“নথি-পত্ৰ অনুসৰি এই গাঁওখনত শিপিনীৰ অভাৱ নাই। কিন্তু বাস্তৱত মই মৰি গ’লে গাঁওখনৰ পৰা এই হাতেৰে বোৱা তাঁতশালৰ পৰম্পৰাও শেষ হৈ যাব।” নিজৰ বাঁহৰ জুপুৰিটোত তাঁতশালৰ পৰা অকণমান বিৰতি লৈ এই মন্তব্য কৰে ৰূপচান্দে। কথাখিনি কৈ উঠি তেওঁ এবাৰ হুমুনিয়াহ কাঢ়ি লয়। তেওঁৰ সৰু জুপুৰিটোৰ বেছিভাগ ঠায়েই আগুৰি আছে তাঁতশালখনে। তাৰ উপৰিও আৱৰ্জনাৰ স্তূপৰ, ভঙা আচবাব, ধাতুৰ পৰিত্যক্ত অংশ আৰু বাঁহৰ টুকুৰা আদি ইফালে সিফালে সিঁচৰতি হৈ পৰি আছে। জুপুৰিটোত এজনকৈ অধিক মানুহৰ বাবে ঠাই নাই।

ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ধৰ্মনগৰ চহৰৰ ওচৰৰ গোৱিন্দপুৰত ঘৰ ৭৩ বৰ্ষীয় ৰূপচান্দ দেৱনাথৰ। স্থানীয় লোকৰ মতে, এসময়ত ২০০টা শিপিনী পৰিয়াল আৰু ৬০০ৰো অধিক হস্ততাঁত শিল্পীয়ে বাস কৰা এই গাঁওখনলৈ অহা-যোৱাৰ বাবে এটা সৰু পথ আছিল। গাঁওখনৰ এটা সৰু পথৰ দাঁতিৰ শাৰী শাৰী ঘৰৰ মাজতে আছে গোৱিন্দপুৰ হস্ততাঁত শিপিনী সংস্থাৰ কাৰ্যালয়টো। কাৰ্যালয়টোৰ জৰাজীৰ্ণ দেৱালবোৰে পাহৰণিৰ বুকুত হেৰাই যাবলৈ ধৰা গাঁওখনৰ গৌৰৱখিনি কোনোমতে ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে।

“আগতে এই গাঁওখনত এনে এখন ঘৰ নাছিল, যাৰ ভিতৰৰ পৰা তাঁতশালৰ শব্দ ভাহি অহা নাছিল।’’ বাঢ়ি অহা বেলিৰ উত্তাপে কপালত বিৰিঙি তোলা ঘামখিনি মচি মচি এইদৰে কয় নাথ সম্প্ৰদায়ৰ (ৰাজ্যখনৰ অন্যান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত)ৰ অন্তৰ্গত ৰূপচান্দে। তেওঁ লগতে কয়, “আগতে সমাজে আমাক সন্মান কৰিছিল। এতিয়া কোনেও গুৰুত্ব নিদিয়ে। পইচা নথকা পেছা এটাক কোনে সন্মান কৰিব কওকচোন?” দুখ এটাই আহি বুকুখনত হেঁচা মাৰি ধৰাত কথাখিনি কওতে মাতটো অলপ থোকাথুকি হৈ পৰে ৰূপচান্দৰ।

বৰ্ষীয়ান শিপিনী ৰূপচান্দে কথাৰ মাজতে জটিল ফুলৰ হাতেৰে বোৱা নকশী শাৰী তৈয়াৰ কৰা দিনবোৰ মনত পেলায়। তেওঁ কয়, “কিন্তু আশীৰ দশকত যেতিয়া ত্ৰিপুৰা চৰকাৰৰ পূৰ্বাশা হস্তশিল্প এম্পোৰিয়ামে ধৰ্মনগৰত এটা আউটলেট আৰম্ভ কৰিছিল, তেতিয়া তেওঁলোকে শিপিনীসকলক নকশী শাড়ী বনোৱা বন্ধ কৰি তাৰ পৰিৱৰ্তে সাধাৰণ শাড়ী বনাবলৈ নিৰ্দেশ দিছিল।’’ সাধাৰণ শাড়ীবোৰৰ বিশদ আৰু সামগ্ৰিক মানদণ্ড কম হোৱাৰ বাবেই এনে শাড়ীবোৰ সস্তীয়া আছিল।

ক্ৰমান্বয়ে এই অঞ্চলটোৰ পৰা নকশী শাড়ী হেৰাই যোৱাৰ কথা উল্লেখ কৰি আক্ষেপ ব্যক্ত কৰে ৰূপচান্দ দেৱনাথে। তেওঁ কয়, “এতিয়া আৰু কোনো শিল্পী নাই আৰু তাঁতশালৰ সঁজুলিৰো এতিয়া যোগান নাই।’’ তেওঁৰ এই মন্তব্য শলাগি বিগত চাৰি বছৰ ধৰি শিপিনী সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰবিন্দ্ৰ দেৱনাথেও কয়, “আগতে আমি প্ৰস্তুত কৰা কাপোৰৰ বজাৰ নাছিল।’’ ৬৩ বছৰীয়া ৰবিন্দ্ৰ দেৱনাথৰ শৰীৰ লাহে লাহে পৰি আহিছে। এতিয়া আৰু তেওঁৰ তাঁতশালত বহাৰ বল নাই।

Left: Roopchand Debnath (standing behind the loom) is the last handloom weaver in Tripura's Gobindapur village, and only makes gamchas now. Standing with him is Rabindra Debnath, the current president of the local weavers' association.
PHOTO • Rajdeep Bhowmik
Right: Yarns are drying in the sun after being treated with starch, ensuring a crisp, stiff and wrinkle-free finish
PHOTO • Deep Roy

ত্ৰিপুৰাৰ গোবিন্দপুৰ গাঁৱৰ শেষৰজন শিপিনী ৰূপচান্দ দেৱনাথ (তাঁতশালৰ পিছফালে থিয় দি থকাজন)য়ে এতিয়া কেৱল গামোচাই বোৱে। তেওঁৰ সৈতে থিয় দি থকজন ৰবিন্দ্ৰ দেৱনাথ, স্থানীয় শিপিনী সন্থাৰ সভাপতি। সোঁফালে: সূতাবোৰৰ মাৰ খেদোৱাৰ পিছত ৰ’দত দিয়া হৈছে যাতে সেয়া মিহি আৰু কোমল হৈ পৰে

২০০৫ চনলৈকে ৰূপচান্দে নকশী শাৰী ব’বলৈ একেবাৰে এৰি দি গামোচা ব’বলৈ আৰম্ভ কৰিছিল। “আগতে আমি কেতিয়াও তাঁতশালত গামোচা বোৱা নাছিলোঁ। আমি সকলোৱে কেৱল শাড়ী বোৱাতহে অভ্যস্ত আছিল। কিন্তু সময় যেতিয়া সলনি হ’ল, আমাৰ হাতত তেতিয়া কোনো বিকল্প নাছিল,’’ কথাবোৰ কৈ যায় ৰূপচান্দে। তেওঁ পুনৰ কয়, “কালিৰ পৰা মই মাত্ৰ দুখন গামোচা বৈছো। গামোচা দুখন বিক্ৰী কৰি মই কেৱল ২০০ টকাহে উপাৰ্জন কৰিব পাৰিম। কিন্তু এয়া কেৱল মোৰ উপাৰ্জন নহয়, তাঁতশালত সূতা পকোৱাকে ধৰি বিভিন্ন কামত মোৰ পত্নীয়েও সহায় কৰে। সেয়েহে এয়া আমাৰ গোটেই পৰিয়ালটোৰ দুটা দিনৰ উপাৰ্জন। এই উপাৰ্জনেৰে জীয়াই থকাটো সম্ভৱনে?”

ৰূপচান্দে পুৱা চাহ-পানী খাই উঠিয়েই তাঁতশালত বহে। প্ৰায় ৯ বজাৰ পৰা দুপৰীয়া বেলি মূৰৰ ওপৰত উঠালৈকে তেওঁ তাঁতশালত কাম কৰে। ইয়াৰ পিছত তেওঁ গা ধুই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি জিৰণি লয়। বয়স ভাটি দিয়াৰ লগে লগে ৰূপচান্দৰ শৰীৰিক সমস্যাও বাঢ়ি আহিবলৈ আৰম্ভ কৰিছে। আজিকালি গাঁঠিবোৰ বিষায়, সেয়ে সাধাৰণতে তেওঁ এতিয়া সন্ধিয়া কাম নকৰে। ৰূপচান্দে কয়, “আগতে মই আনকি গভীৰ নিশালৈকেও কাম কৰিছিলোঁ।”

তাঁতশালত ৰূপচান্দে বেছিভাগ সময়তে গামোচা বয়। সস্তীয়া আৰু দীৰ্ঘম্যাদী হোৱাৰ বাবে ত্ৰিপুৰা আৰু চুবুৰীয়া বংগৰ বহু এলেকাত এতিয়াও গামোচাৰ যথেষ্ট চাহিদা আছে। ৰঙা পাৰি দিয়া গামোচা এখনৰ বগা আৰু সেউজীয়া ৰঙৰ সূতাবোৰলৈ আঙুলিয়াই দি ৰূপচান্দে কয়, “মই বোৱা গামচাবোৰ [বেছিভাগেই] এইদৰেই তৈয়াৰ কৰা হয়। আমি আগতে নিজেই এই সূতাবোৰ ৰং কৰিছিলোঁ। যোৱা ১০ বছৰমানৰ পৰা আমি শিপিনী সংস্থাৰ পৰা ৰং কৰা সূতা ক্ৰয় কৰি আহিছো।’’

কিন্তু হস্ততাঁত উদ্যোগৰ পৰিস্থিতি সলনি হ’ল কেতিয়াৰ পৰা? এই প্ৰশ্নৰ উত্তৰ দি ৰূপচান্দ দেৱনাথে কয়, “মূলতঃ পাৱাৰ লুম প্ৰৱৰ্তন আৰু সূতাৰ মানদণ্ড হ্ৰাস পোৱাৰ লগে লগে হস্ততাঁত উদ্যোগৰ দুৰ্দিন আৰম্ভ হ’বলৈ ধৰে। আমাৰ দৰে শিপিনীসকলে পাৱাৰলুমৰ সৈতে প্ৰতিযোগিতা কোনোপধ্যেই কৰিব নোৱাৰে।”

Left: Spool winding wheels made of bamboo are used for skeining, the process of winding thread on a rotating reel to form a skein of uniform thickness. This process is usually performed by Basana Debnath, Roopchand's wife.
PHOTO • Rajdeep Bhowmik
Right: Bundles of yarns to be used for weaving
PHOTO • Rajdeep Bhowmik

বাওঁফালে : বাঁহৰ যতৰেৰে মহুৰা ফুৰোৱা হৈছে এই কামটো সাধাৰণতে ৰূপচান্দৰ পত্নী বাসনা দেৱনাথে কৰে সোঁফালে : বৰ কাৰণে থৈ দিয়া সূতাবোৰ

Left: Roopchand learnt the craft from his father and has been in weaving since the 1970s. He bought this particular loom around 20 years ago.
PHOTO • Rajdeep Bhowmik
Right: Roopchand weaving a gamcha while operating the loom with his bare feet
PHOTO • Rajdeep Bhowmik

বাওঁফালে : ৰূপচান্দে তেওঁৰ পিতৃৰ পৰা বস্ত্ৰশিল্পৰ কাম শিকিছিল আৰু তেওঁ ১৯৭০ৰ দশকৰ পৰা এই কাম কৰি আহিছে এই বিশেষ তাঁতশালখন তেওঁ ২০ বছৰ আগতে কিনিছিল সোঁফালে : ৰূপচান্দে খালি ভৰিৰে তাঁতশালত বহি গামোচা বইছে

যন্ত্ৰচালিত তাঁতশাল ব্যয়বহুল হোৱাৰ বাবে বেছিভাগ শিপিনীয়ে এয়া ব্যৱহাৰ কৰিবলৈ অক্ষম। ইয়াৰ উপৰিও গোবিন্দপুৰৰ দৰে গাঁৱত তাঁতশালৰ সৰঞ্জাম আদি বিক্ৰী কৰা দোকান নাই আৰু মেৰামতিৰ কামো প্ৰত্যাহ্বানজনক আৰু ইয়েই শিপিনীসকলৰ বাবে বাধাৰ সৃষ্টি কৰি আহিছে। ৰূপচান্দে কয় যে এতিয়া আৰু তেওঁৰ যন্ত্ৰচালিত তাঁতশাল চলোৱাৰ বয়সো নাই।

আৰ্থিক সমস্যাই প্ৰতিদিনেই ভাৰাক্ৰান্ত কৰে ৰূপচান্দ আৰু তেওঁৰ পৰিয়ালক। ৭৩ বছৰ বয়সতো জীৱিকাৰ বাবে সংগ্ৰাম কৰি থকা গোবিন্দপুৰৰ অন্তিমগৰাকী শিপিনীয়ে কয়, “শেহতীয়াকৈ মই ১২,০০০ টকা মূল্যৰ ২২ কেজি সূতা কিনিছো, ইয়াৰ বাবে যোৱা বছৰ মোৰ ৯ হাজাৰ টকা খৰছ হৈছিল। এতিয়া দেহা পৰি আহিছে। এইটো শৰীৰেৰে ১৫০ খন গামোচা ব’বলৈ মোক প্ৰায় ৩ মাহ সময় লাগিব। ...আৰু মই সেই গামোচাখিনি শিপিনী সংস্থাক মাত্ৰ প্ৰায় ১৬,০০০ টকাত বিক্ৰী কৰিম।”

*****

১৯৫০ চনৰ আশে-পাশে বাংলাদেশৰ ছিলেটত জন্মগ্ৰহণ কৰিছিল ৰূপচান্দ দেৱনাথে। যেতিয়া তেওঁৰ বয়স মাত্ৰ ৬ বছৰ আছিল, সেই সময়তে ভাৰতলৈ প্ৰব্ৰজিত হৈছিল তেওঁৰ পৰিয়ালটো। ৰূপচান্দে কয়, “ভাৰতলৈ আহি মোৰ দেউতাই বয়নৰ কাম আৰম্ভ কৰে। মই নৱম শ্ৰেণীলৈকে পঢ়ি তাৰ পিছত স্কুল এৰি দিও।’’ ডেকা কালত স্থানীয় বিদ্যুৎ বিভাগত চাকৰিও পাইছিল ৰূপচান্দে। কিন্তু মাত্ৰ চাৰিবছৰ পিছতে তেওঁ সেই চাকৰিটো এৰি দিয়ে। তেওঁ কয়, ''চাকৰিটোত পৰিশ্ৰম বহুত বেছি আছিল, কিন্তু তাৰ বিপৰীতে দৰমহা আছিল অতি কম।’’

বিদ্যুৎ বিভাগৰ চাকৰি ত্যাগ কৰাৰ পিছতে পিতৃৰ পৰা বয়ন শিল্প শিকি এই শিল্পকৰ্মক আগুৱাই লৈ যোৱাৰ সিদ্ধান্ত লয় ৰূপচান্দ দেৱনাথে। তেওঁ কয়, “সেই সময়ত হস্ততাঁত উদ্যোগটো লাভজনক আছিল। আনকি তাহানিৰ দিনতে মই ১৫ টকাত শাড়ী বিক্ৰী কৰিছিলো। এই শিল্পকৰ্মত নথকা হ’লে মই মোৰ চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰিলোহেঁতেন অথবা মোৰ তিনিজনী ভনীক বিয়া দি উলিয়াই দিব নোৱাৰিলোহেঁতেন।’’

Left: Roopchand began his journey as a weaver with nakshi sarees which had elaborate floral motifs. But in the 1980s, they were asked by the state emporium to weave cotton sarees with no designs. By 2005, Roopchand had switched completely to weaving only gamcha s.
PHOTO • Rajdeep Bhowmik
Right: Basana Debnath helps her husband with his work along with performing all the household chores
PHOTO • Deep Roy

বাওঁফালে: ভমকাফুলীয়া নকশী শাড়ীৰ শিপিনী হিচাপে ৰূপচান্দে তেওঁৰ শিপিনী হোৱাৰ যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু ১৯৮০ৰ দশকত তেওঁলোকক ৰাজ্যিক বাণিজ্যকেন্দ্ৰই তেওঁলোকক কোনো ডিজাইন নথকা শাড়ী ববলৈ ক’লে। ২০০৫লৈ ৰূপচান্দে কেৱল গামোচা বোৱা কামটোত মনোনিবেশ কৰিলে। সোঁফালে: বাসনা দেৱনাথে ঘৰুৱা কাম-বন কৰাৰ উপৰি তেওঁক কাপোৰ বোৱা কামটোত সহায় কৰি দিয়ে

Left: There may be many difficulties in the handloom industry now, but Roopchand does not want to quit. 'I have never put greed before my craft,' he says.
PHOTO • Rajdeep Bhowmik
Right: Roopchand winding thread to form skeins
PHOTO • Rajdeep Bhowmik

বাওঁফালে : হস্ততাত উদ্যোগটোক সম্প্ৰতি বিভিন্ন সমস্যাই আগুৰি ধৰিছে , কিন্তু ৰূপচান্দে এই কাম এৰিব নোখোজে মই কেতিয়াও টকা - পইচাক মোৰ এই শিল্পতকৈ আগ কৰি দিয়া নাই ,’ তেওঁ কয় সোঁফালে : ৰূপচান্দে সূতা কাটিছে

ৰূপচান্দৰ পত্নী বাসনা দেৱনাথো তাঁতশালৰ কৰ্মৰ সৈতে স্বামীৰ সমানেই জড়িত হৈ আহিছে। তেওঁলোকৰ বিয়াৰ ঠিক পিছতে তেওঁ স্বামী ৰূপচান্দক তাঁতশালৰ কামত সহায় কৰিবলৈ আৰম্ভ কৰিছিল। পুৰণি দিনবোৰ মনত পেলাই তেওঁ কয়, “সেই সময়ত আমাৰ ঘৰত চাৰিখন তাঁতশাল আছিল। স্বামীয়ে তেতিয়াও শহুৰৰ পৰা বয়ন শিকি আছিল আৰু মই তেওঁক ইটো-সিটো কামত সহায় কৰি দিছিলো।’’ বাসনাৰ সৈতে কথা পাতি থকাৰ সময়ত ঘৰৰ আনটো কোঠাৰ পৰা ভাহি আহিছিল ৰূপচান্দৰ তাঁতশালৰ খট্ খট্ শব্দ।

প্ৰতিটো দিন ৰূপচান্দতকৈ পত্নী বাসনাৰ বাবে দীঘলীয়া। পুৱা সোনকালেই তেওঁ শেতেলী এৰি ঘৰৰ কাম-কাজ কৰে। তাৰ পিছত ৰূপচান্দৰ তাঁতশালৰ বাবে মহুৰাত সূতা পকাই দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰে। এই সকলোবোৰ কাম কৰি মেলি সন্ধিয়াহে অলপ জিৰণি ল’বলৈ পায় বাসনাই। পত্নীৰ কাম-কাজক লৈ সুখী ৰূপচান্দে গৌৰৱেৰে কয়, “তাঁতশালৰ সূতা লোৱা আৰু স্কেইনিঙৰ সকলো কাম তেওঁৱেই কৰে।’’

চাৰিটা সন্তানৰ পিতৃ-মাতৃ ৰূপচান্দ আৰু বাসনাই ইতিমধ্যে তেওঁলোকৰ দুই কন্যাক বিয়া দি উলিয়াই দিছে। তেওঁলোকৰ দুই পুত্ৰৰ এজনে মিস্ত্ৰী কাম কৰে আৰু আনজনে জুৱেলাৰীত কাম কৰে। ঘৰৰ পৰা কিছু নিলগতে তেওঁলোকে বাস কৰে। পৰম্পৰাগত শিল্প আৰু কলাৰ প্ৰতি বৰ্তমান সময়ত মানুহে সম্পৰ্ক হেৰুৱাই পেলাইছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কিছুসময় থমকি ৰয় বৰ্ষীয়ান শিপিনী ৰূপচান্দ। তাৰ পিছত তেওঁ কয়, “নতুন প্ৰজন্মক এই শিল্পকৰ্মৰ সৈতে সংযুক্ত কৰাত মই ব্যৰ্থ হৈছো। মই কিয় মোৰ নিজৰ সন্তানকে অনুপ্ৰাণিত কৰিব নোৱাৰিলোঁ?”

*****

উল্লেখ্য যে, ২০১৯-২০ বৰ্ষৰ চতুৰ্থ সৰ্বভাৰতীয় হস্ততাঁত লোকপিয়ল অনুসৰি সমগ্ৰ ভাৰতৰ ৯৩.৩ শতাংশ হস্ততাঁত শ্ৰমিকৰ ঘৰুৱা উপাৰ্জন ১০ হাজাৰ টকাতকৈও কম। আনহাতে ত্ৰিপুৰাৰ ৮৬.৪ শতাংশ হস্ততাঁত শ্ৰমিকৰ ঘৰুৱা উপাৰ্জন ৫ হাজাৰ টকাতকৈ কম (চতুৰ্থ সৰ্বভাৰতীয় হস্ততাঁত পিয়ল, ২০১৯-২০২০ )।

ৰূপচান্দৰ চুবুৰীয়া অৰুণ ভৌমিকে কয়, “লাহে লাহে এই শিল্পকৰ্ম মৃত্যুমুখত পৰিছে আৰু আমি ইয়াৰ সংৰক্ষণৰ বাবে পৰ্যাপ্ত কাম কৰিব পৰা নাই।’’ গাঁওখনৰে আন এগৰাকী বৰ্ষীয়ান ব্যক্তি ননীগোপাল ভৌমিকে কয়, “মানুহে কম কাম কৰি অধিক উপাৰ্জন কৰিব বিচাৰে।” নিজৰ সৰু জুপুৰীটোৰ ভিতৰৰ তাঁতশালখনত বহি থকা ৰূপচান্দে ঘৰটোৰ চৌদিশে এবাৰ বিষাদৰ চকু ফুৰাই কয়, “শিপিনীসকলে সদায় জুপুৰি আৰু মাটিৰ ঘৰত বাস কৰি আহিছে। কোনে তেনেকৈ জীয়াই থাকিব বিচাৰে?”

Left: Roopchand and Basana Debnath in front of their mud house .
PHOTO • Deep Roy
Right: A hut made from bamboo and mud with a tin roof serves as Roopchand's workspace
PHOTO • Deep Roy

বাওঁফালে : ৰূপচান্দ আৰু বাসনা দেৱনাথ , তেওঁলোকৰ কেঁচা ঘৰটোৰ সন্মুখত সোঁফালে : বাঁহ আৰু টিনৰ চালি দিয়া , মাটি লেপি দিয়া বেৰৰ ঘৰটোৱে ৰূপচান্দৰ কৰ্মস্থল

উপাৰ্জনৰ অভাৱৰ উপৰিও স্বাস্থ্যজনিত সমস্যা আৰু অন্য দীৰ্ঘম্যাদী সমস্যাই জুৰুলা কৰি আহিছে শিপিনীসকলক। ৰূপচান্দে কয়, “মোৰ পত্নী আৰু মই প্ৰতি বছৰে কেৱল চিকিৎসাৰ বাবে ৫০-৬০ হাজাৰ টকা খৰচ কৰোঁ।’’ বয়স বাঢ়ি অহাৰ লগে লগে উশাহ-নিশাহৰ সমস্যাৰ লগতে হৃদযন্ত্ৰৰ সমস্যাতো ভুগিছে ৰূপচান্দ আৰু পত্নী বাসনা। ৰূপচান্দে কয় যে জীৱনজুৰি তাঁতশালত বহি পাৰ কৰাৰ বাবে এতিয়া এনেবোৰ শাৰীৰিক জটিলতাৰ সৃষ্টি হৈছে।

এই শিল্পকলা সংৰক্ষণৰ বাবে চৰকাৰে কিছু প্ৰচেষ্টা চলাইছে ঠিকেই, কিন্তু ৰূপচান্দ আৰু তেওঁৰ গাঁৱৰ আন লোকসকলৰ মতে এনে চৰকাৰী প্ৰচেষ্টাই কোনোধৰণৰ পৰিৱৰ্তন আনিব নোৱাৰে। ৰূপচান্দে কয়, “ দীন দয়াল প্ৰস্থান যোজনা [২০০০ চনত আৰম্ভ হোৱা কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ]ৰ জৰিয়তে মই ৩০০ৰো অধিক শিপিনীক প্ৰশিক্ষণ দিছো। প্ৰশিক্ষাৰ্থী পোৱাটো কঠিন, মানুহে বেছিভাগেই উপৰুৱা বৃত্তি হিচাপে এই প্ৰশিক্ষণ ল’বলৈ বিচাৰে। এনেদৰে দক্ষ শিপিনী গঢ় দিয়া সম্ভৱ নহয়।” ৰূপচান্দে লগতে কয়, “হস্ততাঁত ভালকৈ ৰখাৰ ব্যৱস্থাপনাৰ অভাৱ, কাঠত ঘূণে ধৰা আৰু নিগনিয়ে সূতা কটা আদিৰ ফলত পৰিস্থিতি অধিক বেয়া হৈ পৰে।”

হস্ততাঁত ৰপ্তানি প্ৰসাৰ পৰিষদৰ তথ্য অনুসৰি ২০১২ চনৰ পৰা ২০২২ চনৰ ভিতৰত প্ৰায় ৩০০০ কোটি টকাৰ পৰা প্ৰায় ১৫০০ কোটিলৈ (হস্ততাত ৰপ্তানি প্ৰসাৰ পৰিষদ ) হস্ততাঁত ৰপ্তানি প্ৰায় ৫০ শতাংশ উদ্বেগজনকভাৱে হ্ৰাস পাইছে। ইয়াৰ উপৰিও মন্ত্ৰালয়ৰ পৰা পোৱা ধনো হ্ৰাস পাইছে, যাৰ ফলত হস্ততাঁত উদ্যোগে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ বৃদ্ধি পাইছে।

ৰূপচান্দে ৰাজ্যখনৰ হস্ততাঁত তাঁতশালৰ ভৱিষ্যতৰ এক অন্ধকাৰচন্ন ভয়ানক ছবি অংকন কৰি কয়, “মই অনুভৱ কৰোঁ যে এই পৰিস্থিতি সলনি কৰা এতিয়া অসম্ভৱ।” অৱশ্যে তেওঁ কথাৰ মাজতে ক্ষন্তেক সময় থমকি ৰৈ এক সমাধানৰ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ কয়, “পশ্চিম ত্ৰিপুৰাৰ বাণিজ্যিক হস্ততাঁত উৎপাদনৰ কেন্দ্ৰ চিৰাই মোহনপুৰত মই মহিলাৰ দ্বাৰা পৰিচালিত এক প্ৰচণ্ড কৰ্মশক্তি দেখিছো। সেয়ে মই ভাৱো এই শিল্পকৰ্মৰ সৈতে মহিলাসকলক জড়িত কৰাত অধিক গুৰুত্ব দিলে সহায় হ’ব পাৰে।’’ তেওঁৰ মতে বৰ্তমানৰ শিপিনীসকলৰ বাবে এটা নিৰ্দিষ্ট দৈনিক মজুৰি কাৰ্যকৰী কৰাটো হাতত থকা প্ৰত্যাহ্বানসমূহ আঁতৰোৱাৰ ক্ষেত্ৰত এক পদক্ষেপ হ’ব পাৰে।

আন আন শিপিনীৰ দৰে কেতিয়াবা তেঁৱো এই পৰম্পৰাগত শিল্পকৰ্ম এৰি দিয়াৰ কথা ভাবিছে নেকি বুলি সোধাত হাঁহি এটা মাৰি তেওঁ কয়, “কেতিয়াও ভবা নাই। মই কেতিয়াও মোৰ কলাতকৈ লোভক আগত ৰখা নাই। এই তাঁতশালখনে মোক এৰি থৈ যাব পাৰে, কিন্তু মই কেতিয়াও নাযাও।’’ তাঁতশালখনৰ ওপৰত আলফুলে হাতবুলাই কথাখিনি কোৱাৰ সময়ত দুধাৰি চকুলো টপককৈ সৰি পৰে ৰূপচান্দৰ দুচকুৰ পৰা।

এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেশ্যন (MMF) ফেল শ্বিপৰ সাহায্যৰে যুগুতোৱা হৈছে

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Rajdeep Bhowmik

राजदीप भौमिक, पुणे के आईआईएसईआर से पीएचडी कर रहे हैं. वह साल 2023 के पारी-एमएमएफ़ फ़ेलो हैं.

की अन्य स्टोरी Rajdeep Bhowmik
Deep Roy

दीप रॉय, नई दिल्ली के वीएमसीसी व सफ़दरजंग अस्पताल में परास्नातक रेज़िडेंट डॉक्टर हैं. वह साल 2023 के पारी-एमएमएफ़ फ़ेलो हैं.

की अन्य स्टोरी Deep Roy
Photographs : Rajdeep Bhowmik

राजदीप भौमिक, पुणे के आईआईएसईआर से पीएचडी कर रहे हैं. वह साल 2023 के पारी-एमएमएफ़ फ़ेलो हैं.

की अन्य स्टोरी Rajdeep Bhowmik
Editor : Sarbajaya Bhattacharya

सर्वजया भट्टाचार्य, पारी के लिए बतौर सीनियर असिस्टेंट एडिटर काम करती हैं. वह एक अनुभवी बांग्ला अनुवादक हैं. कोलकाता की रहने वाली सर्वजया शहर के इतिहास और यात्रा साहित्य में दिलचस्पी रखती हैं.

की अन्य स्टोरी Sarbajaya Bhattacharya
Editor : Priti David

प्रीति डेविड, पारी की कार्यकारी संपादक हैं. वह मुख्यतः जंगलों, आदिवासियों और आजीविकाओं पर लिखती हैं. वह पारी के एजुकेशन सेक्शन का नेतृत्व भी करती हैं. वह स्कूलों और कॉलेजों के साथ जुड़कर, ग्रामीण इलाक़ों के मुद्दों को कक्षाओं और पाठ्यक्रम में जगह दिलाने की दिशा में काम करती हैं.

की अन्य स्टोरी Priti David
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

की अन्य स्टोरी Dhrubajyoti Dhanantari