আমি পূৰ্ণতাৰে জীয়াই থাকোঁ কেৱল কবিতাৰ মাজত, সমাজ আৰু মানৱ সত্বাৰ মাজত সৃষ্ট্য বেদনা গধুৰ বিভাজনবোৰেৰে ক্লিষ্ট হওঁ শাৰীবোৰৰ মাজত৷ হতাশা, গৰিহণা, প্ৰশ্ন, তুলনা, স্মৃতি, স্বপ্ন, সম্ভাৱনা - এই সকলোবোৰৰে ই এক বিস্তাৰ৷  ইয়াৰ মাজেৰেই পথটোৱে আমাক লৈ যায় মূল দুৱাৰখনৰ বাহিৰ আৰু ভিতৰ - দুয়োটা ফাললৈ৷ আৰু সেইবাবেই আমি যেতিয়া কবিতা শুনিবলৈ এৰোঁ, ব্যক্তিগত আৰু সামাজিক দুয়ো ধৰণেৰে আমি হৈ পৰোঁ সমমৰ্মিতা ৰহিত৷

মূলতে দেহৱালি ভিলী ভাষাত দেৱনাগিৰি লিপিৰে লিখা জিতেন্দ্ৰ ৱচাবাৰ কবিতাটি আপোনালোকলৈ আগবঢ়োৱা হৈছে৷

জীতেন্দ্ৰ ৱচাবাই তেওঁৰ কবিতাটি দেহৱালি ভিলী ভাষাত পাঠ কৰা শুনিব

প্ৰতিষ্ঠা পাণ্ড্যাই পাঠ কৰা ইংৰাজীলৈ অনুদিত কবিতাটি পাঠ কৰা শুনিব

कविता उनायां बोंद की देदोहो

मां पावुहूं! तुमुहुं सोवता पोंगा
बाठे बांअणे बोंद की लेदेहें
खोबोर नाहा काहा?
तुमां बारे हेरां मोन नाहां का
बारे ने केड़ाल माज आवां नाह द्याआ
मान लागेहे तुमुहूं कविता उनायां बोंद की देदोहो
मांय उनायोहो
दुखू पाहाड़, मयाल्या खाड़्या
इयूज वाटे रीईन निग्त्याहा
पेन मां पावुहूं! तुमुहुं सोवता पोंगा
बाठे बांअणे बोंद की लेदेहें
खोबोर नाहा काहा?
तुमां बारे हेरां मोन नाहां का
बारे ने केड़ाल माज आवां नाह द्याआ मोन
मान लागेहे तुमुहूं कविता उनायां बोंद की देदोहो

पेन मां पावुहू!
तुमुहू सौवता डोआं खुल्ला राखजा मासां होच
बास तुमुहू सोवताल ता ही सेका
जेहकी हेअतेहे वागलें लोटकीन सौवताल
तुमुहू ही सेका तुमां माजर्या दोर्याले
जो पुनवू चादू की उथलपुथल वेएत्लो
तुमुहू ही सेका का
तुमां डोआं तालाय हुकाय रियिही
मां पावुहू! तुमनेह डोगडा बी केहेकी आखूं
आगीफूंगा दोबी रेताहा तिहमे
तुमुहू कोलाहा से कोम नाहाँ
हाचो गोग्यो ना माये
किही ने बी आगीफूंगो सिलगावी सेकेह तुमनेह
पेन मां पावुहूं! तुमुहुं सोवता पोंगा
बाठे बांअणे बोंद की लेदेहें
खोबोर नाहा काहा?
तुमां बारे हेरां मोन नाहां का
बारे ने केड़ाल माज आवां नाह द्याआ मोन
मान लागेहे तुमुहूं कविता उनायां बोंद की देदोहो

तुमुहू जुगु आंदारो हेरा
चोमकुता ताराहान हेरा
चुलाते नाहां आंदारारी
सोवताला बालतेहे
तिया आह्लीपाहली दून्या खातोर
खूब ताकत वालो हाय दिही
तियाआ ताकात जोडिन राखेहे
तियाआ दुन्याल
मां डायी आजलिही जोडती रेहे
तियू डायि नोजरी की
टुटला मोतिई मोनकाहाने
आन मां याहकी खूब सितरें जोडीन
गोदड़ी बोनावेहे, पोंगा बाठा लोकू खातोर
तुमुहू आवाहा हेरां खातोर???
ओह माफ केअजा, माय विहराय गेयलो
तुमुहुं सोवता पोंगा
बाठे बांअणे बोंद की लेदेहें
खोबोर नाहा काहा?
तुमां बारे हेरां मोन नाहां का
बारे ने केड़ाल माज आवां नाह द्याआ मोन
मान लागेहे तुमुहूं कविता उनायां बोंद की देदोहो

তুমি যিহেতু কবিতা শুনিবলৈ এৰিলা

ভাই, মই নেজানিলোঁ
কিয়নো তুমি তোমাৰ ঘৰলৈ সোমোৱা আটাইবোৰ দুৱাৰ বন্ধ কৰি দিলা?
কাৰণ তুমি বাহিৰখন চাবলৈ নিবিচাৰা চাগে?
নে ভিতৰলৈ কাকো যাবলৈ নিদিয়া?
মোৰ বোধেৰে তুমি কবিতা শুনিবলৈ এৰিলা৷
মই শুনিছো যে,
আমাৰ দুৰৱস্থাবোৰৰ সমান ওখ ওখ পৰ্বত,
প্ৰেমৰ ধৰে নিৰৱধি বৈ যোৱা নদী,
এই সকলোবোৰ তাতেই আছে৷

কিন্তু তুমি যে তোমাৰ ঘৰলৈ সোমোৱা দুৱাৰবোৰ
বন্ধ কৰি থ’লা
কাৰণটো মই নেজানিলোঁ৷
কাৰণ তুমি বাহিৰখন চাবলৈ নিবিচাৰা চাগে?
নে ভিতৰলৈ কাকো যাবলৈ নিদিয়া?
মোৰ বোধেৰে তুমি কবিতা শুনিবলৈ এৰিলা৷

হেৰা ভাই মোৰ! মাছৰ দৰে খোলা ৰাখিবা চকু৷
যাতে তুমি নিজকে চাব পাৰা,
ফেঁচাৰ দৰে ওলোটাকৈ ওলমি
অন্তৰৰ মহাসাগৰখন তুমি যাতে চাব পাৰা
যি এসময়ত আকাশত সু-সংকেত পূৰ্ণিমাৰ জোনটো দেখি
হৈ পৰিছিল থৌকিবাথৌ৷

তোমাৰ চকুৰ হ্ৰদবোৰ যে শুকাই গ’ল৷
কিন্তু, ভাই মোৰ,
মই তোমাক পাশান বুলিবও নোৱাৰিম,
কেনেকৈনো কওঁ? শিলৰো অন্তৰত সুপ্ত থাকে স্ফুলিগং৷
তুমি আচলতে কয়লাৰ দৰেই৷
মই ঠিকেই কৈছোঁ নে বাৰু?
তোমাক জলন্ত কৰি তুলিব পাৰে যিকোনো ঠাইৰ পৰা অহা
যিকোনো এটি স্ফুলিংগই৷

কিন্তু ভাই মোৰ, তুমি তোমাৰ ঘৰলৈ সোমোৱা আটাইবোৰ দুৱাৰ
বন্ধ কৰি থ’লা৷
মই নেজানিলোঁ কিয়৷
কাৰণ তুমি বাহিৰখন চাবলৈ নিবিচাৰা চাগে?
নে ভিতৰলৈ কাকো যাবলৈ নিদিয়া?
মোৰ বোধেৰে তুমি কবিতা শুনিবলৈ এৰিলা৷

আকাশত গোটখোৱা এন্ধাৰখিনিলে চোৱা,
জিকমিকাই থকা তৰাবোৰলে চোৱা
সিহঁতে ভয় নকৰে এন্ধাৰক
সিহঁতে যুঁজো নকৰে এন্ধাৰেৰে
সিহঁতে মাথো নিজকে পোহৰায়
চাৰিও কাষৰ পৃথিৱীখনৰ বাবে৷
শক্তিমান বেলিটো চোৱা৷
তাৰ শকতিয়েই এক কৰি ৰাখে পৃথিৱীখন৷
মোৰ বুঢ়ী আইতাই
তেওঁৰ ধূসৰ, নিস্তেজ চকুহালেৰে
ডিঙিৰ চিঙা হাৰ এডালৰ মণিবোৰ সী থাকে সদায়৷
আৰু মোৰ মাই অজস্ৰ ফটাকানি গোটাই
আমাৰ বাবে ফটাকঁঠা বৈ থাকে৷
বাৰু, তুমি এবাৰ চাই যাবলৈ আহিবা নেকি?

অহ! মই দুঃখিত যে মই পাহৰি গৈছোঁ,
মোৰ বোধেৰে তুমি কবিতা শুনিবলৈ এৰিলা৷
মই শুনিছো যে,
তুমি তোমাৰ ঘৰলৈ সোমোৱা আটাইবোৰ দুৱাৰ বন্ধ কৰি থ’লা৷
মই নেজানিলোঁ কিয়৷
কাৰণ তুমি বাহিৰখন চাবলৈ নিবিচাৰা চাগে?
নে ভিতৰলৈ কাকো যাবলৈ নিদিয়া?
মোৰ বোধেৰে তুমি কবিতা শুনিবলৈ এৰিলা৷

অনুবাদ : ৰুবী বৰুৱা দাস

Jitendra Vasava

गुजरात के नर्मदा ज़िले के महुपाड़ा के रहने वाले जितेंद्र वसावा एक कवि हैं और देहवली भीली में लिखते हैं. वह आदिवासी साहित्य अकादमी (2014) के संस्थापक अध्यक्ष, और आदिवासी आवाज़ों को जगह देने वाली एक कविता केंद्रित पत्रिका लखारा के संपादक हैं. उन्होंने वाचिक आदिवासी साहित्य पर चार पुस्तकें भी प्रकाशित की हैं. वह नर्मदा ज़िले के भीलों की मौखिक लोककथाओं के सांस्कृतिक और पौराणिक पहलुओं पर शोध कर रहे हैं. पारी पर प्रकाशित कविताएं उनके आने वाले पहले काव्य संग्रह का हिस्सा हैं.

की अन्य स्टोरी Jitendra Vasava
Illustration : Manita Kumari Oraon

मनीता कुमारी उरांव, झारखंड की कलाकार हैं और आदिवासी समुदायों से जुड़े सामाजिक व सांस्कृतिक महत्व के मुद्दों पर मूर्तियां और पेंटिंग बनाती हैं.

की अन्य स्टोरी Manita Kumari Oraon
Editor : Pratishtha Pandya

प्रतिष्ठा पांड्या, पारी में बतौर वरिष्ठ संपादक कार्यरत हैं, और पारी के रचनात्मक लेखन अनुभाग का नेतृत्व करती हैं. वह पारी’भाषा टीम की सदस्य हैं और गुजराती में कहानियों का अनुवाद व संपादन करती हैं. प्रतिष्ठा गुजराती और अंग्रेज़ी भाषा की कवि भी हैं.

की अन्य स्टोरी Pratishtha Pandya
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

की अन्य स्टोरी Rubee Barooah Das