থাংকাৰ সংৰক্ষণ- এয়া অল্পধাতুৰ লোকৰ কাম নহয়। তিব্বতীয় ধাৰাৰ এই প্ৰাচীন চিত্ৰত বৌদ্ধ দেৱতাসকলৰ ছবি ৰেচম বা কপাহী বস্ত্ৰৰ ওপৰত অংকন কৰা হৈছিল। মাথো গাঁৱৰ দৰ্জে আংচোকৰ মতে, “চিত্ৰকলাখিনি সংৰক্ষণ কৰোঁতে যদি এটা বিন্দুমাত্ৰও ভুল হয়, যেনে ধৰি লওঁক যে মূল ছবিখনৰ সৈতে কাণৰ এটা কোণৰো যদি বৈসাদৃশ্য থাকে, মানুহৰ অনুভূতিত আঘাত লাগিব পাৰে।”
“এই কাম অতিশয় সূক্ষ্ম,” দৰ্জে আংচোকে এইদৰে কয়। লেহৰ পৰা ২৬ কিলোমিটাৰ দূৰত্বৰ এই গাওঁখনত ১,১৬৫ জন লোক বাস কৰে (লোকপিয়ল ২০১১), এওঁলোকৰ প্ৰায় সকলো লোকেই বৌদ্ধ ধৰ্মাৱলম্বী।
নগৰাকী দক্ষ থাংকা সংৰক্ষণবিদে আংচোক আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলৰ সকলো চিন্তা দূৰ কৰিবলৈ আগবাঢ়ি আহিছে। অৱশ্যে এইটো কোৱা অধিক ভাল হ’ব যে তেওঁলোকে আগবাঢ়ি অহা নাই, পিছুৱাইহে গৈছে। কাৰণ এই প্ৰাচীন চিত্ৰকৰ্মৰ কৌশল আৰু এই কলাৰ সূক্ষ্ম ৰীতি-নীতি বুজিবলৈ তেওঁলোকে বহু শতিকা পিছুৱাই গৈহে বুজিব পাৰিব। প্ৰতিটো শতিকাৰ স্বকীয় উপাদান, শৈলী আৰু মূৰ্তিবিদ্যা আছে।
স্থানীয় মহিলাসকলক পুনৰুদ্ধাৰৰ কামত প্ৰশিক্ষণ দিয়া ফ্ৰান্সৰ বিশেষজ্ঞ নেলী ৰিঅ’ফে কয় যে মাথো গাঁৱৰ এই নগৰাকী মহিলাই সংৰক্ষণ কৰা সকলো শিল্প ১৫-১৮ শতিকাৰ অন্তৰ্গত। "মহিলাসকলে থাংকা সংৰক্ষণ কৰিব, গাওঁবাসীয়ে প্ৰথমতে এইটো বিচৰা নাছিল," শ্বেৰিং স্পালডনে কয়, "কিন্তু আমি নিশ্চিত আছিলোঁ যে আমি একো বেয়া কাম কৰা নাই; আমি যি কৰিছো সেয়া আমাৰ নিজৰ ইতিহাসৰ বাবে কৰিছো।”
বৌদ্ধ ভিক্ষু থুকচেই ডলমাৰ মতে, "বুদ্ধ আৰু আন বহুতো প্ৰভাৱশালী লামা তথা বোধিসত্ত্বৰ জীৱন-দৰ্শন বুজিবলৈ এই থাংকা সঁজুলি হিচাপে অতি কাৰ্যকৰী বিবেচিত হৈছে। ডলমা হ’ল এগৰাকী কাৰ্শা ভিক্ষুণী যি নৱগঠিত কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ কাৰ্গিল জিলাৰ দুৰ্গম জাংস্কাৰ তহচিলৰ বাসিন্দা৷
অন্যান্য সংৰক্ষকসকলৰ দৰে শ্বেৰিং নিজেও এজন কৃষক। থাংকা সংৰক্ষণ বিশেষজ্ঞ এই মহিলাসকল হিমালয়ান আৰ্ট প্ৰিজাৰ্ভাৰ্ছ (এইচএপি) নামৰ এটা সংস্থাৰ সদস্য। ফৰাচী কলা সংৰক্ষক নেলী ৰিঅ’ফে কয়, "ৰেচমৰ কাপোৰ বিৰল আৰু ষোল্ল অনাই বিশুদ্ধ, সেয়েহে অন্যান্য ঐতিহাসিক ছবিতকৈ থাংকা পুনৰুদ্ধাৰ কৰা কামটো বহু কঠিন।” তেওঁ যিসকল সহকৰ্মীক প্ৰশিক্ষণ দিছিল তাৰে ভিতৰত ছেৰিঙো অন্যতম।
ছেৰিঙে কয়, "মই ২০১০ চনত মাথো গোম্পাত (বৌদ্ধমঠ) সংৰক্ষণৰ কাম শিকিবলৈ আৰম্ভ কৰিছিলো৷ দশম শ্ৰেণী উত্তীৰ্ণ হৈ এনেয়ে বহি থকাতকৈ সেই কামকেই কৰিছিলো।”
ছেৰিঙৰ ব্যতিৰেকে তেওঁৰ সহকৰ্মীসকল হৈছে: থিনলেছ আংমো, উৰ্গেইন চোডল, ষ্টেনজিন লাডল, কুনজাং আংমো, ৰিনচেন ডলমা, ইছাই ডলমা, ষ্টেনজিন আংমো আৰু চুনজিম আংমো। দৈনিক ২৭০ টকাৰ মজুৰিৰে এই যাত্ৰা আৰম্ভ হয়। "ই ইমান দুৰ্গম গাওঁ, ইয়াত কৰ্মসংস্থাপনৰ অভাৱ," ছেৰিঙে কয়৷ সময়ৰ লগে লগে, "মই এই ছবিবোৰ সংৰক্ষণ কৰাৰ গুৰুত্ব অনুভৱ কৰিছিলোঁ৷ তেতিয়াৰে পৰা, মই কলা আৰু ইতিহাসৰ মৰ্ম অনুধাৱন কৰিবলৈ শিকিছোঁ।”
২০১০ত ক্ষতিগ্ৰস্ত থাংকাক উদ্ধাৰ কৰিবলৈ আহে মাথো মঠৰ সংগ্ৰহালয়। "থাংকা আৰু অন্যান্য গুৰুত্বপূৰ্ণ ধৰ্মীয় পুৰাকীর্তি পুনৰুদ্ধাৰ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ আছিল। ২০১০ চনৰ সময়ছোৱাত মই সংৰক্ষণৰ কলা শিকিবলৈ আৰম্ভ কৰিলো," ছেৰিঙে কয়। তেওঁ আৰু অন্যান্য কৰ্মচাৰীসকলে সংৰক্ষণৰ প্ৰশিক্ষণ আৰম্ভ কৰাৰ এই সোণালী সুযোগৰ সদ্ব্যৱহাৰ কৰিছিল।
থাংকাৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ সংৰক্ষণৰ সময় নিৰ্ধাৰণ কৰা হয়। ইয়াৰ বাবে দিন অথবা আনকি মাহৰো প্ৰয়োজন হ'ব পাৰে। " থাংকা ৰিষ্টোৰেচন ৰোকনা পড়তা হে কিউকি ফেব্ৰিক ঠণ্ড মে খাৰাব হো জাতা হে [শীতকালত থাংকা সংৰক্ষণৰ কাম স্থগিত কৰিবলগীয়া হয় কিয়নো ঠাণ্ডাত কাপোৰ নষ্ট হয়]।”
ষ্টেনজিন লাডলে কামৰ নমুনাবোৰ সাৱধানে তালিকাভুক্ত কৰি এখন বৃহৎ ৰেজিষ্টাৰ খুলিছে। প্ৰতিটো পৃষ্ঠাত একেলগে দুখন ছবি ৰখা হৈছে – এখন পুনৰুদ্ধাৰৰ আগতে আৰু আনখনে পুনৰুদ্ধাৰৰ পিছৰ ছবি।
“এই কামটো কেনেদৰে কৰে সেয়া জানি আমি অতিশয় সুখী; ই আমাক এটা অন্য কেৰিয়াৰৰ দিশত আগবাঢ়িবলৈ সুবিধা কৰি দিছে। আমি সকলোৱে বিবাহিত, আমাৰ ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ নিজৰ কাম কৰি আছে, সেয়েহে আমি পুনৰুদ্ধাৰৰ কামত যথেষ্ট সময় অতিবাহিত কৰিব পাৰিছো,” নিশাৰ আহাৰৰ বাবে শাক-পাচলি কাটি কাটি থিনলেছে কৈ যায়।
থিনলেছে কয়, “আমি ৰাতিপুৱা ৫ বজাত সাৰ পাওঁ আৰু আমাৰ সকলো ঘৰৰ কাম আৰু খেতিৰ কাম শেষ কৰিবলৈ চেষ্টা কৰো।” তেওঁৰ সহকৰ্মী ছেৰিঙে একে সুৰতে কৈ যায়, “ খেতি বহত জৰুৰী হে , ছেল্ফ ছাফিচিয়েণ্ট ৰেহনে কে লিয়ে [আমি স্বাৱলম্বী হৈ থাকিবলৈ খেতিৰ কাম কৰাটো অতি গুৰুত্বপূৰ্ণ]।
মহিলাসকলৰ বাবে এয়া এক দীঘলীয়া দিন। "আমি গৰুবোৰৰ গাখীৰ খীৰাও, ৰান্ধো, আমাৰ ল'ৰা-ছোৱালীক বিদ্যালয়লৈ পঠিয়াওঁ, তাৰ পিছত আমি চৰিবলৈ ওলাই যোৱা গৰুবোৰৰ ওপৰত নজৰ ৰাখো। এই সকলোবোৰ কাম কৰাৰ পিছত, আমি এইচএপি-লৈ আহো আৰু কাম আৰম্ভ কৰো," থিনলেছে এইদৰে কয়।
পুনৰুদ্ধাৰকাৰীসকলে কয় যে নতুন থাংকা প্ৰস্তুতিত প্ৰায় সকলোখিনি পুঁজি ব্যয় হয়। বৌদ্ধ পণ্ডিত ড০ সোণম ৱাংচুকে কয়, "আজিকালি কোনো মানুহেই এই বহু শতিকা প্ৰাচীন থাংকাৰ ঐতিহ্যৰ মূল্য বুজি নাপায় আৰু সেইবোৰ পুনৰুদ্ধাৰত আগ্ৰহী নহয়," তেওঁ লেহস্থিত হিমালয়ান কালচাৰেল হেৰিটেজ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক।
"এতিয়া কোনেও আমাক বিশেষ একো নকয়, কিয়নো বহু বছৰ পাৰ হৈ গৈছে আৰু আমি নিয়মীয়াকৈ এই কাম কৰি আহিছো," গাওঁখনৰ লোকসকলৰ পৰা তেওঁলোকে লাভ কৰা প্ৰাৰম্ভিক বাধা-নিষেধবোৰৰ বিষয়ে চমুকৈ কৈ ছেৰিঙে কয়। শ্বেচৰিগ লাডাখৰ লেহস্থিত এটা কলা সংৰক্ষণ এটেলিয়াৰৰ প্ৰতিষ্ঠাপক নুৰ জাহানে কয়, "কোনো পুৰুষে এই কামটো নকৰে।" “লাডাখৰ অধিকাংশ মহিলাই ইয়াত পুনৰুদ্ধাৰকাৰী হিচাপে কাম কৰে।” আৰু তেওঁলোকৰ কাম থাংকাসকলৰ পুনৰুদ্ধাৰতে সীমাৱদ্ধ নহয় ৷ তেওঁলোকে স্মাৰক আৰু দেৱাল চিত্ৰৰ পুনৰুদ্ধাৰৰ কামলৈও আগবাঢ়িছে।
ছেৰিঙে কয়, "আমি বিচাৰো যে অধিক লোক ইয়ালৈ আহক আৰু আমাৰ কাম চাওক।" পৰ্বতবোৰত এঢলীয়াৰে বেলিটো নামিবলৈ ধৰিছে আৰু তেওঁ আনসকলৰ সৈতে সোনকালেই ঘৰলৈ উভতিব। ষ্টেনজিন লাডলে অনুভৱ কৰে, “আমি ভাল উপাৰ্জন কৰিব পাৰিছো, সেই কাৰণে এই কামটো আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয়, কিন্তু এই কামত সন্তুষ্টি লভো, সেয়ে ই আমাৰ বাবে গুৰুত্বপূৰ্ণ।”
এই কামটোৱে তেওঁলোকক এই প্ৰাচীন চিত্ৰবোৰ পুনৰুদ্ধাৰ কৰাৰ দক্ষতাতকৈও বহুত বেছি প্ৰতিদান দিছে, ই তেওঁলোকক অধিক আত্মবিশ্বাসী কৰি তুলিছে। "আমি কেনেদৰে কথা পাতিছিলো সেয়াও লাহে লাহে সলনি হৈছে – আগতে আমি কেৱল লাডাখী ভাষাত কথা পাতিছিলো," ছেৰিঙে হাঁহি এটা মাৰি কয়, “কিন্তু এতিয়া আমি ইংৰাজী আৰু হিন্দীতো সলসলীয়াকৈ কথা ক’বলৈ শিকিছো।”
অনুবাদক: মনোৰঞ্জন মজুমদাৰ