ল’ৰালিত শুনিছিলো যে আমাৰ দ্বীপটো এক বিশাল প্ৰৱাল টিলাৰ ওপৰত টিকি আছে। তলত থকা প্ৰৱালে দ্বীপটোক ধৰি আছে। আৰু আমাৰ চাৰিওফালে থকা উপহ্ৰদটোৱে আমাক মহাসাগৰৰ পৰা সুৰক্ষা দিছে,” ৬০ বছৰ বয়সীয়া মৎস্যজীৱি বি হায়দৰে কয়।

বিত্ৰাৰ আন এজন ৬০ বছৰ বয়সীয়া মৎস্যজীৱি আব্দুল খদৰে সেই কথাৰ লগত আৰু অলপ যোগ দিলে, “সৰু থাকোতে জোৱাৰ-ভাটা কমিলে প্ৰৱালবোৰ দেখিছিলো। এতিয়া আৰু তাত বেছি প্ৰৱাল নাই। কিন্তু ডাঙৰ ঢৌৰ আঘাতৰ পৰা ৰক্ষা কৰিবলৈ প্ৰৱালৰ খুবেই প্ৰয়োজন আছে।”

লক্ষদ্বীপৰ দ্বীপপুঞ্জৰ অসংখ্য কাহিনী, কল্পনা, জীৱন-জীৱিকা আৰু পৰিস্থিতিতন্ত্ৰৰ কেন্দ্ৰস্বৰূপ, সেই প্ৰৱাল ক্ৰমান্বয়ে আন বহুতো পৰিৱৰ্তনৰ সৈতে মিলি ৰংহীন হৈ পৰিছে। এই পৰিৱৰ্তন ভালেকেইদশক ধৰি মৎস্যজীৱিসকলে লক্ষ্য কৰি আহিছে।

তেনেই সহজ কথা, প্ৰকৃতিৰ পৰিৱৰ্তন ঘটিছে,” মুনিয়ামিন কে কেয়ে বুজাই ক’লে। ২২ বছৰ বয়সতে মাছ মাৰিবলৈ আৰম্ভ কৰা আগাট্টি দ্বীপৰ ৬১ বছৰীয়া বৃদ্ধ লোকজনে কয়। “তেতিয়া বাৰিষা সময়মতে(জুন মাহত) আহিছিল, কিন্তু এতিয়া বাৰিষা কেতিয়া আহিব তাৰ ঠিকনা নাই। মাছো কমিছে। আগতে মাছ ধৰিবলৈ ইমান দূৰলৈ যাবলগীয়া নহৈছিল। শ’ল মাছবোৰ তেনেই ওচৰতে পোৱা গৈছিল। কিন্তু এতিয়া মানুহে মাছৰ সন্ধানত ভালেকেইদিনলৈ, কেতিয়াবা সপ্তাহ পৰ্য্যন্ত সাগৰত কটাবলগীয়া হয়।”

আৰব সাগৰত, কেৰেলা উপকূলৰ কাষত থকা ভাৰতৰ ক্ষূদ্ৰতম কেন্দ্ৰশাসিত অঞ্চল লক্ষদ্বীপৰ নৌপথেৰে সাত ঘণ্টাৰ দূৰত্বত অৱস্থিত আগাট্টি আৰু বিত্ৰা লক্ষদ্বীপৰ পাকৈত মৎস্যজীৱিৰ ঘৰ। মালায়লম আৰু সংস্কৃত দুয়োটা ভাষাতেই লক্ষদ্বীপ মানে হৈছে এক লাখ দ্বীপ। বাস্তৱত আমি ৩৬ টা দ্বীপ দেখিবলৈ পাইছো, যাৰ বিস্তৃতি ৩২ বৰ্গকিলোমিটাৰ। অৱশ্যে জলজ প্ৰাণী আৰু সম্পদেৰে সমৃদ্ধ এই দ্বীপপুঞ্জৰ জলৰাশি ৪ লাখ বৰ্গকিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে।

এখন জিলা থকা এই কেন্দ্ৰশাসিত অঞ্চলটোৰ প্ৰতি সাতজনৰ মাজত এজন মৎস্যজীৱি আৰু মুঠ জনসংখ্যা ৬৪,৫০০ জনৰ মাজত ৯০০০ জন মৎস্যজীৱি (২০১১ৰ লোকপিয়ল)।

PHOTO • Sweta Daga

বিত্ৰা (ওপৰত)সহ লক্ষদ্বীপ ভাৰতবৰ্ষৰ একমাত্ৰ প্ৰৱাল দ্বীপ। ‘আমি সৰু থাকোতে জোৱাৰ-ভাটাৰ সময়ত প্ৰৱাল দেখা পাইছিলো,’ আব্দুল খদৰে (তলত বাওঁফালে) কয়, তেওঁ বিত্ৰাৰ এজন মৎস্যজীৱি। ‘এতিয়া সেয়া নাইকিয়া হৈ আহিছে’

দ্বীপটোৰ বয়োজ্যেষ্ঠ মানুহজনে কয় যে আগতে তেওঁলোকে নিজৰ দিনপঞ্জী বৰ্ষাৰ আগমনৰ পৰা মিলাই ল’ব পাৰিছিল। কিন্তু “এতিয়া সাগৰখন যিকোনো সময়তে উত্তাল হৈ পৰে, আগতে এনে নাছিল,” ইউ পি কয়া নামৰ ৭০ বছৰ বয়সীয়া চাৰি দশকৰ অভিজ্ঞতাৰে পুষ্ট মৎস্যজীৱিজনে কয়। “আমি বোধহয় পঞ্চম শ্ৰেণীত পঢ়ি আছিলো যেতিয়া মিনিকয় দ্বীপ (প্ৰায় ৩০০ কিলোমিটাৰ দূৰত্বত)ৰ মানুহে আমাক বৰশিৰে মাছ ধৰা শিকাইছিল। তেতিয়াৰে পৰা আমি তেনেদৰেই মাছ ধৰি আহিছো, আমি জাল ব্যৱহাৰ নকৰো, কিয়নো জালবোৰ প্ৰৱালত লাগিলে প্ৰৱাল ভাঙি যায়। আমি চৰাই আৰু কম্পাচৰ সহায়ত মাছ বিচাৰি উলিয়াও।”

বৰশীৰে মাছ ধৰাৰ বাবে মাছুৱৈয়ে নিজৰ নাৱৰ ৰেলিঙত থিয় হয়। এডাল চুটি মোটা সুতাত এটা মজবুত বৰশী কটা লগাই আনটো ফাল এডাল ফাইবাৰ গ্লাছৰ বৰশীমাৰীত গাঠি দিয়া হয়। মাছ ধৰা এই ব্যৱস্থা অধিক বহনক্ষম আৰু পানীৰ ওপৰৰ স্তৰত থকা মাছ যেনে টুনা প্ৰজাতিৰ শ’ল আদি ধৰিবলৈ প্ৰায়ে ব্যৱহাৰ কৰা হয়। আগাট্টি আৰু লক্ষদ্বীপৰ আন দ্বীপসমূহত নাৰিকল আৰু মাছ, ঘাইকৈ টুনা- মানুহৰ প্ৰধান খাদ্য।

দ্বীপপুঞ্জটোৰ মানুহৰ বসতি থকা ১২ টা দ্বীপৰ ভিতৰত ক্ষুদ্ৰতম দ্বীপটো হৈছে বিত্ৰা, যাৰ মাটিকালি ০.১০৫ বৰ্গ কিলোমিটাৰ বা প্ৰায় ১০ হেক্টৰ। দ্বীপটোৰ উপকূল সাগৰৰ কোমল, বগা বালিৰে গঠিত আৰু নাৰিকল গছেৰে ভৰা দ্বীপটো উজ্বল নীলা, সেউজ-নীলা, পান্না আৰু সাগৰ-সেউজীয়া ৰঙৰ জলৰাশিৰে আৱৰা। পৰ্যটকৰ প্ৰৱেশ ইয়াত নিষেধ। এবাৰ ইয়াত সোমালে খোজ কঢ়াৰ বাদে গত্যন্তৰ নাই, চাৰিচকীয়া কিম্বা মটৰ চাইকেল নাপাব, আনকি চাইকেলো পাবলৈ টান। ২০১১ৰ লোকপিয়ল মতে দ্বীপটোৰ জনসংখ্যা ২৭১ মাত্ৰ।

যাহওঁক, এইখন কেন্দ্ৰশাসিত অঞ্চলতে আছে ৪৭ বৰ্গকিলোমিটাৰ ব্যাপ্ত সৰ্ববৃহৎ উপহ্ৰদ। বিত্ৰা সহ সমগ্ৰ লক্ষদ্বীপেই ভাৰতৰ একমাত্ৰ প্ৰৱালদ্বীপ। ইয়াৰে বসতি থকা প্ৰায়ভাগ মাটিয়েই আচলতে প্ৰৱাল দ্বীপবলয়। মাটিখিনিও ঘাইকৈ প্ৰৱালৰ পৰা পোৱা।

প্ৰৱাল একধৰণৰ জীৱিত প্ৰাণী যাৰ দ্বাৰা এই প্ৰাচীৰ গঢ় লৈ উঠিছে আৰু সামূদ্ৰিক জীৱন সম্ভৱ কৰি তোলাৰ বাবে, বিশেষকৈ মাছৰ বাবে পৰিস্থিতিতন্ত্ৰৰ সৃষ্টি কৰিছে। প্ৰৱাল প্ৰাচীৰে এই দ্বীপবোৰক উত্তাল সমূদ্ৰৰ পৰা ৰক্ষা কৰিছে আৰু সীমিত স্বচ্ছ জলৰ পৰা লুণীয়া জলৰাশিক প্ৰাকৃতিকভাৱে আঁতৰাই ৰাখিছে।

নিৰ্বিচাৰে মাছ ধৰা, বিশেষকৈ যন্ত্ৰচালিত নাৱৰ জালেৰে সমূদ্ৰৰ তলিভাগৰ পৰা মাছ তোলা কাৰ্য্যই টোপ মাছৰ সংখ্যা হ্ৰাস কৰাৰ লগতে প্ৰৱাল প্ৰাচীৰ আৰু প্ৰাচীৰকেন্দ্ৰীক জৈৱবৈচিত্ৰ ক্ষতিগ্ৰস্ত কৰিছে।

ভিডিঅ’ চাওক: নাৱেৰে টোপমাছ ধৰিবলৈ

প্ৰৱাল প্ৰাচীৰবোৰত সৰু সৰু মাছ থাকে যিবোৰ টুনা মাছ ধৰাৰ বাবে টোপ হিচাপে ব্যৱহাৰ কৰা হয় আৰু তাৰোপৰি তাত অসংখ্য প্ৰজাতিৰ উপহ্ৰদীয় মাছ থাকে। ২০১২ৰ ইউএনডিপিৰ জলবায়ু সংক্ৰান্ত লক্ষদ্বীপ কাৰ্য্য পৰিকল্পনাৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ প্ৰায় ২৫ শতাংশ মাছ এনে বৈচিত্ৰময় জল আৰু প্ৰৱাল প্ৰাচীৰৰ পৰাই আহে। টুনা মাছ ধৰিবলৈ টোপৰ মাছ খুবেই গুৰুত্বপূৰ্ণ।

“আগতে আমি টোপৰ মাছে কণী দিয়াৰ পিছত ধৰিছিলো, কিন্তু মানুহে এতিয়া যিকোনো সময়তে ধৰিবলৈ লৈছে,” বিত্ৰাৰ পৰা ১২২ কিলোমিটাৰ দূৰৰ, জিলাখনৰ সদৰ কাভাৰাট্টিৰ বাসিন্দা ৩০ বছৰৰ অভিজ্ঞতাসম্পন্ন ৫৩ বছৰ বয়সীয়া আব্দুল ৰেহমানে কয়। “নাৱৰ সংখ্যা বাঢ়িছে, কিন্তু মাছ ধৰাৰ পৰিমাণ কমিছে।” নিৰ্বিচাৰে মাছ ধৰা, বিশেষকৈ যন্ত্ৰচালিত নাৱৰ জালেৰে সমূদ্ৰৰ তলিভাগৰ পৰা মাছ তোলা কাৰ্য্যই টোপ মাছৰ সংখ্যা হ্ৰাস কৰাৰ লগতে প্ৰৱাল প্ৰাচীৰ আৰু তাৰে প্ৰাচীৰকেন্দ্ৰীক জৈৱবৈচিত্ৰ ক্ষতিগ্ৰস্ত কৰিছে।

আৰু এইখিনি সমস্যাটোৰ এটামাত্ৰ দিশহে।

এল নিন’ৰ দৰে জলবায়ুৰ চৰম অৱস্থাই সমূদ্ৰপৃষ্ঠৰ তাপমাত্ৰা বৃদ্ধি কৰে আৰু তাৰফলত প্ৰৱালৰ ৰং আৰু জীৱনকাল দুয়োটাই ক্ষয় যায়, লগতে দ্বীপটোক সুৰক্ষা দিয়াৰ ক্ষমতাও কমি যায়। ১৯৯৮, ২০১০, ২০১৬- এই তিনিটা বছৰত লক্ষদ্বীপত লক্ষণীয় হাৰত প্ৰৱাল বিৰঞ্জন ঘটিছে। নেচাৰ কনজাৰ্ভেছন ফাউণ্ডেচন নামৰ মহিশূৰৰ এক বন্যপ্ৰাণী গৱেষণা আৰু সংৰক্ষণৰ কামত ব্ৰতী লাভ-অনাদায়ী সংগঠনৰ ২০১৮ৰ অনুসন্ধানত কোৱা হৈছে যে প্ৰৱালপ্ৰাচীৰ এক গভীৰ সংকটৰ গৰাহত পৰিছে। অনুসন্ধানটোত কোৱা হৈছে যে লক্ষদ্বীপৰ মুঠ প্ৰৱাল আচ্ছাদন ১৯৯৮ৰ ৫১.৬৬ শতাংশৰ পৰা কমি ২০১৭ত অৰ্থাৎ মাত্ৰ ২০ বছৰত ১১ শতাংশ হৈছে।

বিত্ৰা দ্বীপৰ ৩৭ বছৰ বয়সীয়া মৎস্যজীৱি আব্দুল কয়াই কয়, “আমি ৪ কি ৫ বছৰ বয়সতে প্ৰৱাল চিনি পাইছিলো। পানীলৈ নোযোৱাকৈয়ে ঢৌৱে সমূদ্ৰতীৰলৈ লৈ অনা দেখিছিলো। আমি সেই প্ৰৱাল ঘৰ সজোৱা কামত ব্যৱহাৰ কৰিছিলো।”

কাভাৰাট্টিত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগত কৰ্মৰত বিজ্ঞানী ড. কে কে ইদ্ৰিছে প্ৰৱাল ক্ষয় যোৱা সন্দৰ্ভত বুজাই কয়ঃ “সমূদ্ৰৰ উপৰিভাগৰ উচ্চ উষ্ণতাৰ সৈতে প্ৰৱাল প্ৰাচীৰৰ সম্পৰ্ক আছে। ২০১৬ৰ সমূদ্ৰৰ উষ্ণতা ৩১ ডিগ্ৰী চেলছিয়াছ আনকি তাতোকৈও বেছি আছিল।”২০০৫ কি তাতোকৈ শেহতীয়া অধ্যয়নৰ তথ্য মতে প্ৰৱাল প্ৰাচীৰ অঞ্চলৰ উষ্ণতা ২৮.৯২ ডিগ্ৰী চেলছিয়াছ পৰ্য্যন্ত আছিল। ১৯৮৫ত সেই উষ্ণতা আছিল ২৮.৫ ডিগ্ৰী চেলছিয়াছ। পানীৰ উষ্ণতা আৰু উচ্চতা বৃদ্ধি দ্বীপটোৰ পক্ষে খুবেই চিন্তাৰ কাৰণ, কিয়নো দ্বীপপুঞ্জটোৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ১ৰ পৰা ২ মিটাৰ মাত্ৰ।

PHOTO • Rohan Arthur, Nature Conservation Foundation, Mysuru

ওপৰৰ শাৰীতঃ এল নিন’ৰ দৰে জলবায়ুৰ চৰম অৱস্থাই সমূদ্ৰপৃষ্ঠৰ তাপমাত্ৰা বৃদ্ধি কৰে আৰু তাৰ ফলত প্ৰৱালৰ ৰং আৰু জীৱনকাল দুয়োটাই ক্ষয় যায়, লগতে দ্বীপটোক সুৰক্ষা দিয়াৰ ক্ষমতাও কমি যায়। তলৰ শাৰীতঃ ২০১৪ৰ পানোভা ক্লভাছ নামৰ প্ৰকাণ্ড প্ৰৱালৰ টিলা- ‘আলু-ভূখণ্ড’পৰিস্থিতিতন্ত্ৰ আৰু মাছৰ নিৰাপদ আশ্ৰয়স্থল। কিন্তু ২০১৬ৰ এল নিন’ৰ ফলত উষ্ণতা বাঢ়ে আৰু প্ৰৱালৰ পৰা শেলুৱৈজাতীয় উদ্ভিদবোৰ এৰা খাই যায় আৰু প্ৰৱালৰ ৰং বগা হৈ পৰে

কাভাৰাট্টিৰ ৫৩ ফুট দৈৰ্ঘ্যৰ আটাইতকৈ ডাঙৰ নাওখনৰ মালিক ৪৫ বছৰ বয়সীয়া নিজামুদ্দিন কেয়েও এই সমস্যবোৰ নজৰ কৰিছে। তেওঁৰ মতে পাৰম্পৰিক জ্ঞানৰ অভাৱে তেওঁলোকৰ সমস্যা অধিক জটিল কৰি তুলিছে। “মোৰ পিতৃয়ে ক’ত মাছ পোৱা যাব জানিছিল (সেই প্ৰজন্মৰ), সেই তথ্য আছিল। আমি সেয়া হেৰুৱাইছো আৰু প্ৰায়ে এফএডি (ফিছ এগ্ৰেগেটিং আহিলা)ৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছো। আমি টুনা নাপালে উপহ্ৰদৰ মাছৰ সন্ধানত যাওঁ।”এফএডি, যদিওবা উচ্চ প্ৰযুক্তিসম্পন্ন কৌশল যেন লাগে, ই মাত্ৰ এখন ভূৰ বা উপঙি থকা কাঠৰ কুণ্ডাহে, যিটোৱে মাছক আকৰ্ষণ কৰে আৰু মাছবোৰ তাৰে তলত জমা হয়।

লক্ষদ্বীপত ২০ বছৰ ধৰি কাম কৰি অহা সামূদ্ৰিক জীৱবিজ্ঞানী ড. ৰোহন আৰ্থাৰে কয়, “এতিয়া আমি প্ৰৱাল প্ৰাচীৰৰ জীৱবৈচিত্ৰৰ কথা চিন্তা কৰা নাই, কৰিছো তাৰ কাৰ্যকৰী দিশটোক লৈহে। ইয়াতে মানুহৰ অস্তিত্ব ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিছে। এই প্ৰাচীৰ মানে কেৱল প্ৰৱাল নহয়, ই এক সম্পূৰ্ণ পৰিস্থিতিতন্ত্ৰ। ইয়াক সমূদ্ৰৰ জলৰাশিৰ তলৰ এখন অৰণ্য বুলি ভাবিব পাৰে, অৰণ্য মানে কেৱল গছেই নুবজায়।”

এনচিএফ-ৰ মহাসাগৰ আৰু উপকূল কাৰ্যসূচীৰ মুৰব্বী ড. আৰ্থাৰে কাভাৰাট্টিত আমাক কয়, “লক্ষদ্বীপৰ প্ৰৱাল প্ৰাচীৰে যথেষ্ট স্থিতিস্থাপকতা দেখুৱাইছে, কিন্তু বৰ্তমানৰ স্থিতিস্থাপকতাৰ যি গতি, সেয়া জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাৰ সৈতে মিলিব পৰা নাই। অত্যাধিক মাছ ধৰাৰ দৰে প্ৰকৃতিত মানুহৰ হস্তক্ষেপজনিত কাৰণত নৃতাত্ত্বিক চাপৰ সৃষ্টি যে হৈছে সেই বিষযটো বিবেচনা নকৰাকৈয়ে এনে অৱস্থা।”

প্ৰৱাল বিৱৰ্ণ কৰি তোলাৰ উপৰিও জলবায়ু পৰিৱৰ্তন আৰু প্ৰক্ৰিয়াবোৰৰ আন বহুতো প্ৰভাৱ পৰিলক্ষিত হৈছে। ২০১৫ৰ মেঘ আৰু ২০১৭ৰ ওচখিৰ দৰে ঘূৰ্ণীবতাহেও লক্ষদ্বীপক বিধ্বস্ত কৰিছে। মীনবিভাগৰ তথ্যত মানুহে ধৰা মাছৰ পৰিমাণৰ বৃহৎ তাৰতম্য স্পষ্ট হৈ পৰিছে- ২০১৬ চনত (সকলো প্ৰজাতিৰ টুনা মিলাই) ধৰা হৈছিল ২৪,০০০ টন যিটো ২০১৭ত কমি ১৪,০০০ টনৰ অলপমান বেছি হয়, অৰ্থাৎ ৪০ শতাংশৰ ঘাটিয়ে দেখা দিয়ে। ২০১৮ত ২৪,০০০ টন হোৱাৰ পৰিৱৰ্তে ২০১৯ত কমি ১৯,৫০০ টন হয়। এনে বছৰো আছে য’ত ধৰা মাছৰ পৰিমাণ ভাল, কিন্তু মাছমৰীয়াই কয় যে সমগ্ৰ প্ৰক্ৰিয়া এতিয়া অনিয়মীয়া আৰু অনুমান কৰিব নোৱৰাবিধৰ হৈ পৰিছে।

বিগত দশকটোত প্ৰৱাল প্ৰাচীৰ অঞ্চলৰ মাছৰ চাহিদা বিশ্বজুৰি বৃদ্ধি পোৱাত মাছমৰীয়াসকলে গ্ৰুপাৰ মাছ নাইবা স্থানীয়ভাৱে চাম্মাম নামে পৰিচিত বিশাল চিকাৰী মাছ বেছিকৈ সন্ধান কৰিবলৈ লৈছে।

PHOTO • Sweta Daga

বাওঁফালেঃ “মাছধৰা নাৱৰ সংখ্যা বাঢ়িছে, কিন্তু মাছৰ পৰিমাণ কমিছে,” টুনা মাছ ধৰি অনা কাভাৰাট্টি দ্বীপৰ মৎস্যজীৱিয়ে কয়। সোঁফালেঃ বিট্ৰাত নিজে ধৰি অনা মাছ শুকুৱাই থকা অৱস্থাত আব্দুল কয়া

আগাট্টি দ্বীপৰ ৩ বছৰ বয়সীয়া উম্মাৰ এছে মাছ ধৰা আৰু নাও সজা কাম কৰা ১৫ বছৰ হ’ল। তেওঁ কিয় গ্ৰুপাৰ মাছ ধৰে বুজাই কয়। “আগতে উপহ্ৰদ অঞ্চলতে সৰহকৈ টুনা মাছ পোৱা গৈছিল, কিন্তু এতিয়া টুনা ধৰিবলৈ আমি ৪০-৪৫ কিলোমিটাৰ দুৰলৈ যাবলগীয়া হয়। অন্য কোনো দ্বীপলৈ যাবলৈ আমাক একৰ পৰা দুই সপ্তাহ পৰ্যন্ত লাগে। সেই একেখিনি সময়তে মই চাম্মাম ধৰো। বজাৰত চাহিদাও আছে, কিন্তু তাতে এটা সমস্যা আছে, এটা মাত্ৰ ধৰিবলৈ আপুনি এঘণ্টা পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হ’ব পাৰে।”

বিত্ৰাত এই ক্ষেত্ৰবিশেষৰ আলেখ-লেখ অধ্যয়ন কৰি অহা বিজ্ঞানী ৰুচা কাৰকৰেয়ে কয়, “প্ৰৱালৰ স্বাস্থ্যৰ অৱনতিৰ সমানে সমানে বিগত বছৰবোৰত গ্ৰুপাৰৰ সংখ্যাও হ্ৰাস পাইছে। আকৌ অনিশ্চয়তাৰ কবলত পৰা মৎস্যজীৱিসকলে টুনা নাপাই বেছিকৈ প্ৰৱাল প্ৰাচীৰ অঞ্চলৰ মাছ ধৰিছে, ফলত গ্ৰুপাৰৰ সংখ্যা আৰু কমিছে। মাছে কণী পৰা দিনকেইটাত, মাহৰ পাঁচটা দিনত তেওঁলোকক মাছ নধৰিবলৈ আমি পৰামৰ্শ দিছিলো।”

বিত্ৰাৰ মাছমৰীয়াসকলে এইকেইদিন কাম-কাজ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে, কিন্তু দেখিলে যে আনে সেই নিয়ম মনাত আগ্ৰহ প্ৰকাশ কৰা নাই।

“কিলটান দ্বীপৰ পৰা অহা ল’ৰাবোৰে বিত্ৰাত নিশাৰ ভাগত মাছ মাৰিবলৈ আহি আছিল,” শুকান মাছবোৰ বাছি থকাৰ পৰাই আব্দুল কয়াই কয়। “এনে কৰাৰ অনুমতি দিবই নালাগে, কিন্তু সঘনে হ’বলৈ ধৰিছে, ফলস্বৰূপে টোপ হিচাপে ব্যৱহৃত মাছ, প্ৰৱাল প্ৰাচীৰ আৰু টুনা মাছ সকলো টুটি আহিছে।”

“মূল ভূখণ্ডৰ পৰা আনকি ডাঙৰ ডাঙৰ জাহাজ আহে, আনকি আন দেশৰ পৰাও ডাঙৰ ডাঙৰ জাল লৈ আহে,” বিত্ৰা পঞ্চায়তৰ সভাপতি বি হায়দৰে কয়। “তেওঁলোকৰ ডাঙৰ ডাঙৰ নাৱৰ সৈতে আমি সৰু নাৱেৰে ফেৰ মাৰিব নোৱাৰো।”

ইতিমধ্যে বতৰ আৰু জলবায়ুৰ পৰিঘটনা অধিক অনিশ্চিত হৈ পৰিছে। হায়দৰৰ কথাত, “আমি ৪০ বছৰত দুটা ঘূৰ্ণীবতাহৰ মুখামুখি হোৱা মনত পৰে, কিন্তু বিগত ভালেমান বছৰত ঘূৰ্ণীবতাহ সঘনাই আহিবলৈ ধৰিছে, আৰু প্ৰৱাল প্ৰাচীৰ ভাঙিছে।”

PHOTO • Sweta Daga

বাওঁফালেঃ “আগতে আমি টোপৰ কাৰণে মাছ ধৰিবলৈ মাছে কণী পৰা শেষ হোৱালৈ অপেক্ষা কৰিছিলো, কিন্তু মানুহে যেতিয়াই-তেতিয়াই ধৰিবলৈ লৈছে,” কাভাৰাট্টি দ্বীপৰ মাছমৰীয়া আব্দুল ৰেহমানে কয়। সোঁফালেঃ কাভাৰাট্টিৰ আটাইতকৈ ডাঙৰ নাৱৰ গৰাকী নিজামুদ্দিন কেয়েও পৰিৱৰ্তন লক্ষ্য কৰিছে

কাভাৰাট্টিৰ আব্দুল ৰেহমানেও ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ কথা কয়, “আগতে আমি স্কিপজেক টুনা প্ৰৱাল প্ৰাচীৰৰ কাষতে পাইছিলো, কিন্তু ওচখি ঘূৰ্ণীবতাহ অহাৰ পিছত সকলো সলনি হ’ল। ১৯৯০ত আমি সমূদ্ৰত ৩-৪ ঘণ্টা সময় কটাইছিলো। আমাৰ কোনো যন্ত্ৰচালিত ব্যৱস্থা নাথাকিলেও মাছ ইমানেই আছিল যে কম সময়তে আমি মাছ ধৰা শেষ কৰিব পাৰিছিলো। কিন্তু এতিয়া আমি সম্পুৰ্ণ এটা দিন বা তাতোকৈ বেছি সময় সমুদ্ৰত কটাবলগীয়া হয়। আমি প্ৰৱাল প্ৰাচীৰৰ মাছ ধৰিব নিবিচাৰো, কিন্তু টুনা নাপালে আমি উপায়ন্তৰ হৈ কেতিয়াবা প্ৰৱাল প্ৰাচীৰৰ মাছকে ধৰিবলগীয়া হয়।”

ৰেহমানে কয়, “এতিয়া নাৱৰ সংখ্যা বাঢ়িছে, এতিয়াৰ নাওবোৰ আগত তুলনাত বহুত ডাঙৰ। কিন্তু ধৰা মাছৰ পৰিমাণ কমিছে আৰু আমাৰ মাছ ধৰাৰ খৰছো বাঢ়িছে।”

মাছমৰীয়াৰ উপাৰ্জন সঠিককৈ কোৱা টান, কম-বেছ হৈ থাকে, ড. আৰ্থাৰে কয়। “তেওঁলোকৰ বহুতেই আন কামো কৰে, মাছ মাৰি পোৱা আয়ৰ পৰা সেই কামবোৰৰ আয় পৃথককৈ চোৱা টান হৈ পৰে।” কিন্তু এটা কথা ঠিক যে “যোৱা দশকটোত আয়ৰ খুবেই তাৰতম্য ঘটিছে।”

“এইখিনি সময়ত লক্ষদ্বীপ দুটা প্ৰমুখ পৰিৱৰ্তনৰ মাজেৰে পাৰ হ’ব ধৰিছে”, তেওঁ কয়, “জলবায়ু পৰিৱৰ্তনে প্ৰৱাল প্ৰাচীৰবোৰৰ ক্ষতি কৰিছে আৰু মাছৰ যোগানত প্ৰভাৱ পেলাইছে, আৰু তাৰ ফলত মৎস্যজীৱিসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি সংকটৰ সৃষ্টি হৈছে। তথাপি লক্ষদ্বীপ এক উজ্জ্বল ব্যতিক্ৰমী দ্বীপপুঞ্জ হৈ ৰোৱাৰ সম্ভাৱনীয়তা আছে। যদিহে আমি সমূদ্ৰৰ জৈৱবৈচিত্ৰ ৰক্ষা কৰি প্ৰাচীৰবোৰ আগৰ অৱস্থালৈ যোৱাত সহায় কৰো, তেতিয়া দীৰ্ঘদিনলৈ আমি সেয়া অক্ষত অৱস্থাত ৰাখিব পাৰিম।”

ইফালে কাভাৰাট্টিত নিজামুদ্দিন কেয়ে অভিযোগৰ সুৰত কয়, “২০ বছৰ আগতে ইমানেই মাছ আছিল যে আমি ৪-৫ ঘণ্টা কাম কৰিলেই হৈছিল, কিন্তু আজিকালি নাও ভৰ্তি কৰিবলৈ ভালেমান দিন লাগে। বৰ্ষাৰ আগমনৰ সময় সলনি হৈছে আৰু কেতিয়া বৰষুণ হ’ব আমি ধৰিবকে নোৱৰা হৈছো। মাছ ধৰাৰ বতৰতে সাগৰ উত্তাল হৈ থাকে। আমি নাওবোৰ চপোৱাৰ দৰে কঠিন কাম জুন মাহতে কৰিল, এই ভাবি যে তেতিয়াই বাৰিষা নামিব। কিন্তু বাৰিষা আহোতে আৰু এমাহ লাগিল! আমাৰ নাওবোৰ পাৰতে থাকি গ’ল, আৰু সিবোৰ আকৌ পানীলৈ নিম নে তাতে ৰাখিম আমি ভাবি পোৱা নাই। আমিও এনেকৈয়ে থমকি ৰৈছো।”

দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাসমূহ লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ ইচ্ছুক যদি অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদ: পংকজ দাস

Reporter : Sweta Daga

स्वेता डागा, बेंगलुरु स्थित लेखक और फ़ोटोग्राफ़र हैं और साल 2015 की पारी फ़ेलो भी रह चुकी हैं. वह मल्टीमीडिया प्लैटफ़ॉर्म के साथ काम करती हैं, और जलवायु परिवर्तन, जेंडर, और सामाजिक असमानता के मुद्दों पर लिखती हैं.

की अन्य स्टोरी श्वेता डागा
Editor : P. Sainath

पी. साईनाथ, पीपल्स ऑर्काइव ऑफ़ रूरल इंडिया के संस्थापक संपादक हैं. वह दशकों से ग्रामीण भारत की समस्याओं की रिपोर्टिंग करते रहे हैं और उन्होंने ‘एवरीबडी लव्स अ गुड ड्रॉट’ तथा 'द लास्ट हीरोज़: फ़ुट सोल्ज़र्स ऑफ़ इंडियन फ़्रीडम' नामक किताबें भी लिखी हैं.

की अन्य स्टोरी पी. साईनाथ
Series Editors : P. Sainath

पी. साईनाथ, पीपल्स ऑर्काइव ऑफ़ रूरल इंडिया के संस्थापक संपादक हैं. वह दशकों से ग्रामीण भारत की समस्याओं की रिपोर्टिंग करते रहे हैं और उन्होंने ‘एवरीबडी लव्स अ गुड ड्रॉट’ तथा 'द लास्ट हीरोज़: फ़ुट सोल्ज़र्स ऑफ़ इंडियन फ़्रीडम' नामक किताबें भी लिखी हैं.

की अन्य स्टोरी पी. साईनाथ
Series Editors : Sharmila Joshi

शर्मिला जोशी, पूर्व में पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए बतौर कार्यकारी संपादक काम कर चुकी हैं. वह एक लेखक व रिसर्चर हैं और कई दफ़ा शिक्षक की भूमिका में भी होती हैं.

की अन्य स्टोरी शर्मिला जोशी
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das