“পানী লে’ লৌ! পানী (পানী লওঁক, পানী)!”

এই মাত শুনি আপুনি পিছে বাল্টি-কলহ লৈ দৌৰি নাহিব। কিয়নো পানীৰ এইখন গাড়ী তেনেই এধানিমান। ৰবৰৰ পুৰণি চেন্দেল, প্লাষ্টিকৰ বটল আৰু চুটি এডাল পাইপ আৰু কাঠেৰে বনোৱা হৈছে এই টেংকাৰখন, ধাৰণ ক্ষমতা এগিলাচ পানী।

বলবীৰ সিং, ভৱানী সিং, কৈলাশ কাঁৱৰ আৰু মোতি সিং - এই আটাইকেইজন চানৱাতাৰ শিশু। বয়স ৫ৰ পৰা ১৩ বছৰ। ৰাজস্থানৰ পূব দিশে থকা তেওঁলোকৰ গাওঁখনত সপ্তাহত দুবাৰ অহা পানীৰ টেংকাৰখন দেখিলে তেওঁলোকৰ মাক-দেউতাক আৰু গাঁৱৰ আন মানুহ কেনেদৰে উৎফুল্লিত হৈ পৰে, তাকে দেখি তেওঁলোকে এইখন পুতলা টেংকাৰ সাজিছে।

PHOTO • Urja
PHOTO • Urja

বাওঁফালে: ভৱানী সিং (বহি থকাগৰাকী) আৰু বলবীৰ সিঙে জয়চেলমেৰৰ চানৱাতাৰ নিজ ঘৰৰ বাহিৰত কেৰ গছৰ তলত উমলিছে। সোঁফালে: ভৱানীয়ে গাড়ীখনৰ কিনো যান্ত্ৰিক বিজুতি ঘটিছে, সেয়া চাইছে

PHOTO • Urja
PHOTO • Urja

বাওঁফালে: কৈলাশ কানৱাৰ আৰু ভৱানী সিঙে তেওঁলোকৰ ঘৰৰ কাষতে উমলিছে। সোঁফালে: ভৱানীয়ে টেংকাৰখন এফালে টানি নিছে

ধৰাতল শুকান, মাইলৰ পিছত মাইল পানীৰ চিন-চাব নাই। ওপৰতো নাই, তলতো নাই। অ’ৰান (পবিত্ৰ বন)ৰ বিস্তৃত অঞ্চলত কেইটামান ডাঙৰ ডাঙৰ পুখুৰী অ’ত-তত সিঁচৰতি হৈ আছে।

কেতিয়াবা ল’ৰা-ছোৱালীকেইটাই পানীৰ টেংকাৰখনৰ ঠাইত এটা কেৰিয়াৰ লগাই দিয়ে। কেৰিয়াৰ মানে আধা কটা প্লাষ্টিকৰ বটল এটা। এই প্ৰতিবেদকে কিয় আৰু কেনেকৈ বুলি সোধোতে তেওঁলোকে ক’লে যে বিভিন্ন অংশবোৰ সংগ্ৰহ কৰোঁতে সময় লাগে, কিয়নো তেওঁলোকে পেলনীয়া সামগ্ৰী বিচাৰি ফুৰিবলগীয়া হয়।

এবাৰ গাড়ীখন নিৰ্মাণ হৈ উঠাৰ পিছত আহে গাড়ীখন চলোৱাৰ কথা। তাৰবাবে আছে ধাতুৰ তাঁৰ এডাল, সিডালেৰে টানি টানি ওখোৰা-মোখোৰা চকাৰে গাড়ীখন তেওঁলোকৰ ঘৰৰ কাষতে থকা কেৰ গছ (Capparis decidua)ৰ ছাঁত চলি আছে। ইটোৱে সিটোক গেৰি মাৰিলেই ঢুকি পোৱা দূৰত্বত আটাইকেইজন আছে।

PHOTO • Urja
PHOTO • Urja

বাওঁফালে: (বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমে কৈলাশ কাঁৱৰ, ভৱানী সিং (পিছফালে), বলবীৰ সিং আৰু মোতি সিং (হালধীয়া চোলা)। সোঁফালে: চানৱাতাৰ প্ৰায়ভাগ পৰিয়ালেই খেতিয়ক পৰিয়াল আৰু দুই-চাৰিটা ছাগলী পোহে

অনুবাদ: পংকজ দাস

Urja

ऊर्जा, पीपल्स आर्काइव ऑफ़ रूरल इंडिया में 'सीनियर असिस्टेंट एडिटर - वीडियो' के तौर पर काम करती हैं. डाक्यूमेंट्री फ़िल्ममेकर के रूप में वह शिल्पकलाओं, आजीविका और पर्यावरण से जुड़े मसलों पर काम करने में दिलचस्पी रखती हैं. वह पारी की सोशल मीडिया टीम के साथ भी काम करती हैं.

की अन्य स्टोरी Urja
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das