‘‘প্ৰতিবাৰে ভাটি [কমাৰশাল] জ্বলাওতে মই আঘাত পাওঁ।’’

চালমাই আঙুলিকেইটাত আঘাত পাইছে আৰু সেই আঘাতৰ উপশমৰ বাবে তেওঁ ভাটিৰ পৰা এমুঠি ছাঁই আনি তাত ঘঁহি দিছে৷

৪১ বৰ্ষীয়া চালমাৰ পৰিয়ালটো ছয়টা কমাৰ পৰিয়ালৰ ভিতৰত অন্যতম আৰু তেওঁলোকে সোণিপটৰ বাহালগড় বজাৰৰ জুগ্গিত একেলগে বাস কৰে৷ এফালে ব্যস্ত বজাৰ পথ আৰু আনফালে পৌৰনিগমৰ আৱৰ্জনাৰ স্তূপ৷ তাৰ কাষতে এটা চৰকাৰী শৌচালয় আৰু পানীৰ টেংকাৰো আছে৷ চালমা আৰু তেওঁৰ পৰিয়ালে নিত্য প্ৰয়োজনীয়তাসমূহ এই চৰকাৰী সুবিধাৰ পৰাই গ্ৰহণ কৰে৷

সেই জুগ্গিত বিদ্যুতৰ কোনো ব্যৱস্থা নাই৷ যদি ৪-৬ ঘণ্টাৰ বাবে বৰষুণ দিয়ে তেন্তে গোটেই এলেকাটো পানীৰে উপচি পৰে৷ যোৱাবাৰ ২০২৩ চনৰ অক্টোবৰত এনে ধৰণৰ অৱস্থা হৈছিল৷ সেই সময়ত তেওঁলোকে বিচনাত বহি ভৰিখন পানীত ডুবাই ৰাখি পানী কমি যোৱালৈ অপেক্ষা কৰিছিল৷ ২-৩ দিন ধৰি তেওঁলোক তেনেকৈয়ে আছিল৷ ‘‘সেই দিনকেইটা যথেষ্ট দুৰ্গন্ধময় হৈ পৰিছিল’’, চালমাৰ ল’ৰা দিলছাদে সেইদিনবোৰৰ কথা সোঁৱৰণ কৰে৷

‘‘কিন্তু আন ক’লৈ যাম?’’ চালমাই সোধে, ‘‘মই জানো যে আৱৰ্জনাৰ কাষত থকাৰ পৰা আমাৰ স্বাস্থ্যৰ হানি হ’ব৷ জাবৰৰ দ’মৰ পৰা অহা মাখিবোৰ আমাৰ খাদ্যৰ ওপৰতো পৰে৷ কিন্তু ইয়াৰ পৰিত্ৰাণৰ উপায় আছে জানো?’’

ৰাজস্থানৰ পিছপৰা জাতিসমূহৰ ভিতৰত গাডিয়া বা গাডুলিয়া লোহাৰক যাযাবৰ জনজাতি (এনটি) হিচাপে তালিকাভুক্ত কৰা হৈছে৷ এই সম্প্ৰদায়ৰ লোকসকল দিল্লী আৰু হাৰিয়ানাতো বাস কৰে যদিও তেওঁলোকক পূৰ্বে যাযাবৰ জনজাতি বুলিয়েই জনা গৈছিল৷ হাৰিয়ানাত তেওঁলোকক পিছপৰা জাতি হিচাপে তালিকাভুক্ত কৰা হৈছে৷

তেওঁলোকে বাস কৰা বজাৰখন ১১ নং ৰাজ্যিক ঘাইপথ ওচৰতে আৰু সেয়ে সতেজ খাদ্য, মিঠাই, পাকঘৰৰ মচলা, বৈদ্যুতিক উপকৰণকে ধৰি বহু সামগ্ৰীৰ বাবে গ্ৰাহক আহে৷ বহুতে তাতে বিপণি পাতি বহে আৰু বজাৰ বন্ধ হোৱাৰ পিছত গুচি যায়৷

Left: The Lohars call this juggi in Bahalgarh market, Sonipat, their home.
PHOTO • Sthitee Mohanty
Right: Salma Lohar with her nine-year-old niece, Chidiya
PHOTO • Sthitee Mohanty

বাওঁফালেঃ সোণিপটৰ বাহালগড় বজাৰৰ এই জুগ্গিবোৰক কমাৰসকলে তেওঁলোকৰ ঘৰ বুলি কয়৷ সোঁফালেঃ ৯ বছৰীয়া ভতিজাক চিৰিয়াৰ সৈতে চালমা লোহাৰ

They sell ironware like kitchen utensils and agricultural implements including sieves, hammers, hoes, axe heads, chisels, kadhais , cleavers and much more. Their home (and workplace) is right by the road in the market
PHOTO • Sthitee Mohanty
They sell ironware like kitchen utensils and agricultural implements including sieves, hammers, hoes, axe heads, chisels, kadhais , cleavers and much more. Their home (and workplace) is right by the road in the market
PHOTO • Sthitee Mohanty

তেওঁলোকে পাকঘৰৰ লোৰ উপকৰণসমূহ যেনে চালনী, হাতুৰী-বটালি, কুঠাৰ, কেৰাহীকে ধৰি বহু সামগ্ৰী বিক্ৰী কৰে৷ বজাৰৰ পথটোৰ কাষতে তেওঁলোকৰ ঘৰ (কৰ্মস্থলী)

কিন্তু চালমাৰ দৰে লোকসকলৰ বাবে বজাৰখনেই ঘৰ আৰু কৰ্মস্থলী।

‘‘পুৱা ৬ বজাতেই মোৰ কাম আৰম্ভ হয়৷ ভাটিত জুই ধৰিব লাগে, পৰিয়ালৰ সদস্যবোৰৰ বাবে আহাৰ প্ৰস্তুত কৰিব লাগে আৰু পিছত কামলৈ যাব লাগে’’, ৪১ বৰ্ষীয়া চালমাই এইদৰে কয়৷ স্বামী বিজয়ৰ সৈতে তেওঁ দিনটোত দুবাৰকৈ ভাটিত কাম কৰে৷ লোবোৰ গলাই, হাতুৰীৰে পিটি সঁজুলি প্ৰস্তুত কৰা হয়৷ এদিনত তেওঁলোকে চাৰিৰ পৰা পাঁচটা সঁজুলি নিৰ্মাণ কৰিব পাৰে৷

আবেলি কিছুসময়ৰ বাবে চালমাই কামৰ পৰা আহৰি পায়৷ সেই সময়খিনিত তেওঁ বিচনাত আৰামকৈ বহি কাষত দুয়োটা সন্তান বহুৱাই লৈ গৰম চাহৰ কাপত চুমুক দিয়ে৷ তেওঁৰ ছোৱালী তনুৰ বয়স ১৬ আৰু ল’ৰা দিলছাদৰ বয়স ১৪৷ তেওঁৰ ননদৰ জীয়েক শিৱানী, কাজল আৰু চিৰিয়া কাষতে থাকে৷ কেৱল ৯ বছৰীয়া চিৰিয়াহে স্কুললৈ যায়৷

‘‘এইখিনি তোমালোকে হোৱাটছএপত দিবা নেকি? প্ৰথমে মোৰ কামখিনিৰ কথা উল্লেখ কৰিবা!’’ চালমাই কয়৷

তেওঁৰ ব্যৱসায়ৰ উপকৰণ আৰু চালনী, হাতুৰী-বটালি, কুঠাৰ আদি নিৰ্মিত সামগ্ৰীবোৰ আবেলিৰ ৰ’দৰ পোহৰত চিকমিকাই উঠে৷

‘‘এই জুগ্গিত আমাৰ সঁজুলিবোৰেই হ’ল আটাইতকৈ অমূল্য সম্পদ’’, চালমাই কয়৷ বিৰতিৰ শেষত তেওঁৰ হাতত চাহৰ কাপৰ ঠাইত হাতুৰি আৰু বটালিযে দখল কৰে৷ অভ্যাসত নিখুঁত হৈ পৰা হাতদুখনৰে চালমাই অতি সহজেই বটালিৰে পাত্ৰটোৰ তলিখন মাত্ৰ দুটা টোকৰতেই ছিদ্ৰ কৰিব পাৰে৷ ‘‘এই চালনী পাকঘৰৰ বাবে নহয়৷ খেতিয়কসকলে ইয়াক শস্য চালিবলৈ ব্যৱহাৰ কৰে৷’’

Left: Salma’s day begins around sunrise when she cooks for her family and lights the furnace for work. She enjoys a break in the afternoon with a cup of tea.
PHOTO • Sthitee Mohanty
Right: Wearing a traditional kadhai ( thick bangle), Salma's son Dilshad shows the hammers and hoes made by the family
PHOTO • Sthitee Mohanty

বাওঁফালেঃ পুৱা বেলি ওলোৱাৰ লগে লগেই চালমাৰ কাম আৰম্ভ হয়৷ তেওঁ পৰিয়ালৰ বাবে খাদ্য প্ৰস্তুত কৰে আৰু ভাটিত জুই জ্বলায়৷ সন্ধিয়াৰ আজৰি সময়ত তেওঁ একাপ চাহ খায়৷ সোঁফালেঃ এপাত পৰম্পৰাগত কঢ়াই (ডাঠ খাৰু) পৰিধান কৰি চালমাৰ ল’ৰা দিলছাদে তেওঁৰ পৰিয়ালৰ দ্বাৰা নিৰ্মিত হাতুৰী আৰু কুঠাৰবোৰ দেখুৱাইছে

Salma uses a hammer and chisel to make a sieve which will be used by farmers to sort grain. With practiced ease, she changes the angle every two strikes
PHOTO • Sthitee Mohanty
Salma uses a hammer and chisel to make a sieve which will be used by farmers to sort grain. With practiced ease, she changes the angle every two strikes
PHOTO • Sthitee Mohanty

খেতিয়কসকলে শস্য চালিবলৈ ব্যৱহাৰ কৰা চালনী হাতুৰী আৰু বটালিৰে চালমাই নিৰ্মাণ কৰে৷ অভ্যাসত নিখুঁত হাতেৰে চালমাই মাত্ৰ দুটা টোকৰতেই চালনীত ছিদ্ৰ কৰিব পাৰে

ঘৰৰ ভিতৰত দিনটোত দুবাৰ- পুৱা আৰু আবেলি ভাটিৰ সন্মুখত বিজয় বহে৷ আকাৰ দিবলৈ ভাটিত সোমাই দিয়া লোৰ মাৰিডাল ৰঙা হৈ পৰিছে যদিও সেই তাপত যেন বিজয়ে অকণো আমনি পোৱা নাই৷ ভাটিৰ জুই প্ৰস্তুত কৰিবলৈ কিমান সময় লাগে বুলি সোধাত বিজয়ে হাঁহি এটা মাৰি কয়, ‘‘যেতিয়া ভিতৰত জ্বলে আমি তেতিয়াহে গম পাও৷ বতাহ সেমেকা হ’লে সময়ৰ প্ৰয়োজন হয়৷ আমি ব্যৱহাৰ কৰা কয়লাৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে এঘণ্টা বা দুঘণ্টা সময়ৰ প্ৰয়োজন হয়৷

কয়লাৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ মূল্য প্ৰতি কিলোগ্ৰামত ১৫ৰ পৰা ৭০ টকালৈকে হয়৷ চালমা আৰু বিজয়ে উত্তৰ প্ৰদেশৰ ইটা ভাটিৰ পৰা যথেষ্ট পৰিমাণে কয়লা ক্ৰয় কৰি আনে৷

বিজয়ে লোহাৰ স্তম্ভটোত এডাল ৰঙচুৱা লোৰ মাৰি পিটিবলৈ আৰম্ভ কৰে৷ সেই সৰু ভাটিটো লোৰ গোটেই টুকুৰাটো গলাব পৰাকৈ পৰ্যাপ্ত নহয়, সেয়ে তেওঁ অধিক শক্তি প্ৰয়োগ কৰিবলগীয়া হয়৷

১৬ শতিকাত মোগলে ৰাজস্থানৰ চিত্তোৰগড় দখল কৰাৰ পিছত অস্ত্ৰ - শস্ত্ৰ নিৰ্মাণ কৰা সম্প্ৰদায়টোৰ পূৰ্বপুৰুষসকল ভাৰতৰ বিভিন্ন স্থানত সিঁচৰতি হৈ পৰে বুলি কমাৰগৰাকীয়ে দাবী কৰে৷ ‘‘তেওঁলোক আমাৰ পূৰ্বপুৰুষ আছিল৷ তেতিয়াৰ জীৱন এতিয়াতকৈ বহু ভিন্ন আছিল’’, বিজয়ে মিচিকিয়াই কয়৷ ‘‘কিন্তু আমি এতিয়াও তেওঁলোকে শিকোৱা বিদ্যাটোৰেই জীৱন নিৰ্বাহ কৰি আছো৷ আৰু তেওঁলোকৰ দৰে কঢ়াই [ডাঠ খাৰু] পৰিধান কৰোঁ৷

তেওঁ এই বিদ্যা নিজৰ সন্তানকো শিকাইছে৷ ‘‘দিলছাদ এই কামত ওস্তাদ’’, তেওঁ এইদৰে কয়৷ চালমা আৰু বিজয়ৰ সন্তান দিলছাদে সঁজুলি এবিধলৈ আঙুলিয়াই কয়, ‘‘এয়া হ’ল হাথোৰা [হাতুৰী]৷ ডাঙৰটো হ’ল ঘান৷ বাপুই [পিতৃ] চিমতাৰে [চেপেনা] গৰম লোহাপাত ধৰে আৰু কেঞ্চি [কেঁচী]ৰে ইয়াক ভাঁজ কৰে৷’’

চিৰিয়াই ভাটিৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা হাতেৰে ঘুৰোৱা পাংখাখনৰ হেণ্ডেলডাল ঘুৰাবলৈ আৰম্ভ কৰিছে৷ উৰি যোৱা ছাঁইখিনিলৈ চাই তাই খিলখিলাই হাঁহি মাৰিছে৷

The bhatti’s (furnace) flames are unpredictable but the family has to make do
PHOTO • Sthitee Mohanty
The bhatti’s (furnace) flames are unpredictable but the family has to make do
PHOTO • Sthitee Mohanty

ভাট্টিৰ (ভাটি)ৰ জুই অনিশ্চিত হ’লেও পৰিয়ালটোৱে ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হয়

The sieves, rakes and scythes on display at the family shop. They also make wrenches, hooks, axe heads, tongs and cleavers
PHOTO • Sthitee Mohanty
The sieves, rakes and scythes on display at the family shop. They also make wrenches, hooks, axe heads, tongs and cleavers
PHOTO • Sthitee Mohanty

পৰিয়ালটোৰ দোকানত চালনী, ৰেক আৰু ঘাঁহ গুচোৱা সঁজুলি প্ৰদৰ্শনৰ বাবে থৈ দিছে৷ তেওঁলোকে ৰেঞ্চ, হুৰ, কৰত, চেপেনা আৰু কচাইৰ গধুৰ দা নিৰ্মাণ কৰে

এগৰাকী মহিলাই কটাৰী এখন কিনিবলৈ আহিছে৷ চালমাই তেওঁক কটাৰীখনৰ দাম ১০০ টকা বুলি কৈছে৷ তাৰ উত্তৰত মহিলাগৰাকীয়ে সেই কটাৰীখনত ১০০ টকা দিয়াৰ পৰিৱৰ্তে প্লাষ্টিকৰ নাল লগোৱা কটাৰী এখন কম দামতে পাব বুলি কয়৷ এইদৰে দৰ-দাম কৰাৰ অন্তত চালমাই অৱশেষত ৫০ টকাত কটাৰীখন বিক্ৰী কৰে৷

মহিলাগৰাকী উভতি যোৱালৈ চাই চালমাই এটা নিশ্বাস এৰে৷ পৰিয়ালটোৰ ভৰণ-পোষণৰ বাবে এইখিনি বিক্ৰী পৰ্যাপ্ত নহয়৷ প্লাষ্টিকে এইক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ তেওঁলোকে দ্ৰুত গতিত সামগ্ৰী নিৰ্মাণো কৰিব নোৱাৰে অথবা প্লাষ্টিকৰ দামৰ সৈতে ফেৰ মাৰিবও নোৱাৰে৷

‘‘আমি এতিয়া প্লাষ্টিক বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছো’’, তেওঁ কয়৷ ‘‘মোৰ দেৱৰৰ তেওঁৰ জুগ্গিৰ সন্মুখতে এখন প্লাষ্টিকৰ দোকান আছে আৰু মোৰ ভাইটিয়ে দিল্লীৰ তিক্ৰী বৰ্ডাৰৰ কাষত প্লাষ্টিকৰ বাচন বিক্ৰী কৰে৷’’ তেওঁলোকে বজাৰৰ ব্যৱসায়ীৰ পৰা প্লাষ্টিকৰ সামগ্ৰী ক্ৰয় কৰে আৰু অন্য ঠাইত বিক্ৰী কৰিও লাভ অৰ্জন কৰে৷

তনুৱে কয় যে তাইৰ খুৰাকে দিল্লীত অধিক উপাৰ্জন কৰে৷ ‘‘নগৰৰ মানুহে এই সৰু সৰু বস্তুবোৰ কিনিবলৈ অধিক আগ্ৰহ কৰে৷ তেওঁলোকৰ বাবে ১০ টকা এটা বেছি টকা নহয়৷ কিন্তু গাঁৱৰ মানুহৰ বাবে এয়াই বহুত টকা আৰু তেওঁলোকে এই টকা আমাৰ ওপৰত ব্যয় কৰিবলৈ নিবিচাৰে৷ সেয়ে মোৰ খুৰা আমাতকৈ ধনী৷’’

*****

‘‘মই মোৰ ল’ৰা-ছোৱালীকেইটাই পঢ়া-শুনা কৰাটো বিচাৰো,’’ যেতিয়া চালমাক মই প্ৰথমবাৰৰ বাবে ২০২৩ চনত লগ পাইছিলো, তেতিয়া তেওঁ এই কথাখিনি মোক কৈছিল৷ ‘‘মই সিহঁতে জীৱনত কিবা এটা কৰাটো বিচাৰো৷’’ উপযুক্ত নথিৰ অভাৱত তেওঁৰ ডাঙৰটো ল’ৰাই যেতিয়া স্কুল এৰিবলগীয়া হৈছিল তেতিয়া তেওঁ এইখিনি কথা গভীৰভাৱে অনুধাৱন কৰিছিল৷ ডাঙৰ ল’ৰাজনৰ বয়স এতিয়া ২০ বছৰ৷

‘‘মই পঞ্চায়তৰ পৰা আৰম্ভ কৰি মহকুমা, সকলো ঠাইলৈ দৌৰা-দৌৰি কৰিলো৷ তেওঁলোকে আধাৰ, ৰেচন কাৰ্ড, জাতিৰ প্ৰমাণপত্ৰ আদি বিচাৰিলে৷ মই অগণন কাগজত আঙুলিৰ চাপ দিলো৷ কিন্তু মূৰকত একো নহ’লগৈ৷’’

Left: Vijay says that of all his children, Dilshad is the best at the trade.
PHOTO • Sthitee Mohanty
Right: The iron needs to be cut with scissors and flattened to achieve the right shape. When the small furnace is too weak to melt the iron, applying brute force becomes necessary
PHOTO • Sthitee Mohanty

বাঁওফালেঃ বিজয়ে তেওঁৰ পুত্ৰ দিলছাদ ব্যৱসায় ওস্তাদ বুলি জনায়৷ সোঁফালেঃ কেঁচীৰে লোখিনি কাটি তাক উপযুক্ত আকাৰলৈ আনিবলৈ চেপেটা কৰিব লাগে৷ সৰু ভাটিটোৱে লো পৰ্যাপ্ত পৰিমাণে গলাব নোৱাৰাত অধিক শক্তি প্ৰয়োগৰ আৱশ্যক হয়

যোৱা বছৰ দিলছাদেও ষষ্ঠ শ্ৰেণীত পঢ়া আধাতে সামৰিছে৷ তেওঁ কয়, ‘‘চৰকাৰী স্কুলবোৰত কামৰ একো কথা নিশিকায়৷ কিন্তু মোৰ ভনী তনুৱে বহু কথা জানে৷ তাই পঢ়া-শুনা কৰিছে৷’’ তনুৱে অষ্টমমান শ্ৰেণীলৈ পঢ়িছে৷ কাষৰ স্কুলখনত দশম শ্ৰেণীৰ ব্যৱস্থা নাই আৰু উচ্চ শিক্ষাৰ বাবে তিনি কিলোমিটাৰ দূৰৈৰ খেৱাৰালৈ যাবলগীয়া হয়৷

‘‘মানুহে মোৰফালে বেয়াকৈ চায়, বেয়া বেয়া কথা কয়, মই সেইবোৰ এতিয়া আৰু কৈ নাথাকো’’, তনুৱে এইদৰে কয়৷ সেয়ে তাই ঘৰতে থাকি মাক-দেউতাকক কামত সহায় কৰি দিয়ে৷

পৰিয়ালটোৱে ৰাজহুৱা টেংকাৰৰ কাষত মুকলিকৈ গা ধুবলগীয়া হয়৷ তনুৱে লাহেকৈ কয়, ‘‘আমি গা ধুই থকা সময়ত সকলোৱে আমালৈ চাই থাকে৷’’ ৰাজহুৱা শৌচাগাৰত এবাৰত ১০ টকাকৈ দিবলগীয়া হয় আৰু সেয়া পৰিয়ালটোৰ বাবে যথেষ্ট অধিক৷ তেওঁলোকৰ উপাৰ্জনৰ ধন ঘৰতে শৌচাগাৰ নিৰ্মাণ কৰাৰ বাবে পৰ্যাপ্ত নহয়৷

পৰিয়ালটোৰ কোনেও ক’ভিড-১৯ৰ প্ৰতিষেধক লোৱা নাই৷ তেওঁলোক অসুস্থ হ’লে বাধ খালচা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ (পিএইচচি) অথবা ছিয়লিৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ যায়৷ ব্যক্তিগত ক্লিনিকসমূহৰ খৰচ বেছি হোৱা বাবে প্ৰয়োজন নহ’লে তেওঁলোক তালৈ নাযায়৷

চালমাই অতি সাৱধানেৰে ধন খৰচ কৰে৷ ‘‘টকাৰ অভাৱত আমি কেতিয়াবা ফটাকানি-কাপোৰ সংগ্ৰহৰ কামো কৰিবলগীয়া হয়৷ তাত আমি প্ৰায় ২০০ টকা মানৰ কাপোৰ পাওঁ’’, তেওঁ এইদৰে কয়৷

মাজে-সময়ে পৰিয়ালটোৱে সোণিপট অন্য বজাৰলৈও যায়৷ তনুৱে কয়, ‘‘নৱৰাত্ৰিত আৰম্ভ হ’বলগীয়া ৰামলীলালৈ আমি যাম৷ যদি টকা থাকে তেন্তে বাটৰ কাষত কিবা খামো৷’’

‘‘মোৰ নামটো মুছলিম হ’লেও, মই হিন্দু৷ আমি হনুমান, শিৱ, গণেশক পূজা কৰো’’, চালমাই কয়৷

‘‘আৰু আমি আমাৰ পূৰ্বপুৰুষক আমাৰ কামৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনাও!’’, দিলছাদে টপৰাই কয়, মাকে তাৰ কথা শুনি হাঁহি দিয়ে৷

*****

Left: The family has started selling plastic items as ironware sales are declining with each passing day.
PHOTO • Sthitee Mohanty
Right: They share their space with a calf given to them by someone from a nearby village
PHOTO • Sthitee Mohanty

বাঁওফালেঃ পৰিয়ালটোৰে লোৰ সামগ্ৰীৰ বিক্ৰী হ্ৰাস হোৱাত প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে৷ সোঁফালেঃ কাষৰ গাঁৱৰ কোনোবা এজনে দি থৈ যোৱা গৰু পোৱালি এটাক তেওঁলোকে নিজৰ বাসস্থানত আশ্ৰয় দিছে

বজাৰত ব্যৱসায় মন্দা হোৱাৰ সময়ত চালমা আৰু বিজয়ে কাষৰ গাঁওসমূহত তেওঁলোকৰ বাচনবোৰ বিক্ৰী কৰিবলৈ যায়৷ এয়া মাহত এবাৰ বা দুবাৰ কৰিবলগীয়া হয়৷ কিন্তু ইয়াৰ পৰা এবাৰত তেওঁলোকে ৪০০ৰ পৰা ৫০০ টকা উপাৰ্জন কৰে৷ চালমাই কয়, ‘’মাজে-সময়ে এনে লাগে যেন ঘূৰি ঘূৰি আমাৰ ভৰিৰ হাড় গুড়ি হৈ গৈছে৷’’

সেই সময়তে কোনো গাঁওবাসীয়ে তেওঁলোকক মাকৰ পিয়ন এৰা দমৰা এটা দিছিল৷ পৰিয়ালটোৰ ভাড়াঘৰ এটা যোগাৰ কৰিবলৈ সামৰ্থ নথকাৰ বাবে অনিচ্ছাস্বত্বেও ফুটপাথতেই তেনেদৰে থাকিবলগীয়া হৈছে৷

কিশোৰী তনুৱে নিশা পথেৰে যোৱা মাতালবোৰলৈ চাই হাঁহে৷ দিলছাদে কয়, ‘‘আমি সিহঁতক মাৰিব লাগে আৰু খেদিব লাগে৷ আমাৰ মা আৰু ভনীহঁতে ইয়াতে শোৱে৷’’

শেহতীয়াকৈ পৌৰনিগমৰ (সোণিপট পৌৰনিগম) লোকে তেওঁলোকক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে৷ আৱৰ্জনাস্থলীৰ গেটখন তেওঁলোকৰ জুগ্গিৰ পিছফালে বনোৱা হ’ব আৰু সেয়ে তেওঁলোকে সেই চৰকাৰী ভূমি পৰিত্যাগ কৰিব লাগে বুলি জনোৱা হৈছে৷

যিসকল বিষয়াই পৰিয়ালটোৰ আধাৰ, ৰেচন আৰু পৰিয়ালৰ কাৰ্ডৰ তথ্য সংগ্ৰহ কৰিবলৈ আহিছিল, তেওঁলোকেও অহাৰ কোনো প্ৰমাণ ৰাখি যোৱা নাই৷ সেয়ে তেওঁলোকৰ কোনেও নাজানে যে কোন আহিছিল৷ প্ৰতি দুমাহত তেওঁলোকে এবাৰকৈ আহে৷

‘‘তেওঁলোকে আমি মটি এটুকুৰা পাম বুলি কৈছে’’, তনুৱে কয়৷ ‘‘কি মাটি, ক’ৰ মাটি? সেই মাটি বজাৰৰ পৰা দূৰৈত নেকি? তেওঁলোকে এই বিষয়ে ভালকৈ নকয়৷’’

Nine-year-old Chidiya uses a hand-operated fan to blow the ashes away from the unlit bhatti . The family earn much less these days than they did just a few years ago – even though they work in the middle of a busy market, sales have been slow since the pandemic
PHOTO • Sthitee Mohanty
Nine-year-old Chidiya uses a hand-operated fan to blow the ashes away from the unlit bhatti . The family earn much less these days than they did just a few years ago – even though they work in the middle of a busy market, sales have been slow since the pandemic
PHOTO • Sthitee Mohanty

ন-বছৰীয়া চিৰিয়াই ভাট্টিৰ পৰা ছাঁইখিনি গুচাবলৈ হাতেৰে চলোৱা পাংখাখন ব্যৱহাৰ কৰে৷ পৰিয়ালটোৱে যোৱাবছৰতকৈ এইবাৰ যথেষ্ট কম উপাৰ্জন কৰিছে৷ মহামাৰীৰ পিছৰে পৰা ব্যস্ত বজাৰৰ মাজতো তেওঁলোকৰ উপাৰ্জন হ্ৰাস হৈছে

পৰিয়ালটোৰ উপাৰ্জন চাৰ্টিফিকেটমতে তেওঁলোকে এমাহত এবাৰ ৫০,০০০ টকা উপাৰ্জন কৰিছিল৷ এতিয়া তেওঁলোকে কেৱল ১০,০০০ টকাহে উপাৰ্জন কৰে৷ তেওঁলোকক টকাৰ প্ৰয়োজন হোৱাৰ সময়ত আত্মীয়ৰ পৰা ধন ধাৰে লয়৷ যিমানে ওচৰৰ আত্মীয় হয় সিমানে সূত কম হয়৷ যেতিয়া তেওঁলোকে পৰ্যাপ্ত পৰিমাণে সামগ্ৰী বিক্ৰী কৰে, তেতিয়া ধনখিনি ঘূৰাই দিয়ে৷ কিন্তু মহামাৰীৰ পিছৰে পৰা বিক্ৰীৰ গতি ধীৰ হৈ পৰিছে৷

‘‘ক’ভিডৰ সময়ছোৱা আমাৰ বাবে ভাল আছিল’’, তনুৱে কৈ যা৷ ‘‘বজাৰ প্ৰায় খালী আছিল৷ আমি চৰকাৰী ট্ৰাকত অহা খাদ্য লাভ কৰিছিলো৷ আনকি কিছুমান মানুহে আহি মাস্কো বিতৰণ কৰিছিল৷’’

চালমা অধিক চিন্তিত৷ ‘‘মহামাৰীৰ পিছৰে পৰা মানুহে আমাক সন্দেহৰ চকুৰে চাবলৈ লৈছে৷ আমাৰ উপস্থিতিক তেওঁলোকে ঘৃণা কৰে৷’’ যেতিয়াই তেওঁলোকে বাহিৰলৈ ওলায়, কিছুমান স্থানীয় লোকে তেওঁলোকক জাতিত ধৰি গালি-গালাজ কৰে৷

‘‘তেওঁলোকে আমাক তেওঁলোকৰ গাঁৱত থাকিবলৈ নিদিয়ে৷ তেওঁলোকে আমাক জাতিত ধৰি কিয় গালি দিয়ে মই বুজি নাপাও৷’’ চালমাই তেওঁলোককো সমমৰ্যাদা দিয়াটো বিচাৰে৷ ‘‘ৰুটি  আমাৰ বাবে ৰুটি আৰু তেওঁলোকেও আমাৰ দৰে একে খাদ্যই খায়৷ আমিবোৰ আৰু ধনীৰ মাজত পাৰ্থক্য কি?’’

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Student Reporter : Sthitee Mohanty

स्थिती मोहंती, हरियाणा की अशोका यूनिवर्सिटी में अंग्रेज़ी साहित्य और मीडिया स्टडीज़ की एक अंडर ग्रेजुएट स्टूडेंट हैं. वह ओडिशा के कटक की निवासी हैं और शहरी व ग्रामीण विषयों के गंतव्य-बिंदुओं के अध्ययन में रुचि लेती हैं. साथ ही उनकी दिलचस्पी इस सवाल में भी है कि भारत के लोगों के लिए ‘विकास’ का क्या अर्थ है.

की अन्य स्टोरी Sthitee Mohanty
Editor : Swadesha Sharma

स्वदेशा शर्मा, पीपल्स आर्काइव ऑफ़ रूरल इंडिया में रिसर्चर और कॉन्टेंट एडिटर के रूप में कार्यरत हैं. वह स्वयंसेवकों के साथ मिलकर पारी लाइब्रेरी पर प्रकाशन के लिए संसाधनों का चयन करती हैं.

की अन्य स्टोरी Swadesha Sharma
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

की अन्य स्टोरी Manoranjan Majumder