বাৰাণসীত ভোটদানৰ দিনা চালমাই দেখিলে যে ভোটদানৰ শাৰী দুটা – এটা পুৰুষৰ আৰু আনটো মহিলাৰ। বাংগালী তোলা ভোটদান কেন্দ্ৰটো বিশ্বনাথ মন্দিৰলৈ যোৱা ঠেক গলি এটাৰ চৰকাৰী স্কুল এখনত পতা হৈছিল।

২৫ বৰ্ষীয় ৰূপান্তৰিত মহিলাগৰাকীয়ে মহিলাৰ বাবে থকা শাৰীটোত থিয় হ’লগৈ, কিন্তু তেওঁ কয়, আঁখে বড়ি হৌ গয়ী থি সবকি (সকলোৱে ট ট কৰি মোৰ ফালে চাই ৰৈছিল)”। পুৰুষবোৰে মোক নোচোৱাৰ ভাও জুৰিছিল আৰু মই শাৰীটোৰ একেবাৰে শেষত থিয় হোৱাৰ সময়ত মহিলাসকলে ফিচিঙা-ফিচিঙি কৰিছিল।”

কিন্তু চালমাই সেইবোৰলৈ কেৰেপ কৰি নাথাকিল। “মই আগবাঢ়ি গৈ থাকিলো,” তেওঁ কয়। “ভোটদানৰ মোৰ অধিকাৰ আছে আৰু মই বিচৰা পৰিৱৰ্তনৰ বাবে মই এই অধিকাৰ সাব্যস্ত কৰিছো।”

ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভাৰতত ৪৮,০৪৪ গৰাকী “তৃতীয় লিংগৰ ভোটাৰ” আছে। ইমান সংখ্যক ভোটাৰ থকা স্বত্ত্বেও ৰূপান্তৰিত ব্যক্তি হিচাপে চিহ্নিত ভোটাৰ কাৰ্ড এখন তেওঁলোকে পোৱাটো সহজ কাম নহয়। বাৰাণসীত বেচৰকাৰী সংস্থা প্ৰিজমেটিকৰ প্ৰতিস্থাপক-সঞ্চালক নীতিয়ে কয় যে তাত প্ৰায় ৩০০ গৰাকী ৰূপান্তৰিত ব্যক্তি আছে আৰু তেওঁলোকৰ পৰিচয় সম্বলিত ভোটাৰ কাৰ্ড পোৱাটো এখন সংগ্ৰাম। “আমি প্ৰায় ৫০ গৰাকী ৰূপান্তৰিত ব্যক্তিৰ ভোটাৰ পৰিচয় পত্ৰ পাইছো। কিন্তু নিৰ্বাচন আয়োগে ভোটাৰ কাৰ্ড ইছ্যু কৰাৰ আগেয়ে গৃহ সাক্ষাৎ কৰাৰ নিৰ্দেশ দিয়াটো আন এক সমস্যা হৈ পৰিছে, কিয়নো ৰূপান্তৰকামী আৰু ৰূপান্তৰিত সমাজৰ বহুতেই লিংগ পৰিচয় সত্যাপনৰ বাবে ঘৰলৈ মানুহ অহাটো নিবিচাৰে,” তেওঁ কয়।

চালমাই অৱশ্যে ভোটাৰ পৰিচয় পত্ৰখন পোৱাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল। “মই পৰিয়াল কিম্বা মোৰ পৰিচয় জনা কোনো লোকৰ সৈতে নাথাকো,” তেওঁ কয়।

PHOTO • Jigyasa Mishra

চালমাই ২০২৪ৰ ১ জুনৰ দিনা বাংগালী তোলাৰ ভোটকেন্দ্ৰত (বাওঁফালে) উপস্থিত হৈ দেখিলে যে তাত পুৰুষ আৰু মহিলাৰ বাবে শাৰী আছে। ক্ষুদ্ৰ ব্যৱসায়ী ৰূপান্তৰিত মহিলা চালমাই মহিলাৰ শাৰীত গৈ থিয় হ’ল যদিও কিছুমানে তেওঁক দেখি ফিচিঙা-ফিচিঙি কৰিলে। কিন্তু চালমাই ভোট দি আহিল (সোঁফালে)। ‘মই কেৰেপ নকৰিলোঁ,’ তেওঁ কয়

চালমাৰ কথা কোৱা আৰু উঠা-বহাৰ ধৰণ দেখি স্কুলত সকলোৱে ঠাট্টা-মস্কৰা কৰি থকাত তেওঁ পঞ্চম মানতে পঢ়া এৰিবলগীয়া হৈছিল। সেই চালমা এতিয়া তেওঁৰ ভায়েকৰ লগত থাকে আৰু বাৰাণসীত শাড়ীৰ দোকান এখন চলাই মাহে ১০,০০০ টকা উপাৰ্জন কৰে। চালমাই স্থানীয় দোকানৰ পৰা শাড়ী ক্ৰয় কৰি সেয়া আন চহৰত গ্ৰাহকক বিক্ৰী কৰে।

যোৱা ছটা বছৰ ধৰি ৰূপান্তৰিত মহিলা শমাই যৌনকৰ্মী হিচাপে জীৱিকা নিৰ্বাহ কৰি আহিছে। “মোৰ জন্ম বলিয়া জিলাত, তাতে ডাঙৰ-দীঘল হৈছো। কিন্তু মোৰ লিংগ পৰিচয়ৰ বাবে বহু বেছি সমস্যাৰ সন্মুখীন হৈছিলো,” তেওঁ বুজাই কয়। “চুবুৰীয়াসকলে মোৰ মা-দেউতাক খেচখেচাই থাকিছিল। মই আনবোৰৰ দৰে নোহোৱাৰ বাবে দেউতাই মোক আৰু মোৰ মাক গালি-শপনি পাৰিছিল। পুৰুষ বা মহিলাৰ শাৰীত নপৰা সন্তান জন্ম দিয়াৰ বাবে তেওঁ মাক দোষ দিছিল। সেয়ে মই আটাইতকৈ ওচৰত থকা চহৰ বাৰাণসীলৈ গুছি আহিলো।” ভোটদানৰ দিনা তেওঁ সোনকালেই আহি ভোটকেন্দ্ৰত উপস্থিত হৈছিল। “মানুহৰ ভীৰ আৰু মোলৈ চাই থকা চকুবোৰ এৰাই চলিবলৈ সোনকালে গৈছিলো,” শমাই পাৰিক কয়।

ৰূপান্তৰিত ব্যক্তিৰ উদ্ধাৰ, সুৰক্ষা আৰু পুনৰ্সংস্থাপনৰ বাবে আৰু তেওঁলোকৰ প্ৰয়োজনসমূহ পূৰণৰ বাবে ৰূপান্তৰিত ব্যক্তি ( অধিকাৰ সুৰক্ষা) আইনে চৰকাৰসমূহক নিৰ্দেশ দিছে ঠিকেই। কিন্তু এই চহৰখন প্ৰায়ে এখন নিৰাপদ চহৰ হৈ পৰে, বিশেষকৈ ৰূপান্তৰিত মহিলাসকলৰ বাবে। নীতিয়ে কয় যে তেওঁলোকৰ ওচৰলৈ প্ৰতি মাহে পাঁচৰ পৰা সাতোটা যৌন আতিশয্যৰ ঘটনাৰ খবৰ আহে যিবোৰ তেওঁলোকে মোকাবিলা কৰে।

ৰূপান্তৰিত মহিলাসকলে সন্মুখীন হোৱা আতিশয্যৰ বিষয়ে পাৰিক কয়। চালমাই সন্মুখীন হোৱা হাৰাশাস্তিৰ কথা কয়, আকৌ বিউটি পাৰ্লাৰ এখনত কাম কৰোঁতে তাৰে মালিকৰ হাতত যৌন উৎপীড়নৰ বলি হোৱাৰ কথা অৰ্চনাই পাৰিক কয়। অৰ্চনাই আৰক্ষী চকীত অভিযোগ দাখিল কৰিবলৈ যায় যদিও তাত উপস্থিত থকা বিষয়াসকলে তেওঁৰ কথাত বিশ্বাস নকৰিলে আৰু সহায় কৰাৰ পৰিৱৰ্তে তেওঁক ভয়-ভাবুকি দি অপমান কৰি পঠিয়াই দিলে। অৰ্চনাই আৰক্ষীৰ তেনে ব্যৱহাৰত আচৰিত হ’বলগীয়া একো নাছিল। তেওঁ আইআইটি-বি.এইছ.ইউ.-ত গণধৰ্ষিতা এগৰাকী ছোৱালীৰ প্ৰসংগ টানি আনি কয়, “মহিলাসকলেই যদি নিৰাপদ নহয়, ৰূপান্তৰিত মহিলা এগৰাকী কেনেকৈ সুৰক্ষিত হৈ থাকিব?”

PHOTO • Jigyasa Mishra
PHOTO • Abhishek K. Sharma

বাওঁফালে: চালমাই কয় যে ৰূপান্তৰিত ব্যক্তিৰ কাৰণে চৰকাৰী চাকৰিত সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগে। সোঁফালে: ৰূপান্তৰিত ব্যক্তিসকলে নিজৰ কিছুমান দাবী লৈ ভোটদানৰ আগেয়ে বাৰাণসীত ৰাজহুৱা ৰেলী উলিয়াইছিল। মুগা বৰণৰ ছেলোৱাৰ কামীজ পৰিহীতা চালমা

*****

বাৰাণসীৰ সৰ্বচৰ্চিত লোকসভা আসনখনত প্ৰতিদ্বন্দিতা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ প্ৰতিদ্বন্দী কংগ্ৰেছ দলৰ অজয় ৰায়ৰ বিৰুদ্ধে ১.৫ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰে।

“আমাৰ চহৰৰ পৰা লোকসভাৰ সদস্য হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে জয়ী হোৱাৰ আজি দহটা বছৰ পাৰ হ’ল, কিন্তু তেওঁ কেতিয়াবা আমাৰ কথা ভাবিছেনে?” চালমাই প্ৰশ্ন কৰে। তেওঁ এতিয়া ভবিষ্যতক লৈ চিন্তিত। “আগত অন্ধকাৰ দেখো। কিন্তু চৰকাৰৰ ওপৰ আমি নজৰ ৰাখি আছো,” তেওঁ কয়।

চালমা আৰু অৰ্চনাই তেওঁৰ কথাত হয়ভৰ দিয়ে। দুয়োগৰাকী ৰূপান্তৰিত মহিলাই ২০১৯ত নৰেন্দ্ৰ মোদীক ভোট দিছিল, কিন্তু ২০২৪ত তেওঁলোকে নিজৰ মত সলনি কৰিছে। এইবাৰ “মই পৰিৱৰ্তনৰ বাবে ভোট দিম,” শমাই কয়।

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ২৫ বৰ্ষীয় অৰ্চনাই যৌনকৰ্মী হিচাপে জীৱিকা নিৰ্বাহ কৰে, তেওঁ কয়, “মই মোদীৰ ভাষণ শুনি সঁচাই প্ৰভাৱিত হৈছিলো। এতিয়া গম পোৱা হৈছো যে তেওঁ টেলিপ্ৰম্পটাৰ চাই ভাষণ দিয়ে।”

তেওঁলোকেও সম্প্ৰদায়টোৰ বাবে প্ৰণয়ন কৰা আইন আৰু অধিকাৰৰ গেৰাণ্টি কেৱল কাগজে-পত্ৰই সীমাবদ্ধ হৈ থকা বুলি অনুভৱ কৰে।

PHOTO • Jigyasa Mishra

চালমা আৰু আন আন ৰূপান্তৰিত মহিলাই চৰকাৰে তেওঁলোকক নিৰাশ কৰাৰ কথা পাৰিক কয়, লগতে ভৱিষ্যতক লৈ নিজৰ চিন্তাও ব্যক্ত কৰে। ‘আগত অন্ধকাৰ দেখো। কিন্তু চৰকাৰৰ ওপৰ আমি নজৰ ৰাখি আছো,’ চালমাই কয়

“দহ বছৰ আগতে তেওঁলোকে আমাক তৃতীয় লিংগ হিচাপে স্বীকৃতি দি সেয়া এক ঐতিহাসিক ৰায়দান বুলি অভিহিত কৰিছিল যদিও সেয়া আছিল ন্যূনতম স্বীকৃতি আৰু সেইবোৰ কাগজ-পত্ৰতে সীমাবদ্ধ হৈ থাকিল,” শমাই ২০১৪ত উচ্চতম ন্যায়ালয়ে ৰায়দানৰ প্ৰসংগ টানি আনি কয়। সেই ৰায়দানত কোৱা হৈছিল যে “চৰকাৰৰ অন্য নিৰ্দেশাৱলীত ট্ৰান্সজেণ্ডাৰসকলক তৃতীয় লিংগ হিচাপে গণ্য কৰা হ’ব।” এই অনান্য নিৰ্দেশাৱলীৰ ভিতৰত আছিল শৈক্ষিক প্ৰতিস্থানসমূহত আৰু ৰাজহুৱা নিয়োগত সংৰক্ষণৰ ব্যৱস্থা আৰু সম্প্ৰদায়টোৰ লোকসকলৰ বাবে সামাজিক কল্যাণৰ আঁচনিত অন্তৰ্ভুক্তকৰণৰ বাবে পদক্ষেপ গ্ৰহণ।

২০১৯ত কেন্দ্ৰ চৰকাৰে ৰূপান্তৰিত ব্যক্তি (অধিকাৰৰ সুৰক্ষা) আইনখন গৃহীত কৰে, এই আঁচনিয়ে তেওঁলোকে শৈক্ষিক আৰু নিয়োগৰ ক্ষেত্ৰখনত সন্মুখীন হোৱা বৈষম্য আৰু আইনগত বাধ্যবাধকতা আঁতৰোৱাৰ নিশ্চিতি দিছিল। কিন্তু শৈক্ষিক প্ৰতিস্থান আৰু ৰাজহুৱা নিয়োগৰ ক্ষেত্ৰত নামভৰ্তি আৰু নিয়োগৰ ক্ষেত্ৰত কোনো সংৰক্ষণৰ ব্যৱস্থা কৰা নাছিল।

“পিয়নৰ পৰা বিষয়ালৈকে সকলো চৰকাৰী চাকৰিত আমাৰ বাবে চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰি দিয়াটো আমি বিচাৰো,” চালমাই কয়।

(নীতি আৰু চালমাৰ বাহিৰে এই প্ৰতিবেদনৰ সকলো নাম অনুৰোধমৰ্মে সলনি কৰা হৈছে)

অনুবাদ: পংকজ দাস

Jigyasa Mishra

जिज्ञासा मिश्रा, उत्तर प्रदेश के चित्रकूट ज़िले की एक स्वतंत्र पत्रकार हैं.

की अन्य स्टोरी Jigyasa Mishra
Illustration : Jigyasa Mishra

जिज्ञासा मिश्रा, उत्तर प्रदेश के चित्रकूट ज़िले की एक स्वतंत्र पत्रकार हैं.

की अन्य स्टोरी Jigyasa Mishra
Photographs : Abhishek K. Sharma

अभिषेक के. शर्मा, वाराणसी स्थित फ़ोटो व वीडियो पत्रकार हैं. फ्रीलांसर के तौर पर उन्होंने कई राष्ट्रीय व अंतर्राष्ट्रीय मीडिया संस्थानों के साथ काम किया है, और समाज व पर्यावरण से जुड़े मुद्दों पर रपट लिखते रहे हैं.

की अन्य स्टोरी Abhishek K. Sharma
Editor : Sarbajaya Bhattacharya

सर्वजया भट्टाचार्य, पारी के लिए बतौर सीनियर असिस्टेंट एडिटर काम करती हैं. वह एक अनुभवी बांग्ला अनुवादक हैं. कोलकाता की रहने वाली सर्वजया शहर के इतिहास और यात्रा साहित्य में दिलचस्पी रखती हैं.

की अन्य स्टोरी Sarbajaya Bhattacharya
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das