“ইয়াত এজোপা বিশাল ছাখুৱা গছ আছিল। হিজলা গাঁৱৰ আৰু ওচৰ পাজৰৰ লোকসকল এই ঠাইতে গোট খাইছিল আৰু বেইছি (সভা) পাতিছিল। ইংৰাজে দৈনিক এনেদৰে মানুহ গোট খোৱা দেখি এই গছজোপা কাটি পেলালে... গছজোপা কটাৰ লগে লগে তাৰপৰা তেজ নিগৰিবলৈ ধৰিলে। তাৰ পাছত গছজোপাৰ গুৰিটো শিল হৈ পৰিল।”
ঝাৰখণ্ডৰ ডুমকা গাঁৱত এসময়ত গছজোপা থকা ঠাইতে বহি ৰাজেন্দ্ৰ বাক্সিয়ে শতিকা পুৰণি কাহিনীটো কৈছিল। “গছজোপাৰ গা-গছডাল,’’ ত্ৰিছ বছৰীয়া ৰাজেন্দ্ৰই কয়, “এতিয়া মৰাং বুৰু দেৱতাৰ উপাসনাৰ বাবে এক পৱিত্ৰ স্থানত পৰিণত হ’ল। চাওতাল (ছান্থাল) জনজাতীয় লোকসকলে ঝাৰখণ্ড, বিহাৰ আৰু বংগৰ পৰা এই ঠাইত পূজা কৰিবলৈ আহে।” বাক্সি নামৰ খেতিয়কগৰাকী মৰাং বুৰুৰ বৰ্তমানৰ নায়কী (পূজাৰী)।
হিজলা গাওঁ ডুমকা নগৰৰ বাহিৰৰ চাওতাল পৰগনাত অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই গাঁৱৰ জনসংখ্যা হৈছে ৬৪০ গৰাকী। হিজলা গাঁৱৰ পৰা মাত্ৰ প্ৰায় এশ কিলোমিটাৰ দূৰত অৱস্থিত ভগনাদি গাঁৱৰ পৰাই কানু মুৰ্মূ আৰু সিদ’ৰ নেতৃত্বত বৃটিছৰ বিৰুদ্ধে ১৮৫৫ চনৰ ৩০ জুনত ঐতিহাসিক চাওতালি বিদ্ৰোহ চাওতাল হূল আৰম্ভ হৈছিল।
হিজলা গাওঁ হিজলা পাহাৰত অৱস্থিত যিটো ৰাজমহল ক্ষেত্ৰৰ এক সম্প্ৰসাৰিত অংশ। সেয়ে আপুনি যদি গাঁৱৰ যিকোনো এটা বিন্দুৰ পৰা খোজকাঢ়িবলৈ লয় আপুনি এপাক ঘূৰি সেই বিন্দুতে উপনিত হ’ব।
“আমাৰ পূৰ্বপুৰুষসকলে তাত (গছজোপাত) গোটেই বছৰৰ বাবে নীতি-নিয়ম বান্ধি দিছিল”, ২০০৮ চনৰ পৰাই গাঁওখনৰ গাওঁবুঢ়া হৈ থকা ৫০ বৰ্ষীয় সুনিলাল হাঁছদাই লগতে কয়।
হাঁছদাৰ হিজলাত ১২ বিঘা মাটি আছে য’ত খাৰিফ শস্যৰ খেতি কৰে। বাকী মাহকেইটাত তেওঁ ডুমকাৰ নিৰ্মাণ অঞ্চলত দৈনিক হাজিৰা কৰে য’ৰ পৰা কাম কৰা দিনত তেওঁ দিনে ৩০০ কৈ অৰ্জন কৰে। হিজলাত বাস কৰা ১৩২ ঘৰ পৰিয়ালৰ গৰিষ্ঠসংখ্যক লোকেই হৈছে চাওতালি, কৃষি আৰু দিন হাজিৰাৰে জীৱন নিৰ্বাহ কৰে। বিগত কিছু বছৰত বৰষুণৰ অনিশ্চয়তা বৃদ্ধি পাইছে, যাৰ ফলত অধিক লোকৰ সংকটকালীন প্ৰবাস ঘটিছে।
মৰাং বুৰুক উৎসৰ্গিত এক গুৰুত্বপূৰ্ণ মেলাও অনুষ্ঠিত হয়। এই বাৰ্ষিক অনুষ্ঠান ফেব্ৰুৱাৰী মাহত বসন্ত পঞ্চমীৰ ওচৰে পাজৰে ময়ুৰাক্ষী নদীৰ পাৰত অনুষ্ঠিত কৰা হয়। ঝাৰখণ্ড চৰকাৰৰ দ্বাৰা প্ৰকাশিত এক জাননী অনুসৰি এই মেলা চাওতাল পৰগনাৰ তদানিন্তন উপায়ুক্ত আৰ. কাষ্টেয়াৰৰ অধীনত ১৮৯০ চনত আৰম্ভ হৈছিল।
ডুমকাৰ সিদ’ কানহু মুৰ্মূ বিশ্ববিদ্যালয়ৰ চাওতালী অধ্যাপক ড. শৰ্মিলা ছৰেণে পাৰিক জনায় যে কভিদ-১৯ অতিমাৰীৰ দুবছৰৰ বাহিৰে এই হিজলা মেলা প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে। ভালা (জাঠি) আৰু তৰোৱালৰ পৰা ঢোল আৰু ডৌৰা (বাহৰ বাস্কেট)লৈকে বিভিন্ন সামগ্ৰী এই মেলাত কিনা-বেছা কৰা হয়। পুৰুষ আৰু মহিলাৰ দ্বাৰা এই মেলাত নৃত্য প্ৰদৰ্শনো কৰা হয়।
কিন্তু স্থানীয় লোকৰ প্ৰবৰ্জনৰ ফলত, “এই মেলাত এতিয়া পূৰ্বৰ দৰে জনজাতীয় প্ৰাধান্য নাইকিয়া হ’ল”, প্ৰাক্তন মৰাং বুৰুৰ নায়কী ৬০ বছৰীয়া সীতাৰাম ছৰেণে কয়। তেওঁ লগতে কয়, “আমাৰ পৰম্পৰাসমূহে ইয়াৰ প্ৰভাৱ হেৰুৱাইছে আৰু এতিয়া আন (চহৰীয়া) প্ৰভাৱ বৃদ্ধি পাইছে”।
অনুবাদ: কুইলিন কাকতি