তেজলিবাই ধেড়িয়াই লাহে লাহে খেতিত পৰম্পৰাগত বীজ ব্যৱহাৰ কৰিবলৈ লৈছে।
প্ৰায় ১৫ বছৰ আগতে মধ্যপ্ৰদেশৰ আলিৰাইপুৰ আৰু দেৱচ জিলাত খেতি কৰা ভিল আদিবাসী সম্প্ৰদায়ৰ মহিলা তেজলিবাইহঁতে ৰাসায়নিক সাৰ আদি প্ৰয়োগ কৰি উৎপাদিক বৰ্ণসংকৰ বীজৰ পৰিৱৰ্তে পৰম্পৰাগত থলুৱা বীজেৰে জৈৱিক খেতি কৰিবলৈ লৈছে। তেজলিবাইয়ে এই প্ৰসংগত কয়, “আমাৰ পৰম্পৰাগত খেতিত খাটনি বহুত, সেই অনুপাতে বজাৰত দামো পোৱা নগৈছিল।” ৭১ বৰ্ষীয় তেজলিবাইয়ে লগতে কয়, “যিখিনি সময় পাইছিলো, সেইখিনিৰ সদব্যৱহাৰ কৰি আমি গুজৰাটলৈ প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰিবলৈ ওলাই গৈছিলো।”
কিন্তু এইকেইখন জিলাৰ ২০ খন গাঁৱত এতিয়া প্ৰায় ৫০০ গৰাকী মহিলাই তেওঁলোকৰ আই-পিতাইয়ে কৰা খেতিৰ বীজ সংৰক্ষিত কৰিছে আৰু কংচৰি নু বাদাওনো (কেএনভি) দেৱীৰ কৃপাৰে জৈৱিক খেতি কৰিবলৈ লৈছে। কেএনভি মানে ভিল (স্থানীয় ভাষাত ভিলালি বোলা হয়) ভাষাত “দেৱীৰ সন্মানাৰ্থে”। ভিল আদিবাসী মহিলাৰ এই বৃহৎ সংগঠন কেএনভি মহিলাৰ অধিকাৰ আৰু তেওঁলোকৰ স্বাস্থ্য সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে ১৯৯৭ত গঠিত হৈছিল। স্বাস্থ্য সমস্যাৰ ওপৰত এটা দশকৰো অধিক কাল কাম কৰাৰ পিছত কেএনভি গঠন কৰা আদিবাসী মহিলাসকলে এটা সময়ত উপলব্ধি কৰিলে যে পৰম্পৰাগত শস্যৰ খেতিলৈ তেওঁলোক ঘূৰি আহিলে তেওঁলোকৰ খাদ্যসংক্ৰান্ত সমস্যাৰ সৈতে মোকাবিলা কৰাত সহায় হ’ব।
কেএনভিত নিৰ্দিষ্ট কেতবোৰ বীজ সমগ্ৰ দেশতে পৰম্পৰাগত বীজ উভতাই অনাৰ উদ্দেশ্যৰে বিক্ৰী আৰু বিতৰণৰ বাবে পৃথকে ৰখা হয়। আন এটা অংশ খোৱাৰ বাবে ৰখা হয়, কাৱাড়া গাঁৱৰ বাসিন্দা ৰিংকু আলাৱাই কয়। “শস্য চপোৱাৰ পিছত আমি আটাইতকৈ ভাল বীজখিনি বাচি উলিয়াব লাগে,” ৩৯ বৰ্ষীয় ৰিংকুৱে কয়।
ককৰানা গাঁৱৰ খেতিয়ক আৰু কেএনভিৰ সদস্য ৰাইতিবাই সোলাংকি এই কথাত একমত: “বীজৰ গুণগত মান বঢ়োৱা আৰু উৎপাদন বৃদ্ধি কৰাৰ উত্তম উপায় হৈছে বীজ বাচনি কৰা।”
দুকুৰি বয়সৰ ৰাইতিবাইয়ে কয়, “মিলেট আৰু আন খাদ্যশস্য আমাৰ ভিল জনগোষ্ঠীৰ ঘাই খাদ্য আছিল। মিলেটত পানী বেছি নালাগে, আৰু খাদ্যশস্যৰ ভিতৰত আটাইতকৈ পুষ্টিকৰ। ধান আৰু ঘেঁহুৰ খেতিতকৈ এই খেতি কৰা সহজ।” এইবুলি কৈ তেওঁ বিভিন্ন ধৰণৰ মিলেটৰ নাম কৈ যায় - বত্তি (বাৰ্নয়াৰ্ড মিলেট), ভাদি, ৰালা (ফক্সটেইল মিলেট), ৰাগি, বাজৰা (পাৰ্ল মিলেট), কদো’, কুটকি, চাংগ্ৰী আদি। “এইবোৰ বীন, মাহ আৰু সৰিয়হ আৰু বিভিন্ন তৈলবীজৰ সৈতে শস্যাৱৰ্তনেৰে কৰা হয়, ই লগতে মাটিৰ উৰ্বৰতাও অটুট ৰাখে,” তেওঁ কয়।
কেৱল থলুৱা বীজতে জনজাতীয় মহিলাৰ এই সমবায় ৰৈ যোৱা নাই, কেএনভিয়ে জৈৱিক খেতিৰ পৰম্পৰাও ঘূৰাই অনাৰ বাবেও কাম কৰি আছে।
মধ্যপ্ৰদেশৰ আলিৰাইপুৰ জিলাৰ খোড়াম্বা গাঁৱৰ তেজলিবাইয়ে কয় যে এই কাম ধীৰে ধীৰে হৈ আছে, কিয়নো সাৰ আৰু উৰ্বৰক আদি প্ৰস্তুত কৰোঁতে ভালেখিনি সময়ৰ প্ৰয়োজন হয়। “মই মোৰ খেতিমাটিৰ সৰু অংশ এটাত খাবলৈ বুলি থলুৱা বীজ সিঁচিছো। মই সম্পূৰ্ণৰূপে জৈৱিক খেতিৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰো।” তেওঁ নিজৰ তিনি একৰ খেতিমাটিত জোৱাৰ, মাকৈ, ধান, মাহজাতীয় শস্য আৰু শাক-পাচলিৰ বৰ্ষানিৰ্ভৰ খেতি কৰে।
থলুৱা বীজৰ লগে লগে আহিছে কেঁচুসাৰ আৰু বায়’কালচাৰ, দেৱচ জিলাৰ জমসিন্ধৰ এগৰাকী বাসিন্দা বিক্ৰম ভাৰ্গৱে কয়। গুড়, বুটমাহৰ গুড়ি, গোবৰ আৰু গৰু-ম’হৰ মূত্ৰ কিন্বন কৰি বায়’কালচাৰ প্ৰস্তুত কৰা হয়।
২৫ বৰ্ষীয় বৰেলা আদিবাসীগৰাকীয়ে কয়, “খেতিৰ জীৱভৰ গৰুৰ গোবৰৰ সৈতে মিহলি কৰিব লাগে আৰু সেয়া গাঁত এটাত তৰপে তৰপে থৈ সময়ে সময়ে পানী দি থাকিব লাগে। তাৰপিছত সেয়া মাটিত ছটিয়াই মিহলাই দিব লাগে যাতে শস্যৰ উপকাৰ হয়।”
*****
বজাৰৰ শস্যৰ হেঁচাত যেতিয়া থলুৱা বীজবোৰ আঁতৰি গ’ল, তেতিয়া তেওঁলোকৰ পৰম্পৰাগত খাদ্যবোৰো নাইকিয়া হৈ গ’ল, ৱেষ্টি পাড়িয়াৰে কয়। একেদৰে ধান আদি খাদ্যশস্য খুন্দাৰ পৰম্পৰাগত প্ৰথাও নাইকিয়া হৈ গ’ল। এবাৰ খুন্দি অনাৰ পিছত মিলেট বেছিদিন ভালে নাথাকে, সেয়ে মহিলাই ঘৰত যেতিয়া ৰান্ধিবলৈ প্ৰয়োজন হয়, তেতিয়াহে খুন্দিছিল।
“আমি ডেকাকালত ৰালা, ভাডি আৰু বাত্তি আদি মিলেটৰ বহু সুস্বাদু ব্যঞ্জন ৰান্ধিছিলো,” মিলেটৰ নামবোৰ উল্লেখ কৰি ৱেষ্টিয়ে কয়। “ইশ্বৰে মানৱক স্ৰজিলে আৰু প্ৰাণ পাবলৈ কংচৰি দেৱীৰ স্তনপান কৰিবলৈ দিলে। জোৱাৰ (দেৱী কংচৰিৰ প্ৰতীকি শস্য)ক ভিলসকলে প্ৰাণদায়ী শস্য বুলি বিবেচনা কৰা হয়,” স্থানীয়ভাৱে উৎপাদিত মিলেটবিধৰ প্ৰসংগত তেওঁ কয়। ভিলালা সম্প্ৰদায়ৰ (ৰাজ্যখনত অনুসূচিত জনজাতি হিচাপে তালিকাভুক্ত) ৬২ বৰ্ষীয় ৱেষ্টিয়ে চাৰি একৰ মাটিত খেতি কৰে, তাৰে আধা একৰ খেতিমাটিত পৰিয়ালটোৰ বাবে জৈৱিক খেতি কৰে।
বিচ্চিবাইয়ে তাহানিত মিলেটেৰে ৰন্ধা ব্যঞ্জনৰ কথা কয়। দেৱচ জিলাৰ পাণ্ডুতালাব গাঁৱৰ বাসিন্দাগৰাকীয়ে কয় যে মিলেটৰ সৈতে কুকুৰাৰ মাংস আছিল তেওঁৰ প্ৰিয় খাদ্য। এতিয়া তিনিকুৰি বয়সৰ বিচ্চিবাইয়ে মনত পেলায় কেনেকৈ তেওঁলোকে গাখীৰ আৰু গুড় মিহলাই জোৱাৰৰ পায়স বনাইছিল।
হাতেৰে শস্য খুন্দাৰ পৰম্পৰা আগতে ঘৰে ঘৰে আছিল আৰু সেয়া আছিল এক সামূহিক কাম। মহিলাসকলে লগ লাগি সেইবোৰ কাম কৰিছিল। “আমাৰ কাম সহজ হৈ পৰিবলৈ আমি লোকগীত গাইছিল। কিন্তু এতিয়া প্ৰব্ৰজনৰ ফলত আৰু পৰিয়ালবোৰ সৰু হৈ পৰাৰ ফলত মহিলাসকল আহিবলৈ নাপায় আৰু কামত সহায় কৰিবলৈ নাপায়,” ৬৩ বৰ্ষীয় ৱেষ্টিয়ে কয়।
কাৰ্লিবাই ভাৱসিঙে গাভৰুকালত মিলেট খুন্দিছিল। কামটো বৰ কষ্টকৰ আছিল। “আজিকালি সকলোৱে জোৱাৰ, মাকৈ আৰু ঘেঁহু আদি কলঘৰত বানি আনে। সেয়ে মিলেট খোৱাৰ পৰিমাণ কমিছে,” কাটকুট গাঁৱৰ ৬০ বছৰীয়া বৰেলা জনজাতীয় মহিলাগৰাকীয়ে কয়।
বীজবোৰ মজুত কৰি ৰখাটোও প্ৰত্যাহ্বানমূলক কাম। “জাৰি থোৱা শস্যখিনি ৰ’দত এসপ্তাহৰ বাবে শুকুওৱা হয় আৰু মুহটি (বাঁহৰ ডুলি)ত মজুত কৰি ৰখা হয়। এই ডুলিবোৰৰ ভিতৰৰ ফালটো গোবৰ-মাটিৰে মচি বায়ু সোমাব নোৱাৰা কৰা হয়। তথাপিও মজুত কৰি থোৱা বীজখিনিত কেতিয়াবা চাৰিমাহমান পিছত কীট-পতংগই আক্ৰমণ কৰিব পাৰে। সেই কাৰণতে বীজখিনি আকৌ উলিয়াই ৰ’দত শুকুৱাব লাগে,” ৰাইতিবাইয়ে কয়।
তাৰপিছত আকৌ আছে চৰাইবোৰ। সিহঁতেও মিলেট খাই ভাল পায়। ভিন্ন মিলেট ভিন্ন সময়ত পুৰঠ হয় আৰু সেয়ে বীজ সিঁচাৰ পিচত মহিলাসকলে সকলো সময়তে পথাৰত চকু ৰাখিবলগীয়া হয়। বিচ্চিবাইয়ে কয়, “চৰাইয়ে যাতে আটাইবোৰ শস্য খাই শেষ কৰি নেপেলায়, আমালৈ নেৰাকৈ নাথাকে, তাৰবাবে চকু ৰাখিবলগীয়া হয়!”
অনুবাদ: পংকজ দাস