মই জামনগৰ জিলাৰ লালপুৰ তালুকৰ ছিংগাচ জিলাৰ এটা ৰাবাৰি পৰিয়ালৰ পৰা আহিছোঁ। লিখা-মেলা কৰাটো মোৰ বাবে নতুন, ক’ভিডৰ সময়খিনিতে মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ। পশুপালক সম্প্ৰদায়ৰ বাবে কাম কৰা এটা বেচৰকাৰী সংগঠনত মই কমিউনিটী ম’বিলাইজাৰ হিচাপে কাম কৰোঁ। গুজৰাটীক মূল বিষয় হিচাপে লৈ মই কলা শাখাত প্ৰাকস্নাতক শ্ৰেণীত অনিয়মীয়া শিক্ষাৰ্থী হিচাপেঅধ্যয়ন কৰি আছোঁ। যোৱা ৯ মাহ ধৰি মই মোৰ সম্প্ৰদায়ৰ মানুহখিনিৰ মাজত শিক্ষাৰ প্ৰতি সজাগতা আৰু আগ্ৰহ গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছোঁ। কিন্তু মোৰ এতিয়া বিয়া হ’ল, গতিকে এই কামটো কৰিব পাৰিম নে নোৱাৰিম নিশ্চিত নহয়। আমাৰ সম্প্ৰদায়ৰ মহিলাসকলৰ মাজত শিক্ষা উদ্বেগজনকভাৱে কম। আপুনি ইয়াত শিক্ষিত মহিলা অতি কম সংখ্যকহে দেখিবলৈ পাব।

চাৰণ, ভাৰৱাড়, আহিৰ আদিৰ দৰেই আমি প্ৰধানকৈভেড়াপালনৰ সৈতে জড়িত পশুপালক সম্প্ৰদায়। আমাৰ বহুতে এতিয়া পৰম্পৰাগত জীৱিকা ত্যাগ কৰি ডাঙৰ কোম্পানী বা পথাৰত দিন হাজিৰা কৰা শ্ৰমিক হিচাপে কাম কৰিবলৈ লৈছে। মহিলাসকলেও শ্ৰমিক হিচাপে কাৰখানা আৰু পথাৰত কাম কৰে। আমাৰ সমাজখনেও এই মহিলাসকল আৰু তেওঁলোকৰ কামক আদৰি লৈছে। কিন্তু মোৰ দৰে অকলে অন্য কাম কৰা মহিলাসকলে সামাজিক সমৰ্থন পোৱাটো কঠিন।

কবি গৰাকীয়ে তেওঁৰ কবিতাৰ স্তৱকৰ মাজেৰে দেখুৱাব বিচৰা পটভূমি এক দম্পতীৰ মাজৰ এই কাল্পনিক সংলাপখিনিৰ মাজেৰে প্ৰতিধ্বনিত হৈছে:

ভাৰত : শুনা, তোমাৰ চাকৰি, বা কেৰিয়াৰ হ’ল অন্য দিশ... কিন্তু মোৰ মা-দেউতা... তেওঁলোকক ভালদৰে সেৱা-শুশ্ৰূষা কৰিব লাগিব। তুমি নাজানা যে মই আজি যি হৈছো তেনে হোৱাত সহায় কৰিবলৈ মা-দেউতাই কিমানখিনি ভূগিবলগীয়া হৈছিল।

জস্মিতা : অ’, ঠিকেইতো, মই কেনেকৈ জানিম। মোৰ মা-দেউতাই মোক ক’ৰবাৰ পৰা উঠাইহে আনিছিল যেতিয়া মই সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু সকলো ফালৰপৰা সাজু হৈয়ে আছিলোঁ।

ভাৰত : তুমি কিয় মোক অপমান কৰিছা? মই কৈছো যে উপাৰ্জন কৰিবলৈ মই আছো। মই বিচাৰিছো যে তুমি ঘৰখন চোৱা-চিতা কৰা আৰু এটা আৰামদায়ক জীৱন উপভোগ কৰা। তাৰ বাহিৰেনো তুমি আৰু কি বিচাৰিছা?

জস্মিতা : ঠিকেই, মইনো তাৰ বাহিৰে আৰু কি বিচাৰিম। মই – এটা জড় বস্তুহে। বস্তু এটাৰ আশা-আকাংক্ষা থাকে জানো? মই ঘৰৰ কাম কৰিম আৰু আনন্দ কৰিম, মাহৰ শেষত তোমাৰ ওচৰত পইচা খুজিবলৈ হাত পাতিম আৰু তোমাৰ খং উঠিলে সেয়া সহ্যও কৰিম। কাৰণ তুমি কাম কৰা আৰু মই কেৱল ঘৰত বহি থাকো।

ভাৰত : তুমি মূৰ্খৰ দৰে কথা কৈছা। তুমি এই পৰিয়ালৰ সন্মান। মই তোমাক বাহিৰত গেবাৰি খাটি কাম কৰিবলৈ দিব নোৱাৰো।

জস্মিতা : হয়, হয়, তুমিয়েই শুদ্ধ। মই পাহৰি গ’লো যে তোমাৰ কাৰণে বাহিৰত কাম কৰা সকলো মহিলা নিলাজ, চৰিত্ৰহীন।

এয়াই হ’ল বাস্তৱ। আমাৰ দায়িত্ববোৰ মনত পেলাই দিবলৈ সকলো সাজু হৈ থাকে। তাই কি কৰা উচিত সেয়া ক’বলৈ সকলো আগ্ৰহী হৈ থাকে, কিন্তু কোনেও নোসোধে…

জিগনা ৰাবাৰিয়ে কৰা তেওঁৰ কবিতাটোৰ গুজৰাটী পাঠ শুনিব পাৰে

প্ৰতিষ্ঠা পাণ্ড্যাই কবিতাটোৰ ইংৰাজী অনুবাদৰ কৰা পাঠ শুনিব পাৰে

অধিকাৰ

তালিকা কৰি থোৱা মোৰ অধিকাৰৰ
সেই কাগজখন মই হেৰুৱাই পেলালো।

মোক চৌপাশৰ পৰা বেৰি ধৰি থাকে দায়িত্ববোৰে।
মোৰ অধিকাৰবোৰ পিছে হেৰাই গ’ল, সেইবোৰ বিচাৰি উলিওৱা।

মোৰ কৰ্তব্যৰ প্ৰতি মই নিষ্ঠাৱান
মোৰ অধিকাৰবোৰো মোক ভোগ কৰিবলৈ দিয়া

তুমি এইটো কৰা উচিত।
এইটো এনেকৈহে কৰিবা
কেতিয়াবা সুধিব পাৰা,
মই কি পাবলৈ বিচাৰো।

তুমি এইটো কৰিব নোৱাৰা।
তুমি সেইটো নকৰিবা।
কেতিয়াবা কৈ চাব পাৰা
তুমি যি ভাল পোৱা তাকে কৰা।

মোৰ বোধশক্তি অসীম।
মোৰ দৃঢ়তা অবিৰত।
কিন্তু কেতিয়াবা মোৰ সপোনবোৰ
তোমালোকৰ হাতৰ তলুৱাত সাঁচি থ’ব লগা হয়।

এই চাৰিবেৰ মই তোমালোকতকৈ ভালকৈ চিনো।
কেতিয়াবা মোকো গভীৰ নীলা আকাশৰ বুকুলৈ
উৰিবলৈ দিবাচোন।

দীৰ্ঘকাল জুৰি নাৰীৰ কণ্ঠ ৰুদ্ধ।
মোক অন্ততঃ মুকলিকৈ উশাহকণকে ল’বলৈ দিয়া।

নাই, কি পিন্ধিম, ক’ত ফুৰিম
কেৱল তেনে স্বাধীনতাৰ কথা
মই কোৱা নাই,
তুমি এইটোও মোক সোধা উচিত
মই জীৱনৰ পৰা কি বিচাৰোঁ।

অনুবাদ: বন্যা বৰুৱা

Poem and Text : Jigna Rabari

ಜಿಗ್ನಾ ರಾಬರಿ ಸಹಜೀವನ್‌ ಸಂಘಟನೆಗೆ ಸಂಬಂಧಿಸಿದ ಸಮುದಾಯ ಕಾರ್ಯಕರ್ತರಾಗಿದ್ದಾರೆ ಮತ್ತು ಗುಜರಾತ್‌ನ ದ್ವಾರಕಾ ಮತ್ತು ಜಾಮ್‌ನಗರ ಜಿಲ್ಲೆಗಳಲ್ಲಿ ಕೆಲಸ ಮಾಡುತ್ತಿದ್ದಾರೆ. ಈ ಕ್ಷೇತ್ರದಲ್ಲಿ ಸಕ್ರಿಯವಾಗಿರುವ ಮತ್ತು ಅವರ ಅನುಭವಗಳ ಬಗ್ಗೆ ಬರೆಯುವ ತನ್ನ ಸಮುದಾಯದ ಕೆಲವೇ ವಿದ್ಯಾವಂತ ಮಹಿಳೆಯರಲ್ಲಿ ಅವರೂ ಒಬ್ಬರು.

Other stories by Jigna Rabari
Painting : Labani Jangi

ಲಬಾನಿ ಜಂಗಿ 2020ರ ಪರಿ ಫೆಲೋ ಆಗಿದ್ದು, ಅವರು ಪಶ್ಚಿಮ ಬಂಗಾಳದ ನಾಡಿಯಾ ಜಿಲ್ಲೆ ಮೂಲದ ಅಭಿಜಾತ ಚಿತ್ರಕಲಾವಿದರು. ಅವರು ಕೋಲ್ಕತ್ತಾದ ಸಾಮಾಜಿಕ ವಿಜ್ಞಾನಗಳ ಅಧ್ಯಯನ ಕೇಂದ್ರದಲ್ಲಿ ಕಾರ್ಮಿಕ ವಲಸೆಯ ಕುರಿತು ಸಂಶೋಧನಾ ಅಧ್ಯಯನ ಮಾಡುತ್ತಿದ್ದಾರೆ.

Other stories by Labani Jangi
Translator : Bonya Baruah

Bonya Baruah is a freelance journalist and language expert based in Mumbai. She has been a recipient of many prestigious fellowships including UNICEF Media Fellowship, ZUBAAN-Sasakawa Peace Fellowship, Assam govt. media fellowship and Assam Science Technology and Environment Council Climate Change Reporting fellowship. Her areas of interest are women and gender, environment, human rights and development journalism.

Other stories by Bonya Baruah