মই ক’ৰবাত লিখিছো যে তুমি আমাক উভালি পেলাব পাৰা আৰু নদীত উটুৱাই দিব পাৰা। কিন্তু তোমাৰ বাবে পানী নাথাকিব। তুমি আমাৰ মাটি, আমাৰ পানী কাঢ়ি নিব পাৰা, কিন্তু আমি তোমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে মৰণপণ যুঁজ দিম। জল, জংগল, জমিনৰ সংগ্ৰাম কেৱল আমাৰ নহয়, আমি প্ৰকৃতিৰ পৰা কোনো বিচ্ছিন্ন নহয়। প্ৰকৃতিৰ সৈতে সমন্বয়েৰে আদিবাসীসকল জীয়াই থাকে। আমি আমাক প্ৰকৃতিৰ পৰা বেলেগ বুলি নাভাবো। মই দেহৱালি ভিলি ভাষাত লিখা ভালেকেইটা কবিতাত আমাৰ মানুহৰ মূল্যবোধ সংৰক্ষণ কৰাৰ চেষ্টা কৰিছো।

আমি আদিবাসী সম্প্ৰদায়ে জগতখনক কেনেকৈ চাওঁ, সেয়া ভৱিষ্যত প্ৰজন্মৰ বাবে অনুসৰণৰ আদিপাঠ হ’ব পাৰে। জগতখনক চোৱাৰ যি দৃষ্টিভংগী, সেয়া আদৰি লৈ জীৱনটো চলাই নিয়াৰ বাদে গত্যন্তৰ নাই, যদিহে আপুনি সামূহিক আত্মহত্যাৰ বাবে সাজু হোৱা নাই।

জীতেন্দ্ৰ বাচাৱাই তেওঁৰ কবিতাটো দেহৱালি ভিলি ভাষাত কৰা পাঠ শুনিব পাৰে

কবিতাটোৰ ইংৰাজী অনুবাদৰ প্ৰতিষ্ঠা পাণ্ড্যাই কৰা পাঠ শুনিব পাৰে

ভৰিখন ’বলৈ এডোখৰ মাটি

অ’ মোৰ ভ্ৰাতৃ,
মই নাভাবো, তুমি যে বুজি পাবা
পাথৰ ভঙা আৰু মাটিবোৰ জ্বলাই দিয়াৰ অৰ্থ কি।
তোমাৰ ঘৰখন তুমি পোহৰাই ৰাখিছা, খুবেই সুখী হৈছা
ব্ৰহ্মাণ্ডখনৰ শক্তিৰ ওপৰত নিয়ন্ত্ৰণ পাব খুজিছা।
তুমি বুজি নাপাবা
এটোপাল পানীৰ মৃত্যু কি বুজায়।
তুমি এই জগতৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি -
এই ‘লেবৰেটৰি’টোৱে তোমাৰ শ্ৰেষ্ঠতাৰ প্ৰমাণ।

এই পোক-পৰুৱা, গছ-লতাৰ লগত
তোমাৰনো কি কাম?
তুমি আকাশত ঘৰ সজাৰ সপোন দেখা মানুহ।
তুমি এই বসুমতিৰ সন্তান হৈ থকা নাই।
তোমাৰ খং নুঠে চাগে ভ্ৰাতৃ
যদি মই তোমাক
‘চন্দ্ৰপুৰুষ’ বুলি কওঁ
তুমিতো আকাশৰ চৰাই নহয়
যে উৰি যাবা পৰ্বত শিখৰলৈ
আৰু সপোন নেদেখিবাইনো কিয়,
তোমাৰ যে ইমান ভাল শিক্ষা আছে!

ভ্ৰাতৃ, তুমি কাৰো কথা নুশুনা
কিন্তু আমাৰ দৰে পঢ়া-শুনা নথকাবোৰৰ কাৰণে
পাৰিলে এটা কাম কৰি যাবা
ভৰিদুখন জীৰোৱাৰ বাবে এডোখৰ মাটি ৰাখি যাবা।
তোমাক অনুৰোধ কৰিছো।

হে মোৰ ভ্ৰাতৃ
মই নাভাবো, তুমি যে বুজি পাবা
পাথৰ ভঙা আৰু মাটিবোৰ জ্বলাই দিয়াৰ অৰ্থ কি।
তোমাৰ ঘৰখন তুমি পোহৰাই ৰাখিছা, খুবেই সুখী হৈছা
ব্ৰহ্মাণ্ডখনৰ শক্তিৰ ওপৰত নিয়ন্ত্ৰণ পাব খুজিছা।
তুমি বুজি নাপাবা
এটোপাল পানীৰ মৃত্যুৱে কি বুজায়।
কিয়নো তুমি এই জগতৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি।

অনুবাদ: পংকজ দাস

Poem and Text : Jitendra Vasava

ಜಿತೇಂದ್ರ ವಾಸವ ಗುಜರಾತಿನ ನರ್ಮದಾ ಜಿಲ್ಲೆಯ ಮಹುಪಾದ ಗ್ರಾಮದ ಕವಿಯಾಗಿದ್ದು, ಅವರು ದೆಹ್ವಾಲಿ ಭಿಲಿ ಭಾಷೆಯಲ್ಲಿ ಬರೆಯುತ್ತಾರೆ. ಅವರು ಆದಿವಾಸಿ ಸಾಹಿತ್ಯ ಅಕಾಡೆಮಿಯ (2014) ಸ್ಥಾಪಕ ಅಧ್ಯಕ್ಷರು ಮತ್ತು ಬುಡಕಟ್ಟು ಧ್ವನಿಗಳಿಗೆ ಮೀಸಲಾದ ಲಖರಾ ಎಂಬ ಕಾವ್ಯ ನಿಯತಕಾಲಿಕದ ಸಂಪಾದಕರಾಗಿದ್ದಾರೆ. ಆದಿವಾಸಿ ಮೌಖಿಕ ಸಾಹಿತ್ಯದ ಬಗ್ಗೆ ನಾಲ್ಕು ಪುಸ್ತಕಗಳನ್ನು ಸಹ ಪ್ರಕಟಿಸಿದ್ದಾರೆ. ಇವರ ಡಾಕ್ಟರೇಟ್ ಸಂಶೋಧನೆಯು ನರ್ಮದಾ ಜಿಲ್ಲೆಯ ಭಿಲ್ಲ ಜನರ ಮೌಖಿಕ ಜಾನಪದ ಕಥೆಗಳ ಸಾಂಸ್ಕೃತಿಕ ಮತ್ತು ಪೌರಾಣಿಕ ಅಂಶಗಳ ಮೇಲೆ ಕೇಂದ್ರೀಕರಿಸಿದೆ. ಪರಿಯಲ್ಲಿ ಪ್ರಕಟವಾಗುತ್ತಿರುವ ಅವರ ಕವಿತೆಗಳು ಅವರ ಮುಂಬರುವ ಮತ್ತು ಮೊದಲ ಕವನ ಸಂಕಲನದಿಂದ ಆಯ್ದುಕೊಳ್ಳಲಾಗಿದೆ.

Other stories by Jitendra Vasava
Illustration : Labani Jangi

ಲಬಾನಿ ಜಂಗಿ 2020ರ ಪರಿ ಫೆಲೋ ಆಗಿದ್ದು, ಅವರು ಪಶ್ಚಿಮ ಬಂಗಾಳದ ನಾಡಿಯಾ ಜಿಲ್ಲೆ ಮೂಲದ ಅಭಿಜಾತ ಚಿತ್ರಕಲಾವಿದರು. ಅವರು ಕೋಲ್ಕತ್ತಾದ ಸಾಮಾಜಿಕ ವಿಜ್ಞಾನಗಳ ಅಧ್ಯಯನ ಕೇಂದ್ರದಲ್ಲಿ ಕಾರ್ಮಿಕ ವಲಸೆಯ ಕುರಿತು ಸಂಶೋಧನಾ ಅಧ್ಯಯನ ಮಾಡುತ್ತಿದ್ದಾರೆ.

Other stories by Labani Jangi
Translator : Pankaj Das

ಪಂಕಜ್ ದಾಸ್ ಪೀಪಲ್ಸ್ ಆರ್ಕೈವ್ ಆಫ್ ರೂರಲ್ ಇಂಡಿಯಾದಲ್ಲಿ ಅಸ್ಸಾಮಿಯ ಭಾಷಾಂತರ ಸಂಪಾದಕರು. ಗುವಾಹಟಿಯಲ್ಲಿ ನೆಲೆಸಿರುವ ಅವರು ಯುನಿಸೆಫ್ನಲ್ಲಿ ಕೆಲಸ ಮಾಡುವ ಲೋಕಲೈಸೇಷನ್ ತಜ್ಞರೂ ಆಗಿದ್ದಾರೆ. ಅವರು idiomabridge.blogspot.com ಎನ್ನುವ ಜಾಲತಾಣದಲ್ಲಿ ತಮ್ಮ ಭಾವನೆಗಳನ್ನು ಅಭಿವ್ಯಕ್ತಿಸುತ್ತಾರೆ.

Other stories by Pankaj Das