‘তেওঁলোকে যদি কেৱল বন্যপ্ৰাণীকে সুৰক্ষা দিবলৈ বিচাৰে, কিন্তু মানুহক সুৰক্ষা দিবলৈ নিবিচাৰে, তেন্তে নিৰ্বাচনৰ সময়ত তেওঁলোকে জীৱ-জন্তুৰ পৰাই ভোট বিচাৰক। আমি বনাঞ্চলৰ অধিকাৰো নাপালো, মানুহৰ মৰ্যাদাও নাপালো,’ অনাৰ সিং বাদল নামৰ এজনে কয়। মধ্যপ্ৰদেশৰ বন বিভাগৰ এজন বন বিষয়াই কৰা দাবীলৈ আঙুলিয়াই দি তেওঁ কয় যে আদিবাসী সম্প্ৰদায়ে বনাঞ্চলৰ ক্ষতিসাধন কৰিছে, এনে অভিযোগৰ ভিত্তিত বনাঞ্চল কৰ্তৃপক্ষই আদিবাসীক তেওঁলোকৰ ভূমিৰ পৰা উচ্ছেদ কৰা কৰ্মক শুদ্ধ বুলি প্ৰতিপন্ন কৰিবলৈ বিচাৰে।

বাৰেলা আদিবাসী সম্প্ৰদায়ৰ ৩৫ বছৰীয়া বাদলে যোৱা সপ্তাহত দিল্লীলৈ আহিছিল। তেওঁৰ ঘৰ মধ্যপ্ৰদেশৰ বাৰ্হানপুৰ জিলাৰ খাইৰখেড়া গাঁৱত। ২০১৯ৰ ২১ নৱেম্বৰত দিল্লীত অনুষ্ঠিত বন অধিকাৰ সমাবেশত যোগদান কৰিবলৈ তেওঁ আহিছিল।

আদিবাসীসকলৰ শস্যৰ ওপৰেৰে বুলড’জাৰ চলাই বন বিভাগে তেওঁলোকৰ সমূহীয়া বনভূমিৰ শস্য ধ্বংস কৰিছে আৰু এইদৰে বন বিভাগে আদিবাসীৰ অধিকাৰ অগ্ৰাহ্য কৰি তেওঁলোকক কৃষি শ্ৰমিকৰ দৰে দিনমজুৰী কৰি জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য কৰাইছে বুলি তেওঁ কয়। তাৰ পিছত সেই ভূমিত বৃক্ষৰোপন কৰি বনবিভাগৰ ৰাজহ বৃদ্ধি কৰিব বুলি বনবিভাগৰ আমোলাই দাবী কৰে। বাৰ্হানপুৰ জিলাৰ ১২ খন গাওঁ সামৰি এটা অঞ্চলত বাঘ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ ওলাইছে বুলি এক সূত্ৰৰ পৰা আদিবাসীসকলে জানিব পাৰিছে।

সমূহীয়া বনভূমিত কৃষি অধিকাৰ বিচাৰি যেতিয়া তেওঁৰ বাৰেলা সম্প্ৰদায়ে দাবী উত্থাপন কৰিছিল তেতিয়া বন বিভাগে কেনেকৈ ইয়াৰ বিৰোধীতা কৰিছিল সেই সম্পৰ্কে তেওঁ কয়। উদাহৰণ স্বৰূপে ২০১৯ৰ জুলাইত চিৱালৰ ওচৰৰ এখন গাঁৱত যেতিয়া উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছিল, তেতিয়া বন কৰ্মচাৰীয়ে আদিবাসী প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গানেৰে গুলি বৰ্ষণ কৰিছিল। ‘ছ’য়াবিন, মেইজ, জোৱাৰ আৰু ধান খেতি কৰি থকা সমূহীয়া বনভূমিৰ পৰা আমাক উচ্ছেদ কৰি চৰকাৰে বাগিচা খুলিবলৈ সেই ভূমি কৰ্প’ৰেশ্যনক লীজত দিব বিচাৰিছে।’ তেওঁ কয়, ‘এই বনভূমিত থকা আমাৰ শস্যৰ খেতি পুৰি পেলোৱা হৈছিল আৰু জীৱিকাৰ বিকল্পৰ সন্ধান কৰিবলৈ আমাক বাধ্য কৰাইছিল। এই ভূমিৰ ওপৰত আমাৰ অধিকাৰৰ দাবী উপেক্ষিত হৈ আছে।’

Anar Singh Badole (centre) with other members of the Jagrit Adivasi Dalit Sangathan at Gurudwara Rakab Ganj Sahib in central Delhi on the morning of the November 21 rally.
PHOTO • Janhavi Mittal/The Oakland Institute
Adivasi women are often the first to encounter the force of the forest department while accessing their community forest resources. Many persist and lead both the legal and everyday struggles for forest rights, as they did in Delhi too, some holding banners that said ‘Hak nahi to jail sahi’ (‘Give us our rights or put us in jail’)
PHOTO • Janhavi Mittal/The Oakland Institute
Groups from Chhattisgarh and Madhya Pradesh marching to Jantar Mantar.
PHOTO • Janhavi Mittal/The Oakland Institute

বাওঁফালেঃ ২১ নৱেম্বৰৰ সমাবেশৰ দিনা পুৱা মধ্য দিল্লীৰ গুৰুদ্বাৰা ৰকাব গঞ্জ চাহিবৰ জাগৃত আদিবাসী দলিত সংগঠনৰ আন সদস্যৰ সৈতে অনাৰ সিং বাদল (মাজত)। মাজতঃ মধ্যপ্ৰদেশ আৰু চণ্ডীগড়ৰ পৰা যন্তৰ-মন্তৰলৈ যাত্ৰা কৰা লোকসকল। সোঁফালেঃ সমূহীয়া বন সম্পদ বন বিভাগে ধ্বংস কৰাৰ সময়ত আদিবাসী মহিলাসকলে প্ৰায় বন বিভাগৰ বলপ্ৰয়োগৰ মুখামুখি হয়। দিল্লীৰ সমাবেশত উদ্যোগ গ্ৰহণ কৰাৰ দৰে বনাঞ্চলৰ অধিকাৰৰ দাবীত দৈনন্দিন চলি থকা আইনী সংগ্ৰামতো তেওঁলোকে অংশগ্ৰহণ কৰাৰ উপৰিও নেতৃত্ব দি আহিছে। ‘আমাক আমাৰ অধিকাৰ ঘুৰাই দিয়ক বা কাৰাগাৰত বন্দী কৰক’ (এইবুলি শ্লোগান লিখা বেনাৰ লৈ এনে বহু মহিলাই দিল্লীৰ সমাবেশত অংশগ্ৰহণ কৰিলে)

ভূমিৰ অধিকাৰ দাবী কৰা সংগঠন সমূহ আৰু দেশৰ বিভিন্ন স্থানৰ সংগঠিত লোকৰ সন্মিলিত সংগঠন ভূমি অধিকাৰ আন্দোলন গোটে দিল্লীত এই সমাবেশৰ আয়োজন কৰিছিল। এই সমাবেশত যোগদান কৰিবলৈ অহা বাদলে কোৱা কাহিনী সকলো আদিবাসীৰ ক্ষেত্ৰত প্ৰায় একে। সমাবেশত কমেও ২০০০ লোকে অংশগ্ৰহণ কৰিছে (আহ্বায়কৰ মতে অংশগ্ৰহণকাৰীৰ সংখ্যা ৫০০০ হ’ব)। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰতিটো সম্প্ৰদায়ৰে বন বিভাগৰ লগত হোৱা সংঘাতৰ নিজস্ব বহু ঘটনা আছে।

আদিবাসীসকলে উন্নয়নৰ বাবে সন্মতি প্ৰকাশ কৰাৰ নামত ভূমি অধিকাৰ গ্ৰহণ কৰা অথবা বেআইনীভাবে আদিবাসীসকলক আটক কৰি ভূমি কাঢ়ি লোৱা হৈছে, আদিবাসীসকলে খেতি কৰা শস্যপথাৰতে জুই লগাই ছাৰখাৰ কৰা হৈছে আৰু বলপূৰ্ৱক উচ্ছেদ কৰি ঘাইপথ নিৰ্মাণৰ পথ সুগম কৰা হৈছে অথবা এনে নিৰ্মম উচ্ছেদৰ পিছত সেই ঠাইত ডাঙৰ বান্ধ নিৰ্মাণ কৰা হৈছে বা বাণিজ্যিক শস্যৰ খেতি আৰম্ভ কৰা হৈছে, নতুবা খননৰ কাম কৰা হৈছে বা আন প্ৰকল্প ৰূপায়িত কৰা হৈছে।

এই প্ৰক্ৰিয়াৰে সমূহীয়া বন সম্পদৰ ৰাজহ আৰু চৰণীয়া অধিকাৰৰ পৰা আদিবাসীসকলক বঞ্চিত কৰা হৈছে, তথাকথিত সংৰক্ষিত অঞ্চলত তেওঁলোকৰ বনভূমিৰ অধিকাৰ কাঢ়ি লোৱা হৈছে। পূৰ্বপুৰুষৰ দিনৰে পৰা বসবাস কৰি অহা লোকসকলক এতিয়া বেদখলকাৰী ৰূপে চিহ্নিত কৰা কৰ্মৰ বিৰুদ্ধে দিল্লীৰ সমাবেশত তেওঁলোকৰ ক্ষোভ প্ৰকাশ পাইছে।

অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ওড়িশাৰ দৰে ৰাজ্যত বন বিভাগৰ বিৰুদ্ধে আদিবাসীসকলে বহুতো সফল সংগ্ৰাম কৰি আহিছে। এই সংগ্ৰামবোৰৰ মাজেৰে অনুসূচীত জনজাতি আৰু আন পৰম্পৰাগত বনাঞ্চলবাসী (বন অধিকাৰ স্বীকৃতি) আইন বা বন অধিকাৰ আইন ২০০৬ৰ আইনী সুৰক্ষাৰ দিশটোও সমুখলৈ আহিছে।

হিমাচল প্ৰদেশৰ লোকসকলৰ কথাই ধৰক। বন অধিকাৰ আইন সম্পৰ্কে হিমাচল প্ৰদেশৰ কাংগ্ৰা জিলাৰ পালমপুৰ নগৰৰ প্ৰকাশ ভাণ্ডাৰিয়ে সমাবেশত অংশগ্ৰহণ কৰি কয় যে তেওঁৰ ৰাজ্যত মানুহৰ সজাগতা বৃদ্ধি পাইছে। উদাহৰণ স্বৰূপে কিন্নাউৰ জিলাত আদিবাসী সম্প্ৰদায়ে এই আইনৰ আধাৰত সংহত কাচাং জলবিদ্যুত প্ৰকল্পক বাধা দিবলৈ সক্ষম হৈছে আৰু পাৰিপাৰ্শ্চিক ব্যৱস্থাৰ সুৰক্ষা নিশ্চিত কৰিছিল। বনাঞ্চলৰ ওপৰত সমূহীয়া অধিকাৰত গুৰুত্ব প্ৰদান কৰা এটা স্বেচ্ছাসেৱী সংগঠনৰ সৈতে ভাণ্ডাৰীয়ে কাম কৰি আহিছে। ‘বনাঞ্চলৰ ভূমিক বাদ দি ইয়াত কোনো বৃহৎ উন্নয়নমূলক প্ৰকল্প গঢ়ি তোলা সম্ভৱ নহয়,’ তেওঁ কয়, যিখন ৰাজ্যৰ ৬০ শতাংশ ভূমি অৰণ্যৰ দ্বাৰা আবৃত সেয়ে এইটো অঞ্চলটোৰ বাতাবৰণ আৰু জনসাধাৰণৰ বাবে অৰণ্য ধ্বংস কৰি উন্নয়ন আঁচনি কাৰ্যকৰী কৰা উচিত নহয়। প্ৰথমতে হিমাচলৰ ৰাইজৰ বনাঞ্চলৰ ওপৰত থকা অধিকাৰ স্বীকাৰ কৰিব লাগিব।

Prakash Bhandari of Palampur town in Kangra district with his eight-year-old son, Abir.
PHOTO • Janhavi Mittal/The Oakland Institute
At the rally was also R. Narasimhan, from Visakhapatnam district, with other members of the Andhra Pradesh Girijana Sangham.
PHOTO • Janhavi Mittal/The Oakland Institute
Ram Lakhan and Phuleri Devi from Baghauri village in Uttar Pradesh's Robertsganj block have various charges against them, including destruction of turtle habitats. As protectors of the environment themselves, they say these are false allegations
PHOTO • Janhavi Mittal/The Oakland Institute

বাওঁফালেঃ আঠ বছৰীয়া পুত্ৰ আবিৰৰ সৈতে হিমাচল প্ৰদেশৰ কাংগ্ৰা জিলাৰ পালমপুৰ নগৰত প্ৰকাশ ভাণ্ডাৰি (মাজত), অন্ধ্ৰপ্ৰদেশ গিৰিজন সংঘমৰ সদস্যৰ সৈতে বিশাখাপট্টনম জিলাৰ আৰ. নৰসিংহ, সমাবেশত অংশগ্ৰহণ কৰা অৱস্থাত। সোঁফালেঃ কাছৰ বাসস্থান ধ্বংসকে ধৰি বিভিন্ন অভিযোগত গোচৰীয়া উত্তৰপ্ৰদেশৰ ৰবাৰ্টছ্গঞ্জ উন্নয়ন খণ্ডৰ বাঘাউৰি গাঁৱৰ ৰাম লক্ষ্মণ আৰু ফুলেৰি দেবী। পৰিৱেশ ৰক্ষাৰ বাবে যুঁজ দিবলৈ ওলোৱা লোকসকলক পৰিৱেশ ধ্বংসকাৰী হিচাপে অভিযুক্ত হৈছে, তেওঁলোকে কয়

তীখা মন্ত্ৰালয়ত কৰ্মৰত আৰ. নৰসিংহৰ দৰে ব্যক্তিও এই সমাবেশত উপস্থিত হৈছে। তেওঁ বিশাখাপট্টনম অঞ্চলৰ পঞ্চম অনুসূচীত অঞ্চল এটাৰ পৰা আহিছে। তেওঁৰ লগত আহিছিল অন্ধ্ৰপ্ৰদেশ গিৰিজন সংঘমৰ লোকসকল। ‘জনজাতিয়ে জনজাতিক সুৰক্ষা দিব লাগিব, আমি আমাক সুৰক্ষিত কৰিব লাগিব। কিয়নো এতিয়া চৰকাৰে আমাৰ খিলঞ্জীয়া পৰম্পৰা ধ্বংসত ব্যস্ত হৈ পৰিছে’ তেওঁ কয়। তেওঁ জানে যে তেওঁৰ এলেকাত চলি থকা বিস্থাপন আৰু এলুমিনিয়াম আকৰৰ খননৰ পৰা হোৱা প্ৰদূষণে গাওঁবোৰলৈ অধিক ধ্বংস মাতি আনিব। লগতে জিলাখনত বসবাস কৰা লাম্বাদি আৰু কণ্ড ধৰা আদিবাসীসকলৰ কৃষ্টি-সংস্কৃতিৰো পতন ঘটাব। পঞ্চ অনুসূচীভূক্ত অঞ্চলসমূহ মূলতঃ জনজাতি অধূষ্যিত আৰু ভাৰতীয় সংবিধানে এনে অঞ্চলবোৰলৈ বিশেষ সুৰক্ষাকৱচ আগবঢ়াইছে। ২০১৫ চনতো আনকি ৰাজ্যৰ পৰিৱেশ মন্ত্ৰালয় আৰু বন বিভাগে দুটা বৃহৎ ঔদ্যোগিক গোষ্ঠীক বলপূৰ্ৱক খননৰ আপত্তিবিহীন অনুমতি প্ৰদান কৰিছিল। সংঘমৰ সদস্যসকলে অভিযোগ কৰিছিল যে বন অধিকাৰ আইনৰ ওপৰত এয়া প্ৰত্যক্ষ হস্তক্ষেপ, তথা ৰাজ্যিক জনজাতীয় উপদেষ্টা পৰিষদৰ লগত হোৱা আলোচনাভিত্তিক নিৰ্দেশ অবিহনে কৰা হৈছে।

এই সমাবেশৰ মূল দাবী আছিল বন অধিকাৰ আইনৰ ফলপ্ৰসূ প্ৰয়োগ আৰু পৰম্পৰাগতভাবে বনাঞ্চলত বসবাস কৰা ব্যক্তিৰ ব্যক্তিগত আৰু সমূহীয়া উভয় অধিকাৰক স্বীকৃতি প্ৰদানৰ নিৰ্দেশ কাৰ্যকৰী কৰা। প্ৰতিবাদী সমাবেশত অংশগ্ৰহণ কৰা অধিকাংশ লোকে তেওঁলোকৰ বন অধিকাৰলৈ অহা ভাবুকিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে এতিয়া বন অধিকাৰ আইনৰ অস্তিত্বলৈ সম্প্ৰসাৰিত হোৱা ভাবুকিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে।

বন অধিকাৰ আইনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ে অলপতে গ্ৰহণ কৰিছে। আদিবাসী তথা পৰম্পৰাগতভাবে বনাঞ্চলত বসবাস কৰা লাখ লাখ অনান্য লোকক প্ৰজন্ম অবধি বসবাস কৰা স্থানৰ পৰা উৎখাত কৰা কাৰ্যক ই বৈধতা প্ৰদান কৰিব পাৰে।

বাদলৰ পত্নি ৰিয়ালী ডাৱাৰৰ মতে ২০০৬ৰ পিছৰ পৰা তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰত নিপীড়ন বৃদ্ধি পাইছে। সেই বছৰতে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে নিৰীহ নৱজাত ১১ দিনীয়া সন্তানক বিচ্ছিন্ন কৰি তেওঁক ৪৫ দিনৰ বাবে বহুদূৰৰ কাৰাগাৰত বন্দি কৰা ৰখা হৈছিল। তেওঁ সংগ্ৰাম অব্যাহত ৰাখিছিল আৰু দিল্লীৰ সমাবেশত আন লোকৰ সৈতে সমস্বৰে চিঞৰিছিলঃ ‘চৰকাৰী ভূমি আচলতে আমাৰ ভূমি।’

Rajkumari Bhuiya (left) of Dhuma village in UP's Sonbhadra district with the traditional bow and arrows her Bhuiya community used to defend their land. She is a member of the All India Union of Forest Working People and a leader in organising her community to file claims to forest resources.
PHOTO • Janhavi Mittal/The Oakland Institute
 Rama Shankar, of the Gond Adivasi community in Lilasi Kala village in Sonbhadra, set the momentum with his music
PHOTO • Janhavi Mittal/The Oakland Institute

বাওঁফালেঃ উত্তৰপ্ৰদেশৰ সোণভদ্ৰ জিলাৰ ধুমা গাঁৱৰ ৰাজকুমাৰী ভূইঞা (বাওঁফালে), ভূইঞা সম্প্ৰদায়ে নিজৰ ভূ-সম্পদ ৰক্ষাৰ বাবে ব্যৱহাৰ কৰা পৰম্পৰাগত ধনুকাৰেৰে সজ্জিত। তেওঁ বনাঞ্চলত কাম কৰা লোকৰ নিখিল ভাৰত সংঘৰ সদস্য তথা বনজ সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ নিজৰ সম্প্ৰদায়ক সংগঠিত কৰা তেওঁ এগৰাকী নেতৃ। সোঁফালেঃ সোণভদ্ৰ জিলাৰ লিলাসি কালা গাঁৱৰ গণ্ড আদিবাসী সম্প্ৰদায়ৰ ৰামা শংকৰে নিজৰ সংগীতেৰে প্ৰতিবাদক নতুন মাত্ৰা প্ৰদান কৰিছে

ঐক্যবদ্ধ বনাঞ্চলবাসী জনতাৰ আন্দোলনে দুটা গুৰুত্বপূৰ্ণ বিজয় অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰথমতে বন অধিকাৰ আইনৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ ভাৰতৰ বন্যপ্ৰাণী ন্যাসে প্ৰত্যাহাৰ কৰিছে- এই ন্যাস আছিল বন অধিকাৰ আইনক প্ৰত্যাহ্বান জনোৱা প্ৰথম আবেদনকাৰী। দ্বিতীয়তে পৰিৱেশ, বনাঞ্চল আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ভাৰতীয় বন আইন (১৯২৭)ৰ প্ৰস্তাৱিত সংশোধন প্ৰত্যাহাৰ কৰিছে। প্ৰস্তাৱিত সংশোধনী অনুসৰি কোনো লোকক বেদখলকাৰী বা চোৰাং চিকাৰী বুলি ভাবিলে বন বিষয়াই আক্ৰমণ কৰাৰ আনকি মানুহক গুলিচালনাৰ অধিকাৰ লাভ কৰিলেহেঁতেন।

২০১৯ৰ ১২ ছেপ্তেম্বৰত বন অধিকাৰ আইনৰ সুৰক্ষা বিচাৰি ৰাজহুৱা কৰ্মী তথা আনলোকক আবেদন দাখিল কৰিবলৈ উচ্চতম ন্যায়ালয়ে অনুমতি প্ৰদান কৰে। পূৰ্বে তেওঁলোকক ৱাইল্ডলাইফ ফাৰ্ষ্ট এণ্ড আনসকল বনাম ভাৰত চৰকাৰ গোচৰৰ এটা পক্ষ কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰক নিজৰ আইন ৰক্ষাৰ সুযোগ দিয়া হৈছিল, কিন্তু এই সংগঠনসমূহেই একমাত্ৰ সংন্থা যি বন অধিকাৰ আইনৰ সুৰক্ষাৰ বাবে আইনী যুঁজত অৱতীৰ্ণ হৈছে।

‘বন অধিকাৰ আইন এক সাংবিধানিক বিধি, আমি আমাৰ সংবিধানৰ উপহাস সহ্য কৰিব নোৱাৰোঁ,’ এই মন্তব্য উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা সম্পৰ্কে নিভাদা ৰাণাৰ। তেওঁ উত্তৰ প্ৰদেশৰ খেৰী জিলাৰ সুদা গাঁৱৰ পৰা দিল্লীৰ সমাবেশলৈ আহিছে। এই গোচৰত দুই আবেদনকাৰীৰ তেওঁ মাজৰ এগৰাকী আবেদনকাৰী আৰু থাৰু আদিবাসী মহিলা মজদুৰ কিষাণ মঞ্চল নেতৃ। তেওঁ কয় যে আগতে বন বিভাগে গাওঁবাসীক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰা নাছিল, বৰঞ্চ দুধৱা ৰাষ্ট্ৰীয় উদ্যানত বলপূৰ্ৱকভাবে পুনৰ্সংস্থাপন দিয়া হৈছিল। বন অধিকাৰ আইনে যেতিয়া সুৰক্ষিত অঞ্চললৈ বনাঞ্চলৰ অধিকাৰ সম্প্ৰসাৰিত কৰিবলৈ আৰু পুনৰ্সংস্থাপনৰ বাবে যেতিয়াৰ পৰা গাওঁসভাৰ সন্মতিৰ তথ্য আগতীয়াকৈ প্ৰয়োজন হ’ব ধৰিলে, তেতিয়াৰ পৰা বহুতো লোকে বনভূমি লাভ কৰা আৰু বসবাস কৰাৰ অধিকাৰ লাভৰ ক্ষেত্ৰত সুবিধা হ’ল। ‘আমি ইয়াৰ বাবে (বন অধিকাৰ আইন) যুঁজিছিলো আৰু যুঁজি যাম,’ তেওঁ কয়।

২০১৯ৰ ২৪ নৱেম্বৰত অ’কলেণ্ড ইনষ্টিটিউটৰ দ্বাৰা এই নিৱন্ধৰ এটা সংস্কৰণৰ প্ৰথম প্ৰকাশ পাইছিল।

অনুবাদঃ পংকজ দাস

Janhavi Mittal

जान्हवी मित्तल दिल्ली में रहती हैं, और भूमि तथा संसाधनों के अधिकार से संबंधित मुद्दों पर काम करने वाले कैलिफोर्निया स्थित एक समर्थन समूह, ओकलैंड इंस्टीट्यूट में शोधकर्ता और नीति विश्लेषक हैं।

की अन्य स्टोरी Janhavi Mittal
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das