দ-দম্-দম্...দ-দম্-দম্...! শান্তি নগৰ বস্তিৰ গলিয়ে গলিয়ে এই বিশেষ মাতে আপোনাৰ পিছ নেৰিব। সেয়া ঢোলৰ মাত। আৰু আমি সেই ঢোল বনোৱা, ৰাস্তাই ৰাস্তাই কান্ধত ওলমাই লৈ বিক্ৰী কৰি ফুৰা ৩৭ বৰ্ষীয় ঢোল নিৰ্মাতা ইৰফান শ্বেইখৰ লগত ঘুৰি ফুৰিছো। তেওঁ আমাক মুম্বাইৰ উত্তৰ ভাগৰ উপকণ্ঠ অঞ্চলৰ প্ৰব্ৰজনকাৰীৰ এই বস্তিটোৰ আন শিল্পীসকলৰ সৈতে চিনাকি কৰাই দিছে।

এই ঠাইৰ প্ৰায় আটাইবোৰ শিল্পীৰে ঘাই ঘৰ বিচাৰিলে উত্তৰ প্ৰদেশৰ বাৰাবাঁকি জিলাতে ওলাবগৈ। ব্যৱসায়বিধত তেওঁলোকৰ প্ৰায় ৫০ গৰাকী লোক আছে। “আমি যিফালেই চায়, সিফালেই আমাৰ বিৰাদৰী (সম্প্ৰদায়)ৰ মানুহক এই শিল্পত ব্যস্ত হৈ থকা দেখিবলৈ পাব,” সমগ্ৰ মুম্বাইকে ধৰি ৰাজ্যখনৰ বিভিন্ন অংশলৈ তেওঁলোকৰ ঢোল সৰবৰাহ হোৱাৰ দাবী কৰি তেওঁ গৌৰৱেৰে কথাষাৰ কয়। (বিৰাদৰী মানে দৰাচলতে ভ্ৰাতৃত্ববোধ বুজায়, কিন্তু প্ৰায়ে নিজৰ জাতি, সম্প্ৰদায় বা সমভাৱাপন্ন লোকৰ সমাজ বুজাবলৈহে প্ৰায়ে ব্যৱহাৰ কৰা হয়)।

ঢোল বনোৱা ইঞ্জিনিয়াৰৰ এই ভিডিঅ’টো চাওক

ইৰফানে শৈশৱৰ পৰাই এই বেপাৰত জৰিত। এই মজলীয়া আকাৰৰ ঢোল বনোৱা কামটো তেওঁলোকে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি কৰি আহিছে। ঢোল বনোৱাৰ প্ৰক্ৰিয়াটো বৰ কষ্টসাধ্য। ইৰফান আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে উত্তৰ প্ৰদেশৰ পৰা সামগ্ৰী নিজে চাই-মেলি কিনি আনে। কাঠৰ পৰা আৰম্ভ কৰি ৰছী-ৰং সকলো তেওঁলোকে নিজে কিনে। “আমি নিজে এয়া বনাও, মেৰামতিও কৰোঁ...আমিয়ে ইয়াৰ ইঞ্জিনিয়াৰ,” তেওঁ কয়।

ইৰফানে নতুন নতুন ধৰণৰ কিবা-কিবি কৰি থাকে। গোৱাত এজন আফ্ৰিকীয় মানুহে বজাই থকা জেম্বে বোলা বাদ্যযন্ত্ৰবিধ দেখি তেঁৱো সেয়া তেওঁৰ বেপাৰত অন্তৰ্ভুক্ত কৰিলে। “বৰ মজাৰ বস্তু। মানুহে আগতে ইয়াত সেয়া দেখা নাছিল,” তেওঁ মনত পেলায়।

নতুনত্ব আৰু চাৰুশিল্পৰ দক্ষতা আছে যদিও তেওঁ ভাৱে যে এইটো পেছাত যিধৰণে তেওঁ সন্মান পাব লাগিছিল, সেয়া পোৱা নাই। বেপাৰবিধত তেওঁৰ সিমান লাভো হোৱা নাই। আজিৰ তাৰিখত মুম্বাইত ঢোল নিৰ্মাতাসকলে সস্তীয়া অনলাইন বজাৰখনৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আনহাতে গ্ৰাহকেও অনলাইনত কমত পায় বুলি কৈ তেওঁলোকৰ লগত বৰকৈ দৰদাম খেলি থকা হৈছে।

“কিছুমান আছে ঢোলবাদক, তেওঁলোকৰ নিজৰ পৰম্পৰা আছে। কিন্তু আমাৰ সম্প্ৰদায়টোৱে নিজে নবজায়, বনাই বিক্ৰীহে কৰে,” ইৰফানে কয়। ধৰ্মীয় বাধা-নিষেধৰ বাবে এই সম্প্ৰদায়ৰ ঢোল বনোৱা শিল্পীয়ে বাদ্যযন্ত্ৰবিধ বজোৱাৰ অনুমতি নাই। তথাপি গণেশ পূজ আৰু দুৰ্গা পূজাৰ উৎসৱত বজোৱা গ্ৰাহকৰ বাবে তেওঁলোকে এই ঢোল বনায়।

PHOTO • Aayna
PHOTO • Aayna

ইৰফান শ্বেইখ (বাওঁফালে) আৰু তেওঁলোকৰ বস্তিৰ লোকসকল উত্তৰ প্ৰদেশৰ পৰা প্ৰব্ৰজিত, তেওঁলোকে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ঢোল বনাই আহিছে। ইৰফানে নিজাকৈ জেম্বে বনাই শিল্পবিধত নতুনত্ব আনিছে

PHOTO • Aayna
PHOTO • Aayna

শৈশৱৰে পৰা ঢোল বনোৱা আৰু বিক্ৰী কৰা কামটোত ইৰফানে বাৰুকৈয়ে মনোনিৱেশ কৰিছিল, তেওঁ নিজৰ এই কামটো ভাল পায়। কিন্তু বেপাৰত পইচা একেবাৰে কম বাবে তেওঁ চিন্তিত হৈ পৰিছে

বস্তিটোতে মহিলা আছে যিয়ে ঢোল বজাই আৰু গীত গাই ভাল পায়, কিন্তু তেওঁলোকে ঢোল নবনায় আৰু বিক্ৰীও নকৰে। কিন্তু ধৰ্মীয় ৰীতি-নীতি কিছুমানৰ প্ৰতি সন্মান জনায় কাৰণে বাহিৰত পেছাদাৰী শিল্পী হিচাপে ঢোল বাদন কৰিবলৈ নাযায়।

“এই কামটো ভালেই, মাত্ৰ আন বেপাৰৰ দৰে মনোগ্ৰাহী কাম নহয়। মুনাফা বুলিবলৈ নাই। আজি এটকাও পোৱা নাই। আজিও ৰাস্তাত ঘুৰি ফুৰিছো। কালিও ৰাস্তাতে আছিলো,” ইৰফানে কয়।

অনুবাদ: পংকজ দাস

Aayna

आयना, विजुअल स्टोरीटेलर और फ़ोटोग्राफ़र हैं.

की अन्य स्टोरी Aayna
Editor : Pratishtha Pandya

प्रतिष्ठा पांड्या, पारी में बतौर वरिष्ठ संपादक कार्यरत हैं, और पारी के रचनात्मक लेखन अनुभाग का नेतृत्व करती हैं. वह पारी’भाषा टीम की सदस्य हैं और गुजराती में कहानियों का अनुवाद व संपादन करती हैं. प्रतिष्ठा गुजराती और अंग्रेज़ी भाषा की कवि भी हैं.

की अन्य स्टोरी Pratishtha Pandya
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das