বাঁহৰ জাজলা দিয়া সৰু চালিঘৰটোৰ এটা চুকত বাঁহৰ খাট এখনত কাপোৰ দ’মাই থোৱা আছে। সেয়া মোহিনীয়ে চিলাব বা অকণমান জোৰা-টাপলি মাৰিব। “চিলোৱা কামটোত মই ইমান ভাল নহয় যদিও যিখিনি পাৰো কৰি যাওঁ,” ২০২০ৰ নৱেম্বৰত সিংঘুৰ প্ৰতিবাদস্থলীলৈ দিল্লীৰ স্বৰূপ নগৰৰ পৰা অহা ৬১ বছৰ বয়সীয়া এয়া মোহিনী। “প্ৰতিবাদী কৃষকলৈ সেৱা আগবঢ়াবলৈ মই ইয়ালৈ আহিছিলো। তেওঁলোকে আমাক শস্য দিয়ে, তেওঁলোকৰ বাবে মই কৰিবপৰা এইখিনিয়েই, তাকেই কৰিছো,” তেওঁ কয়। মোহিনীয়ে তেতিয়াৰে পৰা এবাৰো ঘৰ উভতা নাই। ২০২১ৰ ৯ ডিচেম্বৰত কৃষক সংঘই তেওঁলোকৰ প্ৰতিবাদী কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰাৰ পিছতো যোৱা নাই।
মোহিনীৰ এই স্বেচ্ছাসেৱাৰ বাতৰিয়ে যেতিয়া পাঞ্জাৱী বাতৰি কাকত অজিত কাকতত ছপা হ’ল, তেতিয়া পাঞ্জাৱৰ এগৰাকী পাঠকে তেওঁক সহায় কৰিবলৈ অনুপ্ৰাণিত হৈ আগবাঢ়ি আহিল। এইবছৰ জুলাই মাহত ২২ বছৰ বয়সীয়া হৰজীত সিঙে মোহিনীক কাপোৰ চিলোৱা কামত সহায় কৰিবলৈ সেই চালিঘৰটোলৈ আহিল।
পাঞ্জাৱৰ লুধিয়ানা জিলাৰ খান্নাত হৰজীতৰ এখন কাপোৰ চিলোৱা দোকান আছে। তেওঁৰ দেউতাক এগৰাকী খেতিয়ক। ঘৰৰ চাৰি একৰ খেতিমাটিত তেওঁ চাউল, গমধান আৰু মাকৈৰ খেতি কৰে। “মই মোৰ দুই দৰ্জীৰ ভৰসাত দোকানখন এৰি মোহিনীজীক সহায় কৰিবলৈ এইবছৰ জুলাই মাহত সিংঘুলৈ আহো। ইয়াত ইমান কামৰ ভিৰ, তেওঁ অকলে চম্ভালিব নোৱাৰে।”
খাট আৰু টেবুলখনৰ উপৰি দুটা চিলাই মেচিন আৰু এখন পেডেষ্টেল ফেন সেই চালিঘৰটোত আছে, ইফাল-সিফাল কৰিবলৈ ঠাই তেনেই কম। মজিয়াত গাখীৰ গৰম কৰিবলৈ এটা লৈ ফুৰিব পৰা গেছৰ কেনিষ্টাৰ ষ্টোভ আছে। ঘৰটোত মোহিনী বা হৰজীতৰ সৈতে কথা পাতিবলৈ এবাৰত এজনহে সোমাব পাৰে। গ্ৰাহকসকল, মানে প্ৰতিবাদস্থলীৰ কৃষক আৰু অনান্যসকলে দুৱাৰডলিতে থিয় দি ৰয়।
ৱৰ্কটেবুলখনৰ এফালে নতুন কাপোৰৰ দম এটা আছে। “এইখিনি বিশুদ্ধ কপাহী কাপোৰ আৰু দাম বজাৰ দৰৰ সৈতে একেই। মই চিন্থেটিক কাপোৰ নাৰাখো,” কাপোৰ সন্দৰ্ভত কিবা এটা কথা সোধা এজনক মোহিনীয়ে কৈছে। “এক মিটাৰত ১০০ টকা দাম পৰে।” তেওঁ গ্ৰাহকজনৰ পৰা কাপোৰখিনিৰ দাম বিচাৰিলে, কিন্তু চিলাইৰ কামখিনি তেওঁ বিনামূল্যে কৰি দিব। চিলাই দিয়াৰ কাৰণে কোনোবাই যদি কিবা স্বইচ্ছাই দিয়ে, তেওঁ না নকৰে।
মোহিনীয়ে ১৯৮৭ত নাৰ্ছিঙৰ প্ৰশিক্ষণ লৈছিল। তেওঁ কেইটামান বছৰৰ বাবে সেই বৃত্তিত আছিল আৰু মাতৃ হোৱাৰ পিছত সেই কাম এৰিছিল। ২০১১ চনত গিৰীয়েক ঢুকোৱাৰ পৰা তেওঁ অকলেই চলিছে। তেওঁৰ বিয়া হোৱা জীয়েকজনী দক্ষিণ পশ্চিম দিল্লী জিলাৰ দ্বাৰকা চুবুৰীত থাকে। পাঁচ বছৰ আগতে মোহিনীৰ ২০ বছৰীয়া পুত্ৰৰ সৰু আইৰ সংক্ৰমণত মৃত্যু ঘটে। “নিজৰ পেটৰ সন্তানক হেৰুওৱাৰ শোক পাতলোৱাটো বৰ টান। সেয়ে মই কৃষকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিলো। এনেকৈ মই কাম কৰিবলৈ উৎসাহ পাওঁ আৰু অকলশৰীয়া অনুভৱ নকৰো।” হৰজীতে তেওঁক মা বুলি মাতে। “এতিয়া মই তেওঁৰ সন্তান,” গলত ফিটা এডাল লৈ থকা হৰজীতে কয়।
২৬ নৱেম্বৰৰ দিনা সিংঘুৰ প্ৰতিবাদস্থলীৰ মঞ্চবোৰ প্ৰাৰ্থনা, ভাষণ, গীত আৰু প্ৰশংসা-অভিবাদনেৰে মুখৰ হৈ পৰিছিল। পুৰুষ-মহিলা সকলোৱে কৃষকৰ প্ৰতিবাদৰ এবছৰীয়া জয়ন্তী উদযাপন কৰিবলৈ গোট খাইছিল। কিন্তু মোহিনী আৰু হৰজীত নিজৰ ৱৰ্কটেবুলত চিলাই-কটাই আৰু মেচিন চলোৱা কামত ব্যস্ত হৈ আছিল। খোৱা আৰু শোৱা সময়খিনিত বাদে তেওঁলোকে জিৰণি লোৱা নাছিল। মোহিনীয়ে সেই বাঁহৰ জাজলা দিয়া ঘৰটোতে শুইছিল। হৰজীতে অকণমান দূৰত তেওঁৰ ট্ৰেক্টৰৰ ট্ৰলীখনত ৰাতিবোৰ কটাইছিল।
খোৱা আৰু শোৱা সময়খিনিত বাদে তেওঁলোকৰ আহৰি নাছিল। মোহিনীয়ে জাজলা দিয়া বাঁহৰ ঘৰটোত শুইছিল। হৰজীতে অকণমান দূৰৈত নিজৰ ট্ৰেক্টৰৰ ট্ৰলীখনতে ৰাতিবোৰ কটাইছিল
প্ৰতিবাদস্থলীত যিমানদিনলৈ কৃষকসকল থাকে, সিমান দিনলৈ মোহিনী আৰু মনজীতে তেওঁলোকৰ চিলাইৰ সেৱা আগবঢ়াই নিব খুজিছিল আৰু তেওঁলোকে তাকেই কৰিছিল। “সেৱা যিমান কৰিলেও মন নভৰে,” মোহিনীয়ে কয়।
২০২১ৰ ৯ ডিচেম্বৰত, কৃষক আন্দোলনৰ ৩৭৮তম দিনটোত সংযুক্ত কিষাণ মৰ্চাই ঘোষণা কৰে যে তেওঁলোকে দিল্লী সীমান্তৰ প্ৰতিবাদস্থলী খালি কৰি দিব। চৰকাৰে ২০২০ৰ ৫ জুনত অধ্যাদেশ হিচাপে কৃষি আইনকেইখন গৃহীত কৰি পাছলৈ কৃষি বিধেয়ক হিচাপে ১৪ ছেপ্টেম্বৰত সংসদত উত্থাপন কৰি ২০২০ৰ ২০ ছেপ্টেম্বৰত সেই তিনি বিধেয়ক আইনত পৰিণত কৰাৰ পাছৰে পৰা তেওঁলোকে সেই প্ৰতিবাদস্থলীত বিৰোধ প্ৰদৰ্শন কৰি আহিছিল।
ততাতয়াকৈ আইনকেইখন গৃহীত কৰা হৈছিল যদিও ২০২১ৰ ২৯ নৱেম্বৰত প্ৰত্যাহাৰ কৰা হয়। আইনকেইখন আছিলঃ কৃষিপণ্য ব্যৱসায় আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ) আইন, ২০২০ ; কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষা) মূল্যৰ নিশ্চিতিৰ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০ আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন) আইন, ২০২০ ।
কেন্দ্ৰ চৰকাৰে কৃষকৰ অধিকাংশ দাবী মানি লোৱাৰ পাছত ২০২১ৰ ৯ ডিচেম্বৰত কৃষকসকলে আন্দোলন প্ৰত্যাহাৰ কৰে। কিন্তু ন্যূনতম সমৰ্থন মূল্য (এমএচপি)ৰ আইনী গেৰাণ্টি নোপোৱালৈ আলোচনা অব্যাহত থাকিব বুলিও তেওঁলোকে উল্লেখ কৰে।
সিংঘুৰ পৰা ৪০ কিলোমিটাৰ দূৰৰ পশ্চিম দিল্লীৰ টিক্ৰি সীমান্তত ডা. সাক্ষী পান্নুৱে সপ্তাহটোৰ সাতোটা দিনত পুৱা ৯ বজাৰ পৰা আবেলি ৩ বজালৈ স্বাস্থ্যপৰীক্ষাৰ ক্লিনিক এখন চলাই আছে। “প্ৰতিদিনে মই ১০০ গৰাকীমান ৰোগী চাও। তাৰে প্ৰায়ভাগেই পানীলগা আৰু জ্বৰৰ দৰৱ বিচাৰে। কিছুমানৰ মধুমেহ আৰু উচ্চ ৰক্তচাপৰ সমস্যা আছে। প্ৰতিবাদস্থলীত থকা বহুতৰে পেট বেয়া হৈ থাকে,” তেওঁ কয়।
সাক্ষীক আমি নৱেম্বৰত লগ পাওঁতে তেওঁৰ ক্লিনিকত ৰোগীৰ লানি নিছিগা শাৰী, যেন এখন বোৱতী নৈহে। কাঁহৰ ঔষধৰ ষ্টক শেষ হোৱা কাৰণে পিছদিনা অহাৰ বাবে তেওঁ এজনক কৈ আছিল। গ্ৰামীণ হাৰিয়ানাৰ সমাজসেৱী সংস্থা উজমা বৈঠকে ক্লিনিকৰ দৰৱ আৰু সঁজুলি-পাতি যোগান ধৰিছিল।
সাক্ষীয়ে আৰু বেছি সময় ক্লিনিকত দিব বিচাৰে বুলি কয় যদিও “ঘৰত ১৮ মহীয়া সন্তান বাস্তিকৰ লগতো সময় কটাবলগীয়া হয়” কাৰণে নোৱাৰে। “বাস্তিকৰ যত্ন মই ল’বই লাগিব,” তেওঁ কয়। এই বছৰ এপ্ৰিলৰ পৰা তেওঁ স্বেচ্ছাই প্ৰতিবাদস্থলীত সেৱা আগবঢ়াই আহিছে। ক্লিনিকত থকা সময়ছোৱাত তেওঁৰ শহুৰ-শাহুৱেক, যিয়ে প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়াই আহিছে, তেওঁলোকেই নাতিল’ৰাটোক লৈ ক্লিনিকৰ কেইহাতমান দূৰৰ প্ৰতিবাদস্থলীৰ প্ৰাৰ্থনা আৰু সভা আদিত উপস্থিত থাকে।
তেওঁৰ আজোককা জম্মুৰ এগৰাকী কৃষক আছিল আৰু তেওঁৰ শহুৰ-শাহুৱেক হাৰিয়ানাৰ জিন্দ জিলাৰ ঝামোলা গাঁৱৰ পৰা উঠি অহা। “এতিয়াও আমাৰ গাঁৱৰ সৈতে এক আত্মিক সম্পৰ্ক আছে আৰু কৃষকসকলৰ দাবীৰ প্ৰতি আৰু আইনকেইখনৰ বিৰুদ্ধে তেওঁলোকৰ সংগ্ৰামৰ প্ৰতি সমৰ্থন জনাওঁ,” সাক্ষীয়ে কয়।
টিক্ৰি প্ৰতিবাদস্থলীৰ পৰা সাক্ষীৰ ঘৰ পাঁচ কিলোমিটাৰমান দূৰত। হাৰিয়ানাৰ বাহাদুৰগঢ় চহৰৰ সেই ঘৰত তেওঁ পুত্ৰ বাস্তিক, স্বামী অমিত আৰু শহুৰ-শাহুৱেকৰ লগত থাকে। নতুন দিল্লীৰ লেডি হাৰ্ডিঞ্জ মেডিকেল কলেজৰ পৰা ২০১৮ত এমবিবিএছ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত সাক্ষীয়ে কলেজৰে হস্পিতালখনত এবছৰ কাম কৰিছিল। এতিয়া অকণমান অব্যাহতি লোৱা সাক্ষীয়ে বাস্তিক অকণমান ডাঙৰ হোৱাৰ পাছত জেনেৰেল মেডিচিনৰ স্নাতকোত্তৰ পাঠ্যক্ৰম পঢ়িব বুলি ভাবি থৈছে।
“সাধাৰণ মানুহৰ কাৰণে সদায়ে কিবা এটা কৰাৰ কথা মই ভাবিছিলো,” সাক্ষীয়ে কয়। “সেয়ে যেতিয়া কৃষকসকল টিক্ৰি সীমান্তত গোট খোৱা মই দেখিলো, তেতিয়াই সিদ্ধান্ত ল’লো যে ডাক্তৰ হিচাপে মই মোৰ সেৱা আগবঢ়াম। এই প্ৰতিবাদস্থলীত কৃষক যেতিয়ালৈ থাকে, তেতিয়ালৈ মই মোৰ সেৱা আগবঢ়াই যাম।”
কৃষকসকল টোপোলা বান্ধি ঘৰলৈ বুলি ওলোৱা দেখি মোহিনী উল্লসিত হৈ কয়, “ফটেহ কৰ্ দি (আমি জয়ী হ’লো)।” আৱেগিক হৈ পৰা সাক্ষীয়ে কয়, “এটা বছৰৰ পৰিশ্ৰম (কৃষকসকলৰ)য়ে ফল দিলে।” সেৱাৰ মনোভাৱ তেওঁৰ অদম্য। তেওঁ কয়, “শেষজন কৃষক ঘৰলৈ উভতি নোযোৱালৈকে মই ইয়াত থাকিম।”
এই প্ৰতিবেদন যুগুতোৱাত সহায় আগবঢ়োৱা আমিৰ মালিকলৈ প্ৰতিবেদকে ধন্যবাদ যাঁচিছে।
অনুবাদ: পংকজ দাস