তেওঁলোক মঞ্চৰ কাষেৰে পাৰ হৈ গ’ল, হাতত তেওঁলোকৰ পতাকা - ৰঙা, হালধীয়া, সেউজীয়া আৰু কমলাৰঙী। মহিলাৰ মিচিল এটাও আগবাঢ়ি আহিল, তেওঁলোকৰ মূৰত সেউজীয়া দোপাত্তা। কিছুমানে ট্ৰেক্টৰ চলাই গৈছে, তেওঁলোকৰ ধোঁৱা-বৰণীয়া আৰু মেৰুন ৰঙৰ. হালধীয়া আৰু সেউজীয়া ৰঙৰ পাগুৰি মাৰিছে। কান্ধত পতাকা লৈ বহুকেইটা দল পাৰ হৈ গৈছে, প্ৰত্যেকৰে ৰং-বিৰঙী মিচিলবোৰ যেন এটা এটা কবিতা।
সংসদে গৃহীত কৰা তিনিখন নতুন আইনৰ বিৰুদ্ধে দিল্লী গেটত প্ৰতিবাদ কৰিবলৈ অহা তেওঁলোকৰ বহুতৰে বাবে সেই ২৬ নৱেম্বৰ, ২০২০ৰ পৰা এতিয়ালৈ এটা বছৰ পাৰ হৈ গ’ল। প্ৰতিবাদৰ এই মাইলৰ খুঁটিস্বৰূপ সময়খিনি উদযাপন কৰিবলৈ কৃষক তথা প্ৰতিবাদৰ সমৰ্থকসকলে সিংঘু, টিক্ৰি আৰু গাজীপুৰত যোৱা শুকুৰবাৰে ভিৰ কৰিছে।
“সেয়া আছিল বিজয়ৰ আনন্দ, স্মৃতি আৰু পৰিকল্পনাবোৰৰ মুহূৰ্ত। আমি এক আঁকোৰগোজ প্ৰশাসকক হৰুৱাইছিলো আৰু মনত সন্তোষ পাইছিলো,” সিংঘুত থকা ৩৩ বছৰ বয়সীয়া গুৰজীত সিঙে কৈছিল, প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯ নৱেম্বৰৰ দিনা সেই তিনিখন আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰাৰ দিনা তেওঁ সিংঘু সীমান্তত আছিল। সিঙে পাঞ্জাৱৰ ফিৰোজপুৰ জিলাৰ জিৰা টেহচিলৰ নিজ গাওঁ আৰায়ানৱালাত ২৫ একৰ মাটিত খেতি কৰে।
“এয়া জনতাৰ জয়। আমি আকোৰগোঁজ প্ৰশাসকক হৰুৱাইছো আৰু মনত সন্তোষ পাইছো,” সিদিনা সিংঘুত উপস্থিত ৪৫ বছৰ বয়সীয়া গুৰজীত সিং আজাদে কয়। গুৰুদাসপুৰ জিলাৰ কাহনুৱান টেহচিলৰ ভাট্টিয়ান গাঁৱত আজাদে তেওঁৰ দুই একৰ মাটিত খুৰাকহঁতে গমধান আৰু ধানৰ খেতি কৰে। “এই যুঁজখন নৱেম্বৰৰ ২৬ তাৰিখে আৰম্ভ হোৱা নাছিল। সিদিনা সেই যুঁজখন আহি দিল্লীৰ সীমান্ত পাইছিল,” তেওঁ কয়। “বিধেয়ককেইখন আইন হোৱা বহু আগৰে পৰাই কৃষকসকলে প্ৰতিবাদ কৰি আহিছিল। ২০২০ৰ ছেপ্টেম্বৰত যেতিয়া বিধেয়ককেইখন আইনত পৰিণত হয়, তেতিয়াই সকলোকে দিল্লীলৈ অহাৰ আহ্বান জনোৱা হৈছিল। আমি সেইমতেই তাত উপস্থিত হৈছিলো।”
মাৰ্চৰ সেই ঘটনাবহুল দিনবোৰ তেওঁ মনত পেলালেঃ “আমি ৰাজধানীলৈ যিমানে আগুৱাইছো, চৰকাৰে আমালৈ পানীবোমা নিক্ষেপ কৰিছে। সিহঁতে খাৱৈ খান্দিছে। কিন্তু ফেঞ্চিং আৰু কাঁটাতাঁৰ দেখি আমাৰ যুঁজখন থমকি নৰ’ল।” (যোৱাবছৰ ৬২ বছৰ বয়সীয়া যোগজাৰ সিঙে মোক কৈছিল যে তেওঁ দৰেই কৃষকে পুলিচক খুৱায় আৰু পুলিচবোৰো তেওঁলোকৰে সন্তান – সেয়ে তেওঁলোকৰ লাঠিবোৰ চলি থাকিলেহে যদি চাকৰি থাকে, তেন্তে কৃষকেও তেওঁলোকৰ পিঠি পাতি দিবলৈ সাজু।)
সিংঘুত পাটিয়ালা জিলাৰ দৌন কালান গাঁৱৰ ৰাজীন্দৰ কৌৰো আছিল, তেওঁ প্ৰতিবাদস্থলীলৈ ২৬ বাৰ আহিছিল। “প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হোৱাৰ দিনধৰি মই পাটিয়ালাৰ ট’ল প্লাজাত আছিলো, কোনেও যাতে ট’ল দিবলগীয়া নহয় সেয়া নিশ্চিত কৰিবলৈ তাত আছিলো,” পাঁচ একৰ মাটিৰ গৰাকী ৪৮ বছৰ বয়সীয়া ৰাজীন্দৰে কয়। “প্ৰথমে তেওঁ (প্ৰধানমন্ত্ৰীগৰাকীয়ে) আইনকেইখন জাপি দিলে। তাৰপিছত তেওঁ সেয়া প্ৰত্যাহাৰ কৰিলে। তাৰে মাজত আমি বৃহৎ লোকচানৰ (জীৱন-জীৱিকাৰ) ভৰিলো। প্ৰথমে তেওঁ সেই আইনকেইখন আনিব নালাগিছিল, আনিলেও সোনকালেই সেয়া বাতিল কৰিব লাগিছিল।”
সেই ১২ মাহত যেতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে আইনকেইখন প্ৰত্যাহাৰ কৰা নাছিল, তেতিয়া প্ৰচণ্ড শীত আৰু চৰকাৰে শুনিবলৈ অমান্তি হোৱাৰ মাজতো কৃষকসকল তাতে থিয় হৈ থাকিল। প্ৰখৰ ৰ’দ, ধুমুহা-বতাহ আৰু বৰষুণ মুৰৰ ওপৰৰে পাৰ হৈ গ’ল, হাইৱেত পতা শিবিৰ উৰুৱাই লৈ গ’ল। পানী আৰু বিদ্যুতৰ যোগান কৰ্তন কৰি পেলোৱা হ’ব বুলি তেওঁলোকক ভাবুকি দিয়া হ’ল। ৱাশ্বৰুমৰ নাটনি আৰু অতিমাৰীৰ বিপদাশংকাৰ মাজতো তেওঁলোক টিকি থাকিল।
“চৰকাৰে ভাবিছিল যে আমাৰ ভাগৰ লাগিব আৰু আমি গুছি যাম। আমি নগ’লো,” আজাদে কয়। কৃষকে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়ত সংবাদমাধ্যমৰ বহুতেই তেওঁলোকক লৈ কুৎসা ৰটিবলৈ নেৰিলে। আজাদে নিজে এটা জনপ্ৰিয় ছ’চিয়েল মিডিয়াৰ হেণ্ডল চলাইছিল যিটো কৃষকসকলৰ বাবে উৎসৰ্গিত আছিল। কৃষকক মিডিয়াই অশিক্ষিত, খালিস্তানি আৰু বিভিন্ন অপবাদ দিয়াৰ বিৰুদ্ধে তেওঁ তাত অভিযান চলাইছিল। “তেওঁলোকে আমাক অশিক্ষিত বুলি কৈছিল আৰু আমাৰ নিজৰ বাবে চিন্তা কৰাৰ সামৰ্থৰ ওপৰত প্ৰশ্ন কৰিছিল। মই সেয়া প্ৰত্যাহ্বান হিচাপে লৈ তাৰ বিৰুদ্ধে লিখিছিলো,” তেওঁ কয়।
“এই আন্দোলনে আমাক বহুকথা শিকাইছে,” কথাৰ মাজতে গুৰজীত সিঙে যোগ দিয়ে, “যিমানেই কঠিন নহওঁক কিয়, সত্যৰ যুঁজত সদায়েই জয়ী হোৱা যায়। অন্ততঃ এই আন্দোলনে দেশৰ আইন প্ৰণয়ন কৰোঁতাসকলক বুজাই দিছে যে এনে কোনো আইন দেশৰ জনসাধাৰণৰ ওপৰত জাপি দিয়াৰ আগতে তেওঁলোকে হাজাৰবাৰ ভাবিব লাগিব।”
“আমি জয়ী হ’বলৈয়ে ইয়ালৈ আহিছিলো আৰু জয়ী হৈয়ে যাম,” সুখদেৱ সিঙে কয়। ৪৭ বছৰ বয়সীয়া খেতিয়কগৰাকীৰ ঘৰ ফাটেহগঢ় চাহিব জিলাৰ খামানন টেহচিলৰ মোহন মাঝৰা গাঁৱত, ১৫ বছৰ আগতে ভৰি এখন পথ দূৰ্ঘটনাত হেৰুওৱা সুখদেৱে কয়ঃ “যদিওবা ঘোষণাটি কৰা হৈছে (প্ৰত্যাহাৰৰ), আমাক ঘৰলৈ পঠিওৱাতহে গুৰুত্ব দিয়া হৈছে। আইনকেইখন প্ৰত্যাহাৰৰ সংসদীয় প্ৰক্ৰিয়া আৰম্ভ নোহোৱালৈকে আৰু বিজুলীৰ বিল [বিদ্যুৎ (সংশোধন) বিধেয়ক, ২০২০]খন প্ৰত্যাহাৰ নকৰালৈকে আমি নাযাও।”
২৬ নৱেম্বৰৰ দিনা কৃষকসকলে শান্তিপূৰ্ণভাৱে বিজয়ৰ আনন্দ-উৎসৱত মগ্ন হয়, তেওঁলোকে শান্তিপূৰ্ণভাৱেই এটা প্ৰতিকূল বৰ্ষ পাৰ কৰিছিল। তেওঁলোকে নাচিছিল, গাইছিল আৰু বুন্দিয়াৰ লাড়ু, বৰফি কল আদি বিলাইছিল। লংগৰ আৰু আন সেৱাবোৰ চলি আছিল।
২৬ নৱেম্বৰৰ দিনা সিংঘু আৰু টিক্ৰি সীমান্তৰ মঞ্চবোৰ বিভিন্ন ক্ষেত্ৰ আৰু পেছাৰ মানুহেৰে উভৈনদী হৈ পৰিছিল, তেওঁলোকে কৃষকক অভিনন্দন জনাবলৈ তাত উপস্থিত হৈছিল। কিছুমানৰ চকুলো নিগৰিছিল।
বহু কৃষক নেতা মঞ্চত উপৱিষ্ট হৈছিল। মঞ্চৰ আগত বহি থকা, থিয় হৈ থকা সকলো পুৰুষ-মহিলা কৃষকে প্ৰতিটো শ্লোগানত আৱেগ আৰু গৌৰৱমিহলি কণ্ঠৰে সঁহাৰি দিছিল। মঞ্চত থকা প্ৰতিজনেই এই সংগ্ৰামত যোৱাবছৰ প্ৰাণাহুতি দিয়া ৭০০ গৰাকী কৃষকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল।
“ইয়ালৈ অহা কৃষকসকলে কেৱল এই এবছৰীয়া বিজয়ৰ উৎসৱত ভাগ ল’বলৈ বুলি অহা নাই, প্ৰতিবাদৰ কালছোৱাত মৃত্যু হোৱা শ্বহীদসকলক শ্ৰদ্ধাঞ্জলী যাঁচিবলৈও তেওঁলোক আহিছিল,” আজাদে কয়। “আমি সুখী নে দুখী ক’ব নোৱাৰো,” গুৰজীতে কয়। “এই আন্দোলনৰ কাৰণে মৃত্যুবৰণ কৰা প্ৰতিবাদী বন্ধুসকলৰ কথা ভাবি চকু চলচলীয়া হৈ পৰে। তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলী নিবেদন কৰিছো।”
এই ঐতিহাসিক দিনটো উদযাপন কৰিম বুলি দৃঢ়মনা ৮৭ বছৰ বয়সীয়া মুখতাৰ সিং অমৃতসৰৰ অঞ্জনালা টেহচিলৰ চেহেনস্ৰা গাঁৱৰ পৰা আহিছিল। গাঁৱত ন একৰ মাটি থকা কৃষকজনে কোনোমতেহে কথা পাতিব আৰু খোজ কাঢ়িব পাৰিছিল। লাখুটি এডাল লৈ আধা হাউলি তেওঁ থৰক-বৰক খোজেৰে মঞ্চলৈ আহিছিল। আইনখন বাতিল হোৱা খবৰ পাই তেওঁৰ ল’ৰাটোক প্ৰতিবাদস্থলীটোলৈ তেওঁক লৈ যাবলৈ কৈছিল। ৩৬ বছৰ বয়সীয়া সুখদেৱ সিঙে তেওঁক প্ৰতিবাদস্থলীলৈ লৈ আহিছিল। তেওঁ সুখদেৱক কৈছিল যে তেওঁ গোটেই জীৱনটো কৃষকৰ হৈ কাম কৰিছে (ইউনিয়নৰ সদস্য হিচাপে) আৰু প্ৰতিবাদস্থলীখন চাব খোজে যাতে তেওঁ শান্তিত চকু মুদিব পাৰে।
এবছৰীয়া দীঘলীয়া যুঁজখনত গুৰদাসপুৰৰ বাতালা ব্লকৰ হৰ্ষোৱাল গাঁৱৰ ৫৮ বছৰ বয়সীয়া কুলৱন্ত সিঙে আইনকেইখন বাতিল হ’ব নে নাই তাকে লৈ অনিশ্চয়তাত ভুগিছিল। “কিন্তু মনটো ডাঠ কৰি ৰাখিছিলো আৰু নিজকে কৈছিলো – চৰ্দি কালান (আশাবাদী হৈ থাকিবলৈ পাঞ্জাৱী ভাষাৰ এষাৰি বাক্য)।”
নিজৰ উৎপাদিত শস্যৰ বাবে এমএচপি (ন্যূনতম সমৰ্থন মূল্য)ৰ আইনী অধিকাৰ আৰু লখিমপুৰ খেৰীত মৃত্যু হোৱা কৃষকৰ বাবে ন্যায়ৰ লগতে আন পুৰণ নোহোৱা দাবীৰ কথা কৃষকে কৈছিল। সেইবোৰ হাচিল নকৰালৈ যুঁজখন চলি থাকিব বুলি তেওঁলোকে কৈছিল। তেতিয়ালৈ এটা মাইলৰ খুঁটিস্বৰূপ বছৰ পাৰ হৈ গৈছিল আৰু ইকবালৰ কবিতাৰ পংক্তি এষাৰি মনলৈ আহিছিলঃ
(“যিখন খেতিৰ ফচলেৰে কৃষকৰ পেট নভৰে
জ্বলাই দিয়া
সেই খেতিৰ পকা গমধানৰ ভঁৰাল”)
অনুবাদ: পংকজ দাস