“তিন আনি দো কিট্টি? (তিনি যোগ দুই কিমান?),” প্ৰতিভা হিলিমে সুধিলে। ৭ৰ পৰা ৯ বয়সৰ ভিতৰৰ প্ৰায় ১০ জন মান শিশু তেওঁৰ সন্মুখত হি আছিল। কোনেও উত্তৰ নিদিয়ে। তেওঁ এখন ব’ৰ্ডত চকেৰে লিখি উঠি শিশুকেইজনলৈ চালে আৰু তেওঁৰ বাহুৰে সংকেত দিলে আৰু পুনৰ ক’লে, “পাঁচ”।
তীখা আৰু চামৰাৰে তৈয়াৰী বিশেষ সৰঞ্জামৰ সহায়ত প্ৰতিভা থিয় হৈ আছে, এই সৰঞ্জাম তেওঁৰ দুয়োটা আঠুত সংলগ্ন কৰা আছে। কিলাকুটিৰ ওচৰত এটুকুৰা বগা চকমাটি বান্ধি লোৱা আছে।
বিদ্যালয় চলি আছে আৰু এইখন চলিছে পালঘৰ জিলাৰ কাৰ্হে গাঁৱত থকা হিলিম পৰিয়ালৰ তিনিটা কোঠাৰ পকী ঘৰটোত। চলিত বৰ্ষৰ ২০ জুলাইৰ পৰা ইয়াত প্ৰতিভাই মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বিক্ৰমগড় তালুকৰ এই গাঁৱৰ প্ৰায় ৩০ জন আদিবাসী শিশুক ইংৰাজী, বুৰঞ্জী, মাৰাঠী আৰু অংক শিকায়। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে ল’ৰা-ছোৱালীবিলাক কেইবাটাও ভাগত আহে। ১৩৭৮ জনসংখ্যাৰ এই গাওঁখনৰ ল’ৰা-ছোৱালীহঁতে দুখন জিলা পৰিষদৰ বিদ্যালয়ে যোগান ধৰা কিতাপ লৈ আহে।
“অস্ত্ৰোপচাৰৰ পিছত প্ৰতিটো সৰু কাম কৰিবলৈও বহুত সময়ৰ প্ৰয়োজন হয়। আনকি কিলাকুটিত চকপেঞ্চিল লগাই লৈ লিখাও বৰ কষ্টকৰ,” প্ৰতিভাই কয়। সেই সময়তে কিলাকুটিৰ পৰা এৰি পৰি যাব খোজা চকমাটিৰ টুকুৰাটো এজন ছাত্ৰই ভেলক্ৰ’ ষ্ট্ৰেপেৰে টানকৈ লগাই দিয়ে।
যোৱা বছৰলৈকে ৱাৰ্লি আদিবাসী সম্প্ৰদায়ৰ প্ৰতিভা হিলিমে জিলা পৰিষদৰ বিদ্যালয়ত প্ৰায় ২৮ বছৰ শিক্ষয়িত্ৰী ৰূপে কাম কৰি আহিছে। ২০ বছৰ বয়সত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁৰ স্বামীয়ে কাম কৰা কাৰ্হে গাঁৱৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ নিলগৰ ভিৱাণ্ডি চহৰলৈ আহে। তেওঁৰ স্বামী ৫০ বছৰীয়া পাণ্ডুৰাং হিলিম বৰ্তমান ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ কাৰ্য্যালয়ৰ এজন জ্যেষ্ঠ কেৰাণী। ২০১৫ চনত যেতিয়া পাণ্ডুৰাঙক থানে জিলাৰ কালৱাল পৰা ভিৱাণ্ডিলৈ অহা-যোৱা কৰিছিল।
ভিৱাণ্ডিৰ এখন নতুন বিদ্যালয়ত কাম কৰিবলৈ আৰম্ভ কৰাৰ ঠিক পিছতে অৰ্থাৎ ২০১৯ৰ জুন মাহত হিলিম পৰিয়ালে কাৰ্হেৰ ঘৰলৈ আহিল, তেওঁলোকে মাহত এবাৰ সদায় ইয়ালৈ আহে। তেতিয়াৰে পৰা তেওঁৰ শাৰীৰিক সমস্যা আৰম্ভ হ’ল। সেই মাহতে ৫০ বছৰীয়া প্ৰতিভাৰ গেংগ্ৰীন ৰোগত আক্ৰান্ত হোৱা বুলি চিকিৎসকে ক’লে। এই ৰোগত শৰীৰৰ কোষবোৰ শুকাই যাব ধৰে। শৰীৰত থকা আঘাত অথবা সংক্ৰমণৰ ফলত সৃষ্টি হোৱা ৰোগাৱস্থাৰ বাবে সাধাৰণতে ৰক্ত সঞ্চালন নোহোৱা হৈ এই অৱস্থাৰ সৃষ্টি হয়।
অতি শীঘ্ৰে তেওঁৰ কিলাকুটিৰ তলৰ পৰা দুয়োখন হাত আৰু আঠুৰ তলৰ পৰা দুয়োখন ভৰি কাটি পেলাবলগীয়া হ’ল।
“মোৰ এনেকুৱা হ’ব বুলি মই কেতিায়ও কল্পনা কৰিব পৰা নাছিলো। মই ইয়াত থকা অৱস্থাত অৰ্থাৎ কাৰ্হেত থকা সময়তে সাংঘাতিক জ্বৰ হয়,” প্ৰতিভাই কয়। সেয়া আছিল ২০১৯ৰ ১৬ জুনৰ নিশাত ৮ বজা। “ভাল পাম বুলি ভাবি জ্বৰৰ ঔষধ পেৰাচিটামল বড়ি খালো। কিন্তু পিছদিনা পুৱা মোৰ গা আৰু বেয়া হ’বলৈ ধৰিলে। সেয়ে মোৰ পুত্ৰ আৰু স্বামীয়ে মোক চিকিৎসালয়লৈ লৈ গ’ল। এই কথাবোৰ মোৰ মনত নাই। সেই গোটেই দিনটো মই সংজ্ঞাহীন হৈ আছিলো।”
১৭ জুনৰ পুৱা কালৱাত থকা এখন ব্যক্তিগত গ্ৰাম্য চিকিৎসায়লৈ তেওঁক লৈ যোৱা হ’ল, তেওঁলোকৰ নিজৰ গাড়ীৰে ১২০ কিলোমিটাৰ দূৰৰ এই চিকিৎসালয়লৈ অনা হ’ল। “ইয়াৰ চিকিৎসকে মোৰ স্বামীক ক’লে যে অৱস্থা সংকটজনক আৰু থানেৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ ততালিকে লৈ যোৱা ভাল,” প্ৰতিভাই কয়। সেই একে দিনাই প্ৰতিভাক এম্বুলেন্সেৰে লৈ যোৱা হ’ল।
“মই যেতিয়া সাৰ পালো, তেতিয়া গম পালো যে মই চিকিৎসালয়ত আছো। চিকিৎসকে ক’লে যে মোৰ ডেংগু জ্বৰ হৈছে। পথাৰত কাম কৰোতে মোৰ কিবা হৈছিল নেকি তেওঁ সুধিলে। কিন্তু একো হোৱা নাছিল। দেউতাক লগ কৰিবলৈ আহিলে সপ্তাহত অন্তত আমি সদায় পথাৰত কাম কৰো। তেওঁৰ যথেষ্ট বয়স হৈছে, আমি তেওঁক সহায় কৰিবলৈ পথাৰত আমাৰ মাটিত ধান ৰোও।” পাণ্ডুৰাঙৰ পিতৃৰ চাৰি একৰ খেতিৰ মাটি কাৰ্হে গাঁৱত আছে, সেই মাটিতে পৰিয়ালটোৱে ধান, যৱধান, দাইলৰ খেতি কৰে। “বৰষুণ অনিয়মীয়া কাৰণে আমি পথাৰত বেছি কাম কৰিবলৈ বাদ দিছো,” প্ৰতিভাই কয়।
১৯ জুনত থানেৰ ব্যক্তিগত চিকিৎসালয়ত থকা সময়তে তেওঁ লক্ষ্য কৰিলে যে তেওঁৰ হাতদুখন আৰু ভৰিদুখন ক’লা পৰিবলৈ ধৰিছে। “চিকিৎসকে ক’লে যে পথাৰত কিবা কীট-পতংগই কামুৰিব পাৰে। মই সেই কথাত বিশ্বাস নকৰিলো। জ্বৰ বেছি হ’বলৈ ধৰিলে আৰু মোৰ গা খুৱ বেয়া লাগিল। মোৰ দুয়োখন ভৰি আৰু সোঁহাতখন জ্বলা-পোৰা কৰিবলৈ ধৰিলে। প্ৰথমতে চিকিৎসকে কৈছিল যে ভাল হৈ যাব, কিন্তু ইয়াৰ পিছৰ নিশা মোৰ হাত আৰু ভৰি বৰফৰ দৰে চেঁচা হৈ পৰিল। মই চিঞৰিবলৈ ধৰিলো। ইয়াৰ পিছত অসহ্য যন্ত্ৰণাত মই ১৯ দিন কান্দিলো। হাতৰ তুলনাত ভৰি দুখনত সাংঘাতিক জ্বলা-পোৰা হোৱাৰ লগতে অসহ্য বিষ হ’বলৈ ধৰিলে।”
তিনিদিনৰ পিছত প্ৰতিভাৰ গেংগ্ৰিন হোৱা বুলি চিকিৎসকে নিশ্চিত কৰিলে। “এনে অৱস্থা কিয় হৈছে প্ৰথমতে চিকিৎসকে নিৰ্ধাৰণ কৰিব পৰা নাছিল। তেওঁলোকে বহুতো পৰীক্ষা কৰিলে। মোৰ জ্বৰ নকমিল আৰু অসহ্য বিষৰো অন্ত নপৰিল। ভৰিত জ্বলা-পোৰা কৰাৰ পৰা অসহ্য যন্ত্ৰণাত মই কান্দি থাকিবলৈ ধৰিল। এসপ্তাহৰ পিছত তেওঁলোকে ক’লে যে বাওঁহাতৰ তিনিটা আঙুলি এতিয়াও লৰচৰ কৰিব পৰা অৱস্থাত আছে, গতিকে ভাল হৈ যাব। মোৰ স্বামী স্তম্ভিত হৈ পৰিল। কি কৰিব তেওঁ উৱাদিহ নোপোৱা হ’ল। মোৰ ল’ৰাই সকলো দায়িত্ব মুৰ পাতি ল’লে।”
তেওঁলোকৰ ২৭ বছৰীয়া পুত্ৰ সুমীত এজন চিভিল ইঞ্জিনিয়াৰ। কাম কৰা ঠাইত ছুটী বঢ়াব নোৱাৰিলে, সেয়ে মাতৃক চিকিৎসাধীন কৰাৰ পিছত তেওঁ কাম কৰি থকা মুম্বাইৰ নিৰ্মাণ সংস্থাটোৰ পৰা অব্যাহতি ল’লে। “মোৰ অস্ত্ৰোপচাৰৰ সকলো সিদ্ধান্ত মোৰ ল’ৰাই ল’লে। সি সকলো নথিপত্ৰত স্বাক্ষৰ কৰিলে। সি মোক খুৱাই দিয়ে, গা ধুৱাই দিয়ে, ল’ৰাই সকলো কৰি দিয়ে,” প্ৰতিভাই কথাবোৰ মনত পেলায়।
যোৱা বছৰ জুন মাহৰ শেষৰ ফালে থানেৰ চিকিৎসালয়খনৰ চিকিৎসকে তেওঁৰ সোঁহাতখন অস্ত্ৰোপচাৰ কৰি কাটি পেলালে। “সেই অস্ত্ৰোপচাৰ সিমান ভাল নহ’ল। তেওঁৰ সোঁহাতখন সিহঁতে বেয়াকৈ অস্ত্ৰোপচাৰ কৰিলে,” সুমীতে ক’লে। মাকৰ হাতত থকা দাগবোৰ তেওঁ দেখুৱায়। “এখন হাত অস্ত্ৰোপচাৰ কৰাৰ বাবদ তেওঁলোকে ৩.৫ লাখ টকা ল’লে অথচ ভালকৈ কৰিব নোৱাৰিলে। বিষত তেওঁ চিঞৰি থাকিলৈ ধৰিলে। দেউতাই ক’লে যে এইখন চিকিৎসালয়ত চিকিৎসা কৰিবলৈ আমাৰ ইমান টকা নাই।”
ভিৱাণ্ডিৰ জিলা পৰিষদৰ বিদ্যালয় কৰ্তৃপক্ষই চিকিৎসা ব্যয়ৰ বাবদ যোৱা আগষ্ট মাহত তিনিমাহৰ দৰমহা দিলে। তেওঁ প্ৰতিমাহে বিদ্যালয়ত শিক্ষয়িত্ৰীৰ কাম কৰি ৪০ হাজাৰকৈ পাইছিল। “থানাৰ সেই চিকিৎসালয়খনত আমি বহুত টকা খৰছ কৰিবলগীয়া হ’ল। ২০ দিনত সেই চিকিৎসালয়খনে আমাৰ পৰা প্ৰায় ১৩ লাখ টকা ল’লে। মোৰ ভাতৃ এজনে অলপ টকা ধাৰে দিলে আৰু বিদ্যালয়ৰ সহকৰ্মী বন্ধুকেইজনমানেও সহায় কৰিলে। আমাৰ টকা-পইচা নোহোৱা হ’ল। মোৰ স্বামীয়ে এটা ঋণ ল’লে,” প্ৰতিভাই ক’লে।
১২ জুলাই মানত তেওঁলোকৰ পৰিয়ালৰ হাতত থকা প্ৰায় সকলো টকা শেষ হ’ল। প্ৰতিভাৰ পৰিয়ালে দক্ষিণ মুম্বাইত থকা চৰকাৰী জে জে হস্পিতাললৈ তেওঁক লৈ আহিল। তাত তেওঁ প্ৰায় এমাহ থাকিবলগীয়া হ’ল। “জে জেলৈ অহাৰ পিছতো মোৰ ভৰিহালৰ বিষ আৰু জ্বলা-পোৰা নকমিল। কোনোবাই মোৰ ভৰি চুলে মই বিষত চিঞৰি উঠো,” তেওঁ ক’লে। “ন দিন মই একো খাব নোৱাৰিলো। মই শুব নোৱৰা হ’লো আৰু মোৰ ভৰিহাল সাংঘাতিকভাৱে জ্বলি থাকিবলৈ ধৰিলে। ২-৩ দিনমান চিকিৎসকে মোক পৰ্য্যবেক্ষণত ৰাখিলে আৰু তাৰ পিছত অস্ত্ৰোপচা কৰাৰ সিদ্ধান্ত ল’লে।”
১৫ জুলাইত পাঁচ ঘণ্টা ধৰি অস্ত্ৰোপচাৰ হ’ল, বাকী থকা ভৰিদুখন আৰু হাতখন অস্ত্ৰোপচাৰ কৰি কাটি পেলোৱা হ’ল।
“প্ৰথমতে চিকিৎসকে যেতিয়া মোক অস্ত্ৰোপচাৰৰ কথা কৈছিল, মই আচৰিত হৈছিলো,” প্ৰতিভাই কয়। “মোৰ ভৱিষ্যত সম্পৰ্কে মই ভাবিবলৈ ধৰিলো আৰু যে মই কেতিয়াও ছাত্ৰক শিকাবলৈ বিদ্যালয়লৈ যাব নোৱাৰিম। মই কেৱল ঘৰত থাকিব লাগিব আৰু সম্পূৰ্ণভাৱে নিৰ্ভৰশীল হৈ পৰিম। মই ৰন্ধা-বঢ়া কৰিবও নোৱাৰিম, ভাবি ভাবি কান্দি উঠিলো। কিন্ত মোৰ আত্মীয় আৰু বন্ধুবিলাক সদায় চিকিৎসালয়লৈ আহিবলৈ ধৰিলে। তেওঁলোক সকলোৱে মোৰ মনোবল বঢ়াবলৈ ধৰিলে। আনকি চিকিৎসকেও ক’লে যে কৃত্ৰিম হাত-ভৰিৰ সহায়ত মই বিদ্যালয়লৈ যাব পাৰিম। আৰু আগৰ নিচিনাকৈ সকলো কৰিব পাৰিম। তেওঁলোকে মোৰ মনটো অলপ পাতল কৰিলে। মোৰ বৰ ভয় লাগিল কিন্তু মোৰ মা-দেউতায়ো মোক সাহস যোগালে আৰু অস্ত্ৰোপচাৰৰ পিছত মোক সহায় কৰিলে। মই তেওঁলোক সকলোৰে ওচৰত ঋণী।”
২০১৯ৰ ১১ আগষ্টত যেতিয়া জে জে চিকিৎসালয়ৰ পৰা তেওঁ ওলাল, প্ৰতিভাই তেওঁৰ মাক-দেউতাকৰ ওচৰলৈ গ’ল। তেওঁৰ মাতৃ ৬৫ বছৰীয়া সুনীতা ৱাঘ এগৰাকী কৃষক তথা গৃহিণী। প্ৰতিাৰ পিতৃ-মাতৃৰ পালঘৰ জিলাৰ জৱাহৰ তালুকৰ চালাটৱাড় গাঁৱত ৬ একৰ মাটি আছে, সেই মাটিত ধান, জোৱাৰ, যৱধান, দাইল আদিৰ খেতি কৰা হয়। ৭৫ বছৰীয়া পিতৃ অৰৱিন্দ ৱাঘে কৃষিশ্ৰমিক লগত লৈ এতিয়াও পথাৰত কাম কৰে। ২০২০ৰ মাৰ্চলৈকে প্ৰতিভা চালাটৱাড়েৰ নিজৰ পিতৃ-মাতৃৰ লগত আছিল। লকডাউনৰ বাবে পৰিয়ালটো কাৰ্হেৰ ঘৰলৈ আহিব পৰা নাছিল। চলিত বৰ্ষৰ ছেপ্টেম্বৰত তেওঁৰ স্বামী পুনৰ কাৰ্হে ঘৰলৈ ঘূৰি আহিবলৈ সক্ষম হয় আৰু জৱাহৰ তালুকত থকা জলসিঞ্চন বিভাগৰ কাৰ্য্যালয়লৈ মটৰ চাইকেলেৰে অহা-যোৱা কৰে)।
অস্ত্ৰোপচাৰৰ পৰৱৰ্তী স্বাস্থ্যপৰীক্ষাৰ বাবে প্ৰতিবাই পুত্ৰ সুমীতৰ সৈতে তিনি-চাৰিবাৰ মান জে জে হস্পিতাললৈ যোৱাবছৰ যাবলগীয়া হৈছিল। ২০২০ৰ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত দক্ষিণ মুম্বাইৰ হাজি আলিত থকা অল ইণ্ডিয়া ইনষ্টিটিউট অৱ ফিজিকেল মেডিচিন এণ্ড ৰিহেবিলিটিচেন প্ৰতিষ্ঠানত কৃত্ৰিম অংগ সংস্থাপনৰ পূৰ্ব-শাৰীৰিক অনুশীলন আৰম্ভ কৰিছিল। সোঁহাতখন সম্পূৰ্ণ আৰোগ্য নোহোৱালৈকে কৃত্ৰিম হাত-ভৰি লগোৱাৰ বাবে ৰ’ব লাগিব বুলি ইয়াৰ চিকিৎসকে ক’লে। চালাতৱাড়ৰ পৰা এই চিকিৎসালয়খনলৈ প্ৰায় ১৬০ কিলোমিটাৰ দূৰত্ব হয়। এদিনৰ অন্তৰে অন্তৰে পুত্ৰ সুমীতে তেওঁক ইয়ালৈ নিজে গাড়ী চলাই লৈ আহে। “মোৰ অস্ত্ৰোপচাৰ কৰা সকলো আঘাত চিহ্ন সম্পূৰ্ণৰূপে আৰোগ্য হোৱাৰ পিছত থেৰাপিৰ বাবে আহিবলৈ চিকিৎসকে ক’লে। কিন্তু কেইবামাহলৈ মোৰ সোঁহাতখনৰ পৰা মই প্ৰতিদিনে অসুবিধা পাইছিলো,” প্ৰতিভাই কয়। “মোৰ ছোৱালী মাধুৰীয়ে ঘৰৰ সকলো কাম কৰিবলৈ ধৰিলে। আনকি তাই নিজ হাতেৰে মোক খুওৱাই দিয়ে। মই কিলাকুটিত লগোৱা ষ্ট্ৰেপৰ সহায়ত খাবলৈ চেষ্টা কৰো, কিন্তু চামুচখন পৰি যায়।”
সাৱন্তৱাড়ি তালুকৰ এখন বিশ্ববিদ্যালয়ত কনিষ্ঠ কন্যা ২৫ বছৰীয়া মাধুৰীয়ে আয়ুৰ্বেদিক ঔষধ সম্পৰ্কে অধ্যয়ন কৰি আছে। ২০১৯ৰ জুলাইত জে জে হস্পিতালত প্ৰতিভাৰ অস্ত্ৰোপচাৰৰ সময়ত তাইৰ পৰীক্ষা চলি আছিল আৰু তাই সেই সময়ত মাকৰ কাষত থাকিব নোৱাৰিলে। ভগৱানে আমাৰ বাবেই মাক জীয়াই থকাৰ এটা সুযোগ দিলে। এই অৱস্থাৰ লগত সংগ্ৰাম কৰি জীয়াই থকাৰ বাবে মই মাক সকলো সহায় কৰিম। হাত আৰু ভৰিকেইখন কাটি পেলাবলগীয়া হোৱাৰ বাবে তেওঁ বহুত দিন কান্দিলে। আগতে তেওঁ আমাৰ বাবে ইমান কাম কৰিলে যে এতিয়া আমি তেওঁৰ বাবে কৰিম। আমি মাক কৈছো যে তোমাৰ বাবে আমি ইয়াত আছো। আমি ল’ৰা-ছোৱালীকেইটাই তোমাৰ হাত আৰু ভৰি। প্ৰতিভাৰ জ্যেষ্ঠ কন্যা ২৯ বছৰীয়া প্ৰণালী ডাৰোথে জিলা কৃষি কাৰ্য্যালয়ত সহকাৰী কৃষি বিষয়া ৰূপে কাৰ্যানিৰ্বাহ কৰি আছে আৰু তাইৰ এটা এবছৰীয়া ল’ৰা আছে।
হাজি আলি কেন্দ্ৰই দিবলগীয়া কৃত্ৰিম হাত-ভৰিৰ বাবে প্ৰতিভাৰ পৰিয়ালে উদ্বেগেৰে অপেক্ষা কৰিছে. সেই কেন্দ্ৰৰ পৰাই বৰ্তমান তেওঁ থিয় হ’ব পৰা সৰঞ্জাম লাভ কৰিছিল। “মাৰ্চত মই হাত আৰু ভৰি (কৃত্ৰিম) ঘূৰাই পাম। মোৰ জোখ-মাখ লোৱা হৈছে, সেই মতেই বনোৱা হৈছে,” তেওঁ কয়। কিন্তু লকডাউনৰ বাবে চিকিৎসকে ম’বাইলত বাৰ্তা প্ৰেৰণ কৰি কেইমাহমান পিছত আহিবলৈ কৈছে। মোক আকৌ প্ৰশিক্ষণ দিব আৰু তাৰ পিছত হাত আৰু ভৰি সংলগ্ন কৰিব।
জানুৱাৰীৰ পৰা প্ৰতিভাই দুয়োখন ভৰিত লগাই দিয়া নি-পেডৰ সহায়ত খোজ কাঢ়িছিল। “হাজি আলি কেন্দ্ৰই পিছত মই কৃত্ৰিম হাত-ভৰি ব্যৱহাৰ কৰাত অভ্যস্ত হোৱাৰ বাবেই মোৰ নি-পেড ব্যৱহাৰ কৰিবলৈ দিছিল আৰু মোৰ সমতা ৰখাৰ সহায়ক হ’ব। প্ৰথমতে খুব অসুবিধা পাইছিলো। ইয়াৰ সহায় খোজ কাঢ়িবলৈ অভ্যস্ত হওঁতে মোক প্ৰায় এমাহ সময় লাগিছিল,” প্ৰতিভা হিলিমে কয়। কেনেকৈ বহিব লাগে, থিয় হ’ব লাগে তথা কৃত্ৰিম অংগৰ সহায়ত দৰকাৰী শৰীৰ সঞ্চালন পুনৰ শিকাইছিল আৰু মাংসপেশী সবল কৰিবলৈ তেওঁক যোগ আৰু আন ব্যায়াম শিকাইছিল। সেই কেন্দ্ৰতে চামুচ, পেন বা চকৰ দৰে বস্তু উঠাই ল’বলৈ শিকাইছিল।
যোৱা বছৰ তেওঁ অস্ত্ৰোপচাৰ কৰাৰ পিছত জিলা পৰিষদৰ বিদ্যালয়ত তেওঁ কৰা শিক্ষকতাৰ কাম বন্ধ হৈ পৰিল। তাৰ পিছত মাৰ্চত ক’ভিড-১৯ লকডাউন আৰম্ভ হ’ল। লকডাউনৰ সময়ত গাঁৱৰ ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা কৰা কঠিন হোৱাৰ বিষয়ে তেওঁ ভাবিবলৈ ধৰিলে। সিহঁতক ইফালে-সিফালে ঘূৰি ফুৰা বা পৰিয়ালৰ লগত পথাৰত কাম কৰা দেখিলে। “এইসকল দুখীয়া মানুহ তেওঁলোকে অনলাইন শিক্ষাৰ কথা বুজি নাপায়,” তেওঁ কয়। সিহঁতৰ মাক-দেউতাকবিলাক সচাকৈয়ে বৰ দুখীয়া। অন-লাইন পঢ়াৰ বাবে তেওঁলোকে কেনেকৈ এটা ফোন যোগাৰ কৰিব?”
সেয়ে প্ৰতিভাই ল’ৰা-ছোৱালীবিলাকক বিনা পইচাই পঢ়াই দিবলৈ সিদ্ধান্ত লৈছে। “ইয়াৰ আদিবাসী ল’ৰা-ছোৱালীবিলাকৰ অৱস্থা বৰ বেয়া। সিহঁতে কেতিয়াবাহে দুসাজ খাবলৈ পায়। কেতিয়াবা নোখোৱাকৈ অহা ল’ৰা-ছোৱালীৰ বাবে মোৰ ছোৱালীয়ে খোৱা বস্তু প্ৰস্তুত কৰে। আমি সাধাৰণতে সিহঁতক কল খাবলৈ দিও, কিন্তু বিশেষ দিনত আমি চকলেট আদি দিও।”
কিন্তু তেওঁ লগতে কয়, “প্ৰতিভাৰ ঘৰত চলাই থকা শ্ৰেণীলৈ বহুতো ল’ৰা-ছোৱালীয়ে অহা বাদ দিছে - কাৰণ শস্য চপোৱাৰ সময় হৈছে। পিতৃ-মাতৃয়ে সিহঁতক পথাৰলৈ লগত লৈ যায়। অথবা ঘৰত থকা তেওঁলোকতকৈ সৰু কেঁচুৱাক চোৱা-চিতা কৰিব লাগে। মোৰ ভৰি থকা হ’লে ঘৰে ঘৰে গৈ ল’ৰা-ছোৱালীবিলাকক ইয়ালৈ পঠাবলৈ ক’লোহেঁতেন।”
২০২০ৰ আগষ্টত প্ৰতিভাই ভিৱাণ্ডিৰ জিলা পৰিষদৰ বিদ্যালয়ৰ পৰা কাৰ্হে গাঁৱৰ জিলা পৰিষদলৈ বদলি কৰাৰ বাবে আবেদন জনাইছিল। তেওঁৰ চাকৰি এতিয়াও আছে। তেওঁ বিনা বেতনত আছে। ইয়াৰ আগতে তেওঁক তিনিমাহৰ দৰমহা দিয়া হৈছিল। অৰ্থাৎ ২০১৯ৰ আগষ্টলৈকে দিয়া হৈছিল। “বিদ্যালয় নোখোলা পৰ্যন্ত মই ল’ৰা-ছোৱালীবিলাকক মোৰ ঘৰতে পঢ়াই যাম,” তেওঁ কয়। কৃত্ৰিম হাত-ভৰিৰ সহায়ত তেওঁ পুনৰ শিক্ষাদান কাৰ্য আৰম্ভ কৰিব পাৰিব বুলি নিশ্চিত।
“মই মোৰ নিজৰ ভৰিৰ ওপৰত থিয় হ’ব বিচাৰো। মই পুনৰ বিদ্যালয়লৈ যাব বিচাৰো আৰু শিক্ষাদান কৰিব বিচাৰো। মোৰ কাম মই নিজে কৰিব বিচাৰো,” তেওঁ কয়। “বিদ্যালয়খনেই মোৰ পৃথিৱী। কণ কণ শিশুবিলাকৰ লগত থাকিলে মই স্বাভাৱিক হোৱাত সহায়ক হ’ব,” প্ৰতিভাই কয়। সন্মুখৰ দুৱাৰৰ ওচৰ পাওতে মোক চাবলৈ তেওঁ চোফাৰ পৰা উঠিবলৈ স্বতঃস্ফুৰ্তভাৱে থিয় হোৱাৰ চেষ্টা কৰে। কিন্তু তেওঁৰ নি-পেড লগোৱা নাছিল। সেয়ে তেওঁ ভাৰসাম্য ৰাখিব নোৱাৰিলে আৰু প্ৰায় পৰি গ’ল। নিজৰ ভাৰসাম্য ঘূৰাই আনিবলৈ তেওঁ সক্ষম হয় যদিও অলপ হতাশ হয়। “ইয়াৰ পিছত আহিলে আপুনি আমাৰ লগত একেলগে আহাৰ খাব লাগিব,” পুনৰ চোফাত বহি পৰি মোক বিদায় জনাই এইদৰে তেওঁ কয়।
অনুবাদ: পংকজ দাস