সুখমতী দেৱীৰ আজিকালি খোজ থৰক-বৰক হয়। পাহাৰীয়া বাটত ওপৰলৈ-তললৈ অহা-যোৱা কৰোঁতে এই অৱস্থা। ৬৫ বৰ্ষীয় খেতিয়ক সুখমতীৰ গাওঁ কুটী ৩৬০০ মিটাৰ উচ্চতাত অৱস্থিত। দশকৰ পিছত দশক তালৈ ৭০ কিলোমিটাৰৰ বাট বগাই আহিছে সুখমতীয়ে। মে’ৰ পৰা নৱেম্বৰ মাহলৈ তাই কুটীত থাকে। বৰফে গাওঁখন ঢাকি পেলোৱা দিনবোৰত ৭০ কিলোমিটাৰ তলত থকা ৯০০ মিটাৰ উচ্চতাৰ ধাৰাচুলা চহৰত তাই আশ্ৰয় লয়হি।
ওখ পাহাৰত যেতিয়া আধা কিলোমিটাৰ বাট বগাবলৈ ঘণ্টাৰ পিছত ঘণ্টা কষ্ট কৰিবলগীয়া হয়, তেতিয়া তাই মাজে-সময়ে ঘোৰাৰ সহায়ো লয়। কিন্তু সেয়াও আজিকালি সহজ হৈ থকা নাই। বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা শিল-বালিয়ে ৰাস্তাৰ চিন-মোকাম নাইকিয়া কৰিছে। গাঁৱৰ মানুহে কোৱা মতে সীমান্ত পথ সংস্থা (বৰ্ডাৰ ৰোডচ্ অৰ্গেনাইজেছন)এ লিপুলেখ পাছলৈ পথ নিৰ্মাণৰ সময়ত ডাইনামাইটেৰে পাহাৰত ঘটোৱা বিস্ফোৰণৰ বাবে এনে হোৱা বুলি কয়।
সেয়ে সুখমতীৰ বছৰেকত কৰা যাত্ৰাৰ পথ শিল-বালিয়ে আগুৰি পেলোৱাৰ ফলত অধিক দুৰ্বিসহ হৈ পৰিছে। যাত্ৰাপথত কেতিয়াবা থিয় শিল বগাবলগীয়া হয়, আকৌ কেতিয়াবা কালি আৰু কুটী-য়াংগটি নৈৰ কোবাল ধাৰ পাৰ হ’বলগা হয়। ‘এদিন মই চাৰিচকীয়াত মোৰ গাঁৱলৈ যাব পাৰিম বুলি আশা কৰোঁ,’ আমি ২০১৭ত কুটীলৈকে ৭০ কিলোমিটাৰ বাট খোজকাঢ়ি যাওতে তাই কৈছিল। হিমালয়ৰ ব্যাস উপত্যকাত ৩৬৩জন মানুহ থকা তাইৰ গাওঁখনলৈ যাওতে পাঁচ দিন লাগিছিল।
সুখমতী দেৱী (বেটুপাতৰ আলোকচিত্ৰত থকা) হৈছে ভূটীয়া অনুসূচীত জনজাতিৰ লোক। ভাৰত-চীন সীমান্তত সাতখন গাঁৱত থকা ২০৫৯ গৰাকী লোকৰ বাবে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ মূল ইচ্ছ্যুটোৱে হৈছে ৰাস্তা। প্ৰতিটো নিৰ্বাচন, ৰাজ্যিক কিম্বা সাধাৰণ নিৰ্বাচনত তেওঁলোকৰ চিন্তাৰ মূল বিষয়বোৰৰ মাজৰ এটা হৈছে ৰাস্তা। ১১ এপ্ৰিলৰ দিনা এই গাওঁবোৰত ভোটদান অনুষ্ঠিত হ’ব।
কুটীৰ বাদেও খচ্ছৰ মাৰ্গ, যিটো উত্তৰাখণ্ডৰ পিতোৰাগঢ়ৰ ধাৰচুলা খণ্ডৰ ভিতৰত থকা বুন্দি, গৰ্বয়াং, গুঞ্জি, নাপালাচ্চু, ৰৌং কং আৰু নাৱি গাঁৱৰ বাবে জীৱনৰেখা স্বৰূপ, সেইটো মাৰ্গো এতিয়া ধীৰে ধীৰে পথলৈ পৰিৱৰ্তন হ’বলৈ ধৰিছে। সেই ৰাস্তাৰে বতৰ চাই গাঁৱৰ মানুহে ধাৰাচুলা চহৰলৈ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সা-সামগ্ৰী নিবলৈ আহে। একেটা ৰাস্তাই আকৌ ভাৰতীয় সেনাৰ চকীবোৰৰ কাৰণেও গুৰুত্বপূৰ্ণ। আটাইতকৈ নিকটৱৰ্তী নাজাঙৰ পৰা বুন্দি গাঁৱলৈ দুদিন লাগে, দুৰত্ব ১৬ কিলোমিটাৰ। আকৌ কুটীলৈ যাওতে ৫-৬ দিন লাগে।
বণিকবোৰে এই বাটেৰে জুনৰ পৰা অক্টোবৰ মাহৰ সময়চোৱাত চীনলৈ গৈ কফি, শুকান ফল-মূল, কাপোৰ, শস্যদানা আৰু অনান্য সামগ্ৰী কঢ়িয়াই নিয়ে আৰু উলৰ কাপোৰ, দলিচাকে ধৰি বিভিন্ন সামগ্ৰীৰে সেয়া বিনিময় কৰে। বছৰি এহাজাৰৰো অধিক ভাৰতীয় তীৰ্থযাত্ৰীয়ে জুনৰ পৰা ছেপ্তেম্বৰ মাহৰ সময়চোৱাত চীন সীমান্ত পাৰ হৈ কৈলাশ মান সৰোবৰলৈ তীৰ্থভ্ৰমণ কৰে।
ধাৰাচুলা বিধানসভা সমষ্টিৰ সাতখন গাওঁ হৈছে লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ অনুসূচীত জাতি অধ্যূষিত একমাত্ৰ আসন আলমোৰাৰ (২০০৯ত সেয়া অনুসূচীত জাতিৰ আসন কৰা হৈছিল) এটা অংশ। এই আসনৰখনৰ চাৰিখন জিলা- আলমোৰা, বাগেশ্বৰ, চম্পাৱত আৰু পিথোৰাগড়ত ১৪ টা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত য’ত ২০১৪ৰ লেখ মতে ১২.৫৪ লাখ পঞ্জীয়নভুক্ত ভোটদাতা আছে।
ভাৰতীয় জনতা দলৰ বাচি সিং ৰাৱতে ১৯৯৬ৰ পৰা ২০০৯লৈ একেৰাহে চাৰিবাৰ সমষ্টিটোৰ আসন দখল কৰিছিল। তাৰ পিছত ২০০৯ৰ পৰা কংগ্ৰেছৰ প্ৰদীপ টামতাই সেই আসনত আছিল।
২০১৪ৰ সাধাৰণ নিৰ্বাচত ধাৰাচুলাত এই দুটা দলৰ মাজত তীব্ৰ প্ৰত্যাহ্বানমূলক যুঁজ হৈছিল। বিজেপিৰ অজয় টামতাতকৈ প্ৰদীপ টামতাই ২৫২০ টা ভোট বেছি পাইছিল। যাহওক, ৰাজ্যিক বস্ত্ৰ শিল্প মন্ত্ৰী অজয় টামতাই সমষ্টিত জয়ী হয়। (অনুসূচীত জাতি টামতাসকল পাৰম্পৰিকভাৱে তামৰ কমাৰ আছিল)। দুয়োজনেই ২০১৯ৰ লোকসভা নিৰ্বাচনত সমুখ সমৰত অৱতীৰ্ণ হ’ব।
দুয়োজন প্ৰাৰ্থীয়ে নামনি কুমাওন অঞ্চলত থাকে। অজয় টামতা থাকে আলমোৰা চহৰত আৰু প্ৰদীপ টামতা থাকে নেইনিতাল জিলাৰ হালদাৱানি চহৰত (তেওঁৰ আচল ঘৰ বাগেশ্বৰ জিলাত)। এই ঠাইবোৰ ধাৰাচুলাৰ পৰা ২০০ কিলোমিটাৰ দুৰত। এই দুৰত্বৰ পৰা তেওঁলোকে ওখ পাহাৰত থকা মানুহৰ কথা শুনাত অপাৰগ।
দুচকীয়া যাব পৰা ৯৫ কিলোমিটাৰৰ ৰাস্তা নিৰ্মাণৰ কাম ২০০৩ত আৰম্ভ হৈছিল। সম্পূৰ্ণ হোৱাৰ পিছত এই ৰাস্তাটো টাৱাঘাট (ধাৰাচুলা চহৰৰ পৰা বেছি দুৰত নহয়)ৰ পৰা লিপুলেখ পাছক সংযোজিত কৰিব আৰু ব্যাস উপত্যকাত ভাৰত-চীন সীমান্তৰ শেষৰটো চকী সংযোগ কৰিব।
কাম শেষ কৰাৰ প্ৰথমটো চুড়ান্ত সময় দিয়া হৈছিল ২০০৮ চন। প্ৰকাণ্ড প্ৰকাণ্ড শিল কাটি বাট উলিওৱা কামটো আছিল তেনেই দুৰুহ, সেয়ে কাম সমাপ্ত কৰাৰ দিন ২০১২লৈ সম্প্ৰসাৰিত কৰা হয়, তাৰপিছত সেয়া ২০১৬ আৰু ২০১৮লৈ দিন ধাৰ্য কৰা হয়। এতিয়া চৰকাৰী নথিত থকা মতে কাম শেষ কৰাৰ চুড়ান্ত তাৰিখ দিয়া হৈছে ২০২২ত। মহাগাণনিক আৰু মহালেখ পৰীক্ষক (কেগ)য়ে ভাৰত-চীন সীমান্তত ৰাস্তা নিৰ্মাণৰ লেহেমীয়া গতিৰ কথা ২০১৭ৰ প্ৰতিবেদনত উল্লেখ কৰিছে। তদুপৰি কেগে বৃহৎ ধনৰ ব্যয়ৰ পৰিৱৰ্তে ৰাস্তাৰ মানদণ্ড সমোচিত হোৱা নাই বুলি সমালোচনা কৰিছে।
এতিয়ালৈকে টাৱাঘাটৰ পৰা লখনপুৰলৈ ২৩ কিলোমিটাৰৰ পকী ৰাস্তা নিৰ্মাণ সম্পূৰ্ণ হৈছে। লখনপুৰৰ পৰা নাজাঙলৈ ২.৫ কিলোমিটাৰ বাট বোকা-মাটিৰ ৰাস্তালৈ সমান কৰা হৈছে। নাজাঙৰ পৰা চিয়ালেখলৈ ২০ কিলোমিটাৰ ৰাস্তাৰ নিৰ্মাণৰ কাম চলি আছে। পাহাৰ কাটিব লাগিব। চিয়ালেখৰ পৰা কুটীলৈ পাহাৰ কটা কাম শেষ হৈছে, মাটি সমান কৰা হৈছে আৰু সীমান্ত সংস্থাৰ ট্ৰাক যাবপৰা হৈছে। লিপুলেখ পাছৰ পৰা নাৱি ডাঙলৈ পাঁচ কিলোমিটাৰ বাটৰ কাম এতিয়াও বাকী আছে। (এয়া ধাৰাচুলা উপ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা পোৱা সত্যাপিত তথ্য)।
যদিও সীমান্ত সংস্থাৰ ট্ৰাক সমান কৰা ৰাস্তাৰে যাব পাৰে, কিন্তু ধাৰাচুলাৰ বাকী পথচোৱাৰে নিজৰ গাঁৱলৈ যোৱা বাটত গঞাই অসীম দুৰ্দশা ভূগিবলগীয়া হয়। কফি আৰু গুড় আদিকে ধৰি বিভিন্ন সামগ্ৰী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা ৭৫ বৰ্ষীয় জীৱন সিং ৰনকালিয়ে বছৰত ছবাৰকৈ সেই কঠিন বাট অতিক্ৰম কৰে। ‘মই এই বাটত বস্তু-বাহিনীৰ লগতে ভালেকইটা খচ্ছৰ হেৰুৱাইছো,’ তেওঁ কয়। ‘সিহঁতে (সীমান্ত সংস্থাই) ডাইনামাইটেৰে শিল ভাঙে, শিলবোৰ ৰাস্তাত এনেকৈ পৰে যে যাবলৈ বাট নাইকিয়া হয়। আৰু বৰষুণে ৰাস্তাৰ চিন-মোকাম নাইকিয়া কৰে।’
ফলত গঞাই শিল বাগৰি অহা ঠেক ৰাস্তাত ৰছী লগাই আৰু গছৰ মুৰাত ধৰি কোনোমতে ধাৰাল সোঁতৰ জুৰি পাৰ হ’বলগা হয়। ‘কিন্তু চৰকাৰে আমাৰ খবৰ নলয়,’ ৰংকালিয়ে খঙেৰে কয়। ‘২০১৯ৰ এইবাৰ বাৰিষাত ৰাস্তা একেবাৰে নাইকিয়া হৈ পৰিলে (ডাইনামাইটেৰে কৰা বিস্ফোৰণৰ ফলত) মই কেনেদৰে সা-সামগ্ৰী কঢ়িয়াম।’
এই বাটেৰে অহা-যোৱা কৰা গঞাই সেই দলক ভোট দিব যিয়ে ৰাস্তাটোৰ কাম শেষ কৰিব। প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ চৰকাৰ সক্ষম হ’ব নে নাই সেই লৈ গঞাৰ সন্দেহ আছে। ‘আমি আশা কৰা মতে সীমান্ত সংস্থাই দক্ষতাৰে আৰু ক্ষীপ্ৰতাৰে শেষ কৰিব পৰা নাই। চৰকাৰ যাৰেই নহওক কিয়, কাৰ্যদক্ষতা কাৰোৰেই নাইকিয়া,’ কুটী গাঁৱত তীৰ্থযাত্ৰীৰ কাৰণে হোমষ্টে চলোৱা ৫০ বৰ্ষীয় লক্ষ্ণণ সিং কুটিয়ালে কয়।
গাঁৱৰ বহুতৰ মতে কোনো ৰাজনৈতিক দলেই ব্যতিক্ৰম নহয়। বৰ্তমানৰ বিজেপি চৰকাৰখনে দুৰ্যোগৰ সময়ত তেওঁলোকলৈ বৃদ্ধাংগুষ্ঠ দেখুৱাইছে বুলি কয়। ২০১৭ৰ আগস্তত সেই বাটতেই দুটা স্থানত হোৱা ভূস্খলনত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৮ গৰাকী সন্ধানহীন (ছজন সেনা জোৱানকে ধৰি) হৈ পৰে।
‘সেই বিপদসংকূল বাটেৰে খোজ কাঢ়িব নোৱাৰা জ্যেষ্ঠ নাগৰিকৰ কাৰণে আমি জিলা প্ৰশাসনক হেলিকপ্টাৰৰ (সেইখিনি সময়ৰ কাৰণে) ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিলোঁ। মূল ৰাস্তাৰ পৰা ৫০ কিলোমিটাৰ দুৰৈত গুঞ্জিত আমি আৱদ্ধ হৈ আছিলো। কিন্তু কৈলাস মানসৰোবৰ যাত্ৰীৰ কাৰণেহে হেলিকপ্টাৰ উৰিল, আমাৰ বাবে নহয়। নিৰ্বাচন অহাৰ সময়ত ৰাজনৈতিক দলৰ মানুহে কুকুৰকো সম্বোধন জনালে, কিন্তু নিৰ্বাচিত হোৱাৰ পিছত আমাৰ সমস্যাৰ প্ৰতি পিঠি দিলে,’ ৰনকালীয়ে কয়। ভূস্খলনত সা-সামগ্ৰীৰ লগতে খচ্ছৰকেইটা হেৰুৱাই ৰনকালিৰ ৫ লাখ টকাৰ লোকচান হৈছিল। চৰকাৰে তেওঁক ক্ষতিপুৰণ নিদিলে।
এয়া এবাৰেই ঘটা ঘটনা নহয়। ২০১৮ৰ অক্টোবৰত গঞাই ধাৰাচুলাৰ শীতকালীন ঘৰলৈ উভতি অহা বাটত বৰষুণে আদবাটতে ভেঁটি ধৰিছিল, বাট-পথ খহাই নিছিল। আমি হেলিকপ্টাৰ সেৱাৰ বাবে কৰা অনুৰোধ চৰকাৰে পোনচাটেই নাকচ কৰিছিল। ‘আমি ভাৰতীয় পথেৰে যাওতে যিমান বাট খোজকাঢ়িব লাগে, তাতোকৈ ২০ কিলোমিটাৰ বেছি বাট বাই নেপাল হৈ (কালি নদী পাৰ হৈ) ঘুৰি ধাৰাচুলালৈ যাবলগীয়া হৈছিলো,’ কুটী গাঁৱৰ বাসিন্দা অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী দীৱান সিং কুটীয়ালে কয়।
কেৱল ৰাস্তাক লৈয়ে নহয়, চৰকাৰে ৰাজহুৱা বিতৰণ আঁচনিৰ অধীনত দিয়া চাউলৰ আবণ্টন কমাই দিয়াক লৈও ৰাইজ ক্ষোভিত
কেৱল ৰাস্তাক লৈয়ে নহয়, চৰকাৰে ৰাজহুৱা বিতৰণ আঁচনিৰ অধীনত দিয়া চাউলৰ আবণ্টন কমাই দিয়াক লৈও ক্ষোভিত। সুউচ্চ স্থানবোৰত থকা গাওঁবোৰত চাউল-গমৰ খেতি কৰা নহয়, গুঞ্জি গাঁৱত থকা ৰাজহুৱা ভাণ্ডাৰৰ পৰা অনা ৰেচনৰ ওপৰত নিৰ্ভৰ কৰি চলা হয়। কিন্তু ২০১৭ৰ নবেম্বৰৰ পৰা প্ৰতিটো পৰিয়ালে ১০ কিলোগ্ৰামৰ পৰিৱৰ্তে ২.৫ কি.গ্ৰা. চাউলহে পাইছে (গমৰ পৰিমাণ একেই আছে)। বাকীখিনি সাহায্য, মানে গোটেই মিলি ৭৫ টকা ৰেচন কাৰ্ড থকাজনৰ বেংকৰ খাতাত ‘প্ৰত্যক্ষ লাভ স্থানান্তৰ’ৰ অধীনত সোমায়। কিন্তু দীৱানে কোৱামতে তেওঁ এই আঁচনি আৰম্ভ হোৱা দিন ধৰি এতিয়ালৈ খাতাত কোনো নগদ ধন পোৱা নাই। ‘নামনিত প্ৰতিটো চুবুৰীতে একোখনকৈ দোকান আছে। আমাৰ গাঁৱত তেনে কোনো দোকানেই নাই। তাতে আকৌ আমি নগদ ধন পালোৱেই বাৰু, কিনিবলৈ খাদ্য নাথাকিলে তাৰে কৰিমনো কি?’ তেওঁ সোধে।
প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাজহুৱা বিতৰণৰ সুবিধাকে ধৰি কোনো ধৰণৰ সাহায্যই আমাক ঢুকি নাপালে। ২০১৮ৰ অক্টোবৰ মাহত খচ্ছৰৰ বাট বন্ধ হৈ পৰিছিল আৰু গাঁৱৰ মানুহে ৰেচন নাপাই নেপাল যোগে চীনৰ পৰা খাদ্যবস্তু অনাইছিল।
পৰিবহনৰ খৰছৰ ফলত সামগ্ৰী এবিধ কুটি পাইহি মানে দাম তিনিগুণ বাঢ়ে। ‘সুউচ্চ স্থানৰ গাওঁবোৰত মিঠাতেলৰ দাম প্ৰতিলিটাৰত ২০০ টকালৈকে দৰ উঠে। আকৌ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত খচ্ছৰৰ বাটো বন্ধ হৈ পৰাৰ ফলত সা-সামগ্ৰীৰ দাম পাঁচ গুণলৈকে বাঢ়ে। এপেকেট নিমখৰ দাম ১০০ টকা হৈ পৰে। এইবোৰৰ খবৰ কোন চৰকাৰে ৰাখে?’ দীৱান সিঙে সোধে।
ব্যাস উপত্যাকাৰ বাসিন্দাই আশা কৰে যে কংগ্ৰেছ চৰকাৰে কিবা ভাল কৰিব। কিন্তু অতীতৰ লেখ-আলেখ চাই কংগ্ৰেছক আশাও কৰা নাই তেওঁলোকে। ‘আন একো নকৰিলেও কংগ্ৰেছে আশা কৰোঁ ৰেচনৰ পৰিমাণ বঢ়াব আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আমাক হেলিকপ্টাৰেৰ সহায় কৰিব,’ ৰনকালিয়ে কয়। ‘দুৰত্বৰ ফালৰ পৰা আমি দিল্লীতকৈ চীন আৰু নেপালৰ বেছি কাষত আছো। দেশৰ ৰাজধানীলৈ আমাৰ মাত ঢুকি নাপায়। প্ৰায়ে চীন আৰু নেপালে আমাক খাদ্য, টেলিফোনৰ সুবিধা আৰু কাম দি সহায় কৰে। নিজৰ দেশৰ চৰকাৰেই আমাৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাত অনীহা দেখুৱালে ক’বলৈ একো নাথাকে।’
অনুবাদঃ পংকজ দাস