ভাৰতৰ প্ৰায় প্ৰতিগৰাকী কৃষকে জনা ইৰাংজী শব্দবোৰৰ বিষয়ে যদি ক’বলৈ কোৱা হয় তেন্তে সেইবোৰৰ ভিতৰত অন্যতম হ’ব ‘Swaminathan Report’ (স্বামীনাথন ৰিপ’ৰ্ট) বা ‘Swaminathan Commission Report’ (স্বামীনাথন কমিচনৰ ৰিপ’ৰ্ট)। কৃষকসকলে তেওঁলোকৰ বাবে সেই প্ৰতিবেদনত থকা মূল কথা 'ন্যুনতম সমৰ্থন মূল্য (MSP) হিচাপৰ সূত্ৰ’ৰ (C2+50 per cent) কথাও জানে।
অধ্যাপক এম.এছ. স্বামীনাথনক কেৱল যে চৰকাৰ, আমোলা-বিষয়া আৰু বিজ্ঞানৰ সৈতে জড়িত প্ৰতিষ্ঠানতে স্মৰণ কৰা হ’ব তেনে নহয়, ৰাষ্ট্ৰীয় কৃষক আয়োগ (NCF)ৰ প্ৰতিবেদন কাৰ্যকৰীৰ কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহা এই বিশেষ ব্যক্তিগৰাকী কোটি কোটি কৃষকৰ হৃদয়তো সদায়েই গুঞ্জৰিত হৈ ৰ’ব।
ভাৰতীয় কৃষকসকলে অৱশ্যে ইয়াক থোৰতে 'স্বামীনাথন ৰিপ’ৰ্ট’ বুলি কৈ আহিছে, কিয়নো এনচিএফৰ অধ্যক্ষ হিচাপে তেওঁ দাখিল কৰা প্ৰতিবেদনৰ প্ৰভাৱে সমগ্ৰ দেশৰ কৃষিৰ ক্ষেত্ৰখনক ব্যাপকভাৱে চুই গৈছে।
এই প্ৰতিবেদনৰ কথা ক’বলৈ গ’লে ইউপিএ আৰু এনডিএ দুয়োখন চৰকাৰে কৰা প্ৰতাৰণা আৰু অৱদমনৰ কথাও আহি পৰে। প্ৰথমখন প্ৰতিবেদন দাখিল কৰা হৈছিল ২০০৪ চনত আৰু পঞ্চম তথা অন্তিমখন প্ৰতিবেদন দাখিল কৰা হৈছে ২০০৬ চনৰ অক্টোবৰত। এই প্ৰতিবেদনক লৈ সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হোৱাতো দূৰৰে কথা, নিয়মীয়া অধিৱেশনতো এই লৈ ভালকৈ এঘণ্টাও আলোচনা হোৱা দেখা নগ’ল। এনেকৈয়ে এতিয়া প্ৰথমখন প্ৰতিবেদন দাখিল কৰা ১৯ বছৰ পাৰ হৈ গ’ল।
বহু প্ৰতিশ্ৰুতিৰ মাজতে স্বামীনাথন প্ৰতিবেদনৰ এমএছপি সূত্ৰ ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদানৰ জৰিয়তে ২০১৪ চনত কেন্দ্ৰত শাসনলৈ আহে মোদী চৰকাৰ। কিন্তু তাৰ পৰিৱৰ্তে চৰকাৰে তাৎক্ষণিকভাৱে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি কয় যে সেয়া কাৰ্যকৰী কৰাতো সম্ভৱ নহয় কিয়নো তাৰ ফলত বজাৰ মূল্যত অস্থিৰতাই দেখা দিব।
ইউপিএ আৰু এনডিএ দুয়োখন চৰকাৰেই জানিছিল যে এই প্ৰতিবেদনখনে কৃষকৰ পক্ষ ভালকৈয়ে লৈছিল, সেয়ে দুয়োখন চৰকাৰে কৃষি খণ্ডক ক’ৰ্পৰেট খণ্ডক গতাই দিবলৈ চেষ্টা চলাই গৈছিল। স্বাধীনতাৰ পিছত এই প্ৰতিবেদনেই আছিল কৃষিখণ্ডৰ বাবে এক ইতিবাচক ব্লু-প্ৰিণ্ট। এই প্ৰতিবেদনৰ আঁৰৰ ব্যক্তিগৰাকীয়ে সমগ্ৰ ক্ষেত্ৰখনকে এক নতুন দৃষ্টিভংগীৰে চাইছিল আৰু এক নব্য আৰ্হিৰ নিৰ্মাণ কৰিছিল। তেওঁ সাজোৰে এই মত উত্থাপন কৰিছিল যে কৃষিক্ষেত্ৰৰ বিকাশ কেৱল উৎপাদনৰ জৰিয়তে নহয়, কৃষকৰ উপাৰ্জন বৃদ্ধিৰ জৰিয়তেহে জুখিব পৰা যায়।
ব্যক্তিগতভাৱে মই তেওঁৰ সান্নিধ্যলৈ আহিছিলো ২০০৫ চনত, তেতিয়া তেওঁ আছিল এনচিএফৰ অধ্যক্ষ, মই তেওঁক বিদৰ্ভ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছিলো। সেই সময়ত উক্ত অঞ্চলটোত কোনো কোনো কৃষি কালত এদিনত ৬-৮ জনকৈ কৃষকে আত্মহত্যা সংঘটিত কৰাৰ খবৰ আহিছিল। পৰিস্থিতি বহুত ভয়াৱহ হৈ পৰিছিল যদিও সেয়া সংবাদ মাধ্যমৰ বা-বাতৰিৰ পৰা উপলব্ধি কৰাতো সম্ভৱ নাছিল। (২০০৬ চনত আমি মাত্ৰ ৫ জন সাংবাদিককহে বিদৰ্ভৰ বাহিৰৰ পৰা উক্ত অঞ্চলটোৰ আটাইতকৈ ক্ষতিগ্ৰস্ত ৬খন জিলালৈ আহি কৃষকৰ আত্মহত্যাৰ বাতৰি পৰিৱেশন কৰা দেখিছিলো। একে সময়তে মুম্বাইত লেকমি ফেশ্যন উইক চলি আছিল আৰু সেই অনুষ্ঠানৰ বাতৰি যুগুতাবলৈ ৫১২ গৰাকী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক আহিছিল আৰু প্ৰতিদিনে ১০০ৰো অধিক সংখ্যকে পাছ লাভ কৰিছিল। বিড়ম্বনাৰ কথা এয়ে যে যেতিয়া কপাহ খেতিৰ সৈতে জড়িত পুৰুষ, মহিলা আৰু তেওঁলোকৰ সন্তানে কিছু দূৰৈত আত্মহত্যা কৰিবলগীয়াত পৰিছিল সেই সময়ত উক্ত ফেশ্যন উইকৰ থিম আছিল কপাহী কাপোৰ।)
আকৌ ২০০৫লৈ উভতিছো। অধ্যাপক স্বামীনাথনে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল আৰু তাৰ পিছতে আমি আশা কৰাতকৈ সোনকালে সাংবাদিকসকলে বাতৰি কৰিবলৈ আৰম্ভ কৰিছিল আৰু এনচিএফৰ দল বিদৰ্ভত উপস্থিত হৈছিল।
তেওঁৰ এই ভ্ৰমণকালত বিলাসৰাও দেশমুখ নেতৃত্বাধীন চৰকাৰখন শংকিত হৈ পৰিছিল আৰু পাৰ্যমানে আতিথ্য দিবলৈ চেষ্টা কৰিছিল, ইয়াৰ বাবে চৰকাৰখনে আমোলা-বিষয়াৰ সৈতে আলোচনাৰ আয়োজন কৰিছিল, কৃষি মহাবিদ্যালয়ত বিভিন্ন অনুষ্ঠানৰ যো-জা চলাইছিল। তেওঁ অতি বিনয়ৰে মহাৰাষ্ট্ৰ চৰকাৰক জনাইছিল যে চৰকাৰে বিচৰা ধৰণেই চৰকাৰে দেখুৱাব বিচৰা ঠাইসমূহলৈ তেঁও যাব, কিন্তু ইয়াৰ লগতে তেওঁ মই মোৰ লগতে জয়দীপ হাৰ্দিকাৰ আৰু আন সতীৰ্থ সাংবাদিকসকলৰ সৈতে যাবলৈ আহ্বান জনোৱা ঠাইবোৰলৈকো যাব।
ৱাৰ্ধাত আমি তেওঁক শ্যামৰাও খাটালেৰ ঘৰলৈ লৈ গৈছিলো, তেওঁৰ আটাইকেইগৰাকী পুত্ৰই আত্মহত্যা কৰিছিল। আমি উক্ত স্থান পাই জানিব পাৰিছিলো যে পুত্ৰশোকত দগ্ধ হৈ কেবাদিনো অনাহাৰে থকা ৰুগীয়া দেহৰ শ্যামৰাৱে কেইঘণ্টামান পূৰ্বে মৃত্যুক সাবতি লৈছিল। চৰকাৰে স্বামীনাথনে যাতে সেই ভ্ৰমণসূচী বাতিল কৰে তাৰ বাবে যথাসাধ্য চেষ্টা অব্যাহত ৰাখিছিল। কিন্তু তেওঁ সেইবোৰলৈ কৰ্ণপাত নকৰি আমাৰ সৈতে যাত্ৰা কৰিছিল।
এই ভ্ৰমণকালত আৰু কেইটামান পৰিয়ালৰ ঘৰলৈ গৈ দুখ-দুৰ্দশাৰ বুজ লোৱাৰ পিছত তেঁওৰ চকুৰে চকুলো নিগৰিছিল। তেওঁ কৃষি ক্ষেত্ৰখনৰ অপ্ৰতিদ্বন্দী বুদ্ধিজীৱি বিজয় জৱান্ধিয়াই ৱাৰ্ধাৰ ৱাইফাদত আয়োজন কৰা কৃষক সোঁৱৰণি সভাতো ভাগ লৈছিল। সেই সময়ত তাত উপস্থিত থকা এজন কৃষকে বহি থকাৰ পৰা থিয় হৈ তেওঁলৈ চাই চৰকাৰে আমাক কিয় ইমান ঘৃণা কৰে বুলি খঙেৰে প্ৰশ্ন কৰিছিল। আমি সন্ত্ৰাসবাদী হ’লেহে চৰকাৰে আমাৰ কথা শুনিব নেকি বুলিও ক্ৰোধান্বিত কৃষকজনে প্ৰশ্ন কৰিছিল। তেতিয়া অধ্যাপক স্বামীনাথন অতিশয় মৰ্মাহত হৈ পৰিছিল আৰু অতি ধৈৰ্য্য আৰু সংযমেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল।
স্বামীনাথনে ইতিমধ্যে ৮০ বছৰ বয়সত ভৰি দিছিল। তাৰ পিছতো তেওঁৰ শক্তি, শান্ত-সমাহিত স্বভাৱ আৰু কৃপাশক্তি দেখি তবধ মানিছিলো। আমি আৰু দেখিছিলো যে তেওঁক আৰু তেওঁৰ কাম-কাজক সমালোচনা কৰা লোকসকলৰ সৈতেও তেওঁ আন্তৰিকতাৰে সম্পৰ্ক বৰ্তাই ৰাখিছিল। তেওঁ ধৈৰ্য সহকাৰে সেয়া শুনিছিল, আনকি সমুখতে কৰা সমালোচনাকো তেওঁ মনোযোগোৰে শুনিব পাৰিছিল। আলোচনাচক্ৰ বা কৰ্মশালাবোৰলৈ ব্যক্তিগতভাৱে সমালোচনা কৰা লোকসকলকো আমন্ত্ৰণ জনোৱা কোনো লোক থাকিব পাৰে বুলিও মই তেওঁক নেদেখালৈকে জনা নাছিলো।
কেবাটাও দশক পিছলৈ ঘূৰি চাব পৰাতো আছিল মানুহগৰাকীৰ আন এক আকৰ্ষণীয় বিশেষত্ব আৰু তেওঁ নিজৰ কাম-কাজৰ ব্যৰ্থতাবোৰৰ বিষয়েও মুকলিকৈ ক’ব পাৰিছিল। সেউজ বিপ্লৱৰ সমান্তৰালভাৱে ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ পয়োভৰ ঘটা বিষয়টো আছিল তেওঁৰ কল্পনাৰো অগোচৰ আৰু সেই কথাক লৈ তেওঁ স্তম্ভিত হৈ পৰিছিল। সময় বাগৰাৰ লগে লগে তেওঁ পৰিৱেশৰ প্ৰতি, পানীৰ ব্যৱহাৰ আৰু পানীৰ অপচয়ক লৈ অধিক সংবেদনশীল হৈ পৰিছিল। বিগত কিছু বছৰ ধৰি তেওঁ নিজেই অনিয়ন্ত্ৰিত আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা জিনীয়ভাৱে পৰিৱৰ্তিত শস্যকলৈয়ো অধিক সমালোচনাত্মক হৈ পৰিছিল।
মানকম্বু সম্বাশিৱন স্বামীনাথনৰ মৃত্যুত ভাৰতে যে কেৱল আগশাৰীৰ কৃষি বিজ্ঞানী এগৰাকীক হেৰুৱালে সেয়াই নহয়, ভাৰতে হেৰুৱালে সূক্ষ্মদৰ্শনৰে পৰিপূৰ্ণ এগৰাকী মহান ব্যক্তিক।
এই প্ৰতিবেদনখন ২০২৩ৰ ২৯ ছেপ্টেম্বৰত দা ৱায়াৰত প্ৰথমে প্ৰকাশিত হৈছে।
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি