‘স্বাধীনতা আন্দোলনৰ সময়তো এনে মুহূৰ্ত আহিছিল, যেতিয়া কথাবোৰ ধুঁৱলী-কুঁৱলী হৈ পৰিছিল। আমি স্বাধীনতা হাচিল কৰিব নোৱাৰোঁ - মানুহে আমাক এনে কথা ক’বলৈ ধৰিছিল। আমি হেনো বিশ্বৰ সৰ্ববৃহৎ  সাম্ৰাজ্যৰ বিৰুদ্ধে যুঁজি আছো…কিন্তু সকলো সতৰ্কবাণী আৰু ভাবুকি নেওচি আমি আগবাঢ়িছিলো। আৰু যিয়েই কি নহওঁক, আমি যুঁজিছিলো। সেই কাৰণতে আমি আজিৰ এই দিনটোত উপনীত হ’ব পাৰিছো।’

আৰ. নল্লকন্নু

*****

“হালধীয়া বাকচত ভোট দিয়ক!” এনে এটা চিঞৰ শুনা গ’ল। “পবিত্ৰ মঞ্জল পেট্টি বাচি লওক!”

সেয়া আছিল ব্ৰিটিছ শাসনৰ অধীনত মাদ্ৰাছ প্ৰেছিডেন্সীত ১৯৩৭ত হোৱা প্ৰাদেশিক নিৰ্বাচন।

এই শ্লোগান জুৰিছিল ঢোল বজাই ফুৰা ডেকাল’ৰাৰ জাক এটাই। সিহঁতৰ প্ৰায়ভাগৰে ভোট দিয়াৰ বয়স হোৱা নাছিল। কিছুমানৰ আকৌ বয়স যদি হৈছিলো, চৰকাৰী হিচাপত সিহঁত ভোট দিয়াৰ অযোগ্য আছিল। প্ৰাপ্তবয়স্ক হ’লেও বহুতে তেতিয়া ভোট দিব পৰা নাছিল।

সাম্ৰাজ্যবাদ আৰোপিত ভোটদানৰ ক্ষেত্ৰত এই বাধা-নিষেধে তেতিয়া গ্ৰামাঞ্চলত কেৱল জমিদাৰ আৰু সম্পত্তিশালী আৰু ধনিক শ্ৰেণীকহে লাভান্বিত কৰিছিল।

ভোট দিব নোৱাৰিলেও ডেকা ল’ৰাবোৰে এনেদৰে জোৰদাৰ অভিযান চলোৱাটো নতুন কথা নাছিল।

১৯৩৫ৰ জুলাইত জাষ্টিচ পাৰ্টিৰ বাতৰি কাকত আৰু মুখপত্ৰখনে তিৰস্কাৰপূৰ্ণ ভাষাৰে আৰু অৱমাননাৰে লিখিছিল:

আপুনি যি গাঁৱলৈয়ে নাযাওক, আনকি দূৰ-দুৰণিৰ গাঁৱলৈ গ’লেও আপুনি কংগ্ৰেছৰ খদ্দৰ কাপোৰ পৰিহিত আৰু গান্ধী টুপি পিন্ধি হাতত ত্ৰিৰংগা পতাকা লোৱা খটাসুৰ চেঙেলীয়াৰ গোট লগ পাব। তাৰে প্ৰায় আশী শতাংশ কৰ্মকৰ্তা আৰু স্বেচ্ছাসেৱক চহৰ আৰু গ্ৰামাঞ্চলত মতাধিকাৰৰ পৰা বঞ্চিত, সম্পত্তিহীন, নিবনুৱা ডেকা…

১৯৩৭ৰ সেই ডেকা ল’ৰাবোৰৰ মাজৰ এজন আছিল আৰ. নল্লকন্নু। তেতিয়া তেওঁৰ বয়স আছিল প্ৰায় ১২ বছৰ। এতিয়া ২০২২ত তেওঁৰ বয়স ৯৭ বছৰ আৰু তেওঁ আমাক সেই অতীতৰ কথা কৈছে। সেই খটাসুৰবোৰৰ মাজত তেঁৱো যে আছিল, সেই কথা কৈ তেওঁ বৰ ৰং পাইছে। “সেই সময়ত যাৰ হাতত মাটি-বাৰী আছিল আৰু যিয়ে দহ টকাৰ অধিক কৰ আদায় দিব পাৰিছিল, কেৱল তেঁৱেই ভোট দিব পাৰিছিল।” ১৯৩৭ৰ নিৰ্বাচনত ভোটদানৰ অধিকাৰ সামান্য বহলোৱা পৰিলক্ষিত হ’ল। তেওঁ কয়, “কিন্তু এনেকুৱা নাছিল যে ১৫-২০ শতাংশৰ অধিক প্ৰাপ্তবয়স্কই ভোটদানৰ অধিকাৰ লাভ কৰিছিল। আৰু যিকোনো নিৰ্বাচনত খুব বেছি এহাজাৰ, তাতকৈ বেছি হ’লে দুহেজাৰ লোকে ভোটদান কৰিছিল।”

R. Nallakannu's initiation into struggles for justice and freedom began in early childhood when he joined demonstrations of solidarity with the mill workers' strike in Thoothukudi
PHOTO • M. Palani Kumar

ন্যায় আৰু স্বাধীনতাৰ বাবে আৰ. নল্লকন্নুৰ যুঁজখনৰ উন্মেষ ঘটিছিল শৈশৱতে , যেতিয়া তেওঁ টুটুকুড়িৰ কাৰখানাৰ শ্ৰমিকৰ ধৰ্মঘটত যোগদান কৰিছিল

নল্লকন্নুৰ জন্ম শ্ৰীবৈকুণ্ঠমত হৈছিল, তাৰপিছত তেওঁ তিৰুনেলবেলি জিলাত থাকিবলৈ ল’লে। এতিয়া শ্ৰীবৈকুণ্ঠম তামিলনাডুৰ টুটুকুড়ি জিলাৰ অন্তৰ্ভুক্ত (যাক ১৯৯৭লৈ টুটিকুড়িন বুলি কোৱা হৈছিল)।

অৱশ্যে নল্লকন্নুয়ে কম বয়সতে আন্দোলনত সোমাই পৰিছিল।

“সঁচাই ক’বলৈ গ’লে একেবাৰে শৈশৱৰ পৰাই। আমাৰ চহৰৰ কাষৰ টুটুকুড়িৰ কাৰখানাৰ শ্ৰমিকে কাম বন্ধ কৰি দিছিল। সেই কাৰখানাটো হাৰ্ভে মিলচ গ্ৰুপৰ অধীনত চলিছিল। পিছলৈ এয়াই পঞ্চলই (কপাহী কাৰখানা)ৰ শ্ৰমিকৰ হৰতাল বুলি বহুলভাৱে পৰিচিত হ’ল।”

“সেই সময়ত এই শ্ৰমিকসকলৰ সহায়ৰ বাবে আমাৰ চহৰৰ মানুহৰ ঘৰে ঘৰে গৈ চাউল সংগ্ৰহ কৰা হ’ল আৰু টুটুকুড়িত হৰতালত বহি থকা পৰিয়ালৈ বাকচত ভৰাই পঠিওৱা হ’ল। আমি সৰুবোৰে দৌৰা-দৌৰি কৰি চাউল সংগ্ৰহৰ কাম কৰিছিলোঁ,” দাৰিদ্ৰ্য আছিল, “কিন্তু সকলোৱে নিজৰ সাধ্যানুসাৰে কিবা নহয় কিবা দিছিল। তেতিয়া মোৰ বয়স ৫ কি ৬ বছৰ। ’

আমি ১৯৩৭ৰ নিৰ্বাচনৰ প্ৰসংগ আকৌ টানি আনি সুধিলো, মঞ্জল পেটী বা হালধীয়া বাকচৰ বাবে ভোটদান মানে কি?

তেওঁ কয়, “তেতিয়া মাদ্ৰাছত প্ৰমুখ ৰাজনৈতিক দল বুলিবলৈ দুটাই আছিল। কংগ্ৰেছ আৰু জাষ্টিচ পাৰ্টি। নিৰ্বাচনী প্ৰতীকৰ ঠাইত ভোটদানৰ বাকচৰ ৰঙেই আছিল দলৰ চিহ্ন। কংগ্ৰেছ, যিটো দলৰ বাবে আমি সেই সময়ত প্ৰচাৰ চলাইছিলো, তেওঁলোকক হালধীয়া বাকচ দিয়া হৈছিল। জাষ্টিচ পাৰ্টিৰ আছিল সেউজীয়া বাকচ। তেতিয়া তেনেকৈ ভোটদাতাখিনিক চিনি পাবলৈ সহজ হৈছিল যে কোনজনে কোন দলক সমৰ্থন কৰে।”

আৰু এটা কথা। সেই সময়ত নিৰ্বাচনী প্ৰচাৰত বিভিন্ন ৰঙৰ সমাহাৰ ঘটিছিল, একেবাৰে নাটকৰ লেখীয়া কাৰবাৰ হৈছিল। দা হিন্দু কাকতত লিখিছিল যে “দেৱদাসী প্ৰচাৰক তঞ্জবুৰ কমুকন্নমল...সকলো ভোটদাতাক ‘সুংঘনী কে ডব্বে’ত ভোটদান কৰিবলৈ আহ্বান জনাব!” সেই সময়ত সুংঘনী (চাধা)ৰ ডাব্বাৰ ৰং সোণালী নাইবা হালধীয়া আছিল। ‘হালধীয়া বাকচটো পুৰাওক’ বুলি দা হিন্দুৱে বাতৰি ছপাইছিল।

নল্লকন্নুৱে কয়, “নক’লেও হয় যে মোৰ বয়স মাত্ৰ বাৰ বছৰ আছিল, সেয়ে ভোটদান কৰিব পৰা নাছিলো। কিন্তু মই প্ৰচাৰৰ ক্ষেত্ৰত বৰকৈ আগভাগ লৈছিলো।” তিনি বছৰ পিছত তেওঁ ৰাজনৈতিক নিৰ্বাচনী অভিযানত ভাগ ল’বলৈ ধৰিলে। আৰু উদ্যমেৰে “পৰায়ী (একপ্ৰকাৰৰ ঢোল) বজোৱা আৰু শ্লোগান জোৰাত লাগিল।”

Nallakannu with T. K. Rangarajan, G. Ramakrishnan and P. Sampath of the CPI(M). Known as ‘Comrade RNK’, he emerged as a top leader of the Communist movement in Tamil Nadu at quite a young age
PHOTO • PARI: Speical arrangement

চিপিআই ( এম ) টি . কে . ৰংগৰাজন , জি . ৰামকৃষ্ণন আৰু পি . সম্পতৰ সৈতে নল্লকন্নু কমৰেড আৰএনকে বুলি জনা নল্লকন্নুয়ে খুব কম বয়সতে তামিলনাডুত বামপন্থী আন্দোলনৰ শীৰ্ষস্থানীয় নেতা হিচাপে প্ৰতিষ্ঠিত হৈছিল

তেওঁ অৱশ্যে পিছলৈ কংগ্ৰেছৰ সমৰ্থক হৈ নাথাকিল। “মই ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চিপিআই)ৰ লগত ১৫ বছৰ বয়সৰ পৰা আছিলোঁ,” নল্লকন্নুৱে কয়। লগৰবোৰে তেওঁক কমৰেড আৰএনকে বুলি মাতিছিল। পাৰ্টিৰ পৰা আনুষ্ঠানিক সদস্যপদ পাবলৈ তেওঁ বয়স হোৱালৈ অপেক্ষা কৰিবগীয়া হ’ল। কিন্তু আগন্তুক দশককেইটাত তেওঁ তামিলনাডুৰ কমিউনিষ্ট আন্দোলনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চেহেৰাবোৰৰ এখন হৈ পৰিল। তেতিয়া আৰু তেওঁ মানুহক মঞ্জল পেট্টী (হালধীয়া বাকচ)ৰ পৰিৱৰ্তে চেংগোডি (ৰঙা পতাকা)ৰ প্ৰতি সমৰ্থন জনাবলৈ আহ্বান জনাবলৈ ল’লে।

*****

“তিৰুনেলবেলিত সেইটো এলেকাত আমাৰ এখনেই স্কুল আছিল। মানুহে সেইখনক ‘স্কুল’ বুলিয়ে কৈছিল। সেয়ে ‘স্কুল’য়েই বিদ্যালয়খনৰ নাম হৈ পৰিছিল।”

নল্লকন্নুৱে আমাৰ সৈতে চেন্নাইৰ তেওঁৰ সৰু ঘৰটোতে থকা অফিছত কথা পাতি আছে। তেওঁৰ কাষত আছে এখন টেবুল, সৰু সৰু প্ৰতিমা আৰু মূৰ্তি। লেনিন, মাৰ্ক্স, পেৰিয়াৰ তেওঁৰ কাষতে আছে। তাৰ পিছফালে আছে এটা ডাঙৰ সোণালী বৰণৰ আম্বেদকাৰৰ মূৰ্তি। নেপথ্যত বিপ্লৱী তামিল কবি সুব্ৰমণ্যমৰ এখন ডাঙৰ চিত্ৰ। পেৰিয়াৰৰ পিছফালে আৰু চিত্ৰ আছে – ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ। এই সকলোবোৰৰ পিছত আছে এখন কেলেণ্ডাৰ – লিখা আছে ‘পানী কমকৈ ব্যৱহাৰ কৰক।’

এই আটাইবোৰে আমি তৃতীয়বাৰৰ বাবে কথা পাতি থকা ব্যক্তিগৰাকীৰ বৌদ্ধিক বিকাশৰ পৰ্য্যায়সমূহ আৰু ইতিহাসৰ এক আভাস আমাক দিয়ে। এয়া ২০২২ৰ ২৫ জুন। তেওঁৰ সাক্ষাৎকাৰৰ প্ৰথমটো লোৱা হৈছিল ২০১৯ত।

“ভৰতিয়াৰে মোক আটাইতকৈ বেছি প্ৰেৰণা যোগাইছিল,” নল্লকন্নুৱে কয়। “তেওঁৰ কবিতা বা গীতবোৰ প্ৰায়ে নিষিদ্ধ কৰা হৈছিল।” তেওঁ ‘সুতন্তিৰা পল্লু’ (স্বাধীনতাৰ গান)ৰ কেইশাৰীমান আমাক শুনায়, সেইজন কবিয়ে লিখা এক অসাধাৰণ গীত। “তেওঁ বোধহয় ১৯০৯ত লিখিছিল। ১৯৪৭ত ভাৰত স্বাধীন হোৱাৰ বহু আগেয়ে, ৩৮ বছৰ পূৰ্বে তেওঁ স্বাধীনতা উদযাপন কৰিছিল!”

আমি নাচিম, আমি গাম
আমি যে পাইছো স্বাধীনতাৰ সুখানুভূতি

ব্ৰাহ্মণক ছাৰ বুলি মতাৰ দিন আৰু গ ল,
বগা চাহাবক দেখিলেই মালিক বুলি মতাৰ দিন আৰু গ ল,

আমাক লুটি-পুটি খোৱাবোৰক চালাম কৰাৰ দিন গ’ল,
আমাক ইতিকিং কৰাজনক সেৱা কৰা দিন গ’ল।
সকলোতে এতিয়া কেৱল স্বাধীনতাৰ উচাহ-ঢল উঠিছে...

The busts, statuettes and sketches on Nallakanu’s sideboard tell us this freedom fighter’s intellectual history at a glance
PHOTO • P. Sainath

নল্লকন্নুৰ ঘৰত থকা মূৰ্তি , প্ৰতিমা আৰু চিত্ৰবোৰেই তেওঁৰ বৌদ্ধিক যাত্ৰাৰ এক আভাস দিয়ে

নল্লকন্নুৰ জন্মৰ চাৰিবছৰ পূৰ্বে ১৯২১ত ভৰতিয়াৰৰ মৃত্যু হয়। গীতটো তাৰো আগতে লিখা হৈছিল। কিন্তু এই গীতে আৰু আন বহুতে তেওঁক জীৱনৰ সংগ্ৰামৰ সময়ছোৱাত অনুপ্ৰেৰণা যোগাইছিল। বাৰ বছৰ বয়সৰ আগৰেপৰাই আৰএনকে-য়ে ভৰতিয়াৰৰ বহু গীত আৰু কবিতা জানিছিল। তেওঁ এতিয়াও তাৰে বহুকেইটাৰ পংক্তি আৰু গীতৰ কথা মনত পেলাব পাৰিছে। “মই ইয়াৰে কিছুমান স্কুলত হিন্দী পণ্ডিত পল্লৱেশম ছেট্টিয়াৰৰ পৰা শিকিছিলো,” তেওঁ কয়। আৰু ইয়াৰে কোনো এটা গীত বা কবিতা স্কুলৰ পাঠ্যক্ৰমত নাছিল।

“এছ সত্যমূৰ্তি যেতিয়া স্কুললৈ আহিছিল, তেতিয়া তেওঁৰ পৰাও মই ভৰতিয়াৰৰ লিখনী থকা কিতাপ এখন পাইছিলো। সেয়া তেওঁৰ কবিতা সংগ্ৰহ তেচিয়া গীতম আছিল।” সত্যমূৰ্তি এগৰাকী মুক্তিযুঁজাৰু, ৰাজনীতিবিদ আছিল, শিল্পকলা সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ পৃষ্ঠপোষকতা কৰিছিল। ১৯১৭ত ৰাছিয়াত হোৱা অক্টোবৰ বিপ্লৱৰ প্ৰতি সমৰ্থন আগবঢ়োৱা তেঁৱেই প্ৰথমকেইগৰাকী লোকৰ মাজৰ এজন আছিল, আনকি তাৰ প্ৰশংসাত তেওঁ এটি গীতো ৰচনা কৰিছিল।

ভাৰতীৰ প্ৰতি নল্লকন্নুৰ অনুৰাগ আৰু আঠোটা দশক ধৰি শ্ৰমিক আৰু কৃষক শ্ৰেণীৰ বাবে তেওঁ কৰি অহা সংগ্ৰামৰ মাজেদি নল্লকন্নুক বুজিবলৈ সহজ হৈ পৰে।

এইবোৰ অবিহনে ‘কমৰেড আৰএনকে’ৰ কাহিনী কোৱাটো বৰ কঠিন হৈ পৰে। মই লগ পোৱা আটাইতকৈ লাজকুৰীয়া মানুহজন তেঁৱেই আছিল। তেওঁ যিমান সাৱলীলকৈ ঐতিহাসিক ঘটনা, আন্দোলন আৰু সংঘৰ্ষৰ কথা কয়, সেই একেই শিষ্টতাৰে নিজকে তাৰ শ্ৰেয় দিয়াৰ পৰা আঁতৰাই ৰাখে। কিন্তু তাৰে কিছু ঘটনা আৰু আন্দোলনত তেওঁৰ ভূমিকা আছিল কেন্দ্ৰীয় আৰু লেখত ল’বলগীয়া। অথচ তেওঁ কেতিয়াও এইবোৰৰ বিষয়ে কথা পাতোতে নিজকে কেন্দ্ৰবিন্দুত ৰখা নাই।

“কমৰেড আৰএনকে আমাৰ ৰাজ্যখনৰ কৃষক আন্দোলনৰ অন্যতম প্ৰতিস্থাপক নেতা আছিল,” জি. ৰামকৃষ্ণনে কয়। ‘জিআৰ’ চিপিআই(এম)ৰ ৰাজ্যিক সমিতিৰ সদস্য আছিল। এই ৯৭ বৰ্ষীয় চিপিআই নেতাগৰাকীৰ ভূমিকা আৰু সমাজৰ প্ৰতি অৰিহণা আছিল প্ৰশংসনীয়। “কৈশোৰ অৱস্থাৰে পৰা দশকৰ পিছত দশক ধৰি শ্ৰীনিবাস ৰাওৰ সৈতে লগ লাগি তেওঁ গোটেই ৰাজ্যখনত কিষাণ সভা প্ৰতিষ্ঠা কৰিছিল। এতিয়াও সেই সভাসমূহে বামপন্থীৰ বুনিয়াদ মজবুত কৰি ৰাখিছে। গোটেই তামিলনাডুত এই সভা স্থাপনৰ বাবে নল্লকন্নুৱে অশেষ কষ্ট কৰিছিল আৰু সমগ্ৰ তামিলনাডুত অনেক অভিযান আৰু আন্দোলন চলাইছিল।”

নল্লকন্নুৱে অশেষ কষ্ট স্বীকাৰ কৰি সাম্ৰাজ্যবাদ বিৰোধী আন্দোলনৰ লগতে কৃষক আন্দোলনক সংহত ৰূপত আগবঢ়াই নিছিল। তাৰোপৰি সেই সময়ত তামিলনাডুত সামন্তবাদী প্ৰথা বিৰোধী আন্দোলন অতিকৈ তাৎপৰ্য্যপূৰ্ণ আছিল। স্বাধীনোত্তৰ কালতো সেই আন্দোলনৰ চোক কমা নাছিল। তেওঁৰ সেই সংগ্ৰাম পাহৰণিৰ গৰ্ভত হেৰাই যোৱা বহু সংগ্ৰামৰ মাজৰ এখন আছিল, যিখন যুঁজত এতিয়াও তেওঁ হাৰ মনা নাই। কেৱল ব্ৰিটিছৰ পৰা স্বাধীনতাই লাভেই একমাত্ৰ লক্ষ্য তেওঁৰ নাছিল।

Left: Nallakannu with P. Sainath at his home on December 12, 2022 after the release of The Last Heroes where this story was first featured .
PHOTO • Kavitha Muralidharan
Right: Nallakannu with his daughter Dr. Andal
PHOTO • P. Sainath

বাওঁফালে : পি সাইনাথৰ দা লাষ্ট হিৰ গ্ৰন্থখন , তেওঁক লৈ প্ৰথমবাৰ প্ৰতিবেদন লিখা হৈছিল , সেইখন মুকলি কৰাৰ পিছতেই ২০২২ৰ ১২ ডিচেম্বৰত পি সাইনাথৰ সৈতে নল্লকন্নু , তেওঁৰ ঘৰত

“আমি নিশাৰ ভাগত সিহঁতৰ লগত যুঁজিছিলো। শিল দলিয়াইছিলো। সেয়াই আছিল আমাৰ অস্ত্ৰ - সিহঁতক আঁতৰাই পঠিওৱাৰ। কেতিয়াবা দুয়োপক্ষৰ মাজত ধৰাবন্ধা স্থান-কালতো যুঁজ হৈছিল। ১৯৪০ৰ দশকৰ পিছত ভালেকেইবাৰ প্ৰতিবাদৰ সময়ত এনে সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। তেতিয়া আমি চেঙেলীয়া ল’ৰা, তথাপি আমি যুঁজিছিলো। দিনে-ৰাতি, কোনো অস্ত্ৰ অবিহনে!”

কাৰ সৈতে যুঁজিছিল? আৰু তেওঁলোকক কিহৰ বাবে আৰু ক’লৈ খেদিছিল?

“আমাৰ চহৰৰ কাষৰ উপ্পলম (লোণডোবা)ৰ পৰা)। আটাইবোৰ লোণডোবা ব্ৰিটিছ শাসনৰ অধীনত আছিল। শ্ৰমিকৰ অৱস্থা খুবেই শোচনীয় আছিল। আশে-পাশে থকা মিলবোৰৰ দৰে, য’ত শ্ৰমিকৰ সংগ্ৰাম বহুদশক পূৰ্বেই আৰম্ভ হৈছিল, তাতো প্ৰতিবাদ হৈছিল আৰু ৰাইজৰো সমৰ্থন তথা সহানুভূতি তেওঁলোকৰ প্ৰতি আছিল।”

“পুলিচে সেই লোণডোবাৰ মালিকবোৰৰ এজেণ্টৰ দৰে কাম কৰিছিল। এবাৰ সংঘৰ্ষত এজন আৰক্ষী উপ-পৰিদৰ্শক নিহত হ’ল। তাৰে আৰক্ষী থানাতো আক্ৰমণ চলিল। সেয়ে তেওঁলোকে ভ্ৰাম্যমাণ টহলদাৰী গোট এটা গঠন কৰি ল’লে। তেওঁলোকে দিনৰ ভাগত সেই লোণডোবাবোৰলৈ যায় আৰু ৰাতিৰ ভাগত গাঁৱৰ কাষতে শিবিৰ পাতি থাকে। তেতিয়াই তেওঁলোকৰ সৈতে আমাৰ সংঘৰ্ষ হৈছিল।” এনেদৰে পুলিচৰ লগত যুঁজ-বাগৰ কেইবছৰমান চলিল। “কিন্তু ১৯৪২ত যেতিয়া ভাৰত ত্যাগ আন্দোলন আৰম্ভ হ’ল, তেতিয়া তেওঁলোকৰ সংখ্যা বাঢ়িল।”

Despite being one of the founders of the farmer's movement in Tamil Nadu who led agrarian and working class struggles for eight long decades, 97-year-old Nallakannu remains the most self-effacing leader
PHOTO • PARI: Speical arrangement
Despite being one of the founders of the farmer's movement in Tamil Nadu who led agrarian and working class struggles for eight long decades, 97-year-old Nallakannu remains the most self-effacing leader
PHOTO • M. Palani Kumar

আঠোটা দশক ধৰি তামিলনাডুত কৃষক আৰু শ্ৰমিক শ্ৰেণীৰ সংগ্ৰামক প্ৰতিষ্ঠা কৰা আৰু নেতৃত্ব প্ৰদান কৰি অহা স্বত্ত্বেও ৯৭ বৰ্ষীয় নল্লকন্নু এগৰাকী অতিশয় বিনয়ী নেতা

নল্লকন্নুৱে একেবাৰে কৈশোৰ অৱস্থাৰ পৰাই এইবোৰত ভাগ লৈছিল যিটো তেওঁৰ পিতৃ ৰামচামী থেৱাৰে একেবাৰে ভাল পোৱা নাছিল। থেৱাৰ আছিল এজন খেতিয়ক। তেওঁৰ ৪-৫ একৰ খেতিমাটি আছিল। সন্তান ছটা। চেঙেলীয়া আৰএনকে-য়ে প্ৰায়ে ঘৰত শাস্তি পাইছিল। কেতিয়াবা দেউতাকে তেওঁৰ স্কুলৰ মাচুলখিনিও দিয়া নাছিল।

“মানুহে তেওঁক কৈছিল, ‘তোমাৰ ল’ৰাটোৱে নপঢ়ে নেকি? সি কেৱল চিঞৰ-বাখৰ কৰি বাহিৰতে থাকে। এনে লাগিছে সি গৈ কংগ্ৰেছত সোমাল।’” স্কুলত মাচুল দিয়াৰ সময় আছিল প্ৰতি মাহৰ ১৪ৰ পৰা ২৪ তাৰিখ। “তেওঁক মাচুল বিচাৰিলে তেওঁ মোক গালিহে পাৰিছিল, কৈছিল: ‘পঢ়া এৰ আৰু খুৰাহঁতক খেতিত সহায় কৰহি।’”

“সময় পাৰ হৈ গৈ থাকে, কোনোবাই আহি দেউতাক বুজাই ক্ষান্ত কৰিছিল। কথা দিছিল যে মই এতিয়া যি কৰি আছো, সেয়া আৰু নকৰো। তেতিয়াহে তেওঁ স্কুলৰ মাচুল দিছিল।”

তাৰোপৰি, “তেওঁ যিমানে মোৰ জীৱনটোক লৈ আপত্তি কৰিছিল, সিমানে মোৰ অসন্তুষ্টি বাঢ়িছিল। মই মাদুৰাইৰ দা হিন্দু কলেজত তামিল ভাষাত উচ্চতৰ মাধ্যমিকলৈ পঢ়িলো। সেইখন তিৰুনেলবেলিত আছিল। কিন্তু সেইখনক হিন্দু কলেজ, মাদুৰাই বুলি কোৱা হৈছিল। মই তাত দুটা বছৰ পঢ়িলো, তাতকৈ বেছি নোৱাৰিলো।”

কাৰণ তেওঁ আন্দোলনবোৰত অধিক সক্ৰিয় হৈ পৰিছিল। বঢ়াই কোৱা নহয় যে তেওঁ তেতিয়া প্ৰতিবাদী কাৰ্য্যসূচী নিজে আয়োজন কৰিবলৈ লৈছিল। আৰএনকে এগৰাকী যুৱ নেতা হিচাপে প্ৰতিষ্ঠিত হ’বলৈ ধৰিছিল। কিন্তু তেওঁ কেতিয়াও নিজকে হাই-প্ৰ’ফাইল নেতা হিচাপে উপস্থাপন কৰা নাছিল।

The spirit of this freedom fighter was shaped by the lives and writings of Lenin, Marx, Periyar, Ambedkar, Bhagat Singh and others. Even today Nallakannu recalls lines from songs and poems by the revolutionary Tamil poet Subramania Bharti, which were often banned
PHOTO • PARI: Speical arrangement
The spirit of this freedom fighter was shaped by the lives and writings of Lenin, Marx, Periyar, Ambedkar, Bhagat Singh and others. Even today Nallakannu recalls lines from songs and poems by the revolutionary Tamil poet Subramania Bharti, which were often banned
PHOTO • PARI: Speical arrangement

লেনিন, মাৰ্ক্স, পেৰিয়াৰ, আম্বেদকাৰ, ভগত সিং আৰু আন বহুতৰ পৰা এইজন মুক্তিযুঁজাৰু অনুপ্ৰাণিত হৈছিল। বিপ্লৱী তামিল কবি সুব্ৰমণ্যম ভাৰতী, যাৰ কবিতা নিষিদ্ধ কৰা হৈছিল, তেওঁৰ কবিতাৰ পংক্তি আৰু গীত আজিও নল্লকন্নুৰ কণ্ঠস্থ

তেওঁৰ যুঁজ এখন নাছিল, বিভিন্ন সামাজিক সমস্যা আৰু প্ৰথাৰ বিৰুদ্ধে তেওঁ যুঁজিছিল, ভিন্ন আন্দোলন আৰু মৰ্চাৰ সৈতে তেওঁ জৰিত আছিল। সেয়ে সেই ঘটনা আৰু কাৰ্য্যকলাপৰ এক কালানুক্ৰমিক আলেখ দাঙি ধৰাটো কঠিন কাম হৈ পৰে।

তেওঁ স্বাধীনতা আন্দোলনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰ বৰ সৰলকৈ দাঙি ধৰে: “ভাৰত ত্যাগ আন্দোলনৰ যুঁজসমূহ।” তেতিয়া তেওঁৰ ১৭ বছৰো বয়স হোৱা নাছিল, কিন্তু তেওঁ প্ৰতিবাদী কাৰ্য্যসূচীবোৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১২ৰ পৰা ১৫ বছৰ বয়সত তেওঁ কংগ্ৰেছ এৰি বামপন্থী শিবিৰলৈ আহিছিল।

তেওঁ কেনেধৰণৰ প্ৰতিবাদী সভা আয়োজনত সহায় কৰিছিল বা ভাগ লৈছিল?

আগতে, “আমি টিনেৰে বনোৱা মেগাফোন ব্যৱহাৰ কৰিছিলোঁ। আমি গাওঁ বা চহৰৰ পৰা টেবুল আৰু চকী সংগ্ৰহ কৰি বহিছিলো আৰু গাইছিলো। টেবুলখনত বক্তাই উঠি থিয় হৈ সকলোকে সম্বোধন কৰিছিল। মন কৰিব যে মানুহ ঠাহ খাই পৰিছিল।” মিটিঙৰ বাবে মানুহ গোটোৱাত তেওঁৰ যে বিশেষ ভূমিকা আছিল, সেই কথা অনুধাৱন কৰিব পাৰি। তেওঁৰ দৰেই পদাতিক সেনাই সেয়া সম্ভৱ কৰি তুলিছিল।

“পিছলৈ জীৱনন্দম আদি বক্তাই সেই টেবুলত উঠি বিশাল জনতাক সম্বোধন কৰিছিল। মাইক নাছিল। তেওঁক প্ৰয়োজনো হোৱা নাছিল।”

“পিছলৈ আমি ভাল মাইক আৰু লাউডস্পীকাৰ পাবলৈ ধৰিলোঁ। আটাইতকৈ পছন্দৰ মাইক আছিল ‘চিকাগো মাইকচ’ বা চিকাগো ৰেডিঅ’ চিষ্টেম। অৱশ্যে আমি সেয়া সদায় মগাব পৰাকৈ ধনে নুজুৰিছিল,” তেওঁ মনত পেলায়।

RNK has been a low-key foot soldier. Even after playing a huge role as a leader in many of the important battles of farmers and labourers from 1940s to 1960s and beyond, he refrains from drawing attention to his own contributions
PHOTO • M. Palani Kumar
RNK has been a low-key foot soldier. Even after playing a huge role as a leader in many of the important battles of farmers and labourers from 1940s to 1960s and beyond, he refrains from drawing attention to his own contributions
PHOTO • M. Palani Kumar

আৰএনকে বিপ্লৱী আছিল যদিও সমানে বিনয়ীও আছিল। ১৯৪০ৰ দশকৰ পৰা ১৯৬০ৰ সময়ছোৱাকে ধৰি বহু কৃষক আৰু শ্ৰমিক বিপ্লৱত তেওঁ লেখত ল’বলগীয়া ভূমিকা পালন কৰিছিল যদিও নিজৰ অৰিহণাক লৈ তেওঁ নিৰহংকাৰী

ব্ৰিটিছৰ দমনৰ সময়ত তেওঁলোকে কি কৰিছিল? কেনেকৈ মানুহৰ সৈতে যোগাযোগ ৰাখিছিল?

“এনে পৰিস্থিতি বহুবাৰ আহিছিল। ৰয়েল ইণ্ডিয়ান নেভি (আৰআইএন) বিদ্ৰোহ (১৯৪৬)ৰ পিছত অহা পৰিস্থিতিৰ পিছত বামপন্থীৰ ওপৰত সাংঘাতিক দমন চলিছিল। কিন্তু তাৰ আগতেও পুলিচৰ অভিযান চলিছিল। ব্ৰিটিছে কেতিয়াবা গাঁৱৰ প্ৰতিটো পাৰ্টি অফিছত অনুসন্ধান চলাইছিল। অৱশ্যে স্বাধীনতাৰ পিছতো তেনে হৈছিল, যেতিয়া কমিউনিষ্ট পাৰ্টিক নিষিদ্ধ ঘোষণা কৰা হৈছিল। আমাৰ নিজা বুলেটিন আৰু আলোচনী আছিল। যেনে ধৰক জনশক্তি। কিন্তু আমাৰ যোগাযোগৰ অন্য ব্যৱস্থাও আছিল। কিছুমান আছিল তেনেই সৰল সংকেত, যিবোৰ শতিকা পুৰণি।”

কট্টবোম্মান (১৮শ শতিকাৰ ব্ৰিটিছ বিৰোধী মুক্তিযুঁজাৰু)ৰ সময়ৰে পৰা মানুহে ঘৰৰ সন্মুখত নিমগছৰ ঠানি ওলমাই ৰাখিছিল। তাৰ অৰ্থ আছিল ভিতৰত কোনোবা অসুখীয়া মানুহ আছে যাৰ সৰু আই বা আন কিবা ৰোগ হৈছে। কিন্তু সেয়া কিবা মিটিং চলি থকাৰ গোপন সংকেতৰো কাম কৰিছিল।

‘ঘৰৰ ভিতৰত যদি কোনো শিশুৱে কান্দি থকা শুনে, তেন্তে জানিব যে মিটিং তেতিয়াও চলি আছে। গৰুৰ সতেজ গোবৰ যদি প্ৰৱেশদ্বাৰতে আছে, তেন্তে জানিব যে মিটিং শেষ হোৱা নাই। যদি শুকান গোবৰ আছে, তেন্তে জানিব যে বিপদ সন্নিকট, আঁতৰি যোৱাই শ্ৰেয়। নাইবা মিটিং শেষ হোৱা বুজাইছে।’

মুক্তিযুঁজৰ ক্ষেত্ৰত আৰএনকে কিহৰ পৰা আটাইতকৈ বেছি অনুপ্ৰেৰণা পাইছিল?

‘কমিউনিষ্ট পাৰ্টিয়েই আমাৰ বাবে প্ৰেৰণাৰ আটাইতকৈ ডাঙৰ উৎস আছিল।’

Nallakannu remained at the forefront of many battles, including the freedom movement, social reform movements and the anti-feudal struggles. Being felicitated (right) by comrades and friends in Chennai
PHOTO • PARI: Speical arrangement
Nallakannu remained at the forefront of many battles, including the freedom movement, social reform movements and the anti-feudal struggles. Being felicitated (right) by comrades and friends in Chennai
PHOTO • PARI: Speical arrangement

নল্লকন্নু স্বাধীনতা সংগ্ৰামকে ধৰি বহু ৰণৰ আগৰণুৱা যুঁজাৰু আছিল , সমাজ সংস্কাৰ আৰু সামন্ত বিৰোধী বিভিন্ন সংগ্ৰামত তেওঁ আগশাৰীত আছিল তেওঁক চেন্নাইত কমৰেড আৰু বন্ধুবৰ্গই সম্বৰ্ধনা জনাইছে ( সোঁফালে )

*****

‘মোক আটক কৰাৰ পিছত কিয় মই মোৰ মোচ কাটি পেলালো?’ আৰএনকেয়ে হাঁহে। ‘প্ৰথম কথা, মই কেতিয়াও এনে কৰা নাই। আৰু মোচ ছদ্মবেশ ধৰাৰ বাবে ৰখা নাছিলো। আৰু যদি কাটিবই লাগিলেহেঁতেন, তেতিয়া মই ৰাখিলোৱেই বা হয় কিয়?’

‘নাই, পুলিচে নিজে চিগাৰেটেৰে সেয়া পুৰি পেলাইছিল। মাদ্ৰাছ চহৰৰ পৰিদৰ্শক কৃষ্ণমূৰ্তিয়ে মোৰ ওপৰত চলোৱা অত্যাচাৰৰ সেয়া আছিল এটা অংশ। তেওঁ ৰাতি ২ বজাত মোৰ হাতদুখন বান্ধি পেলাইছিল। পিছদিনা পুৱা ১০ বজাতহে খুলি দিছিল। তাৰপিছত তেওঁ লাঠিৰে বহু সময়লৈ কোবাইছিল।’

আকৌ আন সমনীয়া মুক্তিযুঁজাৰুৰ দৰে তেঁৱো সেই ঘটনা কোনো ব্যক্তিগত আক্ৰোশ নৰখাকৈ মনত পেলায়। তেওঁৰ ওপৰত চলোৱা অত্যাচাৰক লৈ তেওঁৰ মনত কোনো দ্বেষ বা শত্ৰুভাৱ নাই। আৰএনকেয়ে কেতিয়াও সেই অত্যাচাৰৰ প্ৰতিশোধ লোৱাৰ কথা চিন্তা নকৰিলে। এবাৰো তেওঁৰ মনলৈ তেনে ভাৱ নাহিল।

‘সেয়া আচলতে ১৯৪৮ত ঘটিছিল,’ তেওঁ কয়, ভাৰত স্বাধীন হোৱাৰ পিছত। ‘কমিউনিষ্ট পাৰ্টিক মাদ্ৰাছকে ধৰি বহু প্ৰদেশত নিষিদ্ধ ঘোষণা কৰা হৈছিল আৰু ১৯৫১লৈ তেনেকৈয়ে আছিল।’

Nallakannu remains calm and sanguine about the scary state of politics in the country – 'we've seen worse,' he tells us
PHOTO • M. Palani Kumar

দেশৰ ভয়ংকৰ ৰাজনৈতিক পৰিস্থিতিক লৈ নল্লকন্নুৰ দৃষ্টি খুবেই ধীৰ - স্থিৰ অথচ আশাবাদী - ‘ আমি ইয়াতকৈ বেয়া দিন দেখিছো ,’ তেওঁ কয়

‘কিন্তু আপুনি বুজিব লাগিব যে সামন্তবাদী প্ৰথাৰ বিৰুদ্ধেও আমি যুঁজিবলগীয়া হৈছিল। তাৰবাবে আমি বহুখিনি কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল। সেয়া ১৯৪৭ চনৰ বহু আগৰেপৰা চলি আছিল। স্বাধীনতাৰ পিছতো সেয়া চলি থাকিল।’

‘স্বাধীনতা আন্দোলন, সমাজ সংস্কাৰ, সামন্তপ্ৰথা বিৰোধী সংগ্ৰাম - এই সকলো দিশ সামৰি আমি চিন্তা কৰিছিলো আৰু কৰ্মপন্থা হাতত লৈছিলো।’

আমি ন্যায্য আৰু সমান মজুৰিৰ বাবে যুঁজিছিলো। অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজিছিলো। মন্দিৰত প্ৰৱেশৰ আন্দোলনত আমি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলো।

‘তামিলনাডুৰ অন্যতম লেখত ল’বলগীয়া আন্দোলন আছিল জমিদাৰী প্ৰথা উৎখাত কৰাৰ বাবে চলা আন্দোলন। ৰাজ্যখনত বহু ডাঙৰ ডাঙৰ জমিদাৰ আছিল। আমি মিৰাছদাৰী (বংশানুক্ৰমিকভাৱে ভূমিৰ অধিকাৰী) আৰু ইনামদাৰী (শাসকে ব্যক্তি বা প্ৰতিষ্ঠানক দিয়া ভূমি) প্ৰথাৰ বিৰুদ্ধে যুঁজিছিলো। এই যুঁজত সন্মুখ সমৰত আছিল বামপন্থীসকল। বহু জমিদাৰ আৰু তেওঁলোকে পুহি ৰখা গুণ্ডা আৰু ডকাইতৰ বিৰুদ্ধে যুঁজিবলগীয়া হৈছিল।’

‘পুন্নিয়ুৰ সাম্বশিৱ আয়াৰ, নেডুমনম সামিয়প্পা মুতলিয়াৰ, পুণ্ডি ৱান্দিয়াৰৰ দৰে জমিদাৰ আছিল। তেওঁলোকে হাজাৰ হাজাৰ উৰ্বৰ ভূমি কব্জা কৰি থৈছিল।’

এতিয়া আমি ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ বিষয়ৰ দিশে আগবাঢ়িছো। এনে এজন মানুহৰ পৰা শুনিছো যিয়ে সেই ইতিহাসৰ সোঁতত নিজে যুঁজিছিল।

PHOTO • PARI: Speical arrangement

‘স্বাধীনতা, সমাজ সংস্কাৰ আৰু সামন্তপ্ৰথা আদি সকলো সামৰি আমি ৰণনীতি তৈয়াৰ কৰিছিলো। আমি ন্যায্য আৰু সমান মজুৰিৰ বাবে যুঁজিছিলো। অস্পৃশ্যতা দূৰ কৰাৰ বাবে আমি যুঁজিছিলো। মন্দিৰত প্ৰৱেশৰ বাবে চলা আন্দোলনতো আমি গুৰুত্বপূৰণ ভূমিকা পালন কৰিছিলো’

‘ব্ৰহ্মতেয়ম আৰু দেৱতানমৰ দৰে শ শ বছৰ পুৰণি প্ৰথাও চলি আছিল।’

প্ৰথমটো প্ৰথাৰ অধীনত ব্ৰাহ্মণসকলক শাসকে বিনামূল্যে মাটি দিছিল। তেওঁলোকে শাসন কৰি তাৰপৰা মুনাফা আদায় কৰিছিল। তেওঁলোকে নিজে খেতি কৰা নাছিল, কিন্তু খেতিৰ লাভ সমুদায় তেওঁলোকে লৈছিল। দেৱতানমৰ অধীনত মাটি মন্দিৰৰ নামত দান দিয়া হৈছিল। কেতিয়াবা মন্দিৰ এটাক গোটেই গাওঁখনেই দান দিয়া হৈছিল। মাটিৰ ক্ষুদ্ৰ মালিক আৰু শ্ৰমিকে তেওঁলোকৰ অনুগ্ৰহত জীয়াই থাকিবলগীয়া হৈছিল। তেওঁলোকৰ বিৰোধিতা কৰাজনক গাঁৱৰ পৰা খেদি পঠিওৱা হৈছিল।

‘জানি থওক যে এই সংস্থাবোৰ (মঠ-মন্দিৰ)ৰ হাতত ছয় লাখ একৰৰো অধিক ভূমি আছিল। এতিয়াও কিজানি আছে। কিন্তু মানুহৰ কেতিয়াও হাৰ নমনা সংগ্ৰামে তেনে সংস্থাবোৰৰ শক্তি কৰ্তন কৰিব পাৰিছে।’

“১৯৪৮ত তামিলনাডু জমিদাৰি প্ৰথা বিলোপ আইন বলবৎ হয়। কিন্তু জমিদাৰ আৰু ডাঙৰ ডাঙৰ ভূ-স্বামীসকলক ক্ষতিপূৰণ দিয়া হ’ল, সেই মাটিত কাম কৰা কৃষিশ্ৰমিক, খেতিয়কে একো নাপালে। প্ৰভাৱশালী ৰায়তসকলে কিছু ক্ষতিপূৰণ পালে। খেতিপথাৰত কাম কৰা দৰিদ্ৰজনে একো নাপালে। ১৯৪৭ৰ পৰা ১৯৪৯লৈ মন্দিৰৰ ভূমিৰ পৰা বৃহৎসংখ্যক লোকক উচ্ছেদ কৰা হ’ল। সেই সময়তে আমি বিশাল প্ৰতিবাদী কাৰ্য্যসূচী আয়োজন কৰিছিলো, য’ত আমাৰ শ্লোগান আছিল: ‘মাটি কৃষকৰ হাতত থাকিলেহে তেওঁলোকে স্বাচ্ছন্দ্যৰে জীয়াই থাকিব পাৰিব।’”

“সেয়া আছিল আমাৰ সংগ্ৰাম। আৰু ১৯৪৮ৰ পৰা ১৯৬০লৈ তেওঁলোকৰ অধিকাৰ হাচিলৰ সংগ্ৰাম চলি থাকিল। চি. ৰাজাগোপালচাৰী (ৰাজাজী)য়ে মুখ্যমন্ত্ৰী হিচাপে ভূ-স্বামী আৰু মঠ-মন্দিৰৰ পক্ষ ল’লে। আমি ক’লো, ‘নাঙল যাৰ, মাটি তাৰ।’ ৰাজাজীয়ে ক’লে নথি যাৰ হাতত আছে, তাৰেই মাটি। কিন্তু আমাৰ সেই আন্দোলনে মঠ-মন্দিৰৰ সেই ক্ষমতাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে। আমি তেওঁলোকৰ শস্য চপোৱাৰ নিয়ম আৰু কায়দা উলংঘা কৰিলো। তেওঁলোকৰ দাস হৈ থাকিবলৈ অমান্তি হ’লো।”

“আৰু নিশ্চয়কৈ এইবোৰক সামাজিক সংগ্ৰামৰ পৰা পৃথক কৰিব পৰা নাযায়।”

“মন্দিৰত হোৱা এনে এক প্ৰতিবাদ দেখা মোৰ মনত পৰে। মন্দিৰত ৰথ উৎসৱ হয়। খেতিয়কেই ৰথবোৰ ৰছীৰে আগলৈ টানে। আমি ক’লো যে উচ্ছেদ যদি এনেকৈ চলি থাকে, আমি ৰথ টানিবলৈ নাহো। আমি কঠিয়া সিঁচাৰ বাবে কিছু বীজ উভতাই লোৱাৰ অধিকাৰৰ কথাও উত্থাপন কৰিলোঁ।”

R. Nallakannu accepted the government of Tamil Nadu's prestigious Thagaisal Thamizhar Award on August 15, 2022, but immediately donated the cash prize of Rs. 10 lakhs to the Chief Minister’s Relief Fund, adding another 5,000 rupees to it
PHOTO • M. Palani Kumar
R. Nallakannu accepted the government of Tamil Nadu's prestigious Thagaisal Thamizhar Award on August 15, 2022, but immediately donated the cash prize of Rs. 10 lakhs to the Chief Minister’s Relief Fund, adding another 5,000 rupees to it
PHOTO • P. Sainath

আৰ নল্লকন্নুৱে ২০২২ৰ ১৫ আগষ্টত তামিলনাডু চৰকাৰৰ মৰ্য্যাদাসম্পন্ন তগইছল তামিলড় বঁটা গ্ৰহণ কৰে, কিন্তু বঁটাৰ লগত পোৱা ধনৰাশি ১০ লাখ টকাৰ লগতে নিজৰ ফালৰ পৰা ৫,০০০ টকা ততালিকে মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিত দান কৰে

এতিয়া তেওঁ স্বাধীনোত্তৰ আৰু প্ৰাক-স্বাধীন কালৰ কাহিনীলৈ অহা-যোৱা কৰিবলৈ ল’লে। এটা স্তৰত সেয়া বিভ্ৰান্তিকৰ যদিও আন এটা দিশৰ পৰা চাব গ’লে ই সেই সময়ৰ জটিলতাৰ সৈতে আমাক পৰিচয় কৰায়। যে বহুকেইটা স্তৰত স্বাধীনতাৰ প্ৰয়োজন আছিল। ইয়াৰে কিছুমানৰ আৰম্ভণি ক’ত হৈছিল আৰু অন্ত ক’ত, সেয়া স্পষ্ট নহয়। আৰু এয়াও বুজা যায় যে আৰএনকেৰ দৰে সেনানীয়ে সকলো দিশকে সামৰি স্বাধীনতাৰ বাবে যুঁজি থাকিল।

“আমি সেই দশককেইটাত শ্ৰমিকক শাৰীৰিৰভাবে কৰা অত্যাচাৰ আৰু মাৰ-পিটৰ বিৰুদ্ধেও যুঁজিছিলো।”

“১৯৪৩তো দলিত শ্ৰমিকক বেতোৱা হৈছিল। তাৰপিছত বেতৰ কোবে কৰা জখমত গৰুৰ গোবৰ মিহলি পানী ঢালি দিয়া হৈছিল। পুৱা কুকুৰাই ডাক দিয়া মাত্ৰকে তেওঁলোকে কামলৈ যাবলগীয়া হৈছিল, ৪ বা ৫ বজাতে। তেওঁলোকে মিৰাসদাৰৰ ঘৰত গৈ গৰু-ম’হ ধুৱাই, গোবৰ পেলাইছিল। তাৰপিছতহে খেতিমাটিত পানী দিবলৈ গৈছিল। সেই সময়ৰ তঞ্জভুৰ জিলাৰ তিৰুতুৰইপুণ্ডি নামে এখন গাওঁ আছিল। আমি তাতেই এই নিয়মবোৰৰ বিৰোধ প্ৰদৰ্শন কৰিছিলো।”

“কিষাণ সভাৰ শ্ৰীনিবাস ৰাৱে এক বিশাল প্ৰতিবাদী সভা আয়োজন কৰিছিল। ভাবাৱেগ আছিল এনেধৰণৰ ‘আপুনি ৰঙা পতাকা তুলি লোৱাৰ বাবে যদি সিহঁতে আপোনাক আঘাত কৰে, আপুনিও ওলোটাই আঘাত কৰক।’ শেষত তিৰুতুৰইপুণ্ডিৰ মিৰাসদাৰ আৰু মুদলিয়াৰসকলে চুক্তিত স্বাক্ষৰ কৰিলে যে বেতোৱা আৰু গৰুৰ গোবৰ-পানী গাত ঢলাৰ দৰে বৰ্বৰ প্ৰথা বন্ধ কৰা হ’ব।”

আৰএনকেয়ে ১৯৪০ৰ পৰা ১৯৬০ৰ দশকলৈ আৰু তাৰ পিছতো এই সকলো যুঁজত গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হৈছিল। তেওঁ সৰ্বভাৰতীয় কিষাণ সভা (এআইকেএছ), তামিলনাডুৰ মুৰব্বী হিচাপে শ্ৰীনিবাস ৰাওৰ স্থানত দায়িত্বভাৰ লয়। স্বাধীনোত্তৰ কালৰ পিছৰকেইটা দশকত কৃষক আৰু শ্ৰমিক শ্ৰেণীৰ সংগ্ৰামত এইজন নীৰৱ পদাতিক সৈন্যই পৰাক্ৰমী সেনাপতিৰ ৰূপত অৱতীৰ্ণ হয়।

*****

তেওঁলোক দুয়ো শিহৰিত আৰু আৱেগিক হৈ পৰিছে। আমি চিপিআই(এম)ৰ নেতা আৰু মুক্তিযুঁজাৰু এন শংকৰিয়াৰ ঘৰত সাক্ষাৎকাৰ লৈ আছো। মানে আমি তেওঁৰ লগতে নল্লকন্নুৰ সৈতেও কথা পাতিছো। আঠোটা দশক ধৰি সংগ্ৰামৰ সংগী দুই কমৰেডে ইজনে আনজনক কৰা সম্ভাষণত কোঠাটোত থকা আমিবোৰো এক আৱেগিক মুহূৰ্ত অনুভৱ কৰিছো।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

ষাঠি বছৰ আগতে কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া দুটা ভাগত বিভক্ত হৈ পৰে যদিও আঠোটা দশকে সংগ্ৰামী যাত্ৰাত সংগ দিয়া ৯৭ বৰ্ষীয় নল্লকন্নু আৰু ১০১ বৰ্ষীয় কমৰেড শংকৰিয়া স্বাধীনতা আৰু ন্যায়ৰ সংগ্ৰামত সদায়ে একজোঁট আছিল

কিবা তিক্ততা, দুখ থাকি গ’ল নেকি? ষাঠি বছৰ আগতে ভাৰতীয় কমিউনিষ্ট পাৰ্টি যে দুটা ভাগত বিভক্ত হৈ গ’ল। সেই বিভাজন সুখৰ নিশ্চয় নাছিল।

“কিন্তু আমি তাৰ পিছতো বিভিন্ন সমস্যা সমাধান আৰু সংগ্ৰামৰ ক্ষেত্ৰত একেলগে কাম কৰিছো,” নল্লকন্নুৱে কয়। “ইজনে সিজনৰ প্ৰতি আগৰ দৰে একেই দৃষ্টিভংগী ৰাখি আমি কাম কৰি গৈছো।”

“আমি দুয়ো যেতিয়াই লগ লাগো, তেতিয়া আমি এটা পাৰ্টি হৈ পৰো,” শংকৰিয়াই কয়।

বৰ্তমানৰ সাম্প্ৰদায়িক হিংসা আৰু বিদ্বেষৰ বাতাবৰণক লৈ তেওঁলোকৰ মন্তব্য কি? দেশৰ অস্তিত্বৰ প্ৰতি ই ভাবুকিৰ সৃষ্টি কৰিছে নেকি? দেশখন বাচিবনে, যিখন দেশৰ স্বাধীনতাৰ বাবে তেওঁলোকে যুঁজিছিল।

‘স্বাধীনতা আন্দোলনৰ সময়তো এনে মুহূৰ্ত আহিছিল, যেতিয়া কথাবোৰ ধুঁৱলী-কুঁৱলী হৈ পৰিছিল। আমি স্বাধীনতা হাচিল কৰিব নোৱাৰোঁ - মানুহে আমাক এনে কথা ক’বলৈ ধৰিছিল। আমি হেনো বিশ্বৰ বিশালতম সাম্ৰাজ্যৰ বিৰুদ্ধে যুঁজি আছো…কিন্তু সকলো সতৰ্কবাণী আৰু ভাবুকি নেওচি আমি আগবাঢ়িছিলো। আৰু যিয়েই কি নহওঁক, আমি যুঁজিছিলো। সেই কাৰণতে আমি আজিৰ এই দিনটোত উপনীত হ’ব পাৰিছো।’

দেশত বৰ্তমান ইটো মূৰৰ পৰা সিটো মূৰলৈ একতাৰ সেতু বন্ধাৰ অতিকৈ প্ৰয়োজন হৈ পৰিছে, সেই কথা দুয়োগৰাকীয়ে কয়। অতীতৰ দৰে পৰস্পৰৰ কাষ চাপি কান্ধত হাত থৈ ইজনৰ পৰা সিজনে শিকিব লাগিব। “মোৰ মনত আছে যে ইএমএছ (নম্বুদিৰিপদ)ৰ কোঠাটো গান্ধীৰ এখন ফটো আছিল,” আৰএনকেয়ে কয়।

দেশৰ ৰাজনৈতিক পৰিস্থিতিয়ে আমাৰ দৰে লাখ লাখ লোকক শংকিত কৰি তোলাৰ সময়ত তেওঁলোক দুয়োজন কেনেকৈ তাক লৈ ইমান শান্ত আৰু আশাবাদী হৈ থাকিব পাৰিছে? নল্লকন্নুৱে কান্ধদুখন ওপৰলৈ সামান্য তুলি কয়, “আমি ইয়াতকৈও বেয়া দিন দেখিছো।”

পুনশ্চ:

২০২২ৰ স্বাধীনতা দিৱসৰ দিনা, যেতিয়ালৈ দা লাষ্ট হিৰ’জ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম কিতাপখন ইতিমধ্যে ছপাশাললৈ যায়, তামিলনাডু চৰকাৰে আৰএনকেক তগইছল তামিলড় বঁটা প্ৰদান কৰে। ২০২১ৰ পৰা প্ৰদান কৰি অহা এই বঁটা তামিলনাডুৰ শ্ৰেষ্ঠ বঁটা, যিটো তামিলনাডু আৰু তামিল সম্প্ৰদায়ৰ বাবে বৃহৎ অৰিহণা যোগোৱা ব্যক্তিক দিয়া হয়। বঁটাৰ লগতে ১০ লাখ টকা মুখ্যমন্ত্ৰী এমকে ষ্টালিনে ছেইণ্ট জৰ্জ দূৰ্গৰ পৰা প্ৰদান কৰে।

অনুবাদ: পংকজ দাস

पी. साईनाथ, पीपल्स ऑर्काइव ऑफ़ रूरल इंडिया के संस्थापक संपादक हैं. वह दशकों से ग्रामीण भारत की समस्याओं की रिपोर्टिंग करते रहे हैं और उन्होंने ‘एवरीबडी लव्स अ गुड ड्रॉट’ तथा 'द लास्ट हीरोज़: फ़ुट सोल्ज़र्स ऑफ़ इंडियन फ़्रीडम' नामक किताबें भी लिखी हैं.

की अन्य स्टोरी पी. साईनाथ
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das