প্ৰতিবাৰ যেতিয়া মই মোৰ মানুহৰ মৃত্যুৰ বিষয়ে লিখোঁ, মোৰ মনটো উকা হৈ পৰে, শৱ এটাৰ দৰে জঠৰ হৈ পৰে।
আমাৰ চৌপাশৰ পৃথিৱীখন ইমানেই সলনি হৈ গৈছে যে চাফাইকৰ্মীৰ জীৱনকলৈ কাৰো ভ্ৰুক্ষেপকে নাই। চৰকাৰে এনে ঘটনা ঘটা নাই বুলিয়ে কৈ দিয়ে। কিন্তু লোকসভাত এটা প্ৰশ্নৰ উত্তৰত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ মন্ত্ৰী ৰামদাস আঠৱালেয়ে দিয়া তথ্যই দেখুৱাইছে যে ২০১৯-২০২৩ বৰ্ষত “নলা-নদৰ্মা আৰু মলশোধন কক্ষ (চেপটিক টেংক) চাফাইৰ বিপজ্জনক কামত” নিয়োজিত হৈ ৩৭৭ গৰাকী শ্ৰমিকৰ মৃত্যু ঘটিছে।
যোৱা সাতটা বছৰত মেনহ’ল চাফা কৰোঁতে মৃত্যু ঘটা অসংখ্য লোকৰ ওচৰত মই ব্যক্তিগতভাৱে থিয় দিছোঁ। চেন্নাইৰ কেৱল আৱদি চহৰতে ২০২২ৰ পৰা এতিয়ালৈ ১২ জনতকৈও অধিক চাফাইকৰ্মীয়ে মেনহ’লত প্ৰাণ হেৰুৱাইছে।
১১ আগষ্টত ২৫ বৰ্ষীয় হৰি নামে আৱদিৰ বাসিন্দা আৰু অৰুন্ধতিয়াৰ সম্প্ৰদায়ৰ যুৱকজন চুক্তিভিত্তিক শ্ৰমিক হিচাপে নলা এটা চাফা কৰোঁতে ডুব গৈ মৃত্যু ঘটে।
বাৰ দিন পিছত মই হৰি আন্নাৰ মৃত্যুৰ প্ৰতিবেদন যুগুতাবলৈ গৈছিলো। তেওঁৰ পত্নী তামিল চেলভিক তেওঁৰ পৰিয়ালৰ লোকে মৃতকৰ পত্নী হিচাপে নিয়মখিনি কৰাইছিল। তেওঁৰ চুবুৰীয়াই তেওঁৰ তালি (বিবাহিত মহিলাৰ চিন) কাটি পেলাই দিয়াৰ আগেয়ে গোটেই গাতে হালধি সানি ধুউৱাই দিয়া হৈছিল। ঔপচাৰিকতাৰ সময়খিনিত তেওঁৰ মুখখন চিন্তাৰে ভাৰাক্ৰান্ত হৈ আছিল, মুখেৰে একো কথাই ওলোৱা নাছিল।
কাপোৰ সলাবলৈ তেওঁ আন এটা কোঠালৈ যোৱাৰ সময়ত পৰিৱেশটো নিজম পৰিছিল। তেওঁলোকৰ ঘৰটো ৰঙা ইটাৰে গঁথা আছিল, প্লাষ্টাৰ কৰা হোৱা নাছিল। ইটাবোৰ ওলাই আছিল, কিছুমান ভাঙিবলৈ ধৰিছিল। এনে লাগিছিল যেন ঘৰটো এতিয়াই খহি পৰিব।
শাড়ীখন সলাই যেতিয়া তামিল চেলভি আক্কা ওলাই আহে, তেওঁ ফ্ৰীজাৰ বক্সটোৰ পিনে দৌৰি গ’ল আৰু তাতে বহি কান্দিবলৈ ধৰিলে। গোটখোৱা মানুহখিনি তেওঁৰ কান্দোনত চুপ হৈ ৰৈছিল, কোঠাটোৰ নীৰৱতা তেওঁৰ হিয়া ভগা কান্দোনে ভংগ কৰিছিল।
“অ মোৰ মৰমৰ মামা (চেনেহত মতা মাত), উঠা! সিহঁতে মোক শাড়ী পিন্ধাইছে। তুমিতো মই শাড়ী পিন্ধা বেয়া পাইছিলা, নহয়নে? উঠা আৰু মোক জোৰ নকৰিবলৈ কোৱা।”
এইখিনি কথা এতিয়াও মোৰ মনত অনুৰণিত হয়। তামিল চেলভি আক্কা বিশেষভাৱে সক্ষম, তেওঁৰ হাত এখন নাই। শাড়ীখন তেওঁৰ কান্ধত টিকাই ৰখাটো তেওঁৰ বাবে টান আছিল। সেয়ে তেওঁ শাড়ী নিপিন্ধিছিল। এই কথাখিনিয়ে মোৰ সদায়েই আমনি কৰি আহিছে।
এনে প্ৰতিটো মৃত্যুৰ ঘটনা, য’ত মই উপস্থিত আছো, সিয়ে মোক প্ৰভাৱিত কৰিছে, মোৰ অন্তঃকৰণত ৰৈ গৈছে।
মেনহ’লত মৃত্যু ঘটা প্ৰতিজন লোকৰ জীৱনৰ সৈতে আৰু বহু কাহিনী জৰিত হৈ থাকে। ২২ বছৰীয়া দীপা, যিয়ে আৱদিত মেনহ’লত কাম কৰি থাকোতে নিজৰ স্বামী গোপীক হেৰুৱাইছে, তেওঁ প্ৰশ্ন কৰিছিল যে তেওঁৰ পৰিয়ালৰ সুখ আৰু আনন্দ যে চিৰদিনৰ বাবে হেৰাই গ’ল, সেইখিনি দহ লাখ টকাৰ ক্ষতিপূৰণে পুৰাব পাৰিবনে। “২০ আগষ্ট আমাৰ বিয়াৰ দিন আৰু ৩০ আগষ্টৰ দিন আমাৰ জীয়ৰীজনীৰ জন্মদিন আছিল। তেওঁ আমাক এইটো মাহতে এৰি গ’ল,” তেওঁ কয়। যিখিনি আৰ্থিক ক্ষতিপূৰণ তেওঁলোকে পাইছে, সেইখিনিয়ে তেওঁলোকৰ আটাইখিনি আৰ্থিক প্ৰয়োজনীয়তা পূৰাব নোৱাৰে।
মেনহ’লত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ মহিলা আৰু সন্তানক ভুক্তভোগী হিচাপে প্ৰায়ে বিবেচনা কৰা নহয়। বিল্লুপুৰম জিলাৰ মাতমপট্টু গাঁৱৰ অনুসিয়া আক্কাৰ গিৰীয়েক মাৰিৰ মেনহ’লত মৃত্যু হোৱাত তেওঁ কান্দিব পৰা নাছিল, তেওঁৰ পেটত আঠমহীয়া সন্তান আছিল। দম্পতিহালৰ ইতিমধ্যে তিনিগৰাকী জীয়ৰী আছিল, প্ৰথম দুগৰাকীয়ে কান্দিছিল, তৃতীয় গৰাকীয়ে তামিলনাডুৰ পূব সীমাত থকা গাওঁখনৰ সেই বিশেষ ঘৰখনত কি ঘটিছে সেয়া বুজিব পৰা হোৱা নাছিল।
ৰাজ্য চৰকাৰে দিয়া ক্ষতিপূৰণক হত্যাৰ ক্ষতিপূৰণ হিচাপে গণ্য কৰা হয়। “এই টকাখিনি খৰচ কৰিবলৈ সংকোচ লাগে। এনে লাগে যেন মই মোৰ স্বামীৰ তেজ জিভাত লৈছো,” অনুসিয়া আক্কাই কয়।
তামিলনাডুৰ কৰুৰ জিলাত প্ৰাণ হেৰুওৱা চাফাইকৰ্মী বালকৃষ্ণনৰ পৰিয়ালৰ মই কাষ চাপিছিলোঁ। লক্ষ্য কৰিছিলোঁ যে তেওঁৰ পত্নীয়ে গুৰুতৰ হতাশাত ভুগিছিল। তেওঁ কয় যে কাম কৰি থকাৰ সময়ত তেওঁ প্ৰায়ে চৌপাশৰ কথা পাহৰি যায়। নিজৰ অৱস্থা বুজিবলৈ তেওঁক সময় লাগে, তেওঁ কয়।
এনে পৰিয়ালবোৰৰ জীৱনবোৰ সাংঘাতিক ধৰণে বিপৰ্য্যস্ত হৈ পৰে। ইফালে আমাৰ বাবে এনে মৃত্যু মাত্ৰ এটা বাতৰিত বাদে আন একো নহয়।
২০২৩ৰ ১১ ছেপ্টেম্বৰত আৱদিৰ ভীমা নগৰৰ ম’জেচ নামে চাফাই কৰ্মীজনৰ মৃত্যু ঘটে। টাইলৰ চালি লগোৱা তেওঁৰেই একমাত্ৰ ঘৰ। তেওঁৰ দুয়োজনী জীয়েকেই কি হৈছে, সেয়া ভালদৰে হৃদয়ংগম কৰিব পৰা নাছিল। ম’জেচৰ মৃতদেহ অহাৰ এদিন আগত মই তেওঁলোকৰ ঘৰত উপস্থিত হওঁতে তেওঁৰ দুয়োজনী ছোৱালীয়ে পিন্ধি থকা টি-চাৰ্টলৈ মোৰ চকু গৈছিল। তাত লিখা আছিল – ‘ডেড লাভচ্ মি’ আৰু ‘ডেডচ্ লিটল প্ৰিন্সেছ’। সেয়া কাকতালীয় সংযোগ আছিল নে কি মই নিশ্চিত নাছিলো।
সিহঁতে গোটেই দিনটো কান্দি আছিল আৰু বহুতেই সান্তনা দিবলৈ যত্ন কৰিছিল যদিও ব্যৰ্থ হৈছিল।
আমি যদিও এনে ঘটনাৰ প্ৰতিবেদন প্ৰস্তুত কৰি সেয়া মূলধাৰালৈ আনিব বিচাৰো, কিন্তু এনে মৃত্যুক সাধাৰণ এটা বাতৰি বুলিয়েই গণ্য কৰাৰ প্ৰৱণতা এটা মানুহৰ মাজত আছে।
শ্ৰীপেৰুম্বুদুৰৰ কাঞ্জিপট্টুত দুটা বছৰ আগতে তিনিগৰাকী চাফাইকৰ্মী নবীন কুমাৰ (২৫), তিৰমলই (২০) আৰু ৰংগনাথন (৫০)ৰ মৃত্যু ঘটিছিল। তিৰুমলইৰ সদ্যবিবাহিত আছিল আৰু ৰংগনাথন আছিল দুটা সন্তানৰ পিতৃ। নতুনকৈ বিয়া হৈ বিধবা হৈ পৰা মহিলাই জীৱনৰ সকলো আশা হেৰুৱাই দিয়া দেখাটো বৰ হৃদয়বিদাৰক। গিৰীয়েক ঢুকোৱাৰ কেইটামান মাহৰ পিছত মুট্টুলক্ষ্মীৰ পঞ্চামৃত খুওৱাৰ পৰ্ব পতা হৈছিল।
আমাৰ দেশত মেনুৱেল স্কেভেঞ্জিং এক বেআইনী কাম। তথাপি আমি মেনহ’লত ঢুকোৱা মানুহৰ সংখ্যা কমাব পৰা নাই। এই বিষয়টোক কেনেকৈ আগবঢ়াই লৈ যাম, মোৰ কোনো ধাৰণা নাই। এই জঘন্য কাণ্ড বন্ধ কৰোৱাৰ মই এটা উপায়ে জানো, সেয়া হৈছে লিখা আৰু ফটো তোলা।
এনে প্ৰতিটো ঘটনাই মোৰ মনত ৰেখাপাত কৰি গৈছে। তেওঁলোকৰ শেষকৃত্যৰ সময়ত মই কন্দা উচিত হয় নে নহয়, সেই লৈ মই প্ৰায়ে নিজকে প্ৰশ্ন কৰোঁ। পেচাদাৰী শোক বুলি এই পৃথিৱীত একো নাই। শোক সদায়েই ব্যক্তিগত। কিন্তু এই মৃত্যুবোৰ নেদেখিলে মই ফটোগ্ৰাফাৰ হ’লোহেঁতেন নে? মেনহ’লত আৰু এজন চাফাইকৰ্মী সোমাই নমৰক, তাৰবাবে মই কি কৰা উচিত? আমি সকলোৱে কি কৰা উচিত?
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি