“উৎসৱ-পাৰ্বন কিবা থাকিলেই মই গীত লিখিবলৈ লওঁ।”

কহিনুৰ বেগমে অকলেই সকলোখিনি কৰে। তেওঁ গীত লিখে আৰু ঢোল বজায়। “মোৰ লগৰীয়াবোৰে সেই গীত গাবলৈ সমবেত হয়।” তেওঁৰ প্ৰেৰণাদায়ক গীতবোৰত থাকে শ্ৰম, কৃষি আৰু দৈনন্দিন জীৱনৰ কামৰ কথা।

কহিনুৰ আপা (বাইদেউ) মুৰ্শিদাবাদ জিলাৰ এগৰাকী অভিজ্ঞ শ্ৰম অধিকাৰ কৰ্মী ৰূপে জনাজাত। বেলদাংগা-১ ব্লকৰ জানকী নগৰক প্ৰাথমিক বিদ্যালয়ত তেওঁ ৰান্ধনীৰ কাম কৰে। স্কুলখনত মধ্যাহ্ন ভোজনৰ দায়িত্ব তেওঁৰ ওপৰতে ন্যস্ত।

“শৈশৱৰে পৰা কষ্ট কি চিনিছো। কিন্তু ভোক আৰু অতি দাৰিদ্ৰ্যই মোক মোহাৰি মাৰি পেলাব নোৱাৰিলে,” ভালেমান গীত ৰচনা কৰা ৫৫ বৰ্ষীয় মহিলাগৰাকীয়ে কয়।  পঢ়ক: বিড়ি শ্ৰমিকৰ জীৱন আৰু শ্ৰমৰ গান

পশ্চিমবংগৰ মুৰ্শিদাবাদ জিলাত গৰিষ্ঠসংখ্যক মহিলাই বিড়ি পকোৱা কাম কৰি পৰিয়াল চলায়। ভৰি কোচাই দীঘলীয়া সময়ৰ বাবে বহি বিষাক্ত সামগ্ৰী স্পৰ্শ কৰি থকাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত অতি গুৰুতৰ স্থায়ী প্ৰভাৱ পৰে। কহিনুৰ নিজেই এগৰাকী বিড়ি পকোৱা শ্ৰমিক, তেওঁ এই শ্ৰমিকসকলৰ কৰ্ম পৰিৱেশৰ উন্নতি আৰু শ্ৰম অধিকাৰৰ হকে যুঁজ দি আহিছে। পঢ়ক: ধোঁৱা চাঙত মহিলা বিড়ি শ্ৰমিকৰ স্বাস্থ্য

“মোৰ নিজা মাটি নাই। মধ্য়াহ্ন ভোজন ৰান্ধি যি পইচা পাওঁ, সেয়া দিনহাজিৰা কৰা শ্ৰমিকতকৈও কম। মোৰ মানুহজনে (গিৰীয়েক জামালুদ্দিন শ্বেইখ) আৱৰ্জনা গোটোৱা কাম কৰে। আমি আমাৰ তিনি সন্তানক লালন-পালন কৰিছো (বৰ কষ্টৰে),” জানকী নগৰৰ নিজ ঘৰত তেওঁ আমাৰ সৈতে এইদৰে কথা পাতে।

এনেতে আমি বহি থকা ঘৰটোৰ বাৰান্দালৈ কেঁচুৱা এটা আঠুকাঢ়ি আহি থকা দেখি তেওঁৰ মুখখন উজ্জ্বল হৈ পৰে। সেয়া কহিনুৰ আপাৰৰ এবছৰীয়া নাতি। সি আহি আইতাকৰ কোলাত উঠিল, আইতাকৰ মুখখন উজলি উঠিল।

“জীৱনত সংগ্ৰাম থাকিবই। ভয় খাব নালাগিব। আমাৰ সপোনবোৰৰ বাবে যুঁজিব লাগিব,” কামৰ হেঁচাত উৱলি যোৱা নিজৰ হাতৰ তলুৱাখনলৈ চাই তেওঁ কয়। “আনকি মোৰ কণমানিজনীয়েও এই কথা জানে, হয়নে আইজনী?”

“আপোনাৰ কি সপোন দেখে, আপা?” আমি সুধিলো।

তেওঁ সঁহাৰি দিলে, “মোৰ সপোনৰ কথাবোৰ মোৰ গানত আছে, শুনিব।”

ভিডিঅ’ চাওক: কহিনুৰ আপাৰ সপোনবোৰ

ছোট ছোট কপির চারা
জল বেগরে যায় গো মারা
ছোট ছোট কপির চারা
জল বেগরে যায় গো মারা

চারিদিকে দিব বেড়া
ঢুইকবে না রে তোমার ছাগল ভেড়া
চারিদিকে দিব বেড়া
ঢুইকবে না তো তোমার ছাগল ভেড়া

হাতি শুঁড়ে কল বসাব
ডিপকলে জল তুলে লিব
হাতি শুঁড়ে কল বসাব
ডিপকলে জল তুলে লিব

ছেলের বাবা ছেলে ধরো
দমকলে জল আইনতে যাব
ছেলের বাবা ছেলে ধরো
দমকলে জল আইনতে যাব

এক ঘড়া জল বাসন ধুব
দু ঘড়া জল রান্না কইরব
এক ঘড়া জল বাসন ধুব
দু ঘড়া জল রান্না কইরব

চাঁদের কোলে তারা জ্বলে
মায়ের কোলে মাণিক জ্বলে
চাঁদের কোলে তারা জ্বলে
মায়ের কোলে মাণিক জ্বলে

সৰু সৰু কবিৰ পুলি
পানী নহ’লে যায় মৰি
সৰু সৰু কবিৰ পুলি
পানী নহ’লে যায় মৰি

আজি সবতে দিম জেওৰা
চাই লম কেনেকৈ আহে ছাগলী-ভেড়া
আজি সবতে দিম জেওৰা
চাই লম কেনেকৈ আহে ছাগলী-ভেড়া

হাতীৰ শুঁৰৰ দৰে
দমকলৰ পৰা পানী আনিম
হাতীৰ শুঁৰৰ দৰে
দমকলৰ পৰা পানী আনিম

অ’ ল’ৰাৰ বাপেক ল’ৰাটোক ধৰ
মই যাও পানী আনিবলৈ
অ’ ল’ৰাৰ বাপেক ল’ৰাটোক ধৰ
মই যাও পানী আনিবলৈ

এক লোটা পানীৰে বাচন ধুম
দুই লোটা পানীৰে ৰান্ধিম ভাত
এক লোটা পানীৰে বাচন ধুম
দুই লোটা পানীৰে ৰান্ধিম ভাত

জোনৰ বুকুত উজলে তৰা
মাকৰ কোলাত উজলে মাণিক
জোনৰ বুকুত উজলে তৰা
মাকৰ কোলাত উজলে মাণিক।

গীতৰ স্বীকৃতি:

বাংলা গান: কহিনুৰ বেগম

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Smita Khator

ಸ್ಮಿತಾ ಖಾಟೋರ್ ಪೀಪಲ್ಸ್ ಆರ್ಕೈವ್ ಆಫ್ ರೂರಲ್ ಇಂಡಿಯಾ (ಪರಿ) ನ ಭಾರತೀಯ ಭಾಷೆಗಳ ಕಾರ್ಯಕ್ರಮವಾದ ಪರಿಭಾಷಾ ಯೋಜನೆಯ ಮುಖ್ಯ ಅನುವಾದ ಸಂಪಾದಕರು. ಅನುವಾದ, ಭಾಷೆ ಮತ್ತು ಆರ್ಕೈವಿಂಗ್ ಅವರ ಕೆಲಸದ ಕ್ಷೇತ್ರಗಳು. ಅವರು ಮಹಿಳೆಯರ ಸಮಸ್ಯೆಗಳು ಮತ್ತು ಕಾರ್ಮಿಕರ ಬಗ್ಗೆಯೂ ಬರೆಯುತ್ತಾರೆ.

Other stories by Smita Khator
Text Editor : Priti David

ಪ್ರೀತಿ ಡೇವಿಡ್ ಅವರು ಪರಿಯ ಕಾರ್ಯನಿರ್ವಾಹಕ ಸಂಪಾದಕರು. ಪತ್ರಕರ್ತರು ಮತ್ತು ಶಿಕ್ಷಕರಾದ ಅವರು ಪರಿ ಎಜುಕೇಷನ್ ವಿಭಾಗದ ಮುಖ್ಯಸ್ಥರೂ ಹೌದು. ಅಲ್ಲದೆ ಅವರು ಗ್ರಾಮೀಣ ಸಮಸ್ಯೆಗಳನ್ನು ತರಗತಿ ಮತ್ತು ಪಠ್ಯಕ್ರಮದಲ್ಲಿ ಆಳವಡಿಸಲು ಶಾಲೆಗಳು ಮತ್ತು ಕಾಲೇಜುಗಳೊಂದಿಗೆ ಕೆಲಸ ಮಾಡುತ್ತಾರೆ ಮತ್ತು ನಮ್ಮ ಕಾಲದ ಸಮಸ್ಯೆಗಳನ್ನು ದಾಖಲಿಸುವ ಸಲುವಾಗಿ ಯುವಜನರೊಂದಿಗೆ ಕೆಲಸ ಮಾಡುತ್ತಾರೆ.

Other stories by Priti David
Video Editor : Sinchita Maji

ಸಿಂಚಿತಾ ಮಾಜಿ ಪೀಪಲ್ಸ್ ಆರ್ಕೈವ್ ಆಫ್ ರೂರಲ್ ಇಂಡಿಯಾದಲ್ಲಿ ಹಿರಿಯ ವೀಡಿಯೊ ಸಂಪಾದಕರಾಗಿ ಕೆಲಸ ಮಾಡುತ್ತಿದ್ದು, ಸ್ವತಂತ್ರ ಛಾಯಾಗ್ರಾಹಕರು ಮತ್ತು ಸಾಕ್ಷ್ಯಚಿತ್ರ ನಿರ್ಮಾಪಕರಾಗಿಯೂ ಗುರುತಿಸಿಕೊಂಡಿದ್ದಾರೆ.

Other stories by Sinchita Maji
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari