰু তেওঁৰ পৰিয়ালৰ অৱদানৰ তেনে কোনো বিশেষ স্বীকৃতি নাই।

তেওঁ কয়, “যেতিয়ালৈকে বেতৰ ষ্টিকেৰে খেলিব, তেতিয়ালৈকে খেলুৱৈ মোৰ ওচৰলৈ আহিবই লাগিব।’

এই ষ্ট’ৰিটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেশ্যন (এম.এম.এফ.)ৰ ফেল’শ্বিপৰ অধীনত কৰা হৈছে।

অনুবাদ: ৰুবী বৰুৱা দাস

Reporter : Shruti Sharma

ಶ್ರುತಿ ಶರ್ಮಾ MMF-PARI ಫೆಲೋ (2022-23). ಅವರು ಕಲ್ಕತ್ತಾದ ಸಮಾಜಶಾಸ್ತ್ರ ಅಧ್ಯಯನ ಕೇಂದ್ರದಲ್ಲಿ ಭಾರತದಲ್ಲಿ ಕ್ರೀಡಾ ಸರಕುಗಳ ಉತ್ಪಾದನೆಯ ಸಾಮಾಜಿಕ ಇತಿಹಾಸದ ಕುರಿತು ಪಿಎಚ್‌ಡಿ ಮಾಡಲು ಕೆಲಸ ಮಾಡುತ್ತಿದ್ದಾರೆ.

Other stories by Shruti Sharma
Editor : Riya Behl

ರಿಯಾ ಬೆಹ್ಲ್ ಪೀಪಲ್ಸ್ ಆರ್ಕೈವ್ ಆಫ್ ರೂರಲ್ ಇಂಡಿಯಾ (ಪರಿ) ದಲ್ಲಿ ಪತ್ರಕರ್ತರು ಮತ್ತು ಛಾಯಾಗ್ರಾಹಕರಾಗಿದ್ದಾರೆ. ಪರಿ ಎಜುಕೇಶನ್ ವಿಭಾಗದಲ್ಲಿ ವಿಷಯ ಸಂಪಾದಕರಾಗಿ, ಅಂಚಿನಲ್ಲಿರುವ ಸಮುದಾಯಗಳ ಜನರ ಜೀವನವನ್ನು ದಾಖಲಿಸಲು ಅವರು ವಿದ್ಯಾರ್ಥಿಗಳೊಂದಿಗೆ ಕೆಲಸ ಮಾಡುತ್ತಾರೆ.

Other stories by Riya Behl
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

Other stories by Rubee Barooah Das