“পশ্চিমবংগৰ মানুহে ডুলি বনাব নাজানে।”

ববন মাহাতোই এনেয়ে এইষাৰ কথা কোৱা নাই। তেওঁ বৃহদাকাৰ ধান থোৱা ডুলিৰ কথা কৈছে। ধান থ’বলৈ ব্যৱহাৰ কৰা তেওঁ বনোৱা এই ডুলি ছফুট পৰ্য্যন্ত ওখ আৰু চাৰিফুট পৰ্য্যন্ত বহল।

ইমান খাৰাংখাচকৈ কথাষাৰ কৈ দিয়াত আমাৰ বুজিবলৈ সময় লাগিল, চুবুৰীয়া বিহাৰৰ মাহাতোই ক’লে, “আচলতে ডুলি বনোৱাটো ইমান সহজ কাম নহয়।” তেওঁ তেতিয়া ডুলি বনোৱাৰ প্ৰক্ৰিয়াটো এফালৰ পৰা কৈ গ’ল, “ডুলি এটা বনাবলৈ ভালেখিনি প্ৰস্তুতি লাগে। কান্দা সাধনাৰ পৰা আৰম্ভ কৰি কাম সাধনা, তালি বিথানা, খাড়া কৰনা, বুনাই কৰনা, তেৰি চাধনা (বাঁহৰ দীঘল উলন্ব আৰু অনুভূমিক কাঠী তোলা, ঘূৰণীয়া ফ্ৰেমটো বনোৱা, ডুলিটো থিয় কৰোৱা, তাক বৈ উলিওৱা আৰু তাৰপিছত দৈবোৰ পাক খুওৱাই মোখনি মৰা)।”

PHOTO • Shreya Kanoi
PHOTO • Shreya Kanoi

ডুলি বনোৱা কামটোৰ বাবে ববন মাহাতোই বিহাৰৰ পৰা পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলালৈ প্ৰব্ৰজন কৰে ডুলি বনাবলৈ তেওঁৰ বাঁহৰ দৈ তুলি সেইখিনি ৰ দত শুকুৱাই লয় ( সোঁফালে )

PHOTO • Shreya Kanoi
PHOTO • Shreya Kanoi

ববনে বৰ খৰকৈ ডুলিৰ দৈবোৰ বই যায় (সোঁফালে)। তলিখন বনাই লোৱাৰ পিছত ডুলিটো তেওঁ থিয় কৰাই লৈ ঘূৰাই ঘূৰাই দৈ বোৱে

যোৱা চাৰিটা দশক ধৰি ৫২ বৰ্ষীয় ববনে এই কাম কৰি আহিছে। “শৈশৱৰে পৰা মোৰ মা-দেউতাই মোক এই কাম শিকাইছিল। তেওঁলোকে কেৱল এই কামেই কৰা নাছিল। বিন্দ সম্প্ৰদায়ৰ সকলো লোকেই এই কাম কৰিছিল। তেওঁলোকে টোকৰিও (সৰু পাচি) বনায়, মাছ ধৰে আৰু নাও চলায়।”

বিহাৰৰ ববন বিন্দ সম্প্ৰদায়ৰ। ৰাজ্যখনত এইসকল লোক অতিকৈ পিছপৰা শ্ৰেণী (ইবিচি) হিচাপে (২০২২-২৩ৰ জাতিৰ গণনা) অনুসৰি) তালিকাভুক্ত। প্ৰায়ভাগ ডুলি বনোৱা লোক বিন্দ সম্প্ৰদায়ৰ। কিন্তু কানু আৰু হালৱাই সম্প্ৰদায়ৰ (তেওঁলোকে ইবিচিৰ অন্তৰ্ভুক্ত) লোকেও বিন্দ সম্প্ৰদায়ৰ লোকৰ সৈতে বহুদশক ধৰি থকাৰ বাবে সেই শিল্প আয়ত্ব কৰিছে।

“মই কাম কৰাৰ সময়ত হাতেৰই গোটেইখিনি আন্দাজ পাওঁ। চকুদুটা মুদি থাকিলেও অন্ধকাৰ দেখো যদিও হাতেৰেই গোটেই কামটো কৰি পেলাব পাৰো,” তেওঁ কয়।

তেওঁ বাঁহ এডাল দীঘে দীঘে ফালি তাৰপৰা ১০৪ ডাল কাঠী উলিয়ায়। কাঠী তোলা এই কামটো বৰ কষ্টকৰ। লগতে নিখুতভাৱে কৰিবও পাৰিব লাগিব। জোখমাখ সঠিক হ’ব লাগিব। ছয় বা সাত হাত (প্ৰায় ৯-১০ ফুট) দীঘল বাঁহ এডাল লোৱা হয়। ডুলিটো কিমান ডাঙৰ হ’ব, তাৰ ওপৰত নিৰ্ভৰ কৰি বাঁহ কটা হয়। এক হাত মানে কিলাকুটিৰ পৰা মাজৰ আঙুলিটোৰ আগলৈকে। এয়া ভাৰতীয় হস্তশিল্পীয়ে সাধাৰণতে ব্যৱহাৰ কৰা জোখৰ একক, প্ৰায় ১৮ ইঞ্চিৰ সমান।

PHOTO • Gagan Narhe
PHOTO • Gagan Narhe

ডুলি বনোৱাজনে নিজেই বাঁহৰ চোপৰ পৰা উচিত বাঁহ এডাল কাটি (সোঁফালে) য’ত কাম কৰিব, তালৈ লৈ আহে

PHOTO • Gagan Narhe

ববনে তিনিফুট বহল ডুলি এটাৰ বাবে বাঁহৰ কাঠীবোৰ বই উলিওৱা ঘূৰণীয়া তলিখন দেখুৱাইছে

পাৰিয়ে ববনৰ সৈতে কথা পাতিছে আলিপুৰদুৱাৰ জিলাত (পূৰ্ব জলপাইগুৰি)। তেওঁৰ নিজঘৰ বিহাৰৰ ভাগৱনি চাপ্ৰালৈ তাৰপৰা ৬০০ কিলোমিটাৰ দূৰত্ব। তেওঁ নিজ ঘৰৰ পৰা কাৰ্তিক (অক্টোবৰ-নৱেম্বৰ) মাহৰ আগে আগে পশ্চিমবংগলৈ বছৰি আহে। সেইখিনি সময়ত খাৰিফ শস্য চপোৱাৰ সময় হয়। তাত তেওঁ অহা দুমাহ থাকিব, ডুলি বনাই বিক্ৰী কৰিব।

তেওঁ অকলে অহা নাই। “পশ্চিমবংগৰ আলিপুৰদুৱাৰ আৰু কোঁচবিহাৰ জিলাৰ প্ৰতিখন বজাৰতে আমাৰ ভাগৱনি চাপ্ৰা গাঁৱৰ ডুলি নিৰ্মাতা পাব,” পুৰণ চাহাই কয়। তেঁৱো এগৰাকী ডুলি নিৰ্মাতা। বিহাৰৰ পৰা প্ৰতিবছৰে কোচবিহাৰ জিলাৰ খাগ্ৰাবাৰি চহৰৰ ডোদিয়াৰ হাটলৈ তেওঁ আহে। এই কামৰ বাবে অহা লোকসকলে পাঁচৰ পৰা দহজনীয়া গোট বনাই লয়। তেওঁলোকে বজাৰ এখন বাচি লয় আৰু অস্থায়ী তম্বু সাজি তাত থাকে।

ববনে প্ৰথম পশ্চিমবংগলৈ আহিছিল ১৩ বছৰ বয়সত। তেওঁ আহিছিল তেওঁৰ গুৰু ৰাম পৰবেশ মাহাতোৰ সৈতে। “মই মোৰ গুৰুক তেওঁৰ যাত্ৰাত ১৫ বছৰ ধৰি সংগ দিছো। তেনেকৈহে মই এই ডুলি বনোৱা কামটো ভালদৰে আয়ত্ব কৰিব পাৰিছো,” ডুলি বনোৱা পৰিয়ালৰ পৰা অহা ববনে কয়।

PHOTO • Gagan Narhe

আলিপুৰদুৱাৰৰ মথুৰাৰ সাপ্তাহিক বজাৰত ডুলি বনোৱা মানুহৰ গোট এটা, তেওঁলোকৰ অস্থায়ী তম্বুৰ বাহিৰত। তাতেই তেওঁলোকে খোৱা-বোৱা কৰে আৰু ডুলি বিক্ৰী কৰে

*****

ববনে জুই একুৰা ধৰি দিনটো আৰম্ভ কৰে। তম্বুৰ ভিতৰত বৰ ঠাণ্ডা লাগে। সেয়ে তেওঁ ৰাস্তাৰ কাষত জুই একুৰা ধৰি লয়। “পুৱা ৩ বজাতে উঠো। ৰাতি ঠাণ্ডা লাগে। ঠাণ্ডাৰ কাৰণে সোনকালে বিচনাৰ পৰা উঠি জুই একুৰা ধৰি তাৰ কাষতে বহি থাকো।” এঘণ্টামান পিছত তেওঁ কাম আৰম্ভ কৰে। তেতিয়া আন্ধাৰ হৈয়ে থাকে যদিও ষ্ট্ৰীট লাইটৰ পোহৰতে তেওঁ কাম আৰম্ভ কৰে।

ডুলি বনোৱা কামটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হৈছে সঠিক প্ৰকাৰৰ বাঁহ বাচি উলিওৱাটো। “তিনিবছৰ হোৱা বাঁহ এই কামত ভাল, কিয়নো সেই বাঁহ সহজে ফালিব পাৰি আৰু সাহটোও যিমানখিনি লাগে, সিমানখিনি ডাঠ,” ববনে কয়।

সঠিক জোখত বাঁহৰ ঘূৰণীয়া ফ্ৰেমটো বনোৱাটো কঠিন কাম। এই কামটোত তেওঁ দা এখন ব্যৱহাৰ কৰে। তাৰপিছৰ ১৫ ঘণ্টা সময়ত তেওঁ আহাৰ খাবলৈ নাইবা বিড়ি এটা হুপিবলৈহে উঠে।

সাধাৰণতে ডুলি এটাৰ উচ্চতা ৫ ফুট আৰু ব্যাস ৪ ফুট থাকে। ববনে পুতেকৰ সহায় লৈ দিনটোত দুটা ডুলি বনায়। সেয়া আলিপুৰদুৱাৰ জিলাৰ সোমবৰীয়া সাপ্তাহিক মথুৰা বজাৰত বিক্ৰী কৰে। “বজাৰলৈ মই ভিন্ন আয়তনৰ ডুলি নিও। ১০ মোন, ১৫ মোন, ২০ মোন আৰু ২৫ মোন ধান ধৰা ডুলি। এক মোন মানে ৪০ কিলোগ্ৰাম। ১০ মোন অৰ্থাৎ ৪০০ কিলোগ্ৰাম ধান থ’বপৰা ডুলি। ববনে গ্ৰাহকে কোৱা আকাৰ আৰু ওজন অনুসাৰে ডুলি বনায়। আয়তনৰ ওপৰত ভিত্তি কৰি ডুলিৰ আকাৰ ৫ৰ পৰা ৮ ফুট উচ্চতালৈকে হ’ব পাৰে।

ভিডিঅ’ চাওক: ববন মাহাতোই বৃহদাকাৰ ডুলিবোৰ

সৰুতে মা-দেউতাই ডুলি বনোৱা শিকাইছিল। তেওঁলোকে এই কাম কৰিয়েই জীৱিকা নিৰ্বাহ কৰিছিল

“ধান চপোৱাৰ বতৰ পৰিলে আমি এটা ডুলিত ৬০০ৰ পৰা ৮০০ টকা পাওঁ। ঋতু শেষ হ’লে চাহিদা কমি আহে আৰু একেখিনি বস্তু সস্তাতে বিক্ৰী কৰিবলগীয়া হয়। অতিৰিক্ত ৫০ টকা দিলে মই ঘৰত গৈ ডুলি দি আহো,” তেওঁ কয়।

এটা ডুলিৰ ওজন প্ৰায় আঠ কিলো আৰু ববনে তিনিটা ডুলি মূৰত বোজাই কৰি নিয়ে (প্ৰায় ২৫ কিলো ওজন)। “২৫ কিলোগ্ৰামো মূৰত তুলি নিব নোৱাৰিমনে, তাকো কিছু সময়ৰ বাবেহে,” সেয়া যে তেওঁৰ বাবে একো ডাঙৰ কথা নহয়, তাকেই তেওঁ কয়।

সাপ্তাহিক হাটখনৰ মাজেৰে ববনে খোজ কাঢ়ি গৈছে, তাতেই তেওঁ নিজৰ পোহাৰ মেলিব। ৰাস্তাত তেওঁৰ নিজ ৰাজ্যৰ মানুহক লগ পাইছে আৰু মুৰ দুপিয়াই সম্ভাষণ জনাইছে। তেওঁৰ সম্প্ৰদায়ৰ লোকে দিয়া পোহাৰবোৰলৈ আঙুলিয়াই দেখুৱাই দিছে। সহায়ক স্থানীয় বাঙালীসকলকো দেখুৱাইছে। “সব জান-পেহচান কে হ্যে (সকলো মোৰ চিনাকি মানুহ),” তেওঁ কয়। তেওঁ লগতে কয়, “মোৰ হাতত এটকাও যদি নাথাকে, তেওঁলোকেই মোক ভাত-দাইল আৰু ৰুটি দিবষ পইচা পাম নে নাপাম সেয়া নাচায়।”

PHOTO • Gagan Narhe
PHOTO • Gagan Narhe

গ্ৰাহক এজনক ডুলি দিবলৈ গৈ থকা ববন (সোঁফালে), পিছে পিছে গ্ৰাহকজনে চাইকেল চলাই গৈ আছে (বাওঁফালে)

যাযাবৰী এনে এটা জীৱনে তেওঁক নিজৰ ভাষা ভোজপুৰীৰ উপৰিও আন ভাষাতো পাৰ্গত কৰিছে। তেওঁ হিন্দী, অসমীয়া আৰু বাংলা ক’ব পাৰে। আলিপুৰদুৱাৰৰ দক্ষিণ চাকোৱাখেতিৰ চুবুৰীয়া সম্প্ৰদায় মেচসকলৰ মেচিয়া ভাষাও তেওঁ বুজি পায়।

দিনটোৰ শেষত গাৰ বিষ-কষ্ট মাৰিবলৈ তেওঁ ১০ টকাৰ মদ কিনে। “দিনটোৰ পৰিশ্ৰমৰ শেষত অকণমান দেহাটোৱে আৰাম পায়। বিষ কমাবলৈ মদ অলপ খোৱা হয়।”

তেওঁৰ বিহাৰী বন্ধুসকল আশে-পাশে থাকে যদিও ববনে অকেল থকাটোৱে পচন্দ কৰে। “মই যদি ৫০ টকাত খাব লাগে, লগত আৰু মানুহ থাকে, তেতিয়া সিহঁতে ক’ব, ‘মোৰ মোৰ ভাগটো লাগে!’ সেয়ে অকলেই থাকো, অকলেই খাওঁ। যি খাওঁ, নিজৰ খাওঁ। যি আৰ্জো, সেয়াও নিজৰ।”

তেওঁ কয় যে বিহাৰত বিন্দৰ লোকৰ বাবে জীৱিকাৰ সুযোগ কম, আৰু সেয়েহে তেওঁলোকে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এনেদৰে প্ৰব্ৰজন কৰি আহিছে। ববনৰ ৩০ বছৰীয়া পুত্ৰ অৰ্জুন মাহাতোৱেও সৰুৰেপৰা তেওঁৰ সৈতে প্ৰব্ৰজন কৰি আহিছে। এতিয়া তেওঁ মুম্বাইত ৰং মিস্ত্ৰী হিচাপে কাম কৰে। “আমাৰ গৃহ ৰাজ্য বিহাৰত আয় নিশ্চিত কৰাৰ বাবে পৰ্যাপ্ত নাই। ইয়াত বালি খননেই একমাত্ৰ উদ্যোগ...আৰু তাৰ ওপৰত গোটেইখন বিহাৰ নিৰ্ভৰ কৰিব নোৱাৰে।”

PHOTO • Shreya Kanoi

প্ৰতিবছৰে অক্টোবৰৰ পৰা ডিচেম্বৰলৈ ববনে পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ ৰাজপথৰ কাষতে থাকে আৰু কাম কৰে

PHOTO • Shreya Kanoi

বাওঁফালে: অস্থায়ী তম্বুখনেই ববনৰ ঘৰ। তাত তেওঁ থাকে আৰু ডুলি বনায়। সোঁফালে: ববনে মূল ডুলিৰ মূল কামখিনি কৰাৰ সময়তে তেওঁৰ পুতেক চন্দনে ডুলিটো বই উলিয়ায়

ববনৰ আঠোটা সন্তানৰ ভিতৰত সৰুজন চন্দন। তেওঁ এই বছৰ (২০২৩) ববনৰ লগত আহিছে। পশ্চিমবংগৰ পৰা অসমলৈ যোৱা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত থকা চাহ বাগিচাৰ কাষতে তেওঁলোকে তম্বু তৰিছে। তেওঁলোকৰ ঘৰটো এটা গেৰেজেই। তিনিফালে তিৰ্পাল দি ঢাকি থোৱা আছে। টিনৰ চালি দিয়া আছে, কাষতে এটা মাটিৰ চৌকা আৰু এখন বিচনা। লগতে ডুলি বনোৱাৰ বাবে কিছু ঠাই।

পিতা-পুত্ৰই শৌচ কৰিবলৈ ৰাস্তাৰ কাষৰ মুকলি ঠাই ব্যৱহাৰ কৰে। গা ধোৱাৰ বাবে ওচৰৰ দমকলৰ পৰা পানী লয়। “এনে পৰিস্থিতিত থাকিবলৈ মোৰ কোনো অসুবিধা নাই। ম্যে হমেছা অপনে কাম কে সুৰ ম্যে ৰেহতা হুঁ (মই সদায় নিজৰ কামৰ ছন্দত থাকো),” ববনে কয়। তম্বুৰ বাহিৰত বহি তেওঁ ডুলি বনায় আৰু ভিতৰত ৰান্ধি-বাঢ়ি খাই শুই থাকো।

কাম সামৰি ঘৰলৈ যাবৰ সময়ত বৰ দুখ লাগে, “মা মানে মাটিৰ মালিকনীয়ে মোক ঘৰতে উপজা তেজপাত টোপোলা কৰি দি পঠিয়ায়।”

*****

ধান জমা কৰিবলৈ প্লাষ্টিকৰ বস্তাৰে বজাৰ ভৰাই পেলোৱাৰ ফলত আৰু প্ৰক্ৰিয়াকৰণ আৰু সংৰক্ষণৰ পৰিৱৰ্তিত পদ্ধতিয়ে ডুলি নিৰ্মাতাসকলৰ জীৱিকাত প্ৰভাৱ পেলাইছে। তেওঁ কয়, “যোৱা পাঁচটা বছৰত ধানবনা কল বাঢ়ি অহাৰ বাবে আমাৰ ব্যৱসায় মন্দা হৈ পৰিছে। কৃষকে ধান জমা কৰি ৰখাৰ পৰিৱৰ্তে বিক্ৰী কৰি দিয়ে। তাতে আকৌ বহুতেই আজিকালি ধান মজুত কৰি ৰাখিবলৈ প্লাষ্টিকৰ বস্তা ব্যৱহাৰ কৰিবলৈ লৈছে,” বিহাৰৰ ডুলি নিৰ্মাতাৰ দল এটাই পাৰিক কয়।

PHOTO • Gagan Narhe
PHOTO • Gagan Narhe

বাওঁফালে: এইবছৰ (২০২৪)ত ডুলি নিৰ্মাতাসকলে তেওঁলোকৰ আটাইবোৰ ডুলিবোৰ বিক্ৰী কৰিবপৰা নাই। সোঁফালে: কৃষকে আজিকালি বস্তা (প্লাষ্টিকৰ বস্তা) ব্যৱহাৰ কৰে, সেয়া সস্তা আৰু শস্য মজুত কৰিবলৈকো উজু

সৰু আকাৰৰ পাচি বনালে বিক্ৰী কৰিবলৈ সহজ। কিন্তু তেওঁলোকে স্থানীয় লোকৰ পৰাই সেয়া কিনিব পাৰে। সিহঁতে আমাক অনুৰোধ জনায়, ‘চোৱা ভাই, এইটো নবনাবা। তোমালোকে বনোৱা সেই ডাঙৰ ডুলি বনোৱা…আমাৰ পেটত গোৰ নামাৰিবা।’

কোচবিহাৰ আৰু আলিপুৰদুৱাৰ জিলাৰ বজাৰত এটা বস্তাৰ দাম ২০ টকা। আনহাতে ডুলি এটাৰ দাম ৬০০ৰ পৰা ১,০০০ টকা। বস্তাত ৪০ কিলো চাউল ধৰে, ডুলি এটাত ৫০০ কিলো ধৰে।

ধানখেতি কৰা সুশীলা ৰায়ে ডুলিয়ে পছন্দ কৰে। আলিপুৰদুৱাৰৰ দক্ষিণ চাকয়াখেতি গাঁৱৰ ৫০ বৰ্ষীয় খেতিয়কজনে কয়, “প্লাষ্টিকৰ বস্তাত ধান ৰাখিলে, তাত পোকে ধৰে। সেয়ে আমি ডুলি ব্যৱহাৰ কৰো। বছৰটোৰ বাবে খাবলৈ বুলি আমি ডুলিতে ধান ৰাখো।”

পশ্চিমবংগ ধান উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰত প্ৰথম (দেশৰ ১৩ শতাংশ ধান উৎপাদন কৰে এই ৰাজ্যই)। কৃষি আৰু কৃষক কল্যাণ বিভাগৰ এই প্ৰতিবেদনৰ মতে ২০২১-২২ত ১৬.৭৬ মিলিয়ন টন ধান ৰাজ্যখনে উৎপাদন কৰিছে।

PHOTO • Shreya Kanoi
PHOTO • Gagan Narhe

বাওঁফালে: ববনে আলিপুৰদুৱাৰৰ ধানখেতিৰ পথাৰৰ মাজেৰে ডুলি এটা কঢ়িয়াই নিছে। সোঁফালে: অহা বছৰ খাবৰ বাবে কৃষকে ডুলিত উৎপাদিত ধানখিনি মজুত কৰিছে। ডুলিটো গোবৰ-মাটি লেপি দিয়া হয় যাতে ডুলিৰ ফাঁকবোৰ নাইকিয়া হয় আৰু ধানবোৰ ওলাই নপৰে

*****

প্ৰব্ৰজনকাৰী ববনে অক্টোবৰৰ মাজভাগৰ পৰা ডিচেম্বৰলৈ পশ্চিমবংগত কাম কৰে আৰু তাৰপিছত কম সময়ৰ বাবে বিহাৰৰ নিজ ঘৰলৈ উভতি আহে। ফেব্ৰুৱাৰীত তেওঁ অসমৰ চাহ বাগিচাত কাম কৰিবলৈ আহে আহে আৰু ছমাহ চাহৰ পাত তোলা কাম কৰে। “অসমৰ এনে কোনো ঠাই নাই য’ত মই থকা নাই… ডিব্ৰুগড়, তেজপুৰ, তিনিচুকীয়া, গোলাঘাট, যোৰহাট, গুৱাহাটী আদি,” তেওঁ ডাঙৰ চহৰ-নগৰৰ নামবোৰ কৈ যায়।

অসমত তেওঁলোকে বনোৱা টুকুৰীবোৰক ধোকো বুলি কয়। ডুলিৰ তুলনাত এই টুকুৰীবোৰ সৰু, তিনিফুটমান হ’ব। চাহপাত তুলিবলৈ এই টুকুৰী ব্যৱহাৰ কৰা হয়। তেওঁ মাহে ৪০০ মান টুকুৰী বনায়। তেওঁ এই টুকুৰী বনোৱা কামটোৰ কমিচন চাহ বাগানৰ পৰা পায়। তাত তেওঁক থকাৰ ব্যৱস্থাও বাগানে কৰি দিয়ে।

“কি কি যে কাম কৰা নাই। বাঁহৰ কাম কৰিছো, গোবৰৰ কাম কৰিছো, মাটিৰ কাম কৰিছো, খেতিপথাৰতো কাম কৰিছো। আইচক্ৰীমো বিক্ৰী কৰিছো…,” গোটেই বছৰটোত কি কি কাম তেওঁ কৰে, তাৰে বৰ্ণনা দি ববনে কয়।

অসমত টুকুৰীৰ অৰ্ডাৰ যদি কম পৰে, তেওঁ ৰাজস্থান আৰু দিল্লীলৈ গৈ ৰাস্তাৰ কাষত আইচক্ৰীম বিক্ৰীৰ কাম কৰে। তেওঁৰ গাঁৱৰ আন বহুতেই এই কামবোৰ কৰে। সময়ত যি কাম পায়, তাকেই তেওঁ কৰে। “ৰাজস্থান, দিল্লী, অসম, বংগ - মোৰ গোটেই জীৱনটো এইবোৰ ঠাইত ভ্ৰমি কাম কৰি কটাইছো।”

PHOTO • Shreya Kanoi
PHOTO • Shreya Kanoi

বাওঁফালে: ডুলি বনাবলৈ ভালদৰে জোখ-মাখ কৰি ল’ব লাগে আৰু এই কাম আয়ত্ত্ব কৰোঁতে ভালেখিনি সময় লাগে। ডুলিৰ তলিখন বনোৱাৰ ওপৰতে গোটেইটো নিৰ্ভৰ কৰে। সোঁফালে: ববনে সাজি উলিওৱা ডুলিটো বিক্ৰী কৰিবপৰা হৈছে। কামত পাকৈত ববনে এদিনেত ডুলি এটা বনাব পাৰে

এই কামত পাকৈত যদিও ববনে এতিয়াও পেহচান কাৰ্ড (শিল্পীৰ পৰিচয় পত্ৰ) পোৱা নাই। এই পৰিচয় পত্ৰ হস্তশিল্প মন্ত্ৰালয়ৰ অধীনত হস্তশিল্পী বিকাশ আয়োগৰ পৰা দিয়া হয়। ইয়ে শিল্পী এজনক বিভিন্ন চৰকাৰী আঁচনিৰ লগতে ঋণ, পেঞ্চন, শিল্পৰ স্বীকৃতিৰ সুবিধা আৰু কৌশল বিকাশ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰতো সহায় আগবঢ়ায়।

“আমাৰ দৰে মানুহ (শিল্পী) বহুত আছে। কিন্তু দুখীয়াৰ কথা কোনেনো চিন্তা কৰিব? সকলোৱে নিজৰ পকেট গৰম কৰিবলৈহে বিচাৰে,” নিজৰ নামত বেংকৰ খাতা এটাও নথকা ববনে কয়। “মই মোৰ আঠটা সন্তান ডাঙৰ-দীঘল কৰিছো। যেতিয়ালৈ গাত বল আছে, কাম কৰি খাম। ইয়াতকৈ আৰু কি লাগে? ইয়াতকৈ বেছি কৰিমনো কি?”

এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এমএমএফ)ৰ ফেল’শ্বিপৰ অধীনত কৰা হৈছে।

অনুবাদ: পংকজ দাস

Shreya Kanoi

श्रेया कनोई एक डिज़ाइन रिसर्चर हैं, जो शिल्पकला के साथ जुड़े आजीविका के सवालों पर काम करती हैं. वह साल 2023 की पारी-एमएमएफ़ फ़ेलो हैं.

की अन्य स्टोरी Shreya Kanoi
Photographs : Gagan Narhe

गगन नर्हे, कम्युनिकेशन डिज़ाइन के प्रोफ़ेसर हैं. उन्होंने बीबीसी दक्षिण एशिया के लिए विज़ुअल जर्नलिस्ट के रूप में भी काम किया है.

की अन्य स्टोरी Gagan Narhe
Photographs : Shreya Kanoi

श्रेया कनोई एक डिज़ाइन रिसर्चर हैं, जो शिल्पकला के साथ जुड़े आजीविका के सवालों पर काम करती हैं. वह साल 2023 की पारी-एमएमएफ़ फ़ेलो हैं.

की अन्य स्टोरी Shreya Kanoi
Editor : Priti David

प्रीति डेविड, पारी की कार्यकारी संपादक हैं. वह मुख्यतः जंगलों, आदिवासियों और आजीविकाओं पर लिखती हैं. वह पारी के एजुकेशन सेक्शन का नेतृत्व भी करती हैं. वह स्कूलों और कॉलेजों के साथ जुड़कर, ग्रामीण इलाक़ों के मुद्दों को कक्षाओं और पाठ्यक्रम में जगह दिलाने की दिशा में काम करती हैं.

की अन्य स्टोरी Priti David
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das