আমি প্ৰায় ২০০ বছৰ পুৰণি ভৱনটোৰ চিৰিৰে তললৈ নামি আহি থাকোতে ভাদৰীয়া মাতা জী মন্দিৰৰ প্ৰৱেশদ্বাৰত চলি থকা নাম-কীৰ্তনৰ শব্দ লাহে লাহে ক্ষীণ হৈ আহিল। এটা সময়ত একো শব্দই কাণত নপৰা হ’ল, আমি তেতিয়া মাটিৰ তলত ২০ ফুট গভীৰতাত আছো।

চকুৰ আগত উদ্ভাসিত হ’ল ১৫ হাজাৰ বৰ্গফুট জুৰি বিস্তৃত হৈ থকা এক উৱাদিহ নোপোৱা ধৰণৰ এটা গ্ৰন্থাগাৰ। সৰু সৰু ঠেক গলিৰ কাষে কাষে শাৰী শাৰীকৈ সজোৱা আছে ৫৬২ টা আলমাৰী। মাজে মাজে ব্যৱধান। এনেকৈ থোৱা আছে প্ৰায় দুই লক্ষাধিক কিতাপ। চামৰাৰে বন্ধা পুৰণি নথি, বল্কলত লিখা প্ৰাচীন পুথি; হিন্দুধৰ্ম, ইছলাম, খ্ৰীষ্টান আৰু আন বিভিন্ন ধৰ্মবিষয়ক পুৰাতন গ্ৰন্থৰ সংস্কৰণ; আইনশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শন, ভূগোল, ইতিহাস আৰু বিভিন্ন বিষয়ৰ কিতাপেৰে সমৃদ্ধ হৈ আছে পুথিভঁৰালটো। সাহিত্য শিতানটোও কম বৈচিত্ৰময় নহয়। ধ্ৰুপদী উপন্যাসৰ লগতে আছে সমসাময়িক নানা সাহিত্যৰাজি। প্ৰায়ভাগ কিতাপ হিন্দী ভাষাৰ, কিছু ইংৰাজী আৰু সংস্কৃতো আছে।

এই গ্ৰন্থাগাৰ নিৰ্মাণৰ পৰিকল্পনাৰ প্ৰথম চিন্তা কৰিছিল হৰবংশ সিং নিৰ্মল নামে পাঞ্জাৱৰ এগৰাকী ধৰ্মীয় পণ্ডিতে। জনশ্ৰুতি মতে এই মন্দিৰৰ গুহা এটাত ২৫ বছৰ তপস্যা কৰিছিল এইজন পণ্ডিতে, আৰু সিদ্ধান্ত লৈছিল যে মন্দিৰটোৰ তলতেই বনোৱা হ’ব গ্ৰন্থাগাৰ। ২০১০ত মৃত্যুৰ আগেয়ে পণ্ডিতজনাই শিক্ষা আৰু পশুকল্যাণৰ বাবে পৰ্য্যাপ্ত পুঁজি যোগাৰ কৰি থৈ গৈছিল।

“পণ্ডিতজনা আছিল মানৱতাবাদী। সকলো ধৰ্মৰ এটাই বাৰ্তা: যে মানুহৰ চুলি-ছাল ভিন্ন হ’ব পাৰে, কিন্তু ভিতৰত আমি সকলো একেই,” শ্ৰী জগদম্বা সেৱা সমিতিৰ সচিব যুগল কিশোৰে কয়। মন্দিৰ আৰু পুথিভঁৰাল পৰিচালনা কৰা এই ন্যাসৰ প্ৰায় ৪০ হাজাৰ গৰুৰ বাবে এটা বিশাল গোশালা আছে।

The underground library at  Shri Bhadriya Mata Ji temple near Dholiya in Jaisalmer district of Rajasthan
PHOTO • Urja

ৰাজস্থানৰ জইচেলমেৰৰ ধৌলিয়াৰ কাষৰ শ্ৰী ভাদৰীয়া মাতা জী মন্দিৰৰ প্ৰাংগণস্থিত ভূনিস্থ পুথিভঁৰালটো

Left:  The late Shri Harvansh Singh Nirmal, was a religious scholar who founded the library.
PHOTO • Urja
Right: Jugal Kishore, Secretary of the Shri Jagdamba Seva Samiti, a trust that runs the temple, library and cow shelter
PHOTO • Urja

বাওঁফালে : পুথিভঁৰালটো স্থাপন কৰা ধৰ্মীয় পণ্ডিত প্ৰয়াত শ্ৰী হৰবংশ সিং নিৰ্মল সোঁফালে : মন্দিৰ , পুথিভঁৰাল আৰু গোশালা চলোৱা ন্যাস শ্ৰী জগদম্বা সেৱা সমিতিৰ সচিবজন

পুথিভঁৰালটো নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ১৯৮৩ত আৰু ১৯৯৮ত কাম সম্পূৰ্ণ হৈছিল। তাৰপাছত আৰম্ভ হ’ল কিতাপৰ সন্ধান। “তেওঁ এই পুথিভঁৰালটো এটা জ্ঞানকেন্দ্ৰ এখন বিশ্ববিদ্যালয় হোৱাটো বিচাৰিছিল,” কিশোৰে কয়, “মহাৰাজাজীয়ে মানুহে এই ঠাইৰ সন্ধানত অহাটো বিচাৰিছিল, আৰু জ্ঞানৰ সন্ধানত ঘূৰি ফুৰাজনে ইয়াতেই সেয়া পাব লাগিব বুলি থিৰাং কৰিছিল।”

ধূলি-বালিৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু ক্ষয়-ক্ষতি কমাবলৈ মাটিৰ তলত এই পুথিভঁৰালটো পতাৰ হৈছিল, পুথিভঁৰালৰ প্ৰশাসক বৰ্গই কয়। ওচৰতে সেনাৰ ফায়াৰিং ৰেঞ্জ পোখৰান আছে, ১০ কিলোমিটাৰ দূৰত। ৰাজস্থানৰ তৃণভূমি অঞ্চলত বতাহ বলিবলৈ আৰম্ভ কৰিলে সকলো ঠাই ধূলিময় হৈ পৰে।

অশোক কুমাৰ দেৱপালে পুথিভঁৰালটোৰ চোৱাচিতাৰ গোটটোত কাম কৰে। ছখন ডাঙৰ এগজষ্ট ফেন চলাই ঠাইখন সেমেকা নপৰাকৈ ৰখা হয়, ভিতৰৰ বায়ুমণ্ডলৰ আৰ্দ্ৰতা সঠিক ৰাখিবলৈ কৰ্পূৰ নিয়মিতভাৱে জ্বলোৱা হয়। “আমি কিতাপবোৰ মেলি বতাহ লাগিবলৈ দিও। আমাৰ সাত-আঠজন লোকে লগ লাগি দুমাহ লাগি এই কাম কৰো।”

Left: Collections of books.
PHOTO • Priti David
Right: Ashok Kumar Devpal works in the library maintenance team
PHOTO • Urja

বাওঁফালে : সংগৃহীত কিতাপ সোঁফালে : পুথিভঁৰালটোৰ চোৱাচিতাৰ দায়িত্বত থকা দলটোৰ এজন অশোক কুমাৰ দেৱপাল

মন্দিৰৰ ন্যাসৰ হাতত ১.২৫ লাখ বিঘা (প্ৰায় ২০ হাজাৰ একৰ) মাটি আছে। ভাদৰীয়া ঔৰণ (পবিত্ৰ কুঞ্জবন)ৰ পৰম্পৰা অনুসৰি, “ইয়াৰ গছবোৰৰ এটা ঠানিও কাটিব নাপায়,” ন্যাসৰ অধীনত ৪০ হাজাৰ গৰুৰ গোশালাখন চলোৱা সত্তৰ উৰ্দ্ধ কিশোৰে কয়। বছৰি প্ৰায় ২ৰ পৰা ৩ লাখ লোকে ইয়ালৈ আহে। ৰাজপুত, বিষ্ণই আৰু জৈন সম্প্ৰদায়ৰ লোকে চাৰিটা বাৰ্ষিক উৎসৱৰ সময়ত আহে। পুথিভঁৰাল উন্মোচন নোহোৱালৈকে, এইখিনি সময়ত পৰ্য্যটকে তললৈ আহি ঘূৰি-ফুৰি চাই যাব পাৰে।

পুথিভঁৰালটোৰ উপৰিও তাত এখন বিশাল গোশালা আছে, তাত গীৰ, থাৰপাৰকৰ, ৰাঠী আৰু নাগৌৰি প্ৰজাতিৰ হাজাৰ হাজাৰ গৰু আছে। সেইবোৰৰ চোৱাচিতাৰ বাবে ১৫০ কৰ্মচাৰীৰ পৃথকে এটা দল আছে। “ঔৰণ পশু-পক্ষীৰ কাৰণে,” ন্যাসৰ প্ৰশাসক অশোক সৌডানিয়ে কয়। ইয়ালৈ অনা পশুৰ প্ৰায়ভাগৰে প্ৰজনন ক্ষমতা প্ৰায় নাইকিয়া হৈছে আৰু ইয়াৰে ৯০ শতাংশ পশুৱে মতা। “গোশালাত আমাৰ ১৪ টা দমকল আছে আৰু ন্যাসে পশুখাদ্যৰ নামত ২৫ কোটি টকা খৰছ কৰে,” সৌডানিয়ে কয় আৰু “হাৰিয়ানা, পাঞ্জাৱ আৰু মধ্যপ্ৰদেশৰ দৰে দূৰ-দূৰণিৰ ৰাজ্যৰ পৰা পশুখাদ্যৰ ভৰা ৩-৪ খন ট্ৰাক প্ৰতিদিনে আহে।” এই কামটো সুচাৰুৰূপে চলি থাকিবলৈ দানত পোৱা ধনো খটুওৱা হয়।

আমি পোহৰলৈ ওলাই আহোতে ধোলি সম্প্ৰদায়ৰ প্ৰেম চৌহান আৰু লক্ষ্মণ চৌহানে তেতিয়াও হাৰমনিয়াম বজাই ভক্তিগীত গাই আছিল। শ্ৰী ভাদৰীয়া মাতা কেৱল এই মন্দিৰৰ অধিষ্ঠাত্ৰীয়ে নহয়, ইয়াৰ চৌপাশ আৰু তাৰ তলৰ পাতালো তেওঁৰ কৃপাতে চলে।

The temple attracts many devotees through the year, and some of them also visit the library
PHOTO • Urja

বছৰজুৰি মন্দিৰটোলৈ অসংখ্য ভক্তৰ সমাগম ঘটে , কিছুমানে পুথিভঁৰালটোও চাই যায়

At the entrance to the Shri Bhadriya Mata Ji temple in Jaisalmer district of Rajasthan
PHOTO • Urja

ৰাজস্থানৰ জেছলমেৰ জিলাৰ শ্ৰী ভাদৰীয়া মাতা জী মন্দিৰৰ প্ৰৱেশদ্বাৰ

Visitors to the temple also drop into the library, now a tourist attraction as well
PHOTO • Priti David

মন্দিৰলৈ বুলি অহা ভক্তই পুথিভঁৰালতো এভুমুকি মাৰে , এতিয়া পুথিভঁৰালটোও পৰ্য্যটনৰ কেন্দ্ৰ হৈ পৰিছে

The library is spread across 15,000 square feet; its narrow corridors are lined with 562 cupboards that hold over two lakh books
PHOTO • Urja

পুথিভঁৰালটো ১৫ , ০০০ বৰ্গফুট এলেকা আগুৰি আছে , ঠেক গলিবোৰৰ দুয়োকাষে থকা ৫৬২ টা আলমিৰাত ২ লাখৰো অধিক কিতাপ আছে

Old editions are kept under lock and key
PHOTO • Urja

পুৰণি সংস্কৰণবোৰ সযতনে ৰখা হয়

A few 1,000-year-old manuscripts are kept in boxes that only library staff can access
PHOTO • Urja

হাজাৰ বছৰ পুৰণি পাণ্ডুলিপিবোৰ বাকচত ৰখা হয় , সেয়া কেৱল পুথিভঁৰালৰ কৰ্মচাৰীয়েহে খুলিব পাৰে

Religious texts on Hinduism, Islam, Christianity and other religions
PHOTO • Urja

হিন্দু , ইছলাম , খ্ৰীষ্টান আৰু আন ধৰ্মৰ ধৰ্মগ্ৰন্থসমূহ

Copies of the Quran and other books written Hindi, Urdu and English
PHOTO • Priti David

হিন্দী , উৰ্দু আৰু ইংৰাজীত লিখা কোৰান আৰু আৰু আন গ্ৰন্থসমূহ

A collection of Premchand’s books
PHOTO • Urja

প্ৰেমচান্দৰ কিতাপৰ সংগ্ৰহ

Books on the history of America and the history of England
PHOTO • Urja

আমেৰিকা আৰু ইংলেণ্ডৰ ইতিহাসৰ কিতাপ

Books on media and journalism
PHOTO • Urja

মিডিয়া আৰু সাংবাদিকতাৰ কিতাপবোৰ

The Samadhi shrine of the founder of the library, Harvansh Singh Nirmal
PHOTO • Urja

পুথিভঁৰালটোৰ প্ৰতিস্থাপক হৰবংশ সিং নিৰ্মলৰ সমাধিস্থল

A letter signed by library founder, Harvansh Singh Nirmal is displayed prominently
PHOTO • Urja

পুথিভঁৰালটোৰ প্ৰতিস্থাপক হৰবংশ সিং নিৰ্মল দেৱ স্বাক্ষৰিত পত্ৰ এখন বন্ধাই আঁৰি থোৱা আছে

The gaushala (cow shelter) houses  roughly 44,000 cows and bulls of different breeds – Gir, Tharparkar, Rathi and Nagori
PHOTO • Priti David

গোশালাত গীৰ , থাৰপাৰকৰ , ৰাথী আৰু নাগৌৰি আদি বিভিন্ন প্ৰজাতিৰ প্ৰায় ৪৪ , ০০০ গৰু আছে

There is small bustling market outside the temple selling items for pujas, toys and snacks
PHOTO • Urja

মন্দিৰৰ বাহিৰত ব্যস্ততাৰে ভৰা এখন সৰু বজাৰ ; তাত পুজাৰ সামগ্ৰী আৰু পুতলা আদি পোৱা যায়

অনুবাদ: পংকজ দাস

Urja

ऊर्जा, पीपल्स आर्काइव ऑफ़ रूरल इंडिया में 'सीनियर असिस्टेंट एडिटर - वीडियो' के तौर पर काम करती हैं. डाक्यूमेंट्री फ़िल्ममेकर के रूप में वह शिल्पकलाओं, आजीविका और पर्यावरण से जुड़े मसलों पर काम करने में दिलचस्पी रखती हैं. वह पारी की सोशल मीडिया टीम के साथ भी काम करती हैं.

की अन्य स्टोरी Urja
Priti David

प्रीति डेविड, पारी की कार्यकारी संपादक हैं. वह मुख्यतः जंगलों, आदिवासियों और आजीविकाओं पर लिखती हैं. वह पारी के एजुकेशन सेक्शन का नेतृत्व भी करती हैं. वह स्कूलों और कॉलेजों के साथ जुड़कर, ग्रामीण इलाक़ों के मुद्दों को कक्षाओं और पाठ्यक्रम में जगह दिलाने की दिशा में काम करती हैं.

की अन्य स्टोरी Priti David
Editor : Riya Behl

रिया बहल, पीपल्स आर्काइव ऑफ़ रूरल इंडिया (पारी) के लिए सीनियर असिस्टेंट एडिटर के तौर पर काम करती हैं. मल्टीमीडिया जर्नलिस्ट की भूमिका निभाते हुए वह जेंडर और शिक्षा के मसले पर लिखती हैं. साथ ही, वह पारी की कहानियों को स्कूली पाठ्क्रम का हिस्सा बनाने के लिए, पारी के लिए लिखने वाले छात्रों और शिक्षकों के साथ काम करती हैं.

की अन्य स्टोरी Riya Behl
Photo Editor : Binaifer Bharucha

बिनाइफ़र भरूचा, मुंबई की फ़्रीलांस फ़ोटोग्राफ़र हैं, और पीपल्स आर्काइव ऑफ़ रूरल इंडिया में बतौर फ़ोटो एडिटर काम करती हैं.

की अन्य स्टोरी बिनायफ़र भरूचा
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das