“আজিকালি এই ম’বাইল-টিভিৰ যুগ। মনোৰঞ্জনৰ বাবে মানুহে তাকেই চায়,” ঢোলটোৰ দন টানি থকা অৱস্থাত মুচলিম খালিফাই কয়।

মুচলিম খালিফাই ১২শ শতিকাৰ পৰাক্ৰমী যোদ্ধা আলহা আৰু উদল (ৰুদাল বুলিও কোৱা হয়)ৰ মহাকাব্যিক গীত গায়। যোৱা প্ৰায় পাঁচটা দশক ধৰি বিহাৰৰ সমস্তিপুৰৰ এইগৰাকী লোকশিল্পী আৰু ধুলীয়াই গীত গাই আহিছে। তেওঁৰ কণ্ঠ তীক্ষ্ন আৰু সুৰীয়া, বহুদিন ধৰি গীত গোৱা মুচলিম খালিফাৰ কণ্ঠত অভিজ্ঞতাৰ চাপ স্পষ্ট।

ঘেঁহু আৰু মাকৈ চপোৱাৰ সময়ত, এপ্ৰিল-মে’ মাহত তেওঁ ঢোলটো গলত ওলমাই লৈ গাঁৱে গাঁৱে, খেতি পথাৰে পথাৰে ভ্ৰমি ফুৰে আৰু গান গায়। এঘণ্টামান গীত গোৱাৰ বাবদ তেওঁ কেতিয়াবা নতুনকৈ চপোৱা শস্যৰ পৰা ১০ কিলোগ্ৰামমান দানত পায়। “এই তিনিবিধ শস্য চপাওতে এমাহ লাগে, সেইখিনি সময় মই শস্য পথাৰতে কটাও,” তেওঁ কয়। বিয়াৰ বতৰত তেওঁৰ চাহিদা বাঢ়ে, তেতিয়া তেওঁ তিনি মাহমানত ১০ৰ পৰা ১৫ হাজাৰ মান টকা তেওঁৰ হাতলৈ আহে।

৫২ অধ্যায়ৰ এই গীতত যোদ্ধাদ্বয়ৰ কাহিনী কওঁতে কেবাদিনো লাগিব পাৰে আৰু ইয়াৰ বাবে দৰ্শকো হ’ব লাগিব ধৈৰ্য্যশীল আৰু আগ্ৰহী। “কিন্তু আজিকালি কোনে ইমান সময়ৰ বাবে শুনি থাকিব পাৰিব?” তেওঁ কয়। এতিয়া আৰু গান গাই পইচা নহা হৈছে, খালিচপুৰ গাঁৱৰ ষাঠি বছৰীয়া শিল্পীজনে কয় যে আনকি তেওঁৰ নিজৰ সন্তানহতেও আলহা-উদল শুনিবলৈ নিবিচৰা হৈছে।

খালিফাই ইছলাম ধৰ্ম অনুসৰণ কৰে যদিও তেওঁ ৰাজ্যখনত নাট সম্প্ৰদায়ৰ লোক হিচাপে অন্তৰ্ভূক্ত। ৰাজ্যখনত নাট সম্প্ৰদায়ৰ লোকৰ সংখ্যা এতিয়া ৫৮,৮১৯ গৰাকী। কিন্তু “১০-২০ খন গাওঁ ঘূৰিলেও আপুনি এজন-দুজনহে এনে (আলহা-উদল) গীত গোৱা মানুহ পাব,” খালিফাই ২০২৩ৰ মে’ত আমাৰ সৈতে কথা পাতোতে কয়।

Muslim Khalifa (left) sings the tales of Alha-Udal for the farming community in Samastipur district. The folklore (right) about 12th century warriors has 52 episodes and take several days to narrate completely
PHOTO • Umesh Kumar Ray
Muslim Khalifa (left) sings the tales of Alha-Udal for the farming community in Samastipur district. The folklore (right) about 12th century warriors has 52 episodes and take several days to narrate completely
PHOTO • Umesh Kumar Ray

সমস্তিপুৰ জিলাৰ খেতিয়কসকলৰ বাবে মুচলিম খালিফাই (বাওঁফালে) আলহা-উদল গীত গাই আহিছে। দুই বীৰৰ গাথাক লৈ ৰচিত ১২শ শতিকাৰ এই লোকগীত (সোঁফালে)ত ৫২ টা অধ্যায় আছে আৰু গাই সম্পূৰ্ণ কৰিবলৈ কেবাদিনো লাগে

The 60-year-old Khalifa at his home in Khalispur village
PHOTO • Umesh Kumar Ray

খালিচপুৰ গাঁৱৰ নিজ ঘৰত ৬০ বছৰীয়া খালিফা

খালিচপুৰৰ তেওঁৰ ঘৰটো খেৰী। এখন কাঠৰ চৌকি, সামান্য কিছুমান সামগ্ৰী-পাতি আৰু বেৰত ওলমি থকা এটা ঢোল। এই খেৰী ঘৰটোতে খালিফাৰ ছটা প্ৰজন্ম পাৰ কৰিছে। পত্নী মোমিনাৰ সৈতে তেওঁ ইয়াত থাকে। আমি তেওঁক আলহা-উদল গীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনালো যদিও তেওঁ ক’লে যে আবেলিৰ ভাগত গাবলৈ সিমান ভাল নহয়, পিছদিনা আগবেলা তেওঁ আমাক আহিবলৈ অনুৰোধ জনালে। পিছদিনা আমি গৈ পোৱাৰ আগেয়ে তেওঁ মোছকোঁচাত কলপ সানি লৈ ঢোলকটো লৈ চৌকিত বহি ল’লে।

ঢোলটোৰ দুয়োকাষে বান্ধি থোৱা ৰছীডাল টান কৰিবলৈ তেওঁক পাঁচ মিনিট সময় লাগে। ইয়াৰ পিছত তেওঁ পিতলৰ আঙঠিবোৰ ৰছীডালৰ মাজেৰে লৈ গৈ এঠাইত ৰখাই চাপৰি মাৰি বাদ্যযন্ত্ৰটোৰ শব্দ পৰীক্ষা কৰে। পৰৱৰ্তী পাঁচ মিনিটৰ বাবে আমাক আলহা-উদলৰ কাহিনী উচ্চস্বৰত গাই শুনায়। গীতটো বেতৱা নদী, যুদ্ধ আৰু মহোবাৰ দুই ভাতৃৰ বীৰত্বপূৰ্ণ কৃতিত্বৰ মাজেৰে আগবাঢ়ে। তেওঁ আমাক কয় যে এটা সময় আছিল যেতিয়া তেওঁ আলহা-উদল কাহিনী গাই শুনাবলৈ দিনটোত প্ৰায় ১০ কোছ (প্ৰায় ৩১ কিলোমিটাৰ) দূৰত্ব অতিক্ৰম কৰিছিল।

গাই হোৱাৰ পিছত তেওঁ ঢোলটোৰ ৰিংকেইটা ইফাল-সিফাল কৰি ঢোলৰ দনবোৰ ঢিলা কৰিলে আৰু বেৰত ঢোলটো ওলমাই থ’লে। “দনবোৰ ঢিলা কৰি চামৰাখন টান নোখোৱাকৈ নাৰাখিলে চামৰাখনৰ ক্ষতি হ’ব। তেনেকৈ ৰাখি থোৱাৰ পিছত বৰষুণ বা বিজুলী ঢেৰেকনি দিলে ঢোলটো ফাটি যাব পাৰে,” তেওঁ কয়। “এনেকুৱা কিয় হয়, মই নাজানো।”

ঢোলকৰ খোলটো কাঠৰ আৰু ঢোলটোৰ বয়স প্ৰায় ৪০ বছৰ। বাদ্যযন্ত্ৰটোৰ গঠন একেই থাকে যদিও প্ৰতি ছমাহৰ মূৰে মূৰে দন আৰু চামৰা সলনি কৰা হয়। “ঢোলকৰ খোলটো নিখুঁত। পোক-পৰুৱাৰ পৰা আঁতৰাই ৰাখিবলৈ আমি তাত সৰিয়হৰ তেল সানি দিওঁ।”

তেওঁ কয় যে বিগত ২০ৰ পৰা ৩০ বছৰ আছিল আলহা-উদল শিল্পীসকলৰ বাবে সোণালী যুগ, তেওঁলোকক বিদেচিয়া নাচ কাৰ্য্যসূচীবোৰত মতা হৈছিল, বৰ ডিমাণ্ড আছিল। “এই বীৰগাথা শুনিবলৈ মহাজনবোৰে আমাক মাতি নিছিল।”

এই দীঘলীয়া বীৰগাথাত ৫২ টা অধ্যায় আছে, গাই শুনাওতে কেবাদিনো লাগি যাব পাৰে। ‘কিন্তু আজিকালি কাৰ হাততনো ইমান সময় থাকে?’ খালিফাই কয়

ভিডিঅ’টো চাওক: মুচলিম খালিফাই আলহা-উদলৰ গীত জীয়াই ৰাখিছে

বিদেচীয়া হৈছে ভোজপুৰি নাট্যকাৰ প্ৰয়াত ভিখাৰি ঠাকুৰৰ এখন জনপ্ৰিয় নাটক। কামৰ সন্ধানত চহৰলৈ প্ৰব্ৰজন কৰা শ্ৰমিকৰ কাহিনীক এই ভোজপুৰি লোক পৰম্পৰাই বৰ্ণনা কৰে। এই কাহিনীবোৰ গীত আৰু নাচেৰে উপস্থাপন কৰা হয়।

খালিফাই মনত পেলায় যেতিয়া আলহা-উদল গোৱা শিল্পীৰ বহুত আদৰ আছিল। ‘আলহা-উদলৰ ইমানেই চাহিদা আছিল যে গোটেই বছৰটো আমাৰ হাতত সময় নাছিল। ইমানেই গান গাইছিলো যে ডিঙি বিষাই গৈছিল। বহু সময়ত, মই [মহাজনৰ] ঘৰৰ কাৰ্য্যসূচী নাকচ কৰিবলগীয়া হৈছিল।”

*****

আলহা-উদলৰ বীৰত্বমূলক কাহিনী সমগ্ৰ উত্তৰ ভাৰতত জনপ্ৰিয়। আলহা আৰু উদল ভাতৃদ্বয়ে বৰ্তমানৰ উত্তৰ প্ৰদেশৰ মহোবাত শাসন কৰা চাণ্ডেল ৰজা পাৰমালৰ বাবে সেনাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বুলি কাৰিন শ্বোমাৰৰ দ্য ৱৰ্ল্ড অৱ মিউজিক নামৰ আলোচনীখনৰ এটা প্ৰবন্ধত উল্লেখ আছে। মহোবাৰ সুৰক্ষাৰ দায়িত্ব দিয়া আলহা-উদল নিৰ্ভীক আৰু দক্ষ যোদ্ধা বুলি জনা যায়। আলহা-উদলৰ কাহিনীৰ অন্ত পৰে মহোবা আৰু দিল্লী ৰাজ্যৰ মাজত হোৱা মহাযুদ্ধত।

খালিফাই মহোবালৈ তেওঁৰ বংশধৰসকল কেনেকৈ আহিল, সেয়া নিজেই খুঁচৰি চাইছে। তেওঁ কয় যে তেওঁৰ পূৰ্বপুৰুষসকল মহোবা অঞ্চলৰ বাসিন্দা। তেওঁলোকে আকবৰৰ দিনত পলাই গৈ বিহাৰত বসতি স্থাপন কৰিছিল। তেওঁ লগতে কয় যে তেওঁৰ পূৰ্বপুৰুষসকল ৰাজপুত আছিল। বিহাৰ পোৱাৰ লগে লগে তেওঁৰ পূৰ্বপুৰুষসকলে জীৱিকাৰ বাবে আলহা-উদলৰ বীৰত্বমূলক কাহিনী গোৱাৰ পাৰিবাৰিক পৰম্পৰা গ্ৰহণ কৰে। এই শিল্পকলা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছিল।

খালিফাৰ দুবছৰ বয়সতে পিতৃ ছিৰাজুল খালিফাৰ মৃত্যু হোৱাত তেওঁৰ মাকে তেওঁক তুলি-তালি ডাঙৰ-দীঘল কৰে। তেওঁ কয়, “ডাঙৰ হৈ যেতিয়াই কোনো গায়কক আলহা-উদল গাই থকা দেখিছিলো, তেতিয়াই শিল্পগৰাকীৰ মুখেদি তেওঁলোকৰ কথা শুনিবলৈ লৈছিলো। “এবাৰ শুনি যিকোনো গীত মুখস্থ কৰিব পৰাটো মা সৰস্বতীৰ উপহাৰ আছিল। মই কেৱল এই [আলহা-উদল গীতটো] লৈ একপ্ৰকাৰ উন্মাদ হৈ পৰিছিলো, আন কোনো কামত মন বহুৱাব পৰা নাছিলো।”

Before his performance, he takes five minutes to tighten the ropes on his dholak and drums his fingers to check the sound and goes on to sing the Alha-Udal saga.
PHOTO • Umesh Kumar Ray
Before his performance, he takes five minutes to tighten the ropes on his dholak and drums his fingers to check the sound and goes on to sing the Alha-Udal saga.
PHOTO • Umesh Kumar Ray

গীত পৰিৱেশনৰ আগেয়ে তেওঁ পাঁচ মিনিট সময় ঢোলটোৰ দনবোৰ টানি ঠিক কৰি ল’লে। তাৰ পৰৱৰ্তী পাঁচ মিনিট তেওঁ উচ্চস্বৰত আলহা-উদলৰ গীত পৰিৱেশন কৰিলে

সেই সময়তে তেওঁ লগ পালে ৰহমান খালিফা নামৰ এজন শিল্পীক। তেওঁ নিজকে ওস্তাদ বুলি কৈছিল। “মই তেখেতৰ কাৰ্য্যসূচীবোৰত অংশ ল’বলৈ ধৰিলো। তেখেতক সহায় কৰি দিছিলো, বস্তু-বাহিনীবোৰ কঢ়িয়াইছিলো,” তেওঁ কয়। কেতিয়াবা ৰহমানে তেওঁক ঢোল এটা গলত ওলমাই দি গাবলৈ কৈছিল। “তেখেতৰ সৈতে থকা সময়খিনিতে মই আলহা-উদলৰ ১০-২০ টামান অধ্যায় কণ্ঠস্থ কৰিছিলো।”

খালিফাই তেওঁৰ শিক্ষা সম্পূৰ্ণ নকৰিলে, কিন্তু এনেকুৱা নহয় যে পঢ়িবলৈ তেওঁৰ আগ্ৰহ নাছিল। তেওঁ চৰকাৰী স্কুল এখনলৈ গৈছিল। কিন্তু এদিন শিক্ষকে তেওঁক কোবালে আৰু তেওঁ সিমানতে স্কুল এৰিলে।

“তেতিয়া মোৰ বয়স আছিল ৭–৮ বছৰ,” তেওঁ কয়। “শৈশৱৰ পৰাই মোৰ কণ্ঠ ভাল আছিল, গতিকে স্কুলৰ শিক্ষকসকলে মোক বহুত ভাল পাইছিল আৰু প্ৰায়ে মোক গান গাবলৈ কৈছিল। এজন শিক্ষকে এদিন প্ৰাৰ্থনা গাই থাকোঁতে ভুল কৰি মোক জোৰেৰে চৰ মাৰিলে। এই কথাত মোৰ খং উঠিল, আৰু তাৰ পিছত মই স্কুললৈ যাবলৈ এৰিলো।”

মুচলিম খালিফাৰ জীৱনটো নিজৰ মাজতেই এক কাহিনী। তেওঁ কয় যে আলহা-উদলৰ গীতে তেওঁক এক সুন্দৰ জীৱন দিয়াৰ বাবে তেওঁ কৃতজ্ঞ, কিন্তু কিছু আক্ষেপো তেওঁৰ নথকা নহয়। তেওঁ নিজৰ তিনিটা সন্তানক ডাঙৰ-দীঘল কৰি গান গাই উপাৰ্জন কৰা ধনেৰে বিয়া দিছিল যদিও গান গাই আৰু ঢোল বজাই পৰিয়ালটো আৰু পোহপাল দিব নোৱাৰে বুলি তেওঁ কয়। এতিয়া তেওঁ মাত্ৰ কেইটামান ঘৰুৱা অনুষ্ঠানলৈ নিমন্ত্ৰণ পায় আৰু প্ৰতিবাৰ পৰিৱেশনৰ বাবদ ৩০০-৫০০ টকা পায়।

জীৱনটোত কি কৰিলে, কি সম্পত্তি গঢ়িলে বুলি এদিন পুত্ৰই সোধা প্ৰশ্নৰ উত্তৰত খালিফাৰ হৃদয়খন থান-বান হৈ গৈছিল। হৃদয় বিদাৰক ঘটনাটোৰ কথা কওঁতে তেওঁৰ মুখৰ উজ্জ্বলতা ক্ষণিকৰ বাবে নাইকিয়া হৈ যায়। “উত্তৰ দিব পৰা নাছিলো, থমকি ৰৈ ভাবিছিলো, সঁচাই, আলহা-উদল গাই মই এটকাও সঞ্চয় কৰিব নোৱাৰিলো। ঘৰ সাজিবলৈ মাটি এটুকুৰা কিনিব নোৱাৰিলো। য’তেই যাওঁ, তাতেই বহুত সন্মান পালো, কিন্তু পেট পুৰোৱাৰ জোখাৰেহে ধন পালো।”

“মোৰ প্ৰজন্মৰ পিছত প্ৰজন্ম ইয়াত বাস কৰি আহিছে, কিন্তু মোৰ জুপুৰীটো চৰকাৰী মাটিৰ ওপৰত আছে। চৰকাৰী পুখুৰী এটাৰ পাৰত।”

After a performance, the musician loosens the leather ropes on his dholak and hangs it back on the wall.
PHOTO • Umesh Kumar Ray
After a performance, the musician loosens the leather ropes on his dholak and hangs it back on the wall
PHOTO • Umesh Kumar Ray

গাই শেষ হোৱাৰ পিছত তেওঁ ধোলটোৰ দনবোৰ ঢিলা কৰিলে আৰু বেৰত ওলমাই থ’লে

Khalifa and his 55-year-old wife, Momina, in front of their hut. Momina used to work as a tattoo artist in nearby villages
PHOTO • Umesh Kumar Ray

খালিফা আৰু তেওঁৰ ৫৫ বৰ্ষীয় পত্নী মোমিনা, তেওঁলোকৰ জুপুৰী ঘৰটোৰ সন্মুখত। মোমিনাই চুবুৰীয়া গাওঁবোৰত টাটু শিল্পী হিচাপে কাম কৰিছিল

তেওঁৰ পঞ্চাশ বছৰীয়া পত্নী মোমিন আগতে এগৰাকী নিপুণ টাটু আৰ্টিষ্ট আছিল। এতিয়া তেওঁ হাঁপানী আৰু শ্ৰৱণ সম্পৰ্কীয় জটিলতাত আক্ৰান্ত। “আগতে আমি গাঁৱে গাঁৱে ঘূৰি ফুৰিছিলো আৰু মই নিজৰ হাতেৰে টাটু আঁকিছিলো। এতিয়া আৰু গাত বল নাই। মোৰ স্বামীয়েই মোক জীয়াই ৰাখিছে,’’ তেওঁ কয়।

খালিফাৰ নিজৰ জীৱনৰ ক্ষয়-ক্ষতিবোৰে তেওঁক এচপৰা দুখৰ ডাঁৱৰে ঢকাদি ঢাকি ৰাখে। তেওঁ বুজি পায় যে নৱ প্ৰজন্মই আলহা-উদলৰ প্ৰতি আগ্ৰহী নহয় আৰু তেওঁৰ পিছত হয়তো তেওঁৰ পৰিয়ালত শিল্পৰূপটোক আগুৱাই নিবলৈ কোনোবা নাথাকিব।

“মোৰ পিতৃ, ককাদেউতা আৰু তেওঁলোকৰ পূৰ্বপুৰুষে কেৱল আলহা-উদলেই গাইছিল। ময়ো গাওঁ, কিন্তু মোৰ ল’ৰাই এতিয়াও শিকা নাই। সিহঁত আগ্ৰহী নহয়,” তেওঁ দুখ কৰে। “আমি এই গীত ভাল পাইছিলো বাবে গাইছিলো। কিন্তু নতুন প্ৰজন্মই ইয়াৰ প্ৰতি একেবাৰে আগ্ৰহী নহয়।”

“আগতে খুদ্ৰক বাজা - চেহনাই আৰু তবলাৰে সংগত কৰা গীত-মাতৰ অনুষ্ঠান বিয়া-সবাহত হৈছিল। তাৰপিছত আহিল অংগ্ৰেজী বাজা - ড্ৰাম, ট্ৰাম্পেট, চেহনাই, কীব’ৰ্ড আদি বাদ্যযন্ত্ৰই আগৰবোৰৰ ঠাই ল’লে। তাৰপিছত আহিল ট্ৰলী য’ত স্থানীয় গায়কে অংগ্ৰেজী বাজাৰ সুৰত গীত গায়। এতিয়া ডিজেৰ দিন চলিছে। আটাইবোৰ বাদ্যযন্ত্ৰ বেকাৰ হৈ পৰিছে,” খালিফাই কয়।

“মোৰ মৃত্যুৰ পিছত হয়তো মোৰ শিল্পবিধৰ কোনো চিন-মোকাম (মোৰ পৰিয়ালত) নাথাকিব,” তেওঁ কয়।

এই ষ্ট ’ৰিটো বিহাৰৰ উপান্ত শ্ৰেণীৰ কাৰণে সংগ্ৰাম কৰা এগৰাকী ট্ৰেড ইউনিয়নিষ্টৰ স্মৃতিত প্ৰদান কৰা ফেল’শ্বিপৰ অধীনত কৰা হৈছে

অনুবাদ: পংকজ দাস

Umesh Kumar Ray

उमेश कुमार राय साल 2022 के पारी फेलो हैं. वह बिहार स्थित स्वतंत्र पत्रकार हैं और हाशिए के समुदायों से जुड़े मुद्दों पर लिखते हैं.

की अन्य स्टोरी Umesh Kumar Ray
Editor : Devesh

देवेश एक कवि, पत्रकार, फ़िल्ममेकर, और अनुवादक हैं. वह पीपल्स आर्काइव ऑफ़ रूरल इंडिया के हिन्दी एडिटर हैं और बतौर ‘ट्रांसलेशंस एडिटर: हिन्दी’ भी काम करते हैं.

की अन्य स्टोरी Devesh
Editor : Shaoni Sarkar

शावनी सरकार, कोलकाता की स्वतंत्र पत्रकार हैं.

की अन्य स्टोरी Shaoni Sarkar
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das