চালকজনে ছোৱালীজনীক ঘৰৰ পদূলিত নমাই দিয়াৰ আশ্বাস দিছিল যদিও গাড়ীখনে সম্পূৰ্ণ বিপৰীত দিশেহে গতি কৰিছিল। যেতিয়া চালকজনে প্ৰথমটো ইউ টাৰ্ণত গাড়ীখন নুঘূৰালে, তেতিয়া নেহাই ভাবিছিল যে চাগে ভুলতে আগুৱাই গ’ল। দ্বিতীয় ইউ টাৰ্ণটো পোৱা সত্বেও গাড়ীখনে বিপৰীত দিশতে গৈ থকাত ১৫ বছৰীয়া নেহাৰ সন্দেহতো বাঢ়ি আহিল। তৃতীয়টো ইউ টাৰ্ণতো গাড়ীখন একেৰাহে গৈ থকাত ছোৱালীজনীৰ ভয়তো বেছি হ’বলৈ ল’লে। তাইৰ দুচকু চলচলীয়া হৈ পৰিছিল আৰু মূৰটো আচন্দ্ৰাই কৰিছিল।

ভয় আৰু দুশ্চিন্তাত নেহাই মাক-দেউতাকক চাবলৈ উচপিচাইছিল। গাড়ীখনত কাষত বহি থকা মহিলাগৰাকী আৰু চালকজনে চিন্তা নকৰিবলৈ কৈ তাইক শান্ত কৰিবলৈ চেষ্টা কৰিছিল।

নেহাই জানিব পাৰিছিল যে তাই ডাঙৰ বিপদত পৰিছে। ঘৰ এৰি আহিবলৈ কিহে পাইছিল বুলি ভাবি তাই অনুশোচনাত দগ্ধ হৈ পৰিছিল।

চলিত বৰ্ষ অৰ্থাৎ ২০২৩ চনৰ মে’ মাহত কিশোৰীগৰাকীয়ে মোবাইল চাই থকাক লৈ ঘৰত মাক-দেউতাকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল। পঢ়া-শুনাতকৈ তাই মোবাইল ফোনটো চাইহে অধিক সময় কটাইছিল বুলি মাক-দেউতাকে আপত্তি কৰিছিল। পৰিস্থিতি এনে হৈ পৰিছিল যে মাক-দেউতাকে নেহাৰ পৰা ফোনটো লৈ গৈছিল।

তলমূৰ কৰি তাই অস্ফুট স্বৰেৰে কৈছিল, “মা-দেউতাই মোবাইলটো কাঢ়ি লোৱাত মোৰ বহুত খং উঠিছিল। সেয়ে মই যেনেকৈ নহওক তেওঁলোকৰ সন্মুখৰ পৰা আৰু ঘৰৰ পৰা ক’ৰবালৈ গুচি যাব বিচাৰিছিলো।”

এই ভাব লৈয়ে সেইদিনা তাই পুৱা ৬ বজাত ঘৰৰ পৰা ওলাই আহিছিল আৰু ঘৰৰ ওচৰৰ সৰু ৰাস্তাৰে আহি আহি ঘাইপথ পাইছিল। মাক-দেউতাকৰ ওপৰত উঠি থকা খঙৰ বাবে তাই খোজকাঢ়ি কেনেকৈ ঘাইপথটোৰে প্ৰায় ৭-৮ কিলোমিটাৰ গুচি আহিছিল সেয়া নিজেই ক’ব পৰা নাছিল। লাহে লাহে ৰ’দটো চোকা হৈ আহিছিল আৰু তাইৰ পিয়াহ লাগিছিল, কিন্তু পানীৰ বটল এটা কিনিবলৈ হাতত পইছা নাছিল।

তেনেতে তাইৰ সন্মুখত এখন চিকচিকিয়া ক’লা গাড়ী আহি ৰৈছিল। “এজন মানুহে গাড়ীখন চলাইছিল আৰু পিছফালে এগৰাকী মহিলা আছিল,’’ নেহাই মনত পেলাই কৈ গৈছে। মহিলাগৰাকীয়ে গাড়ীৰ গ্লাছখন নমাই নেহাক কৈছিল যে ঘৰলৈ যাব খোজে যদি গাড়ীখনত উঠিব পাৰে। নেহাই কয়, “তেওঁলোকক ভাল মানুহ যেন লাগিছিল। গোটেই বাটটো খোজ কাঢ়ি বহুত ভাগৰ লাগিছিল, বাছত আহিবলৈকো মোৰ হাতত টকা নাছিল।”

নেহাই মহিলাগৰাকীৰ কথা শুনি গাড়ীখন উঠি ল’লে। এচি চলি থকা গাড়ীখনত উঠাত তাইৰ ভাগৰুৱা শৰীৰটোৱে সকাহ পালে, ছীটত আউজি কপালৰ ঘামখিনি ৰুমালেৰে মচি ল’লে। মহিলাগৰাকীয়ে তাইলৈ পানীৰ বটল এটা আগবঢ়াই দিলে।

কিন্তু যেতিয়াই মানুহজনে তাইৰ ঘৰৰ পৰা বিপৰীত দিশত গাড়ীখন ক্ৰমাৎ চলাই গৈ থকাতো গম পালে তেতিয়াই তাইৰ সেই ভাললগাখিনি ক্ষণিকতে নাইকিয়া হৈ পৰিল। ভয় খাই তাই গাড়ী ৰখাবলৈ চিঞৰিলে যদিও বহুদূৰ গৈ গৈ প্ৰায় এঘণ্টাৰ পিছতহে গাড়ীখন ৰ’ল। তেতিয়ালৈ গাড়ীখন গৈ ভূপাল পাইছিল। নেহাক অপহৰণ কৰা হৈছিল।

শিশু নিৰুদ্দেশৰ ক্ষেত্ৰত মধ্যপ্ৰদেশে ধাৰাবাহিকভাৱে শীৰ্ষস্থান দখল কৰি আহিছে। ২০১৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত ৰাজ্যখনত ৬০,০৩১টা গোচৰ ৰুজু কৰা হৈছে (ৰাষ্ট্ৰীয় অপৰাধ অনুসন্ধান ব্যুৰ’)। ২০২২ চনত চাইল্ড ৰাইটছ এণ্ড ইউ (CRY)ৰ পৰা আৰ.টি.আই.যোগে লাভ কৰা তথ্য অনুসৰি ১১,৭১৭টা শিশু নিৰুদ্দেশ হৈছিল। ৰাজ্যখনত বছৰি গড়ে প্ৰায় ১০,২৫০গৰাকী শিশু নিৰুদ্দেশ হৈ আহিছে, অৰ্থাৎ প্ৰতিদিনে প্ৰায় ২৮টা এনে ঘটনা সংঘটিত হৈছে। এয়া ভাৰতৰ আন যিকোনো ৰাজ্যতকৈ অধিক।

Madhya Pradesh consistently has the highest numbers of children that go missing in India

মধ্যপ্ৰদেশত ভাৰতৰ ভিতৰতে সৰ্বাধিক শিশু নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈ আহিছে

নেহাৰ ঘটনাটোৰ দৰেই নিৰুদ্দেশ হোৱা শিশুৰ ভিতৰত ৭৭ শতাংশ অৰ্থাৎ ৫৫,০৭৩ গৰাকীয়েই হৈছে ছোৱালী। “কিন্তু প্ৰকৃত সংখ্যা [নিৰুদ্দেশ হোৱা শিশুৰ] ইয়াতকৈয়ো অধিক হোৱাৰ সম্ভাৱনা আছে, কাৰণ দুৰ্গম অঞ্চলৰ পৰা নিৰুদ্দেশ হোৱা বহু ঘটনাৰে খবৰ আৰক্ষী-প্ৰশাসনে লাভে নকৰে,” এইদৰে কয় মধ্যপ্ৰদেশত শিশুৰ অধিকাৰৰ হৈ কাম কৰি অহা আৰু নিৰুদ্দেশ হোৱা শিশুৰ তথ্য সংগ্ৰহ কৰি অহা স্বেচ্ছাসেৱী সংস্থা বিকাশ সমাজ সমিতিৰ ভূপালস্থিত কৰ্মী শচীন জৈনে।

ইফালে, চহৰৰ সমীপৱৰ্তী এটি কোঠাৰ জুপুৰী সদৃশ ঘৰটোত নেহাক নেদেখি নেহাৰ পিতৃ-মাতৃ প্ৰীতি আৰু ৰমন উদ্বিগ্ন হৈ পৰে। ৰমনে ওচৰ-চুবুৰীয়াৰ ঘৰে ঘৰে গৈ নিজ কন্যাৰ বিচাৰ-খোঁচাৰ আৰম্ভ কৰে আৰু আত্মীয়সকলকো ফোন কৰি ক’ৰবাত দেখিছে নেকি বুলি ফোন কৰিবলৈ আৰম্ভ কৰে। প্ৰীতিয়ে কয়, “মই নিজকে দোষী দোষী অনুভৱ কৰিছিলো। আমি গোটেই চুবুৰীটোত বিচাৰিলো, কিন্তু তাই ক’তো নাছিল। আমি ভাবিছিলো তাই দুপৰীয়াৰ ভিতৰত ঘূৰি আহিব।” পিছদিনাও ক’তো একো খা-খবৰ নোপোৱাত স্থানীয় আৰক্ষী থানাত উপস্থিত হৈ পিতৃ-মাতৃয়ে নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে।

ভূপালৰ আশে-পাশে থকা বিভিন্ন কাৰখানাত দৈনিক মজুৰি কৰি অহা স্বামী-স্ত্ৰীহালে মাহে ৮,০০০-১০,০০০ টকা উপাৰ্জন কৰি আহিছে। প্ৰীতিয়ে কয়, “আমি ছোৱালীজনীক যিকোনো মূল্যৰ বিনিময়ত ভালকৈ পঢ়াই-শুনাই শিক্ষিত কৰিব বিচাৰিছিলো যাতে তাই ভাল চাকৰি পাব পাৰে।’’

অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত প্ৰীতি আৰু তেওঁৰ স্বামী ২০ বছৰ পূৰ্বে উত্তৰ প্ৰদেশৰ পৰা অহা ভূমিহীন প্ৰব্ৰজনকাৰী শ্ৰমিক। মাক প্ৰীতিয়ে কয়, “কোনেও নিজৰ ল’ৰা-ছোৱালীয়ে এনেকৈ হাড়ভঙা শ্ৰম কৰাটো নিবিচাৰে। সেইবাবেই আমি তাইক ভালকৈ পঢ়াবলৈ অলপ বেছিকৈ কষ্ট কৰিছিলো।”

কিশোৰী নেহাৰ দৰে পিতৃ-মাতৃৰ সৈতে কাজিয়া কৰি ঘৰ এৰি যোৱা কিশোৰ-কিশোৰী, প্ৰেমত পৰা আৰু পলায়ন কৰা কিশোৰ-কিশোৰীসকলো বিভিন্ন প্ৰকাৰৰ শিশু-কিশোৰ নিৰুদ্দেশৰ ঘটনাবোৰৰ মাজত অন্যতম আৰু এইবোৰৰ ভিতৰত দেহ ব্যৱসায় বা শ্ৰমিকত পৰিণত কৰিবলৈ কৰা শিশু সৰবৰাহক অতি ভয়াৱহ আখ্যা দিব পাৰি। “ঠিকাদাৰে ল’ৰা-ছোৱালীক কামৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ লৈ যায়। এই ধৰণৰ শিশু শ্ৰমিকৰ আঁৰত এটা বিশেষ চক্ৰ জড়িত হৈ আছে,’’ জৈনে কয়।

*****

নেহাক ভূপালৰ এটা ফ্লেটলৈ লৈ যোৱা হৈছিল আৰু তেওঁক বাহিৰলৈ যাবলৈ বা কাৰো লগত যোগাযোগ কৰিবলৈ দিয়া হোৱা নাছিল। গাড়ীখন চলাই যোৱা মানুহজন আৰু সেই মহিলাগৰাকীয়ে ওচৰ-চুবুৰীয়াক তেওঁলোকৰ খুলশালীয়েকৰ ছোৱালী বুলি ক’লে আৰু তাইক ছানা বুলি মাতিবলৈ ল’লে; নতুন নামটোৰে মাতোতে উত্তৰ নিদিলে তাইক মাৰপিতো কৰা হৈছিল।

পলায়ন কৰা কিশোৰীগৰাকীৰ ওপৰত শাৰীৰিক আৰু যৌন নিৰ্যাতন চলিছিল। পুৰুষ-মহিলাহালে তাইক ঘৰৰ কাম, কোঠা পৰিস্কাৰ আৰু বাচন ধোৱাৰ দৰে কামবোৰ কৰিবলৈ বাধ্য কৰাইছিল। অৱশেষত এদিন যেতিয়া তাই তাৰ পৰা পলাবলৈ চেষ্টা কৰোতে ধৰা পৰিছিল তেতিয়া তাইক শাস্তি দিয়া হৈছিল। তাই মনত পেলাই কয়, “মই ঘৰলৈ উভতি অহাৰ আশা এৰি দিছিলো। পুলিচে যে কেতিয়াবা আহি মোক উদ্ধাৰ কৰিব পাৰিব সেই কথা বিশ্বাসেই নহৈছিল।”

আৰক্ষীয়ে ঘাইপথেৰে খোজকাঢ়ি যোৱাৰ চিচিটিভি ফুটেজ চাই নেহাক ক’লৈ লৈ যোৱা হৈছিল সেই সম্পৰ্কে জানিব পাৰিছিল যদিও ভূপালৰ ক’ত আছে সেয়া বিচাৰি উলিয়াবলৈ কিছুদিন সময় লাগিছিল। অৱশেষত শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা (প’ক্সো) আইন, ২০১২ আৰু শিশু শ্ৰমিক (নিষেধাজ্ঞা আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮৬ৰ অধীনত গোচৰ ৰুজু কৰি সেই পুৰুষ আৰু মহিলাগৰাকীক শিশু অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

যেতিয়া তাই পুনৰ ঘৰত ভৰি দিছিল তেতিয়া বহুদিনৰ অন্তত মাক-দেউতাকৰ মুখলৈ হাঁহি ঘূৰি আহিছিল। প্ৰীতিয়ে কয়, ‘আমি আৰক্ষীৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ম।’’

PHOTO • Priyanka Borar

কিশোৰী নেহাৰ দৰে পিতৃ-মাতৃৰ সৈতে কাজিয়া কৰি ঘৰ এৰি যোৱা কিশোৰ-কিশোৰী, প্ৰেমত পৰা আৰু পলায়ন কৰা কিশোৰ-কিশোৰীসকলো বিভিন্ন প্ৰকাৰৰ শিশু-কিশোৰ নিৰুদ্দেশৰ ঘটনাবোৰৰ মাজত অন্যতম আৰু এইবোৰৰ ভিতৰত দেহ ব্যৱসায় বা শ্ৰমিকত পৰিণত কৰিবলৈ কৰা শিশু সৰবৰাহক অতি ভয়াৱহ আখ্যা দিব পাৰি

আন ঘটনাৰ তুলনাত নেহাৰ ঘটনাটোৰ ক্ষেত্ৰত সোনকালে সন্ধান লাভ কৰা হৈছিল যদিও এনে ঘটনা সঘনে ঘটিবলৈ লোৱাতো চিন্তাৰ বিষয় বুলি গণ্য কৰে জৈনে। তেওঁ কয়, “এয়া কেৱল আইন-শৃংখলাৰ সমস্যা নহয়। এয়া সামাজিক সমস্যা। আজিৰ সময়তো সমাজত শিশু আৰু কিশোৰ-কিশোৰীসকলৰ শাৰীৰিক, আৱেগিক আৰু মানসিক প্ৰত্যাহ্বানসমূহ পৰিচালনাৰ ক্ষেত্ৰত কৰিবলগীয়া বহু কাম বাকী আছে।”

মধ্যপ্ৰদেশত যোৱা সাত বছৰত ৭০ হাজাৰতকৈ অধিক শিশু নিৰুদ্দেশ হৈছে আৰু উদ্ধাৰৰ ক্ষেত্ৰত প্ৰতি বছৰে ধাৰাবাহিকভাৱে আৰক্ষীয়ে লাভ কৰা সফলতাৰ হাৰ হৈছে ৬০-৬৫ শতাংশ। কিন্তু এটা শিশু নিৰুদ্দেশ হোৱাটোকো মুঠেই উলাই কৰিব নোৱাৰি। বৰ্তমান ১১ হাজাৰতকৈ অধিক শিশুৱে দুৰ্বিসহ জীৱন কটাই আছে আৰু পিতৃ-মাতৃ তথা তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ সন্তানে কেনেধৰণৰ অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হৈছে সেই ভাবি ভয় আৰু অনিশ্চয়তাৰ মাজত জীয়াই আছে।

আগষ্টৰ মাজভাগত ১৪ বছৰীয়া কন্যা পূজা নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা মূৰত সৰগ ভাগি পৰিছে লক্ষ্মী আৰু নীতিশৰ। আৰক্ষীয়ে এতিয়াও পূজাৰ সন্ধান উলিয়াব পৰা নাই, আৰু এতিয়াও সন্ধান চলি আছে।

নীতিশে কয়, “মূৰটোৱে কাম নকৰা হৈ গৈছে। আমি যিমান পাৰো ইতিবাচক চিন্তা কৰিবলৈ চেষ্টা কৰো। কিন্তু যেতিয়া ছোৱালীজনীয়ে ক’ত কেনেকৈ থাকিবলগীয়া হৈছে বুলি ভাবটো আহে তেতিয়া দুশ্চিন্তাই মনটো জুমুৰি দি ধৰে।”

এদিন পুৱা পূজা স্কুললৈ গৈছিল আৰু সেই যি গ’ল তাৰ পিছত আৰু ঘূৰি নাহিল। চিচিটিভি ফুটেজত তাই স্কুললৈকে বুলি বাটটোৰ আধালৈকে যোৱা দেখা গৈছে, কিন্তু তাৰ পিছৰখিনি কি হ’ল সেয়া জনাতো সম্ভৱ হোৱা নাই। মাক-দেউতাকে অনুমান কৰি কয় যে তাই হয়তো পৰিকল্পনা কৰিয়েই যাও বুলি ওলাই গৈছিল কাৰণ তাই সেইদিনা ঘৰতে নিজৰ ফোনটো এৰি থৈ গৈছিল, যিটো কাম তাই আগতে কেতিয়াও কৰা নাছিল। ৪৯ বছৰীয়া নীতিশে কয়, ‘পুলিচে কল ৰেকৰ্ড চাই দেখিলে যে তাই নিয়মিতভাৱে এজন ল’ৰাৰ সৈতে কথা পাতি আছিল। আগতে তাই ফোনত বহুত ব্যস্ত আছিল যদিও আমি তাইৰ গোপনীয়তাক সন্মান কৰিছিলো। আমি ভাবিছিলো এই বয়সত বন্ধু-বান্ধৱীৰ সৈতে কথা পতাতো স্বাভাৱিক।’

পূজাই কথা পাতি থকা ল’ৰাটো তাইৰ সম বয়সৰ আছিল আৰু উত্তৰ প্ৰদেশৰ এখন গাঁৱৰ তেওঁলোকৰে চিনাকি কোনোবা এজন আছিল। আৰক্ষীয়ে সেই ল’ৰাজন আৰু পূজাক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আহিছে যদিও কাৰোৱেই শুংসূত্ৰ উলিয়াব পৰা নাই।

পৰিস্থিতিৰ লগত মিলি নীতিশ আৰু লক্ষ্মীয়ে প্ৰতিদিনে কাম কৰি গৈছে। বৰ্তমান চল্লিশৰ ডেওনা অতিক্ৰম কৰা দুয়োজনে প্ৰায় ৩০ বছৰ পূৰ্বে কৰ্মসূত্ৰে পশ্চিম বিহাৰৰ এখন গাঁৱৰ পৰা প্ৰব্ৰজন কৰিছিল। নীতিশে কয়, “আমি ইয়ালৈ প্ৰব্ৰজন কৰা মানুহ এজনক চিনি পাইছিলো। তেওঁ আমাক ইয়ালৈ কাম বিচাৰি আহিবলৈ পৰামৰ্শ দিছিল।”

দম্পতীহালে দিন হাজিৰা কৰা শ্ৰমিক হিচাপে কাম কৰে। জুপুৰিটোৰ ঠাইত পকী ঘৰ সাজিবলৈ সঞ্চয় কৰাৰ লগতে সন্তানৰ শিক্ষা আৰু বিবাহৰ বাবেও সঞ্চয় কৰি গৈছে। দিনটোত ১২-১৪ ঘণ্টা কাম কৰি তেওঁলোকে মাহিলি ৯০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। নীতিশে মাজে মাজে ভাবে যে কামত লাগি থাকোতেই জীয়েকৰ সৈতে ভালকৈ কথা পাতিব নোৱৰা বাবেই এনে হ’ল নেকি? “আমি যি কামেই পাইছিলো সেয়াই কৰি গৈছিলো, কাৰণ আমি আমাৰ ল’ৰা-ছোৱালীক ভাল কৰিব খুজিছিলো। হয়তো আমি পিতৃ-মাতৃ হিচাপে বিফল! সেয়ে তাই আমাৰ লগত এই বিষয়ে কথা পাতিবলৈ সংকোচবোধ কৰি এনেকৈ আমাক এৰি গুচি গ’ল।”

পূজা পঢ়া-শুনাত চোকা আছিল আৰু উচ্চ শিক্ষা গ্ৰহণৰ সপোন দেখিছিল। পূজাৰ বায়েককেইগৰাকী ২০ আৰু ২২ বছৰ বয়সত বিয়া হৈছিল যদিও তাই আৰক্ষী বিষয়া হোৱাৰ সপোন দেখিছিল। তাই হঠাৎ কেনেকৈ সেই সপোনটোৰ পৰা আঁতৰি আহিল সেই কথা ভাবি পোৱা নাই মাক-দেউতাকে। তাইৰ ইচ্ছাৰ বিৰুদ্ধে তাইক কোনোৱে ফুচুলাই লৈ গৈছে নেকি বুলিও তেওঁলোকে মাজে মাজে ভাবিছে আৰু কেতিয়াও তাইক দেখা নাপাব নেকি বুলি ভাবি বিষণ্ণ হৈ পৰিছে।

PHOTO • Priyanka Borar

ছোৱালীজনীক আকৌ দেখা পামনে বুলি ভাবি উদ্বিগ্ন হৈ পৰা পূজাৰ পিতৃ-মাতৃ

ছোৱালীজনী নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা ভাল টোপনি কি সেয়া পাহৰি পেলোৱা লক্ষ্মীয়ে কয়, “নিৰুদ্দেশ হোৱা ছোৱালীবোৰৰ কি হয় সেই বিষয়ে বাতৰিবোৰত বহুত ভয়লগা কথা শুনিছো। গোটেই দিনটো সেই ভয়লগা কথাবোৰেই মোৰ মনলৈ আহি থাকে। তাই নোহোৱা হোৱা দিন ধৰি ঘৰখন মৰিশালিৰ দৰে হৈ পৰিছে।”

নিয়ম অনুসৰি যদি কোনো নিৰুদ্দিষ্ট নাবালক-নাবালিকা চাৰি মাহ ধৰি সন্ধানহীন হৈ থাকে তেন্তে গোচৰটো সংশ্লিষ্ট জিলাৰ মানৱ সৰবৰাহৰ বিৰোধী শাখা (AHTU)লৈ হস্তান্তৰ কৰা হয়।

মানৱ সৰবৰাহৰ বিৰোধী শাখালৈ বদলি হোৱাৰ পিছত তদন্ত আগতকৈ অধিক গুৰুত্বসহকাৰে কৰা হয় বুলি জৈনে কয়। “কিন্তু ইয়াত প্ৰশাসনে প্ৰায়ে সেয়া নকৰে। কাৰণ নিৰুদ্দেশৰ ঘটনা বৃদ্ধি পোৱাতো দেখুৱাই চৰকাৰে নিজৰ ভাৱমূৰ্তি নষ্ট কৰিব নোখোজে।” ফলত এই গোচৰবোৰ স্থানীয় আৰক্ষী থানাতে পৰি ৰয় আৰু নিৰুদ্দেশ হোৱা শিশুসকলৰ সন্ধানত বিলম্ব ঘটে।

*****

শিশুসকলক উদ্ধাৰৰ পিছত তেওঁলোকৰ পুনৰ্বাসনৰ বিষয়টোও গুৰুত্বপূৰ্ণ। কাৰণ তেওঁলোকে এক ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হয়। প্ৰায়ে তেওঁলোকৰ মানসিক অৱস্থা দুৰ্বল হৈ পৰে।

ভূপালৰ শিশু অধিকাৰ কৰ্মী ৰেখা শ্ৰীধৰে কয় যে মধ্যপ্ৰদেশৰ চৰকাৰী চিকিৎসালয়সমূহত পৰ্যাপ্ত পেছাদাৰী মনোবিজ্ঞানী নাই আৰু থকাকেইগৰাকীৰো অধিকাংশই থাকে চহৰত। তেওঁ কয়, “ইয়াৰ অৰ্থ হ’ল দুৰ্গম অঞ্চলৰ পৰা অহা মানসিকভাৱে ভাগি পৰা শিশুসকলে অতিশয় প্ৰয়োজনীয় কাউন্সেলিঙৰ পৰাও বঞ্চিত হ’বলগীয়া হয়। পিতৃ-মাতৃসকলৰ পক্ষেও ঘৰত তেনে পৰিস্থিতি চম্ভালাটো সম্ভৱ নহ। কাৰণ তেওঁলোকে আৰ্থিক অনাটনৰ সৈতে যুঁজ দিবলগীয়া হয়। এনেক্ষেত্ৰত মানসিকভাৱে শিশু বা সন্তানক কেনেকৈ আগবঢ়াই নিব লাগে সেয়া তেওঁলোকে জনাৰ বা কৰিব পৰাৰ সম্ভাৱনাও প্ৰায় শূন্য হৈ পৰে।”

শ্ৰীধৰে কাউন্সেলিঙৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “শিশুসকল হতাশাত ডুব যাব পাৰে আৰু আত্মহত্যাৰ প্ৰৱণতা গঢ় লৈ উঠিব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ মনোজগতত দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব পাৰে আৰু ভৱিষ্যতে তেওঁলোকৰ প্ৰতিটো সম্পৰ্কত ই প্ৰভাৱ পেলাব পাৰে।”

নেহা ঘৰলৈ উভতি অহা প্ৰায় পাঁচ মাহ হ’ল। তাৰ পিছৰ পৰা তাইৰ চাৰি-পাঁচটা কাউন্সেলিং ছেচন কৰা হৈছে যদিও এতিয়াও তাই আগৰ দৰে হৈ উঠা নাই। ঘৰলৈ ঘূৰি আহিছে আৰু এতিয়া নিৰাপদ বুলি নিজক পতিয়ন নিয়াবলৈকে তাইক কিছু সময়ৰ প্ৰয়োজন হৈছিল। ''সেই ১৭ টা দিনত মোৰ দিনবোৰ নাযায়-নুপুৱাই যেন লাগিছিল,’’ নেহাই কয়।

নেহাই পুনৰ স্কুললৈ যাবলৈ আৰম্ভ কৰিছে যদিও এতিয়াও অকলে যাবলৈ ভয় কৰে। ভায়েকে তাইক সদায়েই স্কুললৈ অনা-নিয়া কৰে। আগতে মানুহৰ লগত কথা পাতিবলৈ ভালপোৱা নেহাই এতিয়া নতুন মানুহ লগ পাবলৈ ভয় কৰে আৰু চকুলৈকে চাই কথা ক’বলৈ প্ৰায় এৰি পেলাইছে।

পৰিয়ালটোৱে ইটাৰ বেৰৰ এটা কোঠাৰ ঘৰত থাকে, সেই কোঠাটোতেই পাকঘৰো আছে। টিনৰ চালিৰ ঘৰটোত নিশা সকলোৱে মজিয়াত একেলগে শোৱে। নেহাই এতিয়া ঘৰত পৰিয়ালৰ লগত একেলগে থাকিলেও মাজে মাজে উচপ খাই উঠে। মাক প্ৰীতিয়ে কয়, “ঘূৰি অহাৰ পিছৰে পৰা তাই শান্তিৰে শুবই পৰা নাই। যেতিয়াই তাইৰ কাষত শুই থকা কোনোবাই টোপনিতে লৰচৰ কৰে, তেতিয়াই তাই সাৰ পাই উঠে আৰু ভয়তে কান্দে। তাইক আগৰ দৰে হ’বলৈ হয়তো আৰু কিছুদিন লাগিব।”

এই প্ৰতিবেদনত উল্লেখ কৰা ভুক্তভোগীসকলৰ পৰিচয় গোপনে ৰাখিবলৈ নামবোৰ সলনি কৰা হৈছে

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Parth M.N.

पार्थ एम एन, साल 2017 के पारी फ़ेलो हैं और एक स्वतंत्र पत्रकार के तौर पर विविध न्यूज़ वेबसाइटों के लिए रिपोर्टिंग करते हैं. उन्हें क्रिकेट खेलना और घूमना पसंद है.

की अन्य स्टोरी Parth M.N.
Illustration : Priyanka Borar

प्रियंका बोरार न्यू मीडिया की कलाकार हैं, जो अर्थ और अभिव्यक्ति के नए रूपों की खोज करने के लिए तकनीक के साथ प्रयोग कर रही हैं. वह सीखने और खेलने के लिए, अनुभवों को डिज़ाइन करती हैं. साथ ही, इंटरैक्टिव मीडिया के साथ अपना हाथ आज़माती हैं, और क़लम तथा कागज़ के पारंपरिक माध्यम के साथ भी सहज महसूस करती हैं व अपनी कला दिखाती हैं.

की अन्य स्टोरी Priyanka Borar
Editor : PARI Desk

पारी डेस्क हमारे संपादकीय कामकाज की धुरी है. यह टीम देश भर में सक्रिय पत्रकारों, शोधकर्ताओं, फ़ोटोग्राफ़रों, फ़िल्म निर्माताओं और अनुवादकों के साथ काम करती है. पारी पर प्रकाशित किए जाने वाले लेख, वीडियो, ऑडियो और शोध रपटों के उत्पादन और प्रकाशन का काम पारी डेस्क ही संभालता है.

की अन्य स्टोरी PARI Desk
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

की अन्य स्टोरी Dhrubajyoti Dhanantari