‘আমাৰ প্ৰজন্মৰ বাবে ভেড়া চৰোৱাতো বৰ টান কাম,’’ এইদৰে কয় ভোৰথাঁই গাঁৱৰ প্ৰত্যন্ত অঞ্চল পেহলিৰ ভেড়াৰখীয়া তালিব কাছনাই৷ দূৰ শিক্ষাৰ জৰিয়তে তেঁও ৰাজনীতি বিজ্ঞান বিষয়ত এমএ পঢ়ি আছে।
পশুপালনৰ সৈতে জড়িত বকৰৱাল সম্প্ৰদায়ৰ লোকসকলে পশুধনৰ বাবে চৰণীয়া পথাৰ বিচাৰি হিমালয়ৰ পাদদেশ ভ্ৰমি ফুৰিছিল। তালিবে আৰু কয়, “গাঁৱত থাকি ভেড়া চোৱাচিতা কৰাৰ পৰিৱৰ্তে এবাৰ পঢ়া-শুনাত অভ্যস্ত হ’লে আমি আন বহু কামতো অভ্যস্ত হৈ পৰো... আমি নিজৰ বাবে বন্ধ বাথৰুম বিচাৰো বা একে ঠাইতে বহি পঢ়া-শুনা কৰো।
জম্মুৰ কথুৱা জিলাৰ বকৰৱাল বস্তি অঞ্চলত তালিবৰ ঘৰ। এয়া সম্পূৰ্ণ স্থায়ী বসতিস্থল নহয়, আৰু তাৰ বাসিন্দাসকলৰ ভূমিৰ ওপৰত কোনো অধিকাৰ নাই।
যোৱা দহ বছৰত এই অৰ্ধ যাযাবৰী সম্প্ৰদায়ৰ বহু যুৱকৰ নিজৰ পৰম্পৰাগত বৃত্তিটোৰ প্ৰতি মোহভংগ ঘটিছে আৰু উচ্চ শিক্ষাৰ দিশলৈ ধাৱমান হৈছে। আৰ্থিকভাৱে সক্ষম হ’বলৈ তেওঁলোকে চিকিৎসা আৰু অভিযান্ত্ৰিক ক্ষেত্ৰত নিজৰ ভৱিষ্যত বিচাৰিছে, নহ’লে চৰকাৰী চাকৰি আৰু ৰাজনীতিলৈ যোৱাৰ কথা ভাবিছে।
যিকোনো বকৰৱাল পৰিয়ালৰ দুজন পুত্ৰৰ ক্ষেত্ৰত সাধাৰণতে ধাৰণা কৰা হয় যে তেওঁলোকৰ এজনে ভেড়া পালনৰ কাম কৰি আৰু আনজনে চাকৰি বিচাৰিব। তালিব কাছনায়ো পঢ়া-শুনা আগবঢ়াই নিব বিচাৰে, কিন্তু কনিষ্ঠ ভাতৃয়েও ভেড়া পালনৰ কাম কৰাৰ পৰিৱৰ্তে বাহিৰত কিবা এটা কৰিবহে বিচাৰে। কিন্তু ভায়েকৰ মনতো সংশয় আছে, "আমাৰ দৰে মানুহে চাকৰি পামেই বা ক'ত?"
কথুৱা জিলাৰ বাইৰা কুপাই গাঁৱত বাস কৰা বকৰৱাল সম্প্ৰদায়ৰ বয়োজ্যেষ্ঠ মুনাব্বৰ আলীৰ মুখতো শুনা গৈছে তালিবৰ কণ্ঠৰ সুৰ। তেওঁ কয়, “মোৰ ছোৱালী দ্বাদশ উত্তীৰ্ণ। এতিয়া ঘৰত এনেই বহি আছে।”
পেছাত কাঠমিস্ত্ৰী মুনাব্বৰ আলী কন্যাৰ ভৱিষ্যতক লৈ উদ্বিগ্ন। ‘আমাৰ ল’ৰা-ছোৱালীয়ে স্নাতক ডিগ্ৰী লাভ কৰিলেও একো কাম নাই। তেওঁলোকে ভাল চাকৰি এটা নাপায়।”
তাৰ পিছতো বকৰৱাল পৰিয়ালৰ অধিকাংশই শিক্ষাৰ বাবে ধন খৰচ কৰিবলৈ ইচ্ছুক। মহম্মদ হানিফ জাটলাৰ জন্ম হৈছিল জম্মু জিলাৰ সন্ধি গাঁৱৰ এটি বকৰৱাল পৰিয়ালত। ছয়টা সন্তানৰ ভিতৰত এজন তেওঁ প্ৰথম কেইবছৰমান ভেড়া, ছাগলী আৰু ঘোঁৰা পালন কৰি সময় কটাইছিল। মাকৰ হঠাৎ মৃত্যু হোৱাত পৰিয়ালে ককাকৰ জমা ধন খৰছ কৰি তেওঁক স্কুলত নাম লগাই দিয়ে।
হানিফ কলেজত পঢ়ি থকাৰ সময়ত দেউতাকে দুই কানাল [০.২৫ একৰ] মাটিৰ বিনিময়ত সকলো পশুধন বিক্ৰী কৰি দিছিল। তেওঁ কয় যে তেওঁৰ পৰিয়ালে যাতে ভালকৈ স্থায়ীভাৱে জীৱন-যাপন কৰিব পাৰে, আৰু সন্তানে পঢ়ি চাকৰি বিচাৰিব পাৰে, তাৰ বাবে দেউতাকে মাটিখিনি কিনিছিল। বৰ্তমান হানিফে স্থানীয় সংবাদ সংস্থা এটাত সাংবাদিক হিচাপে কাম কৰে।
বকৰৱালসকলক অনুসূচিত জনজাতি হিচাপে তালিকাভুক্ত কৰা হৈছে আৰু ২০১৩ চনৰ প্ৰতিবেদন অনুযায়ী তেওঁলোকৰ জনসংখ্যা হৈছে ১,১৩,১৯৮ জন। বেছিভাগ বকৰৱালেই মাটিৰ মালিক নহয়, সাধাৰণ ব্যৱহাৰৰ ভূমিও ক্ৰমান্বয়ে সংকুচিত হৈ অহাৰ ফলত চৰণীয়া পথাৰত তেওঁলোকৰ অধিকাৰ আৰু স্থায়ী ঘৰৰ গৰাকী হোৱাৰ সপোনো একপ্ৰকাৰ ধূসৰ হৈ পৰিছে।
জম্মু জিলাৰ বজলতা চহৰৰ সমীপৰ বাস কৰা পাৰভেজ চৌধাৰীয়ে জনোৱা মতে একে ঠাইতে দশক দশক ধৰি বসবাস কৰাৰ পিছতো তেওঁলোকৰ সম্প্ৰদায়ৰ লোকসকলৰ নিজৰ মাটিৰ ওপৰত কোনো অধিকাৰ নাই আৰু কাগজ-পত্ৰও নাই। চৰণীয়া পথাৰ আৰু কৃষিভূমিৰ বহু অংশত এতিয়া CAMPA ( ক্ষতিপূৰণমূলক বনানীকৰণ পুঁজি ব্যৱস্থাপনা আৰু পৰিকল্পনা কৰ্তৃপক্ষ )ৰ অধীনত বেৰ দিয়া হৈছে আৰু বহু ঠাইতে উচ্ছেদ চলোৱা হৈছে।
‘বকৰৱালসকলৰ অধিকাংশই চৰকাৰী ভূমি বা বনভূমিত বাস কৰে। যদি আমাৰ পৰা সেয়া কাঢ়ি লোৱা হয়, আমি ক’লৈ যাম?” বিজয়পুৰৰ ওচৰৰ বকৰৱাল কলনীত বাস কৰা ৩০ বছৰীয়া মহম্মদ ইউছুফ আৰু ফিৰদোছ আহমেদৰ প্ৰশ্ন।
তালিবে বাস কৰি অহা বাইৰা কুপাইতো মানুহে থাকিব পৰাকৈ কোনো ধৰণৰ পৰ্যাপ্ত সুবিধা নাই। বন বিভাগৰ পৰা সঘনাই উচ্ছেদৰ ভাবুকি পাই অহাৰ বাবে পৰিয়ালসমূহে নিজৰ অস্থায়ী ঘৰবোৰ ভালকৈ নিৰ্মাণ কৰাৰ কথাও ভাবিব নোৱাৰে। তদুপৰি তেওঁলোকৰ বসতিস্থল আৰু আশে-পাশে ভাল ৰাস্তা নথকাটোও এক সমস্যা হৈ পৰিছে। তেওঁলোকে কয়, “কাৰোবাৰ অসুখ হ’লে চিকিৎসালয়লৈ লৈ যোৱাটো কঠিন হৈ পৰে।”
তেওঁলোকৰ সৈতে কথা পাতি থকা সময়তে আমি মহিলাসকলে মূৰত পানীৰ পাত্ৰ লৈ পাহাৰৰ ওপৰেৰে নামি অহা দেখিবলৈ পাইছিলো। দুঘণ্টামান পিছত আমি ওভতাৰ সময়লৈকে তেওঁলোকৰ প্ৰত্যেকেই পানী কঢ়িয়াই কেইবাবাৰো উঠা-নমা কৰিছিল।
বকৰৱাল জনগোষ্ঠীৰ আইনী, মাটি আৰু সাংস্কৃতিক অধিকাৰৰ বাবে যুঁজ দি অহা জম্মুৰ এগৰাকী যুৱ-ছাত্ৰ কৰ্মী নাহিলা। তেওঁ বিশ্বাস কৰে যে বকৰৱাল যুৱক-যুৱতীসকলে নিজৰ জীৱন সলনি কৰিব পাৰে। “আমি শিক্ষা, ভূমিৰ অধিকাৰ, উন্নত সা-সুবিধা আৰু চৰকাৰৰ পৰা [উন্নত সা-সুবিধাৰ বাবে] সমৰ্থনৰ বাবে আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম,” তেওঁ কয়।
আন আন দাবীৰ লগতে বকৰৱাল যুৱক-যুৱতীসকলে যাযাবৰী লোকসকলৰ সঠিক জৰীপ আৰু উন্নত আশ্ৰয় শিবিৰ স্থাপনৰ ব্যৱস্থা কৰাতো বিচাৰে। তেওঁলোকে চৰকাৰী সংস্থা আৰু আন নিকায়-নিগমতো তেওঁলোকৰ জনজাতিৰ প্ৰতিনিধিত্ব বিচাৰে।
পাহাৰীয়া জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিবলৈ ৰাজ্য চৰকাৰে আগ্ৰহ প্ৰকাশ কৰিছে। কিন্তু এই সিদ্ধান্তৰ ফলত অনুসূচিত জনজাতিৰ মৰ্যাদা সন্দৰ্ভত জনগোষ্ঠীসমূহৰ মাজত আভ্যন্তৰীণ সংঘাত বাঢ়িব বুলিও বকৰৱালসকলৰ মনত সংশয়ো সৃষ্টি হৈছে।
পৰম্পৰাগত বৃত্তিটোক আগবঢ়াই লৈ যোৱা আৰু আন চাকৰিৰ সন্ধান কৰাৰ মাজৰ যি দ্বন্দ আৰম্ভ হৈছে তাৰ মাজতে অঞ্চলটোৰ বকৰৱাল আব্দুল ৰছিদে কয়, 'আমি ইফালৰো নহ’লো, সিফালৰো নহ’লো।’’
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি