“আমাৰ সময়ত যদি মহিলাসকল শিক্ষিত হ’লহেঁতেন, তেতিয়া পৰিস্থিতি ভিন্ন হ’লহেঁতেন,” কিষাণগঢ় সেধা সিং ৱালাৰ নিজ ঘৰৰ বাৰান্দাত বহি সুৰজীত কৌৰে কয়। তেওঁ নাতিনী আৰু নাতিল’ৰাহঁতৰ বয়সতে তেওঁ ৫ম মানৰ পৰা পঢ়া এৰিবলগীয়া হৈছিল।

“শিক্ষাই ব্যক্তিৰ তৃতীয় নয়ন খোল খুৱায়,” ৬৩ বৰ্ষীয় সুৰজীতে নিজৰ কথাষাৰত জোৰ দি কয়।

৭৫ বৰ্ষীয় তেওঁৰ চুবুৰীয়া জছৱিন্দৰ কৌৰে সন্মতি দৰ্শাই মুৰ ডুপিয়াইছে। “মহিলাই যেতিয়া পদুলিৰ পৰা বাহিৰলৈ ওলায়, তেতিয়া সিহঁতে বিশ্বখন দেখে,” তেওঁ কয়।

নিজ স্কুলীয়া শিক্ষা সাং কৰিব নোৱাৰিলেও তেওঁলোকক আন এক পাঠশালাই ভাল শিক্ষাই দিছে। ২০২০-২১ত হোৱা ঐতিহাসিক কৃষক আন্দোলনৰ সময়ত দিল্লীত ১৩ মাহ শিবিৰ পাতি ভাগ লোৱা ১৬ গৰাকী মহিলাৰ ভিতৰত তেওঁলোক দুজনো আছিল। এটা বছৰত কেন্দ্ৰ চৰকাৰৰ তিনিখন আইনৰ বিৰুদ্ধে থিয় দিয়া লাখে লাখে কৃষকে দিল্লী সীমান্তত বাহৰ পাতি প্ৰতিবাদ কৰিছিল। আইনকেইখনক লৈ তেওঁলোক সংশয়ত ভুগিছিল যে সি ন্যূনতম সমৰ্থন মূল্য (এমএচপি) ব্যৱস্থাৰ ক্ষতি কৰিব আৰু বণিকগোষ্ঠী আৰু ক’ৰ্পৰেটক লাভান্বিত কৰিব। সেই কৃষি আন্দোলনৰ পাৰিয়ে কৰা কাভাৰেজ ইয়াত পঢ়িবলৈ পাব।

এই প্ৰতিবেদকে পাঞ্জাৱৰ বিভিন্ন স্থানৰ লগতে ২০২৪ মে’ত কিষাণগঢ় সেধা সিং ৱালা সাক্ষাৎ কৰোঁতে তেওঁলোক ব্যস্ত আছিল শস্য চপোৱাৰ প্ৰস্তুতিত। গঞাই তাৰ সমানে সমানে ১ জুনত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবেও সাজু হৈছে। উল্লেখ্য যে শাসকীয় দলৰ কৃষক-বিৰোধী কাৰ্য্যকলাপৰ বিৰুদ্ধে কৃষকৰ আন্দোলনৰ আলোড়নে ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত কৰি থৈছে।

“বিজেপি জয়ী হ’লে সিহঁতে আকৌ এই আইনকেইখন (কৃষি আইন) ঘূৰাই-পকাই লৈ আহিব,” ষাঠি বৰ্ষীয় জাৰ্নেইল কৌৰে কয়। কিষাণগঢ় সেধা সিং ৱালাত ১০ একৰ খেতিমাটি থকা পৰিয়ালৰ জাৰ্নাইলে কয়, “আমি চাই-চিতি ভোট দিব লাগিব।”

(শিৰোমণি আকালি দলৰ হৰচিমৰৎ কৌৰ বাদলে ২০২৪ৰ নিৰ্বাচনত ভাতিন্দা লোকসভা আসন লাভ কৰে। ২০২৪ৰ ৪ জুনত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল।)

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: কিষাণগঢ় গাঁৱৰ নিজ ঘৰত সুৰজীত কৌৰ। সোঁফালে: পাঞ্জাৱৰ মানচা জিলাৰ একেখন গাঁৱতে জছৱিন্দৰ কৌৰ

২০২১ৰ ডিচেম্বৰত অন্ত পৰা কৃষক আন্দোলনৰ পৰা পোৱা পাঠ এতিয়াও গাওঁখনৰ প্ৰতিজনে বাৰুকৈয়ে মনত ৰাখিছে। “চৰকাৰে আমাৰ জীৱিকা কাঢ়ি নিব খুজিছে,” জছৱিন্দৰ কৌৰে কয়। “কেনেকৈ নিব দিওঁ?” তেওঁ প্ৰশ্ন কৰে।

আন চিন্তাও তাত বিৰাজ নকৰা নহয়। “কেইবছৰমান আগৰ কথা, কিষাণগঞ্জ সেধা সিং ৱালাৰ পৰা আন দেশলৈ ল’ৰা-ছোৱালীবোৰ যোৱা নাছিল,” সুৰজীতে কয়। অলপতে তেওঁৰ নাতিনী কুশলদীপ কৌৰে কানাডাৰ ব্ৰাম্পটনলৈ উচ্চশিক্ষাৰ বাবে যোৱাৰ পিছত উৰুঙা উৰুঙা অনুভৱ কৰা সুৰজীতে চিন্তিত হৈ কথাখিনি কয়। “নিয়োগৰ সুবিধা নথকাৰ বাবেই এনে হৈছে,” সুৰজীতে ন দি কয়।

সেয়ে তেওঁলোকৰ শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য আৰু সতি-সন্ততিহঁতৰ বাবে নিয়োগ এইখন গাঁৱৰ বাবে আহি থকা নিৰ্বাচনত ভোটদানৰ নিৰ্ণায়ক বিষয় হৈ পৰিছে।

“সিহঁতে (ৰাজনীতিবিদসকলে) আমাক বৃদ্ধকালৰ পেঞ্চন, ৰাস্তা-ঘাট আৰু নলা-নৰ্দমাক লৈ প্ৰতিবাৰ নিৰ্বাচনত ব্যস্ত ৰাখে,” সুৰজীতে কয়। “মোৰ যিমান দূৰ মনত পৰে, গাঁৱে গাঁৱে মানুহে এইবোৰ বিষয়ক লৈয়ে বছৰ বছৰ ধৰি ভোট দি আহিছে।”

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: সুৰজীত কৌৰে নিজৰ পিয়াঁজ আৰু নহৰুৰ খেতিত লাগিছে। সোঁফালে: চপাবলৈ সাজু নিজৰ শস্য পথাৰৰ মাজেৰে তেওঁ খোজ কাঢ়িছে

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: মেচিনে পথাৰত মহিলাসকলৰ সময় যথেষ্ট ৰাহি কৰিছে। সেয়ে তেওঁলোকে প্ৰতিবাদী কাৰ্য্যসূচীবোৰত অংশগ্ৰহণ কৰিব পাৰিছে। সোঁফালে: শস্যৰ চোকোৰাবোৰ গোটোৱা হৈছে

*****

পাঞ্জাৱৰ মানচা জিলাখনৰ কিষাণগঢ় সেধা সিং ৱালা গাওঁখন বিশ্বেদাৰী ব্যৱস্থাৰ বিৰুদ্ধে হোৱা পেপচ’ মুঝাৰা আন্দোলনত প্ৰমুখ ভূমিকাৰ বাবেও জনা যায়। দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত ১৯৫২ত ভূমিহীন কৃষকে মাটিৰ পট্টা পাইছিল। ১৯৪৯ৰ ১৯ মাৰ্চত চাৰিজন প্ৰতিবাদীক হত্যা কৰা হৈছিল আৰু ২০২০-২০২১ৰ দিল্লীৰ প্ৰতিবাদত তেওঁলোকৰ উত্তৰাধিকাৰীসকলক সম্বৰ্ধনা জনোৱা হৈছিল।

গাওঁখনৰ ঐতিহাসিকভাৱেই অধিকাৰৰ আন্দোলনৰ লগত জড়িত যদিও মহিলাসকলে শেহতীয়া কৃষক আন্দোলনৰ আগলৈকে কোনো প্ৰতিবাদত ভাগ লোৱা নাছিল। এতিয়া তেওঁলোকে জগতখন চিনাৰ সুবিধাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাকে। “আগতে আমাৰ সময় নাছিল,” সুৰজীতে কয়। “আমি খেতিপথাৰত কাম কৰিছিলো, কপাহৰ খেতি কৰিছিলো আৰু সূতা কাটিছিলো। এতিয়া আটাইবোৰ মেচিনেই কৰে।”

তেওঁৰ ননদ মনজীত কৌৰে কয়, “কপাহৰ খেতি ইয়াত কৰা নহয়, মানুহে খাদী কাপোৰ পিন্ধাও এৰিছে। ঘৰত কাপোৰ বোৱাৰ গোটেই কাৰবাৰটোৱেই নাইকিয়া হৈ গৈছে।” এইবোৰ নথকাৰ বাবে মহিলাসকলে আন্দোলনত ভাগ লোৱাত সুবিধা হোৱা বুলি তেওঁ অনুভৱ কৰে।

এইখন গাঁৱৰে কিছু মহিলাই তেওঁলোকৰ নেতৃত্বতৰ কথা কয় যদিও তেওঁলোকৰ কথোপকথনৰ পৰা বুজিব পাৰি যে সেয়া বাস্তবিক নহয়, নামমাত্ৰহে।

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: পাঞ্জাৱৰ দক্ষিণভাগৰ মানচা জিলাৰ কিষাণগঞ্জ সেধা সিং ৱালা গাওঁখনে পেপচ’ মুঝাৰা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, যি আন্দোলনৰ ফলত ভূমিহীন কৃষকে ১৯৫২ত ভূমিৰ অধিকাৰ পাইছিল। সোঁফালে: ননদ সুৰজীত কৌৰ আৰু মনজীত কৌৰে তেওঁলোকৰ দিনটোৰ কথা পাতিছে

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: ঘৰত কুৰুচামাৰীৰে গুঁঠা কামত ব্যস্ত মনজীত কৌৰ। সোঁফালে: মনজীত কৌৰৰ স্বামী কুলৱন্ত সিং (মাইকত), তেওঁ বিকেইউ (একতা) দকৌন্দা – ধানেৰ গোটৰ নেতা

৬,০০০ জনসংখ্যাৰ কিষাণগঢ় সেধা সিং ৱালা গাঁৱৰ প্ৰথমগৰাকী মহিলা সৰপঞ্চ মনজীত। দুই ভাতৃৰ লগত বিয়া হৈছে এই দুইগৰাকী মহিলা। “প্ৰথমবাৰ খেলোতে মই বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছিলো।” সেই বছৰ, ১৯৯৮ত আসনখন মহিলাৰ বাবে সংৰক্ষিত আছিল। “পৰৱৰ্তী নিৰ্বাচনত মই পুৰুষ এজনৰ বিৰুদ্ধে প্ৰাৰ্থীত্ব আগবঢ়াইছিলো আৰু ৪০০-৫০০ ভোটৰ ব্যৱধানত জয়ী হৈছিলো,” ঘৰতে কুৰুচামাৰীৰে গুঁঠা কামত ব্যস্ত মনজীতে মনত পেলায়।

আন ১২ গৰাকী মহিলাই এই পদত কাৰ্য্যনিৰ্বাহ কৰিছে যদিও মনজীতে কয় যে ঘাইকৈ পুৰুষেই সিদ্ধান্তবোৰ লয়। “ময়েই কামবোৰ কেনেকৈ কৰিব লাগে জানিছিলো,” দশম মানৰ পৰীক্ষা পাছ কৰা মনজীতে কয়। ভাৰতীয় কিষাণ ইউনিয়ন (একতা) দকৌন্দাৰ এজন প্ৰমুখ নেতা তথা প্ৰাক্তন সৰপঞ্চ কুলৱন্ত সিঙে তেওঁক সহায় কৰে বুলি কয়। তেওঁ ১৯৯৩ৰ পৰা পাঁচবছৰ সেই পদত আছিল।

কিন্তু, সুৰজীতে কয়, “মানুহে নিৰ্দিষ্ট এজন প্ৰাৰ্থীক ভোট দিবলৈ জোৰ কৰা সেই নিৰ্বাচন বৰ প্ৰতিদ্বন্দিতামূলক। তিৰোতাবোৰক গিৰীয়েকে নাইবা আত্মীয়ই নিৰ্দিষ্ট এজন প্ৰাৰ্থীক ভোট দিবলৈ কয়। লোকসভা নিৰ্বাচনত এনে নহয়।”

২০০৯ৰ পৰা শিৰোমণি আকালি দল (এছএডি)ৰ হৰচিমৰৎ কৌৰ বাদলে ভাতিন্দা সমষ্টিটোত জয়ী হৈ আহিছে, সেই সমষ্টিতে এইখন গাওঁ পৰে। তেওঁ আগন্তুক সাধাৰণ নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে। আন প্ৰাৰ্থীসকল হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰা অব্যাহতি লৈ ৰাজনীতিলৈ অহা পৰমপাল কৌৰ সিধু (বিজেপিৰ), প্ৰাক্তন বিধায়ক জীত মহিন্দৰ সিং সিধু (কংগ্ৰেছ), আৰু আম আদমি পাৰ্টিৰ পাঞ্জাৱৰ কৃষিমন্ত্ৰী গুৰমীত সিং খুদ্দিয়ান

PHOTO • Courtesy: Manjit Singh Dhaner
PHOTO • Arshdeep Arshi

বাওঁফালে: কিষাণগঢ়ৰ মহিলাসকলে বিকেইউ (একতা), দকৌন্দাৰ সচিব মনজীত সিং ধানেৰৰ নেতৃত্বত ২০২৪ৰ মাৰ্চত দিল্লীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। সোঁফালে: মনজীত কৌৰ (একেবাৰে বাওঁফালে) আৰু সুৰজীত কৌৰ (মনজীতৰ কাষতে থিয় দি থকাগৰাকী) আৰু গাওঁখনৰ আন মহিলাসকলে এইবছৰ লুধিয়ানাৰ জাগ্ৰাৱনত অনুষ্ঠিত কিষাণ-মজদুৰ মহাপঞ্চায়তত ভাগ লৈছিল

২০২০-২০২১ৰ দিল্লীৰ আন্দোলনে এইসকল মহিলাৰ মনত যথেষ্ট প্ৰভাৱ পেলাইছে। এইবাৰ কোনোৱে এনেই তেওঁলোকৰ ভোট নিব নোৱাৰে, তেওঁলোকে কয়। “মহিলাসকল ঘৰতে জেলত থকাৰ দৰে থাকি আহিছিল। এই প্ৰতিবাদ আমাৰ বাবে পাঠশালাৰ দৰে, আমাক ভালেমান কথা শিকাইছে,” সুৰজীতে কয়।

২০২০ৰ ২৬ নৱেম্বৰত দিল্লীলৈ কৰা যাত্ৰাৰ কথা মনত পেলাই তেওঁলোকে কয়, “আমি প্ৰস্তুত নাছিলো। সকলোৱে ভাবিছিল যে সিহঁতে (সুৰক্ষা বলে) খেতিয়কসকলক আগবাঢ়ি যাবলৈ নিদিব আৰু আমাক য’তেই অৱৰোধ কৰিছিল, আমি তাতেই ধৰ্ণাত বহিছিলো,” তেওঁ কয়। বাহাদুৰগঢ়ৰ টিক্ৰি সীমান্তত তেওঁলোকৰ দীৰ্ঘদিনীয়া শিবিৰৰ বাবে তেওঁলোকৰ হাতত সম্বল একেবাৰেই সীমিত আছিল। “খাদ্য ৰন্ধাৰ সামগ্ৰী আমাৰ হাতত নাছিল, সেয়ে আমি যেনেতেনে ব্যৱস্থা কৰিছিলো। শৌচালয় আৰু স্নানাগাৰৰো সুবিধা নাছিল।” তথাপিত তেনেকৈয়ে তেওঁলোকে এটা বছৰ থাকিল, আন তিনিখন প্ৰত্যাহাৰ নকৰালৈকে।

উচ্চশিক্ষা নথকা সত্ত্বেও সুৰজীতে কয় যে তেওঁ সদায়ে পঢ়ি আৰু শিকি ভাল পাইছিল। “মহিলাসকলে অনুভৱ কৰে যে তেওঁলোক শিক্ষিত হোৱা হ’লে প্ৰতিবাদত আৰু ভালকৈ অৰিহণা যোগাব পাৰিলেহেঁতেন।”

*****

হৰচিমৰৎ কৌৰ বাদলে শেহতীয়াকৈ গাওঁখনলৈ প্ৰচাৰ অভিযান চলাবলৈ আহিছিল। “সিহঁত কেৱল নিৰ্বাচনৰ সময়ত আহে,” পথাৰৰ নুনিফল এমুঠি খাই থকাৰ মাজতে সুৰজীত কৌৰে কয়।

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: সুৰজীত কৌৰ তেওঁৰ বোৱাৰী আৰু নাতি-নাতিনীৰ সৈতে খেতিপথাৰত। সোঁফালে: সুৰজীত কৌৰে ঘৰৰ নুনিফল চিঙিছে

২০২০ৰ ছেপ্টেম্বৰত বাদলে কৃষক-বিৰোধী অধ্যাদেশ আৰু আইনৰ বিৰোধিতা কৰি কেন্দ্ৰীয় কেবিনেটৰ পৰা ওলাই আহিছিল। “কৃষকসকলে তেওঁলোকৰ বিৰুদ্ধে (শিৰোমণি আকালি দল) প্ৰতিবাদ কৰিবলৈ লোৱাৰ পিছতহে তেওঁ ওলাই আহিছিল,” সুৰজীতে সেই পদত্যাগক সন্দেহৰ দৃষ্টিৰে চাই কয়। “তাৰ আগতে তেওঁৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰকাশ সিং বাদলে সেই আইন তিনিখনৰ পৰা কৃষকৰ কি লাভ হ’ব, সেইবিষয়ে কৈ আছিল,” বিৰক্তিৰ সুৰত তেওঁ কয়।

কৃষকবন্ধুসকলৰ সৈতে ১৩ টা মাহ ৰ’দে-বৰষুণে কটোৱাৰ পিছত সুৰজীত সিঙে বাদলৰ শেহতীয়া প্ৰচাৰত ভোল নাযায়। “মই তেওঁ কথা শুনিবলৈকো যোৱা নাছিলো,” তেওঁ কয়।

অনুবাদ: পংকজ দাস

Arshdeep Arshi

अर्शदीप अर्शी, चंडीगढ़ की स्वतंत्र पत्रकार व अनुवादक हैं, और न्यूज़ 18 व हिन्दुस्तान टाइम्स के लिए काम कर चुकी हैं. उन्होंने पटियाला के पंजाबी विश्वविद्यालय से अंग्रेज़ी साहित्य में एम.फ़िल किया है.

की अन्य स्टोरी Arshdeep Arshi
Editor : Vishaka George

विशाखा जॉर्ज, पीपल्स आर्काइव ऑफ़ रूरल इंडिया की सीनियर एडिटर हैं. वह आजीविका और पर्यावरण से जुड़े मुद्दों पर लिखती हैं. इसके अलावा, विशाखा पारी की सोशल मीडिया हेड हैं और पारी एजुकेशन टीम के साथ मिलकर पारी की कहानियों को कक्षाओं में पढ़ाई का हिस्सा बनाने और छात्रों को तमाम मुद्दों पर लिखने में मदद करती है.

की अन्य स्टोरी विशाखा जॉर्ज
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das