বৰষুণ আৰু পানীৰ অভাৱৰ কাৰণে জনজাত এই কচ্চভূমিৰ (কচ্ছ বুলিও জনা যায়) এটি লোকগীত ‘মিঠা পানী’য়ে অঞ্চলটোৰ নানা ধৰণৰ লোক আৰু বিশাল বৈচিত্ৰময় সংস্কৃতিৰ সমাহাৰৰ জয়গান গাইছে।

লাখো ফুলানিয়ে (৯২০ খ্ৰীষ্টাব্দত আবিৰ্ভাৱ) হাজাৰ বছৰ আগতে কচ্চ, সিন্ধ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ শাসন কৰিছিল। প্ৰজাৰ প্ৰতি দয়া-মমতা থকা উৎসৰ্গিত ৰজা হিচাপে তেওঁৰ সুনাম আছিল। সেইজন ৰজাৰ সুশাসনৰ কথা আজিও সকলোৱে সুঁৱৰি কয়, “ লাখা তৌ লাখো মলাচে পান ফুলানি এ ফেৰ (লাখো নামৰ হাজাৰজন লোক থাকিব পাৰে, কিন্তু লাখো ফুলানি এজনেই, যিয়ে আমাৰ প্ৰজাৰ হৃদয়ত ৰাজ কৰে)।”

এই গীতটোৱে তেওঁৰ কথা কয় আৰু অঞ্চলটোৰ সংস্কৃতিৰ কেন্দ্ৰস্থলত ধৰ্মীয় একতাই স্থান লাভ কৰাৰ কথাও প্ৰকাশ কৰিছে। কচ্চত এনে বহুত তীৰ্থক্ষেত্ৰ আছে য’ত হিন্দু-মুছলমান সকলোৱে দৰ্শন কৰিবলৈ যায়, যেনে হাজীপীৰৰ দৰগাহ আৰু দেশদেৱীৰ আশাপুৰা মন্দিৰ। লোকগীতত কাৰাকোটৰ ফুলানিয়ে নিৰ্মাণ কৰা দূৰ্গৰ দৰে ঐতিহাসিক প্ৰংসগও উত্থাপিত হৈছে।

আন লোকগীতৰ দৰে এই গীতটোৱে প্ৰেম, বিৰহ, বিয়োগ, বিবাহ, মাতৃভূমিৰ পৰা আৰম্ভ কৰি লিংগ সচেতনতা, গণতান্ত্ৰিক অধিকাৰ আৰু বিভিন্ন বিষয় সাঙুৰি লৈছে।

পাৰিয়ে ৩৪১ টা কচ্চী গীতেৰে মাল্টিমিডিয়া সংগ্ৰহ এটা গঢ়িব। মূল ভাষাত স্থানীয় শিল্পীৰ দ্বাৰা গোৱা গীতৰ বাণীবদ্ধ ৰূপ সংৰক্ষিত কৰা হ’ব। ইংৰাজীৰ লগতে গুজৰাটী ভাষাত লোকগীতৰ মূল পাঠ থাকিব আৰু আন ১৪ টা ভাষাত পাৰিয়ে সেয়া অনুবাদ কৰি প্ৰকাশ কৰিব।

৪৫,৬১২ বৰ্গকিলোমিটাৰ জোৰা এক স্পৰ্শকাতৰ এলেকা সামৰি থকা কচ্চ এলেকাটো দক্ষিণে সাগৰ আৰু উত্তৰে মৰুভূমিৰে আৱৰা। ভাৰতৰ আটাইতকৈ ডাঙৰ জিলাসমূহৰ মাজৰ এখন, এই কচ্চ অঞ্চলটো অৰ্ধ-আৰ্দ্ৰ মণ্ডলত পৰে, য’ত প্ৰায়ে খৰাং বতৰ আৰু পানীৰ নাটনিয়ে মানুহক জুৰুলা কৰে।

কচ্চত বিভিন্ন জাতি, ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকে বাস কৰে। তাৰে প্ৰায়ভাগ লোকেই প্ৰায় ১,০০০ বছৰৰো আগতে তালৈ প্ৰব্ৰজন কৰিছে। হিন্দু, মুছলমান আৰু জৈন ধৰ্মালম্বী লোকৰ বসতিস্থল কচ্চত ৰাবাৰি, গাড়ৱি, জাত, মেঘৱাল, মুটৱা, সোধা, ৰাজপুত, কলি, সিন্ধি আৰু দৰবাৰ আদি উপগোটৰ এই ভূমি। কচ্চৰ পোচাক-পৰিচ্ছদ, এম্ব্ৰ’ইডেৰি, গীত-মাত আৰু সাংস্কৃতিক পৰম্পৰাত কচ্চৰ প্ৰাচুৰ্য্যময় আৰু বিভিন্ন সমাজ-সংস্কৃতিৰ সহাৱস্থানৰ প্ৰতিফলন ঘটে। ১৯৮৯ত প্ৰতিষ্ঠিত কচ্চ মহিলা বিকাশ সংগঠন (কে.এম.ভি.এছ.)য়ে সম্প্ৰদায়সমূহৰ লগতে অঞ্চলটোৰ পৰম্পৰাসমূহ সংগঠিত কৰা আৰু উৎকৰ্ষ সাধনৰ কামত জৰিত হৈ আছে।

পাৰিয়ে কে.এম.ভি.এছ.ৰ সৈতে যুটীয়াভাৱে কচ্চী লোকগীতৰ এই প্ৰাচুৰ্য্যময় ভঁৰাল আগবঢ়াইছে। সংস্থাটোৰ সুৰবাণী কাৰ্য্যসূচীৰ অধীনত ইয়াত উপস্থাপন কৰা গীতবোৰ বাণীবদ্ধকৰণ কৰা হৈছে। চৰজমিন পৰ্য্যায়ত মহিলাৰ সবলীকৰণ আৰু তেওঁলোকক সামাজিক পৰিৱৰ্তনৰ কাৰক হিচাপে সাজু কৰিবলৈ সংস্থাটোৰ নিজাকৈ এক উৎৰ্সগিত মিডিয়া গোট আছে। তেওঁলোকে কচ্চৰ সংগীতৰ চহকী ধাৰাৰ প্ৰচাৰৰ বাবে স্থানীয় সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত সুৰবাণী নামে এক নিয়মিত অনাতাঁৰ কাৰ্য্যসূচী চলাই আহিছে। সংগীতৰ ৩৮ টা ধাৰা প্ৰতিনিধিত্ব কৰা এয়া ৩০৫ গৰাকী সংগীতজ্ঞৰ এই অনুষ্ঠানটিৰ যোগেদি কচ্চী লোক সংগীতজ্ঞসকলৰ অৱস্থাৰ উন্নতিৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে। স্থানীয় লোকসংগীতৰ ধাৰা সংৰক্ষণ, বৰ্তাই ৰখা, পুনৰোজ্জীৱিতকৰণ, সবলীকৰণ আৰু প্ৰচাৰৰ যোগেদি এই কাৰ্য্য সাধনৰ চেষ্টা চলাই থকা হৈছে।

অঞ্জৰৰ নাচীম শ্বেইখে গোৱা লোকগীতটো শুনক

કરછી

મિઠો મિઠો પાંજે કચ્છડે જો પાણી રે, મિઠો મિઠો પાંજે કચ્છડે જો પાણી રે
મિઠો આય માડૂએ  જો માન, મિઠો મિઠો પાંજે કચ્છડે જો પાણી.
પાંજે તે કચ્છડે મેં હાજીપીર ઓલિયા, જેજા નીલા ફરકે નિસાન.
મિઠો મિઠો પાંજે કચ્છડે જો પાણી રે. મિઠો મિઠો પાંજે કચ્છડે જો પાણી રે
પાંજે તે કચ્છડે મેં મઢ ગામ વારી, ઉતે વસેતા આશાપુરા માડી.
મિઠો મિઠો પાંજે કચ્છડે જો પાણી. મિઠો મિઠો પાંજે કચ્છડે જો પાણી રે
પાંજે તે કચ્છડે મેં કેરો કોટ પાણી, ઉતે રાજ કરીએ લાખો ફુલાણી.
મિઠો મિઠો પાંજે કચ્છડે જો પાણી રે. મિઠો મિઠો પાંજે કચ્છડે જો પાણી રે


অসমীয়া

কচ্চৰ মিঠা পানী, আস! কচ্চৰ মিঠা পানী
কিমান চেনেহী এই দেশৰ মানুহ, আস! কচ্চৰ মিঠা পানী
হাজীপীৰ দৰগাহৰ সেউজ পতাকা উৰে
কিমান যে মিঠা কচ্চৰ পানী! কিমান যে মিঠা!!
মধগাঁৱৰ সেই মা আশাপুৰাৰৰ পৱিত্ৰ ভূমি
কিমান যে মিঠা কচ্চৰ পানী! কিমান যে মিঠা!!
কেৰাৰ দূৰ্গৰ অৱশেষ, য’ত আছিল লাখা ফুলানীৰ ৰাজত্ব
কিমান যে মিঠা কচ্চৰ পানী! কিমান যে মিঠা!
কিমান চেনেহী এই দেশৰ মানুহ, আৰু মৌ-মিঠা পানী।
কচ্চৰ মিঠা পানী, আস! কচ্চৰ মিঠা পানী


PHOTO • Antara Raman

গীতৰ প্ৰকাৰ : লোকগীত

গীতৰ কথা : ভূমি, ঠাই আৰু মানুহ

গীত : ১

গীতৰ শিৰোনাম : কচ্চৰ মিঠা পানী, আস! কচ্চৰ মিঠা পানী

লিখক : নাচীম শ্বেইখ

গীতিকাৰ : দেৱল মেহতা

শিল্পী : অঞ্জৰৰ নাচীম শ্বেইখ

ব্যৱহৃত বাদ্যযন্ত্ৰ : হাৰমনিয়াম, বাঞ্জ’, ধোল, টেম্বৰিন

বাণীবদ্ধকৰণৰ চন : ২০০৮, কে.এম.ভি.এছ. ষ্টুডিঅ’

গুজৰাটী অনুবাদ : অমদ চামেজা, ভাৰতী গ’ৰ


প্ৰীতি চনি, অৰুণা ধোলকিয়া, কে.এম.ভি.এছ.ৰ সচিব, অমদ চামেজা, কে.এম.ভি.এছ.ৰ প্ৰকল্প সমন্বয়কক তেওঁলোকৰ সহায়-সহযোগিতাৰ কাৰণে আৰু গুজৰাটী অনুবাদত সহায়ৰ বাবে ভাৰতীবেন গ’ৰলৈ ধন্যবাদ।

অনুবাদ: পংকজ দাস

Editor : Pratishtha Pandya

ಪ್ರತಿಷ್ಠಾ ಪಾಂಡ್ಯ ಅವರು ಪರಿಯ ಹಿರಿಯ ಸಂಪಾದಕರು, ಇಲ್ಲಿ ಅವರು ಪರಿಯ ಸೃಜನಶೀಲ ಬರವಣಿಗೆ ವಿಭಾಗವನ್ನು ಮುನ್ನಡೆಸುತ್ತಾರೆ. ಅವರು ಪರಿಭಾಷಾ ತಂಡದ ಸದಸ್ಯರೂ ಹೌದು ಮತ್ತು ಗುಜರಾತಿ ಭಾಷೆಯಲ್ಲಿ ಲೇಖನಗಳನ್ನು ಅನುವಾದಿಸುತ್ತಾರೆ ಮತ್ತು ಸಂಪಾದಿಸುತ್ತಾರೆ. ಪ್ರತಿಷ್ಠಾ ಗುಜರಾತಿ ಮತ್ತು ಇಂಗ್ಲಿಷ್ ಭಾಷೆಗಳಲ್ಲಿ ಕೆಲಸ ಮಾಡುವ ಕವಿಯಾಗಿಯೂ ಗುರುತಿಸಿಕೊಂಡಿದ್ದು ಅವರ ಹಲವು ಕವಿತೆಗಳು ಮಾಧ್ಯಮಗಳಲ್ಲಿ ಪ್ರಕಟವಾಗಿವೆ.

Other stories by Pratishtha Pandya
Illustration : Antara Raman

ಅಂತರಾ ರಾಮನ್‌ ಸಾಮಾಜಿಕ ಪ್ರಕ್ರಿಯೆಗಳು ಮತ್ತು ಪೌರಾಣಿಕ ಚಿತ್ರಣಗಳಲ್ಲಿ ಆಸಕ್ತಿ ಹೊಂದಿರುವ ಇಲಸ್ಟ್ರೇಟರ್‌ ಮತ್ತು ವೆಬ್‌ಸೈಟ್‌ ಡಿಸೈನರ್‌ ಆಗಿದ್ದು . ಬೆಂಗಳೂರಿನ ಸೃಷ್ಟಿ ಇನ್ಸ್ಟಿಟ್ಯೂಟ್ ಆಫ್ ಆರ್ಟ್, ಡಿಸೈನ್ ಅಂಡ್ ಟೆಕ್ನಾಲಜಿಯ ಪದವೀಧರೆ, ಕಥಾ ಜಗತ್ತು ಮತ್ತು ಚಿತ್ರವು ಜೊತೆಯಾಗಿ ಬದುಕುತ್ತವೆ ಎಂದು ಅವರು ನಂಬುತ್ತಾರೆ

Other stories by Antara Raman
Translator : Pankaj Das

ಪಂಕಜ್ ದಾಸ್ ಪೀಪಲ್ಸ್ ಆರ್ಕೈವ್ ಆಫ್ ರೂರಲ್ ಇಂಡಿಯಾದಲ್ಲಿ ಅಸ್ಸಾಮಿಯ ಭಾಷಾಂತರ ಸಂಪಾದಕರು. ಗುವಾಹಟಿಯಲ್ಲಿ ನೆಲೆಸಿರುವ ಅವರು ಯುನಿಸೆಫ್ನಲ್ಲಿ ಕೆಲಸ ಮಾಡುವ ಲೋಕಲೈಸೇಷನ್ ತಜ್ಞರೂ ಆಗಿದ್ದಾರೆ. ಅವರು idiomabridge.blogspot.com ಎನ್ನುವ ಜಾಲತಾಣದಲ್ಲಿ ತಮ್ಮ ಭಾವನೆಗಳನ್ನು ಅಭಿವ್ಯಕ್ತಿಸುತ್ತಾರೆ.

Other stories by Pankaj Das