“পানী বাঢ়িলে আমাৰ বুকুৱে ধান বানিবলৈ আৰম্ভ কৰে,’’হৰেশ্বৰ দাসে কয়। অসমৰ বগৰীবাৰী গাঁৱৰ বাসিন্দা হৰেশ্বৰে আৰু কয় যে বাৰিষা কালত যেতিয়া ওচৰেৰে বৈ যোৱা পুঠিমাৰী নৈৰ ওফন্দি উঠা পানীয়ে তেওঁলোকৰ ঘৰ-দুৱাৰ আৰু খেতি-বাতি ধ্বংস কৰাৰ উপক্ৰম হয় তেতিয়া গাঁওখনে প্ৰতিটো মুহূৰ্ততে সতৰ্ক হৈ থাকিবলগীয়া হয়।

“বৰষুণ আহিলেই আমি কানি-কাপোৰ বান্ধি সাজু হৈ থাকো। যোৱাবাৰ বানে আমাৰ দুটাকৈ কেঁচা ঘৰ শেষ কৰি পেলাইছিল। তাৰ পিছত আকৌ নতুনকৈ ঘৰ সাজিবলগীয়া হৈছে,’’ পত্নী সাবিত্ৰী দাসে লগতে কয়।

নিৰদা দাসে কয়, “বানপানীৰ সময়ত পানী সোমাই টিভিটো বেয়া হ’ল। সেয়ে তাক বস্তাত ভৰাই চিলিঙত তুলি থৈছো।” আগৰ টিভিটো তেওঁ বানপানীৰ পৰা বচাবলৈ কোনো সুযোগেই নাপালে।

২০২৩ চনৰ ১৬ জুনৰ নিশা, ধাৰাসাৰে বৰষুণ দিছিল। যোৱা বছৰেই বাঢ়নী পানীয়ে ছিঙি পেলোৱা মথাউৰিটোৰ এটা অংশ মেৰামতিৰ বাবে গাঁওবাসীয়ে বালিৰ বস্তা ব্যৱহাৰ কৰিছিল। দুদিন ধৰি নেৰানেপেৰাকৈ বৰষুণ দি আছিল। মথাউৰিৰ আটাইতকৈ দুৰ্বল অংশটো পুনৰ ভাঙি যোৱাৰ আশংকাত বগৰীবাৰীৰ লগতে ইয়াৰ কাষৰীয়া গাঁওসমূহ ধেপাৰগাঁও, মাদৈকটা, নিজ কাউৰবাহা, খন্দিকৰ, বিহাপাৰা আৰু লাহপাৰাৰ বাসিন্দাসকলে পহৰা দি আছিল।

অৱশেষত চাৰিদিন পিছত বৰষুণ কমিবলৈ লোৱাত, পানীও কমি গ’ল।

“মথাউৰি ভাঙিলে এনে লাগে যেন পানীৰ বোমা এটাহে ফুটিছে। তাৰপিছত সকলো এফালৰ পৰা ঢাহি-মুহি লৈ যায়,’’ স্থানীয় শিক্ষক হৰেশ্বৰ দাসে কয়। ৮৫ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে কে বি দেউলকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া বিষয় পঢ়ুৱাইছিল।

“পথাৰত পলস পেলোৱাৰ পৰিৱৰ্তে এতিয়া পথাৰবোৰ পানীয়ে বুৰাইহে পেলায়,” তেওঁৰ মতে ১৯৬৫ চনত নিৰ্মাণ কৰা মথাউৰিটোৱে আচলতে ভাল কৰাতকৈ অধিক ক্ষতিহে কৰিছে।

Retired school-teacher Hareswar Das, 85, (left) has witnessed 12 floods. 'When the embankment breaks it seems like a water bomb. It ravages everything in its way instead of rejuvenating croplands,' he says .
PHOTO • Pankaj Das
His wife Sabitri (right) adds,  'The previous flood [2022] took away the two kutchha houses of ours. You see these clay walls, they are newly built; this month’s [June] incessant rain has damaged the chilly plants, spiny gourds and all other plants from our kitchen garden'
PHOTO • Pankaj Das

অৱসৰপ্ৰাপ্ত শিক্ষক ৮৫ বছৰীয়া হৰেশ্বৰ দাসে (বাঁওফালে) ১২ বাৰকৈ বানপানী দেখিছে। ' মথাউৰি ভাঙিলে জলবিস্ফোৰণ হোৱাৰ দৰে লাগে। বানপানীয়ে খেতি পথাৰ সাৰুৱা কৰাৰ পৰিৱৰ্তে সকলো ঢাহি-মুহি লৈ যায় ,’ তেওঁ কয়। তেওঁৰ পত্নী সাৱিত্ৰীয়ে (সোফালে) কয় , ' ২০২২ চনৰ বানে আমাৰ দুটাকৈ বাঁহৰ ঘৰ উটুৱাই নিলে। এই যে দেখিছা মাটিৰে মচা বেৰবোৰ , এয়া নতুনকৈ সজা হৈছে , জুন মাহত হোৱা ধাৰাসাৰ বৰষুণে আমাৰ জলকীয়া পুলি আৰু ভাত কেৰেলাৰ গছবোৰো শেষ কৰিলে

Left: Sabitri and family store things in high places to avoid damage. She has to keep everything ready and packed in case it rains.
PHOTO • Pankaj Das
Right: Although it is time to sow seeds, not a single farmer in Bagribari has been able to do it because it is impossible to farm land covered in sand
PHOTO • Pankaj Das

বাঁওফালেঃ সাৱিত্ৰী আৰু তেওঁৰ পৰিয়ালে বস্তুবোৰ পানীৰ পৰা বচাবলৈ ওখ ঠাইত তুলি থৈছে। বৰষুণ আহিলেই সকলো নিৰাপদে ৰাখিব পৰাকৈ সামৰি ৰাখিছে। সোঁফালেঃ কঁঠিয়া সিঁচাৰ সময়তো এইবাৰ বগৰীবাৰীৰ এজনো কৃষকে সেয়া কৰিব নোৱাৰিলে, কাৰণ গোটেই খেতি পথাৰ বালিয়ে পুতি পেলাইছে

গুৱাহাটীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ বগৰীবাৰী গাঁওখন পুঠিমাৰী নৈৰ পাৰত অৱস্থিত। বাৰিষাৰ কালছোৱাত গাঁৱৰ ৰাইজে পানীয়ে সকলো উটুৱাই নিয়াৰ ভয়ত উজাগৰে নিশা কটায়। জুন, জুলাই আৰু আগষ্ট মাহত বাগছা জিলাৰ এই অঞ্চলটোত গোটেই ৰাতি গাঁৱৰ যুৱক-যুৱতীসকলে সজাগ হৈ থাকে আৰু পানী কিমান বাঢ়িছে তাৰ প্ৰতি নজৰ ৰাখে। হৰেশ্বৰে লগতে কয়, “আমি বছৰত পাঁচ মাহ বানপানীৰ সৈতে যুঁজিবলগীয়া হয়, নহ’লে বানপানীৰ ভয়ত জীয়াই থাকিবলগীয়া হয়।’’

গাঁওখনৰ এগৰাকী বাসিন্দা যোগমায়া দাসে কয়, “যোৱা কেইবাটাও দশক ধৰি প্ৰায় প্ৰতিটো বাৰিষাত নদীয়ে একে ঠাইতে মথাউৰি ছিঙি আহিছে।”

মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ প্ৰতি আস্থা হেৰুৱাই পেলোৱা তথা বছৰি বানত খেতি নষ্ট হৈ ভাগৰুৱা হৈ পৰা খেতিয়ক অতুল দাসৰ পৰিয়ালটোলৈ অৱশ্যে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে তেওঁলোকৰ পুত্ৰ হিৰকজ্যোতি দাসে, তেওঁ শেহতীয়াকৈ অসম আৰক্ষীত ইউবি কনিষ্টবল হিচাপে যোগদান কৰিছে।

তেওঁ কয়, “মথাউৰিটো সোণৰ কণী পৰা হাঁহৰ দৰে হৈ পৰিছে।” “প্ৰতিবাৰেই মথাউৰি ভাঙিলে দল-সংগঠনবোৰ আহে। ঠিকাদাৰে মথাউৰি নিৰ্মাণ কৰে। কিন্তু পিছৰবাৰ বাৰিষাত আকৌ ভাঙি যায়।” ৫৩ বছৰীয়া লোকজনে আৰু কয় যে যেতিয়া স্থানীয় যুৱক-যুৱতীসকলে ভালকৈ মথাউৰি মেৰামতিৰ দাবী কৰে তেতিয়াই তেওঁলোকক আৰক্ষীয়ে ভয়-ভাবুকি দিয়ে আৰু মনে মনে থাকিবলৈ বাধ্য কৰে।

বগৰীবাৰীৰ পথাৰ, ৰাস্তা, ঘৰ সকলোতে ৰাইজৰ দুখ-যন্ত্ৰণাৰ চাপ স্পষ্ট হৈ আছে। দুখৰ এই কলীয়া ডাৱৰ যে ইমান সোনকালে শেষ হ’ব তাৰো কোনো আশা নাই। ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে পুঠিমাৰী নৈৰ হাইড্ৰ'গ্ৰাফিক  ৰ এক প্ৰতিবেদন (২০১৫)ত এই কথা উল্লেখ কৰিছে যে “মথাউৰি নিৰ্মাণ আৰু মেৰামতি এক নিয়মীয়া প্ৰক্ৰিয়াত পৰিণত হৈ পৰিছে।”

Left: Workmen from Bagribari placing sandbags below the embankment on the Puthimari river .
PHOTO • Pankaj Das
Right: The State Water Resource Department uses geobags to resist erosion.
PHOTO • Pankaj Das

বাঁওফালেঃ পুঠিমাৰী নৈৰ মথাউৰিত শ্ৰমিকসকলে এনেকৈ বালিৰ বস্তা দিয়াত ব্যস্ত হৈ আছে। সোঁফালেঃ খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্যিক জলসম্পদ বিভাগে জিঅ’বেগ ব্যৱহাৰ কৰিছে

Left: 'I t seems that the embankment is a golden duck,' says Atul Das pointing out the waste of money and resources .
PHOTO • Pankaj Mehta
Right: Sandbags used to uphold the weaker parts of the embankment where it broke and villages were flooded in 2021.
PHOTO • Pankaj Das

বাঁওফালেঃ 'মথাউৰিটো সোণৰ কণী পৰা হাঁহৰ দৰে হৈ পৰিছে,’ টকাবোৰ পানীত পৰাৰ কথা কৈ এইদৰে কয় অতুল দাসে। সোঁফালেঃ ২০২১ চনত বাঢ়নী পানীয়ে মথাউৰিৰ ছিঙি পেলোৱা অংশত এইদৰে বালিৰ বস্তা ব্যৱহাৰ কৰা হৈছে

*****

২০২২ চনত বাঁহৰ কেঁচা ঘৰটো পানীত বুৰ যোৱাত যোগমায়া দাস আৰু তেওঁৰ স্বামী শম্ভূৰামে আঠ ঘণ্টাৰো অধিক সময় খিৰিকিৰ চৌকাঠত ধৰি থাকিবলগীয়া হৈছিল। সেই নিশা পানীয়ে ডিঙি পাও পাও হোৱাত স্বামী-স্ত্ৰীহালে পানী ফালি কোনোমতে কাষতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰি থকা নতুন ঘৰটোত উঠেগৈ। এই পকী ঘৰটোও পানীয়ে বুৰাই পেলাইছিল আৰু খিৰিকিবোৰেই হৈ পৰিছিল তেওঁলোকৰ বাবে পানীত খেৰকূটা সদৃশ।

“সেই দিনটোৰ কথা ভাবিলেই আজিও বুকু কঁপি উঠে,” কথাখিনি কওঁতে যোগমায়াৰ চকুত ভয়াৱহ দিনটোৰ দৃশ্যবোৰ ভাহি উঠাটো স্পষ্ট হৈ পৰিছিল।

বানে বিধ্বস্ত কৰি তোলা ঘৰটোৰ দুৱাৰমুখত থিয় হৈ প্ৰায় ৪০ বছৰীয়া যোগমায়াই ২০২২ চনৰ ১৬ জুনৰ নিশাৰ কথাবোৰ মনত পেলাইছে। ''মানুহটোৱে পানী কমিব আৰু মথাউৰি নাভাঙে বুলি কৈছিল। মোৰ ভয় লাগিছিল যদিও মানুহটোৱে তেনেকৈ কোৱাত টোপনি আহিল। হঠাতে পোক-পৰুৱাৰ কামোৰত সাৰ পালো আৰু দেখিলো যে পানীয়ে বিচনাৰ ওপৰ পাইছে,’’ যোগমায়াই কয়।

কোচ-ৰাজবংশী সম্প্ৰদায়ৰ অন্তৰ্গত এই দম্পতীহাল ব্ৰহ্মপুত্ৰৰ উপনৈ পুঠিমাৰীৰ উত্তৰ পাৰৰ পৰা প্ৰায় ২০০ মিটাৰ নিলগত থকা গাঁওখনত বাস কৰে।

সেই নিশাটোৰ কথা বৰ্ণনা কৰি যোগমায়াই আৰু কয়, “আন্ধাৰত মই একো দেখা পোৱা নাছিলো। আমি কোনোমতে খিৰিকিখনৰ ওচৰ পালো। আগতেও বানপানী হৈছে যদিও জীৱনত ইমান পানী দেখা নাই। মোৰ ওচৰত পোক-পৰুৱা আৰু সাপ আদি যে আছে সেয়া অনুমান কৰিছিলো। মই মোৰ মানুহজনলৈ চাই আছিলো আৰু খিৰিকীৰ চৌকাঠত যিমান পাৰো টানকৈ ধৰি আছিলো।’’ নিশা প্ৰায় ২.৪৫ বজাৰ পৰা তেনেকৈ থকাৰ অন্তত অৱশেষত পুৱা ১১ বজাত উদ্ধাৰকাৰী দলে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়।

'যোৱা কেবাটাও দশক ধৰি পুঠিমাৰী নদীৰ মথাউৰিটো বছৰি বাৰিষাৰ বৰষুণ আৰু বানত প্ৰায় একেখিনি ঠাইতে ভাঙি যোৱা দেখা গৈছে'

ভিডিঅ'টো চাওক: 'বানে আমাক জুৰুলা কৰি পেলালে'

বছৰি বছৰি ঘৰ সাজি সাজি একপ্ৰকাৰ ভাগৰি পৰা গাঁওবাসীয়ে বানপানী আৰু এইবাৰৰ অবিৰত বৰষুণৰ পিছত বিধ্বস্ত হৈ পৰা ঘৰবোৰ মেৰামতি কৰিবলৈ অনিচ্ছুক হৈ পৰিছে। বানপানীত ঘৰ হেৰুওৱা কেইবাটাও পৰিয়ালে এতিয়া মথাউৰিত তম্বু তৰি বাস কৰি আছে।

৪২ বছৰীয়া মাধৱী দাস আৰু তেওঁৰ স্বামী দণ্ডেশ্বৰ দাসে (৫৩) যোৱাটো বানে ভাঙি পেলোৱা ঘৰটো কোনোমতে মেৰামতি কৰিছে। কিন্তু আকৌ পানী হোৱাৰ আশংকাত তাতো শান্তিৰে থাকিব পৰা নাই। “পানী বাঢ়িলেই আমি ঘৰ এৰি মথাউৰিলৈ যাও। এইবাৰ আৰু আগৰ দৰে ৰিস্ক ল’ব বিচৰা নাই,’’ মাধৱীয়ে কয়।

মথাউৰিত বাস কৰা লোকসকলে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। মাধৱীয়ে কয় যে বানপানীৰ পিছত দমকলবোৰ বালিৰ তলত পোত খাই গৈছে। খালী প্লাষ্টিকৰ বটল ভৰ্তি বাল্টি এটা দেখুৱাই মাধৱীয়ে কয়, “পানীত বহুত আইৰন আছে। আমি দমকলৰ পানী ফিল্টাৰ কৰি বাল্টি আৰু বটলত ভৰাই মথাউৰিলৈ লৈ যাও।”

“ইয়াত খেতি কৰি বা ঘৰ সাজি লাভ নাই। বানপানীয়ে বাৰে বাৰে সকলো উটুৱাই লৈ যায়,” অতুলৰ পত্নী নিৰদা দাসে কয়। “আমি দুবাৰ টিভি কিনিলো। দুয়োটা টিভিয়ে বানৰ পানীত নষ্ট হৈ গ’ল,’’ বাৰাণ্ডাত বাঁহৰ খুঁটা এটাত আউজি নিৰদাই দুখ মনেৰে কয়।

২০১১ চনৰ লোকপিয়ল অনুযায়ী বগৰীবাৰী গাঁওখনৰ মুঠ জনসংখ্যা ৭৩৯ জন আৰু অধিকাংশ লোকৰেই মূল জীৱিকা হৈছে কৃষি। কিন্তু বছৰি হোৱা বানৰ পিছত পথাৰবোৰ বালিয়ে পুতি পেলোৱাত এতিয়া খেতি কৰাতো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে।

Left: Madhabi Das descends from the embankment to fetch water from a sand filter at her house. Since June 2023, she has had to make this journey to get drinking water.
PHOTO • Pankaj Mehta
Right: 'When the water rose, we came up to the embankment. I don't want to take a risk this time,’ says Dandeswar (purple t-shirt), who works as farmer and a mason in between the cropping seasons. Standing behind him is Dwijen Das
PHOTO • Pankaj Das

বাঁওফালেঃ ঘৰত থকা ফিল্টাৰৰ পৰা পানী আনিবলৈ মথাউৰিৰ পৰা নামি গৈছে মাধৱী দাস। ২০২৩ চনৰ জুন মাহৰে পৰা মাধৱীয়ে এনেকৈয়ে খোৱাপানীৰ ব্যৱস্থা কৰিবলগীয়া হৈ আহিছে। সোঁফালেঃ ' পানী বাঢ়িলেই আমি মথাউৰিত উঠো। এইবাৰ আমি একো ৰিস্ক ল ব খোজা নাই ,’ খেতিয়ক আৰু মাজে মাজে মিস্ত্ৰীৰ কাম কৰা দণ্ডেশ্বৰে (বেঙুনীয়া কামিজ পৰিহিত) কয়

Left: 'We bought a TV twice. Both were damaged by the floods. I have put the [second damaged] TV in a sack and put it on the roof,' says Nirada.
PHOTO • Pankaj Das
Right: The sowing season has not started as the land is covered in sand
PHOTO • Pankaj Das

বাঁওফালেঃ ' আমি দুবাৰকৈ টিভি কিনিছিলো। দুয়োটাই বানপানীয়ে শেষ কৰিলে। ভাল কৰি লাভ নাই। সেয়ে এই দ্বিতীয়টো টিভি চিলিঙৰ ওপৰত তুলি থৈছো ,’ নীৰদাই কয়। সোঁফালেঃ বালিয়ে পুতি পেলোৱাৰ ফলত খেতিৰ বতৰতো খেতি কৰিব পৰা হোৱা নাই

*****

“আমাৰ পিতাই অধিক খেতিৰ মাটিৰ আশাত ইয়ালৈ আহিছিল,” কামৰূপ জিলাৰ গুইয়া গাঁৱৰ পৰা সৰুতে পিতৃ-মাতৃৰ সৈতে উঠি অহা হৰেশ্বৰে কয়। পৰিয়ালটোৱে বগৰীবাৰীত থিতাপি লৈছিল। “এই সেউজীয়া অঞ্চলটোত মানুহৰ বসতি সেৰেঙা আছিল। আমাৰ পিতাহঁতে জংঘল কাটি যিমান পাৰে সিমান মাটিত খেতি কৰিছিল। কিন্তু এতিয়া, মাটি থাকিলেও আমি খেতি কৰিব নোৱাৰো,’’-তেওঁ কয়।

যোৱা বছৰ (২০২২) হৰেশ্বৰে কঁঠিয়া সিঁচি ভূঁই ৰুবলৈ ওলোৱাৰ সময়তে বানপানী আহিছিল। তেওঁৰ আঠ বিঘা (প্ৰায় ২.৬ একৰ) খেতিৰ মাটি পানীয়ে বুৰাই পেলাইছিল আৰু কঁঠিয়াবোৰ পচি গৈছিল।

“এইবাৰো কঁঠিয়া সিঁচিছো, কিন্তু পানীয়ে সকলো শেষ কৰিলে। এনেকৈ আৰু কি খেতি কৰিম,’’ হৰেশ্বৰে হুমুনিয়াহ কাঢ়ি কয়। চলিত বৰ্ষৰ জুন মাহত হোৱা নেৰানেপেৰা বৰষুণত হৰেশ্বৰে ঘৰৰ কাষতে কৰা জলকীয়া, ভাত কেৰেলা আদিৰ খেতিও নষ্ট হৈ পৰিছিল।

খেতি বাদ দিবলগীয়া হোৱা আন বহু পৰিয়ালৰ মাজৰ এটি পৰিয়াল হৈছে সমীন্দ্ৰ দাসৰ পৰিয়ালটো। '‘আমাৰ আগতে ১০ বিঘা [৩.৩ একৰ] খেতিৰ মাটি আছিল। আজি সেইবোৰৰ কোনো চিন-চাব নাই, সকলো বালিয়ে পুতি পেলাইছে,’’ সমীন্দ্ৰই কয়। ৫৩ বছৰীয়া সমীন্দ্ৰই লগতে কয়, “এইবাৰ নেৰানেপেৰা বৰষুণৰ বাবে আমাৰ ঘৰৰ ঠিক পিছফালে থকা মথাউৰিটো ভাঙো ভাঙো হৈছিল। নদীৰ পানী বাঢ়ি অহাৰ লগে লগে আমি পুনৰ তম্বুলৈ [বাঁহৰ খুঁটা আৰু টাৰ্পলিনেৰে নিৰ্মিত অস্থায়ী আশ্ৰয় শিবিৰ] লৈ গ’লোঁ।”

Left: ' We had 10 bigha land, now there is no trace of it;  it has turned into a hillock of sand,' says Samindar Nath Das.
PHOTO • Pankaj Das
Right: A traditional sand-charcoal filter in front of his flood-ravaged house. Because of the high iron level, you cannot drink unfiltered water here
PHOTO • Pankaj Das

বাঁওফালেঃ 'আমাৰ ১০ বিঘা মাটি আছিল, এতিয়া তাৰ চিন-মোকামেই নাই, সকলো এতিয়া বালিৰ পাহাৰ হৈ পৰিছে,’ সমীন্দ্ৰ নাথ দাসে কয়। সোঁফালেঃ বানে ধুই নিয়া ঘৰখনৰ চোতালৰ কাষত বালি-শিল আৰু এঙাৰ দি তৈয়াৰ কৰা পানীৰ ফিল্টাৰ। আইৰনৰ অধিক মাত্ৰাৰ বাবে এই অঞ্চলটোত ফিল্টাৰ নকৰাকৈ পানী খোৱাতো সম্ভৱ নহয়

Left: 'Al l I have seen since I came here after getting married to Sambhuram in 2001 is flood,' says Jogamaya.
PHOTO • Pankaj Das
Right: When the 2022 flood buried their paddy fields in sand, Jogamaya and her husband Shambhuram Das had to move to daily wage work
PHOTO • Pankaj Das

বাঁওফালেঃ '২০০১ চনত শম্ভূৰামৰ সৈত বিয়া হৈ অহাৰ পিছৰে পৰা পানীয়েই দেখি আহিছো,’ যোগমায়াই কয়। সোঁফালেঃ ২০২২ৰ বানৰ পিছত বালিয়ে পথাৰ পুতি পেলোৱাত যোগমায়া আৰু তেওঁৰ স্বামী শম্ভূৰামে দিন হাজিৰা কৰিবলগীয়াত পৰিছে

যোগমায়া আৰু শম্ভূৰামৰ পৰিয়ালৰ তিনি বিঘা (প্ৰায় এক একৰ) খেতিৰ মাটি আছিল য’ত তেওঁলোকে ধান আৰু মাজে মাজে সৰিয়হৰ খেতি কৰিছিল। যোগমায়াই মনত পেলাইছে যে ২২ বছৰ পূৰ্বে বিয়াৰ সময়ত গুৱাহাটীৰ পৰা ৫০ কিলোমিটাৰ নিলগৰ এই গাঁওখন আছিল এখন শস্য-শ্যামলা গাঁও। কিন্তু এতিয়া গাঁওখন বালিময় হৈ পৰিছে।

খেতি পথাৰবোৰ বালিয়ো পুতি পেলোৱাত শম্ভূৰামে খেতি বাদ দি আন কাম বিচাৰিব লগা হ’ল। বগৰীবাৰীৰ আন বহুজনৰ দৰে তেঁৱো দিন হাজিৰা কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া তেওঁ চুবুৰীয়া গাঁৱত এদিনত ৩৫০ টকাকৈ হাজিৰা কাম কৰে। “মানুহজনে খেতি কৰি বহুত ভাল পাইছিল,’’ যোগমায়াই আক্ষেপেৰে কয়।

কিন্তু কাম সদায়েই পোৱা নাযায়। যোগমায়ায়ো ইঘৰ-সিঘৰত কাম কৰি দিনটোত প্ৰায় ১০০–১৫০ টকা উপাৰ্জন কৰে। এসময়ত যোগমায়াই পথাৰত ভূঁই ৰুইছিল। কেতিয়াবা অইনৰ পথাৰতো কাম কৰি দুই-চাৰি পইছা পাইছিল। খেতিৰ উপৰিও যোগমায়া কাপোৰ বোৱাতো পাকৈত। তেওঁৰ নিজাকৈ তাঁতশাল আছে য’ত গামোছা আৰু চাদৰ বৈ সেইবোৰ বিক্ৰী কৰিও কিছু টকা উপাৰ্জন কৰিছিল।

খেতি কৰি চলাতো অসম্ভৱ হৈ পৰাত, যোগমায়াই তাঁতশালখনকে সম্বল হিচাপে লৈছিল। কিন্তু নৈখনে যেন তেওঁলোকৰ ভাল হোৱাতো বিচৰা নাছিল। যোগমায়াই কয়, “মই যোৱা বছৰলৈকে আধিত কাপোৰ বৈছিলো। কিন্তু এতিয়া কেৱল তাঁতশালখনহে ৰৈছে। বাকী উঘা, চেৰেকি, মহুৰা, যঁতৰ সকলো পানীত উটি গ’ল।’’

কামৰ অভাৱ আৰু উপাৰ্জনৰ অনিশ্চয়তাৰ বাবে যোগামায়াৰ পৰিয়ালটোৰ পক্ষে এতিয়া সন্তানৰ পঢ়া-শুনাৰ খৰছ উলিওৱাটোও কঠিন হৈ পৰিছে। তেওঁলোকৰ ১৫ বছৰীয়া পুত্ৰ ৰাজীৱ কাউৰবাহা নৱমিলন হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। যোৱা বছৰ বানপানীৰ ঠিক আগতেই তেওঁৰ পিতৃ-মাতৃয়ে ৰাজীৱক মথাউৰিৰ ওচৰৰ এজন আত্মীয়ৰ ঘৰলৈ পঠিয়াইছিল। দম্পতীহালৰ দুগৰাকী কন্যাও আছে – ধৃতিমণি আৰু নিতুমণি। দুয়োগৰাকীয়ে বিবাহিত, এগৰাকী কাটানিপাৰা আৰু আনগৰাকী কেন্দুকোনালৈ বিয়া হৈ গৈছে।

*****

Left: Atul Das and his wife Nirada have been fighting floods all their life.
PHOTO • Pankaj Das
Right: Atul shows us his banana grove which was ravaged by the overflowing river during the third week of June, 2023. He had cultivated lemon along with other vegetables which were also damaged by the floods
PHOTO • Pankaj Das

বাঁওফালেঃ অতুল দাস আৰু তেওঁৰ পত্নী নীৰদাই গোটেই জীৱনটো পানীৰ সৈতেই যুঁজি আহিছে। সোঁফালেঃ বানত নষ্ট হৈ পৰা কলৰ বাগিচাখন দেখুৱাইছে অতুল দাসে। আন পাচলিৰ লগতে অতুলে নেমুৰ খেতিও কৰি আহিছে আৰু সেই সকলোবোৰ বানপানীত নষ্ট কৰিছে

পুঠিমাৰী নৈৰ এনে সঘন বানৰ ফলত অতুল দাসৰ পৰিয়ালটো দিশহাৰা হৈ পৰিছে। ‘মই ৩.৫ বিঘা [১.১ একৰ] মাটিত কল আৰু এক বিঘা [০.৩৩ একৰ] মাটিত নেমু খেতি কৰিছিলো। এক বিঘাত ৰঙালাউ আৰু কোমোৰা লগাইছিলো। নদীৰ পানী আকৌ বাঢ়িল আৰু সকলো শেষ হৈ গ’ল,’’-অতুলে কয়। অৱশ্যে কেইসপ্তাহমান পিছত তাৰে আধাতকৈ কম অংশ পুনৰ ঠন ধৰি উঠিছিল।

অতুলৰ মতে, ৰাস্তা-ঘাটৰ দুৰৱস্থাৰ বাবে বহু গাঁওবাসীয়ে পাচলি খেতি বাদ দিবলগীয়া হৈছে। যিসকলে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব বিচাৰে তেওঁলোকে ভঙা মথাউৰি আৰু জৰাজীৰ্ণ পথেৰে বয়-বস্তু বজাৰলৈ বেচিবলৈ লৈ যোৱাতো অসম্ভৱ হৈ পৰিছে।

অতুলে কয়, ‘'আগতে আমাৰ খেতিৰ ফচলবোৰ ৰঙিয়া আৰু গুৱাহাটীলৈ লৈ গৈছিলো। এটা সময় আছিল যেতিয়া মই ৰাতি কল আৰু নেমু গাড়ীত ভৰাইছিলো। পিছদিনা ৰাতিপুৱা প্ৰায় ৫:০০ বজাত গুৱাহাটীলৈ গৈ ফাঁচী বজাৰত সেইবোৰ বিক্ৰী কৰি সন্ধিয়া নৌহওতেই ঘৰ আহি পাইছিলো। কিন্তু যোৱা বানপানীৰ পিছত এয়া অসম্ভৱ হৈ পৰিছে।’’

‘আমাৰ পথাৰত হোৱা বস্তুবোৰ নাৱেৰে ধুলাবাৰীলৈ লৈ গৈছিলোঁ। কিন্তু কি কম! ২০০১ চনৰ পৰা মথাউৰিটো বহুবাৰ ভাঙিছে। ২০২২ চনৰ বানপানীৰ পিছত মেৰামতি কৰিবলৈ পাঁচ মাহ সময় লাগিছিল,’’ অতুলে লগতে কয়।

মথাউৰিটো ভাঙি পৰাৰ ফলত উদ্ভৱ হোৱা সমস্যাৰ কথা মনত পেলাই অতুলৰ মাতৃ প্ৰভাৱালা দাসে হুমুনিয়াহ কাঢ়ি কয়, ‘'বানপানীয়ে আমাৰ সকলো শেষ কৰি পেলালে।’’

মথাউৰিত উঠি আমি যেতিয়া উভতিবলৈ লৈছিলো তেতিয়া প্ৰভাৱালাৰ পুত্ৰ অতুলে আমাক মথাউৰিটোলৈ আগবঢ়াই দিছিল। “আগৰবাৰো আপোনালোকে বেয়া দিনত আহিছিল। ভাল দিনতো কেতিয়াবা আহিব। তেতিয়া বাৰীৰ নিৰ্ভেজাল শাক-পাচলি দি পঠিয়াব পাৰিম,” আমি অহাৰ পৰত অতুলে আমাক কৈছিল।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Wahidur Rahman

वाहिद-उर-रहमान, असम के गुवाहाटी में स्थित स्वतंत्र पत्रकार व संवाददाता हैं.

की अन्य स्टोरी Wahidur Rahman
Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das
Photographs : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das
Editor : Sarbajaya Bhattacharya

सर्वजया भट्टाचार्य, पारी के लिए बतौर सीनियर असिस्टेंट एडिटर काम करती हैं. वह एक अनुभवी बांग्ला अनुवादक हैं. कोलकाता की रहने वाली सर्वजया शहर के इतिहास और यात्रा साहित्य में दिलचस्पी रखती हैं.

की अन्य स्टोरी Sarbajaya Bhattacharya
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

की अन्य स्टोरी Dhrubajyoti Dhanantari