সুপাৰি পুটেলে কিমান বছৰ কিমানখন হস্পিতালৰ ভিতৰত কটাবলগীয়া হৈছে তাৰ হিচাপ তেওঁ ৰখা নাই।

বহুবছৰ ধৰি সুপাৰিয়ে ১৭ বছৰীয়া ৰুগীয়া পুত্ৰৰ চিকিৎসাৰ বাবে ওড়িশা আৰু ছত্তীশগড়ৰ হস্পিতাললৈ গৈ থাকিবলগীয়া হৈছিল। তাৰপিছত খুব কম দিনৰ বাবে মুম্বাইত নিজৰ স্বামীৰ কাৰণে হস্পিতালত থাকিল।

চাৰি মাহৰ ভিতৰতে, ২০১৯ত সুপাৰিক দুখৰ অথাই সাগৰত পেলাই দুয়োজনেই ঢুকাল।

তেওঁৰ স্বামী সুৰেশ্বৰৰ বয়স আছিল মাত্ৰ ৪৪ বছৰ। ২০১৯ৰ ছেপ্টেম্বৰত তেওঁ আৰু সুপাৰিয়ে ওড়িশাৰ বালাংগীৰ জিলাৰ নিজ ঘৰৰ পৰা ১৪০০ কিলোমিটাৰ দূৰৰ মুম্বাইলৈ কাম কৰিবলৈ গ’ল। শ্ৰমিক যোগান ধৰা স্থানীয় এজেণ্ট এজনে তেওঁলোকক নিৰ্মাণৰ ছাইট এটাৰ কামৰ বাবে নিয়োগ কৰিলে। “আমাৰ ধাৰবোৰ মাৰি ঘৰটো (নিৰ্মাণ)ৰ কাম সম্পূৰ্ণ কৰিবলৈ কিছু টকা গোটাম বুলি তালৈ গৈছিলো,” সুপাৰিয়ে কয়। দুয়োজনে মিলি এদিনত ৬০০ টকা দিনহাজিৰা পাইছিল।

“এদিনাখন গধূলি মুম্বাইৰ ছাইটত কাম কৰি থকা সময়ত স্বামীৰ তীৰকঁপে জ্বৰ উঠিল,” টুৰুকেলা ব্লকৰ ৯৩৩ জন বাসিন্দাৰ হিয়াল গাঁৱৰ মাটিৰ ঘৰটোৰ বাৰান্দাত মাটিতে বহি থকা ৪৩ বছৰীয়া সুপাৰিয়ে মনত পেলালে। তেওঁলোকৰ পৰিয়ালটো মালি সম্প্ৰদায়ৰ, অনান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত।

সুপাৰি আৰু নিৰ্মাণ ছাইটৰ তত্ত্বাৱধায়কজনে সুৰেশ্বৰক অটোৰিক্সা এখনত আৰু পিছত এম্বুলেঞ্চ এখনত উঠাই চহৰখনৰ উপকণ্ঠীয় তিনিখন হস্পিতাল ঘূৰোৱাৰ পিছত উত্তৰ-মধ্য মুম্বাইৰ চিয়নস্থিত লোকমান্য তিলক মিউনিচিপাল জেনেৰেল হস্পিতালত ভৰ্ত্তি কৰিবলৈ সক্ষম হ’ল।

“আমাৰ আধাৰ কাৰ্ড আৰু আন কাগজ-পত্ৰ (সেই সময়ত) নথকাৰ বাবে ইখনৰ পিছত সিখন হস্পিতালে আমাক ভৰ্ত্তি নকৰিলে,” সুপাৰিয়ে কয়। “তেওঁৰ জণ্ডিচ (লক্ষণ) হৈছিল। তেওঁৰ কঁকালৰ তলৰ অংশ বিকল হৈ পৰিছিল, মই তেওঁৰ ভৰিৰ পতা মালিচ কৰি আছিলো,” কি হৈছিল নাজানি তেওঁ তাকেই কৰিছিল বুলি কয়। তাৰে পিছদিনাই, ২০১৯ৰ ৬ নৱেম্বৰত সেইখন হস্পিতালতে সুৰেশ্বৰৰ মৃত্যু হয়।

Supari Putel in front of her mud house and the family's incomplete house (right) under the Pradhan Mantri Awaas Yojana: 'This house cost me my husband'
PHOTO • Anil Sharma
Supari Putel in front of her mud house and the family's incomplete house (right) under the Pradhan Mantri Awaas Yojana: 'This house cost me my husband'
PHOTO • Anil Sharma

মাটিৰ ঘৰটোৰ সন্মুখত সুপাৰি পুটেল আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পোৱা পৰিয়ালৰ আধৰুৱা ঘৰটোঃ এই ঘৰটোৰ কাৰণেই মই মোৰ স্বামীক হেৰুৱালো

“ওড়িশালৈ আনিলে খৰছ বহুত হ’ব বুলি কৈ তত্ত্বাৱধায়কজনে সুৰেশ্বৰৰ শেষকৃত্য মুম্বাইতে কৰিবলৈ মোক কৈছিল। মই তাকেই কৰিলো,” সুপাৰিয়ে কয়। “তত্ত্বাৱধায়কজনে শেষকৃত্যৰ খৰছ বহন কৰিলে আৰু মোৰ দেয়খিনি দি ঘৰলৈ পঠিয়ালে। এহাতে মোৰ স্বামীৰ অস্থি আৰু আনখন হাতত তেওঁৰ মৃত্যুৰ প্ৰমাণপত্ৰ,” তেওঁ কয়। ২০১৯ৰ ১১ নৱেম্বৰত তেওঁ মজুৰি হিচাপে পোৱা টকাৰ ৬০০০ টকা খৰছ কৰি বালাংগীৰৰ কাৰ্লাবাহালি গাঁৱৰ পৰা তেওঁক আনিবলৈ মুম্বাইলৈ যোৱা ভায়েকৰ লগত সুপাৰি ঘৰলৈ উভতিল।

মুম্বাইলৈ যোৱাৰ আগতে সুপাৰি আৰু সুৰেশ্বৰে তেওঁলোকৰ নিজ গাওঁ, বালাংগীৰৰ কাণ্টাভাঞ্জি চহৰ বা ছত্তীশগড়়ৰ ৰায়পুৰ চহৰত দিনহাজিৰা কৰি দিনে গাইপতি ১৫০ টকা উপাৰ্জন কৰিছিল। (ওড়িশা চৰকাৰে ২০২০ৰ জুলাই মাহৰ এক অধিসূচনাৰ জৰিয়তে ‘অকৌশলী’ শ্ৰেণীৰ কৰ্মীৰ দিনহাজিৰা ৩০৩.৪ টকা কৰাৰ নিৰ্দেশ দিছিল)। তেওঁলোকে সুৰেশ্বৰৰ ছয় ভাই (নিজৰ নামত কিমান মাটি আছে সুপাৰিয়ে নাজানে)ৰ সৈতে একেলগে মাটি আছে, কিন্তু অঞ্চলটোৰ পানীৰ সংকটৰ ফলত মাটিখিনি চন পৰি আছে।

২০১৬ আৰু ২০১৮ৰ মাজত তেওঁলোকে ইটাৰ ভাতীত কাম কৰিবলৈ দুবাৰ ‘মাদ্ৰাছ’লৈ গৈছিল, সুপাৰীয়ে কয়। “আমাৰ সন্তানটো ডাঙৰ হ’বলৈ ধৰিছিল, আকৌ ইফালে বিদ্যাধৰ সঘনাই অসুখত পৰিবলৈ ধৰাত আমাক টকাৰ প্ৰয়োজন হৈছিল। তাৰ ১০ বছৰ ধৰি অসুখ হৈ আছিল।”

বিদ্যাধৰ তেওঁলোকৰ মাজৰটো সন্তান আছিল। সুপাৰীৰ এগৰাকী কন্যা ২২ বছৰীয়া জননী আৰু এজন পুত্ৰ ১৫ বছৰীয়া ধনুধৰ। তেওঁৰ ৭১ বছৰ বয়সীয়া শাহুৱেক সুফুলেও পৰিয়ালটোৰ সৈতে থাকে। সুফুলে স্বামী লুকনাথ (প্ৰয়াত)ৰ সৈতে খেতিপথাৰত কাম কৰিছিল আৰু এতিয়া বৃদ্ধ পেঞ্চনেৰে চলে। জননীৰ ১৮ বছৰ বয়সতে ২০১৭ত নৌপাড়া জিলাৰ চিকুৱান গাঁৱত বিয়া হৈছিল। দশমমানত পঢ়়ি থকা ধনুধৰে তেওঁৰ ভায়েক ঢুকোৱাত আৰু মাক-দেউতাক মুম্বাইলৈ কামৰ বাবে যোৱাৰ পিছত ভনীয়েকৰ ঘৰত থাকিবলৈ লয়।

সুপাৰিয়ে নাজানে যে কি ধৰণৰ কৰ্কট ৰোগে তাইৰ ১৭ বছৰীয়া সন্তানটোক কাঢ়ি নিলে। বিদ্যাধৰে ১০ বছৰ ধৰি সেই ৰোগৰ বিৰুদ্ধে যুঁজিছিল। পৰিয়ালটোৱে চিকিৎসাৰ বাবে ইখনৰ পিছত সিখন হস্পিতাল ঘূৰি ফুৰিছিল। “আমি তিনি বছৰ বুৰ্লা হস্পিতাল (সম্বলপুৰ জিলাত থকা)ত চিকিৎসা কৰালো, বালাংগীৰৰ এখন হস্পিতালত তিনি বছৰ কটালো আৰু ৰামকৃষ্ণ হস্পিতাললৈও গ’লো,” তেওঁ মনত পেলালে। শেষৰখন হস্পিতাল আছিল ৰায়পুৰৰ এখন ব্যক্তিগত হস্পিতাল, সুপাৰিৰ গাঁৱৰ পৰা ১৯০ কিলোমিটাৰ দূৰৰ হস্পিতালখনলৈ হিয়ালৰ নিকটৱৰ্ত্তী ৰেলৱে ষ্টেশ্যন কাণ্টাবাঞ্জিৰ পৰা ৰেলেৰে তেওঁলোকে যাতায়ত কৰিছিল।

পৰিয়ালটোৱে বিগত বছৰবোৰত বন্ধুবৰ্গ, আত্মীয়-কুটুম আৰু স্থানীয় সুতখোৰৰ পৰা বিদ্যাধৰৰ চিকিৎসাৰ বাবে টকা ধাৰলৈ লৈছিল। সুপাৰিয়ে আনকি জননীৰ গহনাও কাণ্টাবাঞ্জিৰ এখন দোকানত বন্ধকত থৈ পুত্ৰৰ চিকিৎসাৰ নামত হোৱা খৰছৰ বাবে ৫০,০০০ টকা গোটাইছিল।

Suphul Putel (left), still grieving too, is somehow convinced that Supari, her daughter-in-law, is not being truthful about how Sureswara died: 'My son talked to me on the phone and he seemed to be well...'
PHOTO • Anil Sharma
Suphul Putel (left), still grieving too, is somehow convinced that Supari, her daughter-in-law, is not being truthful about how Sureswara died: 'My son talked to me on the phone and he seemed to be well...'
PHOTO • Anil Sharma

সুফুল পুটেলে (বাওঁফালে) এতিয়াও শোকত আছে , সুৰেশ্বৰ কেনেকৈ ঢুকাল সেই বিষয়ে সঁচা কথা তেওঁৰ বোৱাৰী সুপাৰিয়ে লুকুওৱা বুলি তেওঁ ভাৱেঃ মোৰ ল ৰাটোৱে ফোনত মোৰ সৈতে কথা পাতিছিল আৰু সি ভালে থকা যেন লাগিছিল...

ধাৰৰ বোজা যেতিয়া গধুৰ হৈ আহিল, পৰিশোধৰ তাগিদা বাঢ়িল। তেতিয়া উপায়ন্তৰ হৈ ২০১৯ৰ মাৰ্চত দম্পত্তিহাল মুম্বাইলৈ গ’ল। কিন্তু সেই বছৰৰে জুন মাহত পুত্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰাত সুপাৰি হিয়াললৈ ঘুৰি আহিল আৰু জুলাই মাহত সুৰেশ্বৰো ঘৰলৈ উভতিল। “তেওঁ ভালেকেইমাহ ধৰি নৰিয়াপাটিত আছিল আৰু ৰথযাত্ৰা (জুলাইত)ৰ সময়ত ঢুকাল,” সুপাৰিয়ে মনত পেলায়।

বিদ্যাধৰ ঢুকোৱাৰ পিছতে পৰিয়ালটোৱে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত এটা ঘৰ পায়। তেওঁলোকে নতুন ঘৰটো নিৰ্মাণৰ বাবে ১,২০,০০০ টকাৰ প্ৰথমটো কিস্তি পাবলগীয়া আছিল। কিন্তু পুত্ৰৰ চিকিৎসাৰ বাবে ইতিমধ্যে লোৱা ঋণ পৰিশোধৰ বাবে সেই টকাৰ এটা অংশ দিবলগীয়া হ’ল, ফলত ঘৰটোৰ নিৰ্মাণ আধৰুৱা হৈ থাকিল। “মই তিনিটা ভাগত টকাখিনি পাইছিলো, প্ৰথমটো ২০,০০০ টকাৰ, দ্বিতীয়টো ৩৫,০০০ আৰু তৃতীয়টো ৪৫,০০০ টকাৰ। কিন্তু শেষৰটো কিস্তি আমি পুত্ৰৰ চিকিৎসাৰ বাবদ ব্যৱহাৰ কৰিলো,” সুপাৰিয়ে কয়।

টুৰুকেলাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা যেতিয়া ২০১৯ৰ আগস্টত বিষয়াই ঘৰটো পৰিদৰ্শনৰ বাবে আহিল, তেওঁলোকে অৰ্ধনিৰ্মিত ঘৰটো দেখি দম্পত্তিহালক ভৰ্ৎসনা কৰিলে। “ঘৰটো সম্পূৰ্ণ নকৰিলে আমাৰ ওপৰত গোচৰ তৰিব বুলিও তেওঁলোকে ক’লে। তেওঁলোকে ক’লে যে ঘৰটো সম্পূৰ্ণ নকৰিলে আমি শেষৰটো কিস্তিৰ ধন নাপাম,” সুপাৰিয়ে কয়।

“মোৰ সন্তান ঢুকোৱাৰ এমাহমান হৈছিলহে, কিন্তু ঘৰটো সম্পূৰ্ণ কৰাৰ বাবে কিছু টকা গোটাবলৈ আমি মুম্বাইলৈ (২০১৯ৰ ছেপ্টেম্বৰ) পুনৰ যাবলৈ বাধ্য হ’লো,” মাটিৰ ঘৰটোৰ পৰা ২০ মিটাৰমান আঁতৰত থকা অৰ্ধনিৰ্মিত ঘৰটোলৈ আঙুলিয়াই সুপাৰিয়ে কয়। ঘৰটোৰ ওপৰত টিনপাত নাই, খিৰিকী বা দৰ্জাও নাই আৰু বেৰবোৰ এতিয়াও প্লাষ্টাৰ কৰিবলৈ বাকী আছে। “এই ঘৰটোৰ কাৰণেই মই মোৰ স্বামীক হেৰুৱালো,” তেওঁ কয়।

সুফুল পুটেলে (বাওঁফালে) এতিয়াও শোকত আছে, সুৰেশ্বৰ কেনেকৈ ঢুকাল সেই বিষয়ে সঁচা কথা তেওঁৰ বোৱাৰী সুপাৰিয়ে লুকুওৱা বুলি তেওঁ ভাৱেঃ ‘মোৰ ল’ৰাটোৱে ফোনত মোৰ সৈতে কথা পাতিছিল আৰু সি ভালে থকা যেন লাগিছিল। সি কেইদিনমান আগতে ঢুকাইছে বুলি মোৰ বিশ্বাস নহয়,’ তেওঁ কয়। সুফুলে ভাৱে যে তেওঁৰ পুত্ৰ নিৰ্মাণ ছাইটত কাম কৰি থকা সময়ত দূৰ্ঘটনাগ্ৰস্ত হৈ ঢুকাল আৰু সুপাৰিয়ে আচল কাৰণটো লুকাই ৰাখিছে কিয়নো তেওঁ নিজৰ ওপৰত দোষ ল’ব নোখোজে। যদিওবা সুপাৰিয়ে জোৰ কৰি কয়ঃ “তেওঁ মোক মিছাতে দোষ জাপি দি থাকে, তেনেকুৱা একো হোৱা নাছিল।”

After losing his father and brother, Dhanudhar (left), her youngest son, says Supari, has lost interest in studying
PHOTO • Anil Sharma
After losing his father and brother, Dhanudhar (left), her youngest son, says Supari, has lost interest in studying

পিতৃ আৰু ভাতৃক হেৰুওৱাৰ পিছত সুপাৰিৰ সৰুজন ল ৰা ধনুধৰ (বাওঁফালে)ৰ পঢ়া-শুনাত আগ্ৰহ নাইকিয়া হৈছে , সুপাৰিয়ে কয়

পৰিয়ালটোৱে ২০১৯ৰ ডিচেম্বৰত ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিৰ অধীনত ২০,০০০ টকা পাইছিল। পৰিয়ালৰ মূল উপাৰ্জনকাৰীৰ মৃত্যুত পৰিয়াললৈ এয়া চৰকাৰে দিয়া বিত্তীয় সাহায্য। “মোৰ স্বামীৰ দাচা অনুষ্ঠান (শোক অনুষ্ঠান)ৰ বাবে আত্মীয়ৰ পৰা লোৱা ধাৰ এই টকাখিনিৰে শুজিলো,” সুপাৰিয়ে কয়। ২০১৯ৰ নৱেম্বৰৰ পৰা সুপাৰিয়ে ৫০০ টকাকৈ বিধৱা পেঞ্চন পাই আহিছে।

নিৰ্মাণ শ্ৰমিক হিচাপে সুৰেশ্বৰৰ পৰিয়ালে ওড়িশাৰ অট্টালিকা আৰু আন নিৰ্মাণ শ্ৰমিকৰ কল্যাণ ব’ৰ্ডৰ পৰা ‘দূৰ্ঘটনাজনিত মৃত্যু’ৰ বাবে ২০০,০০০ টকা পাব লাগে। কিন্তু সুৰেশ্বৰে জিলা শ্ৰম কাৰ্যালয়ত পঞ্জীয়ন নকৰোৱাৰ বাবে পৰিয়ালটোৱে এই ধনৰাশি দাবী কৰাৰ যোগ্য নহয়। “কিছু টকা পালেও আমি ভালেখিনি সকাহ পালোহেঁতেন,” সুপাৰিয়ে কয়। তেওঁলোকৰ ঘৰটো আধৰুৱা হৈ আছে আৰু ধাৰৰ বোজা এতিয়াও পাতল হোৱা নাই, গোটেই মিলি আত্মীয়ক এতিয়াও তেওঁলোকে ২০,০০০ টকা দিবলৈ আছে।

পৰিয়ালটোৰ এতিয়া সুপাৰিয়েই একমাত্ৰ ভাত মোকলাওতা। তেওঁ হিয়াল গাওঁ আৰু তাৰ আশে-পাশে কাম কৰি দিনে ১৫০ টকা পায়। “মই নিয়মীয়াকৈ কাম নাপাও। কেতিয়াবা ভোকত থাকিবলগীয়া হয়,” তেওঁ কয়। ধনুধৰ ভনীয়েকৰ গাঁৱৰ পৰা হিয়াললৈ উভতিছে। “মোৰ ল’ৰাটোৱে নপঢ়ে। পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ নাইকিয়া হৈছে,” সুপাৰিয়ে কয়। “সি স্কুল এৰিছে আৰু এইবাৰ (২০২১ৰ এপ্ৰিলত) প্ৰৱেশিকা পৰীক্ষাত নবহে।”

আধৰুৱা ঘৰটোৰ বেৰ আৰু মজিয়াত ঘাঁহ-বন গজিছে। ঘৰটো সম্পূৰ্ণ কৰিবলৈ ক’ৰপৰা কেনেকৈ টকা পাব সুপাৰিয়ে নাজানে। “ওপৰত চালি নিদিলে ঘৰটো বাৰিষাৰ দিনত (আৰু বেছি) নষ্ট হ’ব। যোৱা বছৰৰ বৰষুণত ইতিমধ্যে বেৰবোৰ নষ্ট হৈছেই। কিন্তু মোৰ হাতত ধন নাই, মই কি কৰিব পাৰো?”

দ্ৰষ্টব্যঃ স্থানীয় বাতৰি কাকত এখনত সুৰেশ্বৰৰ মৃত্যুৰ খবৰ পাই এই প্ৰতিবেদকে বন্ধু এজনক লৈ হিয়াল গাওঁ সাক্ষাৎ কৰে। অধিবক্তা তথা সমাজকৰ্মী বি পি শৰ্মাৰ সৈতে তেওঁলোকে পৰিয়ালটোৰ দুৰৱস্থাৰ বিষয়ে আলোচনা কৰে আৰু বিত্তীয় সাহায্য বিচাৰি জিলা উপায়ুক্তলৈ লিখে। সঁহাৰি জনাই উপায়ুক্তই ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিৰ অধীনত সাহায্য আগবঢ়াবলৈ টুৰুকেলাৰ খণ্ড উন্নয়ন বিষয়াগৰাকীক নিৰ্দেশ দিয়ে। পৰৱৰ্তীকালত সুপাৰিয়ে তেওঁৰ বেংকৰ খাতাত ২০,০০০ টকা পায় আৰু তেওঁৰ নামত বিধৱা পেঞ্চন কাৰ্ড জাৰি কৰা হয়।

অনুবাদ: পংকজ দাস

Anil Sharma

अनिल शर्मा ओडिशा के कन्ताबंजी शहर में स्थित एक वकील, और प्रधान मंत्री ग्रामीण विकास फेलो योजना, ग्रामीण विकास मंत्रालय, भारत सरकार के पूर्व फेलो हैं।

की अन्य स्टोरी Anil Sharma
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das