শইচ সোণোৱালী হোৱাৰ আগে আগে সেউজীয়া পথাৰত নৰেন হাজৰিকাই প্ৰাণ খুলি বিহু গীত জুৰিছে। ৭০ বছৰীয়া নৰেন হাজৰিকাক ঢোল আৰু তালেৰে সংগ দিছে জিতেন হাজৰিকা (৮২) আৰু ৰবীন হাজৰিকাই (৬০)। এওঁলোক তিনিওজন তিতাবৰ মহকুমাৰ বালিজান গাঁৱৰ ক্ষুদ্ৰ খেতিয়ক। ডেকা বয়সত তিনিওজন অঞ্চলটোৰ ভিতৰতে বিখ্যাত বিহুৱা আছিল।
“ কৈনো কৈ থাকিলেও ওৰকে নপৰে ৰঙালী বিহুৰে কথা ”
ধান চপোৱাৰ সময় (নৱেম্বৰ-ডিচেম্বৰ) অহাৰ লগে লগে সেউজীয়া পথাৰখন সোণোৱালী হ’ব আৰু ৰাইজৰ ভঁৰাল বৰা, জহা, আইজং ইত্যাদি বিবিধ শইছেৰে উপচি পৰিব। বছৰৰ শেষত কষ্টৰ খেতিখন চপাই উঠাৰ যি অপাৰ আনন্দ, তাৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায় যুগ যুগ ধৰি চলি অহা বিহুনাম সমূহত। চুতীয়াসকল হৈছে উজনি অসমৰ মূলতঃ কৃষি নিৰ্ভৰ এক ভূমিপুত্ৰ জনগোষ্ঠী।
অসমীয়াত তামোল, নাৰিকল বা কলৰ সংগ্ৰহ বুজাবলৈ ব্যৱহৃত হোৱা "ঠোক" শব্দটো শইচৰ প্ৰাচুৰ্য বুজাবলৈ ব্যৱহৃত হয়। শইচৰ প্ৰতি থকা টান প্ৰকাশ কৰি গানবোৰত প্ৰতীকাত্মক ৰূপত ব্যৱহাৰ হয় ‘মৰমৰ ঠোক’ৰ দৰে শব্দ। কৃষিনিৰ্ভৰ সমাজখনৰ বাবে শইচৰ প্ৰতি থকা এই ভালপোৱাৰ টান শিল্পীসকলৰ কণ্ঠই বহল সমাজলৈ কঢ়িয়াই নিয়ে।
“বেয়া
নাম ওলালে ক্ষমিবা সকলো
প্ৰথমে বিহু নাম গাওঁ
”
তেওঁলোকে বিচাৰে নতুন চামেও এই পৰম্পৰা আঁকোৱালি লওঁক, যাতে এই চহকী পৰম্পৰা হেৰাই নাযায়।
“
ঐ
সোণমইনা চতিয়নাৰ ওপৰে
অ
’
অ
’…
সোণমইনা বেলি ঘূৰে দুপৰে...
”