জানুৱাৰীৰ শীতৰ এটি সন্ধিয়া দিল্লীত নিজৰ ঘৰৰেই বাৰান্দাত আলহীৰ দৰে বহি থকা কমাৰ তবৰেজে হাজাৰ কিলোমিটাৰ দূৰৰ গাঁৱত থকা মাকলৈ বুলি ফোন লগালে। ৭৫ বৰ্ষীয় মাতৃ চামিনা খাতুনৰ সৈতে কথোপকথনে তেওঁক বিহাৰৰ সিতামাৰ্হি জিলাৰ বাৰি ফুলৱাৰিয়া গাঁৱৰ শৈশৱৰ ঘৰখনলৈ লৈ গ’ল।

তেওঁলোকৰ কথোপকথন আপুনি শুনিলে আচৰিত নহৈ নোৱাৰে। উৰ্দু ভাষাত তেওঁ কৈছে, “ আম্মি ঝাৰা য়ে বতাইয়েগা , বচপন ম্যে জো মেৰে ছৰ পৰ জখম হোতা থা না উছকা ইলাজ কেইসে কৰতে থ্যে ? ” (কওঁকচোন মা, সৰুতে মূৰত আঁচোৰ খালে কেনেকৈ মোৰ চিকিৎসা কৰিছিল?)

চিৰ ম্যে জো হো জাহায়ি - টোৰ্হু হোলা ৰহা - বাতখোৰা কাহা হায়ি অকো ইধৰ ৰেহ , চিকনি মিট্টি লগাকে ধোলিয়া ৰহা , মগৰ লগা হায়ি বহুত তা চুট গেলায়ি ” [মূৰৰ ছালত আঘাত পালে, যিটো তোমাৰ হৈছিলো - তাক ইয়াত বাটখোৰা কয়। তেতিয়া মই তোমাৰ মূৰটো ৰেহ (নিমখীয়া মাটি) আৰু চিকনি মিট্টি (বোকামাটি)ৰে ধুই দিও, কিন্তু বৰ কষ্ট পোৱা যায়। অৱশ্যে শেষত ঘাঁ শুকাই যায়।] তেওঁ ঘৰুৱা সমিধানৰ আগবঢ়াই হাঁহি মাৰি কথা সামৰে, তেওঁৰ ভাষাটো কমাৰৰ ভাষাতকৈ লক্ষণীয়ভাৱে বেলেগ।

তেওঁলোকৰ কথা-বতৰা একো অস্বাভাৱিক নাছিল। কমাৰে তেওঁ মাতৃৰ সৈতে সদায় ভিন্ন ভাষাতে এনেকৈ কথা পাতি আহিছে।

“তেখেতৰ ভাষাটো মই বুজি পাওঁ, কিন্তু ক’ব নোৱাৰো। উৰ্দু মোৰ ‘মাতৃভাষা’ বুলি কওঁ, কিন্তু মোৰ মায়ে ভিন্ন এটা ভাষা কয়,” দ্বিতীয়দিনা আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে পাৰিভাষাৰ মিটিং এখনত তেওঁ কয়। “তেওঁ কোৱা উপভাষাটোৰ বিষয়ে ঘৰৰ আনসকল বাদেই, আম্মিয়ে নিজেও নাজানে। এই উপভাষাত কথা কোৱাসকলেও নাজানে,” তেওঁ যোগ দিয়ে। কামৰ সন্ধানত তেওঁৰ পিতৃ আৰু ভায়েককে ধৰি যিসকলে গাঁৱৰ পৰা আহিছিল, তেওঁলোকে সেই ভাষা কোৱা নাছিল। কমাৰদাৰ ল’ৰা-ছোৱালীহালে আকৌ আইতাকৰ ভাষা শুনি আচৰিত হয়, অলপো বুজি নাপায়।

A board at the entrance to the w restling school in rural western Maharashtra says taleem (Urdu for education). But the first thing you see within is an image of Hanuman, the deity of wrestlers (pehelwans) here. It's an image that speaks of a syncretic blend of cultures
PHOTO • P. Sainath

গ্ৰামীণ মহাৰাষ্ট্ৰৰ পশ্চিমভাগৰ এখন মল্লযুঁজৰ পাঠশালাত প্ৰৱেশদ্বাৰত লগোৱা ফলকখনত লিখা আছে – তালিম (উৰ্দু ভাষাত অৰ্থ হৈছে শিক্ষা)। কিন্তু প্ৰথমে আপুনি হনুমানৰ ফটো এখন দেখিব। ইয়ে এক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে

“আম্মিয়ে কি ভাষা কয়, সেয়া মই খুঁচৰি চাবলৈ যত্ন কৰিছো,” তেওঁ কয়। “আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ভাষাতত্ত্ববিদ মহম্মদ জাহাংগীৰ ৱাৰ্ছিয়ে এই ভাষাটো ‘মৈথিলি উৰ্দু’ বুলি কৈছে। আকৌ জে.এন.ইউ.ৰ এগৰাকী অধ্যাপকে কৈছে যে বিহাৰৰ এই অঞ্চলৰ মুছলমানসকলে চৰকাৰী নথিত উৰ্দু নিজৰ মাতৃভাষা বুলি লিখে যদিও ঘৰত তাৰ এটা উপভাষাতহে কথা পাতে। অনুমান হয় যে আম্মিৰ ভাষাটো উৰ্দু, পাৰ্চী, আৰবী, হিন্দু আৰু মৈথিলি ভাষা মিলি সেই অঞ্চলত বিৱৰ্তিত হোৱা এক সংমিশ্ৰিত ভাষা।”

প্ৰতিটো প্ৰজন্মৰ সৈতে হেৰাই যাব ধৰা এয়া এগৰাকী মাতৃৰ ভাষা।

সেয়াই! কমাৰদাই আমাক এনেকৈ হেৰাই যোৱা শব্দ আৰু ভাষাৰ জগত এখনলৈ লৈ গ’ল। আমি অতীতৰ পৰা আমাৰ মাতৃভাষাৰ হেৰোৱা শব্দবোৰ বিচাৰি উলিয়াবলৈ যত্ন কৰিলো, এনে এটা প্ৰস্তুতি চলালো যিটোৰে এই ভাষা আৰু শব্দবোৰ হেৰাই যোৱাৰ ব্যাখ্যা বিচাৰি পাওঁ। আৰু আমি এনেকৈ বৰ্জেছ আলেফলৈ উভতি যাবলগীয়া হ’ল।

*****

কমাৰদাৰ পিছতে প্ৰথম ৰাজাই তেওঁৰ কিছু কথা যোগ দিব বিচাৰিলে। “তামিল ভাষাত জনপ্ৰিয় তিৰুকুৰল যুগ্মক এটা আছে,” তেওঁ কয়।

মায়িৰ নেপ্পিন ৱাড়া কাবাৰিমা আন্নাৰ
উয়িৰনীপ্পাৰ মানম ৱাৰিন [ কুৰাল # ৯৬৯ ]”

অনুবাদ এনেকুৱা ধৰণৰ হ’ব: হৰিণ এটাৰ গাৰ পৰা নোম এৰুৱাই নিলে সি মৰি যায়। একেদৰে সন্মান হেৰুওৱাজনেও লজ্জাত মৰে।

“কবিতাৰ পংক্তিটোত মানুহৰ আত্মসন্মানক হৰিণ এটাৰ নোমৰ সৈতে তুলনা কৰা হৈছে। এইখিনি কথা মু. বৰ্দৰাচনাৰৰ অনুবাদৰ পৰা বুজিব পাৰি,” অলপ সংকোচবোধ কৰি ৰাজাই কয়। “কিন্তু নোম চিঙিলে হৰিণ এটা কেনেকৈ মৰিব? পিছত ভাৰত-তত্ত্ববিদ আৰ বালাকৃষ্ণননৰ সিন্ধু উপত্যকাত তামিল গাঁৱৰ নাম শীৰ্ষক লেখাটোৰ পৰা বুজিব পাৰিলো যে কবিতাটোত কাবাৰিমা মানে তামিল ভাষাত চুঁৱৰী পহু (য়াক)ৰ হে কথা কোৱা হৈছে, হৰিণৰ নহয়।”

“চুঁৱৰী পহু? কিন্তু হিমালয়ৰ উপৰিভাগত পোৱা চাৰিঠেঙীয়া তৃণভোজীবিধৰ উল্লেখ তামিল কবিতাত কেনেকৈ আহিল, দেশৰ আন এটা প্ৰান্তত কোৱা ভাষাত কেনেকৈ আহি সোমাল? আৰ বালকৃষ্ণনে সভ্যতাৰ প্ৰব্ৰজনৰ যোগেদি কথাখিনি ফঁহিয়াই বুজাইছে। তেওঁৰ মতে সিন্ধু সভ্যতাৰ সময়ত বহুতেই তেওঁলোকৰ নিজা শব্দ, জীৱন যাপনৰ শৈলী আৰু স্থানীয় নামবোৰ কঢ়িয়াই দক্ষিণলৈ আহিছিল।”

A full grown Himalayan yak (left) and their pastoral Changpa owners (right). Kavarima, a word for yak, missing in modern Tamil dictionaries, is found in Sangam poetry
PHOTO • Ritayan Mukherjee
A full grown Himalayan yak (left) and their pastoral Changpa owners (right). Kavarima, a word for yak, missing in modern Tamil dictionaries, is found in Sangam poetry
PHOTO • Ritayan Mukherjee

হিমালয়ৰ ওখ পৰ্বতৰ এটা পূৰ্ণবয়স্ক চুঁৱৰী পহু বা য়াক (বাওঁফালে) আৰু লগত গৰখীয়া চাংপা গৰাকীজন (সোঁফালে)। কাবাৰিমা য়াকৰ তামিল প্ৰতিশব্দ। আধুনিক তামিল অভিধানত এই শব্দটো নাই যদিও সংগম কবিতাত এই শব্দটো পোৱা গৈছে

“আন এগৰাকী পণ্ডিত ভি. আৰাছুৱে কয়,” ৰাজাই কৈ যায়, “যে ভাৰতীয় উপমহাদেশৰ ইতিহাস এতিয়াৰ ৰাষ্ট্ৰ বা প্ৰদেশ বা দেশখনৰ ধাৰণাৰে চোৱাটো সমুচিত নহয়। এনেও হ’ব পাৰে যে ভাৰতীয় উপমহাদেশৰ মানুহে এটা সময়ত দ্ৰাবিড়ীয় ভাষা কৈছিল। সিন্ধু উপত্যকাৰ পৰা আৰম্ভ কৰি দক্ষিণলৈ শ্ৰীলংকা পৰ্য্যন্ত বিস্তৃত অঞ্চলত বাস কৰা সেই জনসংখ্যালৈ চাই এয়া আচৰিত হ’বলগীয়া নহয় যে তামিল ভাষাত হিমালয়ত বসতি কৰা পশু এবিধৰ নাম আছে।”

“কাবাৰিমা - এটা বিস্ময়কৰ শব্দ!” ৰাজাই বিস্মিত হোৱাৰ সুৰত কয়। “মন কৰিবলগীয়া যে তামিল অভিধান ক্ৰেয়াত কাবাৰিমা শব্দটো নাই।”

*****

এনে বহু শব্দৰ কাহিনী আছে, শব্দ আছে, যিবোৰ আপুনি অভিধানত বিচাৰি নাপাব। এনে হোৱাৰ আঁৰৰ কাহিনীটো হৈছে মান নিৰ্ধাৰণৰ ৰাজনীতি।

“বহু শতিকাজুৰি বংগৰ খেতিয়ক, কুমাৰ, গৃহিণী, কবি, হস্তশিল্পীয়ে তেওঁলোকৰ নিজ নিজ স্থানীয় ভাষা ৰাৰ্হি, বৰেন্দ্ৰি, মানভূমি, ৰংগপুৰি আদি ভাষাত কথা পাতিছিল আৰু লিখিছিল। কিন্তু ঊনবিংশতিতম আৰু বিংশ শতিকাৰ বংগৰ নৱজাগৰণৰ পিছত বাংলাই ইয়াৰ আঞ্চলিক আৰু আৰাবো-পাৰ্চী শব্দৰ ভঁৰালৰ অধিকাংশই হেৰুৱালে। মান নিৰ্ধাৰণ আৰু আধুনিকীকৰণৰ ইটোৰ পিছত সিটো ঢৌ আহিল। ইফালে সংস্কৃতায়ন আৰু এংল’ফনিক, ইউৰোপীয় শব্দ আৰু বাগধাৰাৰ প্ৰৱেশ ঘটিল। ই বাংলা ভাষাৰ সামাজিক-সাংস্কৃতিক উপাদানেৰে সমৃদ্ধ শব্দবোৰ উটুৱাই নিলে। তেতিয়াৰে পৰা আদিবাসী ভাষা যেনে চাওতালি, কুৰ্মালি, ৰাজবংশী, কুৰুখ, নেপালী আদি ভাষা উদ্ভুত বা আহৰিত শব্দবোৰ পদ্ধতিগতভাৱে আঁতৰাই পেলোৱা গৈছে।”

এয়া কেৱল বাংলা ভাষাৰ ক্ষেত্ৰতেই প্ৰযোজ্য নহয়। প্ৰতিটো ভাৰতীয় ভাষাৰ ক্ষেত্ৰতে এই কথা খাটে, কথাতে কয় নহয়, “ বাৰ গাওঁ এ বৌলি বদলায় (প্ৰতি ১২-১৫ কিলোমিটাৰৰ মূৰে মূৰে ভাষা সলনি হৈ গৈ থাকে)। ভাৰতৰ প্ৰতিখন ৰাজ্যত, ঔপনিৱেশিকতাবাদৰ সময়ত, স্বাধীনোত্তৰ ভাৰতত ভাষাৰ ভিত্তিত ৰাজ্যৰ বিভাজন হোৱাৰ সময়ত একেই পদ্ধতিৰে হোৱা খহনীয়াত বহু ভাষা আৰু শব্দ নোহোৱা হৈছিল। মন কৰিবলগীয়া যে ৰাজ্যিক ভাষা গঠনৰ প্ৰক্ৰিয়াত ঐতিহাসিকভাৱে সাংস্কৃতিক আৰু ৰাজনৈতিক প্ৰভাৱ সংপৃক্ত হৈ আছে।

“মোৰ ঘৰ বাঁকুৰাত,” জশুৱাই কয়। “সেয়া পূৰ্বৰ মল্লভুম ৰাজ্যৰ নাভিকেন্দ্ৰত, যিখন বিভিন্ন ভাষিক নৃগোষ্ঠীয় গোটৰ লোকৰ মিলনভূমি; য’ত বহু ভাষা, ৰীতি-নীতি আদি বিভিন্ন আদান-প্ৰদান ঘটিছিল। অঞ্চলটোৰ প্ৰতিটো ভাষাৰ বিপুল সংখ্যক মিশ্ৰশব্দ আছে আৰু কুৰ্মালি, চাওতালী, ভুমিজ আৰু বিৰহৰি ভাষাৰ শব্দৰূপ আছে।”

The story of the state language in India is historically fraught with cultural and political implications
PHOTO • Labani Jangi

ৰাজ্যিক ভাষা গঢ় লোৱা প্ৰক্ৰিয়াত ঐতিহাসিকভাৱে সাংস্কৃতিক আৰু ৰাজনৈতিক প্ৰভাৱ সংপৃক্তি হৈ আছে

“কিন্তু মানক ভাষা নিৰ্ধাৰণ আৰু আধুনিকীকৰণৰ নামত কিছুমান শব্দ যেনে আৰা (ভূমি), জুমৰাকুচা (পোৰা খৰি), কাকতি (কাছ), জোঢ় (জুৰি), আগৰা (ফোঁপোলা), বিলাতি বেগুন (বিলাহী) আদিকে ধৰি বহু এনে শব্দ ঔপনিৱেশিকতাবাদী কলকাতাৰ উচ্চ জাতৰ আৰু ৰাজনৈতিক গোষ্ঠীৰ প্ৰভাৱত সৃষ্ট অতিবেছি সংস্কৃতায়িত আৰু ইউৰোপীয় বাক্য আৰু শব্দৰে সলনি কৰি পেলোৱা হৈছে।”

*****

কিন্তু শব্দ এটা হেৰাই গ’লে কি হয়? শব্দটো প্ৰথমে নাইকিয়া হয় নে তাৰ অৰ্থ? নে তাৰ প্ৰসংগ, যিয়ে ভাষাটোত এটা ৰিক্ত স্থানৰ সৃষ্টি কৰে? কিন্তু সেই ক্ষতিৰ অন্তত ৰিক্ত স্থানত নতুন এটা শব্দই আহি ঠাই নলয়নে?

নতুন এটা শব্দ উৰাপুল ’ (উৰন্ত দলং)য়ে যেতিয়া ফ্লাইঅভাৰ শব্দৰ বাংলা প্ৰতিৰূপ হৈ পৰিল, আমি কিবা হেৰুৱালো নে পালো? আৰু আমি যি হেৰুৱালো, তাৰ তুলনাত নতুন শব্দটোৱে তাৰ ক্ষতিপূৰণ বহন কৰিব পাৰিছেনে? স্মিতাই মনৰ ভাৱ প্ৰকাশ কৰি কয়।

পোহৰ আৰু বতাহ সোমাবলৈ আগতে পৰম্পৰাগতভাৱে ব্যৱহাৰ হোৱা ছালিৰ তলতে থকা বাতায়নৰ বাবে থকা ব্যৱস্থা এটাৰ বাংলা নাম স্মিতাই মনত পেলায় - ঘূলঘুলি। “এতিয়া সেই ঘূলঘুলি নাই,” স্মিতাই কয়। “দহ শতিকা পূৰ্বে বিজ্ঞ মহিলা খানাই ৰচনা কৰা খানাৰ বচন নামে বাংলা বচনত কৃষি, স্বাস্থ্য আৰু দৰৱ, বতৰ, ঘৰৰ নিৰ্মাণৰ বিষয়ে বাস্তৱ কাৰ্য্যকাৰিতাৰ বিস্ময়কৰ প্ৰয়োগ হোৱা কথা কিছুমান লিখি গৈছে:

আলো হাৱা বেন্ধো না
ৰোজে ভোগে মৰো না

পোহৰ-বতাহ ৰোধি ঘৰ নাবান্ধিবা।
নৰিয়াত পৰি নমৰিবা।

পিৰে উঞ্চু মেঝে খাল
তাৰ দুখো সৰ্বকাল

মজিয়া চাপৰ, চোতাল ওখ যাৰ
দুখ-দুৰ্গতি কোনোদিন নুগুছে তাৰ

আমাৰ পূৰ্বপুৰুষসকলে খানাৰ সেই বচন মানি ঘৰত ঘূলঘুলিৰ কাৰণে ঠাই ৰাখিছিল,” স্মিতাই কয়। “কিন্তু ৰাজ্যৰ সামাজিক সুৰক্ষা আঁচনিৰ অধীনত পোৱা ঘৰত তেনে কোনো ব্যৱহাৰিক দিশৰ কথা চিন্তা কৰা হোৱা নাই। আধুনিক যুগৰ ঘৰৰ আৰ্হি সকলো ঠাইতে একে। বেৰত চেলফ, দেৱালত ডাঙৰ খাজ, যাক কয় কুলুংগি, চোতাল বুলি মুকলি ঠাই এতিয়া পাবলৈ নাই। ঘূলঘুলি এতিয়া নাই, সেইগতিকে আমাৰ কথা-বতৰাৰ পৰা শব্দটোও আঁতৰি গ’ল,” তেওঁ কয়।

Changing architectural designs mean that words in Bangla like ghulghuli ( traditional ventilator), kulungi ( shelves) and alcoves embeded in walls, and chatal ( open spaces), are no longer part of our daily lexicon
PHOTO • Antara Raman

স্থপত্যৰ শৈলীৰ পৰিৱৰ্তনৰ লগে লগে বাংলা শব্দ যেনে ঘূলঘুলি (পৰম্পৰাগত বাতায়ন ব্যৱস্থা), কুলুংগি (চেলফ) আৰু বেৰত থকা খাঁজ, চাতাল (ঘৰৰ সন্মুখভাগৰ মুকলি ঠাই) আদি আমাৰ দৈনন্দিন শব্দ হৈ থকা নাই

কেৱল শব্দটোৱেই নহয়, ঘূলঘুলিৰ লগতে ঘৰত থকা পাৰৰ বাঁহবোৰো নাইকিয়া হৈ পৰিল। এটা সময়ত ঘৰচিৰিকাই বাহ সাজিবলৈ ঘৰবোৰত ঠাই আছিল, সেই বাতায়ন ব্যৱস্থা থকা ঘূলঘুলিৰ কাষতে সিহঁতে ঘৰ সাজিছিল, নাইবা খেৰৰ ছালিৰ তলৰ বাঁহৰ ফুটাৰ ভিতৰত সিহঁতে বাহ বনাইছিল। এনেকৈ আন পশু-পক্ষীৰ সৈতে, প্ৰকৃতিৰ সৈতে থকা আমাৰ সম্পৰ্কও চিগিছে।

*****

‘‘মোবাইল টাৱাৰৰ আধিপত্য, বহিঃবিশ্বৰ সৈতে সংযোগ বিচ্ছিন্ন কৰা আমাৰ পকী ঘৰকেইটা, আমাৰ বন্ধ পাকঘৰ, তাৰোপৰি পথাৰত কীটনাশক, তৃণনাশকৰ অত্যধিক প্ৰয়োগে আমাৰ ঘৰসমূহত ঘৰচিৰিকাৰ উপস্থিতি শূন্য কৰি তুলিছে’’, কমলজিতে এইদৰে কয়৷ “আমাৰ খেতিত কীটনাশক আৰু অপতৃণনাশকৰ অত্যধিক প্ৰয়োগে আমাৰ ঘৰ, বাগিচা আৰু গীতৰ পৰা ঘৰচিৰিকা নাইকিয়া কৰি পেলালে।”

তাতেই, ভাষা আৰু পৰিস্থিতিতান্ত্ৰিক বৈচিত্ৰতাৰ সম্পৰ্ক লুকাই আছে। পাঞ্জাৱী কবি ৱাৰিছ শ্বাহৰ কবিতাৰ কেইটামানৰ পংক্তি আওৰাই তেওঁ ভাষা আৰু পৰিৱেশতন্ত্ৰ সম্পৰ্কৰ কথা বৰ্ণনা কৰে,

‘‘ চিৰি চুকৰি নাল জা তুৰে পান্ধি ,
পায়াঁ দুধ দে বিচ্চ মাধানিয়ান নি৷

(ঘৰচিৰিকাৰ চিৰিক চিৰিক মাতত পথিকৰ যাত্ৰা আৰম্ভ হয়,
সেইদৰে ঘৰৰ গৃহিণীসকলে গাখীৰৰ পৰা ঘিউ মথিবলৈ আৰম্ভ কৰে৷)

এটা সময় এনেকুৱা আছিল য’ত পুৱা ঘৰচিৰিকাৰ চিৰিক-চিৰিক শব্দৰ সৈতে মানুহৰ জীৱন-যাত্ৰা আৰম্ভ হৈছিল৷ সেয়া আছিল যেন প্ৰাকৃতিক এলাৰ্মৰ দৰে৷ আজিকালি মই ফোনৰ কৰ্কশ এলাৰ্মৰ শব্দতহে সাৰ পাওঁ৷ খেতিয়কসকলে ঘৰচিৰিকাৰ গতিবিধিৰ সৈতে ঋতুৰ ভৱিষ্যদ্বাণী কৰিছিল, শস্য-চক্ৰৰ পৰিকল্পনা কৰিছিল৷ ঘৰচিৰিকাৰ পাখিৰ কিছুমান গতিবিধি অতিশয় শুভ বুলি পৰিগণিত হৈছিল- কিছানি কা শুগুন৷

চিৰিয়া খাম্ভ খিলেৰে ,
বাসন মীহন্ বহুতেৰে৷

(ঘৰচিৰিকাই যেতিয়া পাখি মেলে
সৰগৰ পৰা ধৰালৈ বৃষ্টি নামি আহে)৷’’

House sparrows were once routinely spotted in our homes, fields and songs. Movement of their wings were auspicious – kisani ka shugun
PHOTO • Atharva Vankundre

আগতে আমাৰ ঘৰ, বাগিচা আৰু গীতত ঘৰচিৰিকাৰ উপস্থিতি সঘন আছিল। সিহঁতৰ পাখিৰ বিশেষ কেতবোৰ চলন আৰু চিৰিক চিৰিক মাত আছিল মংগলসূচক – কিষাণি কা চগুণ

এয়া কোনো কাকতলীয় ঘটনা নহয় যে যিদৰে আমি জৈৱবৈচিত্ৰৰ বিভিন্ন উপাদান যেনে উদ্ভিদৰ কিছুমান প্ৰজাতি, জীৱ-জন্তু, পক্ষীকূলৰ প্ৰজাতি আদি ক্ৰমাৎ বিলুপ্ত হোৱা দেখা পাইছো, ঠিক সেইদৰে আমাৰ কিছুমান ভাষা-সংস্কৃতিও বিপন্ন হোৱাও দেখা পাইছো। ২০১০ বৰ্ষত পিপলছ্ লিংগুইষ্টিক ছাৰ্ভে অব্ ইণ্ডিয়াত ড০ গণেশ দেৱীয়ে বিগত ৬০ বছৰত ভাৰতৰ প্ৰায় ২৫০টা ভাষা বিলুপ্তিৰ পথলৈ আগবঢ়া বুলি উল্লেখ কৰিছে৷

পক্ষীবিদসকলে পাঞ্জাৱত অভাৱনীয় হাৰত ঘৰচিৰিকাৰ সংখ্যা হ্ৰাস পোৱাকলৈ উদ্বেগ প্ৰকাশ কৰাৰ সময়তে কমলজিতে বিবাহোৎসৱত গোৱা এটা পুৰণি লোকগীতৰ কথা মনত পেলাইছে৷

ছাডা চিৰিয়াঁ দা চাম্বা ৱে ,
বাবুল আছান উড় জানা৷

ঘৰচিৰিকাই যিদৰে বাহৰ পৰা উৰা মাৰে,
আমিও তেনেকৈ ঘৰ এৰি বহুদূৰলৈ উৰা মাৰিব লাগিব৷

পুৰণি লোকগীতবোৰত প্ৰায়েই ঘৰচিৰিকাৰ কথা উল্লেখ কৰা হৈছিল৷ কিন্তু এতিয়া কৰা নহয়,’’ তেওঁ এইদৰে কয়৷

*****

জলবায়ু পৰিৱৰ্তন আৰু প্ৰব্ৰজনৰ সৈতে ভাষাৰ সম্পৰ্ক থকাৰ দৰে জীৱিকাৰ সৈতেও ভাষাৰ সম্পৰ্ক আছে, পংকজে কয়। “ৰঙিয়া-গোৰেশ্বৰ আদি সকলোতে বজাৰবোৰ বহিৰাজ্যৰ পৰা অহা মেচিনত বনোৱা সস্তিয়া গামোচাজাতীয় কাপোৰ আৰু চাদৰ-মেখেলাৰে ভৰি পৰিছে। পৰম্পৰাগত হস্তশিল্পৰ উদ্যোগটো মৰি যাব ধৰিছে, লগতে নাইকিয়া হ’ব ধৰিছে ঘৰতে আগতে বয় উলিওৱা কাপোৰবোৰ আৰু হস্তশিল্পৰ সৈতে জড়িত শব্দবোৰ,” তেওঁ কয়।

“এতিয়াও তাঁতশালখন এলাগী হ’বলৈ এৰি নিদিয়া কামৰূপ জিলাৰ ভেঁহবাৰী গাঁৱৰ পৰিয়াল এটাৰ ৭২ বৰ্ষীয় অক্ষয় দাসে কয় যে থলুৱা বয়নশিল্পৰ যি নৈপুণ্য, সেয়া লোপ পাইছে। ল’ৰা-ছোৱালীবোৰে কম বয়সতে ৬০ কিলোমিটাৰ দূৰৰ গুৱাহাটী মহানগৰলৈ কামৰ সন্ধানত গুছি যোৱাত তাঁতশালৰ সৈতে সম্পৰ্ক ছিগিছে। পৰম্পৰাগত এই শিল্পৰ পৰা এনেকৈ আঁতৰি থকাত সিহঁতে হয়তো এদিন উঘা কি, চেৰেকীনো কাক কয়, তাকো চিনি নোপোৱা হ’ব।”

Distanced from the traditional weaving practice, the young generation in Assam don't know words like sereki , or what it means to 'dance like a sereki' when we sing a Bihu song
PHOTO • Priyanka Borar

পাৰম্পৰিক বয়ন শিল্পৰ পৰা আঁতৰি যোৱা নতুন চামে এটা সময়ত চেৰেকীনো কি, উঘানো কি, সেয়া চিনি নোপোৱা হ’ব, তাৰ লগতে বিহুগীতত থকা দৰে ‘চেৰেকী ঘূৰাদি নাচ’ৰ অৰ্থও ভাঙিব নোৱাৰিব

“বিহুগীতত যে কয়, চেৰেকী ঘূৰাদি নাচ। এতিয়া যদি চেৰেকী কি তাকেই কোনোবাই বুজি নোপোৱা হয়, গানটোৰ অৰ্থ কি থাকিল?”, পংকজে কয়। অক্ষয়ৰ বৌয়েক বিলাতী দাসে (প্ৰয়াত নাৰায়ন দাসৰ পত্নী) আন এটি পুৰণি গীতৰ দুশাৰী গাই শুনায়,

তেঁতেলীৰ তলতে কাপোৰ বয় আছিলো,
চৰায়ে চিগিলে সূতা…

বিলাতী দাসে নেঠাত লৈ কপাহৰ গুটি গুছোৱাৰ পৰা আৰম্ভ কৰি সূতা কটা আৰু তাঁত বাটি কৰি শেষত হাতশালত কাপোৰ ববলৈ হাতমাকোটোনো কেনেকৈ ব্যৱহাৰ কৰা হয়, সকলোখিনি বুজাই আমাক অতীতৰ দিনলৈ লৈ গ’ল। সহজে অনুমেয় যে তেওঁ ব্যৱহাৰ কৰা বহু সঁজুলি আৰু কৌশলৰ প্ৰাসংগিকতা আজিৰ দিনত নাইকিয়া হৈ গৈছে, লগতে সেই শব্দবোৰো। অক্ষয় দাসৰ পত্নী মাধবী দাসে কয় যে মাছ মৰাৰ ক্ষেত্ৰতো এনে বহু সঁজুলি আছে, যিবোৰ আজিকালি নাই, সেয়ে শব্দবোৰো নাই। তেনে কিছুমান সঁজুলি যেনে বহা, জুলুকি, দলঙা আদি আজিৰ তাৰিখত কেৱল অভিধানৰ শব্দ হৈ ৰৈছে। ঔষধ (ৰাসায়নিক)ৰ যিহে উৎপাত, পথাৰত মাছেই নাইকিয়া হ’ল বুলি তেওঁ আক্ষেপেৰে কয়।

*****

“আমি সৰ্বনাশী প্ৰযুক্তিৰ মাজত সোমাই পৰিছো,” নিৰ্মল দাসে ৰহস্যময় হাঁহি এটাৰে কয়।

‘‘শেহতীয়াকৈ মই ছট্টিশগড়ৰ মোৰ পাটানদাদৰ গাঁৱৰ এটা অভিযানলৈ ওলাইছিলো,’’ নিৰ্মলে তেওঁৰ কাহিনী ক’বলৈ আৰম্ভ কৰে৷ ‘‘মই পূজাৰ বাবে দুবৰি ( Cynodon dactylon বা ববচা বন ) বিচাৰি আছিলো৷ প্ৰথমে মই ঘৰৰ পিছফালে থকা বাগিচালৈ গৈছিলো৷ কিন্তু তাত এডালো দুবৰি নাপালো৷ সেয়ে মই পথাৰলৈ গ’লো৷

‘‘শস্য চপোৱাৰ কেইমাহমান পূৰ্বে, নতুনকৈ গজালি মেলা ধানৰ শীহবোৰ গাখীৰৰ মিঠা ৰসেৰে ভৰি পৰে আৰু খেতিয়কসকলে পথাৰত উপাসনা কৰিবলৈ ঢাপলি মেলে৷ তেওঁলোকেও সেই একেবিধ পবিত্ৰ ঘাঁহ ব্যৱহাৰ কৰে৷ মই পথাৰত খোজ কাঢ়ি থাকোঁতে যিটো সময়ত সেউজ ঘাঁহৰ দলিচা থাকিব লাগিছিল, এতিয়া তাত শুকান মাটিৰ চপৰাৰ বাহিৰে একো নাই৷ দুবৰি, সাধাৰণ ঘাঁহ, কাণ্ডি (সেউজ পশুখাদ্য) এই সকলোবোৰ অদৃশ্য হৈ পৰিছে৷’’

‘‘পথাৰত কাম কৰি থকা লোকক যেতিয়া মই এইবিষয়ে সুধিলো, তেওঁলোকে ক’লে, ‘‘ সৰ্বনাশ দালা গয়া হে , ইসিলিয়ে ।’’ তেওঁ যে এটা অপতৃণনাশকৰ ব্ৰেণ্ডৰ নাম কৈছে সেয়া বুজিবলৈ মোৰ কিছুসময়ৰ প্ৰয়োজন হ’ল৷ তেওঁ ছট্টিশগড়ত পোৱা নিন্দা নাশক (অপতৃণনাশক)ৰ কথা কোৱা নাছিল অথবা ওড়িয়াত আমি প্ৰায়ে কোৱা ঘাছ মাৰা অথবা হিন্দী ভাষী কিছুমান অঞ্চলত কোৱা খাৰপাটৱাৰ নাশক আৰু চাৰামাৰ কথাও তেওঁ কোৱা নাছিল৷ সেই সকলোৰে ঠাই লৈছে ‘সৰ্বনাশে’।”

Increasing use of pesticides, chemical fertilisers and technologies have come to dominate agriculture, destroying India's rich diversity that farmers like Syed Ghani Khan, in Karnataka's Kirigavalu is trying to preserve. His house walls (right) are lined with paddy flowers with details about each variety. A loss of agricultural diversity can be seen to be linked to the loss in linguistic diversity
PHOTO • Sanket Jain
Increasing use of pesticides, chemical fertilisers and technologies have come to dominate agriculture, destroying India's rich diversity that farmers like Syed Ghani Khan, in Karnataka's Kirigavalu is trying to preserve. His house walls (right) are lined with paddy flowers with details about each variety. A loss of agricultural diversity can be seen to be linked to the loss in linguistic diversity
PHOTO • Manjula Masthikatte

কীটনাশক, ৰাসায়নিক সাৰ আৰু প্ৰযুক্তিয়ে শস্যপথাৰ দখল কৰাৰ ফলত ভাৰতীয় খেতিপথাৰৰ বৈচিত্ৰময় প্ৰাচুৰ্য্য নাইকিয়া হৈ পৰিছে। কৰ্ণাটকৰ কিৰিগাৱালুৰ ছৈয়দ ঘানি খানে সেই বৈচিত্ৰতা ৰক্ষা কৰাৰ চেষ্টা কৰি আহিছে। তেওঁৰ ঘৰৰ বেৰবোৰত প্ৰতিবিধ ধানৰে প্ৰজাতি আছে। কৃষি বৈচিত্ৰতাৰ ক্ষতিৰ সৈতে ভাষিক বৈচিত্ৰতাৰ সম্পৰ্ক আছে

প্ৰতি আঙুল ভূমি কৰ্ষণ কৰা আৰু ইয়াক আমাৰ নিজৰ অস্তিত্বৰ বাবে এক উৎপাদনশীল ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰাৰ নৃতাত্ত্বিক যুক্তিয়ে ৰাসায়নিক সাৰ, কীটনাশক আৰু প্ৰযুক্তিক কৃষিত আধিপত্য বিস্তাৰ কৰিবলৈ সুযোগ দিছে। আনকি এক একৰ কৃষিভূমি এজন খেতিয়কেও পৰম্পৰাগত সঁজুলি ব্যৱহাৰ কৰাতকৈ ট্ৰেক্টৰক অগ্ৰাধিকাৰ দিবলৈ আৰম্ভ কৰিছে, নিৰ্মলে এইদৰে কয়৷

‘‘দিনে-নিশাই চলি থকা টিউবৱেলবোৰে ভূ-পৃষ্ঠৰ পৰা পানী নিষ্কাশন কৰি আমাৰ ধৰাখন মৰুময় কৰি তুলিছে৷ মাটি মাহটাৰিক প্ৰতি ছমাহত কৃষিৰে গৰ্ভধাৰণ কৰিবলৈ বাধ্য কৰা হৈছে’’, হতাশাৰ সুৰত তেওঁ এইদৰে কয়৷ ‘‘কিমান দিনলৈ প্ৰকৃতিয়ে ‘ সৰ্বনাশ ৰ দৰে বিধ্বংসী ৰাসায়নিক দ্ৰব্য সহ্য কৰিব? বিষাক্ত শস্যই লাহে লাহে মানৱ দেহত বিয়পি পৰিব৷ মই আমাৰ আসন্ন ‘মহাপ্ৰলয়’ অনুভৱ কৰিব পাৰিছো!’

‘‘ভাষাৰ ক্ষেত্ৰত এজন আদহীয়া খেতিয়কে কৈছিল যে আমাৰ কিছুমান শব্দ যেনে নাগৰ (নাঙল), বাখৰ ( ঘাঁহ গুচোৱা সঁজুলি), কোপাৰ ( মাটিৰ চপৰা ভাঙিবলৈ ব্যৱহাৰ কৰা সঁজুলি- দলিমাৰি)- এই নামবোৰো বিলুপ্তিৰ পথলৈ আগবাঢ়িছে৷ এইবোৰ নামৰ বিষয়ে এতিয়া কোনেও নাজানে৷ দাউৰি বেলান (গৰুৱে মৰণা মৰা ব্যৱস্থা) এতিয়া অতীতৰ গৰাহত’’, নিৰ্মলে এইদৰে কয়৷

‘‘ঠিক মেটিকাম্বাৰ দৰে’’, শংকৰে কয়৷

‘‘কৰ্ণাটকাৰ উডুপিৰ ভান্দছে গাঁৱত আমাৰ চোতালত মেটিকাম্বা নামৰ খুঁটাটো আছিল৷ ই আছিল কৃষিস্তম্ভৰ দৰে৷ আমি ইয়াত হাদিমঞ্চ বান্ধিছিলো৷ ইয়াত আমি ধানৰ পৰা চাউল সৰাইছিলো৷ তাৰোপৰি ইয়াত বলধ এহাল জুৰি ধানৰ ঠোকৰ পৰা ৰৈ যোৱা অতিৰিক্ত ধানবোৰ মৰণা মাৰি সৰাইছিলো৷ এতিয়া এই খুঁটাটো অস্তিত্বহীন হৈ পৰিল৷ আধুনিক মৰণা মৰা যন্ত্ৰই ইয়াৰ ঠাই ল’লে’’, শংকৰে এইদৰে কয়৷

‘‘ঘৰৰ চোতালত থকা মেটিকাম্বাক ঘৰখনৰ গৌৰৱ বুলি বিবেচনা কৰা হৈছিল৷ বছৰত এবাৰকৈ আমি ইয়াৰ বাবে পূজা পাতিছিলো আৰু সুখাদ্য ভোজন কৰিছিলো! সেই খুঁটা, সেই পূজা, সেই ভোজন, সেই শব্দ, সমগ্ৰ দুনীয়া – এতিয়া মাথোঁ অতীত৷’’

*****

এটা ভোজপুৰি গীত আছে, স্বৰ্ণ কান্তাই কয়, “ হৰ্দি হৰদপুৰ জাইহা এ বাবা , সোণে কে কুদালি হৰ্দি কৰিহ এ বাবা (পিতাই, হৰদপুৰৰ হালধি আনিবা, সোণৰ কোদালেৰে হালধি খান্দি উলিয়াবা)। এয়া ভোজপুৰি কোৱা সম্প্ৰদায়ৰ মাজত উবতন (মাহ-হালধি সনা পৰ্ব) অনুষ্ঠানত গোৱা হৈছিল। আগতে মানুহে আত্মীয়-সম্পৰ্কীয়ৰ ঘৰত জাঁতত হালধি খুন্দিছিল। এতিয়া জাঁতশালো নাই, সেয়ে সেই পৰম্পৰাও নাই।

In Bhojpuri they sing a song during ubtan (haldi) ceremony in a wedding, 'hardi hardpur jaiha e baba, sone ke kudaali hardi korih e baba, [ father, please bring me turmeric from Hardpur, dig the turmeric up with a golden spade ]
PHOTO • Ritayan Mukherjee

এটা ভোজপুৰি গান আছে, স্বৰ্ণ কান্তাই কয়, 'হৰ্দি হৰদপুৰ জাইহা এ বাবা, সোণে কে কুদালি হৰ্দি কৰিহ এ বাবা (পিতাই, হৰদপুৰৰ হালধি আনিবা, সোণৰ কোদালেৰে হালধি খান্দি উলিয়াবা)'

There are no silaut ( flat grinding stone), no lodha ( type of pestle), no khal-moosal ( mortar and pestle) in modern, urban kitchens nor in our songs
PHOTO • Aakanksha
There are no silaut ( flat grinding stone), no lodha ( type of pestle), no khal-moosal ( mortar and pestle) in modern, urban kitchens nor in our songs
PHOTO • Aakanksha

শিলৌত (পটা), লোধা (খুন্দনা), খাল-মূছাল (খুন্দনা আৰু পটা) আদি আমাৰ আধুনিক পাকঘৰত নাই, একেদৰে গীততো নাই

“আকৌ এদিন মই আৰু মোৰ সম্পৰ্কীয় ভণ্টিজনীয়ে কিছুমান ভোজপুৰি শব্দ কেনেকৈ উবতান গীতৰ সৈতে জড়িত হৈ আছে, সেয়া লক্ষ্য কৰিছিলো। যেনে কদাল (কোৰ বা কোদাল), কৰনা (খন্দা), উবতান (হালধিৰে গা ধোৱা), চিনহোৰা (সেন্দুৰৰ টেমা), দুভ (এবিধ ববচা বন) আদি শব্দ শুনা নাযায়। শিলৌত (পটা), লোধা (খুন্দনা), খাল - মূছাল (খুন্দনা আৰু পটা) আদি আধুনিক পাকঘৰত নাই।” স্বৰ্ণ কান্তাই নগৰী ভাৰতত সাংস্কৃতিক ক্ষতিৰ এনেকৈ এক ব্যাখ্যা দাঙি ধৰে।

*****

আমি আমাৰ ভিন্ন মনৰ, সাংস্কৃতিক প্ৰেক্ষণ, শ্ৰেণী স্থানাংকৰ ভিত্তিক কথা কওঁ। কিন্তু তাৰ মাজতে সামগ্ৰিক প্ৰেক্ষণৰ যোগেদি শিপাৰ পৰা, পৰিৱেশৰ পৰা, প্ৰকৃতিৰ পৰা, আমাৰ গাওঁবোৰ, আমাৰ অৰণ্যবোৰৰ পৰা বিচ্ছিন্ন হোৱাৰ যি পৰিস্থিতি, আৰু তাৰ পৰা উদ্ভুত শব্দৰ বিলুপ্তি আৰু তাৰ অন্তৰ্নিহিত অৰ্থৰ প্ৰাসংগকিতা নাইকিয়া হোৱাক লৈও আমি চিন্তিত। এনেকৈয়ে আমি উন্নতিৰ এই খেলখনৰ জ্ঞানে-অজ্ঞানে খেলুৱৈ হৈ পৰিছো।

খেলৰ প্ৰসংগত সুধাময়ী আৰু দেৱেশে কিছুকথা ক’ব বিচাৰিলে। “সৰুকালিৰ কত যে খেল আছিল, যিবোৰ এতিয়া কোনেও নেখেলে,” সুধাময়ীয়ে কয়। “এই ধৰক গচ্ছকায়েলু বা ৱাল্লাঞ্চি (অসমীয়াত লাচখেল)- য’ত আপুনি শিলগুটি ওপৰলৈ দলিয়াই দি হাতৰ তলুৱাত লয়। ওমানগুণ্টলু তালু খেল, য’ত কড়ি বা তেঁতেলীৰ গুটিৰে টেবুলত থকা দুটা শাৰীৰ চৌধ্যটা ফুটা বা গাঁতেৰে খেলা হয়। আন এটা খেল যেনে কাল্লাগাণ্টালু খেল, য’ত চকুত কাপোৰ বান্ধি ইটোৱে সিটোক খেদে,” তেওঁ কয়।

“মোৰ চাতিলো ’ (অসমীয়াত পিথু) খেলৰ কথা মনত আছে,” দেৱেশে কয়। দুটা টিম থাকে, মাটিত ইটোৰ ওপৰত সিটো কৰি সাতোটা শিল থোৱা থাকে। এটা টিমে শিলৰ সেই দ’মটো ভাঙিব চায়, আনবোৰে বান্ধিব যায়। আকৌ খেলি খেলি আমনি পালে আন এবিধ খেল আমি খেলিছিলো, গেনা ভড়ভড় কোনো টিম নাছিল, কোনো নিৰ্ধাৰিত লক্ষ্য নাছিল। ইজনে সিজনক মাৰিছিল। এই খেলত আঘাত পোৱাৰ সম্ভাৱনা আছিল, সেয়ে এয়া ল’ৰাৰ খেল হিচাপে ধৰা হৈছিল। ছোৱালীয়ে খেলা নাছিল।

“এনে কোনো এবিধ খেলেই আমি খেলা নাছিলো,” সুধাময়ীয়ে কয়। “মই মোৰ মাৰ ফালৰ আইতা গজুলাভট্টি সত্য ভেদমৰ পৰা এইবোৰৰ বিষয়ে শুনিছিলো। তেওঁৰ ঘৰ আছিল আমাৰ গাওঁ কলাকালুৰুৰ পৰা ২৫ কিলোমিটাৰ দূৰৰ চিন্নাগাজুলুৰুত। তেওঁৰ বিষয়ে বেছি নাজানিছিলো যদিও তেওঁৰ পৰা সেই খেলবোৰৰ কথা শুনি শুনি মই টোপনি গৈছিলো। মই খেলিব পোৱা নাছিলো, স্কুললৈ গৈছিলো!”

“আমাৰ অঞ্চলৰ ছোৱালীবোৰে চেপেটা শিলেৰে ‘গুট্টে’ খেলিছিল,” দেৱেশে কয়। তাক বিষ-অমৃত বুলিও কয়। খেলটোত বিপক্ষক ধৰিব লাগে। লংড়ি টাং (অসমৰ কুটুকুটু খেলৰ দৰে) নামে আন এবিধ খেলৰো কথা মনত আছে। তাতে মাটিত নটা বাকচ আকি খেলা হয়। হপস্কছ খেলৰ দৰেই।

“এতিয়া ডিজিটেল ডিভাইচৰ মাজত ডাঙৰ হোৱা ল’ৰা-ছোৱালীৰ হাতৰ পৰা প্ৰযুক্তিয়ে শৈশৱ আৰু ভাষা দুয়োটাই কাঢ়ি নিছে। বাখিৰাত মোৰ ৫ বছৰীয়া ভতিজা, গৌৰখপুৰৰ ৬ বছৰীয়া ভতিজী ভৈৰৱীয়ে এই খেলবোৰৰ নামো নাজানে,” দেৱেশে কয়।

Devesh has a vivid memory of playing sateelo as a child, but his young niece and nephew today do not even know the name of the game
PHOTO • Atharva Vankundre

সৰুতে চাতিলো খেলা দেৱেশৰ মনত আছে, কিন্তু তেওঁৰ ভতিজী আৰু ভতিজাই সেই খেলবোৰৰ নামকে নাজানে

Young boys in Kivaibalega village of Chattisgarh playing horse riding. The game is known as ghodondi in the Halbi and Gondi languages
PHOTO • Purusottam Thakur

ছত্তীশগড়ৰ কিবাইবালেগা গাঁৱৰ সৰু ল’ৰাবোৰে ঘোৰা-ঘোৰা খেল খেলিছে। হালবি আৰু গোণ্ডি ভাষাত এই খেলক ঘুনন্দি বুলি কোৱা হয়

*****

কিন্তু কিছুমান ক্ষতি অৱশ্যম্ভাৱী, নহয়নে? প্ৰণতিয়ে নিজৰ মনৰ মাজতে কথাবোৰ পাগুলিবলৈ ধৰে। কিছুমান খণ্ডত হোৱা পৰিৱৰ্তনে আমাৰ ভাষাটোকো সলনি নকৰেনে? বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত হোৱা দ্ৰুত পৰিৱৰ্তন, ৰোগ নিৰাময়ৰ উপায় আৰু প্ৰতিৰোধ, সেই জ্ঞানৰ বিস্তাৰে মানুহে তাৰ প্ৰতি কেনেদৰে চায়, সেয়া সলনি কৰিছে। স্থানীয় ওড়িয়া ভাষাত তেনেকৈ বৈজ্ঞানিক নাম সোমাই পৰিছে।

আগতে গাঁৱত বিভিন্ন ৰোগৰ বাবে কেতবোৰ নাম আছিল, সৰু আই, ডাঙৰ আই, ডায়েৰিয়াক কৈছিল বড়ি হাইজা বা অমাশয়া, টায়ফয়ডক কৈছিল অন্ত্ৰিকা জ্বাৰ আদি। আনকি ডায়েবেটিছৰ কাৰণেও আমাৰ শব্দ আছিল - বহুমূত্ৰ, আৰ্থাৰাইটিছৰ কাৰণে গাঁঠিবিষ আৰু কুষ্ঠৰোগৰ কাৰণে বাড়া ৰোগা। কিন্তু আজিকালি মানুহে এই ওড়িয়া শব্দবোৰ লাহে লাহে এৰিব ধৰিছে আৰু ইংৰাজী শব্দক ঠাই দিছে। এনেক্ষেত্ৰত আমি দুখ কৰা উচিতনে, ভাবি নাপাও।”

ভাষাবিদ নহ’লেও এটা কথা ঠিক যে ভাষা এখন বোৱতী নৈ। স্থান, কাল, সমাজৰ মাজেৰে ই বৈ যায়, কেতিয়াবা দি যায়, কেতিয়াবা বিলীন হৈ যায়, নতুন সন্ধানত আগবাঢ়ি যায়। গতিকে হেৰাই যোৱাখিনিক লৈ কিয় ইমান হায়ৈ-বিয়ৈ কৰিব লাগে? কিছুমান পাহৰি যোৱাটো এক ৰীতি নহয়নে?

*****

“আমাৰ ভাষাৰ পিছত কেতবোৰ সামাজিক সংৰচনা লুকাই থাকে। মুৰ্দাদ মাটনৰ প্ৰসংগই চাওক,” মেধাই কয়। “কোনোবা অঁকৰা বা আঁকোৰগোজ মানুহ বা পৰিস্থিতিৰ ক্ষেত্ৰত এই শব্দটো ব্যৱহাৰ কৰা হয়। মুৰ্দাদ মানে মৰা মাংস। যিটো বহু গাঁৱত দলিতসকলক খাবলৈ বাধ্য কৰোৱা হৈছিল। তেনেকৈয়ে সেই শব্দটো আহিছে।”

ৰাজীৱে মালায়লম ভাষাৰ বিষয়ে ক’বলৈ ধৰে। “আগতে কেৰালাৰ নিম্ন জাতৰ মানুহ থকা খেৰী ছালৰ ঘৰবোৰক চেট্টা বুলি কোৱা হৈছিল। তেনে ঘৰত থকা মানুহকো চেট্টাই বোলা হৈছিল। তেওঁলোকৰ ঘৰবোৰক পুৰা বা বীৰ বুলি কোৱাৰ অনুমতি নাছিল, সেই শব্দবোৰ আছিল উচ্চ জাতৰ মানুহৰ ঘৰৰ বাবে। তেওঁলোকৰ ল’ৰা-ছোৱালীক উচ্চ জাতৰ মানুহৰ ল’ৰা-ছোৱালীৰ দৰে উন্নি বুলি ক’ব পৰা নাছিল, ক’বলগীয়া হৈছিল চেক্কান, মানে পোৱালী। তেওঁলোকে নিজকে উচ্চ জাতৰ মানুহৰ আগত আদিয়ান বুলি পৰিচয় দিবলগীয়া হয়, আদিয়ান মানে আপোনাৰ একান্ত বাধ্য। এই শব্দবোৰ এতিয়া ব্যৱহাৰত নাই,” তেওঁ কয়।

Unjust social structures are also embeded in our languages. We need to consciously pull out and discard the words that prepetrate injustice from our vocabulary
PHOTO • Labani Jangi
Unjust social structures are also embeded in our languages. We need to consciously pull out and discard the words that prepetrate injustice from our vocabulary
PHOTO • Labani Jangi

অনুচিত সামাজিক সংৰচনা আমাৰ ভাষাতো সোমাই পৰিছে। এনে অনুচিত শব্দবোৰ আমি আমাৰ অভিধানৰ পৰা আঁতৰাই পেলাব লাগে

“কিছুমান শব্দৰ ব্যৱহাৰ নাইকিয়া হৈ যোৱাটোৱে ভাল,” মেধাই কয়। “মাৰাঠৱাড়াৰ দলিত নেতা অধিবক্তা একনাথ আৱাড়ে তেওঁ নিজে বন্ধু-বৰ্গৰ সৈতে লগ লাগি সৃষ্টি কৰা ভাষা এটাৰ বিষয়ে আত্মজীৱনীত লিখিছে (জেৰী পিণ্টোই কৰা অনুবাদত - ষ্ট্ৰাইক এ ব্ল’ টু চেইঞ্জ দা ৱৰ্ল্ড)। তেওঁলোক মাতংগ আৰু আন দলিত সম্প্ৰদায়ৰ আছিল, দাৰিদ্ৰ জীৱন আছিল, খাদ্য চুৰি কৰি খাইছিল। তেওঁলোকৰ সেই গোপন ভাষাই তেওঁলোকক জীয়াই থকাত সহায় কৰিছিল। ধৰা পৰাৰ আগতে পৰস্পৰক সতৰ্ক কৰি দিয়া, পলাই সৰাত সহায় কৰিছিল। তেওঁক সকলোৱে জিজা বুলি মাতিছিল, তেওঁ কয়, ‘এই ভাষাটো পাহৰি যোৱা উচিত। কোনেও এয়া নাজানক আৰু ব্যৱহাৰ কৰিবলগীয়া নহওঁক।’”

“সোলাপুৰ জিলাৰ দীপালী ভুছনাৰ আৰু অধিবক্তা নিতিন ৱাঘমাৰেয়ে ভালেমান শব্দ আৰু খণ্ডবাক্যৰ উদাহৰণ দিয়ে যেনে কাই মাংগ গাৰুৰা চাৰাখা ৰাহাতুই ? (কিয় মাংগ বা গাৰুড়িৰ দৰে জধলা হৈ আছা?) ইয়ে অতিশয় দাৰিদ্ৰ অৱস্থাত আৰু বৰ্ণবৈষম্যৰ পৰিৱেশত থকা দলিতসকলৰ মাজত চাফ-চিকুণতা নথকাৰ প্ৰসংগ ব্যৱহাৰ কৰিছে। ভাষাত এই বৰ্ণবৈষম্য স্পষ্ট হৈ পৰে যেতিয়া উচ্চ জাতৰ মানুহে আনজনক হেয় প্ৰমাণ কৰিবলৈ পাৰ্ধি, মাংগ, মাহাৰ আদি নামেৰে মাতে। এনে শব্দ আমি আঁতৰাই পেলাব লাগে।”

*****

কিবা এটা উপায়ে ইয়াৰ সমাধান উলিয়াবই লাগিব। আমাৰ ভাষাবোৰৰ সংকট কল্পনাপ্ৰসূত নহয়। এয়া কয়লাখনিৰ প্ৰথমটো কেনেৰীৰ মৃত্যুৰ দৰেই, পেগী মোহনে তাকেই প্ৰশ্ন কৰিছে, ইয়াতকৈও বেয়া দিন আহিব নেকি? মানুহ হিচাপে, সংস্কৃতি হিচাপে গণ-বিলুপ্তিৰ দিশে আমি আগবাঢ়িছো নেকি? ইয়াৰ আৰম্ভণি ভাষাতেই হোৱা নাইনে? ক’ত গৈ এয়া শেষ হ’ব?

“বেলেগ ক’ত আৰু শেষ হ’ব, আমাৰ ভাষাবোৰতে আহি এয়া শেষ হ’ব,” ৬৯ বৰ্ষীয় জয়ন্ত পাৰমাৰে কয়। তেওঁ উৰ্দু ভাষাত লিখা-মেলা কৰা এগৰাকী গুজৰাটী কবি।

“ভালেমান উৰ্দু শব্দ আছিল, যিবোৰ মায়ে গুজৰাটী ভাষাত ব্যৱহাৰ কৰিছিল,” তেওঁ নিজৰ আৰু তেওঁৰ মাতৃ দাহিবেন পাৰমাৰৰ ভাষাৰ সৈতে সম্পৰ্ক প্ৰসংগত কয়। “বিশেষ এবিধ পাত্ৰ আনিবলৈ তেওঁ মোক কৈছিল, “ জা , কাড়ো লাই আৱ খাৱা কাধু সেইবোৰ পাত্ৰ এতিয়া আছে নে নাই, মই নাজানো, কাড়োত আমি ভাত লৈ খাইছিলো। গালিব পঢ়াৰ পিছত মই জানিব পাৰিলো যে সেয়া কাড়া,” তেওঁ কয়।

There was a time when people from all communities lived together inside the walled cities; the climate was not communal, and there was a lot of give and take that reflected in cultures, architecture, literature and language
PHOTO • Jayant Parmar

এটা সময়ত আহমেদাবাদত আটাইবোৰ সম্প্ৰদায় একেলগে একেখন চহৰতে থাকিছিল। পৰিৱেশ সাম্প্ৰদায়িক নাছিল। সংস্কৃতি, স্থপত্য, সাহিত্য আৰু ভাষাত এয়া প্ৰতিফলিত হৈছিল

“তেনে বহুতো বাক্য আছিল যে তাৰা দীদাৰ তো জো (নিজৰ চেহেৰাটোলৈ মন কৰা),”, তাৰু খামিছ ধোৱা আপ ” (তোমাৰ কামিজটো ধুই দিও), “ মোনহমাথি এক হৰফ কাড়তো নাথি (মুখেৰে এটা শব্দও নোলোৱা হ’ল যে?)। আকৌ কেতিয়াবা তেওঁ কয়, “মুল্লানে ত্যায়ান্থি গোছ লাই আৱ (মুল্লাৰ ঘৰৰ পৰা মাংস অলপ লৈ আহা)। আমাৰ ভাষাৰ এটা সময়ত অংশ আছিল এইবোৰ শব্দ, যিবোৰ এতিয়া পাহৰি পেলোৱা হ’ল। উৰ্দু কবিতাত এই শব্দবোৰ দেখিলে মোৰ মনলৈ মাৰ ছবিখন ভাঁহি আহে।”

এতিয়া সময় সলনি হ’ল। জলবায়ুৰ পৰিৱৰ্তন ঘটিল, চহৰ-নগৰৰ নক্সা সলনি হ’ল। “তেতিয়া আহমেদাবাদ চহৰত আটাইবোৰ সম্প্ৰদায় একেলগে একেখন চহৰতে থাকিছিল। পৰিৱেশ সাম্প্ৰদায়িক নাছিল। দেৱালীৰ সময়ত আমাৰ ঘৰৰ পৰা মুছলমান পৰিয়াললৈ মিঠাইৰ টোপোলা দিয়া হৈছিল। আমি ইজনে-সিজনক সাবতি ধৰি শুভেচ্ছা যাঁচিছিলো। একেলগে মহৰমৰ সময় তাজিয়া শোভাযাত্ৰা চাবলৈ গৈছিলো। বৰ ভাল লাগিছিল। তাৰ তলেৰে যোৱাজনে নিজৰ সুখ আৰু সুস্বাস্থ্য বিচাৰি প্ৰাৰ্থনা জনাইছিল,” তেওঁ কয়।

সেয়া আছিল এক সুস্থ গতানুগতিক আদান-প্ৰদানৰ পৰিৱেশ। “এতিয়া সেই পৰিৱেশ নাই, আমাৰ ভাষাতো তাৰ প্ৰভাৱ পৰিছে,” তেওঁ কয়। “কিন্তু আশা সদায়েই আছে। মই মাৰাঠী, পাঞ্জাৱী, বাংলা জানো আৰু উৰ্দু ভাষাৰ এনে বহু শব্দ মোৰ সৃষ্টিলৈ টানি আনো। মই ভাবো যে এনেকৈয়ে কবিতাৰ জগতখন জীপাল আৰু সমৃদ্ধ হৈ থাকিব।”

আচলতে শব্দনো কি, শস্যৰ এটি বীজত নিহিত এখন জগত।

পাৰিভাষাৰ ভালেকেইজন সদস্যৰ সহযোগত এই বহুস্থানিক প্ৰতিবেদন সম্ভৱপৰ হৈ উঠিছে, সেইসকল হৈছে – দেৱেশ (হিন্দী), জশুৱা বোধিনেত্ৰ (বাংলা) কমলজীত কৌৰ (পাঞ্জাৱী), মেধা কালে (মাৰাঠী), মহম্মদ কমাৰ তবৰেজ (উৰ্দু), নিৰ্মল কুমাৰ চাহু (চত্তীশগঢ়ী), পংকজ দাস (অসমীয়া), প্ৰণতি পাৰিদা (ওড়িয়া), ৰাজাসংগীতা (তামিল), ৰাজীৱ চেলানাট (মালায়লম), স্মিতা খাটোৰ (বাংলা), স্বৰ্ণ কান্তা (ভোজপুৰি), শংকৰ এন. কেঞ্চুনুৰু (কানাড়া) আৰু সুধাময়ী (তেলেগু)।

আমি জয়ন্ত পাৰমাৰ (উৰ্দু ভাষাত কবিতা লিখা গুজৰাটী দলিত কবি), আকাংক্ষা, অন্তৰা ৰমন, মঞ্জুলা মস্তিকাট্টে, পি. সাইনাথ, পুৰুষোত্তম ঠাকুৰ, ঋতায়ন মুখাৰ্জী, সংকেত জৈনক তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো।

এই প্ৰতিবেদন পি. সাইনাথ, প্ৰীতি ডেভিদ, স্মিতা খাটোৰ আৰু মেধা কালেৰ সহযোগত সম্পাদনা কৰা হৈছে। অনুবাদত জশুৱা বোধিনেত্ৰই সহায় কৰিছে আৰু ফটো সম্পাদনা তথা পৃষ্ঠাসজ্জা কৰিছে বিনাইফেৰ ভাৰুচাই।

অনুবাদ: পংকজ দাস, মনোৰঞ্জনৰ মজুমদাৰৰ সহযোগত

PARIBhasha Team

पारीभाषा, भारतीय भाषाओं से जुड़ा हमारा एक अनूठा कार्यक्रम है, जिसकी मदद से बहुत सी भारतीय भाषाओं में पारी में रिपोर्टिंग की जाती है और स्टोरी का अनुवाद किया जाता है. पारी पर प्रकाशित होने वाली हर कहानी के सफ़र में अनुवाद की महत्वपूर्ण भूमिका होती है. संपादकों, अनुवादकों और वालंटियर्स की हमारी टीम देश की विविध भाषाओं और संस्कृतियों का प्रतिनिधित्व करती है, और साथ ही यह सुनिश्चित करती है कि पारी की कहानियां समाज के अंतिम पायदान पर खड़े उन लोगों तक पहुंच सकें जिनके बारे में वे कही गई हैं.

की अन्य स्टोरी PARIBhasha Team
Illustrations : Atharva Vankundre

अथर्व वानकुंद्रे, मुंबई के क़िस्सागो और चित्रकार हैं. वह 2023 में जुलाई से अगस्त माह तक पारी के साथ इंटर्नशिप कर चुके हैं.

की अन्य स्टोरी Atharva Vankundre
Illustrations : Labani Jangi

लाबनी जंगी साल 2020 की पारी फ़ेलो हैं. वह पश्चिम बंगाल के नदिया ज़िले की एक कुशल पेंटर हैं, और उन्होंने इसकी कोई औपचारिक शिक्षा नहीं हासिल की है. लाबनी, कोलकाता के 'सेंटर फ़ॉर स्टडीज़ इन सोशल साइंसेज़' से मज़दूरों के पलायन के मुद्दे पर पीएचडी लिख रही हैं.

की अन्य स्टोरी Labani Jangi
Illustrations : Priyanka Borar

प्रियंका बोरार न्यू मीडिया की कलाकार हैं, जो अर्थ और अभिव्यक्ति के नए रूपों की खोज करने के लिए तकनीक के साथ प्रयोग कर रही हैं. वह सीखने और खेलने के लिए, अनुभवों को डिज़ाइन करती हैं. साथ ही, इंटरैक्टिव मीडिया के साथ अपना हाथ आज़माती हैं, और क़लम तथा कागज़ के पारंपरिक माध्यम के साथ भी सहज महसूस करती हैं व अपनी कला दिखाती हैं.

की अन्य स्टोरी Priyanka Borar
Illustrations : Jayant Parmar

Jayant Parmar is a Sahitya Akademi Award winning Dalit poet from Gujarat, who writes in Urdu and Gujarati. He is also a painter and calligrapher. He has published sevel collections of his Urdu poems.

की अन्य स्टोरी Jayant Parmar
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das