সুন্দৰবনৰ আদিবাসীসকলৰ বাবে সংগীত জীৱনৰ এক অভিন্ন অংশ। ইংৰাজসকলে ১৯ শতিকাতে এই অঞ্চললৈ চাওতাল, মুণ্ডা, ওৰাং আৰু হোসকলক এই অঞ্চললৈ আনিছিল। চুক্তিভিত্তিক শ্ৰমিকৰ কাম কৰা এওঁলোকেই বন-জংগল নিৰাইছিল আৰু নৈবোৰত বান্ধিছিল।
তেওঁলোকৰ উত্তৰপুৰুষে পশ্চিমবংগত বহুদশকজুৰি থকাৰ পিছত এতিয়া বাংলাভাষা কয়। গীত-নৃত্য আদিৰ যোগেদি তেওঁলোকে তেওঁলোকৰ মূল ভাষা যেনে বনুৱা আদিৰ স্মৃতি সংৰক্ষণৰ চেষ্টা কৰে। কিছুমানে ইয়াৰ বাবে দলো খুলিছে যেনে টিবলিঘিৰি আদিবাসী টুচু সম্প্ৰদায়। গাঁৱৰ মানুহে আৰু পৰ্যটকে তেওঁলোকৰ প্ৰদৰ্শন চায় ভাল পায় আৰু এনেদৰে আদিবাসীসকলৰ কিছু আয়ো হয় আৰু এনেদৰে সাংস্কৃতিক ঐতিহ্য বজাই ৰখাতো সুবিধা হয়।
ইয়াতে সংযোজিত ভিডিঅবোৰ ২০১৬ চনৰ মে মাহত ৰেকৰ্ড কৰা হৈছিল।
সহ-পৰিচালক অৰ্জুন মণ্ডল গোচাবা খণ্ডৰ ৰডত জুবিলি গাঁৱৰ বাসিন্দা। তেওঁ কেঁকোৰা ধৰি বিক্ৰি কৰে আৰু এটা বেচৰকাৰী সংস্থা চলায়।
অনুবাদকঃ ৰশ্মি ৰেখা দাস