উত্তৰ কলকাতাৰ কুমাৰতলিৰ ঠেক গলিবোৰত এখন ৰিক্সাহে কোনোমতে পাৰ হৈ যাব পাৰে। তাতেই আপুনি সততে লগ পোৱা লোকসকলেই হৈছে কুমাৰ- চহৰখনত প্ৰতিমা নিৰ্মাণ কৰা সেইসকল লোক। ইয়াৰপৰাই দেবী দুৰ্গা আৰু অইন দেব-দেবীৰ প্ৰতিমা কলকাতালৈ যায়।
বাঁহ আৰু প্লাষ্টিকেৰে সজা এখন চালিৰ তলতে 'ব্ৰজেশ্বৰ এণ্ড চনচ' নামেৰে (তেওঁৰ পিতৃৰ নামেৰে) কাৰ্থিক পলৰ ইয়াতেই এখন কৰ্মাশালা আছে। প্ৰতিমা সজাৰ দীঘলীয়া আৰু ঢাপে ঢাপে কৰা কামৰ বিষয়ে তেওঁ আমাক কয়। বিভিন্ন ধৰণ মাটি যেনে গংগাৰ মাটি (নৈৰ পাৰৰ পৰা অনা বোকামাটি) আৰু পাথ মাটি (মৰাপাট আৰু গংগা মাটিৰ মিশ্ৰণেৰে তৈয়াৰী) প্ৰতিমা নিৰ্মাণৰ বিভিন্ন স্তৰত ব্যৱহাৰ কৰা হয়।










