শইচ সোণোৱালী হোৱাৰ আগে আগে সেউজীয়া পথাৰত নৰেন হাজৰিকাই প্ৰাণ খুলি বিহু গীত জুৰিছে। ৭০ বছৰীয়া নৰেন হাজৰিকাক ঢোল আৰু তালেৰে সংগ দিছে জিতেন হাজৰিকা (৮২) আৰু ৰবীন হাজৰিকাই (৬০)। এওঁলোক তিনিওজন তিতাবৰ মহকুমাৰ বালিজান গাঁৱৰ ক্ষুদ্ৰ খেতিয়ক। ডেকা বয়সত তিনিওজন অঞ্চলটোৰ ভিতৰতে বিখ্যাত বিহুৱা আছিল।

কৈনো কৈ থাকিলেও ওৰকে নপৰে ৰঙালী বিহুৰে কথা

ৰঙালী বিহুৰ এটি গীত শুনক: দিখৌৰ কপি লগা দলং

ধান চপোৱাৰ সময় (নৱেম্বৰ-ডিচেম্বৰ) অহাৰ লগে লগে সেউজীয়া পথাৰখন সোণোৱালী হ’ব আৰু ৰাইজৰ ভঁৰাল বৰা, জহা, আইজং ইত্যাদি বিবিধ শইছেৰে উপচি পৰিব। বছৰৰ শেষত কষ্টৰ খেতিখন চপাই উঠাৰ যি অপাৰ আনন্দ, তাৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায় যুগ যুগ ধৰি চলি অহা বিহুনাম সমূহত। চুতীয়াসকল হৈছে উজনি অসমৰ মূলতঃ কৃষি নিৰ্ভৰ এক ভূমিপুত্ৰ জনগোষ্ঠী।

অসমীয়াত তামোল, নাৰিকল বা কলৰ সংগ্ৰহ বুজাবলৈ ব্যৱহৃত হোৱা "ঠোক" শব্দটো শইচৰ প্ৰাচুৰ্য বুজাবলৈ ব্যৱহৃত হয়। শইচৰ প্ৰতি থকা টান প্ৰকাশ কৰি গানবোৰত প্ৰতীকাত্মক ৰূপত ব্যৱহাৰ হয় ‘মৰমৰ ঠোক’ৰ দৰে শব্দ। কৃষিনিৰ্ভৰ সমাজখনৰ বাবে শইচৰ প্ৰতি থকা এই ভালপোৱাৰ টান শিল্পীসকলৰ কণ্ঠই বহল সমাজলৈ কঢ়িয়াই নিয়ে।

“বেয়া নাম ওলালে ক্ষমিবা সকলো
প্ৰথমে বিহু নাম গাওঁ

তেওঁলোকে বিচাৰে নতুন চামেও এই পৰম্পৰা আঁকোৱালি লওঁক, যাতে এই চহকী পৰম্পৰা হেৰাই নাযায়।

ঐ সোণমইনা চতিয়নাৰ ওপৰে
’… সোণমইনা বেলি ঘূৰে দুপৰে...

সোণমইনা শীৰ্ষক বিহু গীতটি উপভোগ কৰক

ধান চপোৱাৰ সময়ৰ বিহুগীত যৌৱনদৈ চাওক

Himanshu Chutia Saikia

हिमांशु सुतिया सैकिया, असम के जोरहाट ज़िले के एक स्वतंत्र डॉक्यूमेंट्री फ़िल्ममेकर, म्यूज़िक प्रोड्यूसर, फ़ोटोग्राफ़र, और एक स्टूडेंट एक्टिविस्ट हैं. वह साल 2021 के पारी फ़ेलो हैं.

की अन्य स्टोरी Himanshu Chutia Saikia
Editor : PARI Desk

पारी डेस्क हमारे संपादकीय कामकाज की धुरी है. यह टीम देश भर में सक्रिय पत्रकारों, शोधकर्ताओं, फ़ोटोग्राफ़रों, फ़िल्म निर्माताओं और अनुवादकों के साथ काम करती है. पारी पर प्रकाशित किए जाने वाले लेख, वीडियो, ऑडियो और शोध रपटों के उत्पादन और प्रकाशन का काम पारी डेस्क ही संभालता है.

की अन्य स्टोरी PARI Desk