“কেতিয়াবা হতাশ হৈ পৰো, কিন্তু মই কৰি যাব লাগিব। পৰিয়ালটো পুহিবলৈ প্ৰতিদিনে এনেকৈ বহুদূৰ বাট ঘূৰি ফুৰিবই লাগিবই,” মাছ বেচিবলৈ প্ৰতিদিনে অতিকমেও ১৩০ কিলোমিটাৰ বাট ভ্ৰমণ কৰা দুকুৰি বছৰ বয়সৰ চেন্থিল কুমাৰীয়ে কয়। ক’ভিডে তেওঁলোকৰ মাছৰ ব্যৱসায় একেবাৰে মন্দা কৰি পেলোৱাৰ পিছত জীৱনটো কিমান কষ্টকৰ হৈ পৰিছে তেওঁ সেয়া বুজাবলৈ যত্ন কৰিছে। “মোৰ ধাৰ মূৰলৈকে লাগিছে। অনলাইন ক্লাছত উপস্থিত থাকিবলৈ জীয়াৰীক স্মাৰ্টফোন এটা কিনি দিব পৰা নাই। বোজাবোৰ বাঢ়ি গৈ আছে,” তেওঁ হুমুনিয়াহ কাঢ়ে।
তামিলনাডুৰ মাইলাদুতুৰাই জিলাৰ মৎস্যজীৱিৰ গাওঁ বনগিৰি, য’ত সেন্থিল কুমাৰী থাকে, তাত বিভিন্ন বয়সৰ প্ৰায় ৪০০ মান মহিলাই মাছ বিক্ৰীৰ কাম কৰে। তেওঁলোক মাছমৰীয়াৰ সমবায় সমিতিৰো সদস্য। মাছ বিক্ৰী কৰা কামটো বিভিন্ন ধৰণৰ। কিছুমানে মাছৰ পাচি মূৰত লৈ ওলায়। আন কিছুমানে অটো, ভেন বা বাছত মাছ বোজাই কৰি নি বেলেগ গাঁৱত বিক্ৰী কৰে। কিছুমানে বজাৰত বিক্ৰী কৰিবলৈ আনকি বেলেগ জিলালৈও যায়।
সেন্থিল কুমাৰীৰ দৰে প্ৰায়ভাগ মহিলাৰে ঘৰ তেওঁলোকৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰ কৰে। তেওঁলোকে দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে যদিও মহামাৰীয়ে তেওঁলোকক সকলোকে গুৰুতৰ আঘাত দিলে। পৰিয়াল চলাবলৈ সুদখোৰ আৰু ক্ষুদ্ৰসঞ্চয়ৰ কোম্পানীৰ পইছা আনি আনি তেওঁলোক ঋণৰ এক ওলাব নোৱাৰা চক্ৰত সোমাই পৰিল, ঋণ পৰিশোধ কৰাৰ য’ত সম্ভাৱনা তেনেই ক্ষীণ। ধাৰ মাৰিবলৈ তেওঁলোকে আন ক’ৰবাৰ পৰা ধাৰে আনে। এনেকৈ বেছি সুত দিবলগীয়া জালত পৰে। “মই সময়মতে পইছা দিব নোৱাৰাত সুত বাঢ়িব ধৰিছে,” ৪৩ বছৰ বয়সীয়া পুৰণি মাছবেপাৰী অমুতাই কয়।
মহিলা মাছবেপাৰীৰ মূলধন যোগান ধৰা আৰু আৰ্থিক আৱশ্যকতাখিনি পূৰণ কৰাটো চৰকাৰী নীতিত নপৰে। পুৰুষৰ মাজত কৰ্মসংস্থাপনহীনতা বাঢ়ি অহাৰ ফলত আৰু অধিক মহিলাই, আনকি তাৰে কিছুমান মাছমৰীয়া সম্প্ৰদায়ৰ নহয়, মাছৰ বেপাৰত ধৰিছে। ফলত মাছৰ আৰু পৰিবহনৰ ব্যয় বাঢ়িছে, মুনাফা কমিছে। দিনটো বেপাৰ কৰি তেওঁলোকে যদি আগতে ২০০ৰ পৰা ৩০০ টকা পাইছিল, আজিকালি এশ টকাও নোপোৱা হ’ল। কেতিয়াবা আনকি হাতৰ পৰাও পইছা যোৱা হ’ল।
জীৱনটো কঠিন, কিন্তু তেওঁলোকে দোকমোকালিতে উঠি বন্দৰলৈ যায়, মাছ কিনে, মানুহৰ কটু কথা শুনে, কিন্তু মাছ বিক্ৰীৰ যৎপৰোনাস্তি চেষ্টা কৰে। জীৱনৰ ভাৰ তেওঁলোকে এনেকৈয়ে প্ৰতিদিনে কঢ়িয়ায়।
অনুবাদ: পংকজ দাস